Home Blog Page 2309

দক্ষিণ আফ্ৰিকা শৃংখলাত পৰাজয়ৰ কাৰণ হোৱা কেপ্টেইন হাৰ্দিক পাণ্ডিয়াই কাক আঁতৰাব

হাৰ্ডিকে আনকি এই খেলুৱৈজনক দলত চাবলৈও ভাল নাপায়, প্ৰথম টি-২০ খেলৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত লয়!আইএনডি বনাম আইআৰই প্ৰথম টি-২০: আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথম খন টি-২০ খেলত অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এজন তাৰকা খেলুৱৈক বাহিৰৰ পথ দেখুৱাব পাৰে। এই খেলুৱৈজনে অতি দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছে।আয়াৰলেণ্ড ভ্ৰমণত, নিৰ্বাচকসকলে হাৰ্দিক পাণ্ডিয়াৰ নেতৃত্বত এটা যুৱ ভাৰতীয় দল প্ৰেৰণ কৰিছে। টীম ইণ্ডিয়াত বহুতো মেচ-উইনাৰ থাকে, যিকেইটা বলত খেলখনৰ গতিপথ সলনি কৰে। একে সময়তে, টীম ইণ্ডিয়াত এজন খেলুৱৈ আছে, যিদক্ষিণ আফ্ৰিকা শৃংখলাত পৰাজয়ৰ কাৰণ হৈছিল। এনে পৰিস্থিতিত, প্ৰথম টি-২০ খেলখনত, অধিনায়ক হাৰ্দিক পাণ্ডিয়াই এই খেলুৱৈজনক বাহিৰৰ পথ দেখুৱাব পাৰে।

এই খেলুৱৈজন তাত থাকিব পাৰে।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত, ৰিতুৰাজ গায়কৱাডে আঘাতপ্ৰাপ্ত কে এল ৰাহুলৰ ঠাইত অপেনিং কৰাৰ সুযোগ পাইছিল, কিন্তু তেওঁ সুযোগটো সম্পূৰ্ণৰূপে মূলধন কৰিব নোৱাৰিলে। ৰিতুৰাজ গায়কৱাডে তেওঁৰ নাম অনুসৰি প্ৰদৰ্শন কৰিব নোৱাৰিলে। যেতিয়াই তেওঁ টীম ইণ্ডিয়াক এটা ডাঙৰ আৰম্ভণি দিয়াৰ দায়িত্ব লৈছিল, তেওঁ ভাৰতীয় দলৰ নাওখন মাজভাগত এৰি দিছিল। এনে পৰিস্থিতিত, অধিনায়ক হাৰ্দিক পাণ্ডিয়াই তেওঁক প্ৰথম টি-২০ মেচত বাহিৰ হোৱাৰ পথ দেখুৱাব পাৰে।

ৰিতুৰাজে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছে

ৰিতুৰাজ গায়কৱাডে অতি দুৰ্বল ফৰ্মৰ সৈতে যুঁজি আছে। তেওঁ ৰাণ সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰি আছে। ইমান দূৰত ৰাণ সংগ্ৰহ কৰি তেওঁ ক্ৰীজত থাকিবলৈ হেঁপাহ কৰি আছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শৃংখলাত ৰিতুৰাজ গায়কৱাডে মাত্ৰ এটা অৰ্ধশতক অৰ্জন কৰিব পাৰিছিল আৰু পাঁচখন মেচত মাত্ৰ ৯৬ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁ টীম ইণ্ডিয়াৰ ওপৰত আটাইতকৈ ডাঙৰ বোজা হৈ পৰিছে।

এই খেলুৱৈজনে ৰিতুৰাজৰ স্থান লোৱাৰ সুযোগ পাব পাৰে

এনে পৰিস্থিতিত, আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টি-২০ মেচত, অধিনায়ক হাৰ্দিক পাণ্ডিয়াই ফ্লপ ৰিতুৰাজ গায়কৱাড়ৰ ঠাইত ভেঙ্কটেশ আয়াৰক সুযোগ দিব পাৰে। আয়াৰে আফ্ৰিকান শৃংখলাত এটাও খেল খেলিবলৈ সুযোগ পোৱা নাছিল। এনে পৰিস্থিতিত, তেওঁ আয়াৰলেণ্ডৰ বিৰুদ্ধে ঈশান কিষাণৰ উদ্বোধনী অংশীদাৰ হ’ব পাৰে। আয়াৰৰ আৰম্ভণিৰ অভিজ্ঞতা আছে, যি টোম ইণ্ডিয়াৰ বাবে কামত আহিব পাৰে।

