Home Blog Page 2252

চাপৰৰ আৰেয়াৰঝাৰত ঐতিহাসিক বাঁহ পুজা উদযাপন

হিন্দু শাস্ত্ৰমতে সমাজৰ অপায় অমংগল দূৰ কৰাৰ বাবে মা-কালীক পুজা-অৰ্চনা কৰা হয়। এই দৃশ্য ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত আৰেয়াৰঝাৰ চাতিয়েনতোলা পূজা থলীৰ। এই পুজাথলীত বহু বছৰ ধৰি কোচ ৰাজবংশী সমাজৰ ডেকা বুঢ়া সকলোৱে মিলি ধৰ্মীয় ৰিতি নিতিৰে বাস পুজা-অৰ্চনা কৰি আহিছে।

বাস পুজা হল শক্তি পুজাৰ এটা অংশ। মা কালীৰ পুজা-অৰ্চনা কৰা হয়। যিহেতু আগৰ দিনত ডক্তৰ-হস্পিতালৰ সংখ্যা কম আছিল সেয়ে মহামাৰীৰ পৰা হাত সাৰিবলৈ আৰু অপ-শক্তি নিবাৰণৰ বাবে এই বাস পূজাটো কৰা হৈছিল বুলি জানিব দিয়ে।

ই এম গৰাকী উপস্থিত হৈ মন্দিৰটোৰ কিছু কাম কৰাৰ উদ্দেশ্যৰে নিজাববীয়া কৈ ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়ায়।উক্ত পুজাথলিত উপস্থিত থাকে ধুবুৰী পূৱ জিলা অক্ৰাছুৰ সাধাৰণ সম্পাদক অনন্ত ৰায়,চাপৰ পৌৰসভাৰ ১নং ৱাৰ্ডৰ ৱাৰ্ড আয়ুক্ত ধনঞ্জয় মেধী, সুবৰ্ন নাথ আৰু শংকৰজ্যোতি সিংহ।

দ্ৰৌপদী মূৰ্মূৰ বিজয়ত তামুলপুৰৰ বিভিন্ন প্ৰান্তত আনন্দ উল্লাস

দ্ৰৌপদী মূৰ্মূৰ বিজয়ত তামুলপুৰৰ বিভিন্ন প্ৰান্তত আনন্দ উল্লাস।

এন ডি এৰ ৰাষ্ট্ৰপতি প্ৰাৰ্থী দ্ৰৌপদী মূৰ্মূৰ বিজয়ত দেশজুৰি আনন্দ উৎসৱ পালন কৰাৰ সমান্তৰালভাৱে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে উৎসৱমুখৰ পৰিৱেশ।

ৰাষ্ট্ৰপতি হিচাপে প্ৰথম বাৰৰ বাবে আদিবাসী মহিলা হিচাপে দ্ৰৌপদী মূৰ্মূ নিৰ্বাচিত হোৱাৰ পিছতে এতিয়া তামুলপুৰত উঠিছে আনন্দৰ জোৱাৰ।

তামুলপুৰ জিলা সদৰৰ বিজেপি কাৰ্যালয়ৰ সন্মুখত বিজেপি কৰ্মীৰ উল্লাসিত পদযাত্ৰা।

কুমাৰীকাটাত আদিবাসী চেঙ্গেল অভিযানৰ বিজয় ৰেলী। জিলাখনৰ গনেশগুৰিত সদৌ চানতাল কল্যাণ সংস্থাৰ উদ্যোগত তথা সদৌ চানতাল ছাত্ৰ সন্থা আৰু চানতাল বিকাশ পৰিষদৰ সহযোগত নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীক অভিনন্দন জ্ঞাপন।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

হাটশিঙিমাৰীত বিজেপিৰ বিজয় উল্লাস

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ পাছত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বিজেপিৰ বিজয় উল্লাস। নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীক অভিনন্দন জানাই এনেদৰে আনন্দ উল্লাস কৰিলে ৷

পোন প্ৰথম বাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যত লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো দ্ৰৌপদী মুৰ্মুৰ বিজয়কলৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

শিৱসাগৰৰ নাজিৰাত অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ৫ যুৱকৰ ব্যৱসায়ীক চান্দা সংগ্ৰহৰ নামত হাৰাশাস্তি! চান্দাৰ অপ-সংস্কৃতি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

