Home Blog Page 2525

পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়কৰ তৎপৰতা…

পশ্চিম গুৱাহাটীৰ  অসম-মেঘালয় সীমান্তৰ গাতে লগা  নতুন ৰাণীৰ পৰা জালুকপাহামলৈ স্বাধীনতাৰ ৭৫  বছৰ  পাছত প্ৰথমবাৰৰ বাবে নির্মাণ হৈ আছে এটি নতুন পৰিৱেশ অনুকূল পথ। পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ উদ্যোগত ‘প্রধানমন্ত্রী  গ্ৰামীণ  চড়ক যোজনা’ চমুকৈ পি এম জি এছ বাই আঁচনিৰ অধীনত নতুন বাণীৰ পৰা জালুক পাহামলৈ ১৯.৮৮  কৌটি টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা ২৪.২  কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱা নির্মাণ সম্পূর্ণ হলে  অসম-মেঘালয় সীমান্তৰ এক বৃহৎ অঞ্চলৰ  – নৰলিং , আমৰিং , কণ্ঠমপাহাম , ডুমোপাহাম , ভালুকখোৱা , কায়ংপথাৰ , জালুকপাহাম  নতুনবস্তি , পুৰাণগাঁও ,  মাতাং আদিকে ধৰি মেঘালয় সীমান্তৰ প্ৰায় ২৫ খন গাঁৱৰ ৰাইজৰ পথ যোগাযোগৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হব । ভাৰত চৰকাৰৰ  গ্ৰাম্য  উন্নয়ন মন্ত্রালয়ৰ অধীনৰ পুঁজিৰে অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ পশ্চিম গুৱাহাটী  ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হৈ থকা পথছোৱা মুঠ বহল হব ৬ মিটাৰ । ইয়াৰে ৩.৭৫ মিটাৰ অংশ  পৰিবেশ অনুকূল পেভাৰ  ব্লকৰে নিৰ্মাণ কৰা হব । পথ নিৰ্মাণ কাৰ্যৰ তদাৰক কৰি থকা পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ ( ৩ ) সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতিয়ে জানিবলৈ দিয়া মতে  পৰিবেশ অনুকূলভাবে নিৰ্মাণ কৰিবলগীয়া হোৱা আৰু বনাঞ্চলৰ  মাজৰ পাহাৰীয়া ঠাইৰ মাজেৰে যথেষ্ট প্ৰতিকূল পৰিস্থিতিৰ সতে যুঁজি পথছোৱাৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব লগা হৈছে ।  বৰ্তমান  প্ৰায় ১২ কিঃমিঃ অংশৰ  পাহাৰৰ মাটি কটা কাম শেষ হৈছে । 

বিশেষকৈ পূৰ্বতে  মেঘালয় সীমান্তৰ দাঁতিয়েদি যোৱা দক্ষিণ ৰাণীৰ পৰা গণপতি, নৰ্লং, নাহৰপানী, আমলিং, নুমলিপথাৰ হৈ জালুকৰাহামলৈ যোৱা লুংলুঙিয়া   আৰু  খৰালিৰ দিনত কেৱল খোজকাঢ়ি যাব পৰা পথছোৱাক  লোকনির্মাণ  বিভাগৰ প্ৰাককলন  অনুসৰি ভৌগোলিক দুর্গমতা , হাতীকে  ধৰি বিভিন্ন বনৰীয়া জীৱ-জন্তুৰ ভাবুকি স্বত্ত্বেও পৰিৱেশ অনুকূলভাৱে পথৰ  নির্মাণ কার্য অব্যাহত ৰাখিব লগা হৈছে । উল্লেখ্য গড়ভাংগা আৰু ৰাণী বনাঞ্চলকে ধৰি বৃহত্তৰ অঞ্চলটোৰ অসম-মেঘালয় সীমান্তত বাস কৰা পোন্ধৰখনৰো অধিক গাঁৱৰ ৰাইজে অঞ্চলটোক পথ যাতায়তৰে সংযোগ কৰিবলৈ বহু বছৰৰ পৰা স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক  দাবী জনাই আহিছিল।  অৱশেষত ৰাইজৰ দাবী  অনুসৰি বিধায়ক কলিতাই  বনাঞ্চলৰ মাজেৰে পথ নির্মাণত থকা কাৰিকৰী জটিলতা থাকিলেও মুখ্যমন্ত্ৰীৰ জৰিয়তে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়কে ধৰি বিভিন্ন মন্ত্ৰালয়ৰ পৰা পথ নিৰ্মাণৰ বাবে সেউজ সংকেত আৰু অনুমতি আদায় কৰে ।  পথছোৱা প্রথম পর্যায়ত জালুকপাহামৰ মাটাংঙলৈ নিৰ্মাণ কৰা হব । আনহাতে  লখৰাৰ  সমীপৰ পৰা গড়ভাংগা, নতুন গড়ভাংগা, জালুকপাহামৰ মাতাংঙলৈ একেই আঁচনিৰ অধীনত  নিৰ্মাণ হৈ আছে আন  এটা পথ ।

