Home Blog Page 2388

নলবাৰীৰ সাংবাদিক সন্থাৰ উদ্যোগত মুকালমুৱাত পৰাগ কুমাৰ দাসক স্মৰণ

নলবাৰী জিলাৰ সাংবাদিক সন্থাৰ উদ্যোগত সাংবাদিক পৰাগ কুমাৰ দাসৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়।নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ মুকালমুৱা স্থিত জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত আজি ১৭ মে’ ৰ সন্ধিয়া তেখেতৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বালন কৰে বৰক্ষেত্ৰীৰ জ্যেষ্ঠ সাংবাদিক সকলে।

মংগলবাৰে সভাত বৰক্ষেত্ৰীৰ সমূহ সাংবাদিকৰ লগতে কেইবাগৰাকী বিশিষ্ট লোক উপস্থিত থাকি প্ৰয়াত পৰাগ কুমাৰ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।সভাত প্ৰয়াত পৰাগ কুমাৰ দাসৰ আত্মাৰ সদগতি কামনা কৰে নলবাৰী জিলাৰ সাংবাদিক সন্থা ।

সত্ৰনগৰী ৰামদিয়াত দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ…

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইবেলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত আৰু ৰামদিয়াবাসী ৰাইজৰ সহযোগত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ দুদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুসৰি যোৱাকালি ৰাতিপুৱা ভাগত আঞ্চলিক শাখাৰ সেৱা বাহিনীৰ দ্বাৰা পৰিবেশ নিকাকৰণ, আই সকলৰ নাম প্ৰসংগ ,সন্ধিয়াভাগত বন্তি প্ৰজ্বালনৰে এক ভক্তিৰসৰ পৰিবেশৰ সৃষ্টি হ’য়।

সমান্তৰালভাৱে আজি দ্বিতীয় দিনাওঁ পুৱা ভাগত কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি বিন্দু ঠাকুৰীয়াই ধৰ্মধ্বজা উত্তোলনৰ পিছত  সামূহিক নাম প্ৰসংগ ,দূপৰীয়াৰ ভাগত ভাগৱত পাঠ , আবেলি ভাগত দিহানাম পৰিবেশন আৰু সন্ধিয়া ধৰ্মধ্বজা অৱতৰণেৰে কাৰ্যসূচী সামৰণি পৰে । দুদিনীয়া কাৰ্যসূচীৰ সময়ছোৱাত সমগ্ৰ ৰামদিয়া গুৰু বন্দনাৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে । অনুষ্ঠান ভাগিত ভিন্ন প্ৰান্তৰ আই মাতৃ বাপ বান্ধৱ ভক্তপ্ৰাণ ৰাইজৰ পদধূলিৰে এক ভক্তিৰসৰ নৈমিষ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱা দেখা যায়।

মাতৃভাষাৰ সমান্তৰালকৈ সংস্কৃত, ইংৰাজী ভাষাৰ চৰ্চা অত্যন্ত জৰুৰীঃ ধ্ৰুৱজ্যোতি শৰ্মা

আমাৰ মাতৃভাষাক গুগলে মান্যতা দিয়াটো পৰম গৌৰৱৰ বিষয় কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে আমি থিয় দি আছো বিশ্ব সভ্যতাৰ দুৰন্ত অগ্ৰগতিৰ সময়ৰথত । সেয়েহে মাতৃভাষাৰ সমান্তৰাল ভাৱে ইংৰাজী আৰু সংস্কৃত ভাষা চৰ্চা কৰিবলৈ নতুন প্ৰজন্মক প্ৰোৎসাহিত কৰিব লাগিব । এই মন্তব্য বিশিষ্ট সাহিত্যিক ,নাট্যকাৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ ।।  শংকৰী সাহিত্যৰ অনুগামী , বিশিষ্ট শিক্ষাব্ৰতী সুধন্না ৰাজবংশী  ৰচিত ” বেদাদিৰ তত্ব ” শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি ঘগ্ৰাপাৰৰ সমীপৱৰ্তী দীহজাৰী গাৱঁৰ এক জনাকীৰ্ণ অনুষ্ঠানত শৰ্মাই পুনৰ কয় যে বেদ চাৰিটা ভাগত বিভক্ত , সেয়া হৈছে মন্ত্ৰ , ব্ৰাহ্মণ , আৰণ্যক আৰু উপনিষদ । বেদৰ চৰমতত্ব হোৱা বাবে উপনিষদ সমূহৰ নাম বেদান্ত । ইয়েই ব্ৰহ্ম বিদ্যা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বেদান্ত দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ নামধৰ্ম প্ৰৱৰ্তন কৰি অসমীয়া সাহিত্যৰ ভঁৰাল ধনাঢ্য কৰি থৈ গৈছে ।

