Home Blog Page 2212

আগডলা গাওঁ পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য শিৱিৰ…

এচ.টি.মাৰ্থ ইনষ্টিটিউট অফ নাৰ্চিং গুৱাহাটীৰ উদ্যোগত আগডলা গাওঁ পঞ্চায়ত বিজেপিৰ সহযোগত আগদলা গাওঁ পঞ্চায়তত বিনামূলীয়া স্বাস্থ্য শিৱিৰ সম্পন্ন হয় । উক্ত অনুষ্ঠানৰ মুখ্য দ্বাৰ উন্মোচন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে ।

অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলাৰ অতিৰিক্ত উপাযুক্ত সিদ্ধাৰ্থ গোস্বামী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তিগত সহায়ক প্ৰাণজিৎ ডেকা আগডলা গাওঁ পঞ্চায়তৰ সভাপতি তিলক শৰ্মা আঞ্চলিক সদস্য মনোজ কাকতি বেজেৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক ভাস্কৰজ্যোতি কলিতা বেজেৰা মণ্ডলৰ কোষাধ্যক্ষ ধনঞ্জয় ডেকা লগতে বিজেপি দলৰ জেষ্ঠ কনিষ্ঠ একাংশ কাৰ্য্যকৰ্তা উপস্থিত থাকে ।

এপেক্স গ্রুপ অৱ কোম্পানীৰ ৰূপালী জয়ন্তী দিৱস উদযাপন…

১৯৯৭ চনৰ ৭ আগষ্টত গুৱাহাটীৰ বৰাগাঁৱত স্থাপন হোৱা এপেক্স গ্রুপ অব কোম্পানীয়ে কাইলৈ প্ৰতিষ্ঠানটোৰ ৰূপালী জয়ন্তী উৎসৱ পালন কৰিবলৈ মনস্থ কৰিছে।ভাৰতবৰ্ষৰ উত্তৰ-পূৱ প্ৰান্তৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ মৰাপাট উদ্যোগটোৱে মৰাপাটৰ বেগবোৰ ক্ৰমে স্পিনিং, বয়ন, চিলাই আৰু ৰঙৰ ওপৰত যথেষ্ট গুৰুত্ব দি আহিছে। যাৰ ফলত এই প্রতিষ্ঠানটোত উৎপাদিত মৰাপাটৰ বেগসমূহৰ গুণগত মানদণ্ড যথেষ্ট উন্নত। তাৰোপৰি সময়মতে উৎপাদিত সামগ্রীসমূহ বিতৰ্কৰ মাজত যোগান ধৰিও এই উদ্যোগটোৱে আন এক খ্যাতি অর্জন কৰিছে।

B-Twill Hydro Carbon মুক্ত মৰাপাটৰ বেগ উৎপাদন কৰি থকা এপেক্স গ্রুপ অব কোম্পানীৰ অধীনস্থ কোম্পানী তিনিটা ক্রমে হ’ল এপেক্স য়ার্ণ প্রাইভেট লিমিটেড, অশোকা উইভিং প্রাইভেট লিমিটেড আৰু আটলান্টা মডুলাৰ প্রাইভেট লিমিটেড। এপেক্স য়ার্ণ প্রাইভেট লিমিটেডে প্ৰথমতে মৰাপাটৰ কেচাপাতবোৰক সূক্ষ্ম সূতালৈ পৰিৱৰ্তন কৰে। দ্বিতীয়তে, অশোকা উইভিং লিমিটেডে এই সূতাৰ পৰা B-Twill Hydro Carbon মুক্ত মৰাপাটখিনি বৈ উলিয়ায়। তৃতীয়তে, আটলান্টা মডুলাৰ প্ৰাইভেট লিমিটেডে বেগবোৰ চিলাই কৰি ৰং কৰি বজাৰৰ বাবে সাজু কৰে।

এই প্ৰকল্পটো সমগ্ৰ উত্তৰ-পূৱ ভাৰতত একমাত্ৰ জৈৱিক মৰাপাট উদ্যোগ হিচাপে পৰিগণিত হৈছে যিয়ে অসমৰ প্ৰায় ৫ হাজাৰ লোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিযুক্তি প্ৰদান কৰাৰ লগতে স্থানীয় মৰাপাট খেতিয়ক আৰু আনুসাঙ্গিক গোটসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে।

