Home Blog Page 2213

স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান আলফাৰঃ কোন দিশে শান্তি আলোচনা?

আলফা-চৰকাৰৰ আলোচনাত যেন একপ্ৰকাৰ যতি পৰিল৷ অসম চৰকাৰৰ প্ৰচেষ্টা আৰু আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ সদিচ্ছাত আলফা-চৰকাৰৰ মাজত আলোচনাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল যদিও আজি আলফাই প্ৰেৰণ কৰা এক বিবৃতিয়ে আলফা-চৰকাৰৰ সম্ভাৱ্য আলোচনাত যতি পেলোৱাৰ সম্ভাৱনাকহে প্ৰকট কৰি তুলিলে৷ স্বাধীনতা দিৱসৰ বৰ্জনৰ আহ্বানেৰে আলফা, এনএছচিএন/জিপিআৰএন-এ আজি সংবাদ প্ৰেৰণ কৰিছে যৌথ বিবৃতি৷ বিবৃতিযোগে আলফাই কয়, সৰ্বসাধাৰণৰ জীৱনশৈলী নিম্নগামীৰ এনে আপদকালত পীড়িত জনগণৰ কাষত অসমৰ্থ ৰাষ্ট্ৰই ১৫ আগষ্টত, ইয়াৰ ৭৬সংখ্যক তথাকথিত ‘স্বাধীনতা দিৱস’ উদযাপন কৰিবলৈ লোৱাটো অন্যায়, ঐতিহাসিকভাৱে অপ্ৰাসংগিক আৰু মূল্যহীন৷ দেশৰ স্বাধীনতা দিৱসৰ বৰ্জনৰ আহ্বান জনোৱাৰ উপৰি ১৫ আগষ্টৰ দিনটোত সৰ্বাত্মক বন্ধ ঘোষণা কৰিছে আলফাই৷ যৌথ বিবৃতিযোগে অসম আৰু নগালেণ্ডৰ উপৰিও মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ সমূহ ৰাজনৈতিক, অ-ৰাজনৈতিক, জাতীয় দল-সংগঠন আৰু সৰ্বস্তৰৰ ৰাইজক ভুৱা ‘স্বাধীনতা দিৱস’ৰ সকলো প্ৰকাৰৰ  কাৰ্যক্ৰমণিকাত যোগদানৰ লগতে ব্যক্তিগত স্তৰতো পালন কৰাৰ পৰা বিৰত থাকিবলৈ আলফাই আহ্বান জনাইছে৷ 

আলফাৰ এই আহ্বানৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া৷ যিসময়ত ৰাজ্য চৰকাৰে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে, তেনেসময়তে আলফাৰ আহ্বানে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ এইবেলি স্বাধীনতা দিৱসক লৈ অসম চৰকাৰেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই অনুসৰি, ১৩, ১৪ আৰু ১৫ আগষ্টত অসমবাসীক ঘৰে ঘৰে জাতীয় পতাকা উৰুৱাই স্বাধীনতা দিৱস উদযাপনৰ বাবে আহ্বান জনাইছে৷ আৰু এনে এক সময়তে আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান বিশেষভাৱে তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে৷ কিয়নো, আলফা-চৰকাৰৰ আলোচনাৰ মাধ্যমেৰে ৰাজ্যত এক শান্তি শৃংখলাৰ পৰিবেশ গঢ় লৈ উঠিব বুলি ৰাজ্যবাসীয়ে আশা কৰিছিল৷ ৰাজ্যবাসীয়ে এয়াও আশা কৰিছিল যে পূৰ্বজ মুখ্যমন্ত্ৰীৰ দৰে নহৈ হিমন্ত বিশ্ব শৰ্মাই আলফা-চৰকাৰৰ আলোচনাক লৈ বিশেষ ভূমিকা গ্ৰহণ কৰিব৷ আৰু প্ৰথমাৱস্থাত তেনেকৈয়ে দেখা গৈছিল মুখ্যমন্ত্ৰীগৰাকীক৷ আনকি, মুখ্যমন্ত্ৰী শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈছিল পৰেশ বৰুৱাও৷

বিগত বৰ্ষৰ ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰাৰ পাছত যোৱাবেলিৰ স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱা নাছিল আলফাই৷ যুদ্ধবিৰতি ঘোষণা কৰিছিল আলফাই৷ কিন্তু, ক’ৰবাত যেন কেণা লাগিল৷ আলফালৈ চোৰাংচোৱা পঠালে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াই৷ পৰিণতিত চোৰাংচোৱাগিৰি কৰিবলৈ যোৱা যুৱকক মৃত্যুদণ্ড দিলে আলফাই৷ প্ৰতিক্ৰিয়া হ’ল৷ সমালোচিত হ’ল আলফা৷ তাৰ পাছত দেখা গ’ল, আলফাক সমৰ্থন কৰাৰ অভিযোগত, আলফাক সমৰ্থন কৰি কবিতা লিখা বাবে জেললৈ গ’ল তৰুণ-তৰুণী৷ এনেকৈয়ে যেন আলফা আৰু চৰকাৰৰ মাজত বাঢ়ি আহিল দুৰত্ব৷ আৰু আজি আলফাৰ স্বাধীনতা দিৱস বৰ্জনৰ আহ্বানেৰে প্ৰেছ বিবৃতি৷ যেন প্ৰতিটো প্ৰসংগৰে মিল আছে ইটোৰে সিটোৰ৷ এতিয়া লক্ষ্যণীয় হ’ব আলফা-চৰকাৰৰ আলোচনাই কি গতি লয়৷ একেদৰে আজিৰ আহ্বানৰ পাছত আলফাৰ আহ্বান সম্পৰ্কত ৰাজ্য চৰকাৰে কি স্থিতি গ্ৰহণ কৰে সেয়াও হ’ব লক্ষ্যণীয়৷

