Home Blog Page 2298

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ

সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ অসম টাং ডু প্ৰশিক্ষক দেৱজিৎ গগৈৰ।দিল্লীত সমৰকলা  খেলুৱৈয়ে উৰুৱালে অসমৰ বিজয় নিচান।ৰাষ্ট্ৰীয় টাং চু ডুত অসমৰ সাফল্য । অসমে আজুৰি আনিলে ৩০ টাকৈ পদক।অসমভূমিত উষ্ম আদৰণি।চলিত মাহৰ ১৩ ৰ পৰা ১৫ মে’লৈ নতুন দিল্লীত অনুষ্ঠিত হয় অষ্টম সংখ্যক ৰাষ্ট্ৰীয় টাং চু ডো চেম্পিয়নশ্বিপ।অসম টাং চু ডো সন্থাৰ তত্বাৱধানত অংশ ললে অসমৰ এটা বৃহৎ দলে । ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ টাং চু ডো খেলুৱৈসকলে দাঙি ধৰিলে দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন । বিভিন্ন শাখাত মুঠ ৩০ টা পদক অৰ্জনেৰে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত জিলিকিল অসম । ইয়াৰে ৫ টা স্বৰ্ণ, ৯ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জ লাভেৰে গৌৰৱান্বিত কৰিলে অসম মাতৃক ।উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া বিৰতিৰ পাছত এনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি উৎসাহিত হৈ পৰিল অসমৰ টাং চু ডো খেলুৱৈ।পদকজয়ী খেলুৱৈসকল গুৱাহাটীৰ কামাখ্যা ৰেল ষ্টেচনত উপস্হিত হোৱাৰ লগে লগে অসম টাং চু ডো সন্থাৰ পৰা জনোৱা হল উষ্ম আদৰণি । অসম টাং চু ডো সন্থাৰ কোষাধ্যক্ষ ভাস্কৰ জ্যোতি গগৈৰ সহিতে সন্থাৰ সদস্যসকলে সকলোকে জনালে অভিনন্দন ।

ইফালে অসম টাং চু ডোৰ মুখ্য প্ৰশিক্ষক তথা কাৰিকৰী প্ৰশিক্ষক দেৱজিৎ গগৈয়ে এই প্ৰতিযোগিতাত অৰ্জন কৰিছে আন এক সন্মান । তেওঁ সৰ্বভাৰতীয় পৰ্যায়ত ২০২১-২২ বৰ্ষৰ শ্ৰেষ্ঠ কাৰিকৰী বঁটা লাভ কৰি অসমক গৌৰৱান্বিত কৰিলে।ক্ৰীড়া অনুৰাগীৰ আশা — অপ্ৰতিৰোধ্য হওক অসনৰ টাং চু ডো খেলুৱৈ।এই বিজয় ধাৰাই স্পৰ্শ কৰক আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াৰ উন্নত শিখৰ ।

হাজোৰ অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ

কামৰূপ জিলাৰ হাজোৰ এজন অপহৃত ছাত্ৰৰ মৃতদেহ পুঠিমাৰী নৈৰ পাৰত উদ্ধাৰ হোৱা এক চাঞ্চল্যকৰ ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চলৰ সৃষ্টি কৰিছে। অপহৰনৰ এদিন পিছত মৃতদেহ উদ্ধাৰ হোৱা ছাত্ৰ জন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত একাদিৰ মগুৰ আলীৰ পুত্ৰ তথা  দক্ষিণ শিংৰা কোৱৰপুৰ আঞ্চলিক হাইস্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰফিকুল ইছলাম(১৬) আৰু অপহৰন কৰি মুক্তিপন নিদিয়াৰ বাবে নৃশংস ভাৱে হত্যাকাণ্ড সংঘটিত কৰি আৰক্ষীৰ হাতত কৰায়ত্ত হোৱা পাচ নৰপিশাচ হৈছে হাজো- একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান (২১) আৰু চুমন ওৰফে ছফিকুল হ’ক(২২),ৰঙিয়া-কত্তাখাটৰ আচিফ আলী(২১),ৰঙিয়া- কেন্দুকোনাৰ তফিকুল ইছলাম(২১)আৰু বৰশিলৰ ৰাহুল আলী(২২)। ঘটনা সংক্ৰান্তত জানিব পৰা মতে,যোৱা ১৫ মে’ৰ সন্ধিয়া পিতৃৰ সৈতে একাদি চ’ক- বজাৰত থকা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিজ গৃহলৈ যাবলৈ ওলোৱা মূহুৰ্ততে এখন চাৰিচকীয়া বাহন তেওঁৰ ওচৰত ৰয় আৰু ৰফিকুল ইছলাম নামৰ ছাত্ৰ জনক উঠাই লৈ যায়। এই ঘটনা পিতৃয়ে প্ৰত্যক্ষ কৰে যদিও কোনো বন্ধুৰ সৈতে ফুৰিবলৈ যোৱা বুলি ভাৱিছিল যদিও নিশা ঘৰলৈ উভতি আহি নোপোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰে।