আয়াৰলেণ্ড শৃংখলাৰ বাবে ভাৰতীয় দল:

হাৰ্ডিক পাণ্ডিয়া (অধিনায়ক), ভুৱনেশ্বৰ কুমাৰ (উপ-অধিনায়ক), ঈশান কিষাণ, ৰিতুৰাজ গায়কৱাড, সঞ্জু চেমচন, সূৰ্যকুমাৰ যাদৱ, ভেঙ্কটেশ আয়াৰ, দীপক হুডা, ৰাহুল ত্ৰিপাঠী, দিনেশ কাৰ্তিক (উইকেটকিপাৰ), যুজবেন্দ্ৰ চাহাল, অক্ষৰ পেটেল, ৰবি বিষ্ণোই, হৰ্ষল পেটেল, আবেশ খান, আৰ্দীপ সিং মালিক, উমদীপ মালিক

সুৰামত্ত আৰক্ষীয়ে আছু নেতাৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ

তামুলপুৰৰ কুমাৰীকাটাত আৰক্ষীৰ গুণ্ডাৰাজ । আছু নেতা ডুলুজিত দাসৰ ওপৰত নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ মতে কালি নিশা সদৌ বাক্সা জিলা আছুৰ সাধাৰণ সম্পাদক ডুলুজিত দাসে তামুলপুৰ সদৰৰ পৰা নিজ গৃহ অভিমুখে গৈ থকা অৱস্থাত বিশেষ কাৰণবশত কুমাৰীকাটাত তেওঁৰ নিজৰ বাহন খন কিছু সময় ৰখাই থোৱা অৱস্থাত হঠাৎ উক্ত স্থানত উপস্থিত হয় কুমাৰীকাটা আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ অভদ্ৰ আচৰণ কৰে।কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল বৰুৱাৰ সন্মুখতে ASI শৈলেন কলিতাই আছু নেতা গৰাকীক শাৰীৰিক, মানসিক নিৰ্যাতন চলোৱাৰ উপৰি তেওঁৰ হেলমেতটো ভাঙি পেলায়।

আনকি আছু ছান্দা তোলা সংগঠন বুলিও ইতিকিং কৰাৰ অভিযোগ।কোনো ডিচি, এছপিকো ভয় নকৰে বুলি ফিটাহি মৰা সুৰামত্ত আৰক্ষী বিষয়া গৰাকীয়েছাত্ৰ নেতা গৰাকীয়ে সুৰাপান কৰা বুলি অভিযোগ আনি কুমাৰীকাটা ৰাজ্যিক স্বাস্থ্য কেন্দ্ৰ লৈ গৈ স্বাস্থ্য পৰীক্ষা কৰায়।এই ঘটনাক কেন্দ্ৰ কৰি আজি সমগ্র বাক্সা জিলাৰ লগতে তামুলপুৰত তীব্ৰ প্ৰতিক্ৰিয়া খৰু উত্তেজনা বিয়পি পৰে।

তামুলপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আছুৱে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অভিযুক্ত আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আৰকী অধীক্ষক ৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰে।ঘটনাৰ তদন্ত কৰি ২৪ ঘন্টাৰ ভিতৰত দোষী বিষয়াক শাস্তি প্ৰদান নকৰিলে আছুৱে তীব্ৰভাৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।

সদ্য প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তৰ সোঁৱৰণত সাংস্কৃতিক কেন্দ্ৰ তামুলপুৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

অসম আন্দোলনৰ তামুলপুৰৰ মূল হোতা, বিভিন্ন সামাজিক অনুষ্ঠানৰ প্ৰতিস্থাপক, তামুলপুৰ পৌৰসভাৰ পৌৰপতি, শিক্ষাবিদ, ক্ৰীড়াপ্ৰেমী, সাংস্কৃতিক কৰ্মী, মানৱ সম্পদ গঢ়োতা, তামুলপুৰ আৰক্ষী থানা সমিতিৰ প্ৰাক্তন সভাপতি

