Home Blog Page 2317

তিনি দিনৰ মূৰত তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ ।তিনি দিনৰ মূৰত আজি পানী জুৱলিত ভাঁহি উঠে মৃতদেহটো। তামুলপুৰৰ বান পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে ১৭ জুন তাৰিখৰ সন্ধিয়াৰ ভাগত তামুলপুৰ জিলা সদৰৰ কচুবাৰীৰ সৌৰাগুৰীত এগৰাকী মেধাবী ছাত্ৰ পানীত পৰি অদ্যাপি সন্ধানহীন হৈ আছিল ।

জানিব পৰা মতে তামুলপুৰৰ ভকতপাৰা গাঁও নিবাসী দিলীপ দে’ৰ জ্যেষ্ঠ পুত্ৰ তথা মেধাবী ছাত্ৰ দেৱজিত দে’ ই আন দুজন বন্ধুৰ লগত এখন স্কুটীৰে তামুলপুৰৰ বানগুৰিৰ পৰা তামুলপুৰ অভিমুখে আহি আছিল। স্কুটীখনে কচুবাৰী তামুলপুৰ সংযোগী পথৰ সৌৰাগুৰি পথৰ কেঁকুৰী এটাত নিয়ন্ত্ৰণ হেৰুৱাই এটা বিদ্যুৎৰ খুটাত খুন্দা মাৰি পথৰ কালভাৰ্ট এটাৰ তলত পৰি যায়।

তিনিও গৰাকী কিশোৰক পানীৰ প্ৰবল সোঁতে উটুৱাই লৈ যায়। পিছত স্থানীয় লোকে দুজন কিশোৰ ছাত্ৰক উদ্ধাৰ কৰে যদিও দেৱজিত দে’ সন্ধানহীন হৈ আছিল।আজি ৰাতিপুৱা পথচাৰি কেইজনমানে এটি মৃত দেহ দেখি তামুলপুৰ আৰক্ষীক খবৰ দিয়ে।আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি দেৱজিত দে’ৰ মৃত দেহ বুলি জানিবলৈ দিয়ে।

বাৰিষা বতৰত ছালৰ যতন লওক এইদৰে …

 বৰষুণৰ পানীত বেছি সময়লৈ নাথাকিব, নহ’লে ভৰিৰ আঙুলিৰ চেপাত ঘা হ’ব পাৰে ।

২) ঘৰ পোৱাৰ পিছতে হাত-ভৰি চাবোনেৰে ধুই শুকুৱাই ল’ব । ৩) আপুনি যদি চাকৰিয়াল, তেন্তে অফিচত কাপোৰ এযোৰ অৱশ্যেই ৰাখিব যাতে তিতিলে সলাব পাৰে ।

৪) বৰষুনৰ দিনত ৰাস্তা-ঘাট বোকা-পানীৰে ভৰি পৰে । পিছলো হয় । গতিকে ভৰি দুখন ঢাক খাই থকা ৰেইন প্ৰুফ জোতা-চেণ্ডেল পিন্ধিব ।

৫) কপাহী আৰু ছিন্থেটিক কাপোৰ নিৰ্বাচন কৰিব ।

৬) বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰা নিজক বচাবলৈ বেছি পৰলৈ তিতা কাপোৰ পিন্ধি নাথাকিব ।

আজি বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা হয় পিতৃ দিৱস….

পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃসকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়।

কিন্তু এই পিতৃ দিৱসে এজন পিতৃৰ প্ৰতি থকা  সন্তানৰ মৰম প্ৰকাশ কৰিবলৈ এক সুযোগ প্ৰদান কৰে ।প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ আৰম্ভণিৰে পৰা পিতৃয়ে এক নেপথ্য ভূমিকা পালন কৰে। সন্তানৰ অসুখত যিদৰে এগৰাকী মাতৃয়ে উৰে ৰাতি সাৰে থাকি চকুলো তুকে সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত এগৰাকী পিতৃয়েও বহু নিদ্ৰাহীন নিশা কটাই। মাতৃৰ  মৰম আৰু স্নেহ পোহৰৰ দৰে স্পষ্ট কিন্ত পিতৃ মৰম আকাশৰ দৰে গভীৰ আৰু বিশাল য’ত লীন হৈ থাকে বহু অকথ্য আশা,আকাংক্ষা,হেঁপাহ,আশা,প্ৰত্যাশা অথচ মৌন হৈ থাকে তেঁও!