নগাঁৱৰ গোমোঠাগাঁৱত ৯ বস্তা চোৰাং শামুক উদ্ধাৰ…

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত গোমোঠা গাঁৱত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শনিবাৰে উদ্ধাৰ হয় ৯ বস্তাকৈ চোৰাং শামুক ৷ ইটাচালী টাউন আৰক্ষী চকীৰ অন্তৰ্গত গোমোঠাগাঁৱত আজি পুৱা ৯ মান বজাত  উদ্ধাৰ হয় এই শামুক ভৰ্তি বস্তাসমূহ। এই ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। জানিব পৰা মতে, স্থানীয় লোকে বস্তাকেইটা প্ৰত‍্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্যৰ উপস্থিতিত শামুকখিনি কলং নৈত পেলাই দিয়ে।

লক্ষাধিক টকা মূল্যৰ এই শামুকখিনি কোনো চোৰাং ব‍্যৱসায়ীয়ে ডিমাপুৰলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা ব্যক্ত কৰিছে। আগন্তুক স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত চৌদিশে চলি থকা তালাচীৰ ভয়তে চোৰাং ব্যৱসায়ীয়ে উক্ত বস্তাসমূহ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এনেদৰে পেলাই থৈ যায় বুলি সন্দেহ কৰা হৈছে ৷

বাঘবৰৰ চৰাঞ্চলত জিলা উপায়ুক্ত আয়ুস গাৰ্গৰ আকস্মিক পৰিদৰ্শন…

 বৰপেটা জিলাৰ নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গে শুক্ৰবাৰে হঠাৎ জিলা খনৰ বাঘবৰ সমষ্টিৰ একাংশ চৰাঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উপায়ুক্ত গৰাকীয়ে বৰপেটাৰ ব্ৰহ্মপুত্ৰ নদীয়েদি যন্ত্ৰচালিত নাঁৱৰে পোনে পোনে আহি সুখোৱাৰঝাৰ পাৰঘাটত নামি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কেবাটাও জল জীৱনৰ পানী যোগান আঁচনি পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভাগীয় ভাৱে কাম আৱন্টন পোৱা ঠিকাদাৰ আৰু একাংশ বিষয়া কৰ্মচাৰীৰ লগত মত বিনিময় কৰি শীঘ্ৰে কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। উপায়ুক্ত আয়ুস গাৰ্গে ইয়াৰ পিছত আলোপতি চৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ খন আকস্মিক পৰিদৰ্শন কৰি স্বাস্থ্য কেন্দ্ৰ খনৰ ডেলিভাৰী কোঠা, চিকিৎসকৰ কোঠাৰ লগতে ঔষধৰ ষ্টক তন্ন তন্নকৈ পৰীক্ষা কৰে। উপায়ুক্ত গৰাকী সংশ্লিষ্ট স্বাস্থ্য কেন্দ্ৰ খনৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ উপৰিও কৰ্মৰত চিকিৎসক কৰ্মচাৰী লগত মত বিনিময় কৰে।

ইয়াৰ উপৰিওঁ চৰাঞ্চলৰ একমাত্ৰ উচ্চশিক্ষানুষ্ঠান আলোপতি মাজৰচৰস্থ লুইতপৰীয়া মহাবিদ্যালয় পৰিদৰ্শন কৰি কলেজ খনৰ বিভিন্ন সমস্যাৰ বুজ লৈ অধ্যক্ষ ড০ জছিম উদ্দিন আহমেদৰ লগতে অন্যান্য অধ্যাপক সকলৰ লগতো মত বিনিময় কৰে। উপায়ুক্ত আয়ুস গাৰ্গৰ এই পৰিদৰ্শন কালত অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাস, বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ছানবৰ চুতীয়াৰ লগতে জনস্বাস্থ্য কাৰিকৰী বৰপেটা উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ছিছিৰ ভৰালী, বাঘবৰ শাখাৰ কনিষ্ঠ অভিযন্তা ছাদ্দাম হুছেইনৰ লগতে মন্দিয়া ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কেবাজনো বিষয়া কৰ্মচাৰী সহযোগিতা আগবঢ়ায় । উল্লেখ্য যে, উপায়ুক্ত গৰাকীক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে একাংশ লোকে ব্যক্তিগত ভাৱেও সম্ভৰ্ধনা জনোৱা পৰিলক্ষিত হয়। নগৰবেৰা সাংবাদিক সন্থাৰ ফালৰ পৰাও নৱ নিযুক্ত উপায়ুক্ত আয়ুস গাৰ্গ আৰু অতিৰিক্ত উপায়ুক্ত খনিন্দ্ৰ দাসক ফুলাম গামোচাৰে সম্ভৰ্ধনা জনোৱা হয়। ৰাইজৰ এনে বিপুল সঁহাৰিত উপায়ুক্ত গৰাকী অভিভূত হৈ পৰে।