আধুনিক তামুলপুৰৰ খনিকৰ তথা সমগ্ৰ তামুলপুৰ অঞ্চলৰ সুযোগ্য সন্তান প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ মহন্তক আজি তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত এখন সাধাৰণ সভা অনুষ্ঠিত কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অলিভ অয়ল মাজত লুকাই আছে বহু গুণ

স্বাস্থ্য বাৰ্তা : একেৰাহে দীৰ্ঘ সময় ধৰি মূৰ বিষাই থাকিলে এছপলিন ইবুপ্ৰ্ফেন বা কডেইন খোবাটো আমাৰ বহুতৰে উভ্যাস।পিচে টেবলেট নাখাই অলিভ অয়ল অকনমান মূৰ বা কপালত লগালেও তীব্ৰ মূৰৰ বিষ কমে।প্ৰাকৃতিকভাবে পোৱা এইবিধ পেইন কিলাৰৰ কথা উল্লেখ কৰিছে ফিলাডেলফিয়াৰ এদল গৱেষক।

নেচাৰ পত্ৰিকাত মনেল কেমিকেল ছেনছেছ চেন্টাৰৰ গৱেষকসকলে উল্লেখ কৰিছে যে অলিভ অয়লত অলিওকেন্থাল নামৰ এবিধ ৰাসায়নিক যৌগ আছে।এই যৌগবিধে এছপিৰিন ইবপ্ৰ্ফেনৰ দৰে বিষ নাশকৰ কাম কৰাৰ লগতে cox-1 আৰু cox-2 নামৰ উপকাৰী এনজাইম দুবিধক প্ৰ্তিৰোধ কৰিব পাৰে।

গৱেষকসকলে পূৰ্বৰ পৰাই জানিব পাৰিছিল যে কম পাৰিছিল যে কম পৰিমানে কক্স থকা বস্ত খালে বিভিন্ন ধৰনৰ উপকাৰ হয়।ফিলাডেলফিয়াৰ গৱেষকসকলৰ একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ হয়।এই অলিভ অয়লৰ পৰা একে উপকাৰ পোৱা যায়।গৱেষকসকলে হিচাপ কৰি উলিয়াইছে যে মূৰৰ বিষ কমাবৰ বাবে দৈনিক ৫০ গ্ৰামকৈ অলিভ অয়ল ব্যৱহাৰ কৰিলে ইবুপ্ৰফেন টেবলেট এটাতকৈ ১০ গুন বেছি উপকাৰ পোৱা যায়।অকল মূৰৰ বিষেই নহয় নিয়মিতভাবে অলিভ অয়ল ব্যৱহাৰ কৰিলে কেন্সাৰ হোৱাৰ সম্ভাৱনা কমি থাকে।

চেঙা সমষ্টিৰ দক্ষিণ প্ৰান্তত চিকিৎসক সহ-বিধায়ক আশ্ৰাফুল হুছেইন, বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী, দৰৱ বিতৰণ …

সোণতলী : সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছিল৷ চেঙা সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ সৈতে চিকিৎসকৰ দল লৈ প্ৰচণ্ড গৰমৰ মাজত যন্ত্ৰচালিত নাৱৰে আজি ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত  বিভিন্ন চৰাঞ্চল পৰিদৰ্শন কৰি বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী,ঔষধ আৰু তিৰপাল বিতৰণ কৰে।

ভয়ংকৰ বানে চৰাঞ্চলৰ ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। সম্প্ৰতি পানী ক্ৰমাত শুকাবলৈ লোৱাৰ সময়ত মৰিচাকান্দি, মহিশখুটি, লক্ষীপুৰ, মহ’চৰা আদি চৰাঞ্চলৰ খেতি পথাৰ লগতে ৰাইজৰ যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল।ইয়াৰ ওপৰিও পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছিল। পানী শুকাবলৈ লোৱাৰ সময়ত নানা ধৰণৰ বেমাৰ আজাৰ হ’ব পাৰে বুলি ভাবি বানাক্ৰান্তৰ মাজত ঔষধ বিতৰণ কৰে। বিধায়ক আশ্ৰাফুল হুছেইনৰ লগতে চিকিৎসকৰ দল লগত লৈ কাছুমাৰা মহচৰা এলেকাৰ বহু কেইটা অঞ্চল পৰিদৰ্শন কৰি বানাক্ৰান্তৰবুজ লয়৷