জীৱনৰ আটাইতকৈ কঠিন পৰিস্থিতিবোৰতো ভাঙি পৰিব নিদি সদায় যুজিবলৈ সাহস দিয়া মানুহজন পিতৃ । উইলিয়াম জেকচন স্মাৰ্ট আৰু এলেন ভিক্টোৰিয়া চিক স্মাৰ্টৰ কন্যা আমেৰিকাৰ বাসিন্দা ছ’নোৰা স্মাৰ্ট ডডে ১৬ বছৰ বয়সত মাতৃক হেৰুৱাইছিল।ডডৰ মাত্ৰ ১৬ বছৰ আছিল যেতিয়া তেওঁৰ মাতৃৰ ৪৭ বছৰ বয়সত মৃত্যু হৈছিল, তেওঁৰ ষষ্ঠ সন্তানৰ জন্মৰ সময়ত।

 স্পকেন মিনিষ্ট্ৰিয়েল এলায়েন্সৰ সৈতে যোগাযোগ কৰি তেওঁলোকৰ পিতৃৰ জন্মদিন ৫ জুনক পিতৃ দিৱস হিচাপে স্বীকৃতি দিবলৈ অনুৰোধ জনায়। পিতৃসকলৰ বাবে এটা বিশেষ দিন উচৰ্গা কৰাৰ ধাৰণাটো মিত্ৰজোঁটে মানি লৈছিল যদিও পিতৃ দিৱস উদযাপনৰ বাবে জুন মাহৰ তৃতীয় দেওবাৰটো বাছি লৈছিল।

২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ নৱতম অভিযান।চন্দ্ৰত ভাড়াত ল’ব পৰাকৈ উপলব্ধ হ’ব এখন বিশেষ বাহন….

২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ নৱতম অভিযান।চন্দ্ৰত ভাড়াত ল’ব পৰাকৈ উপলব্ধ হ’ব এখন বিশেষ বাহন।২০২৫ চনৰ পৰা আৰম্ভ হ’ব মানুহক চন্দ্ৰলৈ লৈ যোৱাৰ এই নৱতম অভিযান।এই অভিযানৰ পূৰ্বে এখন বিশেষ বাহন যিখন বাহন মহাকাশচাৰীসকলে চন্দ্ৰত ভাড়াত ল’ব পৰাকৈ উপলব্ধ হ’ব।জেনেৰেল মটৰ্চ আৰু লকহিড মাৰ্টিনে যোৱা বছৰ ঘোষণা কৰিছিল যে তেওঁলোকে এটা নতুন চন্দ্ৰ ৰভাৰত কাম কৰিবলৈ একত্ৰিত হৈছে যিয়ে মহাকাশচাৰী আৰু তেওঁলোকৰ গিয়াৰ চন্দ্ৰলৈ কঢ়িয়াই নিব।এতিয়া, দুয়োটা কোম্পানীয়ে কৈছে যে তেওঁলোকে চন্দ্ৰৰ বাবে ভাড়াৰ গাড়ী বনাব বিচাৰিছে।

দুয়োটা কোম্পানীয়ে একবিংশ শতিকাৰ প্ৰথম মানৱচালিত চন্দ্ৰ অভিযানৰ আগতে লুনাৰ মোবিলিটি ভেহিকেলসমূহ সাজু কৰিব বুলি আশা কৰিছে, যিবোৰ বৰ্তমান ২০২৫ চনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।আউটলেট অনুসৰি, বাহনবোৰ স্বায়ত্তশাসিত ড্ৰাইভিং ক্ষমতা আৰু প্লেটফৰ্মৰ সৈতে ডিজাইন কৰা হৈছে যি মানুহ কঢ়িয়াই নিব পাৰে বা চন্দ্ৰপৃষ্ঠৰ চাৰিওফালে গিয়াৰ কঢ়িয়াব পাৰে।

ফক্স বিজনেছৰ সৈতে কথা পাতি এজন জিএম মুখপাত্ৰই কয় যে, ধাৰণাটো হৈছে যে বাহনসমূহ অভিযানৰ আগতে চন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ব, তাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ বা আন ৰাষ্ট্ৰসমূহৰ পৰা চন্দ্ৰ ভ্ৰমণ কৰা যিকোনো চৰকাৰৰ নেতৃত্বত অভিযানৰ বাবে লীজৰ বাবে উপলব্ধ কৰা হ’ব।লুনাৰ মোবিলিটি বাহনবোৰ সৌৰ শক্তি ব্যৱহাৰ কৰি ৰিচাৰ্জ কৰা হ’ব আৰু সহজ তত্বাৱধানৰ সৈতে প্ৰস্তুত কৰা হৈছে।