আনহাতে ডুমোপাহাম অঞ্চলৰ উদীয়মান যুৱ সমাজকর্মী  উদ্ৰেণ ৰংপী  , নৰলং , ডুমোপাহাম আৰু কণ্ঠমপাহাম গাঁওৰ গাওঁবুঢ়া ক্ৰমে –  লোকেন কিলিং ,  চার্জন ইংতি , ৱানফৰ মাৰাকে   জানিবলৈ দিয়া মতে মাজে সময়ে মেঘালয় আৰক্ষীৰ লোক আহি মেঘালয়ৰ ভিতৰত পথ নিৰ্মাণ কৰা বুলি ঠিকাদাৰ –  শ্ৰমিকক বাধা প্ৰদান কৰে যদিও বিভাগে তাত গুৰুত্ব নিদি পথৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে । ৰংপীৰ মতে   দুয়োটা পথৰ নিৰ্মাণ কার্য  সম্পূৰ্ণ হলে ৰাণীলৈ যান-বাহনেৰে পোনপটীয়া যাতায়ত সম্ভব হৈ উঠিব। নিশ্চিতভাৱে পথটো নির্মাণ হোৱাৰ পাছত নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ ৰাজধানী গুৱাহাটীৰ গাতে লগা বৃহত্তৰ অঞ্চলটোত দেশী-বিদেশী পর্যটক , গৱেষকৰ আগমণ হোৱাটো নিশ্চিত। আনহাতে সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কলিতাই সদৰি কৰা অনুসৰি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপৰি লোকনির্মাণ পথ বিভাগৰ গুৱাহাটী মহানগৰ চক্ৰৰ অধীক্ষক অভিযন্তা হেমন্ত দেউৰী ভৰালী , পশ্চিম গুৱাহাটী পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীকে ধৰি বিভাগীয় অভিযন্তা সকলে মাজে সময়ে  আহি পথ নিৰ্মাণ কার্য পৰ্যবেক্ষণ কৰিছে ।

গোসাইগাঁৱত এছএছবিৰ উদ্যোগত কুকুৰৰ প্ৰশিক্ষন…

সশস্ত্ৰ  সীমা বল চমুকৈ এছ এছ বিয়ে  অপৰাধিক আটক কৰাৰ লগতে মাদক দ্ৰব্য আৰু বিস্ফোটক সামগ্ৰি উদ্ধাৰৰ বাবে ব্যবহাৰ কৰা কুকুৰৰ প্ৰশিক্ষন তথা দক্ষতা মূল্যাংকন নিৰুপনৰ আজি সফল সামৰনি পৰে ৷ এছ এছ বিৰ  ফ্ৰন্টিয়াৰ গুৱাহাটীৰ অন্তৰ্গত আঠ টা বাহিনীৰ ১৭ টা কুকুৰ আৰু ২৪ গৰাকী কুকুৰ পৰিচালকে অংশ গ্ৰহন কৰে ৷ এই উপলক্ষে গোসাইগাঁও মহকুমাৰ মাটিয়াজুৰি স্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সামৰনি অনুষ্ঠানৰ আতধৰে এছ এছ বিৰ চিকিৎসক ড° ললিত দেউৰীয়ে ৷

অনুষ্ঠানত  উপস্থিত এছ এছ বিৰ চিকিৎসক ড° কে কে সিং,এছ কে মন্ডল,চি অ চিৰঞ্জীৱ ভট্টাচাৰ্জী,ড° টি টি হাটজা আৰু উপ নিৰ্দেশক দিব্যৰঞ্জন সিঙে মন্তব্য আগবঢ়ায় ৷ সামৰনি অনুষ্ঠানত  প্ৰশিক্ষনত ভাগ লোৱা কুকুৰ কেইটাই তেওলোকৰ পাৰদৰ্শিতা দেখুয়ায় ৷ বিগত ২১ মাৰ্চৰ পৰা আজি লৈকে চলা দহ দিনীয়া প্ৰশিক্ষত তথা দক্ষতা মূল্যাংকন নিৰুপনত শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰা কুকুৰ তথা পৰিচালকক পুৰস্কাৰ তথা মানপত্ৰ প্ৰদান কৰা হয় ৷

চৰাইদেউ জিলাত কণীযুক্ত মাছ ধৰাত নিষেধাজ্ঞা

চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ৩০ মাৰ্চত জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র চৰাইদেউ জিলাতে বলবৎ হোৱাকৈ ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত বিশেষ ধৰণৰ আৰু বিভিন্ন আকৃতিৰ মাছ ধৰা আৰু মাছৰ জালৰ ব্যৱহাৰৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

এই নিষেধাজ্ঞা অনুসৰি চৰাইদেউ জিলাত ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈকে ৭ ছে:মি: বাৰ/১৪ ছে:মি: তকৈ কম পাহিৰ বৰজাল, মহাজাল, ফাঁচিজাল বা অন্য যিকোনো জাল মাছৰ প্ৰজনন ঋতুৰ সময়ত ঘোষিত মীন মহল বা জলাশয়ত ব্যৱহাৰ কৰা নিষেধ।