ইয়াৰ পিছত ওচৰ-চুবুৰীয়া, ইষ্ট-কুটুমৰ ওচৰত সা-খবৰ কৰি কোনো সম্ভেদ নোপোৱাত ১৬ মে’ৰ পুৱা পৰিয়ালৰ লোকে হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। তেনে সময়তে ছাত্ৰ ৰফিকুল ইছলামৰ মোবাইল ফোনৰে কোনো অচিনাক্ত দূৰ্বৃত্তই তেওঁক অপহৰন কৰাৰ কথা অৱগত কৰি মুক্তিপন দহ লাখ টকা দাবী কৰি দিনৰ বাৰ বজাত আদায় দিবলৈ কয় আৰু পিছত পুনৰ ফোন কৰি তিনি বজাৰ ভিতৰত ফোন যোগে যোগাযোগ কৰি আদায় দিবলৈ কয়। এই ঘটনাৰ পিছতে ৰফিকুল ইছলাম অপহনকাৰীৰ কবলত পৰাৰ কথা জ্ঞাত হৈ পৰিয়ালৰ লোক অধিক চিন্তিত হৈ আৰক্ষীৰ ওচৰ চাপে। ততালিকে হাজো আৰক্ষীয়ে মোবাইলৰ লোকেচন উলিয়াই পাচ অপহৰনকাৰী ক্ৰমে হাজো-একাদিৰ লাডেন ওৰফে আজিজুৰ ৰহমান, চুমন ওৰফে ছফিকুল হ’ক, ৰঙিয়া-কৰ্ত্তাখাটৰ আচিফ আলী, কেন্দুকোনাৰ তফিকুল ইছলাম আৰু বৰশিলৰ ৰাহুল আলীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু পাচ অপহৰনকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত কমলপুৰৰ পুঠিমাৰী নৈৰ পাৰত অপহৃত ৰফিকুল ইছলামৰ মৃতদেহ উদ্ধাৰ কৰে। এই ঘটনা সদৰী হোৱাৰ পিছত মৃত ৰফিকুল ইছলামৰ পৰিয়ালত এক শোকাকুল পৰিবেশে সৃষ্টি কৰে। ইপিনে এই ঘটনা পোহৰলৈ অহাৰ লগে লগে একাদিৰ প্ৰায় ডেৰ শতাধিক স্থানীয় লোকে হাতে হাতে প্লেকাৰ্ড লৈ ৰফিকুল ইছলামৰ হত্যাকাৰীৰ ফাচীৰ দাবীত হাজো আৰক্ষী থানাৰ সমীপত এক উত্তাল পৰিবেশ সৃষ্টি কৰে আৰু ছব্বিশ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাত আৰক্ষীৰ শলাগ লয়।

