Home Blog Page 2564

ইন্দিৰা গান্ধী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী

বিশ্বনাথ জিলাৰ ইটাখোলাতলৰ সমীপৰ ইন্দিৰা গান্দী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ত শৈক্ষিক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মজলীয়া বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা হয় । বিভিন্ন প্ৰকল্প নিৰ্মানৰ কৰ্মশালা ৷ বিদ্যালয়খনৰ শিক্ষয়িত্ৰী ভানু বৰা আৰু প্ৰণতি গগৈৰ নেতৃত্বত ষষ্ঠমান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীলৈ প্ৰায় শতাধিক ছাত্ৰ -ছাত্ৰীক এই কৰ্মশালাৰ প্ৰশিক্ষণ দিয়া হয়।মূলত পেলনীয়া বিভিন্ন সামগ্ৰীৰ দ্বাৰা কেনেকৈ বিভিন্ন সামগ্ৰী বা প্ৰাকৃতিক দৃশ্য তৈয়াৰ কৰিব পাৰি বা কেনেকৈ আমাৰ প্ৰাকৃতিক পৰিবেশ সুন্দৰ কৰি ৰাখিব পাৰি তাৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক উক্ত কৰ্মশালাৰ জৰিয়তে ধাৰণা দিয়া হৈছে বুলি আয়োজন কৰা হয় বুলি মন্তৱ্য কৰে তত্বাবধায়ক শিক্ষয়ত্ৰী ভানুবৰাই ৷

উল্লেখ্য যে অহা মে’ মাহত অৱসৰ গ্ৰহণ কৰিবলগা কৃতি শিক্ষক বঁ‌টা প্ৰাপক বিদ্যালয়খনৰ প্ৰধান শিক্ষক টংক কুৰ্মীৰ পৰিচালনাত অঞ্চলটোত এটি অগ্ৰনী শিক্ষানুষ্ঠান হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইপিনে নদুৱাৰ শিক্ষাখণ্ডৰ পিচপৰা অঞ্চলৰ মজলীয়া শিক্ষানুষ্ঠাটিত নিয়মানুৱৰ্তীতা আৰু নিষ্ঠাবান প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি অহা আৰু ২৮৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে বিদ্যালয়খনত মুঠ ১০ গৰাকী শিক্ষক-শিক্ষিত্ৰীয়ে পাঠ দান কাৰ্য চলাই বিগত দিনত কেইবা গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বৃত্তি পাবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও প্ৰধান শিক্ষক গৰাকীৰ লগতে সহকাৰী শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত বিভিন্ন সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত বাস্তৱ সন্মত সহ বিদ্যায়তনিক শিক্ষা প্ৰদান কৰাক লৈ অঞ্চলটোৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাৰ কথা জানিব পৰা গৈছে।

দৌল মহোৎসৱৰ পূৰ্বে বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷

দৌল মহোৎসৱক লৈ তৎপৰ বৰপেটা জিলা প্ৰশাসন ৷ বৰপেটা সত্ৰ সংযোগী পথত চলিল প্ৰশাসনৰ উচ্ছেদ ৷ বৰপেটা সত্ৰলৈ যোৱা পথৰ কাষৰ ভূমি একাংশ লোকে বেদখল কৰি ঘৰ দুৱাৰ নিৰ্মাণ কৰিছিল ৷

বৰপেটা সত্ৰ পৰিচালনা সমিতিয়ে সত্ৰলৈ অহা যোৱা কৰা মুল পথটো বেদখলমুক্ত কৰাৰ বাবে জিলা প্ৰশাসনক আবেদন জনাইছিল ৷ প্ৰায় দুবছৰ পূৰ্বে ১ কোটি ১০ লাখ টকা ব্যয় সাপেক্ষে অসম দৰ্শণ আঁচনিৰ অধীনত পথৰ দুয়োকাষ উন্নষনৰ আঁচনি গ্ৰহন কৰিছিল চৰকাৰে ৷