বানপানী কমাৰ লগে লগে অঞ্চলবোৰত বিভিন্ন বেমাৰে দেখা দিয়াৰ আগতে চিকিৎসকৰ দলটোৱে সু -পৰামৰ্শ আৰু দৰৱ বিতৰণ কৰে ৷ কেৱল সেয়াই নহয়- অনগাত দিনত যাতে বিশুদ্ধ খোৱা পানীৰ অভাৱ নহয় তাৰ বাবে দমকলৰ ব্যৱস্থা কৰে বিধায়ক আশ্ৰাফুল হুছেইনে৷  আনকি বানাক্ৰান্ত ৰাইজৰ মাজত কিছু পৰিমানে খাদ্য সামগ্ৰী,তিৰপাল বিতৰণ কৰে৷

প্ৰেৰকঃ ৰেজাউল কবিৰ

মৰ্মান্তিক ! এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা…..

কাছাৰ : বানে বিস্তৰ ক্ষতি কৰা কাছাৰ জিলাৰ শিলচৰ আৰু কাষৰীয়া অঞ্চলসমূহৰ বান পৰিস্থিতিৰ কৰুণ ছবি ।

মৃতকক লৈ হাহাকাৰ । সামাজিক মাধ্যমক বিশেষ কৰুণ ছবি ভাইৰেল ।

এবুকু পানীৰ মাজত মৃতকক লৈ যাত্ৰা । বানে সংহাৰী ৰূপ কাছাৰ জিলাত ।

ভয়ংকৰ বানে ৰাইজৰ যতেষ্ট ক্ষতি সাধন কৰে। মানুহৰ লগতে পশুধনৰ যতেষ্ট ক্ষতিসাধন হৈছে । মাতৃৰ নিথৰ দেহ লৈ ভূৰৰ মাজত ঘণ্টা ঘণ্টা ধৰি অসহায় পুত্ৰ।

চাৰিওফালে পানী আৰু পানী, মৃতদেহ সৎকাৰৰ বাবে নাই এডোখৰ মাটি। ব্যথাভৰা এনে দৃশ্য সুলভ এতিয়া শিলচৰত!

বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ

বঙাইগাঁৱ: বঙাইগাঁৱৰ গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজৰ প্ৰতিবাদ। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিৱৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ।

বান সাহাৰ্য্যৰ ক্ষেত্ৰত দুই হাত খুলি বানাক্ৰান্ত ৰাইজক সহায় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত সমুহক নিৰ্দেশ দিয়াৰ সময়তে বঙাইগাঁও জিলাৰ গোলাপাৰাত বিপৰীত ছবি পৰিলক্ষিত হৈছে। জিলাখনৰ সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অন্তগৰ্ত গোলাপাৰাত বান সাহাৰ্য্যৰ পৰা বঞ্চিত বানাক্ৰান্ত ৰাইজে জন প্ৰতিনিধি আৰু প্ৰসাশনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গোলাপাৰা প্ৰথম খণ্ডত বান সাহাৰ্য্য বিতৰনৰ ক্ষেত্ৰত জনপ্ৰতিনিধি সকলে অনিয়ম সংগঠিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। ক্ষতিগ্ৰস্ত পৰিয়ালৰ পৰিবৰ্তে ক্ষতি নোহোৱা পৰিয়ালৰ মাজত বান সাহাৰ্য্য বিতৰণৰ অভিযোগ তুলিলে ৰাইজে। প্ৰতিবাদকাৰী সকলে জনপ্ৰতিনিধ গো বেক, জিলা প্ৰশাসন হায় হায় আদি শ্লোগান দি শীঘ্ৰেই তেওলোকৰ মাজত বান সাহাৰ্য্য যোগান ধৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক মাণিকপুৰৰ পৰা মফিদুল ইছলাম

জন্মদিনত এচিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ ঘোষণা ….