মায়ঙত বড়োধানৰ লগতে শ শ বিঘা মাটিৰ মাকৈ খেতি বানৰ কবলত

মৰিগাও জিলাৰ মায়ং ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন খেতি পথাৰ বানৰ কবলত।আজি কেইবাদিন ধৰি নেৰা নেপেৰা বৰষুনৰ ফলত বৃদ্ধি হোৱা ব্ৰহ্মপুত্ৰ আৰু কপিলি নৈয়ৰ বাৰনী পানীয়ে ঠায়ে ঠায়ে খেতি পথাৰ বুৱাই পেলাইছে । বিশেষকৈ মায়ং পুখৰীয়া আৰু ঘগুৱা মৌজাৰ অন্তৰ্গত বহু খেতি পথাৰ বানৰ কবলত। কৃষক ৰাইজে শস্য সমূহৰ পৰা অধিক লাবাম্বীত হোৱাৰ আশাত খেতি কৰিছিল। কিন্তু খেতি সমূহ চপোৱাৰ সময়তে বাঢ়নী পানীয়ে বিস্তাৰ খতি সাধন কৰিছে ।যাৰ ফলত কৃষকৰ আশাত চেচা পানী পৰা পৰিলক্ষিত হৈছে। আৰু কোনোমতে কৃষক সকলে তৌলোংগা নাওৰে পানীৰ পৰা বড়োধান আৰু মাকৈ সমূহ উঠাবলৈ চেষ্টা কৰিছে যদিও বহুত লোকচানৰ সন্মুখীন হৈছে।

আনহাতে মায়ঙৰ বিভিন্ন গাঁও ক্ৰমে , বৰকুৰাণী, গাগলমাৰী, আশিগড়, বৰবড়ী , খাটবড়ী, কৰতিপাম , গৰমাৰী , ঝাৰগাঁও আদি অন্যান্য অঞ্চলৰ বিভিন্ন খেতিৰ শস্যৰ বিস্তাৰ ক্ষতি সাধন হৈছে বুলি কৃষক সকলে মত পোষণ কৰে ।

মেডিচিটি গুৱাহাটীৰ বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা শিবিৰ

উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ তথা বিশেষভাৱে আৰু বিশিষ্টৰূপে দৈনিক চিকিৎসা-সেৱা আগবঢ়োৱা এক আগশাৰীৰ চিকিৎসা-সেৱা প্ৰতিষ্ঠান মেডিচিটি গুৱাহাটীয়ে আগত ২২মে’ দেওবাৰে আয়োজন কৰিছে এক বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা শিবিৰৰ। ভিন্ন ধৰণৰ বৰ্দ্ধিত স্বাস্থ্যজনিত সমস্যালৈ চকু ৰাখি মেডিচিটিয়ে এই সজাগতামূলক স্বাস্থ্য-পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। এই শিবিৰত সৰ্বমুঠ ৯টি বিভাগৰ বিশেষজ্ঞ চিকিৎসক উপস্থিত থাকিব,যাৰ দ্বাৰা আপুনি আপোনাৰ অথবা আপোনাৰ আপোনজনৰ বিনামূলীয়া স্বাস্থ্য-পৰীক্ষা কৰিবলৈ সক্ষম হ’ব। যিহেতু মাজে-সময়ে নিজ স্বাস্থ্যৰ এনে পৰীক্ষা কৰাই থকাতো এক জৰুৰী স্বাস্থ্য-সচেতনতাই হয়,গতিকে বিনাদ্বিধাই মেডিচিটিলৈ আহক আৰু নিম্নোক্ত বিভাগৰ চিকিৎসকসকলৰ দ্বাৰা বিনামূলীয়াকৈ নিজৰ স্বাস্থ্য পৰীক্ষা কৰাওক। বিভাগকেইটা হৈছে ক্ৰমে-১)গেষ্ট্ৰ’এন্টাৰ’লজী,২)প্ৰসূতি আৰু স্ত্ৰীৰোগ,৩)নাক,কাণ আৰু ডিঙিৰ ৰোগ,৪)হাড়ৰ ৰোগ,৫)হৃদৰোগ,৬)মেডিচিন বা দৰৱ,৭)শ্বাসতন্ত্ৰৰ ৰোগ,৮)শৈল্যৰোগ,৯)মধুমেহ বা ডায়েবেটিছ ৰোগ।


