Home Blog Page 2521

শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি

মৰিয়নীৰ অন্যতম একশৰণ নামধৰ্মৰ উপাসনাস্থলী শ্ৰী শ্ৰী শংকৰদেৱ কীৰ্তনঘৰৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। অহা ২ আৰু ৩ এপ্ৰিলত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাৰজত জয়ন্তী বৰ্ষৰ বছৰযোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব।

সেই অনুসৰি ২ এপ্ৰিলৰ পুৱা ধৰ্মধ্বজা উত্তোলনৰ পিছতে বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা, নাম-প্ৰসংগ আৰু সন্ধিয়ালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা মহাপুৰুষীয়া নাট প্ৰদৰ্শনেৰে মহাৰজত জয়ন্তী বৰ্ষৰ পাতনি মেলা হ’ব। এই সম্পৰ্কত কীৰ্তনঘৰ পৰিচালনা সমিতিয়ে বৃহস্পতিবাৰে এক সংবাদমেল আয়োজন কৰি বৃহত্তৰ মৰিয়নীবাসী ভক্তপ্ৰাণ ৰাইজৰ সহযোগিতা কামনা কৰিছে।

সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে সাজু নাজিৰা দুৰ্যোগ ব্যৱস্থাপনা

মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া সব্যসাচী কাশ্যপৰ অধ্যক্ষতাত আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত মহকুমা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। 


সভাত নাজিৰা মহকুমাৰ সম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত  প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ প্ৰস্তুতি সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি সব্যসাচী কাশ্যপে বানপানীৰ পৰিস্থিতি উদ্ভৱ হলে তেনে পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে মহকুমাটোৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, ৰাজহ চক্ৰ বিষয়া পৰ্যায়ত, বিভিন্ন চৰকাৰী বিভাগ, আৰক্ষী, অৰ্ধ-সামৰিক বাহিনী আদিৰ তৰফৰ পৰা কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব এই সম্পৰ্কে বুজ লয় ।

তেওঁ লগতে বানপানীৰ দৰে দুৰ্যোগৰ সময়ত সকলো বিভাগে সু-সমন্বয় ৰক্ষা কৰি দায়িত্ব সহকাৰে তথা তৎপৰতাৰে কাম কৰি যাবলৈ পৰামৰ্শ দিয়ে ।মহকুমাধিপতি গৰাকীয়ে বানপানীৰ সময়ত আশ্ৰয় শিৱিৰ স্থাপন কৰা আৰু আশ্ৰয় শিৱিৰ সমূহৰ বাবে পৰ্যাপ্ত ব্যৱস্থা মজুত ৰাখিবলৈ নির্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগক আশ্ৰয় শিবিৰসমূহত বিশুদ্ধ খোৱাপানী আৰু বীজাণুনাশক পৰ্যাপ্ত পৰিমাণে মজুত ৰখাটো সুনিশ্চিত কৰাৰ লগতে আশ্ৰয় শিবিৰসমূহত টিউবৱেল সংস্থাপনৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়।

তদুপৰি, শক্তি বিভাগক বানপানীত বুৰ যোৱাৰ সম্ভাৱনা থকা অঞ্চল সমূহত বিশেষ দৃষ্টি ৰাখিবলৈ কয় আৰু তেনে অঞ্চলৰ ট্ৰেছফৰ্মাৰ বা বৈদ্যুতিক  তাৰ সমূহ ওখ স্থানলৈ স্থানান্তৰিত কৰাৰ ব্যৱস্থা কৰিবলৈ উক্ত সভাত নিৰ্দেশ দিয়ে। তেওঁ অন্যান্য আনুষংগিক বিষয়ৰ লগতে আশ্ৰয় শিবিৰ সমূহত ক’ভিড-১৯ প্ৰতিৰোধ মূলক ব্যৱস্থাৱলী ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ স্বাস্থ্য বিভাগক তৎকালীন সঁহাৰি দল সাজু ৰাখিবলৈ তথা আশ্ৰয় শিবিৰ সমূহত আবাসী সকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষণ তথা চিকিৎসা সেৱা প্ৰদানৰ দিশত প্ৰয়োজনীয় ব্যৱস্থা সাজু ৰাখিবলৈ কয়।