এই তিনিওটা কোম্পানীৰ প্ৰাৰম্ভিক উৎপাদন ক্ষমতা আছিল দৈনিক ৫ টন আৰু বৰ্তমানে ইয়াৰ লগত উঃ গুৱাহাটীৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মান্দাকাটা স্থিত ডি. জে. এগ্র’ ইণ্ডাস্ট্রিয়েল প্রজেক্ট প্রাইভেট লিমিটেডৰ লগত হোৱাৰ বাবে দৈনিক উৎপাদন ক্ষমতা হৈছেগৈ প্ৰায় ১০০ টন।এই প্ৰতিষ্ঠানটোৱে মান্দাকাটাতো এই ৰূপালী জয়ন্তী উৎসৱ পালন কৰিব বুলি জানিবলৈ দিছে।


২০২০ চনত পৃষ্ঠপোষক শ্ৰী দীপজ্যোতি মহন্ত আৰু শ্ৰীমতী মিলি মহন্তই দীপজ্যোতি আৰু মিলি মহস্ত ফাউণ্ডেচন নামেৰে জনাজাত এটা দাতব্য প্রতিষ্ঠানো আৰম্ভ কৰিছিল যাৰ উদ্দেশ্য হৈছে গ্ৰাম্য, অনুন্নত অঞ্চলত কেন্দ্ৰীভূত বিভিন্ন জনহিতকৰ কাৰ্যকলাপৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ লক্ষ্য ৰাখে, যাতে তাত থকা লোকসকলৰ জীৱনধাৰণৰ মানদণ্ড উন্নত হয়।

ননৈত বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত পলমকৈ বিষ্ণু ৰাভা দিৱস উদযাপন…

ভয়াবহ বান পৰিস্থিতিৰ বাবে নগাঁও জিলাৰ ননৈ কেন্দ্ৰীয় বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন সমিতিৰ কাৰ্যসূচীসমূহ স্থগিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত অৱশেষত যোৱা ৫ আগষ্টত ননৈ সাহিত্য পৰিষদৰ ব্যবস্থাপনাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ননৈ আঞ্চলিক, সাপ্তাহিক কাকত ‘কলংপাৰ’, সাহিত্য আলোচনী ‘সভ্যতা’, নগাঁৱৰ সাংবাদিকসকল আৰু গণনাট্য সংঘ, নগাঁৱৰ সহযোগিতাত দিৱস সম্পন্ন হয় ৷

কাৰ্যসূচী অনুসৰি, পুৱা বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদানেৰে শুভাৰম্ভ কৰে ‘কলংপাৰ’ৰ মুখ্য সম্পাদক গুৰমাইল সিঙে আৰু সহযোগিতা কৰে প্ৰধান শিক্ষক দিলীপ বৰা আৰু নগাঁৱৰ ৰাতুল বৰাই৷ অনুষ্ঠানৰ আঁত ধৰে শিল্পী নয়নজ্যোতি ভূঞা আৰু শিক্ষক দিগন্ত বৰুৱাই । স্থানীয় শংকৰদেৱ শিশু নিকেতন আৰু ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহযোগত এক চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয় ৷ ৪৭ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিযোগিতাত যোগদান কৰে ৷ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য মহেন্দ্ৰ হাজৰিকাই সামগ্ৰিক ভাৱে অনুষ্ঠানটি পৰিচালনা কৰে ৷

তাৰ পিছতেই শংকৰদেৱ বিদ্যা নিকেতনৰ নিৰ্মাণ হ’বলগা ভৱনৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক জিতু গোস্বামীয়ে। ইয়াৰ পিছতেই কিশোৰ শিল্পী জন বৰা সোঁৱৰণী মঞ্চত আৰম্ভ হয় কবিতা আবৃত্তি প্ৰতিযোগিতা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু প্ৰতিযোগীয়ে উৎসাহেৰে উক্ত প্ৰতিযোগিতাত যোগদান কৰে। বিচাৰক ড° বসন্ত বৰাই আবৃত্তিকাৰসকলক সম্বোধন কৰি আবৃত্তি সম্বন্ধীয় বক্তব্য আগবঢ়ায়। সহযোগী বিচাৰক হিচাপে ভাগ লোৱা বিশিষ্ট সংগীত শিল্পী প্ৰণৱ কুমাৰ বৰাইও প্ৰতিযোগীসকলৰ লগত মত বিনিময় কৰে। ইয়াৰ অন্তত আৰম্ভ হয় আকস্মিক বক্তৃতা প্ৰতিযোগিতা ৷