মাজুলী-যোৰহাট সংযোগী পকী দলং নিৰ্মাণথলীত নিমাওমাও পৰিৱেশ…

মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণক লৈ সৃষ্টি হৈছে গভীৰ শংকা। দলং নিৰ্মাণথলী দক্ষিণপাটত নাই কোনো যন্ত্ৰ পাতিৰ শব্দ, নাই কোনো শ্ৰমিক তথা কোম্পানীৰ বিষয়া কৰ্মচাৰী পৰিলক্ষিত হোৱা নাই। ইয়াৰ পূৰ্বে শ্ৰমিকে গিচগিজাই আছিল বৰ্তমান ইয়াৰ বিপৰী ছবি দেখা গৈছে। খুঁটাৰ পাইলিংৰ ৰডবোৰ মামৰে ধৰিবলৈ আৰম্ভ কৰিছে। স্থানীয় লোকে অভিযোগ  কৰা মতে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত জড়িত প্ৰায় শ্ৰমিক গুচি গৈছে। বৰ্তমান যি কেইজনমান শ্ৰমিক আছে সেই শ্ৰমিকসকলেও অতি কম দিনৰ ভিতৰত মাজুলী এৰি যোৱা কথা সদৰী কৰিছে। দলং নিৰ্মাণকাৰী সংস্থা ইউ পি ব্ৰিজ ষ্টেট কনষ্ট্ৰাচন কোম্পানীৰ মাত্ৰ কেইজনমান বিষয়া আছে । তদুপৰি এই দলং নিৰ্মাণৰ বাবে মজুত কৰি ৰখা শ শ চিমেন্টৰ বেগ  পঞ্জাৱবদী ট্ৰাকৰ জৰিয়তে মাজুলীৰ পৰা উভতাই লৈ গৈছেগৈ বুলি স্পষ্টকৈ প্ৰকাশ কৰি দিছে। ইপিনে ইউ পি ষ্টেট ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ সলনি অন্য দলং নিৰ্মাণকাৰী সংস্থাৰ জৰিয়তে মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম ৰূপায়ণ কৰাৰ কথাও সাধাৰণ লোকৰ মাজত চৰ্চা হৈছে। এই কথা যদি সত্য প্ৰমাণিত হয় তেতিয়া হ’লে নতুনকৈ নিবিদা আহ্বান হ’ব। এই নতুন প্ৰক্ৰিয়াৰ জৰিয়তে যোৱা মানেই মাজুলীবাসীৰ বাবে বহু প্ৰত্যাশিত দলং নিৰ্মাণৰ কাম বহু বছৰলৈ পিছুৱাই যোৱাটো নিশ্চিত হ’ল। কলিয়া-ভোমোৰা দলং নিৰ্মাণকাৰী কোম্পানীৰ ওপৰত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ দায়িত্ব ন্যস্ত কৰাৰ সম্ভাৱনা আছে বুলিও কথা ওলাইছে। অৱশ্যে এটা নিভৰৰ্যোগ্য সূত্ৰই সদৰী কৰা মতে এই দলং নিৰ্মাণত চোৱাচিতা কৰাৰ কাৰণে ইতিমধ্যে অট’ৰথী ইঞ্জিনিয়াৰ দল নিযুক্তি দিয়া হৈছে। অতি সোনকালে দলং নিৰ্মাণৰ কাম পুনৰ আৰম্ভ হবগৈ। 