২২মে’,দেওবাৰে দিনৰ ১১বজাৰ পৰা ৩ বজালৈকে আয়োজিত হ’বলগীয়া এই শিবিৰলৈ সকলোকে আমন্ত্ৰণ জনোৱা হ’ল। স্থান-আদিত্য মেডিচিটি,ডাউন-টাউন হাস্পতালৰ সমুখত।

কণীৰ কোনটো অংশ শৰীৰ বাবে উপকাৰী আপুনি জানানে…

কণী এবিধ প্ৰ’টিনযুক্ত খাদ্য। যদি আপুনি সন্তুলিত আহাৰ মানি চলিব বিচাৰে তেন্তে ইয়াক কোনো ধৰণে পৰিহাৰ কৰা উচিত নহয়।
কণী স্বাস্থ্যকৰ। কিন্তু প্ৰশ্নটো হ’ল, কণীৰ কোনটো অংশ স্বাস্থ্যকৰ ? বগা নে হালধীয়া ?কণীৰ বগা অংশ আৰু কুহুমৰ মাজত কেলৰিৰ যথেষ্ট তাৰতম্য আছে । ডাঙৰ কণীএটাৰ কুহুমত প্ৰায় ৫৫ কেলৰি থাকে, আনহাতে বগা অংশত মাত্ৰ ১৭ কেলৰি থাকে।কণীৰ কুহুমত যথেষ্ট পৰিমাণৰ পুষ্টি থাকে। ইয়াৰ ভিতৰত আছে ভিটামিন বি ৬ বি ১২, এ, ডি, ই আৰু কে। ইয়াত কেলচিয়াম, মেগনেছিয়াম, আইৰণ আৰু চেলেনিয়াম থাকে। কণীৰ কুহুমত থকা কেৰোটিনইডবোৰে দৃষ্টিশক্তি উন্নত কৰে। ই ৰেটিনাকো সুৰক্ষিত কৰে।

কণীৰ বগা অংশটো মূলতঃ এলবামিন। বেছিভাগ স্বাস্থ্য সচেতন লোকে ইয়াৰ কম কেলৰি থকাৰ বাবে আৰু ই চৰ্বিমুক্ত হোৱাৰ বাবে এই অংশটো খাবলৈ পছন্দ কৰে। ই শৰীৰক স্বাস্থ্যকৰ প্ৰ’টিন প্ৰদান কৰে। ইয়াত পটাছিয়াম থাকে যি উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায়ক হয়।বিশেষজ্ঞ সকলৰ মতে যিসকলে কলেষ্টৰেলৰ বিষয়ে চিন্তা কৰি আছে বা ইয়াৰ আশংকাত ভুগি আছে তেওঁলোকে কুহুমটো পৰিমিত পৰিমাণে খাব পাৰে ।

বিঃদ্ৰঃ উল্লেখিত তথ্য সমূহ সাধাৰণ জ্ঞানৰ ওপৰত আধাৰিত কোনো ৰোগত আক্ৰন্ত হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

উজ্বলি উঠিল অসম কন্যা অপূৰ্ণা নাৰ্জাৰী…

ৰাজধানী চহৰ ভূৱনেশ্বৰত পূৰ্ণ গতিত অব্যাহত আছে হিৰো ইণ্ডিয়ান ৱ’মেন লীগ (আই ডব্লিউ এল) ফুটবল টুৰ্ণামেণ্ট । দেশৰ বিভিন্ন পেছাদাৰী মহিলা ফুটবল দলে অংশ লোৱা এই প্ৰতিযোগিতাত ইণ্ডিয়ান এৰ’জ দলৰ হৈ ষ্ট্ৰাইকাৰ হিচাপে খেলিছে অসমৰ কোকৰাঝাৰৰ অপূৰ্ণা নাৰ্জাৰীয়ে । ইণ্ডিয়ান এৰ’জ দলটো গঠন কৰে সৰ্বভাৰতীয় ফুটবল ফেডাৰচনে । দেশৰ জুনিয়ৰ পৰ্যায়ৰ প্ৰতিশ্ৰুতিসম্পন্ন খেলুৱৈক লৈ এই দলটো গঠন কৰা হয়।ইতিপূৰ্বে এখন মেচত হেট্ৰিক অর্জন কৰা অপূৰ্ণাই ১৭ মে’, মঙ্গলবাৰে আন এক চমক দিলে । মেচখনত ইণ্ডিয়ান এৰ’জ দলে আহমেদাবাদৰ দল এ আৰ এ এফচি ৰ বিৰুদ্ধে ৩-১ গ’লত জয়লাভ কৰে । প্ৰথমাৰ্দ্ধত ইণ্ডিয়ান এৰ’জৰ খেলুৱৈসকলে মেচখনত আধিপত্য বিস্তাৰ কৰে । বিৰতিৰ ৩ মিনিটৰ আগতে অসম কন্যা অপূৰ্ণা নাৰ্জাৰীয়ে আগবঢ়াই দিয়া বল গ’ললৈ ৰূপান্তৰিত কৰে মুচকান খানে।