চন্দা তুলিলেই হ’ব জেইল, নাজিৰাত আৰক্ষীয়ে নিশা জব্দ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰচীদ; চিনাক্ত হৈছে কেইবাজনো যুৱক। জাতীয় সংগঠনৰ চান্দা, এতিয়াৰ পৰা নচলিব ধান্দা । চান্দা আৰু এতিয়াৰে পৰা নহ’ব ধান্দা । সান্দহ খোৱা বালি তল গ’ল একাংশ জাতীয় সংগঠনৰ । চান্দা অপ-সংস্কৃতিৰ বন্ধ কৰিছে হিমন্ত চৰকাৰে । জাতীয় সংগঠন তথা ছাত্ৰ নেতাৰ সম্পত্তিৰ উৎস কি ? চান্দা নে আন কিবা ? এই কথা সৰ্বসাধাৰণৰ মুখে মুখে । চান্দাৰ নামত ৰাজ্যত চলে একাংশ জাতীয় সংগঠনৰ দাবী, ধমকি আৰু ব্যৱসায়ীক হাৰাশাস্তিৰ অভিযোগ ।

বিগত বৃহস্পতিবাৰৰ আবেলি পৰত শিৱসাগৰৰ নাজিৰা নগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ৫ যুৱকে ব্যৱসায়ীক চান্দা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিছে ১০০০ৰ পৰা ১৫০০টকা পৰ্যন্ত ধন । চান্দা তুলিলেই হ’ব জেইল । চান্দা অপ-সংস্কৃতি, ধনদাবীৰ দোকান বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । ব্যৱসায়ী অতিষ্ঠ হৈ নাজিৰা আদৰ্শ আৰক্ষী থানাত খবৰ দিয়ে । এই যুৱক কেইজনে এটা মাহত তিনিবাৰ পৰ্যন্ত ব্যৱসায়ীৰ ওচৰত চান্দা বিচাৰি অহাৰ অভিযোগ তোলিছে স্বয়ং ব্যৱসায়ীয়ে । চন্দাৰ অপ-সংস্কৃতি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ।

এখন TATA NEXON AS 04 AD 0737 নম্বৰৰ বাহনত বিগত দিনা আবেলি পৰত ওপৰ নাজিৰাৰ চুনিল দাস, শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ বাবুল বড়াৰ সৈতে আন তিনিজন যুৱকে নগৰখনৰ একাংশ ব্যৱসায়ীৰ পৰা বিভিন্ন কৌশলেৰে ধন সংগ্ৰহ কৰাৰ তথ্য চি চি টিভি কেমেৰাত আবদ্ধ হৈছে । সামান্তৰাল ভাৱে নাজিৰা আৰক্ষীয়ে নিশা অভিযান চলাই অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ভালে কেইখন ৰচীদ জব্দ কৰিছে । প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ চান্দাৰ অপ-সংস্কৃতি বন্ধৰ ব্যৱস্থা কৰিবলৈ পত্ৰৰ যোগে প্ৰেৰণ কৰিছে কঠোৰ নিৰ্দেশ ।


আচৰ্যজনক বিষয়টো হ’ল সংগঠনটোৰ মুখ্য কাৰ্যালয় ডি ডি এ মাৰ্কেটকমপ্লেক্স, চৌকিডিঙ্গি, ডিব্ৰুগড় – ৭৮৬০০১ তথা যুৱক কেইজনে ব্যৱহাৰ কৰা ৰচীদ সমূহত সভাপতি, সাধাৰণ সম্পাদক আৰু বিত্ত সম্পাদকৰ স্বাক্ষ্যৰ সমূহ ষ্টাম্পৰ এক কৌশলগত স্বাক্ষ্যৰে অবৈধ ভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । চান্দা, ধন দাবীৰ বলি হ’লেই আপুনি খবৰ দিয়ক আৰক্ষীক । ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে আৰক্ষীয়ে । শিৱসাগৰ আৰক্ষীৰ ফোন নম্বৰ ৯৪৩৫৫-০০৫৯৭ । সম্প্ৰতি নগৰখনৰ পৰা যুৱক কেইজন পলায়ন কৰা অভিযোগ উঠিছে।

ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মূৰ্মক নিৰ্বাচিত কৰাত শ্ৰীৰামপুৰত বিজয় উল্লাস…