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷

বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহামায়া মন্দিৰৰ সমীপত থকা পুখুৰীত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ ।

উল্লেখ্য যে নিচেই পুৱাতে বগৰীবাৰী আৰক্ষী খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈ মৃত দেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে। উল্লেখ্য যে সুঠাম দেহৰ যুৱক কেনেকৈ আৰু কি কাৰণত পুখুৰীত পৰি মৃত্যু বৰণ কৰিলে সেয়া সমগ্ৰ বগৰীবাৰী অঞ্চলত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

বগৰীবাৰী আৰক্ষী থানাৰ এছ আই ৰমেশ চন্দ্ৰ ৰায় আৰু দণ্ডাধীশে মৃত দেহ সম্পৰ্কে মন্তব্য আগবঢ়ায় ।

গৰমত কিমান পৰিমাণৰ পানী খাব লাগে…

গ্ৰীষ্ম আহি আমাৰ হাড় কপোৱা ঠাণ্ডাৰ অন্ত পেলালে। শীতৰ ধূলিৰ ধূসৰিত দিনবোৰৰ অন্ত পেলাই লৈ আহিল বৰষাৰ বতৰা। গৰম পৰাৰ লগে লগে আৰম্ভ হয় প্ৰখৰ ৰ’দৰ প্ৰকোপ। এই ৰ’দৰ প্ৰকোপত আমাৰ শৰীৰৰ পৰা ওলোৱা ঘামত নানান ফাংগাল ইনফেকচন হোৱা দেখা যায়। ইয়াৰ উপৰিও অলপতে ভাগৰি পৰা, পেটৰ অসুখ, মুখত নানান ধৰণৰ ফোঁহা, গুটি, ফুড পয়জনিং আদি বিভিন্ন সমস্যাই আমাক বিব্ৰত কৰি তোলে।

সেয়ে এই গৰমত সুস্থ থকাৰ বাবে প্ৰাথমিক কিছুমান প্ৰস্তুতি ল’ব লাগে। ঘৰতেই হওক বা বাহিৰতেই হওক, কেতিয়া কি খাদ্য খোৱাৰ প্ৰয়োজন, কি ধৰণৰ সাজ-পোছাক পিন্ধিলে গোটেই দিনটো আৰামত থাকিব পৰা যায়, গোটেই দিনটোৰ ভিতৰত কিমান সময় ব্যায়াম কৰিলে, কি খাদ্য খালে সু-স্বাস্থ্যৰ অধিকাৰী হ’ব পাৰি, কি সাজ-পাৰৰ লগত কি ধৰণৰ মেক-আপ কৰিলে দেখাতো ধুনীয়া হ’ব পাৰি আৰু আৰামো পোৱা যায় ইত্যাদি কথা জানি থ’লে আৰু সতৰ্কতা অৱলম্বন কৰিলে গৰমতো সুন্দৰ হৈ থাকিব পাৰিব।

পৰ্য্যাপ্ত পৰিমাণে পানী খাব

গৰমৰ দিনত দিনে অন্তত: ২ লিটাৰ পানী খাব লাগে। বাটাৰ মিল্ক, নেমুৰ চৰবত, ডাবৰ পানী,দৈ এইবিলাকৰ ভিতৰত যিকোনো এবিধ বস্তু খালেই ডিহাইড্ৰেছনৰ পৰা মুক্তি পাব। গৰমৰ সময়ত ঘামৰ যোগেদি শৰীৰৰ পানী কমি যায়, সেই কাৰণে শৰীৰৰ তৰল পদাৰ্থ ঠিক ৰাখিবৰ কাৰণে যথেষ্ট পানী খাব লাগে।

ফল খাব

তৰমুজ, ডাবৰ পানী, তিয়ঁহ, জামু আদি গ্ৰীষ্মত হোৱা ফল দিনে অন্তত: এটা খাব পাৰিলেও ভাল। ইয়াৰ উপৰিও এই ফলবিলাকত ভিটামিন চি, জিংক, এন্টি অক্সিডেন্ট থাকে। ৰসাল ফলবিলাকে শৰীৰত পানীৰ পৰিমাণ বঢ়োৱাত সহায় কৰে।

