Home Blog Page 2347

ছোনিয়া গান্ধীৰ কোভিড-১৯ৰ পৰা দ্ৰুত আৰোগ্য কামনা কৰি টুইট প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেচনেল হেৰাল্ড গোচৰত ইডিৰ আহ্বানৰ পিছত কংগ্ৰেছ নেতা কোভিড পজিটিভ ছোনিয়া গান্ধীক আক্ৰমণ কৰা হৈছিল । ইডিয়ে ছোনিয়া গান্ধীক নেচনেল হেৰাল্ডলৈ মাতি পঠিয়াইছিল। আৰু আজি, জনা যায় যে তেওঁ কৰোনাৰ দ্বাৰা সংক্ৰমিত হৈছে। তেওঁ অসুস্থ বা আগতে তেনেকুৱা কিবা আছিল বুলি কোনো ইঙ্গিত পোৱা নাছিল।

তেওঁ অলপতে চিন্তন শিবিৰত যোগদান কৰিছিল। দলটোৰ ভৱিষ্যতৰ পথ কি হ’ব সেই বিষয়ে আলোচনা হৈছিল। তাৰ পিছত ৰাজ্যসভাৰ ভোট আছে। নেতাজন প্ৰাৰ্থী বাছনি কৰাৰ পৰা বহুতো দলীয় কামত ব্যস্ত আছিল। দলৰ নেতাসকলৰ খং পৰিচালনা কৰাটো তেওঁৰ দৈনিক কাম হৈ পৰিছে। ইয়াৰ মাজতে, ইডিয়ে তেওঁক নেচনেল হেৰাল্ডলৈ মাতি পঠিয়ায়। আজি, জনা যায় যে কংগ্ৰেছ নেতাজন সংক্ৰমিত নহয়।

“কংগ্ৰেছ অধ্যক্ষ শ্ৰীমতী ছোনিয়া গান্ধীজীক কোভিড-১৯ৰ পৰা দ্ৰুত আৰোগ্য কামনা কৰিছো।”

সদৌ কুলি-কমান অপৃন কেবাঙক কেন্দ্ৰ কৰি কমান অপৃণ কেবাঙৰ তীব্ৰ প্ৰতিক্ৰিয়া

কুলি-কমান অপৃণ কেবাঙক কেন্দ্ৰ কৰি মিচিং সমাজৰ লগতে তাকাম কমান অপৃণ কেবাঙৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কমান অপৃণ কেবাঙে কুলি-কমান অপৃণ কেবাঙক ভূৱা আৰু কমান অপৃণ কেবাং বিৰোধী আখ্য দিছে ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃটিত কমান অপৃণ কেবাঙৰ কেন্দ্ৰীয় সভাপতি নন্দেশ্বৰ কমান আৰু সম্পাদক


চিদানন্দ কমান কয় যে, ধেমাজি জিলাৰ চিলাপথাৰৰ বৰমুকলিত কুলি-কমান অপৃণ অনুষ্ঠিত হোৱটো সম্পূৰ্ণৰূপে কমান অপৃণ বিৰোধী আৰু বে-আইনী ৷ চিলাপথাৰৰ বৰমুকলিত কুলি-কমান অপৃণ কেবাঙৰ কোনো অধিবেশন অনুষ্ঠিত হোৱা নাই । বৰমুকলিৰ জননেতা ৰমেশ মোহন কুলি ক্ষেত্ৰত কুলি অপৃনৰহে অধিৱেশন অনুষ্ঠিত হৈছিল । উক্ত অধিৱেশনত কালিৰাম কুলি সভাপতি আৰু কলেশ্বৰ কুলিক সম্পাদক হিচাপে লৈ কুলি অপৃনৰ নতুন সমিতি গঠন কৰা হয়। কমান বা কামান অপৃন কেবাঙৰ গোত্ৰ বেলেগ আৰু কুলি অপৃন কেবাঙৰ গোত্ৰ বেলেগ । কুলি অপৃন কেবাং বহুপুৰণি সংগঠন কিন্তু কমান অপৃন কেবাং ২০১২ চনত জন্ম লাভ কৰা এটা কমান গোত্ৰীয় সংগঠন । সদৌ কমান অপৃন কেবাঙৰ নিজস্ব বৈশিষ্ট্য আৰু নিজস্ব সংবিধান আছে। ২০১৪ চনত গোগামুখৰ মইনাপাৰাত কমান অপৃণৰ প্ৰথম অধিবেশন অনুষ্ঠিত হয় আৰু ২০১৮ চনত মাজুলী জিলাৰ চিতাদাৰচুকত দ্বিতীয় অধিবেশন অনুষ্ঠিত হয় । অতি দুখৰ বিষয় যে, বিগত ২৮ আৰু ২৯ মে’ত কুলি কমান নামৰ তথাকথিত ভুৱা সংগঠন জন্ম দিয়াত কমান অপৃন কেবাঙে তীব্ৰ বিৰোধিতা কৰাৰ লগতে সংগঠনটো বিধিগত নহয় বুলি প্ৰকাশ কৰিছে। ১৯৭৮ চনত সদৌ অসম কুলি-কমান অপৃণ কেবাঙৰ জন্ম হয় বুলি মিথ্যাচাৰৰ আশ্ৰয় লৈছে ৷

