Home Blog Page 2406

আলফালৈ যোৱাৰ মন! সামাজিক মাধ্যমত প্ৰচাৰ চলাই আটক হ’ল যুৱক…

এতিয়া ৰাজ্যখনৰ বিভিন্ন জিলাৰ একাংশ যুৱক-যুৱতী নিষিদ্ধ ঘোষিত সংগঠন আলফা ( স্বাধীন) লৈ গমন কৰি থকাৰ সময়তে বঙাইগাঁও আৰক্ষীয়ে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলোৱা এজন যুৱকক আটক কৰিছে ৷ সামাজিক মাধ্যম ফেছবুকত আলফালৈ যোৱাৰ বাবে ইচ্ছুক আৰু মন আছে বুলি প্ৰচাৰ চলাই আৰক্ষীৰ জালত পৰে যুৱকজন ৷ কেৱল আৰক্ষীৰ দ্বাৰা আটক হোৱাই নহয় বৰং জেল হাজোতলৈও যাবলগীয়া হ’ল যুৱকজন ৷ উল্লেখ্য যে বঙাইগাঁও আৰক্ষীয়ে আটক কৰা যুৱকজন বঙাইগাঁও সদৰ থানাৰ অন্তৰ্গত ডাউকিঝাৰৰ ডেভিদ বৰ্মন (২১) বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে ৷ এই সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে এক বিশেষ সূত্ৰৰ পমখেদি বঙাইগাঁও আৰক্ষীয়ে শুকুৰবাৰৰ নিশা ডাউকিঝাৰৰ নিজ গৃহৰ পৰা যুৱক জনক আটক কৰে ৷ যুৱকজনক পিচত সোধ- পোচ কৰাৰ অন্তত যুৱকজনে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদানৰ ইচ্ছাৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰে ৷

লগতে যুৱকজনে আলফালৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদ মাধ্যমক জানিব দিয়ে ৷ এই সম্পৰ্কত যুৱকজনৰ বিৰুদ্ধে বঙাইগাঁও সদৰ থানাত ২৪২/২০২২ (  Case No 242/2022-  U/S- 120 (B) / 121/121(A) IPC, R/W Sec -13(1)(b) U.A (P) Act, R/W Sec b6 (F) I.T Act) নম্বৰৰ এটা গোজৰ ৰুজু কৰি পিচত  গ্ৰেপ্তাৰ কৰে ৷ ধৃত যুৱকজনক আৰক্ষীয়ে শনিবাৰে বঙাইগাঁও আদালতত হাজিৰ কৰোৱাত আদালতে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ ডেভিদ বৰ্মন নামৰ যুৱকজনে বিশেষ কোনো কাম বন নকৰে ৷ ইপিনে ৰাজ্যৰ বিভিভিন্ন ঠাইৰ পৰা হঠাতে একাংশ যুৱক – যুৱতী আলফাত যোগদানৰ বাবে গৈ থকাৰ পিচত বঙাইগাঁও জিলা আৰক্ষীয়েও বিষয়টোৰ প্ৰতি গুৰুত্বাৰোপ কৰি তলে তলে চোকা দৃষ্টি ৰাখিছে ৷ লগতে সামাজিক মাধ্যমৰ ওপৰতো নজৰ ৰাখিছে ৷ আনহাতে কিছুদিন পূৰ্বে নৰ্থ বইটামাৰী অঞ্চলৰ অপৰাজিত নাথ নামৰ যুৱক এজন ঘৰৰ পৰা ওলাই যোৱাৰ পিচৰে পৰা সন্ধানহীন হৈ থকা বিষয়ত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়া মতে যুৱকজনেপৰিয়ালৰ লোকক আলফা ( স্বাধীন) ত যাৱলৈ ইচ্ছা প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত যুৱকজনে এই  সন্দৰ্ভত পূৰ্বে পষ্ট দিয়াৰ পিচত যুৱকজনক মতাই আনি আৰক্ষীৰ ফালৰ পৰা বুজোৱাও হৈছিল ৷ কিন্তু পিচত ঘৰৰ পৰা মই যাও বুলি কৈ ওলাই গৈছে ৷ সেয়ে বৰ্তমান যুৱকজন আলফাত যোগদান কৰিছে নে নাই এই সন্দৰ্ভত কোনো নিশ্চিত তথ্য পোৱা নাই বুলিও কয় ৷ 

