Home Blog Page 2316

দুৰ্ঘটনাত পতিত হয় নগাঁও জিলাৰ চামগুৰিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহন

আজি গুৱাহাটীৰ পৰা বোকাখাত অভিমুখী যাত্ৰাৰ সময়ত নগাঁও জিলাৰ চামগুৰিত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ নিৰাপত্তাৰক্ষীৰ বাহন এখন এক অনাকাংক্ষিত দুৰ্ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়।

এই দুৰ্ঘটনাত আহত আটাইকেইজনৰে তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে স্থানীয় যুৱক মনিকণ দাসৰ মৃত্যু হয়। তেওঁৰ পৰিয়ালৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰা মন্ত্ৰী অতুল বৰাই।

লগতে বাহনখনৰ চালকগৰাকীকে ধৰি আঘাতপ্ৰাপ্ত আন তিনিওগৰাকী আৰক্ষী জোৱান সম্প্ৰতি চিকিৎসাধীন হৈ আছে। তেওঁলোক আটাইৰে আশু আৰোগ্য কামনা কৰিলে মন্ত্ৰী অতুল বৰাই।

চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ আত্মহত্যা

চেলেংহাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন দিহিঙ্গীয়াৰ আত্মহত্যা । চাৰ্ভিচ পিষ্টলে নিজ মূৰত গুলি কৰি আত্মহত্যা।
জানিব পৰা নাই এতিয়া লৈকে মৃত্যুৰ কাৰণ ।

উচ্চ পদস্ত আৰক্ষী বিষয়া আহি তদন্ত আৰম্ভ ।অঞ্চল জুৰি ভীষণ চাঞ্চল্য । আৰক্ষী চকীৰ কাষত থকা নিজ কোৱাটাৰত আত্মহত্যা । দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে জিৰণি লবলৈ আহিছিল ৰুমলৈ ।

আপুনি চাব জানেনে গেছ ছিলিণ্ডাৰৰ ম্যাদ…

খালী ছিলিণ্ডাৰটো জমা দি গেছ ভৰ্তি ছিলিণ্ডাৰটো যেতিয়া আনিবগৈ-মন কৰিব লগা দৰকাৰী কথাটো।এই যে ছিলিণ্ডাৰ দুটা-দুহাতেৰে ধৰি দাঙিব পৰা ৰিং বা খাৰু ডালৰ তলতে ক’লা ৰঙত বগা ৰঙেৰে লিখি থোৱা A-21 বা A-25 আখৰ আৰু সংখ্যা কেইটাও দেখিছে,সিহঁতে বাৰু আমালৈ কিহৰ ইংগিত দি থাকে?

জানিব-সেয়া কোনো এটা ছিলিণ্ডাৰৰ ব্যৱহাৰৰ উপযোগী হৈ থকাৰ ম্যাদৰ সংকেত।এতিয়া আহিছোঁ-A-21 বা A-25 য়ে যি যি বুজাইছে তালৈ।বৰ্তমানৰ চনটো কিমান?2020 চন।ধৰক-আপুনি যদি ছিলিণ্ডাৰটো আনিবলৈ যাওঁতে A-21লিখি থোৱা দেখে,তাৰমানে অৰ্থটো বুজি ল’ব যে-সেই ছিলিণ্ডাৰটো 2021চনলৈকে ম্যাদ আছে।আকৌ ৰ’ব!এই যে লগত থকা”A”আখৰটো,সিনো বাৰু আকৌ কি অৰ্থ বুজাবগৈ?জানিব সি সেই চনটোৰে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে চুড়ান্ত সীমাটো নিৰ্ধাৰণ কৰি দিছে।তাৰপিছতো যদি সেই ছিলিণ্ডাৰটোক ব্যৱহাৰ কৰি থাকেগৈ,তেন্তে সি হয়তো অঘটন অৰ্থাৎ বিস্ফোৰণো ঘটাবগৈ পাৰে।