আনন্দৰ বন্যাৰে ধুসৰিত হৈ পৰিছে বৃহওৰ শ্ৰীৰামপুৰ অঞ্চল ৷এই আনন্দ ফূৰ্তিৰ উৎসৰ কেন্দ্ৰ বিন্দু ভাৰতৰ ইতিহাসৰ পট পৰিৱৰ্তনৰে আদিবাসী সম্প্ৰদায়ৰ দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ বাবে ৷সেই সুবাদত আজি শ্ৰীৰামপুৰত পৃথকে পৃথকে দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাত শ্ৰীৰামপুৰ সমষ্টিৰ এম চি এল এ সজল সিংহৰ উদ্দোগত শ্ৰীৰামপু হাইস্কুল খেলপথাৰত আদিবাসী সম্প্ৰদায়ৰ চাওতাল সকলে নাচি -বাগি নানাধৰণৰ নৃত্য আৰু ফটকা ফুটাই বিজয় উৎসৱ পালন কৰে ৷

ইউ পি পি এল দলৰ শ্ৰীৰামপুৰ ব্লক সমিতিয়েও বিজয় উৎসৱ পালন কৰি বিশাল ৰেলী কৰে ৷বিজয় উৎসৱত বি টি আৰৰ ই এম উইলছন হাসদা ,বিধায়ক জিৰণ বসুমাতাৰী উপস্থিত থাকি বিজেপি চৰকাৰে এক ইতিহাস ৰচনা কৰি ভাৰতবৰ্ষ স্বাধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে আদিবাসী চাঁওতাল সম্প্ৰদায়ৰ দ্ৰৌপদী মূৰ্মক ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰি চৰকাৰখনে এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷আদিবাসী ছিংগল অভিযানেও শ্ৰীৰামপুৰত বিজয় উৎসৱ পালন কৰি ৰেলী কৰে ৷

গোসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট

দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু…

দেশৰ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু । দ্ৰৌপদী মুৰ্মূ ভাৰতৰ নতুন ৰাষ্ট্ৰপতি। দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত দ্ৰৌপদী মুৰ্মূ। NDAৰ প্ৰাৰ্থী আছিল দ্ৰৌপদী মুৰ্মূ ।

দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু! আদিবাসী মহিলা, ওড়িশাৰ হৈ ৰচিলে ইতিহাস! কোনে, কিমান লাভ কৰিলে ভোট?ফলাফল ঘোষণাৰ পূৰ্বে বিজয় উৎসৱ ফলাফলক লৈ শাসক-বিৰোধীৰ প্ৰতিক্ৰিয়া দেশৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ।

উৰিষ্যাৰ এগৰাকী জনজাতীয় মহিলা আৰু ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল মুৰ্মুৰ এনডিএৰ পচন্দক এক গণনামূলক পদক্ষেপ হিচাপে গণনা কৰা হয়, যি কেৱল ঝাৰখণ্ডৰ শাসনাধিষ্ঠ ঝাৰখণ্ড মুক্তি মৰ্চাৰ সমৰ্থনেই আকৰ্ষণ নকৰে, লগতে উৰিষ্যাৰ নবীন পাটনায়ককো ফেঞ্চ-চিটাৰ হিচাপে দেখা যায়। মুৰ্মুক বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও সমৰ্থন কৰাৰ আশ্বাস দিছে, যি শেহতীয়াকৈ মিত্ৰ বিজেপিৰ দৰে একে সুঁতিত কেতিয়াবাহে আছে।

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা…

ৰাজ্যত বৃদ্ধি পাইছে জাপানিছ এনকেফেলিইটিছ ৰোগীৰ সংখ্যা । চলিত মাহত জাপানিছ এনকেফেলিইটিছত আক্ৰান্ত হৈছে ২২৬ গৰাকী লোক । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ প্ৰতিবেদনত প্ৰকাশিত পাইছে এই তথ্য় । আনহাতে ২০ জুলাইত নতুনকৈ ২৪ টা ঘটনা পোহৰলৈ অহাৰ লগতে ৩ গৰাকী লোকৰ মৃত্য়ু হৈছে ।

বাৰিষা অহাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছ (Japanese encephalitis) আৰু এনকেফেলাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ । বিগত সময়ছোৱাত সমগ্ৰ জিলাখনত এই ৰোগে সন্ত্ৰাসৰ ৰূপ ধাৰণ কৰাৰ পাছত ২০১২ চনৰ পৰা আৰম্ভ কৰা প্ৰতিষেধক প্ৰদানে এই ৰোগৰ প্ৰাদুৰ্ভাৱ স্তিমিত কৰে ।

স্বাস্থ্য বিভাগৰ তৰফৰ পৰা ৰোগ প্ৰতিৰোধৰ বাবে মহ খেদোৱা ধোঁৱা প্ৰদান, ঔষধিযুক্ত আঁঠুৱা বিতৰণ, সজাগতা সভা আদি অব্যাহত ৰাখিছে যদিও ৰাইজক ঘৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰখাৰ লগতে মহ উৎপন্ন হ’ব পৰা পানী বন্ধ ঠাই সমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ বিভাগে আহ্বান জনাইছে ।