সংস্কৃত সাহিত্যৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি তেওঁ আকৌ কয় যে শংকৰদেৱ সংস্কৃত সাহিত্যৰ মহাপণ্ডিত আছিল , সেয়েহে তেওঁৰ ভাষাশৈলী , বৰ্ণনা মধুস্বাদী আৰু উচ্চ মানৰ আছিল । বিশিষ্ট শিক্ষাব্ৰতী  সৰ্বেশ্বৰ মজুমদাৰে সভাপতিত্ব কৰা আৰু শংকৰদেৱ সংঘ ,নলবাৰী জিলাৰ সাহিত্য শাখাৰ সম্পাদক মৃগেন কলিতাই আঁত ধৰা  সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে সাহিত্যসেৱী তথা নলবাৰী জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক কৰ্ণধৰ বৰ্মনে । বৰ্মনে লেখক সুধন্না ৰাজবংশীৰ জীৱন আলোকপাত কৰি অসীম দুখ, কষ্ট, আৰু দুৰ্লংঘ্য বাধা অতিক্ৰম কৰি কৃষ্ণৰ সেৱাত ব্ৰতী পৰম ভক্ত বুলি কয় । অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে অংশগ্ৰহণ কৰি ৰাজ্যিক বাণিজ্য সম্প্ৰসাৰণ সংগঠনৰ উপাধ্যক্ষ মধুৰাম ডেকাই কয় সনাতন ধৰ্মৰ ভিন্ন পন্থা থাকিব পাৰে কিন্তু আমাৰ মূল একেটাই । আমি সকলো পৰমব্ৰক্ষ্মৰ সন্তান আৰু সনাতন আমাৰ পৰিচয় । সভাত নামধৰ্মৰ প্ৰচাৰক সুবক্তা মনিৰাম দাস , অৱসৰপ্ৰাপ্ত শিক্ষক চানাৰাম দাসেও হৃদয়গ্ৰাহী ভাষণ ৰাখি গাম্ভীৰ্যপূৰ্ণ সভাৰ সৌস্তভ বৰ্দ্ধিত কৰে । বনমালী ৰাজবংশীৰ সুন্দৰ টোকাৰী গীতে অনুষ্ঠানত নতুন মাত্ৰা প্ৰদান কৰে । শলাগৰ শৰাই আগবঢ়াই শিক্ষক সূৰ্য ৰাজবংশীয়ে।

ৰহাত কলং, কামপুৰত কপিলীয়ে অতিক্ৰম কৰিছে বিপদসীমা…

ডিমা হাছাও জিলাৰ পৰা কপিলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা বৈ অহা বৰপানীৰ জলপৃষ্ঠ বৃদ্ধি হৈ হাহাকাৰৰ সৃষ্টি কৰা কলঙে ৰহাত বিপদ সীমা অতিক্ৰম কৰি উৰ্দ্ধগতিত বৈ আছে । আজি ৰহাত কলঙে ১০ ছেন্টিমিটাৰ ওপৰেদি বৈ আছে । সেইদৰে কামপুৰত কপিলীয়ে তিনিদিনৰ আগতেই বিপদ সীমা অতিক্ৰম কৰি আজি বিয়লি ৪ বজালৈ ১.৬১ ছেন্টিমিটাৰ ওপৰেৰে উৰ্দ্ধ গতিত বৈ আছে । পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈ কপিলীয়ে ৯ ছেন্টিমিটাৰ বাঢ়িছে । কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাভাৰৰ পানী বৃদ্ধি পোৱাত আটাইকেইখন গেট খুলি ৰখাৰ বাবেই কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ আছে ।