আকৌ ধৰক-যদি A-25 বুলি লিখা ছিলিণ্ডাৰটোহে পালেগৈ,সেইটোক জানিব-তাৰ ব্যৱহাৰৰ চুড়ান্ত ম্যাদটো 2025 চনৰ জানুৱাৰীৰ পৰা গৈ মাৰ্চ মাহতে শেষ হ’ব‌ই।একমিনিট-ইয়াতে এটা প্ৰশ্ন হয়।সি হ’ল-সকলোবোৰ ছিলিণ্ডাৰতে বাৰু A-21,A-25 বুলিয়েই লিখা থাকিব নে?উত্তৰত জানিব–নেথাকে।অৰ্থাৎ B-22,C-26,D-28 বা A-29 কিম্বা C-30 এনেকৈও লিখা থাকিব পাৰে।এতিয়া আহক A B C D এই আখৰ চাৰিটাইনো ইয়াত কি কি অৰ্থ বহন কৰিবগৈ সেই প্ৰসংগলৈ।জানিব A আখৰটোৱে জানুৱাৰী,ফেব্ৰুৱাৰী আৰু মাৰ্চৰ নব্বৈ দিনক বুজাইছে।B আখৰটোৱে এপ্ৰিল,মে আৰু জুনৰ দিন কেইটাক বুজাইছে।C আখৰটোৱে বুজাইছে জুলাই,আগষ্ট,চেপ্তেম্বৰৰ দিনকেইটাক।তেনেকৈ D আখৰটোৱেও বুজাইছে অক্টোবৰ,নবেম্বৰ আৰু ডিচেম্বৰৰ দিনকেইটাক।এতিয়া আপুনি যদি গেছ ভৰ্তি ছিলিণ্ডাৰটো ল’ব ধৰোঁতেই তাত C-28 বুলি লিখি থোৱা দেখে,তেনেহ’লে জানিব সেইটোৰ ব্যৱহাৰৰ উপযোগী ম্যাদ 2028 চনৰ জুলাই,আগষ্ট,চেপ্তেম্বৰলৈকে আছে।আকৌ যদিহে বোলে D-29 লিখা ছিলিণ্ডাৰটোহে পালেগৈ।তেতিয়া বুজি ল’ব সেইটোৰ ম্যাদ 2029 চনৰ অক্টোবৰ,নবেম্বৰ,ডিচেম্বৰলৈকে আছেই।প্ৰিয় বন্ধু–ছিলিণ্ডাৰ আনিবলৈ যাওঁতে সেয়েহে আপুনি নিজে নহয়তো আপোনাৰ দৰেই এই কথা কেইটা জনা লোককহে পঠোৱাটো উচিত।

অন্যথা কেতিয়াবা হয়তো ম্যাদ শেষ হ’ব ধৰা ছিলিণ্ডাৰো আপোনাৰ ঘৰ সোমাবহি পাৰে।অৱশ্যে কেৱল ম্যাদ ওকলি যাব লগা পুৰণি ছিলিণ্ডাৰহে যে বিস্ফোৰণ হ’ব পাৰে তেনে নহয়,বৰং ব্যৱহাৰত অসাৱধান কিম্বা তাৰতম্য হ’লে নতুন ছিলিণ্ডাৰো বিস্ফোৰণ ঘটিব পাৰে।দেখা গৈছে কাৰখানাত ছিলিণ্ডাৰবোৰ প্ৰস্তুত কৰোঁতে ছবিত দেখুওৱা ধৰণে লিখি দিয়াটো প্ৰমাণেই।কিন্তু সৰ্বসাধাৰণ গ্ৰাহক কিম্বা ব্যৱহাৰকাৰীয়ে যে তাক বুজিব পৰাকৈ সহায়ক হোৱাগৈ নাই-সেয়াও সত্য।এতেকে প্ৰস্তুতকাৰী আৰু ব্যৱহাৰকাৰী উভয় পক্ষ‌ই সাৱধানতা অৱলম্বন নকৰিলে হয়তো ভৱিষ্যত বিপদৰে আশংকা থাকি যায়।

বানত ডুব গ’ল সত্ৰনগৰী বৰপেটাৰ বহু অঞ্চল, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ চৌহদত বান

মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল বানৰ বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে।

বানত ডুব গ’ল সত্ৰনগৰী বৰপেটাৰ বহু অঞ্চল, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ চৌহদত বান

ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথে….