বন্যপ্ৰাণী সংৰক্ষণ সম্পৰ্কীয় সজাগতা কৰ্মশালাত অংশগ্ৰহণ মুখ্য ন্যায়াধীশৰ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহামান্য মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে শনিবাৰে বঙাইগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত দ্বিতীয় ৰাষ্ট্ৰীয় লোক আদালতৰ কাৰ্যসূচী পৰিদৰ্শন কৰে ৷ লগতে জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত কি কি সা-সুবিধা আছে সেয়া পৰিদৰ্শন কৰি আদালতখনৰ বিষয়ববীয়াৰ লগতো মুখ্য ন্যায়াধীশৰাকীয়ে বাৰ্তালাপ কৰে ৷ ইয়াৰ পিছতে মুখ্য ন্যায়াধীশগৰাকীয়ে বঙাইগাঁও জিলাৰ সীমান্তৱৰ্তী চাপাগুৰীস্থিত হোটেল চিগনেটত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ আৰু  “আৰণ্যক”নামৰ বন্যপ্ৰাণী প্ৰেমী সংগঠনৰ যুটীয়া উদ্যোগত আয়োজন কৰা সজাগতা কৰ্মশালাত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত মুখ্য ন্যায়াধীশ এন কোটিশ্বৰ সিঙে কয় যে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধ কৰিবলৈ বহুপক্ষীয় প্ৰচেষ্টাৰ প্ৰয়োজন। সমগ্ৰ বিশ্বতে আজি বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ বাবে এক জাগৰণৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত বন বিভাগ, আৰক্ষী, সীমান্ত সুৰক্ষা বাহিনী,অৰ্ধ সামৰিক বাহিনী, সেনা বাহিনী আৰু সমাজৰ আন আন বেচৰকাৰী সংগঠনবিলাকে বন্য প্ৰাণী সংৰক্ষণৰ বাবে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা প্ৰয়োজন বুলিও তেওঁ উল্লেখ কৰে ।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে ভাৰতৰ সংবিধানত লিপিবদ্ধ আইন মতে সকলো নাগৰিকৰে এইটো মৌলিক কৰ্তব্য যে তেওঁলোকে প্ৰাকৃতিক পৰিৱেশ, বনাঞ্চল, বিল আৰু বন্য-প্ৰাণী সংৰক্ষণ কৰিব লাগে। তাৰ বাবে সীমান্তত সশস্ত্ৰ সীমাবলৰ অধীনৰ এজন জোৱান নিয়োগ কৰা হয় আৰু তেওঁ কোনো কাৰণতে নিজৰ দেশৰ বা ৰাজ্যৰ মূল্যৱান জীৱ-জন্তুসমূহ সীমান্তৰে চোৰাংভাৱে সৰবৰাহ যাতে নহয় তাৰ ওপৰত নজৰ দিব লাগে। সেনা আৰু অৰ্ধ -সামৰিক বাহিনীৰো এইটো দায়িত্ব আছে যে তেওঁলোকে বন্যপ্ৰাণী সম্পৰ্কীয় অপৰাধ ৰোধৰ ক্ষেত্ৰত  আৰক্ষী আৰু বন বিভাগক সহায়ৰ হাত আগবঢ়াব লাগে।তেওঁ আৰু কয় যে বন্যপ্ৰাণী অবৈধ সৰবৰাহ কৰা অপৰাধীক হাতেলোটে ধৰিব পাৰিলে জৰিমনা বিহা আৰু মূল্যৱান জীৱসমূহ জব্দ কৰাটোও লঘু দৃষ্টিভংগীৰে ল’ব নালাগে।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশ সৌমিত্ৰ শইকীয়াই কয় যে বন্যপ্ৰাণী সুৰক্ষা আইন,১৯৭২(Wildlife Protection Act,1972) ত বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কীয় কেবাটাও প্ৰধান দফা থকাৰ উপৰিও ফৌজদাৰী বিধিও আছে যিকেইটা সমানে প্ৰযোজ্য। 

তেওঁ আৰু কয় যে বেচৰকাৰী সংগঠন, আইন বলবৎকাৰী,বিশেষজ্ঞ,বন বিভাগ আৰু আন বহুতো লোকে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট উল্লেখনীয় কাম কৰিছে। উক্ত সজাগতামূলক কৰ্মশালাত অসম আৰক্ষী,অসমৰ বন বিভাগ, সশস্ত্ৰ সীমা বলৰ উপৰিও বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ন্যায়ালয়ৰ বিষয়ববীয়াও অংশগ্ৰহণ কৰে।তেওঁলোকৰ ভিতৰত আছিল অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ সদস্য সচিৱ নয়ন শংকৰ বৰুৱা, বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিৱ তৰুণ দে’, এছ এছ বিৰ ডি আই জি  জগদীপ পাল সিং (ৰঙিয়া), এছ এছ বি বঙাইগাঁৱৰ ডি আই জি এন্টনী থানমী, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড:বৈভৱ চি মাথুৰ আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল বিষয়া বিষ্ণু সিং। আনহাতে আৰণ্যকৰ বিষয়ববীয়াসকলো উপস্থিত থাকে ৷ 

আজি নিযুক্তিপত্ৰ লাভ নকৰাসকলে পৰৱৰ্তী সময়ত সংগ্ৰহ কৰিব পাৰিব নিযুক্তিপত্ৰ!কিন্তু ক’ৰপৰা?

আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যাসয় খেলপথাৰত অসম চৰকাৰে নিযুক্তি প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে৷ ৰাজ্যৰ প্ৰায় ২৩,০০০ যুৱক-যুৱতীক অসম চৰকাৰৰ অধীনস্থ কেইবাটাও বিভাগত নিযুক্তিপত্ৰ প্ৰদান কৰা হয়৷ পিছে, খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলক পৰৱৰ্তী সময়ত প্ৰদান কৰা হ’ব নিযুক্তিপত্ৰ৷  আজি নিযুক্তি পত্ৰ লাভ নকৰা যুৱক-যুৱতীসকলে পৰৱৰ্তী সময়ত ক’ত কেনেকৈ নিযুক্তি পত্ৰ লাভ কৰিব সেই বিষয়ে মুখ্যমন্ত্ৰী শৰ্মাই নিজেই সবিশেষ সদৰী কৰে৷  আজি গৃহ বিভাগত ৮৮৬৭টা, প্ৰাথমিক শিক্ষা ৭৪২২টা, মাধ্যমিক শিক্ষা ৩৫১৭টা, উচ্চ শিক্ষা ১২৪টা, জনস্বাস্থ্য কাৰিকৰী ৩৩০টা, জলসম্পদ ১০৫টা, সমাজ কল্যান ৬৯টা, স্বাস্থ্য ২৪১৯টা, কৃষি ৫৫, পৰিৱেশ আৰু বন  ২৩, লোক নিৰ্মাণ ৮, খনি আৰু খনিজ পদাৰ্থ ২, শ্ৰমিক কল্যানত ১৭টা পদৰ বাবে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়।


অৱশ্যে সকলো প্ৰাৰ্থীকেই খানাপাৰত নিযুক্তি পত্ৰ দিয়া নহ’ল৷ পিছে খানাপাৰাত নিযুক্তি পত্ৰ লাভ নকৰা প্ৰাৰ্থীয়ে ক’ত, কেনেকৈ লাভ কৰিব নিযুক্তি পত্ৰ? সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই সদৰী কৰা অনুসৰি- জলসম্পদ বিভাগৰ নিযুক্তিৰ যাব লাগিব বশিষ্ঠৰ কাৰ্যালয়লৈ, বশিষ্ঠৰ অতিৰিক্ত মুখ্য অভিযন্তা কাৰ্যালয়লৈ গৈও লাভ কৰিব নিযুক্তি৷
সমাজকল্যাণ বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব বেলতলালৈ, বেলতলাৰ সমাজ কল্যাণ সঞ্চালকালৈ কাৰ্যালয়ত দিয়া হ’ব নিযুক্তি পত্ৰ। বন বিভাগৰ নিযুক্তিৰ পত্ৰৰ বাবে যাব লাগিব পাঞ্জাবাৰীৰ অৰণ্য ভ্ৰমণলৈ, তাতে লাভ কৰিব নিযুক্তি পত্ৰ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নিযুক্তি পত্ৰ হেঙেৰাবাৰীত অৱস্থিত কাৰ্যালয়ৰ পৰা  লাভ কৰিব। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ত নিযুক্তি পোৱাসকলে অনলাইন যোগে ডাউনলোড কৰিব পাৰিব নিযুক্তি পত্ৰ। ইয়াৰ বাবে সন্ধিয়া ৪বজাৰ পাছত উপলব্ধ হ’ব অনলাইনত ডাউনলোড প্ৰক্ৰিয়া।

মাধ্যমিক শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলেও অনলাইনতে পাব নিযুক্তি পত্ৰ, বিয়লি ৩বজাৰ পিছত উপলব্ধ হ’ব অনলাইন ডাউনলোড প্ৰক্ৰিয়া।উচ্চ শিক্ষাত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে কাহিলীপাৰাত অৱস্থিত শিক্ষা সঞ্চালকালয় কাৰ্যালয়ত গৈ লাভ কৰিব নিযুক্তি পত্ৰ।স্বাস্থ্য বিভাগত নিযুক্তি পোৱা প্ৰাৰ্থীসকলে ডায়েৰেক্টৰ অব্ হেলথ চাৰ্ভিছত লাভ কৰিব নিযুক্তি পত্ৰ। অন্যথা অনলাইন ৱেবছাইট যোগেও লাভ কৰিব নিযুক্তি পত্ৰ।ডায়ৰেক্টৰ অব্ হেলথ ফেমেলী ৱেলফাৱাৰত যিসকলে নিযুক্তি পাইছে dhsfw.assam.gov.in যোগে লাভ কৰিব নিযুক্তি পত্ৰ। ডায়েক্টৰ অৱ মেডিকেল এডুকেশ্যনত নিযুক্তি পোৱা সকলে dme.assam.gov.inত লাভ কৰিব নিযুক্তি পত্ৰ। অটল অমৃতত নিযুক্তি পোৱাসকলেও অনলাইন ছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। কৃষিবিভাগত নিযুক্তি পোৱাসকলে খানাপাৰাৰ কৃষি বিভাগৰ কাৰ্যালয়ত গৈ ল’ব পাৰিব নিযুক্তি পত্ৰ।লোক নিৰ্মাণ বিভাগৰ প্ৰাৰ্থীসকলে সচিবালয়ত থকা PWDৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। সচিবালয়ৰ ব্লক Bত লাভ কৰিব নিযুক্তি পত্ৰ।