লগতে ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ হোৱা হেতুকে ৰৌ, বাহু, মিৰিকা, মালি, চিতল, খৰিয়া, পিঠিয়া, ঘৰীয়া আৰু কুঢ়ি প্ৰজাতিৰ কণী বা শুক্ৰ থকা গাভিনী মাছ ঘোষিত মীন মহল বা জলাশয়ত ধৰিব বা মাৰিব নোৱাৰিব।

তদুপৰি, ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই, ২০২২ লৈ কোনো নদী, ডোবা, বিল বা মীন মহলত ৭ বৰ্গ ছে:মি: তকৈ সৰু ফাঁকৰ “অস্থাৱৰ বানা” (বাঁহেৰে তৈৰাৰী মাছ ধৰা সঁ‌জুলি) মাছ ধৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব ।

এই নিষেধাজ্ঞা সমগ্ৰ জিলাখনতে তৎকালে বলৱৎ হোৱাৰ লগতে পৰৱৰ্তী ৬০ দিনৰ বাবে বাহাল থাকিব। এই আদেশ ভংগ কৰিলে আদেশ ভংগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

RRRৰ বক্স অফিচত ব্যাপক উপাৰ্জন,মহামাৰীৰ সময়ত সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে rRR য়ে

আৰআৰআৰ বক্স অফিচ সংগ্ৰহৰ দিন ৬: এছ এছ ৰাজামৌলীৰ পৰিচালনা ২০০ কোটি টকাৰ দিশে আগবাঢ়ি যোৱাৰ বাবে অপ্ৰতিৰোধ্য যেন লাগিছে। জে আৰ এন টি আৰ-ৰাম চৰণ ছবিখনে বুধবাৰে প্ৰায় ১৪ কোটি টকা সংগ্ৰহ কৰিছিল।এছ এছ ৰাজামৌলীপৰিচালিত আৰআৰআৰে বক্স অফিচত ইয়াৰ উৰ্ধমুখী সুইং অব্যাহত ৰাখিছে। ই ইতিমধ্যে বাহুবলী: দ্য কনক্লুচনৰ প্ৰথম দিনৰ ঘৰুৱা বক্স অফিচ সংগ্ৰহৰ অভিলেখ ভংগ কৰিছে, আৰু দিন যোৱাৰ লগে লগে জুনিয়ৰ এনটিআৰ-ৰাম চৰণ চলচ্চিত্ৰখনে নতুন উচ্চতা অৰ্জন কৰি আছে।বক্স অফিচ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি, ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰ অভিনীত ছবিখনে বুধবাৰে প্ৰায় ১৩.৫-১৪ কোটি টকা সংগ্ৰহ কৰে আৰু ইয়াৰ হিন্দী সংগ্ৰহ প্ৰায় ১২০ কোটি টকাৰ নেট সংগ্ৰহ কৰে।বক্স অফিচ ইণ্ডিয়াই জনোৱা অনুসৰি বক্স অফিচত মহাকাব্যিক নাটকখনৰ প্ৰথম সপ্তাহত চলি থকা প্ৰায় ১৩২ কোটি টকা বন্ধ হোৱাৰ সম্ভাৱনা আছে।

আৰ.আৰ.আৰ.-য়ে বিবেক অগ্নিহোত্ৰীৰ বিতৰ্কিত চলচ্চিত্ৰ দ্য কাশ্মীৰ ফাইলছক শক্তিশালী ভাৱে অনুসৰণ কৰিব বুলি আশা কৰা হৈছে, কিয়নো বাণিজ্য বিশ্লেষকসকলে আশা কৰিছে যে এই সুবিধাটোৱে অতি সোনকালেই 200 কোটি টকাৰ আকাংক্ষিত সীমা অতিক্ৰম কৰিব। আৰ.-য়ে গুজৰাট, দিল্লী, উত্তৰ প্ৰদেশ আৰু থানেৰ দৰে ক্ষেত্ৰত ভাল ব্যৱসায় কৰি আছে।

ৰিণিমা বেগম হত্যাকাণ্ডঃ বৰপেটা মেডিকেল কলেজ হস্পিতালৰ চিকিৎসকসহ ৬ জনক গ্ৰেপ্তাৰ ৷১জন পলাতক

ৰিণিমা বেগম হত্যাকাণ্ডঃ বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসকসহ ৬ জনক গ্ৰেপ্তাৰ ৷১জন পলাতক ৷
১৩ লাখ টকাত ৰিণিমা হত্যাৰ চুপাৰী ৷৮ মাহ পূৰ্বে হত্যাৰ পৰিকল্পনা ৷ৰবিয়াল আলীয়ে হত্যা কৰিছিল ৰিণিমাক ৷
হত্যাকাণ্ডৰ সৈতে জুম্মা জৰিত থকাৰ কোনো প্ৰমান পোৱা নাই আৰক্ষীয়ে ৷ হত্যাৰ অভিযোগত জুম্মাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷
হত্যাৰ ১০ দিনৰ ভিতৰতেই হত্যাকাণ্ডৰ ৰহস্য ফাদিল বৰপেটা আৰক্ষীৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে সদৰি কৰিলে ৰিণিমা বেগম হত্যাৰ তদম্তৰ সকলো ৰহস্য ৷