ক্ৰমাৎ জটিলতা ৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথ।খহি গৈছে দলংৰ এটা মূৰ।ৰক্ষা কৱছ গছজোপাও বাগৰি পৰিল।

ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী ভীমপৰা দলংৰ মূৰ যিকোনো মুহূৰ্ততে খহাই নিয়াৰ সম্ভাৱনাই দেখা দিছে।
কাৰণ দলংৰ এটা মূৰ বৰষুণৰ পানী আৰু খহনীয়াই পূৰ্বতকৈ অধিক তলৰফালে খহাই নিছে মাটি।কাষতে থকা গছজোপাৰ শিপাইহে দলংৰ মূৰটো ধৰি ৰাখিছিল যদিও আজি গছজোপাও বাগৰি পৰে।

ৰাইজে যাতে এইফালে যাওঁতে সাৱধানতা অৱলম্বন কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বাঁহ,বস্তা পেলাইছিল যদিও আজি পৰিস্থিতি অতি বিপদজনক হৈ পৰিছে।দলংৰ ওপৰেদি আজি দিনটোত গাড়ী পাৰ হৈ যোৱাৰ বিপৰীতে গাড়ী অহা যোৱা কৰি আছে।অনতিপলমে ইয়াৰ প্ৰতিৰোধ নকৰিলে দুৰ্ঘটনাত যে পটিত হ’ব সেইটো নিশ্চিত।

সেয়েহে বৃহত্তৰ ৰাইজৰ একমাত্ৰ পথটো সংযোগ বিচ্ছিন্ন হোৱাৰ আগতে অতি সোনকালে মহকুমা প্ৰশাসন তথা লোকনিৰ্মাণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰে তাৰে অনুৰোধ জনাইছে।

ডিজি ইণ্ডিয়া এনজিঅৰ শিমূলটাপু পশুধন কেন্দ্ৰ স্থাপনৰ উদ্বোধনী অনুষ্ঠান বাতিল: সংবাদ মেল যোগে ঘোষণা

বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰৱেশ কৰা গৰু, মহৰ সুৰক্ষা বাবে কোকৰাঝাৰ জিলাৰ শিমূলটাপুত স্থাপন কৰিবলগীয়া পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰৰ আজি তিনি বজাত অনুষ্ঠিতব্য উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে বুলি দুপৰীয়া এক বজাত ডিজি ইণ্ডিয়া নামৰ এনজিঅৰ অধ্যক্ষ গৰাকীয়ে এক সংবাদমেল যোগে অৱগত কৰে।

উক্ত সংবাদমেলত ডিজি ইণ্ডিয়া নামৰ এনজিঅখনৰ অধ্যক্ষ এম এম হানিফ লস্কৰে কয় যে কোকৰাঝাৰ জিলাৰ সাময়িক পৰিস্থিতি বেয়া হোৱাৰ সম্ভাৱনা থকা সময়তে যোৱা কালি জিলা প্ৰশাসনে ৰাজহুৱা সভা সমিতিৰ নিষেধাজ্ঞা জাৰি কৰাত ডিজি ইণ্ডিয়া এনজিঅৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত শিমূলটাপুত স্থাপন কৰিবলগীয়া পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰৰ উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে। জিলাখনৰ পৰিস্থিতি ভাল হোৱাৰ পিছত পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰখন উদ্বোধন কৰা হ’ব বুলি অধ্যক্ষ গৰাকীয়ে জানিব দিয়ে।

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে শ্বেয়াৰ কৰা এখন বিশেষ ফটো

বলীউডৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে শেহতীয়াকৈ শ্বাহৰুখ খানৰ সৈতে এখন থ্ৰোবেক ফটো শ্বেয়াৰ কৰিছে, যিটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