বিয়লি অনুষ্ঠিত হয় ইতিমধ্যে হৈ যোৱা সদৌ অসম ভিত্তিত প্ৰবন্ধ প্ৰতিযোগিতাৰ বঁটা প্ৰদান অনুষ্ঠান আৰু আলোচনা সভা৷ “বিষ্ণু প্ৰসাদ ৰাভাৰ বাওঁপন্থী আদৰ্শ আৰু অসম” শীৰ্ষক প্ৰবন্ধ প্ৰতিযোগিতাত অসমৰ ৮০ গৰাকী লেখকে অংশগ্ৰহণ কৰে৷ উক্ত সভাখন সঞ্চালনা কৰে চলচ্চিত্ৰ পৰিচালক মোলান লস্কৰে আৰু সভাত মুখ্য অতিথিৰূপে বক্তৃতা প্ৰদান কৰে বিশিষ্ট লেখক, শিক্ষক গুণধৰ নাথে। ইফালে, প্ৰবন্ধ প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ দহ হাজাৰ টকা লাভ কৰে লখিমপুৰৰ লেখক কস্তুৰী বিপুলে৷ বিশিষ্ট সমাজকৰ্মী পৰেশ দুৱৰাই আগবঢ়োৱা এই বঁটা প্ৰদান কৰে ‘কলংপাৰ’ৰ মুখ্য সম্পাদক গুৰমাইল সিঙে৷ ধনৰাশিৰ লগতে মানপত্ৰ আৰু ট্ৰফীও প্ৰদান কৰা হয় । সমাজসেৱী বিনোদ খেতাৱতে আগবঢ়োৱা নগদ সাত হাজাৰ টকাৰ দ্বিতীয় পুৰস্কাৰ মানপত্ৰ আৰু ট্ৰফীসহ বিজেতা যোৰহাটৰ পম্পী কলিতাক প্ৰদান কৰে প্ৰধান সম্পাদক তথা আলোচনী ‘সভ্যতা’ৰ সম্পাদক বিপ্লৱ জ্যোতি ভূঞাই৷ বিশিষ্ট সাংবাদিক বাচিত আলম চৌধুৰীয়ে আগবঢ়োৱা নগদ পাঁচহাজাৰ টকাৰ তৃতীয় পুৰস্কাৰ লাভ কৰে গোলাঘাটৰ দিম্পী লাহনে৷

ট্ৰফী, মানপত্ৰসহ পুৰস্কাৰ প্ৰদান কৰে আছু নেতা তথা উদযাপন সমিতিৰ সহকাৰী সম্পাদক মুন বৰাই৷ সভাৰ অন্তত আৰম্ভ হয় বিষ্ণু প্ৰসাদ ৰাভা সংগীত প্ৰতিযোগিতা আৰু তাৰ পিছতেই আৰম্ভ হয় বিষ্ণু প্ৰসাদ ৰাভা গীত, জ্যোতি সংগীত আৰু ভূপেন্দ্ৰ সংগীতত সৃজনশীল নৃত্য প্ৰতিযোগিতা৷ অনেক প্ৰতিভাশালী প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে৷ সন্ধিয়া ৬-৩০ বজাত আৰম্ভ হয় পুৰস্কাৰ বিতৰণী সভা৷ সভা পৰিচালনা কৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ননৈ আঞ্চলিক সমিতিৰ উপদেষ্টা ৰশ্মি দাসে৷ সকলো প্ৰতিযোগীকে প্ৰতিযোগিতাত অংশগ্ৰহণৰ মানপত্ৰ আৰু বিজয়ীসকলক পুৰস্কাৰ প্ৰদান কৰে পৰেশ দুৱৰা, প্ৰত্যুষ ৰঞ্জন ভাগৱতী, বিনন্দ বিকাশ নাথ, কৰিস্মিতা দাস আৰু অনন্ত বৰঠাকুৰে৷ সন্ধিয়া ৭.৩০ বজাত বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ সামৰণি পৰে৷

অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ জনগোষ্ঠীয় মজদূৰ সংঘই…

দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ পৰিসদ আৰু দেশী জনগোষ্ঠীয় মজদূৰ সংঘৰ উদ্যোগত আজি ধুবুৰীত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টিয়া ধৰ্ণা কাৰ্যসূচী।প্ৰত্যক্ষ ভাবে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে সাব্যস্ত কৰিলে প্ৰতিবাদ।

খিলঞ্জীয়া মুছলমানৰ আৰু হিন্দু সম্প্ৰদায়ৰ মাটি বেদখল কৰিছে অবৈধ বাংলাদেশীয়ে।সেয়ে খিলঞ্জীয়া দেশী আৰু মাছমৰিয়া অনুসূচীত জাতি সম্প্ৰদায়ৰ ভূমিৰ পৰা অবৈধ বেদখল উচ্ছেদ কৰি প্ৰকৃত গৰাকীক ভূমি অৰ্পণ, খিলঞ্জীয়া দেশীৰ নিৰাপত্তা সু নিশ্চিত কৰা আৰু দেশী জনগোষ্ঠীক ডি ভোটাৰ বিদেশী ন্যায়াধীকৰণ গোচৰৰ পৰা মুক্ত কৰাৰ দাবীত আজি দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ পৰিষদ আৰু দেশী জনগোষ্ঠীয় মজদূৰ সংঘৰ উদ্যোগত ধুবুৰী জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত এক বিশাল  প্রতিবাদী কাৰ্যসূচী পালন কৰে।ৰেলি যোগে হাতে হাতে প্লেকাৰ্ড লৈ নিজৰ দাবী উত্থাপিত কৰাৰ লগতে ধুবুৰীৰ বিভিন্ন চৰ অঞ্চলত অবৈধ ভাৱে বাংলাদেশীয়ে ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে হিন্দু সকলৰ মঠ মন্দিৰ সকলো ভাঙি পেলাই অবৈধ ভাৱে ভূমি বেদখল অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে প্ৰতিবাদকাৰী সকলে।


ইপিনে সংগঠন ৰ পৰা জিলা উপায়ুক্তৰ ওচৰত এখন স্মাৰক প্ৰদান কৰা হয়। স্মাৰক পত্ৰৰ কোৱা হয়, দেশী সকল এই ভূমিৰ খিলঞ্জীয়া হোৱা সত্বেও ডি ভোটাৰ, বিদেশী ন্যায়া ধীকৰনৰ গোচৰ, এন আৰ চি ৰপৰা বাদ পৰাৰ দৰে বোজা বহন কৰিব লগা হৈছে। সেয়ে দেশী জনগোষ্ঠী য়, মজদূৰ সংঘ অসম, আৰু দেশী জনগোষ্ঠী য় যুব ছাএ মঞ্চ ধুবুৰী জিলাৰ উদ্দোগত ৬০০শতাধিক সদস্য আজি ২ ঘন্টীয়া ধৰ্না কাৰ্য্য সুচী পালন কৰা হয়।

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশন…

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশনখন ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ২৬ জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ খানাপাৰাস্থিত সমিতিৰ মুখ্য কাৰ্যালয়ত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি সভাপতি ডাঃ নজৰুল কাজি আৰু সাধাৰণ সম্পাদক উপেন ভৰালীয়ে এটা বিবৃতিযোগে প্ৰকাশ কৰিছে।

উক্ত সভাত অসম উদ্যান সমিতিৰ প্ৰতিগৰাকী আজীৱন সদস্যকে উপযুক্ত পৰিচয় পত্ৰৰ সৈতে উপস্থিত থাকিবলৈ অনুৰোধ জনোৱাৰ লগতে সভাত বৰ্তমানৰ কাৰ্যনিৰ্বাহক সমিতিখন ভংগ কৰি পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে নতুনকৈ গঠন কৰা হ’ব বুলিও উল্লেখ কৰিছে। আনহাতে ১৮ আগষ্টত বিভিন্ন কাৰ্যসূচীৰে পুৱাৰে পৰা অসম উদ্যান সমিতিৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ব বুলি সভাপতি-সম্পাদকদ্বয়ে প্ৰকাশ কৰিছে