খনি আৰু খনিজ পদাৰ্থৰ প্ৰাৰ্থীসকলে সভা সমাপ্ত হোৱাৰ পাছত পশু মহাবিদ্যালয় খেলপথাৰৰ কাৰ্যালয়ৰ পৰা ল’ব পাৰিব নিযুক্তি পত্ৰ। অন্যথা অসম সচিবালয়ৰ ব্লক Dত গৈ পোনে পোনে ল’ব পাৰিব নিযুক্তি পত্ৰ। আৰক্ষীসকলেও অনলাইন ৱেবছাইটত লাভ কৰিব নিযুক্তি পত্ৰ। ৪বজাৰ লগে লগে নিৰ্ধাৰিত ৱেবছাইটযোগে লাভ কৰিব নিযুক্তি পত্ৰ। আৰক্ষীত নিযুক্তি পোৱাসকলে ১৬তাৰিখে নিযুক্তি পত্ৰত উল্লেখ থকা নিৰ্দিষ্ট জিলাত উপস্থিত হ’ব লাগিব প্ৰাৰ্থীসকলে৷ ১৮তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ অনুশীলন আৰম্ভ হ‘ব৷

অসমত এইবাৰ মন্ত্ৰী আৰু আলফাৰ মাজত সংঘাত…

আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাৰ অপৰাধত শাস্তিৰ সন্মুখীন হোৱা দুই অসমীয়া যুৱক আৰু প্ৰাক্তন ছাত্ৰ নেতা বিজু গগৈৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত শুকুৰবাৰে সংগঠনটোৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী সঞ্জয় কিষাণে। মন্ত্ৰী গৰাকীৰ মতে আলফা স্বাধীনৰ মূখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা এজন মিছলীয়া ব্যক্তি। পৰেশ বৰুৱাই বহুবাৰ অসমৰ ৰাইজক মিছা কথা কৈ আহিছে। কেৱল এয়াই নহয়, পৰেশ বৰুৱাসহ আলফা স্বাধীনৰ বহু সদস্যই মূল উদ্দেশ্যৰ পৰা আঁতৰি গৈছে বুলিও অভিযোগ উত্থাপন কৰিছে বিজেপি মন্ত্ৰী গৰাকীয়ে। শুকুৰবাৰে নগাঁৱৰ মন্টেশ্বৰী শিশু আৰু প্ৰাথমিক বিদ্যালয়ৰ গুণোৎসৱৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি আলফাৰ বিৰুদ্ধে এইদৰে একাধিক বিস্ফোৰক মন্তব্য কৰিলে সঞ্জয় কিষাণে। মন্ত্ৰীগৰাকীৰ এই বক্তব্যৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনে। প্ৰাগ নিউজ ডিজিটেললৈ এক ইমেইল বাৰ্তা প্ৰেৰণ কৰি সংগঠনটোৱে মন্ত্ৰী গৰাকীক ২৪ ঘন্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী উত্থাপন কৰিছ।

সংগঠনটোৱে উল্লেখ কৰা অনুসৰি তিনিচুকীয়াৰ বিজেপি বিধায়ক সঞ্জয় কিষানে কোনো ধৰণৰ সত্য-সত্যতা বিচাৰ নকৰি প্ৰকৃত সত্যক মিছা অপ্ৰলেপ দি নিজৰ মতামত প্ৰকাশ কৰিবলৈ গৈ সংবাদ মাধ্যমত আলফা স্বাধীনৰ সভাপতি পৰেশ বৰুৱাৰ বিৰুদ্ধে ‘মিছলীয়া’ শব্দৰ প্ৰয়োগেৰে অপমান সূচক মন্তব্য কৰিছে। আৰু ইয়াৰ প্ৰতিবাদত মন্ত্ৰীগৰাকীৰ বক্তব্যক এক অপৰাধ হিচাপে বিবেচনা কৰাৰ কথাও উল্লেখ কৰিছে আলফা স্বাধীনে। সেয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত আলফাৰ ওচৰত ক্ষমা বিচাৰিব লাগিব মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অন্যথা সমগ্ৰ তিনিচুকীয়া-ডিব্ৰুগড় জিলাত আলফাই নিষিদ্ধ ঘোষণা কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে। সমান্তৰালকৈ অসমৰ ভূমিপুত্ৰ জনগণক বিধায়ক সঞ্জয় কিষানৰ সকলো ধৰণৰ ৰাজনৈতিক-অৰাজনৈতিক সভা-সমিতি তথা কাৰ্য্যৱলীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিবলৈ আলফাই বিবৃতিৰ যোগে আহ্বান জনোৱা দেখা গৈছে ।