চলচ্চিত্ৰ জগতৰ চুপাৰষ্টাৰ হিন্দী অমিতাভ বচ্চনেও ছ’চিয়েল মিডিয়াত যথেষ্ট সময় অতিবাহিত কৰে। শেহতীয়াকৈ, ব্ৰহ্মাস্ত্ৰৰ অভিনেতা অমিতাভ বচ্চনে নিজৰ আৰু শ্বাহৰুখ খানৰ এখন থ্ৰোবেক ফটো ইণ্টাৰনেটত শ্বেয়াৰ কৰিছে, যাক বলীউডৰ বাদশ্বাহ বুলি কোৱা হয়। বিগ বি-ৰ জৰিয়তে প্ৰকাশ িত এই ফটোখন এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। এইটো জনা যায় যে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানৰ নাম বলীউড উদ্যোগৰ আটাইতকৈ প্ৰসিদ্ধ অভিনেতাসকলৰ ভিতৰত শীৰ্ষ তালিকাত আছে।

দৰাচলতে, শতিকাৰ চুপাৰষ্টাৰ অমিতাভ বচ্চনে অলপতে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলত এখন পুৰণি ফটো শ্বেয়াৰ কৰিছে, য’ত শ্বাহৰুখ খানক বিগ বিৰ সৈতে দেখা গৈছে। এই ছবিখনত, আপুনি অমিতাভ বচ্চনক তেওঁৰ চুপাৰহিট ছবি ‘ডন’ৰ পোষ্টাৰত স্বাক্ষৰ কৰা দেখিব পাৰে। আনহাতে, শ্বাহৰুখ খানক চশমাত যথেষ্ট সুন্দৰ দেখাইছে। কেৱল এয়াই নহয়, অমিতাভ বচ্চনে এই ফটোখনৰ কেপশ্বনত এটা ধেমেলীয়া ধৰণে লিখিছে যে ‘আৰু ভুলটো ইয়াত আৰম্ভ হৈছিল’। অৰ্থাৎ, বিগ বিয়ে বিশ্বাস কৰে যে শ্বাহৰুখে ডন চলচ্চিত্ৰখনৰ ৰিমেক তেওঁৰ তুলনাত ভালদৰে উপস্থাপন কৰিছিল। অমিতাভ বচ্চন আৰু শ্বাহৰুখৰ এই ফটোখন ‘ডন’ৰ পুনৰনিৰ্মাণৰ সময়ৰ বুলি কোৱা হৈছে।

এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে

অমিতাভ বচ্চন আৰু শ্বাহৰুখ খানক হিন্দী চলচ্চিত্ৰৰ আটাইতকৈ শক্তিশালী সংযোগ হিচাপে গণ্য কৰা হয়। ইফালে, যেতিয়া এই দুয়োজন তাৰকাক একেলগে দেখা যায়, অনুৰাগীসকল তেওঁলোকৰ বাবে উন্মাদ হৈ পৰে। এনে পৰিস্থিতিত, বিগ বিৰ এই শেহতীয়া ফটোখনৰ জৰিয়তে অনুৰাগীসকলে এই দুজন অভিনেতাক ‘কিংবদন্তি’ বুলি অভিহিত কৰিছে। ইয়াৰ উপৰিও, অমিতাভ বচ্চন আৰু কিং খানেও এই ফটোখন যথেষ্ট ভাল পাইছে, যাৰ বাবে এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে।

চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই লৈছে ভয়ানক ৰূপ

শিৱসাগৰ নগৰৰ কিছু নিলগত শিৱসাগৰ কোঁৱৰপুৰ মৌজাৰ দুই নং চাউলকৰাত দিচাং নদীৰ গৰাখহনীয়াই ভয়ানকৰূপ ধাৰণ কৰিছে।

দিচাঙৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ১৯৭৯ চনতে স্থাপিত হোৱা দিচাং চাউলকৰা প্ৰাথমিক বিদ্যালয়। নদীৰ খহনীয়াত ইতিমধ্যে বিদ্যালয়খনৰ পিছফালৰ ভূমি জাহ গ’ল দিচাং নদীৰ গৰাখহনীয়াত।কিন্তু জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কোনো স্থায়ী পদক্ষেপ নোলোৱাত এইবাৰ সম্পূৰ্ণ বিদ্যালয় খন নদীৰ বুকুত নিশ্চিহ্ন হোৱাৰ দিশে গতি কৰিছে।

বিদ্যালয় খনৰ মূল খুটা আৰু পকী বেৰা নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ এক-ডেৰ ফুটহে বাকী থকাত শংকিত হৈ পৰিছে ৬৩ গৰাকীৰো অধিক ছাত্ৰ ছাত্ৰী তথা বিদ্যালয় খনৰ শিক্ষয়িত্ৰী সকলৰ লগতে স্থানীয় ৰাইজ।

ইপিনে এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীয়ে বাঁহৰ গোজ দিয়ে নিজৰ দায়িত্ব সামৰা পৰিলক্ষিত হৈছে।এতিয়া বিদ্যালয় খনৰ শিক্ষয়িত্ৰী তথা অভিভাৱক সকলৰ চৰকাৰলৈ আহ্বান প্ৰতিৰোধৰ ব্যৱস্থা লবৰ বাবে।এতিয়া স্থানীয় বিধায়ক বা জলসম্পদ বিভাগে খহনীয়া ৰোধৰ ক্ষেত্ৰত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হব লক্ষণীয়?

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী আৱাসত ছাত্ৰীৰ চিপলৈ আত্মহত্যা

মায়ং আঞ্চলিক মহাবিদ্যালৰ ছাত্ৰী আৱাসত বি ,এ  দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰী গীতা ৰাণী বিশ্বাসে চিপলৈ আত্মহত্যা কৰে ৷ মৃত ছাত্ৰী গৰাকী বুৰগাৱৰ বুলি জানিব পৰা গৈছ ৷ কোঠালিটোত অকলে আছিল ছাত্ৰীগৰাকী ৷ অৱশ্যে কি কাৰণত আত্মহত্যা কৰিলে ছাত্ৰী গৰাকীয়ে তাৰ কাৰণ জানিব পৰা হোৱা নাই  ৷

এই ঘটনাই বিৰাজ কৰিছে অঞ্চলজুৰি চাঞ্চল্য ৷  ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত উপস্থিত হয় পৰিয়ালৰ লোক এই মৃত্যু স্বাভাৱিক বাবে মানি লব পৰা নাই পৰিয়ালৰ লোকে ৷

আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অৱশ্যে পুলিচৰ সঠিক তদন্তহে উলাব আচল ৰহস্য ৷

বিজনীৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

বিজনী সমষ্টিৰ অন্তৰ্গত গুণ্ডামৰা, বাঘৰগাঁও , ১ নং বিষ্ণুপুৰ, ২ নং বিষ্ণুপুৰ, আদি অঞ্চলত নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি উপস্থিত জলসম্পদ বিভাগৰ বিষয়া সকলৰ সৈতে এই অঞ্চল সমূহৰ প্ৰতিৰোধৰ বাবে হাতত লোৱা কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই ।

জলসম্পদ বিভাগে এই খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে ব্যৱস্থা হাতত লৈছে।

এই পৰিদৰ্শনৰ সময়ত বিধায়ক অজয় কুমাৰ ৰয় , আৰক্ষী অধীক্ষক লোকনিৰ্মাণ(পথ) বিভাগৰ কাৰ্যবাহী অভিযন্তা ,ভাৰতীয় জনতা পাৰ্টিৰ জিলা সভাপতি কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ জি.এম প্ৰণৱ কুমাৰ বৰ্মন সমাজ কৰ্মী অৰূপ নাথ তথা জিলা প্ৰশাসন আৰু জলসম্পদৰ বিষয়া সকল উপস্থিত থাকে।