বৰপেটাৰ আৰক্ষী অধীক্ষকৰ মতে-
ভূমিক লৈ সৃষ্ট সংঘাতৰ বাবেই হত্যাৰ বলি হবলগীয়া হ’ল ৰিণিমা বেগম ৷

২০১৯ চনত ৰিণিমা বেগমৰ পৰা ৫ বিঘা মাটি ক্ৰয় কৰিচিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে ১ কোটি ১৩ লাখ টকা আদায় দিয়াৰ পিচত ৰিণিমা বেগমে আন লোকৰ ওচৰত মাটিখিনি বিক্ৰীৰ চেষ্টা চলায় ৷ বাৰম্বাৰ অনুৰোধৰ পিচতো মাটি চমজাই নিদিলে ডাঃ মকদম আলীক ৷

আনকি বিষয়টোক লৈ আদালতৰ কাষ চপা ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটাৰৈ গোচৰ ৰুজু কৰিছিল ৰিণিমাই ৷
পিছে আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ সৈতে লগলাগি ৰিণিমাক হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰি অৱশেষত সেয়া কাৰ্যত ৰূপায়ন কৰা হয় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ডাঃ মকদম আলীৰ খুলশালীয়েক মহিবুল হকৰ জৰিয়তে ১৩ লাখ টকাৰ বিনিময়ত ৰিণিমা হত্যাৰ চুপাৰী লৈছিল ৰকিবুল ইছলামে ৷

প্ৰায় ৮ মাহ পূৰ্বে ৰকিবুল ইছলামে ১৩ লাখ টকাত ৰিণিমা হত্যাৰ চুপাৰী লৈ আব্বাছ আলীক হত্যাকাৰী বিচৰাৰ ভাৰ দিয়ে ৷
সেইমতে আব্বাছ আলীয়ে ৰবিয়াল আলীক হত্যাৰ দায়িত্ব দিয়ে ৷
উক্ত পৰিকল্পনা অনুসৰিয়েই ২১ মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত ৰবিয়াল আলিয়ে চোকা অস্ত্ৰৰে হানি ৰিণিমা বেগমক হত্যা কৰিছিল ৷

ইতিমধ্যে ভেলেঙী নদীত ডুবাৰু নমাই হত্যাত ব্যৱহৃত চোকা অস্ত্ৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ইতিমধ্যে ৰিণিমা বেগম হত্যাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসক ডাঃ মকদম আলী, খুলশালীয়েক মহিবুল হক, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মুস্তাব আলীসহ মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

অবশ্যে হত্যাকাণ্ডটোৰ আন এজন অভিযুক্ত পাঠশালাৰ ৰফিকুল আলি এতিয়াও পলাতক হৈ আছে ৷

ইপিনে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱামতে ৰিণিমা হত্যাৰ পিচতে ৰিনিমাৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ এজন লোকক গ্ৰেপ্তাৰ কপিছিল আৰক্ষীয়ে ৷ সম্প্ৰতি ১০ দিনৰ আৰক্ষী জিম্মাত থকা জুম্মা হত্যাকাণ্ডটোৰ সৈতে কোনো ধৰনে জৰিত থকা নাই আৰক্ষীয়ে ৷ জুম্মাৰ নিৰ্দোষিতাৰ বিষয়ে আৰক্ষীয়ে আদালতক জনাব বুলি সদৰি কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷

অসমৰ পৰা AFSPAৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত

উত্তৰ-পূৱৰ তিনি ৰাজ্যৰ পৰা AFSPA হ্ৰাস কৰাৰ সিদ্ধান্ত।পোন প্ৰথম বাৰৰ বাবে অসমৰ পৰা হ্ৰাস হ’ব AFSPA অৰ্থাৎ সামৰিক বাহিনী বিশেষ ক্ষমতা আইনৰ পৰিসৰৰ সিদ্ধান্ত।উত্তৰ-পূবৰ তিনি খন ৰাজ্যৰ পৰা AFSPA হ্ৰাস কৰাৰ সিদ্ধান্ত।গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে জনাই এই কথা।এই তিনি ৰাজ্য হৈছে অসম,নাগালেণ্ড আৰু মণিপুৰ।AFSPA ৰ অধীনৰ অশান্ত অঞ্চলৰ পৰিসৰ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইট যোগে জনাই এই কথা।এই আইনৰ অধীনত অশান্ত অঞ্চলৰ পৰিসৰ হ্ৰাস কৰা সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ।এই আইনৰ উত্তৰ-পূবত বিভিন্ন ঠাইত আন্দোলন হৈ আছিল।


ইয়াৰ প্ৰতি সমৰ্থন জনাই কেন্দ্ৰীয় চৰকাৰে লৈছে এই সিদ্ধান্ত।১৮৫৮ চনত পোন প্ৰথমে এই আইন বলৱৎ হৈছিল।এতিয়াৰে পৰা এই তিনি ৰাজ্যত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন সীমিত কৰা হ’ব।তিনি ৰাজ্যৰ কিছু কিছু অঞ্চলতহে সামৰিক বাহিনী বিশেষ ক্ষমতা আইন থাকিব।
অৰ্থাৎ AFSPA অধীনত তিনি ৰাজ্যৰ কিছু কিছু অঞ্চলহে অশান্ত অঞ্চল হিচাপে থাকিব।কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত।

