Breaking

আপুনি চাব জানেনে গেছ ছিলিণ্ডাৰৰ ম্যাদ…

0 110

খালী ছিলিণ্ডাৰটো জমা দি গেছ ভৰ্তি ছিলিণ্ডাৰটো যেতিয়া আনিবগৈ-মন কৰিব লগা দৰকাৰী কথাটো।এই যে ছিলিণ্ডাৰ দুটা-দুহাতেৰে ধৰি দাঙিব পৰা ৰিং বা খাৰু ডালৰ তলতে ক’লা ৰঙত বগা ৰঙেৰে লিখি থোৱা A-21 বা A-25 আখৰ আৰু সংখ্যা কেইটাও দেখিছে,সিহঁতে বাৰু আমালৈ কিহৰ ইংগিত দি থাকে?

জানিব-সেয়া কোনো এটা ছিলিণ্ডাৰৰ ব্যৱহাৰৰ উপযোগী হৈ থকাৰ ম্যাদৰ সংকেত।এতিয়া আহিছোঁ-A-21 বা A-25 য়ে যি যি বুজাইছে তালৈ।বৰ্তমানৰ চনটো কিমান?2020 চন।ধৰক-আপুনি যদি ছিলিণ্ডাৰটো আনিবলৈ যাওঁতে A-21লিখি থোৱা দেখে,তাৰমানে অৰ্থটো বুজি ল’ব যে-সেই ছিলিণ্ডাৰটো 2021চনলৈকে ম্যাদ আছে।আকৌ ৰ’ব!এই যে লগত থকা”A”আখৰটো,সিনো বাৰু আকৌ কি অৰ্থ বুজাবগৈ?জানিব সি সেই চনটোৰে জানুৱাৰীৰ পৰা মাৰ্চ মাহলৈকে চুড়ান্ত সীমাটো নিৰ্ধাৰণ কৰি দিছে।তাৰপিছতো যদি সেই ছিলিণ্ডাৰটোক ব্যৱহাৰ কৰি থাকেগৈ,তেন্তে সি হয়তো অঘটন অৰ্থাৎ বিস্ফোৰণো ঘটাবগৈ পাৰে।

আকৌ ধৰক-যদি A-25 বুলি লিখা ছিলিণ্ডাৰটোহে পালেগৈ,সেইটোক জানিব-তাৰ ব্যৱহাৰৰ চুড়ান্ত ম্যাদটো 2025 চনৰ জানুৱাৰীৰ পৰা গৈ মাৰ্চ মাহতে শেষ হ’ব‌ই।একমিনিট-ইয়াতে এটা প্ৰশ্ন হয়।সি হ’ল-সকলোবোৰ ছিলিণ্ডাৰতে বাৰু A-21,A-25 বুলিয়েই লিখা থাকিব নে?উত্তৰত জানিব–নেথাকে।অৰ্থাৎ B-22,C-26,D-28 বা A-29 কিম্বা C-30 এনেকৈও লিখা থাকিব পাৰে।এতিয়া আহক A B C D এই আখৰ চাৰিটাইনো ইয়াত কি কি অৰ্থ বহন কৰিবগৈ সেই প্ৰসংগলৈ।জানিব A আখৰটোৱে জানুৱাৰী,ফেব্ৰুৱাৰী আৰু মাৰ্চৰ নব্বৈ দিনক বুজাইছে।B আখৰটোৱে এপ্ৰিল,মে আৰু জুনৰ দিন কেইটাক বুজাইছে।C আখৰটোৱে বুজাইছে জুলাই,আগষ্ট,চেপ্তেম্বৰৰ দিনকেইটাক।তেনেকৈ D আখৰটোৱেও বুজাইছে অক্টোবৰ,নবেম্বৰ আৰু ডিচেম্বৰৰ দিনকেইটাক।এতিয়া আপুনি যদি গেছ ভৰ্তি ছিলিণ্ডাৰটো ল’ব ধৰোঁতেই তাত C-28 বুলি লিখি থোৱা দেখে,তেনেহ’লে জানিব সেইটোৰ ব্যৱহাৰৰ উপযোগী ম্যাদ 2028 চনৰ জুলাই,আগষ্ট,চেপ্তেম্বৰলৈকে আছে।আকৌ যদিহে বোলে D-29 লিখা ছিলিণ্ডাৰটোহে পালেগৈ।তেতিয়া বুজি ল’ব সেইটোৰ ম্যাদ 2029 চনৰ অক্টোবৰ,নবেম্বৰ,ডিচেম্বৰলৈকে আছেই।প্ৰিয় বন্ধু–ছিলিণ্ডাৰ আনিবলৈ যাওঁতে সেয়েহে আপুনি নিজে নহয়তো আপোনাৰ দৰেই এই কথা কেইটা জনা লোককহে পঠোৱাটো উচিত।

অন্যথা কেতিয়াবা হয়তো ম্যাদ শেষ হ’ব ধৰা ছিলিণ্ডাৰো আপোনাৰ ঘৰ সোমাবহি পাৰে।অৱশ্যে কেৱল ম্যাদ ওকলি যাব লগা পুৰণি ছিলিণ্ডাৰহে যে বিস্ফোৰণ হ’ব পাৰে তেনে নহয়,বৰং ব্যৱহাৰত অসাৱধান কিম্বা তাৰতম্য হ’লে নতুন ছিলিণ্ডাৰো বিস্ফোৰণ ঘটিব পাৰে।দেখা গৈছে কাৰখানাত ছিলিণ্ডাৰবোৰ প্ৰস্তুত কৰোঁতে ছবিত দেখুওৱা ধৰণে লিখি দিয়াটো প্ৰমাণেই।কিন্তু সৰ্বসাধাৰণ গ্ৰাহক কিম্বা ব্যৱহাৰকাৰীয়ে যে তাক বুজিব পৰাকৈ সহায়ক হোৱাগৈ নাই-সেয়াও সত্য।এতেকে প্ৰস্তুতকাৰী আৰু ব্যৱহাৰকাৰী উভয় পক্ষ‌ই সাৱধানতা অৱলম্বন নকৰিলে হয়তো ভৱিষ্যত বিপদৰে আশংকা থাকি যায়।

Leave A Reply