পিছে দুবছৰে পথটো বেদখলমুক্ত কৰি পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিব নোৱাৰাক লৈ লোকনিৰ্মাণ বিভাগ আৰু জিলা প্ৰশাসনৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰাৰ পিছতে আজি পথটো বেদখলমুক্ত কৰাৰ পদক্ষেপ গ্ৰহন কৰে ৷ উল্লেখ্য যে, দৌল মহোৎসৱৰ লগতে আন সময়তো বৰপেটা সত্ৰলৈ যোৱা পথটোত ব্যাপক যানজঁটৰ সৃষ্টি হয় ৷

দাৰাগাঁৱত এছ এছ বিৰ কৃষকলৈ কৃষি সঁজুলিৰ লগতে শস্যৰ বীজ বিতৰণ

সশস্ত্র সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ উদ্যোগত আজি “আজাদী কা অমৃত মহোৎসৱ”ৰ লগত সংগতি ৰাখি বাক্সা জিলাৰ দাৰাগাওঁত উত্তৰকুছি, দাৰাগাওঁ আদি গাঁৱৰ পৰা নিৰ্বাচিত ৫০ গৰাকী কৃষকক ৰবী শস্যৰ বীজ বিতৰণ কৰাৰ লগতে কৃষক সকলক বিভিন্ন সজুলী প্ৰদান কৰে।

বি টি চিৰ কাৰ্যবাহী সদস্য ঘনস্যাম দাসে উদ্বোধন কৰা অনুষ্ঠানত এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাডেণ্ড নন্দকিশোৰ টামটা, উপ কামাডেণ্ড সণ্ডিপ পনীয়াৰ লগতে কেবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি আৰু খেতিয়কে অংশগ্রহণ কৰে।

তামুলপুৰৰ মটঙাপাৰ শ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম

তামুলপুৰৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয়ঘন্টীয়া অখণ্ড পালনাম। হৰি নাম কীৰ্তনত মুখৰিত তামুলপুৰৰ আকাশ বতাহ।আজি তামুলপুৰৰ মাজমজিয়াৰ মটঙাপাৰ শ্ৰীশ্ৰীমন্ত শঙ্কৰদেৱ শাখা সত্ৰত ছয় ঘন্টীয়া অখণ্ড পালনাম অনুষ্ঠিত হয়।আজি পুৱা পাঁচ বজাত জাগৰনৰ গীত পৰিৱেশন কৰে সত্ৰৰ পাঠক নিবাৰন দাসে ।পুৱা ৬ বজাত সত্ৰৰ আই মাতৃসকলৰ দ্বাৰা নাম প্ৰসঙ্গ কৰা হয়।

পুৱা ৭ বজাত বাপ সকলৰ দ্বাৰা নাম -প্ৰসঙ্গ কৰা হয়।৮ বজাত পতাকা উত্তোলন কৰে পালনাম পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত দাসে।আই -মাতৃ আৰু ভকত বান্ধৱৰ দ্বাৰা পৰিৱেশিত হৰি নাম কীৰ্তনৰ ধ্বনিত মুখৰিত হৈ পৰে তামুলপুৰৰ আকাশ বতাহ।

ধনশ্ৰী চাহ বাগিচাত সাত বছৰীয়া কন্যাক নৃশংস হত্যা। দোষীক দৃষ্টান্তমূলক শাস্তিৰ দাবী আটছাৰ

ওদালগুৰি জিলাৰ মাজবাটৰ ৰাঙাপানীত এগৰাকী মহিলাৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌযাঁওতেই  ১১মাৰ্চত  মাজবাটৰ লালপানী আৰক্ষী চকীৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিছাত এগৰাকী সাত বছৰীয়া দেৱকন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই জিলা খনতে জোকাৰি গৈছে ৷

পখিলা খেদাৰ বয়সতে এই শিশুকন্যা গৰাকী মৃত্যুক সাৱটি লোৱা ঘটনাই হৃদয়বানলোকক মৰ্মান্তিক আঘাত দিছে ৷আটছা ধনশ্ৰী উপশাখাই এই ঘটনাত জড়িত দোষীক অতিশীঘ্ৰেই কৰায়ত্ব কৰি কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ দাবী জনাইছে প্ৰশাসনক ৷চিনাক্ত কৰা এই নিষ্পাপ দেৱ শিশু   ধনশ্ৰী চাহ বাগিছাৰ দক্ষিণ সীমান্তৰ ৫ নং মনাই গাঁওৰ মাৰকাচ মুণ্ডাৰ দুহিতা ৰীণা মুণ্ডা(৭বছৰ ) বুলি জানিব পৰা গৈছে ৷ 