ডিমা হাছাও জিলাত আজিও একেৰাহে বৰষুণ দি থকাৰ বাবে  কপিলীৰ জলপৃষ্ঠ পুনৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জলসম্পদৰ পৰা জনা গৈছে । আনহাতে  কপিলীৰ জলপৃষ্ঠ বৃদ্ধি হৈ থকাৰ বাবেই যোৱা নিশা ৰহা – কামপুৰ পথৰ কাষত থকা কাকতি গাৱত কপিলীৰ পানীয়ে পাৰৰ কৃষিবান্ধ অতিক্ৰম কৰি গাৱত সোমাইছে ।প্ৰায় ৫০০ ঘৰ লোকৰ ঘৰত এই পানী সোমাইছে । পুখুৰীৰ মাছ, পথাৰৰ  পকিবলৈ ধৰা বৰোধান পানীত ডুব গৈছে । কাকতি গাঁও- মাগুৰগাঁও সংযোগী পথ , মাগুৰগাঁও – লাউপানী সংযোগী ( জুকুতা- খাইগড় ) গড় কাপ্তানী পথৰ কিছু অংশতো পানী পথৰ ওপৰত উঠিছে । নিশাটোৰ ভিতৰত অধিক অংশত কপিলীৰ পানীয়ে ভয়াবহ ৰূপ লৱ পাৰে ।

মাৰ্ঘেৰিটাত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ…

ৰাজ্যৰ বিভিন্ন অংশৰ লগতে  নিৰ্ভীক  সাংবাদিক পৰাগ কুমাৰ দাসক মাৰ্ঘেৰিটাতো স্মৰণ কৰা হয় | মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত এই উপলক্ষে আয়োজিত অনুষ্ঠানত  পৰাগ কুমাৰ দাসৰ প্রতিচ্ছবিত মাল্যপৰ্ণ, পুষ্পাঞ্জলী প্রদান আৰু বন্তি প্রজ্ব লন কৰে ক্ৰমে  অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ সম্পাদক ৰাণাজ্যোতি নেওগ আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সভাপতি পাৰ্থ প্রতীম গোস্বামীয়ে | বাৰ্তাজীৱী সংঘৰ দক্ষিণ পূৱ মণ্ডলৰ সম্পাদক গৰাকীয়ে ভাষণত  নিৰ্ভীক পৰাগ কুমাৰ  দাসৰ কৰ্মৰাজি, আদৰ্শৰ ওপৰত আলোকপাত কৰি  প্রয়াত সাংবাদিক গৰাকী  আদৰ্শৰে অনুপ্রাণিত হোৱাৰ আহবান জনায় ।

সংস্থাৰ উপসভাপতি সমীৰণ বৰঠাকুৰে  আঁত ধৰা অনুষ্ঠানত অাদিবাসী ছাত্র সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক ৰামানুজ লাক্ৰাইয়ো অংশ গ্রহণ কৰে |আজিৰ অনুষ্ঠানত  সংস্থাৰ সাধাৰণ সম্পাদক প্রশান্ত চেতিয়া, উপসভাপতি বিকাশ বৰুৱা, জাহিদ আলি, অৰুণ ভূঞাঁ,আব্দুল আলিম, কিশান লামা আদি সংস্থাৰ সদস্য সকলে প্রয়াত সাংবাদিক গৰাকীলৈ শ্রদ্ধা জ্ঞাপন কৰে |

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ বাবে সাজু জিএছপি…

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত এইবাৰ অৱতীৰ্ণ হব লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি চমুকৈ জিএছপি। আজি এক দলীয় সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তামুলপুৰত মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা জিএছপিৰ সভাপতি নৱ কুমাৰ শৰণীয়াৰ। আজি তামুলপুৰ দিঘিলীপাৰস্থিত জিএছপিৰ মুখ্য কাৰ্যায়লত এক আছুতীয়া সাক্ষাৎকাৰত এই কথা সদৰী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই। জিএছপিৰ সভাপতি গৰাকীয়ে জনোৱা মতে অহা ২০ মে’ৰ ভিতৰত প্ৰথম পৰ্যায়ৰ মনোনয়ন দাখিল হোৱাৰ সম্ভাৱনা আছে। জিএছপিয়ে কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগে লগে নিশ্চিত সফলতা আশা কৰাৰ লগতে কাৰ্বি আংলংৰ নিপীড়িত নিষ্পেষিত কণ্ঠ দমাই ৰখা জনতাই ন্যায় পাবলৈ সক্ষম হ’ব আৰু তাতো বিটিচিৰ নিচিনা পৰিৱৰ্তন আহি পৰিব। কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত অংশ লোৱাৰ ক্ষেত্ৰত আমাৰ বিশেষ প্ৰস্তুতি নাছিল যদিও কাৰ্বি আংলঙৰ ৰাইজৰ গভীৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি আমি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’ব বিচাৰিছোঁ।