অৱশ্যে এই গ’লটোৰ সম্পূৰ্ণ কৃতিত্ব লাভ কৰে অপূৰ্ণাই । প্ৰথমাৰ্দ্ধৰ দৰে দ্বিতীয়াৰ্ধতো ইণ্ডিয়ান এৰ’জৰ দখলতেই থাকে অধিকাংশ বল।মেচৰ ৭৫ মিনিটত এৰ’জ দলে আন এক সফলতা লাভ কৰে । এইবাৰ এই গ’লটো দিয়ে অপূৰ্ণা নাৰ্জাৰীয়ে । ৰাইট ফ্লেংকৰ পৰা পাৰ্মিলাই আগবঢ়োৱা বল আয়ত্ব কৰি অপূৰ্ণাই এক দূৰ্দান্ত শ্বটেৰে প্ৰতিপক্ষৰ নেট কঁপাই তোলে।দুটা গ’লত পিছপৰি থকা এ আৰ এ এফচিয়ে কেইবাটাও আক্ৰমণ চলাইয়ো সফল নহ’ল।কিন্তু ৮৯ মিনিটত এ আৰ এ এফচিৰ ৰক্ষণ বিভাগৰ খেলুৱৈ নিকিতাই মৰা ফ্ৰী কীক ইণ্ডিয়ান এৰ’জৰ দলৰক্ষক আড্ৰিজা ছাৰখেলৰ হাতৰ পৰা পিছলি গৈ নিজ দলৰ গ’লপোষ্টত প্ৰৱেশ কৰে।মেচ শেষ হ’বলৈ কেই ছেকেণ্ডমান বাকী থকা অৱস্থাত এৰ’জ দলৰ মণিপুৰী খেলুৱৈ এম প্ৰিয়ংকা দেৱীয়ে আন এটা গ’ল দি ব্যৱধান বৃদ্ধি কৰে।এই জয়েৰে ইণ্ডিয়ান এৰ’জ দলে ৩ পইণ্ট অর্জন কৰিলে । মুঠ ১২ টা দলে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত এই পৰ্যন্ত ৯ খন মেচ খেলি ইণ্ডিয়ান এৰ’জ দলে ১৯ পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে।দলটোৱে ৬ খন মেচত জয়লাভ কৰি ২ খনত পৰাস্ত হৈছে যদিও এখন মেচ ড্ৰ খেলিছে।ইয়াৰ বিপৰীতে পূৰ্বৰ বিজয়ী গোকুলম কেৰালা আৰু মাডুৰাইৰ চেঠুৱে ৯ খনকৈ মেচ খেলি প্ৰতিখনতে জয়ী হৈ ২৭ পইণ্টেৰে তালিকাৰ ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত আছে।ইণ্ডিয়ান ৱ’মেনছ লীগ ফুটবলত অসমৰ অপূৰ্ণা নাৰ্জাৰীয়ে এই পৰ্যন্ত ৯ টা গ’ল স্ক’ৰ কৰিছে।