তথাকথিত লেখক কনক কুলিয়ে ৰমেশ মোহন কুলিৰ জীৱন দৰ্শন নামৰ গ্ৰন্থৰ ৭নং পৃষ্ঠাত কমান উপাধি কুলিৰ উপ-গোত্ৰ বুলি লিখি কমান বংশৰ স্বাভিমানত আঘাত আনিছে। ১৮৮১,১৮৯১,১৯০১,১৯১১,১৯২১ চনত অসমত ব্ৰিটিছ চৰকাৰে অনুসূচিত জনজাতি আৰু অনুসূচীত জাতিৰ ওপৰত জৰীপ আৰু পিয়ল কৰি ১৯৬১ চনত ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত প্ৰায় ২৬ টা মিচিং উপাধি উল্লেখ আছে । সেই তালিকাত কমান উপাধি সোণালী আখৰেৰে জিলিকি আছে। ভাৰত চৰকাৰে প্ৰকাশ কৰা তালিকাত ”কুলি” উপাধি সন্নিবিষ্ট নাই। কুলি অপৃনলৈ কমান অপৃন কেবাঙৰ প্ৰশ্ন- সেই সময়ত কুলি বংশধৰ সকল অসম বা অৰুণাচল প্ৰদেশত নাছিল নেকি ? তেওঁলোকে সদৌ কুলি অপৃনক অবৈধ আখ্যা দি আহিছে আৰু ভৱিষ্যতেও দি যাব ৷ প্ৰয়োজনত আদালতৰ কাষ চাপিবলৈ বাধ‌্য হ’ব ৷ ১৯৫১ চনৰ লিগেছি ডাতাৰ জৰিয়তে কমানক কুলি নিলিখিবলৈ আহ্বান জনাইছে সদৌ কমান অপৃন কেবাঙে।

বিদায় কে কে……পঞ্চভূতত বিলীন হ’ল কে কেৰ পাৰ্থিৱ শৰীৰ।হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল’….

বিদায় কে কে……পঞ্চভূতত বিলীন হ’ল কে কেৰ পাৰ্থিৱ শৰীৰ।অজানা দেশলৈ গুচি গ’ল কে কে।’হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল’….পঞ্চভূতত বিলীন হ’ল গায়ক কে কেৰ পাৰ্থিৱ শৰীৰ।চিৰদিনৰ বাবে এই পৃথিৱীখন এৰি অজানা দেশলৈ গুচি গ’ল কে কে।কণ্ঠশিল্পীগৰাকীৰ অন্তিম সংস্কাৰ ২ মে’ত মুম্বাইৰ ভাৰছোভা শ্মশান ঘাটত সম্পন্ন কৰা হয়।