সামান্য গাৰ বিষ-জ্বৰ আদি অনুভৱ কৰিলে তৎকালে চিকিৎসকৰ পৰামৰ্শ লবলৈও স্বাস্থ্য বিভাগে ৰাইজক অনুৰোধ জনাইছে ৷ ইফালে ডিমৌ স্বাস্থ্য খণ্ডৰ লগতে ম’ৰাবজাৰ স্বাস্থ্য খণ্ডত এই ৰোগত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷

বাদুলিপাৰৰ উজনি বহুপথাৰত খাৰুৱা তেলৰ পাইপ ফুটাই তেল চুৰি দুষ্টচক্ৰৰ, একেটা স্থানতে দুবাৰকৈ সংঘটিত হৈছে তেল চুৰিৰ ঘটনা …

গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত বাদুলিপাৰত দেশৰ বৃহৎ তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ দুলিয়াজানৰ পৰা বাৰাউনীলৈ যোৱা খাৰুৱা তেল পৰিৱাহী পাইপ ফুটাই সংগোপনে দুটাকৈ ভালভ স্থাপন কৰি দীৰ্ঘদিন ধৰি তেল চুৰি চক্ৰই  খাৰুৱা তেল চুৰি কৰি থকাৰ তথ্য পোহৰলৈ আহিছে ।

জিলাখনৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰৰ উজনি বহুপথাৰ গাঁৱৰ মাজেৰে যোৱা পাইপ লাইনত বিভাগীয় দায়িত্বত থকা অইলৰ কৰ্মচাৰীয়ে পাইপ লাইনৰ নিয়মীয়া নিৰক্ষণত উক্ত স্থানত তেলৰ চেকুৰা আৰু গোন্ধ পাই চোৱা চিতা কৰি তেল চুৰি হোৱাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে । ঘটনাস্থলিত তাৎক্ষণিকভাৱে দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ময়ুৰজিত গগৈৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ উক্ত স্থানত দুডাল লোৰ পাইপ সমান্তৰালভাৱে ওপৰমুৱাকৈ মুখবন্ধ অৱস্থাত তলফালৰ পৰা ওলাই থকা অৱস্থাত বিভাগীয় কৰ্মচাৰী আৰু আৰক্ষীয়ে প্ৰত্যক্ষ কৰাৰ লগতে নাতিদূৰত খাৰুৱা তেলৰ চেকুৰা প্ৰত্যক্ষ কৰে ।

তাৎপৰ্য পূৰ্ণ বিষয় যে মাটিৰ পৰা প্ৰায় ছফুট তলত থকা তেল পৰিবাহী পাইপডালত অতি নিখুঁতভাৱে তেল উলিয়াবৰ বাবে সামন্তৰালভাৱে প্ৰায় চাৰিফুট দীঘল দুডাল  সৰু সৰু লোৰ পাইপ ভালভসহ সংযোগ কৰা প্ৰত্যক্ষ কৰি অনুমান কৰিব পাৰি যে খাৰুৱা তেল চুৰি কৰা দুষ্ট চক্ৰটো অতিকৈ পাকৈত আৰু এটা বৃহৎ চক্ৰ জড়িত আছে । কাৰণ প্ৰায় দুটা বছৰ আগতে উক্ত স্থানতে তিনিডাল লোৰ পাইপ স্থাপন কৰি চক্ৰটোৱে তেল চুৰি কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভটো উক্ত পাইপ লাইন নিক্ষণত থকা লোকজনে বিভাগীয় কতৃপক্ষ আৰু আৰক্ষীক খবৰ দিছিল ।

তাৎপৰ্য পূৰ্ণ বিষয় যে বাদুলিপাৰ পাম্পিং ষ্টেচনৰ পৰা কিছু নিলগতে যোৱা কেইমাহ মানৰ আগতে উক্ত পাইপ লাইনটো ফুটাই খাৰুৱা তেল চুৰি কৰিছিল দুষ্ট চক্ৰই। আনহাতে বাদুলিপাৰৰ উজনি বহুপথাৰ অঞ্চলটোত নিৰ্জন ঠাইত দুবাৰকৈ পাইপ ফুটাই খাৰুৱা তেল চুৰি ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