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় : জন্মদিনত এচিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানিৰ ঘোষণা।স্বাস্থ্যসেৱা,শিক্ষা,দক্ষতা বিকাশৰ ক্ষেত্ৰত দান কৰিব ৬০,০০০ কোটি টকা।ভাৰতৰ জনগাঁথনিগত সুবিধাৰ সম্ভাৱনা ব্যৱহাৰ কৰিবলৈ,স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

এছিয়াৰ অন্যতম ধনী লোক গৌতম আদানি আৰু তেওঁৰ পৰিয়ালে স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত ৬০,০০০ কোটি টকা দান কৰাৰ প্ৰতিশ্ৰুতি দিছে।গৌতম আদানীয়ে টুইটাৰত এই ঘোষণা কৰিছিল।

গৌতম আদানিৰ পিতৃ আৰু গৌতম আদানিৰ ৬০ তম জন্মদিন শতবাৰ্ষিকী উপলক্ষে এই ঘোষণা কৰা হৈছে।পুঁজিটো আদানি ফাউণ্ডেচনৰ দ্বাৰা পৰিচালনা কৰা হ’ব।কোটিপতিজনে টুইটাৰত কয়,”আমাৰ দেউতাৰ ১০০ তম জন্মদিন আৰু মোৰ ৬০ তম জন্মদিনত,আদানি পৰিয়ালে সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱা, শিক্ষা আৰু দক্ষতা বিকাশৰ বাবে পৰোপকাৰৰ বাবে ৬০,০০০ কোটি টকা দান কৰি আনন্দিত হৈছে,বিশেষকৈ আমাৰ দেশৰ গ্ৰাম্য অঞ্চলত।”উল্লেখযোগ্য যে,এছিয়াৰ অন্যতম ধনী ব্যক্তি গৌতম আদানি এজন প্ৰথম প্ৰজন্মৰ উদ্যোগী।

তেওঁ এটা সৰু কৃষি-ব্যৱসায়িক প্ৰতিষ্ঠানক এক বিশাল ব্যৱসায়িক সাম্ৰাজ্যলৈ পৰিৱৰ্তন কৰিছিল।ফৰ্বছৰ ৰিয়েল টাইম বিলিয়নেয়াৰৰ তালিকা অনুসৰি, আদানিৰ মুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় ৯৫ বিলিয়ন ডলাৰ।

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস, ৫গৰাকী মহিলা আৰু এজন বাবাক আটক

গুৱাহাটী : অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস। মহিলাৰ ডিঙিৰ পৰা কাটাৰেৰে কাটি নিছে চেইন। আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।

অম্বুবাচী মেলাত বাবাৰূপী চোৰৰ সন্ত্ৰাস।মেলাত বহিঃৰাজ্যৰ চোৰৰ গেঙক কৰায়ত্ত।৫গৰাকী মহিলা আৰু এজন বাবাক আটক।ভক্তৰ পৰা চুৰি কৰিছিল সোণৰ চেইন,পইচা।পুৰুষৰ বেশত মহিলা চোৰৰ লুটপাত।সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন।

কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি।আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক।আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে,অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিলএগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত।চুৰি হৈছে মানীবেগ, টকাও।

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল,কোনকেইটা ৱেবছাইটত পাব ফলাফল?

গুৱাহাটী : 2৭ জুনত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। কোনকেইটা ৱেবছাইটত পাব ফলাফল?

২৭ জুনত ঘোষণা কৰা হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল।

২৭ জুনৰ পুৱা ৯ বজাত ঘোষণা কৰা হ’ব ফলাফল।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে সদৰি কৰে এই কথা।

উল্লেখযোগ্য যে, সকলো পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা মুখ্যমন্ত্ৰীৰ।এইকেইটা ৱেবছাইটত চাব পাৰিব ফলাফল-

sebaonline.org

resultsassam.nic.in

results.shiksha

assamresult.in

assamresult.co.in