কোৱা বাহুল্য যে, মাজুলীবাসীৰ সপোনৰ মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণত সংঘটিত হোৱা বিসংগতি তথা আসোঁৱাহৰ তথ্য পোহৰলৈ আহিছিল যোৱা ৩০ এপ্ৰিলত। বহু বিতৰ্কিত কোম্পানী ইউ পি ষ্টেট ব্ৰিজ কন্সট্ৰাকশ্যন কোম্পানীৰ পৰা চাপ কনটেকত কামৰ দায়িত্ব লাভ কৰিছিল বডিৰাই কোম্পানীয়ে । উল্লেখ যোগ্য যে এই কোম্পানীয়ে  মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ আৰম্ভণিতে লাগিল কেতবোৰ বিসংগতি।  ৮ আৰু ১১ নম্বৰ খুঁটাৰ পাইলিংৰ জইনিঙত বালি আৰু চিমেন্টৰ মিহলোৱা পৰিমাণ তাৰতম্য ৰখাৰ বাবে পকাবোৰ খালি হাতেৰে এৰুৱাই দিব পৰা হৈছিল । ৰডৰ যি চাটাৰিং তাৰ বহু পাৰ্থক্য বাকী খুঁটাসমূহত বৃহৎ বৃহৎ বহলকৈ ৰড গাঁঠি চাটাৰিং কৰাৰ উপৰিও দলংৰ খুঁটা ঢালাই কৰাৰ পিছত খুঁটা সমূহত বৃহৎ বৃহৎ ফাঁট দেখা গৈছিল ৷ নিৰ্মাণ কাৰী সংস্থা ইউ পি ষ্টেট ব্ৰীজ কন্সট্ৰাকশ্যন তথা বডিৰায় চমুকৈ বিআৰচি কোম্পানীৰ বিষয়াৰ চূড়ান্ত গাফিলতি তথা দায়িত্বহীনতাৰ পৰিচয় ওলাই পৰিছিল। বিভিন্ন দল-সংগঠন তথা মাজুলীৰ ৰাইজে প্ৰতিবাদ কৰাৰ পৰিপ্ৰেক্ষিতত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম বন্ধ ৰাখি তদন্ত ঘোষণা কৰে। এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ কাৰ্যবাহী অভিযন্তা, অধীক্ষক অভিযন্তা, আয়ুক্ত সচিব তথা উচ্চ কাৰীকৰি বিশেষজ্ঞৰ দলে দলং নিৰ্মাণ থলীত উপস্থিত হৈ তদন্ত তথা পৰ্যবেক্ষণ কৰে। শেহতীয়াকৈ ভাৰত চৰকাৰৰ পথ পৰিবহন মন্ত্ৰনালয় পাঁচ নম্বৰ জ’নৰ মুখ্য কাৰ্যবাহী অভিযন্তা ইউ চি কাট্ৰাও আহি পৰ্যবেক্ষণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত মাজুলী-যোৰহাট সংযোগী দলং নিৰ্মাণৰ প্ৰতিবেদন বিভাগীয় ভাৱে প্ৰকাশ কৰে যদিও ৰাজহুৱা নকৰিলে। এই বিষয়ত মাজুলীবাসী এতিয়ালৈকে জ্ঞাত হব পৰা নহ’ল। ফলত বহু প্ৰত্যাহিত এই দলঙৰ নিৰ্মাণ কি হ’ব এই লৈ বিবুধিত পৰিছে সাধাৰণ জনতা৷ মাজুলীবাসীৰ আশা-সকলো বিতৰ্ক অৱসান ঘটাই শীঘ্ৰে দলং নিৰ্মাণ কৰিব লাগে৷যোৱা ৩০ এপ্ৰিলৰ পৰা আগষ্ট লৈ তিনিমাহ কাল সময় অতিবাহিত হৈ যোৱাৰ পিছতো কোনো সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত নোহোৱাত দলং নিৰ্মাণৰ ভৱিষ্যকলৈ গভীৰ শংকাৰ মাজত দিন অতিবাহিত কৰিব লগা হৈছে।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আনুষ্ঠানিকভাৱে নিৰ্মাণৰ শুভাৰম্ভ কৰা বহুচৰ্চিত মাজুলী-যোৰহাট সংযোগী দলংখৰ শিতানত পুঁজিৰ পৰিমাণ ৯২৫ কোটি টকা৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় আঠ কিলোমিটাৰ৷ বৰ্তমানলৈ দহটা খুটা নিৰ্মানৰ কাম আৰম্ভ হৈছিল৷ যিহেতু আধুনিক চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতিৰ পিচতো উপযুক্ত চিকিৎসাৰ অভাৱত মাজুলীৰ গৰ্ভৱতী মাতৃৰ চিঞৰত কেতিয়াবা কঁপি উঠে নদী পাৰ, জৰুৰীকালীন ১০৮ সেৱাও যাব নোৱাৰে কোনো ভিতৰুৱা গাঁৱলৈ । বছৰ বছৰ ধৰি স্বাস্থ্য আৰু উন্নত চিকিৎসাৰ ক্ষেত্ৰত আজিও উন্নয়নৰ মুখ নেদেখিলে মাজুলীবাসীয়ে৷ যোৱা পাঁচবছৰত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সলাব নোৱাৰিলে মাজুলীৰ পয়ালগা স্বাস্থ্য ব্যৱস্থাক৷ বহু চিকিৎসকে বিভিন্ন অজুহাত দেখুৱাই সেৱা কৰিবলৈ মাজুলীলৈ আহিব নিবিচাৰে৷ চিকিৎসক তথা বিভিন্ন উন্নত সা-সুবিধাৰ অভাৱত মাজুলীৰ বহু ৰোগীয়ে মাজুলীত ছটফটাই থাকি প্ৰাণ এৰিব লগা এক মৰ্মান্তিক ঘটনাৰ পৰিসমাপ্তিৰ স্বাৰ্থত লাগে বহু প্ৰত্যাশিত মাজুলী-যোৰহাট সংযোগী দলং৷ কিন্তু ইউ পি ষ্টেট ব্ৰীজ কনষ্ট্ৰাকশ্বন কোম্পানীয়ে চূড়ান্ত গাফিলতি তথা দায়িত্বহীনতাৰে অতি নিম্নমানেৰে কৰা দলংখনৰ নিৰ্মাণকাৰ্যই সকলোকে হতচকিত কৰি তুলিছে৷

৮ আগষ্টত শাওণৰ শেষৰটি সোমবাৰঃ দেৱাদিদেৱক এইধৰণে আৰাধনা কৰিলে পাব সফলতা…

Shiva Linga made up of black stone decorated with flowers & bael leaf known as Aegle marmelos, over orange background, maha shiva ratri a festival of hindu God shankar or shankar bhagwan or bholenath