প্ৰসংগক্ৰমে তেওঁ উল্লেখ কৰে যে কাৰ্বি আংলঙত কাৰ্বি বা অনা কাৰ্বি বুলি কোনো কথা নাই। কাৰ্বি আংলঙত বসবাস কৰা বহু খিলঞ্জীয়া বা ভূমিপুত্ৰ আজিও নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মাটিৰ পট্টায়েই হওক, কথা কোৱাৰ অধিকাৰযেই হওক, খোৱা পানীৰ পৰা শিক্ষালৈকে চৰকাৰী সা সুবিধাৰ পৰাও বঞ্চিত হৈ আছে। আমি যদি তাত গৈ সোমাব পাৰো নিশ্চিত ভাবে ন্যায় নিৰাপত্তাৰ ক্ষেত্ৰত উপকৃত হব সেই অঞ্চলৰ ৰাইজ। কাৰ্বি আংলঙৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ঐক্য যাতে সুদৃঢ় হয়, উন্নতি তৰান্বিত হয়, দুৰ্নীতি ৰোধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিএছপিয়ে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে নৱ কুমাৰ শৰণীয়াই। কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ মুঠ ২৬খন আসনৰ ১২ খন আসনত মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি মন্তব্য কৰি প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া আসনৰ সংখ্যা আৰু বৃদ্ধি হ’ব পাৰে বুলিও মন্তব্য সাংসদ গৰাকীৰ।
 বিটিআৰৰ ককলাবাৰী পৰিষদীয় সমষ্টিতো জিএছপিযে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সদৰী কৰি অসমখন জিএছপিৰ দখললৈ আহিব পাৰে বুলিও মন্তব্য নৱ কুমাৰ শৰণীয়াৰ। ওদালগুৰি পৰিষদীয় সমষ্টিৰ ক্ষেত্ৰত মন্তব্য কৰি তেওঁ কয় যে ষষ্ঠ অনুসূচীৰ গইনা লৈ গোবিন্দ বসুমতাৰীযে দুটাকৈ পদ দখল কৰি আছে। এই বিশেষ কথাটোক লৈ যেতিয়ালৈকে  কোনেও আদালতৰ দ্বাৰস্থ নহয় তেতিয়ালৈকে এই সমস্যাটো এনেদৰেই থাকি যাব। 

ইপিনে অসম চৰকাৰৰ মন্ত্ৰী সঞ্জয় কিষাণে আলফাৰ ওচৰত ক্ষমা খোজা সন্দৰ্ভত নৱ কুমাৰ শৰণীয়াই  কয় – আলফাৰ বিষয়টো কোনে কি ভাবে বিশ্লেষণ কৰে সেয়া সকলোৱে দেখিছে। আলফাৰ বিষয়টো যথেষ্ট স্পৰ্শকাতৰ। আলফাৰ লগত আবেগিক ভাবে অসমৰ লাখ লাখ মানুহ জড়িত হৈ আছিল। আলফাৰ নেতৃত্বই কৰা ভুলৰ বাবেও তেওঁলোক যথেষ্ট সমালোচিত হৈছে বা আত্মগ্লানিতো ভুগিছে। তেওঁ কয়- মই ভাবো ৰাজনীতিবিদ সকলে এই বিষয়টোৰ পৰা অলপ দূৰত থকাটোয়েই ভাল। তেওঁ চৰকাৰক আহ্বান জনাই তেওঁ কয় – তেওঁলোকে সন্ত্ৰাসবাদী সমস্যা বা সমাধানৰ বিষয় সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক বিষয়খিনিক লৈ আলফাৰ লগত এটি ফলপ্ৰসূ আলোচনা হব লাগে। আমি জনাত এই চৰকাৰ খনৰ সৈতে আলফাৰ  যথেষ্ট আন্তৰিকতা আছিল। এইটোক লৈ আলোচনাত মিলিত হৈ আলোচনা আগবঢ়াই নি অসমৰ সমস্যা সমাধান হলে তেতিয়া ভাল কথা হব। অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ইয়াক এটা সমাধানৰ দিশলৈ লৈ যাব লাগে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য শৰণীয়াৰ।