যোৱা ১০ মাৰ্চৰ নিশা গাঁওখনৰ এঘৰলোকৰ ঘৰত বিয়া আৰু আন এঘৰত মৰাৰ সকামো আছিল ৷নিশা ছোৱালী জনীক মাকে বিচাৰ খোচাৰ কৰে যদিও ওচৰতে বিয়া চলি থকা বাবে বিয়াঘৰতে ছোৱালী জনী থকা বুলি ভাবি মাকগৰাকী শুই পৰে ৷১১মাৰ্চত  ৰাতিপুৱা ধনশ্ৰী চাহ বাগিছাৰ মহিলা শ্ৰমিক সকলে কাম কৰিব আহি শিশু কন্যাগৰাকীৰ মৃতদেহ দেখা পাই চিঞৰ বাখৰ কৰে ৷এনেতে লগে লগে লালপানী আৰক্ষী চকীত এই বিষয় সন্দৰ্ভত অৱগত কৰাত লালপানী আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজীৱ গোঁহাইৰ লগতে মাজবাট ৰাজহ চক্ৰৰ ৰাজহ বিষয়া উৎপল ডেকা ঘটনা স্হলিত উপস্হিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷

অতি দুখজনক কথা যে মৃতদেৱ শিশুটিৰ দুয়ো ভৰিত আলতা ৰঙেৰে ৰঞ্জিত হৈ আছিল ৷সম্ভৱতঃ বিয়া ঘৰতে  কণমানিজনী আলতাৰ ৰং ভৰিত বোলাইছিল ৷ৰাতিপুৱা ভাগত ছোৱালীজনীৰ মূখেৰে তেজ নিৰ্গত হৈ থকা  আৰু গুপ্তাংগতো তেজ নিৰ্গত হৈ থকালৈ  এইয়া এক ধৰ্ষণ জনিত হত্যাকাণ্ড হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ৷লালপানী আৰক্ষীয়ে এইয়া হত্যাকাণ্ড নে ধৰ্ষণ জনিত হত্যাকাণ্ড তাৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ইফালে আটছা ধনশ্ৰী উপশাখাৰ সভাপতি-সম্পাদক ক্ৰমে নিৰফুল চনা আৰু জিনেল নাগে এই বৰ্বৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে প্ৰশাসনক ৷

গেলাবিল হাইস্কুলত ঐতিহ্যময় লোকসংস্কৃতিৰ মনোজ্ঞ সভা

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহত চলি থকা লোক-সংস্কৃতিৰ অন্তৰ্গত নৃত্য ,গীত, কলা আদি বিষয়ক আখৰাৰ শোভাৰম্ভণিৰে এক মনোজ্ঞ সভাখন ১১ মাৰ্চত ওৰাঙৰ গেলাবিল হাইস্কুলত আয়োজন কৰা হয় ।বিদ্যালয়ৰ সহ-শিক্ষয়িত্ৰী গীতিমা হালৈ বৰুৱাই আতঁধৰা তথা সংস্কৃত বিষয়ৰ শিক্ষয়িত্ৰী ৰিপামণি শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সভাপতিত্ব কৰে প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দেই । ছাত্ৰী স্নিগ্ধা বৈশ্য ,কুহি বৰা, স্নেহা বৈশ্যৰ নেতৃত্বত এদল ছাত্ৰীয়ে সুৱদি সুৰীয়া বিয়া নামেৰে উদ্বোধন কৰে গাম্ভীৰ্যপূৰ্ণ সভাখন।

ভাৰতৰ বিভিন্ন ৰাজ্যৰ ওনাম,কথাকলি, ভাংৰা আদি লোকনৃত্য, অসমৰ বিভিন্ন জিলা তথা স্থান বিশেষৰ বৰেণ্য জাতি-জনগোষ্ঠীৰ মনস্পৰ্শী লোক নৃত্য, গীত যেনে -ওজাপালি, বিয়ানাম,বৰ ঢুলীয়া, মহ খেদা,নাগাৰা নাম,আইনাম, হুচৰি,আদিবাসী-চাহজনজাতি ,বড়ো ,নেপালী, বেংগলী ,মিচিং, ৰাভা আদি জাতি-জনগোষ্ঠীয় পৰম্পৰাগত লোক-সংস্কৃতিৰ সন্দৰ্ভত সংক্ষিপ্ত উদাহৰণ সম্বলিত আলোকপাত কৰে শিক্ষক অতুল চন্দ্ৰ নাথ,সভাৰ সভাপতি তথা প্ৰধান শিক্ষক প্ৰদীপ কুমাৰ দে-ই।