কে কেৰ পুত্ৰ নকুলে তেওঁৰ দেউতাকৰ মুখাগ্নি কৰি তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ ৰীতি-নীতি সম্পূৰ্ণ কৰে।গায়কজনক অন্তিম দৰ্শনৰ বাবে তেওঁৰ ঘনিষ্ঠ বন্ধু আৰু বলীউড উদ্যোগৰ তাৰকাসকল উপস্থিত হয় আৰু তেওঁক সেমেকা চকুৰে বিদায় জনায়।কেকেৰ আকস্মিক মৃত্যুক এতিয়াও সহজভাৱে ল’ব পৰা নাই অনুৰাগীসকলে।বুজাব নোৱাৰা এবুকু দুখ আৰু সেমেকা চকুৰে সকলোৱে শেষ বিদায় জনায় প্ৰিয় শিল্পীগৰাকীক।

কে কে শাৰীৰিকভাৱে হে আমাৰ মাজত নাই কিন্তু তেওঁৰ গীতৰ জৰিয়তে সদায় আমাৰ হৃদয়ত জীয়াই থাকিব বুলি প্ৰতিজন সংগীতপ্ৰেমীয়ে অনুভৱ কৰিছে।

ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই

পোষ্টিং বিচাৰি এইবাৰ আৰক্ষীয়ে আৰক্ষীক দিলে ধনৰ টোপোলা।ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই।থানাত পোষ্টিং বিচাৰি ঘোচ দিবলৈ আহি গ্ৰেপ্তাৰ নগাঁৱৰ এ এছ আই আব্দুল মতলিব।

নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ঘটিছে এই ঘটনা৷ পূৰ্বে আব্দুল মুতলিব ৰিৰ্জাভ ক্লজ হৈ আছিল৷থানাত মকৰল বিছাৰি মতলিবে নগাঁও সদৰ ডি এছ পি ত্ৰিদিপ কুম্বাঙক আগবঢ়াইছিল ধনৰ টোপোলা৷

এ এছ আই আব্দুল মুতলিবে দহ হাজাৰ টকা উপঢৌকন আগবঢ়োৱাৰ পিছতে ডি এছ পি কুম্বাঙে তেওঁক গ্ৰেপ্তাৰ কৰে৷

ধুবুৰীৰত ৮৫ বস্তা চোৰাং ইউৰিয়া সাৰ সহ তিনিজন ব্যৱসায়ীক গ্ৰেপ্তাৰ বি,এছ,এফৰ …

ধুবুৰীৰ পৰা নদী পথেৰে সীমান্ত অঞ্চললৈ চোৰাংকৈ ইউৰীয়া সাৰ নিয়াৰ সময়তে বি এছ এফৰ এটা দলে তালাচী চলাই ৮৫ বস্তা চোৰাং ইউৰীয়া সাৰ জব্দ কৰে। ধুবুৰীৰ বংশীৰচৰ এলেকাত থকা বি অ পিত বি এছ এফে নিয়মীয়া তালাচীৰ পিছতেই জব্দ কৰে ৮৫ বস্তা ইউৰিয়া সাৰ। 

বি এছ এফে ৮৫ বস্তা চোৰাং সাৰৰ লগতে তিনিজন লোকক আটক কৰি ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ আনি আৰক্ষীক চমজাই দিয়ে। তিনিজন লোক ক্ৰমে সাহ আলম(৫০), আব্দুল ছালাম(৩০) আৰু চান উদ্দিন(২৭) বুলি ধুবুৰী সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে জানিবলৈ দিয়ে। 

বৰ্তমানে চোৰাং ব্যৱসায়ী তিনিজনক ধুবুৰী সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰাখিছে

মানিকপুৰত শোকাবহ পথ দূৰ্ঘটনা।তীব্ৰ বেগী বাইকৰ খুন্দাত নিহত পথচাৰী।

 বঙাইগাঁও জিলাৰ বৰঘোলা আৰক্ষী চকীৰ অন্তৰ্গত মানিকপুৰৰ কীৰ্ত্তন পাৰাত আবেলি এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দূৰ্ঘটনাত আবুল কায়ুম নামৰ এজন পথচাৰী নিহত হয়। জানিব পৰা মতে কীৰ্ত্তন পাৰা বজাৰৰ সমীপৰ গড়কাপ্তানী পথত এ এছ 19M8540  নম্বৰৰ তীব্ৰ বেগী গ্লেমাৰ বাইকৰ খুন্দাত আবুল কায়ুম নামৰ যুবক জন গুৰুতৰ ভাৱে আহত হয়।