আলফাৰ এই চৰম পত্ৰৰ পাছত এতিয়ালৈ মন্ত্ৰী গৰাকীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা পোৱা নাই। মুখ্যমন্ত্ৰীয়ে আলোচনাৰ মেজলৈ আলফা স্বাধীনক আনিবলৈ চলাই থকা নিৰন্তৰ প্ৰচেষ্টাৰ মাজতে তেওঁৰেই মন্ত্ৰীসভাৰ সদস্যই আলফাৰ সৈতে এনে মুকলি সংঘাটত লিপ্ত হোৱাটোৱে এতিয়া বিশেষ তাত্পৰ্য বহন কৰিছে। আলফাৰ এনে মুকলি হুংকাৰৰ পাছত এতিয়া ৰাজ্যৰ গৃহ বিভাগে কি ভূমিকা গ্ৰহণ কৰে বা মন্ত্ৰী গৰাকীয়ে কি স্থিতি লয় তাৰ বাবে সকলোৱে উত্কণ্ঠাৰে বাট চাই আছে। সেয়া যিয়েই নহওক, অসমৰ ৰাইজে পুনৰ ৰক্তপাতৰ এখন ভাতৃঘাটী যুদ্ধ চাব বিচৰা নাই। মুখ্যমন্ত্ৰীৰ শান্তি আলোচনাৰ আহ্বান আৰু ইয়াৰ প্ৰতি আলফাৰ মুখ্য সেনাধ্যক্ষ গৰাকীৰ সঁহাৰিয়ে সাধাৰণ ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰিছিল। কিন্তু শেহতীয়া এনে ঘটনাৰাজিয়ে শান্তিকামী ৰাইজৰ মনত পুনৰ প্ৰশ্নৰ অৱতাৰণা কৰিছে যে অসম আকৌ অশান্ত হোৱাৰ পথত নেকি?

কেজিএফ খ্যাত যশৰ দেউতাক এতিয়াও পেচাত এজন বাছ চালক! 

প্ৰশান্ত নীলৰ কেজিএফ চেপ্তাৰ ২ এমাহ আগতে মুকলি কৰা হৈছিল। ছবিখনে ইতিমধ্যে বক্স অফিচত হাজাৰ হাজাৰ কোটিৰ ব্যৱসায় কৰিছে আৰু সেই চিনেমাখনৰ বাবে দক্ষিণৰ চুপাৰষ্টাৰ যশ দেশৰ আইকন হৈ পৰিছিল। দৰ্শকৰ চকু এতিয়াও তেওঁৰ ওপৰত আছে। নিম্ন মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ যশে সংগ্ৰাম কৰি সফলতা অৰ্জন কৰিছে। এক সাক্ষাৎকাৰত, তেওঁ কৈছিল যে তেওঁৰ দেউতাক পেছাত এজন বাছ চালক আছিল। তাৰ মাজতে এতিয়া আন এক ৰহস্য পোহৰলৈ আহিছে! যশৰ দেউতাক অৰুণ কুমাৰে তেওঁৰ পুত্ৰ এজন চুপাৰষ্টাৰ হোৱা স্বত্বেও বাছ চলাবলৈ এৰি দিয়া নাছিল। তেওঁ এতিয়াও কেএছআৰটিচিৰ এজন বাছ চালক।


এই গোপন কথাটো শেহতীয়াকৈ জনপ্ৰিয় পৰিচালক এছ এছ ৰাজামৌলীয়ে ৰাজহুৱা কৰিছিল। এক অনুষ্ঠানত আৰআৰআৰ ৰ সঞ্চালকজনে কয়, “মই শুনিছোঁ যে যশৰ দেউতাক এজন বাছ চালক। তেওঁ এতিয়ালৈকে চাকৰি এৰা নাই। মোৰ মতে, তেওঁহে হৈছে এজন প্ৰকৃত তাৰকা। যশতকৈ তেওঁৰ অধিক কৃতিত্ব আছে। কোৱাৰ প্ৰয়োজন নাই যে যশৰ দেউতাকৰ শালীনতাই বাহুবলী খ্যাত পৰিচালকৰ মনত আকৰ্ষণ কৰিছিল। পুত্ৰ চুপাৰষ্টাৰ হোৱাৰ পিছতো তেওঁ নিজৰ পৰিচয় পাহৰি নোযোৱাটোৱেই বহুতক অনুপ্ৰাণিত কৰিছে।