অসম তথা ভাৰতৰ নাম জিলিকাবলৈ সাজু হৈছে মৰিগাঁৱৰ যুৱক যুৱতীয়ে

game হৈছে সফলতাৰ মাধ্যম । খেলৰ মাধ্যমেৰে বিভিন্ন সময়ত ভাৰতবৰ্ষৰ লগতে অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ যুৱক -যুৱতী সকলে । তেনে সময়ত মৰিগাঁও তথা ৰাজ্যৰলৈ আহিল সু খৱৰ । মৰিগাঁও কাৰাটে এচছিয়েচনৰ প্ৰায় ৬ জনকৈ খেলুৱৈ ভাৰতৰ হৈ ইন্ডুনেছিয়াত খেলিবলৈ সুযোগ লাভ কৰা পৰিলক্ষিত হৈছে ।

খেলুৱৈ সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে মৰিগাঁও ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্য্যালযত খেলুৱৈ সকলক একোখনকৈ সম্বধনা পত্র আৰু এখন ফুলাম গামোচাৰে সন্মানিত কৰা দেখা যায় ।

উক্ত সম্বৰ্ধনা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও OBC board ৰ অধ্যক্ষ শিৱাজী ডেকাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সভাপতি প্ৰবীন মেধী আৰু উপস্থিত থাকে আন আন বিষয়ববীয়াসকল ।

অৰুণাচলী সুৰাত অসমৰ লেবেল ।

মাৰ্ঘেৰিটাৰ বিভিন্ন অঞ্চলত অব্যাহত আছে অৰুণাচলী সুৰাৰ ৰমৰমীয়া ব্যৱসায় । আৰক্ষীৰ চকুৰ সম্মুখেৰে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা মাৰ্ঘেৰিটাৰ বিভিন্ন ধাবাসমূহলৈ সৰবৰাহ হৈ আছে সুৰা। তেনে সময়তে অৰুণাচলী সুৰা অসমৰ সুৰাৰ বটলত ভৰাই বিশেষ পদ্বতিৰে সাফৰ লগাই বিক্ৰি কৰি অহা এক দুষ্টচক্ৰ মাৰ্ঘেৰিটা আবকাৰী বিভাগৰ জালত । বহু সংখ্যক সুৰাৰ বটল সাফৰসহ সহ দুজনক গ্ৰেপ্তাৰ ।

মাৰ্ঘেৰিটা আৰু ডিগবৈ আৱকাৰী বিভাগৰ যুটীয়া অভিযানত অৰুণাচলী সুৰা অসমৰ সুৰাৰ বটলত ভৰাই বিশেষ পদ্বতিৰে সাফৰ লগাই বিক্ৰি কৰি অহা এক দুষ্টচক্ৰ হাতে- লোটে ধৰা পৰে । বহু সংখ্যক সুৰাৰ বটল সাফৰসহ দুজন গ্ৰেপ্তাৰ হয় আবকাৰীৰ হাতত ।মাৰ্ঘেৰিটা মাকুমবাগান তিনিআলিৰ এখন পান দোকানৰ অচিলা লৈ দীৰ্ঘদিনৰ পৰা দীপক কুমাৰ শ্বাহ আৰু শশীকান্ত পাণ্ডেই এইদৰে কাৰ্টুনে কাৰ্টুনে অৰুণাচলী সুৰা ক্ৰয় কৰি আনি পাছত সংগ্ৰহীত SALE FOR Assam লিখা খালি সুৰাৰ বটলত অৰুণাচলৰ সুৰা ভৰাই বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল ।

যিখন জিলাত তেল, কয়লা আৰু চাহৰ বাবে উন্নতিৰ শিখৰত উপনীত হৈছিল, এতিয়া তাৰ পূৰ্বৰ গৌৰৱময় দিনবোৰৰ অন্ত পৰিল!

কভিড  অতিমাৰীৰ পৰিপ্ৰেক্ষিতত উত্তৰ – পূব সীমান্ত ৰেলৰ মাকুম -ডাঙৰী শাখাত বন্ধ হৈ থকা ‘ডেমু’ ৰেলখনৰ চলাচল অনতিপলমে আৰম্ভ কৰাৰ লগতে অন্যান্য যাত্ৰী-সেৱা বৃদ্ধি কৰাৰ আহ্বান জনাইছে ‘মাকুম-ছৈখোৱা ৰেলপথ সুৰক্ষা সমিতি’য়ে। ‌সমিতিৰ সম্পাদক ধীৰেন ডেকাৰ নেতৃত্বত যোৱা এটা চাৰিজনীয়া প্ৰতিনিধিৰ দলে বুধবাৰে তিনিচুকীয়া সংমণ্ডলৰ প্ৰৱন্ধক বিজয় কুমাৰ মিশ্ৰক সাক্ষাৎ কৰি সেই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে তেখেতৰ কাৰ্য্যালয় কক্ষত এক সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত ইয়াৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰায় দুঘণ্টা সময় আলোচনাত মিলিত হয়।

 সমিতিয়ে যাত্ৰীৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ‘ডেমু’ ৰেলখনৰ চলাচল ডাঙৰীৰপৰা পুৱাৰ ভাগত আৰম্ভ কৰিবলৈ তথা চিকিৎসা, শিক্ষা সংক্ৰান্তীয় অথবা অন্যান্য কাম-কাজৰ বাবে ডিব্ৰুগড়লৈ যাব খোজা যাত্ৰীৰ সুচলাৰ্থে ইয়াৰ ওভতনি যাত্ৰা ডিব্ৰুগড়লৈ সম্প্ৰসাৰণ কৰিবলৈ অন্যথা, তাৰ বিকল্প স্বৰূপে, লিডু-ডিব্ৰুগড় অভিমুখী ‘ডেমু’ ৰেলখনৰ লগত তিনিচুকীয়া জংচনৰ পৰা ইয়াৰ সময়-সূচীৰ সংযোগ স্থাপন কৰিবলৈ আহ্বান জনায়।    

সমিতিয়ে ১৮৮১ চনতে অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীয়ে নিৰ্মাণ কৰা অসমৰ সৰ্বপ্ৰথম ৰেলপথ ডিব্ৰু-শদিয়া ৰেলৰ উল্লেখযোগ্য একাংশ মাকুম-ডাঙৰী শাখা ৰেলপথছোৱা যে ভাৰতীয় ৰেলৰ মানচিত্ৰত ‘ঐতিহ্য ৰেলপথ’ ৰূপে স্বীকৃতি পোৱাৰ যোগ্য, সেই কথা উল্লেখ কৰাৰ লগতে সমিতিৰ দাবীৰ পৰিপ্ৰেক্ষিতত ২০১২ চনৰ ৰেল বাজেটত ৫.৬৮৩ কিলোমিটাৰ দূৰত্বতৰ ছৈখোৱালৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তাৱটো আজিকোপতি কাৰ্যকৰী নকৰাত শদিয়া মহকুমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰৰ ছৈখোৱাবাসী ৰাইজক স্বাধীনতা লাভৰ ৭৫ বছৰ পাছতো ৰেল-সেৱাৰপৰা বঞ্চিত কৰা হৈছে বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হয়।

অন্যহাতে,  কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ নদীয়েদি অন্তৰ্দেশীয় ২নং জলপথৰ সীমামূৰীয়া গুৰুত্বপূৰ্ণ জাহাজঘাট তথা বৃটিছ শাসনৰ দিনৰপৰা বনজ সম্পদ আৰু চাহ উৎপাদনৰ ব্যৱসায়িক কেন্দ্ৰ ৰূপে পৰিচিত ছৈখোৱা সম্প্ৰতি সুধাকণ্ঠ ভূপেন হাজৰিকা সেতু(ধলা – শদিয়া দলং) নিৰ্মাণৰ পাছত কাষৰীয়া অৰুণাচল প্ৰদেশৰ লগত ইয়াৰ বাণিজ্যিক সম্পৰ্ক বহু গুণে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ছৈখোৱালৈ এই ৰেলপথৰ সম্প্ৰসাৰণ নকৰিলে  ৰেল বিভাগে যে আয়ৰ মুখ দেখিবলৈ সক্ষম নহব, সেই বিষয়ে সকীয়াই দিয়া হয়।   

সমিতিয়ে মাকুম -ডাঙৰী শাখা ৰেলপথটোৰ উপযোগিতা বঢ়োৱাৰ স্বাৰ্থত যোৰহাট -তিনিচুকীয়াৰ মাজত চলাচল কৰা যাত্ৰীবাহী ৰেলখন (৫৫৯১৩ আপ /৫৫৯১৪ ডাউন) ডাঙৰীলৈ সম্প্ৰসাৰণ কৰিব লাগে বুলি দাবী উত্থাপন কৰাত সংমণ্ডল ৰেল প্ৰৱন্ধক গৰাকীয়ে সেই বিষয়ে বিবেচনা কৰি চোৱাৰ আশ্বাস প্ৰদান কৰে। সমিতিয়ে তিনিচুকীয়াৰ এক স্বাৰ্থজড়িত মহলে  ডিব্ৰুগড় -ডাঙৰীৰ মাজৰ ৰেলপথটো তিনিচুকীয়া চহৰৰপৰা স্থানান্তৰ কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ সন্দৰ্ভত প্ৰৱন্ধক গৰাকীক প্ৰশ্ন কৰাত তেখেতে কয় যে,  মমতা বেনাৰ্জী ৰেল মন্ত্ৰী থাকোঁতে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰি ইয়াৰ এক জৰীপ কাৰ্য্যৰ আদেশ উলিওৱা হৈছিল যদিও কোনো প্ৰকল্পৰ বিভিন্ন দিশৰ উপযোগিতা সমূহ বিবেচনা কৰিহে ৰেলৱে ব’ৰ্ডে সাধাৰণতে তাক কাৰ্য্যকৰী কৰে। ইফালে ৰেল চলাচলৰ সময়ৰ উন্নতি সাধনৰ অৰ্থে যাতায়তৰ বিশেষ ভীৰ নথকা অপ্ৰয়োজনীয় লেভেল ক্ৰচিঙসমূহ হ্ৰাস কৰা তথা বৰহাপজান, হাঁহচৰা, ডুমডুমা, ৰূপাই চাইডিং, তালাপ অঞ্চলত হোৱা ৰেল বিভাগৰ মাটিৰ বেদখল  উচ্ছেদ কৰাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰাত প্ৰৱন্ধক গৰাকীয়ে জিলা প্ৰশাসনৰ সহায়ৰ প্ৰয়োজনীয়তাৰ কথা কয়। লগতে মাত্ৰ পঞ্চাশ বা এশ গজ দূৰত্বত ইয়াৰ মানুহে ৰেল পথৰ ওপৰে আহ-যাহ কৰা বিষয়টোত তেখেতে আশ্বৰ্য্য প্ৰকাশ কৰে। পিছে ইতিপূৰ্বে  বিভাগীয় কৰ্মচাৰীয়ে উৰ্দ্ধতন মহলৰ দৃষ্টি আকৰ্ষণ কৰা সত্ত্বেও যে কোনো অজ্ঞাত কাৰণত কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা সচৰাচৰ দেখা নাযায়, সেই বিষয়ে স্মাৰক পত্ৰখনত দৃষ্টি আকৰ্ষণ কৰা হয়।  