পাতল আহাৰ খাব

গৰম দিনত বেছি মছলাযুক্ত আহাৰ খোৱাৰ পৰিৱৰ্তে ফ্ৰেচ আৰু কম প্ৰ’টিনযুক্ত আহাৰ খাব লাগে, যাতে সহজেই হজম হৈ যায়। বিলাহীয়ে শৰীৰ ঠাণ্ডা ৰাখে, সেয়ে এই বিলাহী চালাড কৰি, মাছ বা মাংসৰ লগত বনায়ো খাব পাৰে। ভিটামিন এ ভিটামিন চি ৰে সমৃদ্ধ বিলাহী সদায়েই খাব লাগে। গৰমৰ দিনত বেছিকৈ খাবলৈ মন নাযায়, সেয়ে কেইবাবাৰো কম কমকৈ দিনটোত খাব লাগে। ফ্ৰীজত বেছিদিন বস্তু থৈ নাখাব। মাখন পাৰিলে গৰমত খাব নালাগে, কিয়নো ই সহজে হজম নহয় আৰু পেট গধুৰ লাগি থাকি অস্বস্তি ভাব এটা সকলো সময়তে থাকি যায়। হোটেল বা ৰেষ্টুৰেন্টত খোৱাতকৈ ঘৰতে ৰন্ধা আহাৰ খাব লাগে।https://googleads.g.doubleclick.net/pagead/ads?client=ca-pub-3849602904132757&output=html&h=280&slotname=7382227110&adk=1303787841&adf=2432654381&pi=t.ma~as.7382227110&w=813&fwrn=4&fwrnh=100&lmt=1655554630&rafmt=1&psa=1&format=813×280&url=https%3A%2F%2Fwww.dainandinbartagroup.in%2Fhow-to-keep-yourself-well-in-the-heat%2F&fwr=0&fwrattr=true&rpe=1&resp_fmts=3&wgl=1&uach=WyJXaW5kb3dzIiwiMC4xLjAiLCJ4ODYiLCIiLCIxMDIuMC41MDA1LjExNSIsW10sbnVsbCxudWxsLCI2NCIsW1siIE5vdCBBO0JyYW5kIiwiOTkuMC4wLjAiXSxbIkNocm9taXVtIiwiMTAyLjAuNTAwNS4xMTUiXSxbIkdvb2dsZSBDaHJvbWUiLCIxMDIuMC41MDA1LjExNSJdXSxmYWxzZV0.&dt=1655554630021&bpp=1&bdt=244&idt=390&shv=r20220615&mjsv=m202206140101&ptt=9&saldr=aa&abxe=1&cookie=ID%3Dd10a83be34d38f9c-227ddbc161d20047%3AT%3D1650619600%3ART%3D1650619600%3AS%3DALNI_Mady8SPQDFiM341rZmjuhfwh-m2FQ&gpic=UID%3D0000050cc27f9966%3AT%3D1651049944%3ART%3D1655548279%3AS%3DALNI_MbhkQu4xtzmIvMqCNWJ7ucuWk6sWQ&prev_fmts=0x0%2C298x600%2C160x600%2C298x600%2C160x600%2C813x280&nras=1&correlator=557829225862&frm=20&pv=1&ga_vid=866329519.1650619594&ga_sid=1655554630&ga_hid=1775423004&ga_fc=1&u_tz=330&u_his=3&u_h=768&u_w=1366&u_ah=728&u_aw=1366&u_cd=24&u_sd=0.9&dmc=4&adx=149&ady=1726&biw=1498&bih=631&scr_x=0&scr_y=0&eid=44759875%2C44759926%2C44759837%2C42531557%2C31064019%2C31062930&oid=2&pvsid=4441003218849870&tmod=526526359&uas=0&nvt=1&ref=https%3A%2F%2Fwww.dainandinbartagroup.in%2Fhealth%2F&eae=0&fc=1920&brdim=0%2C0%2C0%2C0%2C1366%2C0%2C1366%2C728%2C1517%2C631&vis=1&rsz=%7C%7CEebr%7C&abl=CS&pfx=0&cms=2&fu=128&bc=31&ifi=5&uci=a!5&btvi=3&fsb=1&xpc=RVBmRDfkSe&p=https%3A//www.dainandinbartagroup.in&dtd=395

পুৱাৰ জলপান নোখোৱাকৈ থাকিব নালাগে

গোটেই দিনটো ফ্ৰেচ আৰু ফিট হৈ থাকিবৰ বাবে পুৱাৰ জলপান কেতিয়াই নোখোৱাকৈ থাকিব নালাগে। ৰুটি, তৰকাৰী, চিৰা, দৈ, কল আদি খাব পাৰে। ব্ৰেকফাষ্ট সদায়ে সময়মতে কৰিলে শৰীৰত অতিৰিক্তভাৱে মেদ হোৱাটোত বাধা দিব পাৰে।

গৰমৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ কি কি খাব?