শাওণ মাহ শিৱক আৰাধনা কৰাৰ উত্তম মাহ বুলি ধৰা হয়। শাওণ মাহত জলাভিষেক কৰিলে সোনকালে সকলো সমস্যাৰ সমাধান পাই বুলি ধৰা হয়। আৰু সেয়েহে শাওণ মাহৰ সোমবাৰে শিৱক আৰাধনা কৰা হয়। অৱশ্যে অন্য দিনতো শিৱক আৰাধনা কৰা হয় যদিও এই মাহতো অত্যন্ত শুভ বুলি ধৰা হয়। ৮ আগষ্টত শাওণৰ শেষৰটো সোমবাৰ। আৰু শাওণৰ শেষৰটো সোমবাৰ অৰ্থাৎ চতুৰ্থটো সোমবাৰলৈ ভক্তগণে অতি আগ্ৰহেৰ বাট চাই থাকে। এই মাহত শিৱক পূজা কৰিলে ভক্তসকলৰ সকলো দুখ-যন্ত্ৰণা মহাদেৱে হৰি নিয়ে বুলি সকলোৱে বিশ্বাস কৰে। সেয়েহে তেওঁৰ পূজা কৰোঁতে সকলোৱে হৰ হৰ মহাদেৱ বুলি বাক্য আওৰায়৷

  
এনেধৰণে শিৱক আৰাধনা কৰিলে আপোনাৰ সকলো দুখ হ’ব দূৰ: 

পুৱা সোনকালে উঠি গা ধুই শিৱক আৰাধনা কৰিব লাগে। শিৱ লিংগত পানী ঢালিব লাগে। শাওণত শিৱলিংগত জলাভিষেক বা ৰুদ্ৰাভিষেক কৰাৰ মহত্ব অশেষ, আৰু শাওণত ইয়াৰ মহত্ব অধিক হয়। ৰুদ্ৰাভিষেক কৰি ১০৮বাৰ শিৱ মন্ত্ৰ জঁপ কৰিব আৰু লগতে শিৱ লিংগত বেলপাত অৰ্পণ কৰক। শিৱৰ পূজাৰ সামগ্ৰীত গাখীৰ বেলপাত ভাং ধতুৰা গুটি ৰাখক কিয়নো শিৱৰ প্রিয় সামগ্ৰী অৰ্পণ কৰিলে মহাদেৱ সন্তুষ্ট হ’ব।

শাওন মাহৰ প্রতিটো সোমবাৰে ব্ৰতপালন কৰক।
প্ৰতি সোমবাৰে শিৱ মন্দিৰত এগছি ঘীৰ চাকি জ্বলাওক। 

শাওণৰ সোমবাৰে যিসকল লোকে নীতি-নিয়ম আৰু শ্ৰদ্ধাপূৰ্বক পূজা কৰে তেওঁলোকৰ কষ্ট মহাদেৱে দূৰ কৰে বুলি বিশ্বাস কৰে।

জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰতিনিধি দলৰ সৈতে সাক্ষাৎ মন্ত্ৰী বিমল বৰাৰ…

যোৰহাট, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ এক প্ৰতিনিধি দলৰ সৈতে শণিবাৰে পুৱা সাক্ষাৎ কৰে মন্ত্ৰী বিমল বৰাই। পুৰণি স্মৃতি সিঁচৰিত হৈ থকা আপোন কলেজ খনৰ বিষয়ে জেবিয়ান সকলৰ পৰা বুঁজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে কলেজখনৰ বিভিন্ন বিষয়ত বাৰ্তালাপ কৰে মন্ত্ৰী বিমল বৰাই।

লগতে ছাত্ৰ একতা সভাৰ প্ৰতিনিধি সকলে অৱগত কৰা – খোৱা পানীৰ সমস্যা, হোষ্টেলৰ পকী পথ নিৰ্মাণ ৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা প্ৰতিস্তুতি মন্ত্ৰীগৰাকীৰ।

স্বাধীনতা দিৱস ফুটবল প্ৰতিযোগিতাত ইউনাইটেড-মৰ্ণিং এফ চি পৰৱৰ্তী ৰাউণ্ডত…

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈ থকা স্বাধীনতা দিব কাপ ফুটবল প্ৰতিযোগিতাত গোগামুখ ইউনাইটেড এফ চি আৰু গোগামুখ মৰ্ণিং এফ চিয়ে পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিছে ৷ গোগামুখ মহাবিদ্যালয় এফ চি আৰু গোগামুখ ইউনাইটেড এফ চিৰ মাজত অনুষ্ঠিত হোৱা খেলখনত গোগামুখ ইউনাইটেড এফ চিয়ে গোগামুখ মহাবিদ্যালয় এফ চিক ৩-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰে ৷