হলিউড-বলিউডৰ কথা কৈ আইমীৰ চিনেমাৰ বিষয়ে কি ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই…

অসমীয়া বুলিয়েই হলত টিকটৰ পইচা খৰছ কৰি এখন ল’ কোৱালিটিৰ অসমীয়া চিনেমা আৱেগত নাচায় মন্ত্ৰী পীযুষ হাজৰিকাই।বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ ছবিৰ সৈতে পত্নী আইমী বৰুৱাৰ ছবিৰ তুলনা কৰি এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত আৱেগতে এখন বেয়া অসমীয়া চিনেমা তেওঁ নাচায় বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই। ভাষণৰ সময়ত মন্ত্ৰীজনে কয়, মই টিকট কাটি হলত শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ চিনেমা চিনেমা চোৱাৰ পিছত একেটা হলতে একেখিনি টকা খৰছ কৰি অসমীয়াই বুলিয়েই আইমী বৰুৱাৰ এখন চিনেমা চাবলৈ মই কিয় যাম?’

মন্ত্ৰীজনে নিজৰ পত্নী তথা অভিনেত্ৰী, পৰিচালক আইমী বৰুৱাৰ নাম লৈ কয়, ‘বেলেগৰ নাম মই নলও। বেয়াও পাব পাৰে। কিন্তু আইমীতো মোৰ পত্নী।’ অসমীয়া আৱেগৰ বাবে এখন বেয়া অসমীয়া ছবি হলত বহি চোৱাতকৈ বিষয়বস্তুৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায় মন্ত্ৰী পীযুষ হাজৰিকাই।

সাৱধান! ৰাষ্ট্ৰীয় পতাকাক অপমান নকৰিব, জানি লওক জাতীয় পতাকা ভাঁজ কৰাৰ নিয়মসমূহ…

বহুতৰে ঘৰত জাতীয় পতাকা আছে। কিন্তু এই পতাকাখন ৰখাৰ সঠিক উপায় সকলোৱে জানেনে? নাজানিলে ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা নহয়। গতিকে নিয়মবোৰ জানি লওক। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। দেশৰ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ। গতিকে এই দিনটো বিশেষভাৱে পালন কৰা হ’ব স্বাধীনতা দিৱস। আৰু সেই উপলক্ষে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে কেইবাটাও কার্যসূচী আৰম্ভ কৰিছে৷ ‘আজাদি কা অমৃত মহোৎসৱ’ৰ এটা বিশেষ অনুষ্ঠান হৈছে ‘হৰ ঘৰ ত্ৰিৰংগা অভিযান’। তাত সকলোকে ছ’চিয়েল মিডিয়াৰ প্ৰফাইল ফটো এখন বা ঘৰতে এখন ফটো তুলি ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰিবলৈ কোৱা হৈছে। প্ৰশ্ন হয়  আমি জাতীয় পতাকাখন আমি সকলোৱে কোঠাটোত সঠিকভাৱে ৰাখোঁ নে? সকলো নাগৰিকে জাতীয় পতাকাখন যথাযথ শ্ৰদ্ধাৰে ঘৰত ৰাখেনে? জাতীয় পতাকা কেনেকৈ ভাঁজ কৰিব লাগে, বা কেনেকৈ ৰাখিব লাগে বহুতে নাজানে।  এইবাৰ কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰা ‘হৰ ঘৰ  ত্ৰিৰংগা’ অভিযানত জাতীয় পতাকা ভাঁজ কৰি ৰাখিবলৈ শিকোৱা হৈছে। সেই পদক্ষেপবোৰ জানো আহক।


• প্ৰথমে পতাকাখন ক’ৰবাত অনুভূমিক আৰু সমতল ঠাইত ৰাখক।


• তাৰ পাছত গেৰুৱা আৰু সেউজীয়া অংশবোৰ ভাঁজ কৰি বগা অংশটোৰ তলত সুমুৱাই দিব লাগে।


• তাৰ পাছত বাকী থকা অংশটো এনেদৰে ভাঁজ দিব লাগে যাতে অশোক চক্ৰটো সম্পূৰ্ণৰূপে দেখা যায়।