ইয়াৰ মাজতে ছাত্রীদ্বয় কুহি বৰা,স্নেহা বৈশ্যই লোকগীত পৰিবেশন,ছাত্ৰী স্নিগ্ধা বৈশ্যই নৃত্য প্ৰদৰ্শন, ছাত্ৰী ৰশ্মিৰেখা দৈমাৰীৰ নেতৃত্বত এদল ছাত্র- ছাত্ৰীয়ে অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” সংগীতটো বড়ো ভাষাত পৰিবেশন কৰি সকলোকে মন্ত্ৰ-মুগ্ধ কৰে ।সভাপতিৰ বহুমূলীয়া মন্তব্য-বক্তব্যৰ পিছত নৱাগত শিক্ষয়িত্ৰী ৰঞ্জিতা দেৱীয়ে আগবঢ়ায় শলাগৰ শৰাই | অৱশেষত সমূহীয়াভাবে অসমৰ জাতীয় সংগীত পৰিবেশনেৰে দিনটোৰ কাৰ্যসূচীৰ সমাপ্তি কৰা হয় |

বজালীত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস পালন


১৯৭৮ চনৰ ১২ মাৰ্চত জন্মলাভ কৰা অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আজি ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। অসমৰ আন আন ঠাইৰ দৰে বজালীতো আজি সংগঠনটোৰ নেতৃবৃন্দই প্ৰতিষ্ঠা দিৱস পালন কৰে। আজি দিনজোৰা কাৰ্যক্ৰমণিকাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ উদ্যোগত পাঠশালা কলেজ ৰোডত অৱস্থিত কার্যলয়ত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে।

কাৰ্যক্ৰমণিকা অনুযায়ী- পুৱা পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰে এজেৱাইচিপিৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদে। ইয়াৰ পিছতে শ্বহীদ বেদিত ধূপ আৰু চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন আৰু যুটীয়া সম্পাদক মৃদুল তালুকদাৰে। ইয়াৰ পাছতেই স্মৃতি  তৰ্পণ অনুষ্ঠান মুকলি কৰে পৰিষদৰ কেন্দ্ৰীয় সাংগাঠনিক সম্পাদক মন্টু কুমাৰ শৰ্মা আৰু কাৰ্য নিৰ্বাহক সদস্য নিপল ডেকাই।

সংগঠনটোৰ বজালী জিলা সমিতিৰ সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাসে আঁতধৰা আজি এই অনুস্থানত বজালী জিলা সমিতিৰ উপদেষ্টা ক্ৰমেঃ অমূল্য চৌধুৰী আৰু টিকেন দাসকে ধৰি আৰু বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগোৱা ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। বিয়লি বিভিন্ন অনুষ্ঠানত ফল-মূল বিতৰণ, নাম-প্ৰসংগৰে দিনজোৰা কাৰ্যসূচীৰ সমাপন ঘটে। উল্লেখ্য যে, আজি এই পৱিত্ৰ দিনটোত যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সদস্যসকলে অসমীয়া জাতীয় জীৱন, অসমীয়া সমাজ-জীৱন, অসমীয়া কৃষ্টি, ভাষা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত সংকল্প গ্ৰহণ কৰি দৃঢ় প্ৰতিজ্ঞ হয় ।

মুছলপুৰত শীঘ্ৰেই নিৰ্মাণ হব ৫০ কোটি টকীয়া গ্ৰাম্য ক্ৰীড়া কেন্দ্ৰ :মন্ত্ৰী ইউ জি ব্ৰহ্ম