৯০ ৰ  সময়ত যদি আলফাই এটা ভাল চুক্তি কৰিব পাৰিলে হেতেন অসমৰ বহু পৰিৱৰ্তন আহিলহেঁতেন। ২০২২ ৰ পিছলৈ গলে অসমৰ কিন্তু বহু ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য সাংসদ গৰাকীৰ। বৰ্তমান সময়ত একাংশ যুৱক যুৱতী  অলফামুখী হোৱা সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- আমি আলফাৰ বিগত ২৫ বছৰত  প্ৰতিটো ঘণ্টা প্ৰতিটো মিনিট মনত থকাৰ নিচিনা। আজি ৰ ডেকা ল’ৰা বিলাকে আলফাৰ সেই সংগ্ৰামী জীৱন বা সংকটপূৰ্ণ জীৱনৰ লগত ২৪ ঘণ্টাই তিষ্ঠিব নোৱাৰিব বুলি মই ভাবোঁ। যাৰ বাবে তেওঁলোকে তেওঁলোকৰ বাবে অপঘাটি কাম হবও পাৰে, পলাব চেষ্টা কৰিব পাৰে। কোভিডৰ পিছত অৰ্থনৈতিক সংকটত পৰি ভাৰতবৰ্ষৰ লগতে অসমত অৰ্থনৈতিক সংকট আহি পৰিছে। শিক্ষিত যুৱক সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰিছে। সমাজত গোটেই বস্তুবোৰ ৰাজনীতিকৰণ হয়। বহু মানুহে এই পৰিস্থিতি সহ্য কৰিব নোৱাৰি হতাশাত ভুগিহে অলফালৈ গমন কৰিছে।  স্বাধীন অসম বা প্ৰকৃত মুক্তি সেনানি হিচাপে যুৱক যুৱক সকলে আলফালৈ গমন কৰা বুলি মই নাভাবোঁ। অলফালৈ যোৱাৰ আগতে যুৱক যুৱতী সকলক দহবাৰ ভাবিবলৈ আহ্বান নৱ কুমাৰ শৰণীয়াৰ।

পৰিচালক পাৰ্থজিৎ বৰুৱাক “জোনাকী বাট ” বঁটা প্ৰদান…

অসমৰ প্ৰথম মহিলা মিউজিকেল ব্ৰেণ্ড ” সুৰসমলয়”ৰ সৌজন্যত  “এই ধুনীয়া গধূলি লগন ” শীৰ্ষক এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠান কালি সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত  অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট অভিনেত্ৰী মলয়া গোস্বামী , বিশিষ্ট কন্ঠশিল্পী দুৰ্গাময়ী বৰা , নগাঁও জিলা আৰক্ষী অধীক্ষক লীনা দলে আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে। অনুষ্ঠানতে সুৰসমলয়ৰ শিল্পী সকলৰ সংগ্ৰামৰ বিষয়ে চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাই নিৰ্মাণ কৰা  দেশ বিদেশত সমাদৃত হোৱা তথ্যচিত্ৰ ” ব্ৰেকিং দ্যা চাইলেঞ্চ” প্ৰদৰ্শন কৰা হয়।

অনুষ্ঠানত চলচিত্ৰ নিৰ্মাতা পাৰ্থজিৎ বৰুৱাক সুৰসমলয়ৰ “জোনাকী বাট ” বঁটা প্ৰদান কৰা হয়। আনহাতে নৃত্য শিল্পী গৌৰৱ কুমাৰ হাজৰিকাৰ পৰিচালনাত ” সূত্ৰধাৰ”ৰ শিল্পী সকলে পৰিবেশন কৰা নৃত্যানুষ্ঠান “জোনাকী বাটেৰে” শীৰ্ষক অনুষ্ঠানে দৰ্শকক মোহাছন্ন কৰি ৰাখে। আকাশবাণী নগাঁও কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত সঞ্চালিকা পল্লবী কলিতাৰ ভায়োলীন আৰু অঞ্জলী মহন্তৰ মেণ্ডোলীনৰ যুগলবন্দীয়ে সকলোকে আপ্লুত কৰি তোলে। সুৰসমলয়ে কালি  নগাঁও বাসীক এটি সুন্দৰ সন্ধিয়া উপহাৰ দিয়া বুলি সচেতন মহলে মন্তব্য কৰে ।