  • হনী ব্ৰেডত থকা জিংকে ৰ’দে পোৰা ছালৰ কোলাজেন পুনৰ্গঠন কৰাত সহায় কৰে, সেয়ে হনী ব্ৰেড খালে সুফল লাভ কৰিব। ভিটামিন এ বিটা কেৰাটিনসমৃদ্ধ গাজৰ খালে ছালৰ টিছুবিলাকৰ গঠন ভাল হয়। ভিটামিন বি আৰু চি ৰে পৰিপূৰ্ণ ফল নেমু, তৰমুজ আদি শুকান ছালৰ কাৰণে উপকাৰী।
  • টেঙা দৈ গৰমৰ কাৰণে বৰ উপকাৰী। টেঙা দৈত থকা কাৰ্বহাইড্ৰেট আমাৰ শৰীৰত শক্তিৰ সৰবৰাহ কৰে। প্ৰ’টিন আৰু জিংকে টিছুবিলাক গঠন কৰে। মেগনেছিয়াম আৰু কেলছিয়ামে মাংসপেশী ভাল কৰে। ইয়াৰ উপৰিও এই দৈত ভিটামিন বি কমপ্লেক্স যথেস্ত পৰিমাণে আছে।
  • ঠাণ্ডা গৰম হৈ থকা সময়টোত অলপতে পানী লগা, কাহ আদি হৈ থকা দেখা যায়। সেয়ে এই সময়ত চালাড, দৈ ভাত, ভিটামিন বি কমপ্লেক্স আৰু ভিটামিন চি ৰে পৰিপূৰ্ণ আহাৰ খালে চৰ্দি, গৰমৰ পৰা ৰক্ষা পাব পাৰি।

পেটৰ সমস্যা দূৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় আহাৰ

  • গৰমত ডায়েৰিয়া, ফুড পয়জনিং বদহজম, কলেৰা আদি বেমাৰ প্ৰায়ভাগ লোকৰে হোৱা দেখা যায়। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি অলপমান সাৱধানে চলিলেই হয়। খোৱা পানীখিনি উতলাই ঠাণ্ডা কৰি খাব পাৰিলে ভাল। ৰন্ধা-বঢ়াৰ ক্ষেত্ৰত পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে। শাক-পাচলি ৰন্ধাৰ আগতে ভালকৈ ধুই ল’ব।
  • ফল খোৱাৰ আগতে নিমখ পানীত ভালদৰে ধুই ল’ব। ফল কাটি বেছি সময় থৈ দিব নালাগে। গোটাকৈ ফল খাব পাৰিলে ভাল।
  • ঘৰৰ বাহিৰত নোখোৱাকৈ থাকিব পাৰিলে ভাল। যদি অগত্যা খাবই লাগে তেতিয়া নিৰামিষ খাব। মাছ, মাংস পাৰিলে নোখোৱাই ভাল। ৰেষ্টোৰাত বৰফ দিয়া পানী কম খাব লাগে, কিয়নো কোনো কোনো ঠাইত কমাৰ্চিয়েল আইচ ব্যৱহাৰ কৰে যি শৰীৰৰ বাবে ক্ষতিকাৰক। সেয়ে খাবলৈ মন গ’লে বৰফ ঘৰতে বনাই খাব পাৰে।
  • অতিৰিক্ত ক’লড ড্ৰিংকছ খালে পেটৰ সমস্যা হোৱা দেখা যায়, কিয়নো ক’লড ড্ৰিংকছ বেছিকৈ খালে হজমৰ অসুবিধা হয় আৰু তেজত অক্সিজেনৰ পৰিমাণ কমি যায়।
  • আম আৰু কঁঠাল খাব লাগে, কিন্তু অতিৰিক্ত খালে বদহজম হোৱা দেখা যায়, সেয়ে এইবিলাক ফল কম পৰিমাণে খালে ভাল।
  • ৰ’দৰ পৰা ঘৰলৈ আহিয়েই ঠাণ্ডা পানী নাখাব।
  • একেখিনি তেলতে বাৰে বাৰে ৰান্ধি খাব নালাগে। হজমৰ সমস্যা হ’ব পাৰে।
  • খালী পেটে বাহিৰলৈ যাব নালাগে। ৰ’দৰ তাপত ছান ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে।
  • গৰমত আজৰি সময়ত বহি লৈ কিবা খাই থকা অভ্যাস কৰাটো বেয়া।