• তাৰ পাছত এই ভাঁজ কৰা পতাকাখন তুলি লওক।


• আৰু ইয়াৰ পৰৱৰ্তী সময়ত সন্মানেৰে আঁতৰাই থওক বা সাৱধানে সংৰক্ষণ কৰক

বহু লোকে ঘৰত ৰাখে জাতীয় পতাকা। কিন্তু সঠিক পদ্ধতিৰ বিষয়ে সকলো জ্ঞাত নহয় । গতিকে ওপৰোক্ত নিৰ্দেশনাসমূহ লক্ষ্য কৰি পূৰ্ণ সন্মানেৰে জাতীয় পতাকাক সঠিক ভাঁজ কৰক। ২ আগষ্ট মঙলবাৰে ‘হৰ ঘৰ ত্ৰিৰংগা ’ অভিযান আৰম্ভ কৰাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। তাৰ পাছত তেওঁ নিজেই নিজৰ সকলো ছ’চিয়েল মিডিয়া প্ৰফাইলৰ ছবিখনৰ ঠাইত ৰাষ্ট্ৰীয় পতাকাখন লগাই দিয়ে। ইয়াৰ ফলস্বৰূপে অমিত শ্বাহৰ পৰা আৰম্ভ কৰি বিজেপিৰ কেইবাজনো নেতা-মন্ত্রীয়ে নিজৰ প্রফাইল ছবিখনত (পিকচাৰত )ৰাষ্ট্রীয় পতাকাৰ ছবি লগাই সন্মান প্ৰদান কৰে। কেৱল নেতা-মন্ত্ৰীয়েই নহয়, সাধাৰণ ৰাইজেও বৰ্তমান এই পদক্ষেপত অংশগ্ৰহণ কৰিছে।

দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা সম্পন্ন…

আজি দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ আজাদী কা অমিত মহোৎসৱৰ লগত সংগতি ৰাখি হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কত সচেতনতা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিদ্যালয় খনৰ আন্তগাঠনী তথা শৈক্ষিক দিশটো কিছু আলোচনা অনুষ্ঠিত হয় ৷ সভা খনত সভাপতিত্ব কৰে বিদ্যালয় খনৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক মুহী কান্ত বৰুৱাই ৷ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে কাৰ্বিআংলং স্বায়ত্ত্বশাসিত পৰিষদৰ নৱ নিযুক্ত কাৰ্যবাহী সদস্য মুকুট মহন্ত ৷

লগতে উপস্থিত থাকে অঞ্চলটোৰ বিশিষ্ট শিক্ষাবিদ সমাজ কৰ্মী ডম্বৰুধৰ গগৈ, সুলভ মহন্ত আৰু তিনিখন গাৱঁৰ চৰকাৰী গাওঁ বুঢ়া ক্ৰমে প্ৰদীপ বৰুৱা, অৰ্খীত তাঁতী, দিপক চৰেন ৷ জানিব পৰামতে প্ৰায় শতাধিক লোক উপস্থিত থকা ৰাজহুৱা সভাতেই কাৰ্যবাহী সদস্য মুকুট মহন্তক বিদ্যালয়ৰ তৰফৰ পৰা এক ৰাজহুৱা ভাৱে সম্বন্ধনা জনোৱা হয় ৷ উল্লেখ্য যে দেওপানী উচ্চ মাধ্যমিক বিদ্যালয় খনৰ আন্তগাঠনীৰ বাবদ স্বায়ত্ত্বশাসিত পৰিষদৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱাৰ লগতে ঐতিহাসিক দেওপানী শিৱ মন্দিৰলৈ পাচঁ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি সভাত কাৰ্যবাহী সদস্য গৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে৷

ধুবুৰীৰ এএমকো ৰোড ইছলাম নগৰৰ জামে মছজিদত শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন…

২০২১-২২ ৰ বিধায়ক উন্নয়ন পুজিৰ অধিনত তিনি লাখ  টকাৰ ব্যায় সাপেক্ষে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত এখন নতুনকৈ শৌচালয় নিৰ্মাণৰ আধাৰ শিলা শুভ উদ্বোধন কৰে ভাষানীৰ চৰ এ আই উ ডি এফ দলৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিন ।
দৰাচলতে শুভাৰম্ভ অনুষ্ঠান খনত স্থানীয় মুৰব্বী সকলোকে ধৰি দুগৰাকী স্থানীয় সাংবাদিক দেৱান জাহাঙ্গীৰ আলম আৰু সাহাদত আলীৰ লগতে এ আই উ ডি এফ দলৰ নেতা কৰ্মী সকলক এখন কৈ ফুলাম গামোচাৰে সম্ভৰ্ধনা জনায়। ইয়াৰ পাছত মছজিদৰ ভিতৰত থকা শৌচালয় খনৰ আজি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। 