একেটা পথকে দুবাৰকৈ আধাৰ শিলা স্হাপন মন্ত্ৰী যোগেন মহনৰ

বি জে পি নেৰ্তৃত্বাধীন মিত্ৰজোঁটৰ বিগত চৰকাৰৰ দিনৰে পপৰা বৰ্তমানৰ চৰকাৰেও জনগণৰ সমস্যা সমাধান তথা সৰ্বাঙ্গীন উন্নয়নৰ বাবে বহু আচনি প্ৰস্তুত কৰি লক্ষ লক্ষ টকা আৱণ্টন দিয়া বুলি জয়ঢোল কোবাই আহিছে যদিও কাৰ্য ক্ষেত্ৰত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত সেই আচনিসমূৰ বেছিভাগৰে আৱণ্টিত ধন অন্তধ্যান হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ এক জলন্ত নিৰ্দশন নাজিৰা মহকুমাৰ ১০৫ নং মাহমৰা বিধান সভা সমষ্টিৰ গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত এটা অতি জৰাৰ্জীণ পথ । ঐতিহাসিক গড়গাঁৱৰ পৰা ধোদৰ আলি সংযোগী আতনপুৰ ( মিলনপুৰ ) পথটো পুনৰ নিৰ্মাণৰ বাবে ২০১৭ চনৰ পৰা ২০২১ চনলৈকে দুবাৰ চৰকাৰী ধন আৱণ্টন কৰি দুবাৰকৈ আধাৰশিলা কৰাৰ পিছতো সুদীৰ্ঘ ৫ টা বছৰেও পথটো নিৰ্মা কাৰ্য  আৰম্ভ কৰা নহ’ল । অসম চৰকাৰৰ পথ মেৰামতি শিতানত অনুমুদিত ২০১৬ – ১৭ বৰ্ষৰ অধীনত ৪৪৪ কি : মি : দৈৰ্ঘ্যৰ  এই আতনপুৰ ( মিলনপুৰ ) পথৰ নিৰ্মাণৰ বাবে ১০ লাখ টকা আৱণ্টন কৰি ২০১৭ বৰ্ষৰ ২৮ জুনত নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনে । আধাৰশিলা কৰাৰ সময়লৈকে সকলো ঠিকেই হ’ব বুলি ৰাইজে আশা কৰিছিল যদিও পথটো নিৰ্মাণৰ ঠিকা আৱণ্টন পোৱাৰ পিছতো বিগত বিধান সভা নিৰ্বাচনৰ প্ৰাক মূহুত্বলৈকে সংশ্লিষ্ট ঠিকাদাৰে পথটো নিৰ্মাণ নকৰিলে।

ৰহস্যজনক ভাৱে সেই আৱণ্টিত সমুদায় ধন হৰলুকি হ’ল । ৰাইজৰ আবেদন – নিবেদন তথা অভিযোগৰ প্ৰতি সহাৰি জনাই পুনৰ একেটা পথ নিৰ্মাণৰ বাবে এছ অ’ পি ডি ( জি ) আঁচনিৰ অধীনত পূৰ্বৰ দৰে ধন আৱণ্টন কৰাই ২০২১ চনত তেতিয়াৰ ৰাজহ , দূৰ্যোগ প্ৰশমন আৰু লোক নিৰ্মাণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে বিগত বিধান সভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্য বন্ধ হোৱাৰ প্ৰাক মূহুত্বত বিগত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীত সন্ধিয়া সময়ত ততাতৈয়াকৈ আধাৰশিলা স্থাপন কৰে । কিন্তুু দূৰ্ভাগ্যৰ বিষয় যে একেটা পথৰ বাবে দুবাৰকৈ চৰকাৰী ধন আৱণ্টন কৰাই দুবাৰকৈ আধাৰশিলা স্থাপন কৰাৰ পিছতো আজিলৈকে পথটো নিৰ্মাণ কাৰ্য আৰম্ভ নহ’ল । স্থানীয় ৰাইজে ঐতিহাসিক গড়গাঁও গাওঁ পঞ্চায়তৰ অন্তৰ্গত এই আতনপুৰ ( মিলনপুৰ ) পথটো নিৰ্মাণৰ বাবে আৱণ্টিত ধন ক’ত হৰলুকি হৈছে তাৰ উচিত তদন্ত কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰি শীৰ্ঘ্ৰে পথটো পুনৰ নিৰ্মাণ নকৰিলে ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সকিয়াই দিছে ।