পলাশবাৰী সমষ্টিত ‘আম আদমী পাৰ্টী’ৰ বিশাল যোগদান সভা

দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন” আম আদমী পাৰ্টী”ৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শনিবাৰে পলাশবাৰী সমষ্টিৰ যুৱ নেতা বিদ্যুৎ কলিতাই প্ৰায় সহস্ৰাধিক সমৰ্থকক লগত লৈ ৰাজনৈতিক দলটিত যোগদান কৰে।পলাশবাৰী সমষ্টিৰ যুৱ নেতা কলিতা পূৰ্বে “একত্ৰিত যুৱ পৰিষদ” অসমৰ কেন্দ্ৰীয় সভাপতি আছিল।শনিবাৰে দলটিত যোগদান কৰি কলিতা কিছু আৱেগিক হৈ পৰে আৰু ভাষণ প্ৰসংগত তেওঁ কয় যে আম আদমী পাৰ্টী দুখীয়া জনসাধাৰণৰ দল। নামেই তাৰ পৰিচয় আম মানে গৰীৱ আদমী মানে মানুহ আৰু পাৰ্টী মানে দল।উপস্থিত ৰাইজক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে কলিতাই।আনহাতে পূৰ্বতে যোগদান কৰিবৰ বাবে ঠিৰাংকৰা পলাশবাৰী উপৰহালী স্হিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত পলাশবাৰী প্ৰশাসনে সোমাবলৈ বাধা আৰোপ কৰাত পিছত মিৰ্জাস্হিত ৰাধাকৃষ্ণণ ল’জত

খৰতকীয়া কৈ অনুষ্ঠানটি আয়োজন কৰে।ইয়াকৈ লৈ পলাশবাৰী সমষ্টিৰ ৰাইজৰ মাজত কিছু কৌতুলৰ সৃষ্টি হয়।

  • যোগদান অনুষ্ঠানত উপস্থিত আছিল ডা: ভবেন চৌধুৰী ৰাজ্যিক সমন্বয়ক, মানস শৰ্মা দক্ষিণ কামৰূপ সাংগঠনিক সম্পাদক, অনুৰূপা ডেকা ৰজা মুখপাত্ৰ আম আদমী পাৰ্টী, হিতেশ কলিতা ব্যৱস্থাপক পলাশবাৰী পৌৰ নিগম। শুক্লেশ্বৰ দাস আহ্বায়ক পলাশবাৰী সমষ্টি আৰু পংকজ লস্কৰ ৰাজ্যিক কাৰ্যালয় নিৰীক্ষক আদি ব্যক্তিৰ লগতে বহু সংখ্যক আপ সমৰ্থনকাৰী লোক।

বিটিআৰত নতুন চৰকাৰ গঠন হোৱাৰ দুবছৰৰ অন্তত বাসুগাঁও পৌৰসভাৰ নবনিৰ্বাচিত পৰিচালনা সমিতিৰ শপত গ্ৰহণ। নৱগঠিত কমিটিৰ সভাপতিৰ বিপক্ষে স্বেৱাহী সংগঠন সোসাইটিৰ অৱস্থান ধৰ্ণা কাৰ্যসূচী

বিটিআৰত নতুন চৰকাৰ গঠন হোৱাৰ দুবছৰৰ অন্তত নবনিৰ্বাচিত ১৩ জনীয়া সদস্যৰে বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতিয়ে বাসুগাওঁ পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা চিদলী চক্ৰ বিষয়া অমিত ৰঞ্জন বৰ্মনৰ উপস্থিতিত শপত গ্ৰহণ কৰে। ইয়াক কেন্দ্ৰ কৰি নবনিৰ্বাচিত এই সমিতিৰ বিৰুদ্ধে সেৱাই সংগঠন নামৰ এটি সংস্থাই ৰাতিপুৱাৰে পৰা পৌৰসভাৰ প্ৰৱেশ দ্বাৰত অৱস্থান ধৰ্ণা কাৰ্যসূচীৰ যোগেদি তীব্ৰ বিৰোধিতা কৰে যদিও সষ্ঠম প্ৰশাসনৰ উপস্থিতিত ধৰ্ণা কাৰ্যসূচী ত্যাগ কৰিবলৈ বাধ্য হয়। উল্লেখযোগ্য যে যোৱা দুবছৰ ধৰি বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতি নথকাত স্হানীয় ৰাইজে সদায়েই বিভিন্ন কৰ্মৰাজীৰ ক্ষেত্ৰত হাৰাশাস্তি পাব লগীয়া হোৱাত ইয়াৰ পূৰ্বেও একাধিক বাৰ বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে যদিও আজি অৱশেষত এই শপত গ্ৰহণ কাৰ্যসূচী সম্পূৰ্ণ হোৱাত স্থানীয় ৰাইজে এতিয়াৰে পৰা কিছু পৰিমাণে হ’লেও সকাহ পোৱা যাব বুলি মত প্ৰকাশ কৰে।

উল্লেখ্য যে দুবছৰ উকলি যোৱাৰ পিছতো বাসুগাওঁ পৌৰসভাৰ পৰিচালনা সমিতি ইমান দিনে গঠন নোহোৱাত অঞ্চলটোৰ সকলোবোৰ গঠনমূলক কাম স্থগিত হৈ থকাত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈ আহিছিল। উল্লেখ্য যে সভাপতি হিচাপে বাসুগাওঁ সুভাষ নগৰ নিবাসী সাধন মন্ডল আৰু উপ সভাপতি হিচাপে মখম বসুমতাৰীৰ সৈতে এক নম্বৰ ওৱাৰ্ড পৰা ভাস্কৰ মন্ডল আৰু দীপাংকৰ দে, ২ নম্বৰ ওৱাৰ্ডৰ পৰা সুৰজীৎ দে, ৰূপক দাস আৰু হিতেশ ৰায়,৩ নম্বৰ ওৱাৰ্ডৰ পৰা অজয় বসুমতাৰী, উত্তম চৌধুৰী আৰু ৰীতা তালুকদাৰ আৰু ৪ নম্বৰ ওৱাৰ্ডৰ পৰা সঞ্জয় চন্দ।

শচীন তেণ্ডুলকাৰে পুৰণি ছবি শ্বেয়াৰ কৰাৰ পিছত চাৰা তেণ্ডুলকাৰ আৱেগিক হৈ পৰে…

শচীনৰ দুয়োটা সন্তানে এতিয়া তেওঁলোকৰ নিজ নিজ বৃত্তিত দ্ৰুত গতিত আগবাঢ়িছে। যেতিয়া অৰ্জুন ক্ৰিকেট জগতত নিজৰ বাবে স্থান নিৰ্মাণত ব্যস্ত, চাৰাই অলপতে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছে।ভাৰতীয় বেটিং কিংবদন্তী শচীন তেণ্ডুলকাৰ এজন আৱেগিক পিতৃ আৰু শুক্ৰবাৰে (১৭ জুন) যেতিয়া তেওঁ কন্যা চাৰা তেণ্ডুলকাৰৰ সৈতে তেওঁৰ এখন ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল তেতিয়া আৱেগবোৰ ওলাই আহিছিল। ফটোখনত তাইৰ দেউতাকৰ বাহুত সৰু চাৰা আছে। ফটোখন চাৰাৰ ৪ বা ৫ বছৰ বয়সৰ পৰা দেখা গৈছে আৰু তাইৰ জন্মদিনৰ এটা উদযাপনৰ সময়ত ফটো তোলা যেন লাগিছে। শচীন তেওঁৰ দুয়োটা সন্তানৰ ঘনিষ্ঠ: চাৰা আৰু অৰ্জুন তেণ্ডুলকাৰ। পাহৰিব নোৱাৰি, শচীনে ভাৰতৰ হৈ খেলি থাকোতে ঘৰত বহু বছৰ বাদ দিছে আৰু তেওঁৰ ল’ৰা-ছোৱালীবোৰ ডাঙৰ হৈ থকা সময়খিনি হেৰুৱাইছে। তেওঁ এতিয়া হেৰুওৱা সময়খিনি তেওঁৰ ল’ৰা ছোৱালীৰ সৈতে যিমান সম্ভৱ সিমান সময় কটাবলৈ প্ৰস্তুত কৰে। চাৰাৰ প্ৰতিক্ৰিয়াবোৰো চাওক। কেৱল তাইনহয়, শচীনৰ ভাল বন্ধু, ভাৰতৰ প্ৰাক্তন অধিনায়ক আৰু বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়েও ফটোখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছিল: ‘অসামান্য ছবি শচীন’। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ সুৰেশ ৰাইনাই মন্তব্য শাখাত হৃদয় আৰু সন্মানৰ ইমোজি দি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল।