নবীন কুমাৰ গৌড়া ওৰফে যশৰ জন্ম ১৯৮৬ চনৰ ৮ জানুৱাৰীত মহীশূৰত হৈছিল। তেওঁৰ দেউতাক অৰুণ কুমাৰ পেছাত এজন বাছ চালক আছিল। আৰু মাক পুষ্পা এগৰাকী গৃহিনী। যশে সৰুৰে পৰা নায়ক হোৱাৰ সপোন দেখি আছিল। যাৰবাবে তেওঁ স্কুল আৰু কলেজৰ থিয়েটাৰতো অংশগ্ৰহণ কৰিছিল। যশে ছবিখনত অভিনয় কৰাৰ সুযোগ পোৱাৰ সময়ত মাত্ৰ ৩০০ টকা লৈ ঘৰ এৰিছিল।

দ্বিবিভক্ত হোৱাৰ দিশে পূৰ্বাঞ্চল তাই সাহিত্য সভা!

ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ তাই আহোম সমাজৰ জাতিয় সাহিত্য মঞ্চ পূৰ্বাঞ্চল তাই  সাহিত্য সভা ক্ৰমাৎ দ্বিখণ্ডিত হোৱাৰ পথত। অৰ্থাৎ  তাই আহোম সকলৰ  ভাষা ,সাহিত্যৰ লগতে বৈদ্ধিক উৎকৰ্ষ সাধনৰ  মহান লক্ষ্যৰে বিগত ৩৮ টা বৰ্ষ অবিৰাম জাতীয় সেৱা আগবঢ়াই যোৱা পূৰ্বাঞ্চল তাই সাহিত্য সভাত উলম্ব বিভাজন ঘটিব।

৩ টা দশকৰো অধিক কাল স্বজাতিৰ বৌদ্ধিক জাগৰণ সৃষ্টি কৰি অহা তাই সাহিত্য সভাৰ পবিত্ৰ মজিয়াত শেহতীয়া ভাবে  উন্মেষ ঘটা সীমাহীন অনিয়ম দুৰ্নীতি আৰু স্বেচ্ছাচাৰী কাৰ্যকলাপত অতিষ্ঠ একাংশ  নীতিনিষ্ঠ তাই সাহিত্য সেৱকৰ মুকলি  প্ৰতিবাদ আৰু অসন্তুষ্টিৰ  পৰিণতিত এনে ভয়াবহ দুৰ্যোগৰ গ্ৰাসত নিমাৰ্জিত হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে । 

সদ্য সমাপ্তি ঘটা ৩৯ সংখ্যক পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ অধিবেশনত এনে পঞ্জীভূত ক্ষোভ অসন্তুষ্টিৰ মুকলি প্ৰকাশ হোৱাৰ পৰৱৰ্তী সময়ত একাংশ নিষ্ঠাবান প্ৰবীণ নবীন সাহিত্য সেৱক প্রকাশ্যে নামি পৰিছে এক সমান্তৰাল সাহিত্য সভা গঠনত। প্ৰধানকৈ উজনি অসমৰ শিৱসাগৰ ,ডিব্ৰুগড় , যোৰহাট ,আৰু উত্তৰ অসমৰ ধেমাজি ,লখিমপুৰ আদি জিলাৰ গৰিষ্ঠ সংখ্যক তাই পণ্ডিত আৰু সাধকৰ নেতৃত্বত সঘন বৈঠক বহিছে ।

“তাই সাহিত্য সভা” নামাংকণ কৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সমান্তৰাল সাহিত্য সভা গঠনৰ অন্তিম সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তুতি ব্যাপক কৰি তুলিছে  অভ্যন্তৰত অব্যাহত থকা চূড়ান্ত অনিয়ম অনীতি আৰু মই মতালিৰাজত বিতুষ্ট তাই পণ্ডিত আৰু সাধক সমাজ। তাৰেই অংশ হিচাবে ইতিমধ্যে সাহিত্য সভাৰ মজিয়া ত্যাগ কৰা প্ৰক্ৰিয়া আৰম্ভ হৈছে উজনি অসমৰ পৰা।

UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসকৰ কিছু নজনা কথা…

UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ শুকুৰবাৰে মৃত্যু ঘটে। ৰাষ্ট্ৰপতি পৰিক্ৰমা মন্ত্ৰালয়ে আৰৱ আৰু ইছলামিক ৰাষ্ট্ৰ UAEৰ ৰাষ্ট্ৰপতি শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানৰ মৃত্যুত আৰৱ আৰু ইছলামিক ৰাষ্ট্ৰ আৰু বিশ্ব নেতাসকলে শোক প্ৰকাশ কৰিছে। শ্বেখ খলিফা বিন জায়েদ আল নাহিয়ানে ২০০৪ চনৰ ৩ নৱেম্বৰৰ পৰা UAEৰ ৰাষ্ট্ৰপতি আৰু আবু ধাবিৰ শাসক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