উত্তেজনাপূৰ্ণ খেলখনত ১৬-১৮ বছৰীয়া খেলুৱৈৰে গঠিত গোগামুখ মহাবিদ্যালয় এফ চিয়ে অসমৰ বিভিন্ন প্ৰান্তৰ বাছকবনীয়া খেলুৱৈৰে গঠিত গোগামুখ ইউনাইটেড এফ চিক সুন্দৰ বুজা-পৰাৰ মাজেৰে চাপত ৰাখিবলৈ সক্ষম হোৱাৰ লগতে ৭ টাকৈ গল দিয়াৰ নিশ্চিত সুযোগ লাভ কৰিছিল যদিও অভিজ্ঞতাৰ অভাৱত এটাও গল কৰিবলৈ সক্ষম নহ’ল ৷

গোগামুখ মহাবিদ্যালয় এফ চিৰ প্ৰতিটো আক্ৰমণ ইউনাইটেড এফ চিৰ অভিজ্ঞ ডিফেণ্ডাৰ সকলে প্ৰতিহত কৰিবলৈ সক্ষম ৷ আন এখন খেলত গোগামুখ মৰ্ণিং এফ চিয়ে ওখমাটি এফ চিক ৭-০ গলৰ ব্যৱধানত পৰাস্ত কৰি পৰবৰ্তী ৰাওণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম হয় ৷ উত্তেজনাহীন খেলখনত ওখমাটি দলৰ খেলুৱৈ সকলৰ দুৰ্বল খেলে উপস্থিত দৰ্শকক নিৰাশ কৰে ৷

হালধীয়া কাপোৰৰ সাজেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে উৰ্ফি জাভেদে…

উৰ্ফি জাভেদ বিগ বছ অ’টিটিৰ প্ৰথম চিজনৰ প্ৰতিযোগী। তেওঁক বিগ বছৰ মঞ্চৰ পৰা দৰ্শকৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল। কিন্তু সেই সময়ত, অভিনেত্ৰীগৰাকীয়ে বিগ বছৰ মঞ্চৰ পৰা প্ৰভাৱ পেলাব নোৱাৰিলে। আজি, উৰ্ফি আৰু বিতৰ্ক ইজনে সিজনৰ সমাৰ্থক হৈ পৰিছে। তেওঁ ,যত থাকিব, বিতৰ্ক হ’ব। উৰ্ফি প্ৰায়ে তাইৰ অদ্ভুত পোছাকৰ বাবে নেটিজেনৰ চিকাৰ হয়। তেওঁ কোনো কাৰণত বা আন কাৰণত সংবাদ মাধ্যমত আছে। তেওঁ সংবাদ মাধ্যমত থাকিবলৈ যিমান পাৰে সকলো কৰিব পাৰে, এতিয়ালৈকে সকলোৰে বাবে এয়া স্পষ্ট।

শেহতীয়াকৈ, ইনষ্টাগ্ৰামত ‘ভাইৰেল ভাইনী’ৰ অফিচিয়েল পৃষ্ঠাই উৰ্ফিৰ এই শেহতীয়া চেহেৰাটোৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীক হালধীয়া বিকিনিত খোলা চুলি আৰু পাতলকৈ জোখা হালধীয়া ৰঙৰ দেখা গৈছে। তেওঁক তলত পাতল হালধীয়া পাতল আৱৰণত মেৰিয়াই থোৱা হৈছিল। ইয়াৰ উপৰিও, উৰ্ফিয়ে আজিৰ দিনটোত সকলো পাপাৰাজ্জি বাৰ্গাৰ খুৱাইছে। কিন্তু এইটো প্ৰথম বাৰৰ বাবে নহয়, কেতিয়াবা তেওঁ পাপাৰাজ্জিৰ বাবে কিছু উপহাৰ লয়।

অৱশ্যে, শেহতীয়াকৈ এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে আকৌ এবাৰ অভিনেত্ৰীগৰাকীৰ কপালত নেটিজেনৰ এটা অংশৰ চকু ওপৰলৈ উঠিছে। তেওঁ বেছিভাগ সময় ইমান কম সময়ৰ বাবে সামাজিক মাধ্যমৰ পৃষ্ঠাত উপস্থিত হ’বলৈ ভাল পায়। তাইক বিভিন্ন সময়ত নিজৰ ডিজাইন কৰা কাপোৰতো দেখা যায়। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শেহতীয়া পোছাকৰ সূত্ৰৰ সৈতে অনুশীলন কৰি আহিছে।

উৰ্ফি জাভেদ আজি এগ্ৰাকী অভিনেতা হিচাকে সামাজিক মাধ্যমৰ পৃষ্ঠাত অতি সক্ৰিয়। সামাজিক মাধ্যমত এই মহান স্বীকৃতি লাভ কৰা কাৰো প্ৰয়োজন নাই। এইনেটৱৰ্কত তেওঁলোকৰ অনুসৰণকাৰীসকলৰ লোকসকলক সংযোগ কৰিবলৈ স্থাপন কৰা হৈছে। এয়া হৈছে মন কঢ়িয়াই নিয়া যি অভিনেতাসকলৰ মাজত ভালদৰে জানে যে বাতৰি মাধ্যমবোৰে কিয় নিজৰ যথেষ্ট মনোযোগ লয়!