খাৰুপেটীয়াৰ এখন দলঙৰ বাবে যন্ত্ৰনা ভুগিছে পথচাৰী, ছাত্ৰ ছাত্ৰীয়ে…

দৰঙৰ খাৰুপেটীয়া নগৰৰ পৰা শ্যামপুৰ আৰিমাৰীলৈ যোৱা একমাত্ৰ পথৰ দলঙৰ বাবে যমৰ জাতনা ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজ । অতি ব্যস্ততা পূৰ্ণ পথটোৰে দৈনিক শ শ লোকৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে । পূৰ্বৰ কাঠৰ দলং খন জহি খহি যোৱাত নিৰ্মাণ হৈ আছে এখন পকী দলং । কিন্তু পকী দলং নিৰ্মাণত ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষই  হেমাহি কৰাৰ অভিযোগ । দীৰ্ঘ দিন ধৰি মৰণফান্দ সদৃশ লোহাৰ জইছৰ ওপৰেৰে যাতায়ত অব্যাহত ৰাখিছে কেইবাখনো গাঁৱৰ ৰাইজ । যমৰ জাতনা ভুগি বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলেও ভয় শংকাৰ মাজেৰে যাতায়ত অব্যাহত ৰাখিছে ।

উল্লেখ্য যে কেইবাদিনো ধৰি ধাৰাষাৰ বৰষুণৰ ফলত কালাপানী নদীৰ পানী বৃদ্ধি পোৱাত লোহাৰ জইছ ডুব যোৱা অৱস্থা হৈছে । পানী মেটেকাৰ হেচাত বিপদ মাতিছে লোহাৰ জইছ লৈ । যিকোনো মূহুৰ্তত পথচাৰীৰ সংঘটিত হ’ব পাৰে অঘটন । পানী মেটেকা আতৰাই লোহাৰ জইছ কেইখন ৰক্ষা কৰিবলৈ কোনো প্ৰস্তুতি নাই বিভাগীয় কৰ্তৃপক্ষ তথা দলং খনৰ দায়িত্ব পোৱা ঠিকাদাৰৰ । উল্লেখযোগ্য যে , ২০১৭ চনত দলগাওঁ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইলিয়াছ আলীয়ে আধাৰশিলা স্থাপন কৰা দলং খনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ নোহোৱাত একুৰিৰো অধিক গাঁৱৰ ৰাইজে যাতায়ত কৰাত তীব্ৰ বাধাৰ সন্মুখীন হৈছে । শীঘ্ৰে দলং খনৰ কাম সম্পূৰ্ণ কৰি যাতায়ত ব্যৱস্থা সূচল কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে ।

সাগৰ সদৃশ পৰিবেশ কামপুৰৰ বিভিন্ন অঞ্চল…

চতুৰ্থ দিনাও অপৰিবৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি।চৌদিশে কেৱল পানী আৰু পানী। সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে এতিয়া কামপুৰৰ বিভিন্ন অঞ্চলত। ভয়াবহ হৈ পৰিছে কামপুৰৰ বানপৰিস্থিতি। কামপুৰত কপিলী,বৰপানী নদীৰ সমান্তৰালকৈ এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে  নিশাৰী নৈয়ে।নিশাৰী নৈ বানে তেতেলীসৰা গ্ৰান্টৰ প্ৰায় ১৬ খনকৈ গাঁওক প্লাবিত কৰা ফলত অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে।জলমগ্ন হৈ পৰিছে কামপুৰৰ বিস্তীৰ্ণ অঞ্চল।প্লাবিত হৈছে ইটোৰ পাছত সিটো অঞ্চল ।জলমগ্ন হৈ পৰিছে বহুকেইটা ৰাজপথ ।কপিলীৰ বানে চিঙিছে ইটোৰ পাছত সিটো মথাউৰি ।আতংকিত হৈ পৰিছে নৈ পৰীয়া জনতা। নাজল নাথল অৱস্থা হৈছে পশুধন সমূহৰ।