মহকুমাটোৰ পশুপালন আৰু পশু চিকিৎসা বিভাগক পোহনীয়া জীৱ-জন্তুৰ বিভাগীয়ভাৱে জৰীপ চলাই বানপানীৰ সময়ত জীৱ-জন্তু সমূহক সুৰক্ষিত তথা ওখ স্থানত স্থানান্তৰিত কৰিবলৈ আৰু পৰ্যাপ্ত পশুখাদ্য যোগান আৰু মজুতকৰণ সুনিশ্চিত কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট সকলো বিভাগকে নিজ নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনায়।মহকুমাধিপতিয়ে তেওঁৰ বক্তব্যত বানপানী, ধুমুহা আদিৰ প্ৰাকৃতিক দুৰ্যোগৰ বাবে হোৱা ক্ষয়-ক্ষতি সম্পৰ্কে অৱগত কৰিবলৈ বা জৰুৰী সেৱা লাভ কৰাৰ বাবে মহকুমাটোৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ নিয়ন্ত্ৰণ কক্ষত (টেলিফোন নম্বৰ- ০৩৭৭২- ২৫২০২০)  -ত যোগাযোগ কৰিব পাৰিব বুলি অৱগত কৰে। 

আজিৰ সভাত নাজিৰা ৰাজহ চক্ৰ বিষয়া, নাজিৰাৰ সহকাৰী আয়ুক্ত সকল, মহকুমা তথ্য ও জনসংযোগ বিষয়া,আৰক্ষী আৰু অগ্নি নিৰ্বাপন বিভাগৰ প্ৰতিনিধি সকলৰ উপৰি বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

ৰাজ্যসভাৰ সাংসদ হিচাপে বিটিআৰৰ ভূমিত ৰৌণগৌৰা নাৰ্জাৰী

আজি ৰাতিপুৱা ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত হৈ পোন প্ৰথমবাৰৰ বাবে বিটিআৰৰ ভূমিত উপস্থিত হ’ল ৰৌণগৌৰা নাৰ্জাৰী। বৰমাত দলীয় সমৰ্থকে জনালে বিপুল আদৰণি। এই জয়ৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো, বিজেপিৰ সভাপতি ভবেশ কলিতাৰ লগতে সকলো বিধায়কক ধন্যবাদ জ্ঞাপন কৰে ৰণগৌৰা নাৰ্জাৰীয়ে।


এই সাফল্যৰ পিছতেই উৎফুল্লিত দলীয় সমৰ্থকসকলে ফটকা ফুটাই কৰিলে আনন্দ উৎসৱ।বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে এই সন্দৰ্ভত এতিয়া ইউপিপিএলৰ শক্তি কোকৰাঝাৰতে সীমাবদ্ধ নাথাকি দিশপুৰ, দিল্লীলৈ পৰিসৰিত হ’ল বুলি মত প্ৰকাশ কৰে।

বদমকাকুৱে বলীউডৰ ৯০ দশকৰ সংবেদনশীল মাধুৰীৰ মনতো স্থান লাভ

ভুৱনৰ ডিঙিত থকা কেঁচা বাদামৰ ধুমুহাই ‘ঢকধক ছোৱালী’ৰ হৃদয়তো আঘাত কৰিছিল। দুদিন আগতে পোষ্ট কৰা ভিডিঅ’টো এতিয়া কেৱল তেওঁৰ সামাজিক মাধ্যমত আবদ্ধ হৈ থকা নাই।