বাক্সাৰ হাৰিভাঙাত গলডিং নদীৰ ওপৰত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ণ পুঁজিৰ অধীনত মুঠ ২ কোটি ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২৫ মিটাৰ আৰচিচি এই দলং খনৰ সৈতে পথছোৱাৰ দৈৰ্ঘ্য ৬০০ মিটাৰ হ’ব। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা স্থানীয় লোকে এই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল। আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই দলংখন নিৰ্মাণৰ বাবে স্থানীয় লোকে দাবী জনাই আহিছিল যদিও বিগত সোতৰ বছৰ ধৰি বিপিএফৰ শাসনত নিৰ্মাণ নকৰিলে। আনহাতে বিপিএফৰ শাসনত যি কেইখন দলং নিৰ্মাণ কৰিছিল সেই আটাইবোৰ দলঙে নিম্ন মানৰ হোৱাৰ লগতে অৰ্ধনিৰ্মিত কৰি ৰাখিছিল বুলিও মন্তব্য কৰে।

আনহাতে অতিশীঘ্ৰে মুছলপুৰত এটা ৫০ কোটি টকীয়া ব্যয়সাপেক্ষে গ্ৰাম্য ক্ৰীড়া কেন্দ্ৰ স্থাপন কৰা হব বুলি মন্তব্য কৰি তেখেতে কয় যে মুখ্যমন্ত্ৰীয়ে শিলান্যাস স্থাপন কৰাৰ পিছতে ক্ৰীড়াৰ ক্ষেত্ৰত বাক্সা জিলাখন আগুৱাই যাব। আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিচিৰ মীন আৰু পশু পালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, মুছলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পদক (সাংগঠনিক) মইনুল আলি, চনবাৰীখূটী ভিচিডিচিৰ অধ্যক্ষ ৰত্নেশ্বৰ বড়োকে ধৰি দলীয় বহু নেতা- কৰ্মী উপস্থিত থাকে ।

সৰুসজাইত সামৰণি পৰিল ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা, কোন হ’ল শ্ৰেষ্ঠ দল?

সৰুসজাই ষ্টেডিয়ামত সামৰণি পৰিল ৪৩ সংখ্যক ৰাজ্যিক এথলেটিক প্ৰতিযোগিতা। ৮ মাৰ্চৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত সহস্ৰাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অসম এথলেটিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰে। চাৰিদিনীয়া এই প্ৰতিযোগিতাখনত খেলুৱৈসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰে বুলি জানিবলৈ দিয়ে প্ৰশিক্ষক নিপন দাসে।

বিশেষকৈ গুৱাহাটী, ওদালগুৰি, ডিব্ৰুগড় আৰু শিৱসাগৰে এই খেলখনত উন্নত প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ ৩৭টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। প্ৰতিবিধ খেলতে ভাল প্ৰদৰ্শন দেখুৱাই আজি অন্তিমটো দিনত গুৱাহাটীৰ দলে শ্ৰেষ্ঠ খেলুৱৈ দলৰ সন্মান লাভ কৰে। এই প্ৰতিযোগিতাত খেলুৱৈসকলক উন্নতমানৰ ক্ৰীড়াসুলভ সা-সুবিধা প্ৰদান কৰা হৈছে বুলিও কৰ্মকৰ্তাসকলে সদৰী কৰে।

কি ৰোগত আক্ৰান্ত হৈছে AIUDF প্ৰধান বদৰুদ্দিন আজমল?

সাংসদ বদৰুদ্দিন আজমল অসুস্থ। দক্ষিণ শালমৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে AIUDFপ্ৰধানগৰাকীয়ে। জিলা প্ৰশাসনৰ তত্বাৱধানত আছে সাংসদগৰাকী। নিশা বিভিন্ন প্ৰকাৰৰ আহাৰ গ্ৰহণ কৰাৰ বাবে শৰীৰত প্ৰভাৱ পৰাৰ সন্দেহ কৰিছে।

নিশাৰ তুলনাত বৰ্তমান স্বাস্থ্য সুস্থিৰ যদিও আৱৰ্ত ভৱনত আশ্ৰয় লৈ আছে সাংসদগৰাকীয়ে। আৱৰ্ত ভৱনত সাধাৰণ লোকৰ প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাই। অৱশ্যে খাদ্যত বিষক্ৰিয়া বা খাদ্যৰ সংক্ৰমণ নে আন কিবা সেয়া চিকিৎসকে পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব।