Home Blog Page 2568

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উদযাপন

তীৰ্থনগৰী হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত পাই দিৱস উপলক্ষে গনিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ । কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত অগ্ৰণী শৈক্ষিক – প্ৰতিষ্ঠান সুৰেন দাস মহাবিদ্যালয়ত আজি পাই দিৱস উপলক্ষে মহাবিদ্যালয়ৰ গণিত বিভাগৰ উদ্যোগত আন্তৰ্জাতিক গণিত দিৱস উদযাপন কৰা হ’য়। সেই মৰ্মে আজি মহাবিদ্যালয়ৰ সভাকক্ষত এখনি গণিত বিষয়ক বক্তৃতা অনুষ্ঠান সম্পণ্ণ হ’য়।

অনুষ্ঠানত সমল ব্যক্তি ৰূপে উপস্থিত থাকে আই আই টি গুৱাহাটীৰ অধ্যাপক ড° ভূপেন ডেকা,সুৰেন দাস মহাবিদ্যালয় অধ্যক্ষ ড° হিৰণ্য কুমাৰ শৰ্মা ,ৰাজনীতি বিভাগৰ অধ্যাপিকা ড° ৰিপীমা বুজৰবৰুৱা,গণিত বিভাগৰ অধ্যাপক ৰাজীৱ দাস,ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ড° জয়ন্ত কুমাৰ দাস,ভাৰতী মেধি,অসমীয়া বিভাগৰ অধ্যাপিকা ড° ৰঞ্জু ঠাকুৰীয়া,ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আলি ড° আকবৰ হুছেইনক,হাজো আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক ৰাজীৱ বৰুৱাকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা,ছাত্ৰ -ছাত্ৰীবৃন্দ ও বিশিষ্ট গণ্য মান্য ব্যক্তি।তদুপৰি আজিৰ অনুষ্ঠানত গণিত বিষয়ত শ্ৰেণীগত শিক্ষাৰে শৈক্ষিক বাতাবৰণ সৃষ্টিৰ ওপৰত গঠনমূলক বক্তৃতা প্ৰদান কৰা হ’য়।

গো-শালাৰ উচিত তদন্ত বিচাৰি জিলা উপায়ুক্ত লৈ আমছুৰ স্মাৰক পত্ৰ প্ৰদান

ৰঙামাটিস্থিত DHAYAN FOUNDATION নামৰ N.G.O.ৰ গো-শালাৰ উচিত তদন্ত বিচাৰি চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে জিলা উপায়ুক্ত লৈ ৰঙামাটি আঞ্চলিক আমছুয়ে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।


ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙামাটি হলদিবাৰীত চৰকাৰীভাৱে DHAYAN FOUNDATION নামৰ NGO ৰ দ্বাৰা স্থাপন কৰা গো-শালাত প্ৰায় প্ৰতিদিনেই মৃত্যু হৈ আছে গৰু,। মৃত গৰুবোৰ ওচৰতে গাত খান্দি পুতি থোৱা পৰিলক্ষিত হয় যদিও গাতৰ পৰা দুৰ্গোন্ধ ওলাই পৰিৱেশ দুষিত হৈ পৰাও দেখা যায়। এই সম্পর্কে প্ৰকৃত কাৰণ জানিব বিচৰাত হিন্দি ভাষী তত্বাৱধায়কে ওলোটাকৈ সাংবাদিকৰ পৰিচয় লয় আৰু সাংবাদিককেই নানা ধৰণৰ কথাৰে ভয় খুৱাবলৈ হে চেষ্টা কৰে । ইপিনে স্থানীয় আৰক্ষী প্ৰশাসনৰ লগত যোগাযোগ কৰিলে জিলা উপাুক্তৰ দোহাই দিয়া পৰিলক্ষিত হয় । 