‘কেঁচা বাদাম, দাদা কেঁচা বাদাম’… ঘৰৰ পৰা বাহিৰলৈ, স্কুলৰ পৰা কলেজলৈ, ইনষ্টাৰ পৰা ফেচবুকলৈ। যোৱা কেইবামাহধৰি, সমগ্ৰ বিশ্বৰ লোকসকল কেঁচা বাদাম জ্বৰৰ দ্বাৰা ‘প্ৰভাৱিত’ হৈছে। বংগৰ মাটিৰ লোকসকল হৈছে ভুৱন বিদ্যাকাৰ। আপুনি ইতিমধ্যে এই বলীউড এ লিষ্টাৰৰ গানটোৰ সৈতে ভাইৰেল ৰিলটো দেখিছে ?

এইবাৰ মাধুৰীয়েও সেই ধাৰাটোত তাইৰ নাম লিখিছে। ভুৱনৰ ডিঙিত থকা কেঁচা বাদামৰ ধুমুহাই ‘ঢকধক ছোৱালী’ৰ হৃদয়তো আঘাত কৰিছিল। দুদিন আগতে পোষ্ট কৰা ভিডিঅ’টো এতিয়া কেৱল তেওঁৰ সামাজিক মাধ্যমত আবদ্ধ হৈ থকা নাই। এইটো ইতিমধ্যে ভাইৰেল হৈছে। এইটোও এটা নেট। সংগীজন আন এজন অভিনেতা ৰিতেশ দেশমুখ। তেওঁ নীলা পোছাকত উজ্জ্বল। কাষত ক’লা পোছাক পিন্ধি ৰীতেশ বৰ শেঁতা। তেওঁ নাচিছিল, ভাগ বতৰা কৰিছিল, আৰু তেওঁ আনন্দ কৰিছিল। মুম্বাইৰ ষ্টুডিঅ’টো আকৌ এবাৰ বেংগলৰ ভুৱনৰ সুৰত উত্তেজিত হৈ পৰিছিল।

বেংগলৰ বদমকাকু ভুৱন বিদ্যাকাৰে ৰাতিটোৰ ভিতৰতে জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছে। ভুৱন বাদয়কাৰে ইতিমধ্যে কলকাতাৰ নামজাদা পঞ্চতাৰাত এটা অনুষ্ঠান কৰিছে। তেওঁ এখন চেকেণ্ড হেণ্ড গাড়ীও কিনিছিল। গাড়ী চলাবলৈ শিকাৰ এটা দুৰ্ঘটনাও হৈছিল। তেওঁ এটা অনুষ্ঠান কৰিবলৈ মুম্বাইলৈ গৈছিল। তেওঁ উভতি আহিছে আৰু বেংগলৰ নতুন ৰিয়েলিটি শ্ব’ ইস্মাৰ্ট জোৰীতো অংশগ্ৰহণ কৰিছে। পত্নীৰ সৈতে।

তেওঁৰ ৰাতিটোৰ সফলতা মন্তব্যৰ সৈতে আহিছিল। কিছুমান লোকে কৈছে যে এই নামটো দীঘল নহয় আৰু বীৰভূমৰ এই মাটিৰ কোনোবা বা মানুহে তেওঁলোকক সন্মান জনাইছে। কোনেও ভৱিষ্যত নাজানে, কিন্তু এতিয়াৰ বাবে বদমকাকুৱে বলীউডৰ ৯০ দশকৰ সংবেদনশীল মাধুৰীৰ মনতো স্থান লাভ কৰিছে। সেইটোও কম গুৰুত্বপূৰ্ণ নহয় নেকি?

উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি

ৰাষ্ট্ৰীয় পেৰা এথলেটিকছত অসমৰ পাঁচটা পদক ।আনিস্মিতা এছিয়ান পেৰা গেমছলৈ বাছনি হোৱাৰ সম্ভাৱনা । উৰিষ্যাৰ ভূৱনেশ্বৰত পেৰা এথলীটৰ মুখত জয় আই অসম ধ্বনি । কলিংগ ষ্টেডিয়ামত অসমৰ পেৰা খেলুৱৈৰ দুৰ্দান্ত ক্ৰীড়া প্ৰদৰ্শন ।ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত উৰিল অসমৰ বিজয় নিচান । অৰ্জন কৰিলে স্বৰ্ণসহ মুঠ পাঁচটাকৈ পদক ।

বিগত মাহৰ ২৮ ৰ পৰা ৩১ মাৰ্চলৈ উৰিষ্যাৰ ৰাজধানী চহৰ ভূৱনেশ্বৰত অনুষ্ঠিত হ’ল ২০ সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিকছ চেম্পিয়নশ্বিপ । দেশৰ ২৯ খন ৰাজ্যৰ প্ৰায় ৯০০ প্ৰতিযোগীয়ে উজাৰি দিলে নিজৰ শ্ৰেষ্ঠত্ব । অসম পেৰালিম্পিক সন্থাৰ তত্বাৱধানত। অসমৰ পৰা অংশ ল’লে ৭ জনীয়া পেৰা এথলীটৰ দলে । অসমক প্ৰতিনিধিত্ব কৰা দলটোৱেও ট্ৰেকত দেখুৱালে পৰাক্ৰম । অসমৰ দুগৰাকী পেৰা এথলীটে আজুৰি আনিলে ৫ টাকৈ পদক ।

ইয়াৰে ২ টা স্বৰ্ণ, ১ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক । চিৰঞ্জীতা ভৰালীয়ে লং জাম্পত ১ টা স্বৰ্ণ, ১০০ মিটাৰ দৌৰত ১ টা ব্ৰঞ্জ, আৰু ২০০ মিটাৰত লাভ কৰিছে ১ টা ব্ৰঞ্জসহ মুঠ ৩ টা পদক । সেইদৰে , আনিস্মিতা কোঁৱৰে ১০০ মিটাৰত স্বৰ্ণ আৰু ৪০০ মিটাৰত দখল কৰিছে ৰূপৰ পদক । স্বৰ্ণজয়ী আনিস্মিতাৰ টাইমিং আছিল অতি সন্তোষজনক । মাত্র ১৭.৮১ ছেকেণ্ডত সাফল্য লাভ কৰিছে কণমাণি পেৰা দৌৰবিদ গৰাকীয়ে । যিহেতু,অক্টোবৰত চীনত অনুষ্ঠিত হ’ব লগা আগন্তুক এছিয়ান পেৰা গেমছৰ বাবে প্ৰয়োজনীয় সময় আছিল ১৮.০০ ছেকেণ্ড । সেয়েহে, এছিয়ান পেৰা গেমছলৈ যোৱাৰ সম্ভাৱনা বৃদ্ধি পালে আনিস্মিতাৰ বাবে ।

মৰিগাঁৱৰ ভূৰাগাঁৱত বিনামূলীয়া চকু চিকিৎসা শিবিৰ

মৰিগাঁও জিলাৰ ভূৰাগাঁৱত আজি বিনামূলীয়া চকু  চিকিৎসা শিবিৰ  অনুষ্টিত কৰা হয় ।

Bosco Reach Out গুৱাহাটীৰ উদ্যোগত ,মৰিগাঁও জাগৰণ  আত্ম সহায়ক গোট আৰু ভূৰাগাঁও মহাবিদ্যালয়ৰ সৌজন্যত ভূৰাগাঁও বালিকা মধ্য ইংৰাজী বিদ্যালয়ত বিনামূলীয়া চকু চিকিৎসা শিবিৰ আয়োজন কৰা হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চকু বিশেষজ্ঞ চিকিৎসক হিমাদ্ৰী কুৰ্মী, মুনমুন ৰয় আৰু ৰিংচাৰ বাগলাৰীয়ে  শিবিৰত চিকিৎসা সেৱা আগবঢ়ায় ।এই শিবিৰত প্ৰায় চাৰি শতাধিক লোকৰ চকু পৰীক্ষা আৰু চিকিৎসা প্ৰদান কৰা হয় ।

শিৱসাগৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে দুই সংগঠনৰ উত্তাল প্ৰতিবাদ

শিৱসাগৰত মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি দুই সংগঠনৰ উত্তাল প্ৰতিবাদ।ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু সদৌ অসম ছাত্ৰ সন্থাই আজি শিৱসাগৰ নগৰত মূল্যবৃদ্ধৰ বিৰুদ্ধে পৃথকে পৃথকে প্ৰতিবাদ সাৱস্ত্য কৰে।

পেট্ৰ’ল – ডিজেল সহ প্ৰায় বিলাক সামগ্ৰীৰে মূল্য অত্যাধিক বৃদ্ধি হোৱাত শিৱসাগৰ দৌলমুখ চাৰি আলিত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

প্ৰধানমন্ত্ৰী আৰু মূখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহেৰে প্ৰতিবাদ সাব্যস্ত কৰে।সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ চূড়ান্ত ব্যৰ্থ হোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে। সাধাৰন জনতা মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত চৰকাৰে টেস্কফ্ৰী কাশ্মীৰ ফাইলচ চাবলৈ কৈছে। সংগঠনটোৱে বিৰোধী বিধায়কসকলক বিধান সভাত মূল্যবৃদ্ধিৰ বাবে বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী ।

কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ শতাধিক সদস্য তথা বিষয়ববীয়াই মূল্য বৃদ্ধি ৰোধ কৰক, জনতাক শোষণ কৰা বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল কৰে পৰিৱেশ।আনহাতে আছুৰ শিৱসাগৰ জিলা আৰু আঞ্চলিক সমিতিয়ে শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি আকাশলঙ্ঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰে।

১২ ৰাণতে ক্ষান্ত বিৰাট কোহলি : ডু প্লেছিছ বাহিনীৰ জয়

মহাৰাষ্ট্ৰত সগৌৰৱেৰে অব্যাহত আছে এই ছিজনৰ ক্ৰিকেটৰ সৰ্ববৃহৎ টুৰ্ণামেন্ট আই পি এল ।বুধবাৰে আই পি এলৰ ষষ্ঠ খন মেচত অৱতীৰ্ণ হ’ল ৰয়েল ছেলেঞ্জাৰ্ছ বেংগালুৰু বনাম কলকাতা নাইট ৰাইডাৰ্ছ ।ল স্কৰিং মেচত জয়ৰ মালা পিন্ধিলে প্লেছিছৰ নেতৃত্বৰ দল আৰ চি বিয়ে । প্ৰথমে বেটিং কৰে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । পিছে বিপক্ষ দল আৰ চি বিৰ বলিং ত্রাসত সেও মানিলে কলকাতা নাইট ৰাইডাৰ্ছে। খহিলে এটাৰ পাছত আনটো উইকেট । ৱানিনডু হাছৰাংগাৰ দৰে দুৰ্দান্ত বলেৰে ৪ উইকেটৰ পতন ঘটালে । ফলত অল আউট হৈ ১৮ অভাৰ ৫ টা বলত কলকাতাই সংগ্ৰহ কৰে মাত্র ১২৮ ৰাণ । কলকাতাৰ হৈ আণ্ড্ৰে ৰাছেলে ২৫, উমেশ যাদৱে ১৮ ছাম বিলিংছে ১৪ ৰাণৰ বৰঙণি যোগায় । অধিনায়ক হিচাপে ১০ টা বলত ১৩ ৰাণ কৰিয়েই আউট হয় শ্ৰেয়াস আয়াৰ ।