হিমাক কেন্দ্ৰ কৰি এটা পদকৰ আশা কৰিছিল সকলোৱে, কিন্তু হতাশ হ’ল হিমাৰ ভাৰতীয় অনুৰাগী…

মনৱেলথ গেমছৰ মহিলাৰ ২০০ মিটাৰৰ ছেমিফাইনেলৰ পৰা বিদায় ধিং এক্সপ্ৰেছ হিমা দাসৰ দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈয়ো কেৱল ০.০১ চেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে হিমাই।

মহিলাৰ ২০০ মিটাৰ ফাইনেলত উপনীত হোৱাত ব্যৰ্থ হ’ল হিমা। শুকুৰবাৰে কমনৱেলথ গেমছৰ অষ্টম দিনা ২০০ মিটাৰ ছেমিফাইনেলত হিমাই সামগ্ৰিকভাৱে দশম স্থান লাভ কৰে৷ হিমাই অতি কম সময়ৰ বাবে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে৷ তেওঁ ০.০১ ছেকেণ্ডৰ বাবে ফাইনেলত প্ৰৱেশত ব্যৰ্থ হয়।

দ্বিতীয় ছেমিফাইনেলত অসমৰ ২২ বছৰীয়া খেলুৱৈগৰাকীয়ে তৃতীয় স্থান লাভ কৰে। তেওঁ ২৩.৪২ ছেকেণ্ড সময় লয়। হিমাই ছেমিফাইনেলত প্ৰৱেশ কৰাৰ সময়তকৈ তেওঁৰ প্ৰদৰ্শন আৰু উন্নত কৰিব নোৱাৰিলে। নামিবিয়া আৰু অষ্ট্ৰেলিয়াৰ এথলিট দুগৰাকীয়ে ক্ৰমান্বয়ে ২২.৯৩ আৰু ২৩.৪১ ছেকেণ্ড সময়েৰে  ফাইনেলত উপনীত হয়। কমনৱেলথ গেমছৰ অষ্টম দিনা ভাৰতে মল্লযুঁজত তিনিটা স্বৰ্ণ, এটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদক জিকে। ফলত ভাৰতৰ সোণৰ পদকৰ সংখ্যা ৯টালৈ বৃদ্ধি পাইছে। সেইদৰে, ৮টা ৰূপ আৰু ৯টা ব্ৰঞ্জকে ধৰি এতিয়া ভাৰতৰ মুঠ পদকৰ সংখ্যা হৈছেগৈ ২৬টা ।

পদক তালিকাত ভাৰতে সাতৰ পৰা পাঁচ নম্বৰ স্থানলৈ উন্নীত হৈছে। মহিলা হকীত ভাৰতে দুৰ্ভাগ্যজনকভাৱে ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাজিত হয়।

পানীত পৰিল ১৬শ কোটিঃ কি হ’ল এনআৰচিৰ?

৩১ আগষ্টত হিতেশ দেৱশৰ্মাই অৱসৰ ল’লে৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল হিতেশ দেৱশৰ্মাই৷ প্ৰতীক হাজেলাৰ পাছত দেৱশৰ্মাই সমন্বয়ক হিচাপে দায়িত্ব লৈয়ে কিছুমান পদক্ষেপ গ্ৰহণ কৰিছিল৷ বিশেষকৈ ১৬শ কোটি টকা ব্যয় কৰি প্ৰস্তুত কৰা নাগৰিকপঞ্জীখনৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ বিষয়টোত হিতেশ দেৱশৰ্মাই গুৰুত্ব দিছিল৷ মহাগাণনিকৰ প্ৰতিবেদনতো নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত এটা মহলে কোটি কোটি টকাৰ ইফাল-সিফাল কৰাৰ তথ্য লিপিবদ্ধ হৈছে৷ উল্লেখযোগ্য যে সামাজিক মাধ্যমত নাগৰিকপঞ্জীৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ তদন্ত বিচাৰি হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাক দিয়া এখন পত্ৰ ৰাজহুৱা হৈছে৷ এই পত্ৰখনত দেৱশৰ্মাই প্ৰলয় শীল নামৰ এজন লোকৰ নাম স্পষ্টভাৱে উল্লেখ কৰিছে৷ দেৱশৰ্মাই দুৰ্নীতি নিবাৰক শাখাত দাখিল কৰা অভিযোগ পত্ৰখনত উল্লেখ কৰিছে যে প্ৰলয় শীল নামৰ ব্যক্তিগৰাকী নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ লগত কোনোধৰণে জড়িত নহয়৷ তেওঁ ঠিকাদাৰ নতুবা বিষয়াও নহয়৷ তৎসত্ত্বেও এইগৰাকী ব্যক্তি নাগৰিকপঞ্জীৰ কাৰ্যালয়ত দৈনিক কিয় দেখিবলৈ পোৱা গৈছিল? এই ক্ষেত্ৰত সদ্যঅৱসৰপ্ৰাপ্ত নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ ওচৰত লিখিতভাৱে কৈছিল যে প্ৰলয় শীলক জেৰা কৰিলে বহু কথা পোহৰলৈ আহিব৷