আহত ব্যক্তিজনক ততাতৈয়াকৈ বৰপেটা ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ আৰু হস্পিতালত লৈ যোৱা হয় যদিও ব্যক্তিজন ৰাস্তাতে নিহত হয়। ইফালে বাইক চালক তোফাজ্জুল আলী দূৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আৰু বঙাইগাঁও চিকিৎসালয়ত ভৰ্ত্তি কৰায় । নিহত কায়ুমৰ ঘৰত শোকাকুল পৰিবেশে বিৰাজ কৰিছে লগতে অঞ্চলজুৰি শোঁকৰ ছাঁ পৰে।

ক্লান্তি বা অৱসাদ কেনেকৈ দূৰ কৰিব আপুনি ? জানক এই নিয়ম …

1.মন-মস্তিস্ক আৰু শৰীৰক সতেজ কৰি ৰাখক
2.দিনটোৰ কাম সোনকালে আৰম্ভ কৰক
3. প্ৰত্যেকটো দিনৰ বাবে সুস্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰক
4.সাধুতাই হৈছে উত্তম উপায়


5.স্পষ্টকৈ অগ্ৰাধিকাৰ ব্যক্ত কৰক
6.গভীৰ নিশ্বাস লওক
7.শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰক
8.সঠিক সময়ত খাওক
9.খাদ্য বস্তু ভালকৈ চাওক


10.টোপনিয়ে টনিকৰ কাম কৰে
11.সদায় ধনাত্মক দিশটোহে চিন্তা কৰিব
12.সংগীতেৰে মনক ঝংকৃত কৰক
13.প্ৰচুৰ পৰিমাণে পানী খাওক
14.পাৰে মানে হাঁহক
15.পৰিৱৰ্তিত সময়ৰ সৈতে খোজ মিলাওক
16.আনন্দ আৰু সন্তুষ্টিদায়ক কাম কৰক
17.ছুটী বা বন্ধৰ আনন্দ লওক
18.চিকিৎসকৰ পৰামৰ্শ ল’ব

প্ৰৱঞ্চক প্ৰেমিকৰ সৈতে ধনদাবী কৰা বুলি উঠা অভিযোগ আৰু গোচৰ সন্দৰ্ভত এছ আই জোনমণি ৰাভাক আজি আৰক্ষীয়ে কৰিব জেৰা

হ’বলগীয়া স্বামীৰ সৈতে মিলি প্ৰৱঞ্চনাৰ অভিযোগ।আজি আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক প্ৰৱঞ্চক প্ৰেমিকৰ সৈতে ধনদাবী কৰা বুলি উঠা অভিযোগ আৰু গোচৰৰ সন্দৰ্ভত আজি গড়মূৰ থানাৰ আৰক্ষীয়ে জেৰা কৰিব এছ আই জোনমণি ৰাভাক।বৃহস্পতিবাৰে পুৱাই মাজুলীত উপস্থিত হয় এছ আই জোনমণি ৰাভা।মাজুলীৰ গড়মূৰ থানাই আজি সোধ-পোচৰ বাবে জোনমণি ৰাভাক তলব কৰিছিল।

মাজুলীত ৰুজু হোৱা ৩টা গোচৰ সন্দৰ্ভত জোনমণিক আৰক্ষীয়ে সোধা-পোছা কৰিব।কেইবাগৰাকীও ভুক্তভোগীয়ে জোনমণি ৰাভাৰ বিৰুদ্ধে হ’বলগীয়া স্বামী ৰাণা পগাগৰ সৈতে মিলি প্ৰৱঞ্চনা কৰাৰ অভিযোগ তুলিছিল।

অজিত বৰা,ৰাম অৱতাৰ শৰ্মা আৰু ৰঞ্জন কুটুমে দিয়া গোচৰসমূহত নাম সাঙোৰ খাই আছিল এছ আই জোনমণি ৰাভাৰ নাম।ইফালে ৰাণা পগাগক ১৪ দিনৰ ন্যায়িক জিম্মাত দিয়া হৈছিল যদিও বুধবাৰে মাজুলী জিলা কাৰাগাৰৰ পৰা নগাঁও আৰক্ষীয়ে লৈ যায়।আজি গড়মূৰ আৰক্ষীৰ তদন্তত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