একাংশ বানক্ৰান্ত নিজ গৃহতে আৱদ্ধ হৈ থাকিবলগীয়া পৰিবেশো সৃষ্টি হোৱাৰ বিপৰীতে বহু বৰ্নাত্য‌ই নিজ ঘৰ দুৱাৰ এৰি এতিয়া টালি টোপোলা আৰু পশুধনক লগত লৈ ওখ স্থানলৈ ঢাপলি মেলিছে।ইপিনে নিশাৰীৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানি পথৰ ওপৰৰে  বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰ যাতায়ত সাময়িক ভাবে বন্ধ কৰি দিছে।পানী কমিলেহে পথটো খুলি দিয়া হব বুলি জানিবলৈ দিছে।ইফালে তেতেলীসৰা গ্ৰান্টৰ বানত আক্ৰান্ত বৰ্ণাত্য‌ ৰাইজে এতিয়া আশ্ৰয় লব লগা হৈছে বিদ্যালয়ত। আশ্ৰয় লৈছে যদিও আশ্রয়স্থলীত পানী হোৱাত পুনৰ নিৰাপদ স্থানলৈ নিয়াৰ ব্যৱস্থা কৰিছে প্ৰশাসনে।গ্ৰাণ্টৰ ডেৰশৰো অধিক পৰিয়াল বানৰ কবলত। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে বৰ্ণাত্যই।

জিলা প্ৰশাসনৰ ফালৰ পৰা বৰ্ণাত্য সকলক কেৱল চিৰা আৰু চেনী যোগান ধৰা হৈছে বুলি বানাক্ৰান্ত সকলে জানিবলৈ দিছে।আনহাতে বৰো ধানৰ খেতি কটাৰ সময়তে বানে খেতিপথাৰ প্লাবিত কৰি বিস্তৰ ক্ষতি সাধন কৰিছে।চকুৰ সন্মুখতে মূৰৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা বানে নষ্ট কৰাত এতিয়া কৃষক ৰাইজৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

ভূমিকম্প আহিলে ঘৰত কি কি কৰিব লাগে জানেনে?

Seismograph with paper in action and earthquake - 3D Rendering

উত্তৰ-পূৰ্বাঞ্চলক ভূমিকম্পপ্ৰৱণ অঞ্চল বুলি কোৱা হয়। ২৪ ঘণ্টাত দুটাকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উঃ-পূৰ্বাঞ্চল। সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে কেইবাটাও সাৱধানতাৰ আহ্বান জনাইছে।

ঘৰত কি কৰিব লাগে ?

  1. শান্ত থাকক। আতংকিত নহ’ব।
  2. মেচ, মমবাতি বা কোনো শিখা ব্যৱহাৰ নকৰিব।
  3. টেবুলৰ তলত আশ্রয় লওক। আপোনাৰ মুৰটো এখন হাতেৰে আৰু কম্পন শেষ নোহোৱালৈকে মেজখন ধৰি ৰাখক।
  4. যদি আপুনি ঘৰৰ ভিতৰত আছে, ভিতৰতে থাকিব। যদি আপুনি বাহিৰত আছে, বাহিৰতে থাকক।
  5. আয়না আৰু খিৰিকীৰ পৰা আঁতৰি থাকক।
  6. কম্পন শেষ নোহোৱালৈকে ভৱনটোৰ পৰা প্ৰস্থান নকৰিব।
  7. এটি কোণত বা শক্তিশালী মেজ বা বিচনাৰ তলত নিজকে সুৰক্ষিত ৰাখক
  8. আয়না আৰু খিৰিকীৰ পৰা আঁতৰত ভিতৰৰ বেৰত থাকি নিজকে সুৰক্ষিত ৰাখক।

ভূমিকম্পক প্ৰতিৰোধ বা নোহোৱা কৰিব নোৱাৰি। কিন্তু সাৱধানতা অৱলম্বন কৰিলে নিশ্চয় নিজকে সুৰক্ষিত কৰিব পাৰি। কোৱা হয় সাৱধানীৰ মৰণ নাই।