প্ৰৱন্ধক গৰাকীয়ে আক্ষেপ প্ৰকাশ কৰি কয় যে, প্ৰাক-স্বাধীন কালত ৰেল ব্যৱস্থা প্ৰবৰ্তন হোৱাৰ ফলত যিখন জিলা তেল, কয়লা আৰু চাহৰ বাবে উন্নতিৰ শিখৰত উপনীত হৈছিল, এতিয়া তাৰ পূৰ্বৰ গৌৰৱময় দিনবোৰৰ অন্ত পৰিল!

মাইৰ পৰা গুল্লাক চিজন 3 লৈ, এপ্ৰিলত মুকলি হোৱা ৱেব চিৰিজ

যোৱা কেইবছৰমানৰ পৰা, আমাৰ বেছিভাগে কেৱল মনোৰঞ্জন প্ৰদান কৰাই নহয়, বাহিৰৰ পৃথিৱীৰ বাবে আমাৰ খিৰিকী হ’বলৈও অ’টিটিৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰি আহিছে। পৃথিৱীখন পুনৰ অন্বেষণ কৰিবলৈ মুকলি, কিন্তু পালঙ্কৰ আৰাম এৰিবলৈ বহুত লোভনীয় যেন লাগিছে।

মুক্তিৰ বাবে শাৰী পাতি থকা পুৰণি শৃংখলা আৰু নতুন ঋতুৰ সংখ্যাবিবেচনা কৰি আগন্তুক মাহটো এটা ডাঙৰ বিঞ্জ-ফেষ্ট হ’বলৈ গৈ আছে। মহিলাৰ আগশাৰীৰ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি কিছুমান মেগা-সফল অনুষ্ঠানৰ উভতি অহালৈকে, এপ্ৰিলত অ’টিটি-ত বিভিন্ন প্ৰস্তাৱ আছে।

হয়, চি.ও.ভি.আই.ডি.-19 নিয়মবোৰ ঘূৰাই অনাৰ পিছত ছবিগৃহ মুকলি হোৱাৰ সৈতে, বহুলোকে তেওঁলোকৰ প্ৰিয় চলচ্চিত্ৰ নিৰ্মাতা আৰু অভিনেতাসকলক ধৰিবলৈ চিনেমাগৃহত থাকিব। কিন্তু হেই, নিজৰ ঘৰৰ আৰামৰ পৰা বিঞ্জ-চোৱাৰ নিজা অনুৰাগী আছে।

গুল্লাক চিজন ৩

অনুষ্ঠানটো মিশ্ৰ পৰিয়াল-সন্তোষ আৰু শান্তি মিশ্ৰ, আৰু তেওঁলোকৰ সন্তান আনন্দ আৰু অমন মিশ্ৰৰ দৈনন্দিন জীৱনৰ বিষয়ে আৰু উত্তৰ ভাৰতৰ এখন সৰু চহৰত নিৰ্মাণ কৰা হৈছে। দ্য ভাইৰেল ফিভাৰৰ দ্বাৰা প্ৰযোজিত গুল্লাক শ্ৰেয়ানশ পাণ্ডেৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে আৰু ইয়াত জামিল খান, গীতাঞ্জলি কুলকাৰ্ণী, বৈভৱ ৰাজ গুপ্তা আৰু হৰিশ মেয়াৰে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে। প্ৰথম চিজনটো ২০১৯ চনত প্ৰিমিয়াৰ হৈছিল আৰু এতিয়া অনুষ্ঠানটো ইয়াৰ তৃতীয় কিস্তিৰ সৈতে ঘূৰি আহিবলৈ সাজু হৈছে। আপুনি ইয়াক চনিলিভত ষ্ট্ৰীম কৰিব পাৰে।