জয়ৰ বাবে সহজ লক্ষ্য লৈ বেটিঙত নামি পৰিল আৰ চি বি । পিছে বলিঙত কলকাতাই দেখুৱালে পৰাক্ৰম । আৰ চি বিৰো পতন ঘটিল এটাৰ পাছত আনটো উইকেট । বলিঙত কলকাতাৰ হৈ টীম ছাউথিয়ে অকলেই ললে তিনিটা উইকেট । আৰ চি বিৰ হৈ ছেৰফান ৰাডাৰফৰ্ডে ২৮, ছাহবাজ আহমেদে ২৭ আৰু ডেভিদ উইলিয়ে ১৮ ৰাণৰ বৰঙণি যোগায় । পূৰ্বৰ আৰ চি বিৰ অধিনায়ক বিৰাট কোহলীয়ে ২ টা চাৰিসহ ৭ টা বলত ১২ ৰাণ সংগ্ৰহ কৰি পেভেলিয়নলৈ উভতে ।

জয়ৰ বাবে ৰণক্ষেত্রত মৰণপণ যুঁজ দিলে শ্ৰেয়াস আয়াৰ বাহিনীয়ে । অন্তিম পৰ্যায়লৈকে দৰ্শকে ধৰিব পৰা নাছিল কোনটো দল জিকিব । ইতিমধ্যেই ৭ টা উইকেটৰ পতন ঘটাইছিল কলকাতাই । অৱশেষত বহু যুজঁৰ নায়ক তথা পূৰ্বতে নাইট ৰাইডাৰ্ছৰ হৈ খেলা দীনেশ কাৰ্তিকৰ বিক্ৰমত জয়ী হ’ল দলটো । দীনেশে ৭ টা বলত ১ টাকৈ চাৰি আৰু ছয় কোবাই ১৪ ৰাণত অপৰাজিত হৈ ৰয় । কলকাতাৰ আশাত চেঁচা পানী ঢালি ১৯ অভাৰ ২ টা বলত ১৩২ ৰাণ কৰি ৩ উইকেটত জয়ী হয় আৰ চি বি ।
এককথাত অধিনায়ক হিচাপে আৰ চি বিৰ অধিনায়ক ফাফ ডু প্লেছিছ হ’ল সফল । আনহাতে, এই ছিজনত নিজা প্ৰথমখন মেচত জয়ী হ’লেও দ্বিতীয় মেচত উজুতি খালে আয়াৰ বাহিনীয়ে ।

বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল

65 বছৰ বয়সত, অনিল কাপুৰে এনে ফটো শ্বেয়াৰ কৰিছিল, অনুৰাগীসকলে ধেমেলীয়া মন্তব্য কৰিছে।
বিখ্যাত অভিনেতা অনিল কাপুৰৰ নতুন ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে। এই ছবিবোৰত, অভিনেতাজন এনেধৰণে দেখা গৈছিল যে তেওঁ ‘ৱেলকাম’ বোলছবিখনৰ মজনু ভাইক মনত পেলাইছিল।

অনিল কাপুৰ বলীউডৰ এজন উপযুক্ত অভিনেতা। অনিল কাপুৰলৈ চাই ক’ব পাৰি যে তেওঁৰ ফালে চাই তেওঁৰ বয়স অনুমান কৰা কঠিন। ইফালে, অনিল কাপুৰে ছ’চিয়েল মিডিয়াত এনে এখন ফটো শ্বেয়াৰ কৰিছে, কোনবোৰ মানুহে ধেমেলীয়া মন্তব্য কৰিছে।

ছবিবোৰত, অনিল কাপুৰক ক’লা চেহেৰাত দেখা গৈছিল। অভিনেতাজনে ক’লা টি-চাৰ্টৰ ওপৰত একে ৰঙৰ চাৰ্ট আৰু জিন্স পিন্ধিছিল। ইয়াৰ সৈতে ক’লা জোতা পিন্ধি। তেওঁৰ চেহেৰাটো সম্পূৰ্ণ কৰিবলৈ, অভিনেতাজনে ক’লা গগলচ পিন্ধিছিল।