কাছাৰ জিলাৰ ডুলু চাহ বাগিছাত উচ্ছেদিত কৰাক লৈ বাক্সাত প্ৰতিবাদত

কাছাৰ জিলাৰ ডুলু চাহ বাগিছাত উচ্ছেদ কৰি চৰকাৰে বিভিন্ন আন্তঃগাথনি, ৰাষ্ট্ৰীয় ঘাইপথ, তৈল্যক্ষেত্ৰ, বিমান বন্দৰ নিৰ্মাণ, আধুনিক নগৰীকৰণ আদি কৰি চাহ বাগিছা উচ্ছেদ আৰু ধংস আদি কৰি চাহ শ্ৰমিক সকলৰ জীৱনলৈ যি ভাবুকি আনিছে তাৰ প্ৰতিবাদত আৰু শ্ৰমিক সকলক নিৰ্যাতন কৰাৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থাৰ আহ্বানত আজি বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত আজি তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয়।

প্ৰতিবাদকাৰী সকলে আটছা জিন্দাবাদ, অসম চৰকাৰ মুৰ্দাবাদ, মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, চাহ বাগিছাৰ উচ্ছেদ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গো বেক, চাহ শ্ৰমিকৰ ভূমি অধিকাৰ প্ৰদান কৰক আদি শ্লোগান দি তামুলপুৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে৷প্ৰতিবাদকাৰী সকলে চাহ বাগানৰ উচ্ছেদ বন্ধ কৰাৰ বাবে তামুলপুৰ জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰন কৰে৷

টংলা মহাবিদ্যালৰ এন চি চি গোটৰ ছাত্র ছাত্ৰীক অনুপ্ৰাণীত মূলক প্ৰশিক্ষণ হাতীগড় আৰ্মী কেম্পৰ

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত শৈক্ষিক নগৰী হিচাপে খ্যাত টংলা মহাবিদ্যালয়ত আজি হাতীগড় আৰ্মী কেম্পৰ তৰফৰ পৰা অনুপ্ৰাণীত মূলক প্ৰশিক্ষণ দিয়ে মেজৰ চন্দ্ৰদ্বীপে। প্ৰজেক্টৰৰ জৰিয়তে পিপিটিত সম্পূৰ্ণ তথ্যভিত্তিত প্ৰশিক্ষাৰ্থী সকলক প্ৰশাসনিক দিশৰ ওপৰত বিস্তৃত ভাবে ব্যাখ্যা কৰি কোৱাৰ লগতে কেনেকৈ প্ৰশাসনিক দিশত আগবাঢ়িব বা ভৰ্তি হব পাৰি, কেনেকৈ অধ্যয়ন কৰিব লাগে, নিজকে কেনেকৈ এজন সুস্থ সবল নাগৰিক হিচাবে গঢ় দিব পাৰি,দেশ সেৱা কেনেকৈ কৰিব কৰিব পাৰি লগতে প্ৰতিযোগিতামূলক পৰীক্ষাত কেনেকৈ উৰ্ত্তীন্ন হব পাৰি প্ৰশাসনিক সকলোবোৰ দিশৰ ওপৰত আলোচনা কৰা হয়।

উল্লেখযোগ্য যে হাতীগড় আৰ্মী কেম্প ফালৰ পৰা সময়ে সময়ে জনগণৰ হিতাৰ্থে বহুতো সজাগতা মূলক অনুষ্ঠান, প্ৰশিক্ষণ লগতে সহায় সহযোগ কৰি অহা হৈছে বুলি ভাৰতীয় সৈনিক ভিকে মিশ্ৰই জানিবলৈ দিয়ে।উক্ত অনুষ্ঠান খনত টংলা মহাবিদ্যালয় এন চি চি গোটৰ এএনঅ ৰূপণ বড়ো উপস্থিত থাকে।