অনুষ্ঠানটো এগৰাকী মাতৃৰ চাৰিওফালে ঘূৰি আছে, যিয়ে তাইৰ বিশেষভাৱে সক্ষম জীয়েকৰ আকস্মিক মৃত্যুক ডিকোড কৰিবলৈ চেষ্টা কৰি আছে আৰু তাইক হেৰুওৱাৰ আৱেগিক চাপৰ সৈতে যুঁজি আছে। সৃষ্টিকৰ্তা অতুল মংগিয়াই আনছাই লালৰ সৈতে অনুষ্ঠানটোৰ সহ-পৰিচালনা কৰিছে। মাইৰ কলাকুশলীসকলৰ ভিতৰত আছে সাক্ষী তানৱাৰ, ৰাইমা সেন আৰু ৱামিকা গাব্বি। অপৰাধ-থ্ৰিলাৰটো নেটফ্লিক্সত প্ৰদৰ্শিত হ’ব পাৰে।

অভয় চিজন ৩

এই অপৰাধ থ্ৰিলাৰ শ্ব’টোত কুনাল খেমু, আশা নেগী, নিধি সিং, ৰিতুৰাজ সিং, এলনাজ নৰৌজি আদি আছে। ই এজন উচ্চাভিলাষী আৰক্ষী বিষয়া অভয় প্ৰতাপ সিঙৰ জীৱনঅনুসৰণ কৰে, যি এটা গোচৰ সমাধানকৰাৰ ক্ষেত্ৰত কোনো সীমা নাজানে। চলচ্চিত্ৰ নিৰ্মাতা কেন ঘোষৰ দ্বাৰা পৰিচালিত এই অনুষ্ঠানটোৱে অভয়ৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য বজাই ৰখাৰ সংগ্ৰামৰ পিছত। আপুনি ইয়াক জি৫ ত চাব পাৰে।

ৰাছিয়ান ডল চিজন ২ তিনি বছৰৰ পিছত, এমি বিজয়ী শৃংখলাটোৱে পুনৰ প্ৰত্যাৱৰ্তন কৰিবলৈ গৈ আছে। নাতাশা লিয়নে, লেছলি হেডলেণ্ড আৰু এমি পোহেলাৰৰ দ্বাৰা নিৰ্মিত, এই ৱেব শৃংখলাটোৰ প্ৰথম চিজন নাদিয়াৰ চাৰিওফালে ঘূৰি ।

আছিল, যিলিয়নে অভিনয় কৰিছিল, যি তেওঁৰ জন্মদিনত টাইম লুপত আবদ্ধ হৈ থাকে, যি প্ৰতিবাৰ মৃত্যুৰ পিছত ৰিছেট কৰে। কিন্তু প্ৰতিটো মৃত্যুৰ লগে লগে নাদিয়াৰ পৃথিৱীয়ে ইয়াৰ উপাদানবোৰ হেৰুৱাবলৈ আৰম্ভ কৰে। চিজন 1-ৰ দৰে, ৰাছিয়ান ডলৰ পৰৱৰ্তী কিস্তি নেটফ্লিক্সত উপলব্ধ হ’ব।

এলিট চিজন ৫

এক উচ্চ শ্ৰেণীৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত, অনুষ্ঠানটোৱে 2018 চনত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা নিজৰ বাবে এক বিশেষ অনুৰাগীৰ আধাৰ সৃষ্টি কৰিছে। খবৰ অনুসৰি, ফিলিপৰ নৱবৰ্ষৰ পাৰ্টি আৰু গুজমান পলাই যোৱাৰ পিছত নতুন ঋতুটো ঘটনাটোৰ পৰা বাছনি কৰা হ’ব আনহাতে আৰ্মান্দোৰ মৃত্যুৱে চেমুৱেল আৰু এৰিৰ সম্পৰ্কৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। কাৰ্লোছ মণ্টেৰো আৰু জাইম ভাকাৰ দ্বাৰা সহ-নিৰ্মিত, এই ৱেব শৃংখলাটোৰ কলাকুশলীসকলৰ ভিতৰত আছে আলভাৰো ডি জুয়ানা, কাৰমেন আৰুফাট ব্লাস্কো, আনা বোকেচা, এলেক্স পাষ্ট্ৰানা, অন্যান্যসকলৰ ভিতৰত। অনুষ্ঠানটো নেটফ্লিক্সত প্ৰচাৰিত হ’ব।

দা কাৰ্দাচিয়ানচ

চেলিব্ৰিটি পৰিয়ালটোৱে আন এটা ৰিয়েলিটি শ্ব’ৰ সৈতে উভতি আহিবলৈ গৈ আছে যিয়ে পৰিয়ালৰ প্ৰতিজন সদস্যৰ জীৱন ৰক্ষা কৰিব, ঠিক কিপিং আপ উইথ দা কাৰ্দাচিয়ানৰ দৰে। ইয়াত তেওঁলোকৰ মাতৃ ক্ৰিছ জেনাৰক কৰ্টনীৰ প্ৰাক্তন সংগী স্কট ডিচিক আৰু কিমৰ প্ৰাক্তন সংগী কেনে ৱেষ্টৰ সৈতে দেখুওৱা হ’ব। ভগ্নীসকলে তেওঁলোকৰ সন্তান, ব্যস্ততাৰ বিষয়ে কথা পাতিব আৰু সম্ভৱতঃ অধিক নাটক নিশ্চিত কৰিব। ইয়াক হুলুত চাব পাৰি।