ৰাজ্যিক সমন্বয়ক এগৰাকীয়ে দাখিল কৰা অভিযোগ পত্ৰখনক মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে৷ আনকি শূন্য সহনশীলতাৰ কথা কোৱা মুখ্যমন্ত্ৰী তথা চৰকাৰে হিতেশ দেৱশৰ্মাৰ অভিযোগপত্ৰৰ আধাৰত কোনো ধৰণৰ গোচৰ এইপৰ্যন্ত ৰুজু নকৰিলে৷ অসমৰ জাতীয় জীৱনৰ দলিল হোৱাৰ পৰা নাগৰিকপঞ্জীক কোনে বঞ্চিত কৰিলে? অসমক বিদেশী মুক্ত কৰা তথা স্বদেশী আৰু বিদেশী চিনাক্তকৰণৰ বাবে প্ৰস্তুত কৰা নাগৰিকপঞ্জীৰ নামত কোনে কেলেংকাৰি সংঘটিত কৰিলে? কোনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক বিপথে পৰিচালিত কৰি ৰাজকোষৰ ১৬শ কোটি টকা অপচয় কৰাৰ লগতে অসমীয়া মানুহক চৰম প্ৰতাৰণা কৰিলে, সেই কথাবোৰ অসম চৰকাৰে ৰাজহুৱা কৰিবলৈ আগ্ৰহী নহয়৷ অভিযোগ উঠিছে যে অসম চৰকাৰৰ এটা শক্তিশালী মহলে নাগৰিকপঞ্জীৰ নামত সংঘটিত হোৱা কেলেংকাৰি ঢাকোন দিবলৈ তৎপৰ হৈ পৰিছে৷ যাৰ পৰিণতিত হিতেশ দেৱশৰ্মাই অনা অভিযোগৰ কোনো তদন্ত অসম চৰকাৰে নকৰিলে৷ নাগৰিকপঞ্জীৰ ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা অত্যন্ত হতাশাজনক৷ চৰকাৰে নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত সংঘটিত কৰা কেলেংকাৰিৰ খলনায়কসকলক ৰক্ষণাবেক্ষণ দিবৰ বাবে বিভিন্ন কৌশলৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে৷ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাক ৰক্ষণাবেক্ষণ দিবলৈ গৈ হিতেশ দেৱশৰ্মাৰ সকলো অভিযোগ একাষৰীয়া কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ 

এক আগষ্টত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নতুন ৰাজ্যিক সমন্বয়ক হিচাপে পাৰ্থপ্ৰতিম মজুমদাৰে যোগদান কৰিছে৷ ইতিমধ্যে নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ নামত সংঘটিত কেলেংকাৰিৰ তদন্ত বিচাৰি হিতেশ দেৱশৰ্মা হতাশ হৈছে৷ নতুন সমন্বয়ক পাৰ্থপ্ৰতিম মজুমদাৰে কেলেংকাৰিৰ তদন্ত নকৰাকৈ বিষয়টো আগবঢ়োৱা সহজ নহ’ব৷ অসম চৰকাৰে নাগৰিকপঞ্জীখনক লৈ কোনো ধৰণৰ আগ্ৰহ দেখুওৱা নাই৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ নাগৰিকপঞ্জীক লৈ যথেষ্ট উৎসাহ প্ৰদৰ্শন কৰিছিল৷ সংসদৰ মজিয়াতো ইয়াক লৈ আগ্ৰহ দেখুওৱাই নহয়, সমগ্ৰ দেশতে অসমৰ আহিৰ্ত নাগৰিকপঞ্জী প্ৰস্তুত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷ অমিত শ্বাহৰ এই ঘোষণা কিন্তু আগনাবাঢ়িল৷ ইয়াৰ কাৰণ বিহাৰকে ধৰি বিভিন্ন ৰাজ্য চৰকাৰ আৰু জনসাধাৰণে নাগৰিকপঞ্জীৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰে৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমত নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ ভিত্তিবৰ্ষ অসম চুক্তিৰ আধাৰত ১৯৭১ কৰা হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা অবৈধ বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি বিভিন্ন সময়ত মন্তব্য কৰি আহিছে৷ এতিয়া দিল্লী-দিছপুৰত একে দলৰ চৰকাৰ আছে৷ মুখ্যমন্ত্ৰী শৰ্মা কেন্দ্ৰীয় চৰকাৰৰ অতি ঘনিষ্ঠ৷ তেনেস্থলত অসমৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ লগতে নাগৰিকপঞ্জীৰ বিষয়টোৰ যদি কোনো সমাধান নহয়, ই হ’ব অত্যন্ত দুৰ্ভাগ্যজনক৷ মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে বিজেপিৰ একাংশ নেতাই বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ আৰু নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ ১৯৫১ হ’ব লাগে বুলি কৈ আহিছে৷ অসমৰ খিলঞ্জীয়া মানুহে বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ ১৯৫১ হ’লে সুখী হ’ব৷ কিন্তু ভিত্তিবৰ্ষ যদি ১৯৫১ হয়, তেতিয়া অন্য এক সমস্যা আছে৷ প্ৰথম সমস্যা হ’ল, অসমৰ উজনি, মধ্য আৰু কেতবোৰ অঞ্চলত ১৯৫১১ নাগৰিকপঞ্জীখন পাবলৈ নাই৷ দ্বিতীয়তে মেঘালয়, মণিপুৰ, অৰুণাচল, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা বৰ অসমৰ অন্তৰ্ভুক্ত আছিল৷ এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ৷