বলীউডৰ জনপ্ৰিয় দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাই অতি সোনকালেই বিবাহ পাশত আৱদ্ধ হ’ব

মালাইকা অৰোৰা পুনৰ কইনা হ’ব, অৰ্জুন কাপুৰে চেহৰা বান্ধিব; এয়া হৈছে বিবাহৰ তাৰিখ!মালাইকা অৰ্জুন বিবাহ: অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ সম্পৰ্কৰ বিষয়ে দিনে দিনে আলোচনা কৰা হয়। কিন্তু এতিয়া খবৰ টো ওলাইছে যে দম্পতীহালে সোনকালেই বিয়া পাতিবলৈ গৈ আছে।বলীউডৰ আটাইতকৈ চৰ্চিত দম্পতী অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাই সোনকালেই বিবাহপাশত আৱদ্ধ হ’ব। হয়, যদি আপুনিও এই দম্পতীহালক বিবাহপাশত আৱদ্ধ হোৱা দেখিবলৈ বিচাৰি আছে, তেন্তে এই বাতৰিটো আপোনাক সুখ দিয়াৰ সুযোগ হ’ব পাৰে কিয়নো যেতিয়া দুয়ো বিবাহপাশত আৱদ্ধ হ’ব তেতিয়া সন্মুখলৈ আহিছে আৰু নিশ্চিতভাৱে আপুনি এই বিষয়ে জানিব বিচাৰিছে।অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাই সোনকালেই বিবাহপাশত আৱদ্ধ হ’ব পাৰে। যোৱা চাৰি বছৰ ধৰি, দম্পতীহালক প্ৰতিটো অনুষ্ঠানতে ইজনে সিজনক সমৰ্থন কৰা দেখা গৈছে আৰু এতিয়া তেওঁলোক দুয়োৱে তেওঁলোকৰ সম্পৰ্কক বিবাহৰ পৱিত্ৰ বন্ধনৰ সৈতে বান্ধি ৰাখিব বিচাৰে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বেৰনৰ মতে, অৰ্জুন আৰু মালাইকাই ২০২২ চনৰ শেষৰ ফালে বিবাহপাশত আৱদ্ধ হ’ব।

বাতৰি অনুসৰি, অৰ্জুন আৰু মালাইকাই এক বিশাল বিবাহ কৰিব নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে তেওঁলোকৰ বিয়াখন পঞ্জীয়ন কৰিব বিচাৰে আৰু তেওঁলোকৰ বন্ধুবৰ্গক এটা পাৰ্টি দিব বিচাৰে। এই সময়ছোৱাত, পৰিয়ালৰ সদস্যসকলে সমগ্ৰ কাপুৰ পৰিয়াল আৰু মালাইকাৰ পিতৃ-মাতৃক অন্তৰ্ভুক্ত কৰিব। কৰীণা কাপুৰ খানো দম্পতীহালৰ অতি ঘনিষ্ঠ, সেয়েহে তেওঁৰ নামও অতিথিতালিকাত অন্তৰ্ভুক্ত কৰা হ’ব পাৰে।

মই আপোনাক কওঁ, অৰ্জুন আৰু মালাইকা (অৰ্জুন মালাইকা ৰিলেটনশ্বিপ) তেওঁলোকৰ সম্পৰ্কৰ বাবে সদায় বাতৰিত আছে। আৰবাজ খানৰ পৰা বিবাহ বিচ্ছেদৰ পিছত, যেতিয়া মালাইকা অৰ্জুনৰ সৈতে সম্পৰ্কত আহিছিল, মানুহে তাইক বহুত ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছিল। আনকি মালাইকাৰ মিমবোৰো নিৰ্মাণ কৰা হৈছিল। কিন্তু পৃথিৱীৰ শ্লেষৰ সন্মুখত, অৰ্জুন মালাইকাৰ প্ৰেম ম্লান হোৱা নাছিল আৰু এতিয়া এই নিযুত সমস্যাৰ পিছত, এই দম্পতীহালে বিবাহ পাশত আৱদ্ধ হ’বলৈ গৈ আছে।