নাহিয়ান শ্বেখ জায়েদৰ জ্যেষ্ঠ পুত্ৰ আছিল। UAEৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা শ্বেখ খলিফাই ফেডাৰেল চৰকাৰ আৰু আবু ধাবি চৰকাৰ দুয়োৰে এক গুৰুত্বপূৰ্ণ পুনৰ্গঠনত আগভাগ লৈছিল। ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত শ্বেখ খলিফাই UAE চৰকাৰৰ বাবে সন্তুলিত আৰু বহনক্ষম উন্নয়নৰ বাবে প্ৰথম কৌশলগত পৰিকল্পনা আৰম্ভ কৰিছিল,যাৰ দ্বাৰা UAEৰ নাগৰিক আৰু আৱাসীসকলৰ সমৃদ্ধিক মূলস্থানত ৰখা হয়। শ্বেখ খলিফাই তেল আৰু গেছ খণ্ড আৰু দেশৰ অৰ্থনৈতিক বৈচিত্ৰতাত সফলতাৰে অৰিহণা যোগোৱা নিম্নমুখী উদ্যোগসমূহৰ বিকাশৰ দিশত পৰিচালনা কৰিছিল। তেওঁ দেশখনৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিবলৈ সমগ্ৰ UAEত বিস্তৃতভাবে ভ্ৰমণ কৰিছিল,সেই সময়ত তেওঁ গৃহ,শিক্ষা আৰু সামাজিক সেৱা সম্পৰ্কীয় কেইবাটাও প্ৰকল্প নিৰ্মাণৰ বাবে নিৰ্দেশনা দিছিল। ইয়াৰ উপৰিও ফেডাৰেল নেচনেল কাউন্সিলৰ সদস্যসকলৰ বাবে মনোনয়ন প্ৰণালী বিকশিত কৰাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰে,যাক UAEত প্ৰত্যক্ষ নিৰ্বাচনৰ দিশত প্ৰথম পদক্ষেপ হিচাপে উল্লেখ কৰিব পাৰি।

স্তব্ধ অইলৰ কাম-কাজ! বিকল ইণ্টাৰনেট চাৰ্ভাৰ…

অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হৈ আছে যদিও কেতবোৰ প্ৰযুক্তি প্ৰয়োগ কৰি আৰম্ভ কৰিছে বিভাগীয় কাম-কাজ । অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট চাৰ্ভাৰ বিকল হোৱাত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছিল প্ৰতিষ্ঠানটোৰ প্ৰায় বিলাক কাম-কাজ।

ইণ্টাৰনেটৰ চাৰ্ভাৰ বিকল হোৱাৰ ফলত কোম্পানীটোৰ আন্তঃযোগাযোগ বিছিন্ন হৈ পৰিছিল । শুকুৰবাৰে এই সৰ্ন্দভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে অইলৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই ।

স্মাৰ্টফোনৰ কাৰনে হৈছে বিভিন্ন শাৰীৰিক-মানসিক সমস্যা

বৰ্তমান স্মাৰ্টফোন আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে।স্মাৰ্টফ’ন অবিহনে আমি এখোজো ওলাই যাব নোৱাৰো।জীৱনৰ সকলো কামেই এই ফোনটোৰ ওপৰত নিৰ্ভৰ কৰে। আমি যিমানেই এই ফ’নটোৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছো,সিমানেই আমি গম নোপোৱাকৈ বিভিন্ন শাৰীৰিক-মানসিক সমস্যাৰ মাজলৈ গতি কৰিছো । বিশেষকৈ ক’ৰনাৰ এই সময়ছোৱাত মানুহ গৃ্হবন্দী হৈ পৰাত অধিক ফ’নৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিছে।ফলত ভৱিষ্যতলৈ মানুহ অধিক জটিল সমস্যাৰ সৈতে যুঁজিব লাগিব বুলি বিশেষজ্ঞ সকলে দাবী কৰিছে। প্ৰধানকৈ স্মাৰ্টফ’নৰ পৰা প্ৰতিফলিত হোৱা ৰশ্মিয়ে আমাৰ দৃষ্টিশক্তি হ্ৰাস কৰে। যদিও আমি এই স্মাৰ্টফোন ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰাটো সম্ভৱ নহয়।