শচীনৰ দুয়োটা সন্তানে এতিয়া তেওঁলোকৰ নিজ নিজ বৃত্তিত দ্ৰুত গতিত আগবাঢ়িছে। যেতিয়া অৰ্জুন ক্ৰিকেট জগতত নিজৰ বাবে স্থান নিৰ্মাণত ব্যস্ত, চাৰাই অলপতে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছে। তেওঁ অলপতে এক উচ্চ-স্তৰৰ কাপোৰৰ ব্ৰেণ্ডৰ সৈতে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল। ছাৰাই অভিনেত্ৰী বনিতা সান্ধু আৰু আহান চেট্টীৰ উৰাবাতৰি প্ৰেমিকা তানিয়া শ্ৰফৰ সৈতে মডেলিংত আত্মপ্ৰকাশ কৰিছিল। তাইৰ শিক্ষাৰ বিৱৰণৰ বিষয়ে, চাৰাই মুম্বাইৰ ধীৰুভাই আম্বানী আন্তঃৰাষ্ট্ৰীয় বিদ্যালয়লৈ গৈছিল আৰু তাৰ পিছত এখন বিশ্ববিদ্যালয় মহাবিদ্যালয়ত ঔষধ পঢ়িবলৈ লণ্ডনলৈ গৈছিল।

কৃত্রিম বানৰ কবলত পৰা গুৱাহাটীৰ ৰাইজৰ কাষত ‘এৰিডা’

গুৱাহাটী মহানগৰীত কৃত্রিম বানৰ কবলত পৰা লোকসকলৰ মাজত আহাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে এৰিডাই। আজিৰে পৰা এৰিডাই ভ্ৰাম্যমাণ গৰম আহাৰ বিতৰণৰ ব্যৱস্থা কৰিছে। আজি বৰ্ষাপাৰকে ধৰি কৃত্রিম বানৰ কবলত পৰা কেইবাটাও অঞ্চলৰ ৰাইজৰ মাজত আহাৰ বিতৰণ কৰে এৰিডাই।ৰাজধানী চহৰ গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যত এতিয়া প্ৰাকৃতিক দুৰ্যোগে প্ৰলয়ৰ সৃষ্টি কৰিছে। এই দুৰ্যোগৰ সময়ত আৰ্তজনক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেল’পাৰ এছ’চিয়েশ্যন চমুকৈ ‘এৰিডা’। বিশেষকৈ গুৱাহাটী মহানগৰীত কৃত্রিম বানৰ কবলত পৰা লোকসকলৰ মাজত আহাৰ প্ৰদানৰ ব্যৱস্থা কৰিছে এৰিডাই। আজিৰে পৰা এৰিডাই ভ্ৰাম্যমাণ গৰম আহাৰ বিতৰণৰ ব্যৱস্থা কৰিছে। এৰিডাই সামাজিক দায়বদ্ধতাৰ অংশ স্বৰূপে গুৱাহাটীৰ বানপীড়িত লোকসকলৰ বাবে আজিৰ পৰা গৰম আহাৰ বিতৰণৰ ভ্ৰাম্যমান শিবিৰ আৰম্ভ কৰিছে। লায়ন্স ক্লাবৰ সহযোগত আয়োজন কৰা এই শিবিৰৰ বাবে ভ্ৰাম্যমাণ খাদ্য প্ৰস্তুত কৰাৰ বাহন প্ৰদান কৰিছে লায়ন্স ক্লাবে। এই সন্দৰ্ভত এৰিডাৰ সভাপতি পি কে শৰ্মাই কয় যে আজিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামৰ সমীপত গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীসকলৰ মাজত খাদ্য বিতৰণেৰে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে। চাফাই কৰ্মীসকলে বিৰামহীনভাৱে প্ৰ‍ায়ে সময়ত আহাৰ গ্ৰহণ নকৰাকৈ গুৱাহাটীখনক পৰিষ্কাৰ কৰি ৰখাৰ বাবে নিয়োজিত হৈ থাকে। য‍াৰ বাবে আজিৰ এই কাৰ্যসূচী চাফাই কৰ্মীসকলৰ যোগেদি আৰম্ভ কৰা হৈছে।

এই পদক্ষেপ অনাগত দিনবোৰত অব্যাহত থাকিব বুলি উল্লেখ কৰি শৰ্মাই কয় যে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত বানপানী অঞ্চলসমূহ এই কাৰ্যসূচীৰ দ্বাৰা সামৰি লোৱা হ’ব। আজি বৰ্ষাপাৰকে ধৰি কৃত্রিম বানৰ কবলত পৰা কেইবাটাও অঞ্চলৰ ৰাইজৰ মাজত আহাৰ দিয়া হয়। এৰিডাৰ এই কাৰ্যসূচীত পৌৰ নিগমৰ ২৩ নং ৱাৰ্ডৰ পাৰিষদ মঞ্জিতা দৈমাৰীয়ে অংশ গ্ৰহণ কৰে। তেওঁ এৰিডাৰ এই কাৰ্যসূচীক ভূয়সী প্ৰশংসা কৰে।