উক্ত মছজিদ খনত এখন শৌচালয়ৰ বিশেষ প্ৰয়োজন হৈ পৰিছিল পিছে মছজিদ কমিটিৰ উদ্যোগে বিধায়ক নজৰুল হকৰ ওচৰত এখন শৌচালয় নিৰ্মাণ কৰি দিয়াৰ বাবে আবেদন জনাইছিল যদিও বিধায়ক নজৰুল হকে মছজিদ কমিটিৰ লোক সকলৰ আবেদনৰ প্ৰতি সহাৰি জনাই আজি মছজিদ খনত শৌচায়লৰ শুভ উদ্বোধন কৰে  বুলি জানিবলৈ দিয়ে মছজিদ কমিটিৰ সভাপতি ছামছুল হকে। অৱশ্যে বিধায়ক নজৰুল হকৰ এনে পদক্ষেপক ইছলাম নগৰ জামে মছজিদ কমিটিৰ লোক সকলৰ লগতে স্থানীয় ৰাইজে সন্তুষ্ট হৈ ধন্যবাদ জ্ঞাপন কৰে বিধায়ক নজৰুল হকক।

জৱাহিৰিৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে বিস্ফোৰণত কঁপি উঠিল কাবুল, কমেও ৮ জন নিহত…

আফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ কেইদিনমান পিছতে  এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল।  চহৰখনৰ এটা জনবসতিপূৰ্ণ অঞ্চলত হোৱা বিস্ফোৰণত কমেও আঠজন লোক নিহত হৈছে।বিস্ফোৰণত  কমেও ৫০ জন লোক আহত হৈছে। ইছলামিক ষ্টেট গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। কাবুলৰ চিয়া সম্প্ৰদায়ৰ আধিপত্য থকা অঞ্চলত এই বিস্ফোৰণ সংঘটিত হৈছে।  ইপিনে আইএছআইএছে কৈছে যে বিস্ফোৰণটোত কমেও ২০ জন লোক নিহত হৈছে। উল্লেখ্য বহু দিনৰে পৰাই চুন্নী উগ্ৰপন্থী গোট ইছলামিক ষ্টেটে আফগানিস্তানৰ চিয়া সম্প্ৰদায়ক লক্ষ্য কৰি আহিছে। কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাদৰানে জনোৱা মতে  উগ্ৰপন্থীসকলে ৰাজধানী চহৰ খনৰ  জনবসতিপূৰ্ণ অঞ্চলত এই বিস্ফোৰণ ঘটাইছে।  


সন্ত্ৰাসবাদীয়ে এখন পাচলিৰ গাড়ীত বিস্ফোৰক ৰাখিছিল। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।
উল্লেখ্য ২০২১ চনৰ আগষ্ট মাহত তালিবানে কাবুল দখল কৰে। যদিও আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দেশ খন এৰি যোৱাৰ পিছতে তালিবান দেশ খনত অধিক সক্ৰিয় হৈ পৰিছিল।মে’ মাহতো তিনিটা বিস্ফোৰণে বাল্খ প্ৰদেশৰ ৰাজধানী মাজাৰ-ই-শ্বৰীফক জোকাৰি যায়। উগ্ৰপন্থীসকলে তিনিখন বাছত বিস্ফোৰণ ঘটাইছিল। এজন তালিবান কমাণ্ডাৰ মহম্মদ আচিফ ৱাজাৰীয়ে কয় যে মৃত আৰু আহতসকলৰ প্ৰায় সংখ্যকেই  আফগানিস্তানৰ ছিয়া  সংখ্যালঘু সম্প্ৰদায়ৰ লোক। তালিবান আৰু আইএছআইএছ দুয়োটা চুন্নী জেহাদী সংগঠন। অৱশ্যে, ইছলামৰ ব্যাখ্যা আৰু মতবাদক লৈ দুয়োটা পক্ষৰ মাজত বিবাদ আছে।