স্মাৰ্টফোনৰ পৰা হোৱা সমস্যাৰ পৰা হাত সাৰিবলৈ আমি—

  • এন্টি গ্লেয়াৰ প্ৰটেক্টৰ ব্যৱহাৰ কৰিলে ফ’নৰ পৰা প্ৰতিফলন হোৱা নীলা ৰশ্মিৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰে।যিহেতু মবাইলৰ পৰা নিঃসৰণ হোৱা নীলা ৰশ্মি আমাৰ চকুৰ বাবে অত্যন্ত অপকাৰী।
  • বেছিকৈ ফ’ন ব্যৱহাৰ কৰি থাকিলে প্ৰতি আধা ঘন্টাৰ অন্তৰে অন্তৰে চাফা পানীৰে চকুজুৰি ধুই থাকিব লাগে।
  • ইয়াৰোপৰি একেৰাহে ২০ মিনিট ফ’ন চাই থাকিলে ইয়াৰপিছত ২০ চেকেণ্ড সময় ২০ ফুট দূৰলৈ দৃষ্টি নিক্ষেপ কৰিব লাগে।
  • লগতে ফ’নৰ উজ্বলতা সদায় কমাই ৰাখিব লাগে।যিহেতু ফ’নৰ উজ্বল পোহৰে আমাৰ চকুত অত্যাধিক চাপ সৃষ্টি কৰিব পাৰে।
  • ফ’নৰ পৰ্দাত ধুলি জমা হলেও আমাৰ চকুত অধিক চাপ পৰিব পাৰে। গতিকে সদায় ফ’নৰ পৰ্দা চাফা কৰি ৰাখিব লাগে।
  • চকুৰ একেবাৰে কাষত ফ’ন লৈ কেতিয়াও কথা পাতিব নালাগে। চকুৰ পৰা অন্তত ১৬-১৭ ইঞ্চি দূৰৈত ফ’নটো ৰাখিব লাগে ,যাতে চকুত ইয়াৰ পোহৰ নপৰে।
  • আমাৰ শৰীৰৰ আটাইতকৈ স্পৰ্শকাতৰ অংগ হৈছে চকু। তেনেক্ষেত্ৰত চকুৰ সামান্য সমস্যা হলেই পলম নকৰি চিকিৎসকৰ ওচৰ চাপিব লাগে।

উপৰোক্ত বিষয় সমূহ মানি চলিলে আমি অন্তত স্মাৰ্টফোনৰ কু-প্ৰভাৱৰ পৰা কিছু হলেও ৰক্ষা পৰিব পাৰিম।

চিপছৰ নেতিবাচক প্ৰভাৱবোৰ কি কি পঢ়ক…

চিপচ হৈছে এক সস্তা, সুস্বাদু আৰু সহজে উপলব্ধ জলপান, কিন্তু সেইবোৰে আপোনাৰ শৰীৰত গ্ৰহণ কৰা টোল আনন্দৰ যোগ্য নহ’বপাৰে। যদিও মাজে মাজে এমুঠি চিপউপভোগ কৰিলে অন্যথা স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা কাৰোবাৰ অপূৰণীয় ক্ষতি নহ’ব, আপুনি দৈনিক আধাৰত চিপচ গ্ৰহণ কৰিলে বা নিয়মীয়াকৈ স্বাস্থ্যকৰ বিকল্পতকৈ সেইবোৰ বাছনি কৰিলে প্ৰকৃত বিপদৰ উদ্ভৱ হয়।

ওজন বৃদ্ধি
চিপচত সাধাৰণতে চৰ্বি আৰু কেলৰি অধিক থাকে, যি ওজন বৃদ্ধি আৰু মেদবহুলতাৰ আশংকা বৃদ্ধি কৰিব পাৰে। এক আউন্স সাধাৰণ আলুৰ চিপচ, বা প্ৰায় 15 ৰ পৰা 20 চিপচত প্ৰায় 10 গ্ৰাম চৰ্বি আৰু 154 কেলৰি থাকে। 2015 চনত “স্বাস্থ্য পৰিক্ৰমা”ত কৰা এক অধ্যয়নত দেখা গৈছিল যে তেলত ভজা আলু (চিপসহ) ওজন বৃদ্ধিৰ সৈতে আটাইতকৈ শক্তিশালীভাৱে সম্পৰ্কিত খাদ্যবোৰৰ ভিতৰত অন্যতম। ওজন বেছি হোৱা বা মেদবহুল হোৱাৰ ফলত ডায়েবেটিচ, হৃদৰোগ আৰু কিছুমান প্ৰকাৰৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

নিম্ন পুষ্টি
যদি আপুনি নিয়মীয়াকৈ আপোনাৰ আহাৰৰ অংশ হিচাপে চিপচ অন্তৰ্ভুক্ত কৰে, আপুনি যিমান পুষ্টি গ্ৰহণ কৰিব লাগে সিমান গ্ৰহণ নকৰিব পাৰে। চিপছত সাধাৰণতে ভিটামিন আৰু খনিজ পদাৰ্থ কম থাকে, আৰু সেইবোৰে পুষ্টিঅধিক থকা আহাৰত বস্তুবোৰ স্থানচ্যুত কৰে। স্বাস্থ্যকৰ লঘু আহাৰ খোৱাটোৱে আহাৰৰ সময়ত যিকোনো পুষ্টিৰ অভাৱ পূৰণ কৰাত সহায় কৰিব পাৰে, সেয়েহে যদি আপুনি উচ্চ পুষ্টিৰ ঘনত্বথকা জলপানৰ সলনি চিপচ বাছনি কৰে, আপুনি এই লাভালাভ নাপাব।