অনিল কাপুৰে বহি আছে আৰু দেৱালৰ ফালে মূৰটো পিছফালে ৰাখিছে। এই ছবিবোৰ শ্বেয়াৰ কৰোঁতে, অনিল কাপুৰে এটা আকৰ্ষণীয় শিৰোনাম লিখিছে। অভিনেতাজনে লিখিছিল- “মই সপ্তাহান্তৰ বাবে সাজু। কিন্তু কেৱল বৃহস্পতিবাৰৰ বাবে।”

অনুৰাগীসকলে ধেমেলীয়া মন্তব্য কৰিছে
অনুৰাগীসকলে অনিল কাপুৰৰ এই আকৰ্ষণীয় ছবিবোৰৰ ওপৰত নিৰন্তৰ মন্তব্য কৰি আছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “ফায়াৰ ছাৰ আগ।” আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল- “হেই! মজনু ভাই’। তৃতীয় ব্যৱহাৰকাৰীজনে লিখিছিল – ‘আমেজিং।’ চতুৰ্থ ব্যৱহাৰকাৰীজনে লিখিছিল – ‘এভাৰগ্ৰীণ লুক।’ আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছিল – ‘ছাৰ, আপোনাক 35 ৰ দৰে দেখাইছে’।

ছিপাঝাৰৰ দুই নিঠৰুৱা কণমানিলৈ ক্ৰীড়া সন্থাৰ গেছ, আৰ্থিক সাহায্য, সামগ্ৰী মণ্ডল বিজেপিৰ

ছিপাঝাৰৰ গোৱালঝাৰত পিতৃ মাতৃক অকালতে হেৰুৱাই নিঠৰুৱা হৈ পৰা ঘাটমাউৰা দুই কণমানি বাৰবছৰীয়া জ্যোতিষ্মান শৰ্মা আৰু আঠ বছৰীয়া কৰিশ্মাৰ দেৱীৰ দুখত সমভোগী হৈ সহায়ৰ হাত আগবঢ়ালে ছিপাঝাৰ মণ্ডল বিজেপি। ইতিমধ্যে স্থানীয় বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীয়ে শিশু দুজনৰ ভৱিষ্যতৰ কথা চিন্তা কৰাৰ দৃঢ়তা প্ৰকাশ কৰাৰ পিছত বহু হৃদয়বান লোকে নিঠৰুৱা হৈ জীৱনৰ দিকবিদিক হেৰুৱাই পেলোৱা দুই শিশুৰ ওচৰত থিয় দদিয়াৰ পিছত ছিপাঝাৰ মণ্ডল বিজেপিৰ সভাপতি দীপক কুমাৰ নাথ, সম্পাদক, মহিলা মৰ্চা, সংখ্যা মৰ্চা, কৃষক,যুৱ মৰ্চাৰ এটা দলে কণমানি দুগৰাকীৰ গোৱালঝাৰস্থিত গৃহত উপস্থিত হৈ এক আৰ্থিক সাহায্যৰ লগতে কিছু খাদ্য সামগ্ৰীও প্ৰদান কৰে।

আনহাতে যোৱা কালি সন্ধিয়া ছিপাঝাৰৰ হাজৰিকাপাৰা ক্ৰীড়া সন্থাই ছিপাঝাৰ মণ্ডল বিজেপিৰ জৰিয়তে আহুকালত উৱাদিহ হেৰুৱাই পেলোৱা দুই ঘাটমাউৰা কণমানিলৈ আগবঢ়ায় ৰন্ধন গেছ।অকালতে পিতৃ -মাতৃ হেৰুৱা দুৰ্ভগীয়া দুই নিঠৰুৱা কণমানিৰ প্ৰতি দেখুওৱা সহমৰ্মিতাত সকলোৱে প্ৰশংসা কৰিছে।