অবিশ্বাচ্য ! দৰা নাপায় নিজৰ সৈতে নিজে বিয়া পাতিব ২৪ বছৰীয়া যুৱতীয়ে

এখন কেতিয়াও নেদেখা বিয়া। গুজৰাটৰ ২৪ বছৰীয়া ক্ষমা বিন্দুৱে নিজকেই পাতিব বিয়া। হয়, শুনিবলৈ আচৰিত যেন লাগিলেও গুজৰাটৰ বদোদৰাৰ এইগৰাকী যুৱতী নিজৰ লগতেই আৱদ্ধ হ’ব বিবাহপাশত।

এই ব্যতিক্ৰম বিয়াখনত সকলোখিনি ৰীতি-নীতি মানি চলা হ’ব, যেনে- ‘ফেৰা’, বিয়াৰ প্ৰতিজ্ঞাৰ পৰা আৰম্ভ কৰি গোৱাৰ হানিমুনলৈকে। এই বিয়াখনত নাথাকে দৰা বা বৰযাত্ৰী।

উল্লেখ্য যে, এইখনেই হ’ব ভাৰতৰ প্ৰথম একক বিবাহ। ক্ষমা বিন্দুৱে এই ক্ষেত্ৰত কয় যে, “ভাৰতত এনে কোনো বিবাহ হৈছে নেকি মই বিচাৰি চাইছিলোঁ, কিন্তু তেনেধৰণৰ কোনো বিবাহ সম্পন্ন হোৱা নাই। হয়তো ময়েই প্ৰথম যিয়ে এই পদক্ষেপ ল’বলৈ আগবাঢ়িছোঁ।”

ইফালে, টাইমছ অব ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি ক্ষমাই কয় যে, ‘মই কেতিয়াও বিয়া হ’ব বিচৰা নাছিলো। কিন্তু মোৰ নিজকে কইনা হিচাপে চোৱাৰ ইচ্ছা আছিল। সেয়ে মই নিজৰ লগতেই বিয়া হ’বলৈ সিদ্ধান্ত লৈছোঁ।”

“আত্ম-বিবাহ হৈছে নিজৰ বাবে, ই এক থকাৰ প্ৰতিশ্ৰুতি আৰু নিজৰ প্ৰতি নিঃচৰ্ত প্ৰেম। ই লগতে আত্মগ্ৰহণৰ এক উদাহৰণো৷ মানুহে বিয়া তাক পাতে যাক তেওঁলোকে ভাল পায় আৰু মই নিজকে ভাল পাওঁ।”- বুলিও কয় ক্ষমাই।

তেওঁৰ এই সিদ্ধান্তক লৈ পৰিয়ালৰ প্ৰতিক্ৰিয়া কি বুলি প্ৰশ্ন কৰাত সাংবাদিকক তেওঁ কয় যে, পিতৃ-মাতৃয়ে তেওঁক বিয়াখন আগবঢ়াই নিয়াৰ বাবে আশীৰ্বাদ দিছে। গোত্ৰীৰ এটা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া বিয়াৰ বাবে ক্ষমাই প্ৰস্তুত কৰিছে পাঁচটা ব্ৰত। বিয়াৰ পিছতে নিজকে দুসপ্তাহৰ হানিমুনত গোৱালৈ লৈ যোৱাৰো সিদ্ধান্ত লৈছে ক্ষমাই।

মৰ্মাহত অনুৰাগী ! উচপি উচপি গাইছে ’ পল , যে হে কলকতা কে পল…

কৃষ্ণকুমাৰ কুন্নাথ (কে কে), এটা হৃদয় সামৰা সুৰীয়া যুগৰ অৱসান।

কন্ঠশিল্পী কে.কেৰ অন্তিম যাত্ৰা..

আজি মুম্বাইৰ ৱৰ্ছোৱা হিন্দু শ্মশানত সম্পন্ন কৰা হ’ব কন্ঠশিল্পী কে.কেৰ অন্ত্যেষ্টিক্ৰিয়া।