কাৰণ উক্ত পাইপ লাইনটোৰ কাষৰে যোৱা এক মাত্ৰ পকী পথটোত নিশা হ’লে তেল পৰিবাহী টেঙ্কাৰৰ শব্দ শুনিবলৈ পাই স্থানীয় ৰাইজে । ইফালে দুলিয়াজানৰ পৰা অহা বাৰাউনীলৈ যোৱা ক্ৰুড অইল পৰিৱাহী পাইপ ফুটাই খাৰুৱা তেল চুৰি হোৱাৰ সময়ত যদি অকস্মাত অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হ’লে নিশ্চিত ভাবে ভয়ঙ্কৰ অগ্নিকাণ্ড সূত্ৰপাত হ’লহেতেন বুলি সচেতন ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ইতিমধ্যেই দেৰগাঁও আৰক্ষীয়ে  সমগ্ৰ তেল চুৰি  ঘটনাটো তদন্ত অব্যাহত ৰাখিছে । 

  দিব্য জ্যোতি কাকতি, ৰঙামাটি

‘মাইনা নায়কৰ বিনামূলীয়া উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক চৰকাৰে । যদি চৰকাৰে নকৰে তেন্তে বাগিচা কৰ্তৃপক্ষক বাধ্য কৰাওক ‘ এইদৰে দাবী উত্থাপিত হৈছে ছ’চিয়েল মিডিয়াত …

ডিব্ৰুগড় জিলাৰ লেপেটকটা চাহ বাগিচাত অঘটন । এগৰাকী ২৫ বছৰীয়া মহিলা কৰ্মচাৰী শ্ৰীমতী মইনা নায়কৰ কলঘৰৰ কাটিং মেচিনত কাম কৰি থকা অৱস্থাত চুলি আৰু পিন্ধা কাপোৰ সোমাই যোৱাত মূৰৰ ওপৰ অংশ সম্পূর্ণ ছাল এৰি লাওখোলা উলাই যোৱাৰ লগতে সোঁ-হাত ভাঙি যায় ।

বৰ্তমানে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে মহিলাগৰাকী ।

এই দুৰ্ঘটনাক লৈ জিলা প্ৰশাসনক বাগিচা কৰ্তৃপক্ষৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ আৰু মহিলাগৰাকীক প্ৰয়োজনীয় সম্পূর্ণ ক্ষতিপূৰণ প্ৰদানৰ দাবী উত্থাপন স্থানীয় লোকৰ ।

আনহাতে উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত মহিলাগৰাকীক গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অনা হৈছে । ইতিমধ্যে ছ’চিয়েল মিডিয়াত #JusticeforMoinaNayak বুলি দাবী উত্থাপিত হৈছে ।

‘মাইনা নায়কৰ বিনামূলীয়া উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক চৰকাৰে । যদি চৰকাৰে নকৰে তেন্তে বাগিচা কৰ্তৃপক্ষক বাধ্য কৰাওঁক ।।’ এইদৰে দাবী উত্থাপিত হৈছে ছ’চিয়েল মিডিয়াত ।

কলম এৰি পুনৰ ৰাজপথত নামিল সাংবাদিকঃ এইবাৰ তীৰ,ক্ৰিকেট জুৱা আৰু অসামজিক কাৰ্যকলাপ ৰোধ কৰাৰ স্বাৰ্থত ৰাজপথত নামিল সাংবাদিক

৷কামৰূপৰ গৰৈমাৰী-কালাতলী-সোণতলী(জি কে এছ) প্ৰেছ ক্লাৱে অনুষ্ঠিত কৰে প্ৰতিবাদী কাৰ্যসূচী ৷

গৰৈমাৰীস্থিত জি কে এছ প্ৰেছ ক্লাৱ কাৰ্যালয় প্ৰাংগনৰ পৰা সাংবাদিক সকলে হাতে- হাতে বেনাৰ ফেষ্টুন আদি লৈ বিভিন্ন শ্লোগান দি গৰৈমাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত চক্ৰ বিষয়াক এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৷

ছয়গাঁও আৰু বকোৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ পৰা তীৰ আৰু ক্ৰিকেট জুৱা বন্ধ নহলে অনাগত দিনত গণ আন্দোলন গঢ়ি তুলিব বুলি প্ৰেছ ক্লাৱৰ সভাপতি আব্দুৰ ৰহমানে স্থানীয় প্ৰশাসনক সকীয়নি দিয়ে ৷আনহাতে প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা আব্দুৰ ৰহমানেও গৰৈমাৰী আৰু সোণতলী অঞ্চলত চলি থকা অবৈধ জুৱা খেলে সমাজ ব্যৱস্থাক কুলষিত কৰিছে বুলি মন্তব্য কৰে ৷