এতিয়া প্ৰশ্ন হয় যদি জিলা উপায়ুক্তৰ তত্বাৱধানতেই গো-শালাখন নিয়ম -নীতিৰ মাজত চলিছে তেন্তে গো-শালাৰ ভিতৰৰ নিৰ্ভৰযোগ্য বাতৰি সম্প্ৰচাৰ কৰিবলৈ সাংবাদিকক বাধা আৰোপ কৰা হয় কিয়? ইপিনে গো-শালাত খাদ্যৰ অভাৱত গৰুৰ শাৰীৰিক অৱস্থা দুৰ্বল হৈ দৈনিক গো-মাতাই মৃত্যুবৰণ কৰিবলগীয়া হৈছে কিয় ? প্ৰকৃত তথ্য লুকাই ৰখাৰ আঁৰৰ ৰহস্য কি ? এই ক্ষেত্রত জিলা উপায়ুক্তৰ হস্তক্ষেপ বিচাৰি চাপৰ চক্ৰ বিষয়াৰ জৰিয়তে ৰঙামাটি আঞ্চলিক আমছু এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত

টাই আহোম জনগোষ্ঠীৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত, জনগোষ্ঠীৰ ভুমিৰ অধিকাৰ,ৰাজনৈতিক অধিকাৰ, সাংস্কৃতিক,ভাষিক,সামাজিক আৰু সম্পদ আৰু ঐতিহ্য সুকীয়া পৰিচয়ৰ সুৰক্ষাৰ স্বাৰ্থত বিগত তিনিটা দশক ধৰি অনুসুচিত জনজাতিৰ মৰ্য্যদা বিচাৰি জনগোষ্ঠীটোৰ সংগঠন কেইটাই নিৰবছিন্ন ভাবে সংগ্ৰাম অব্যাহত ৰাখিছে যদিও ৰাজনৈতিক সদিচ্ছাৰ অভাৱহত আজিকো পৰ্য্যন্ত ছৰকাৰে জনজাতিৰ মৰ্য্যদা দিয়া নাই। কৌশলগত ভাবে বিষয় টো কেৱল নিৰ্বাচন কেন্দ্রীক ইছুলৈ পৰ্য্যাবেশিত কৰি এই দীৰ্ঘ দিনৰ নাৰ্য্য দাবীটো চৰকাৰে উলমাই ৰাখিছে ।সেয়েহে টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্রীয় সমিতিৰ উদ্যোগত দিল্লীৰ যন্তৰ মন্তৰত জনগোষ্ঠীটোৰ কেইবাটোও সংগঠনৰ সহযোগত তিনি 15 মাৰ্চত ঘন্টীয়া অৱস্থান ধৰ্মগত কাৰ্য্যসুচী ৰূপায়ন কৰি দিল্লী কপোৱাৰ সিদ্ধান্ত গ্ৰহন কৰিছে।।

আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিয়ে এই অবস্থান ধৰ্মগতৰ কাৰ্যলৈ নৈতিক সমৰ্থন আগবঢ়াইছে। আজি আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ সধাৰণ সম্পাদক অনন্ত গগৈয়ে টাইপাৰ উদ্যোগত ৰূপায়ন কৰিব লগীয়া সংগ্ৰামী কাৰ্য্যসুচীটিলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰি টাই আহোম জনঘোষ্ঠীৰ জন জাতিৰ মৰ্য্যদা এক indigenous justified right বুলি কয় আৰু আহোম জাতীয় মহাসভাৰ কেন্দ্রীয় সমিতিৰ পৰিয়ালৰ তৰফৰ পৰা সংগ্ৰামী ভাতৃ সকললৈ সফল সমাপ্তিৰ হেতু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছে

সুৰাৰ বিৰুদ্ধে অভিযান চলালে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে

সুৰাৰ দোকানলৈ শিল নিক্ষেপ উমা ভাৰতী।মধ্যপ্ৰদেশত সুৰাৰ বিৰুদ্ধে অভিযান চলালে কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে।সুৰাৰ দোকানত শিল নিক্ষেপ কৰিলে উমা ভাৰতীয়ে।মধ্য প্ৰদেশত সুৰা নিষিদ্ধকৰাৰ দাবী জনাই মন্ত্ৰী গৰাকীয়ে।প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী উমা ভাৰতীয়ে দেওবাৰে ভূপালৰ বৰখেৰা পাঠানী অঞ্চলৰ এখন সুৰাৰ দোকানলৈ শিল নিক্ষেপ কৰে।বিজেপি নেতাগৰাকীয়ে এখন সুৰাৰ দোকানলৈ গৈছিল আৰু সুৰাৰ বটললৈ শিল দলিয়াইছিল।তেওঁ দাবী কৰিছিল যে দোকানখনে অঞ্চলটোৰ মহিলাসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছে।নিজৰ টুইটাৰ হেণ্ডেলত এটা ভিডিঅ’ শ্বেয়াৰ কৰি বিজেপি নেতাগৰাকীয়ে কয় যে “ভূপালৰ আজাদ নগৰত শ্ৰমিকসকলে বাস কৰা এই বস্তিৰ লোকসকলক কেইবাখনো দোকানত দোকানে সুৰা বিক্ৰী কৰে শ্ৰমিকসকলৰ সম্পূৰ্ণ সঞ্চয় সুৰাৰ ওপৰত অপচয় হয়। মহিলাসহ আৱাসীসকলে চৰকাৰী নিয়মৰ বিৰুদ্ধে স্থাপন কৰা দোকানবোৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল।প্ৰশাসনে বাৰে বাৰে এই দোকানসমূহ বন্ধ কৰাৰ আশ্বাস দিছিল, কিন্তু বছৰ বছৰ ধৰি কোনো ব্যৱস্থা লোৱা হোৱা নাছিল আজি মই নাগৰিক কৰ্তৃপক্ষক এসপ্তাহৰ ভিতৰত এই সুৰাৰ দোকান আৰু বন্ধ কৰিবলৈ কৈছো”এইদৰে মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয়।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনক এসপ্তাহৰ ভিতৰত সুৰাৰ দোকানবন্ধ কৰিবলৈ সতৰ্ক কৰি দিছে। যোৱা ছয় মাহ ধৰি, ভাৰতীয়ে সুৰা সেৱন আৰু বিক্ৰীৰ বিৰুদ্ধে আক্ৰমণাত্মকভাৱে প্ৰচাৰ চলাই আহিছে। বিজেপি নেতাগৰাকীয়ে সুৰাৰ দোকানত কৰা আক্ৰমণটো তেওঁ এই দিশত গ্ৰহণ কৰিব লগা “বহুতো পদক্ষেপৰ ভিতৰত প্ৰথম” আছিল।

তিনিদিনীয়া কাৰ্য্যসূচীৰে সুৰজিৎ একাডেমীৰ “উত্তৰ-পূৱ পুতলা নাচ সমাৰোহ ২০২২”

উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ মানদণ্ডৰ সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰ সুৰজিৎ একাডেমীয়ে লোক কলা সমূহৰ ওপৰত প্ৰাধান্যতা দি অহৰহ কাম কৰি আহিছে। একাডেমীৰ সভাপতি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’স্বিপ প্ৰাপ্ত সীমান্ত শৰ্মা আৰু অধ্যক্ষা তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰশ্বিপ প্ৰাপ্ত বিনীতা দেৱীয়ে হেৰাই যাব ধৰা কলা পুতলা নাচকো পুন:ৰ্জীৱিত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। ন-প্ৰজন্মক কলা সমুহৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিভিন্ন পদক্ষেপ লৈছে । ইতিমধ্যে বহু শিক্ষিত বহু যুৱক যুৱতী কলা সমূহ পৰিৱেশন কৰিবলৈ ওলাই অহাটো অসমৰ বাবে শুভ লক্ষন । শিক্ষাৰ ক্ষেত্ৰত মনোগ্ৰাহী কৰিবলৈও বিদ্যালয়-মহাবিদ্যালয় -বিশ্ববিদ্যালয়ত সুৰজিৎ একাডেমীয়ে পুতলা নাচ পৰিবেশন কৰাৰ লগতে কৰ্মশালা-আলোচনা চক্ৰ কৰি আহিছে ।

অসমত পোন প্ৰথম বাৰৰ বাবে সুৰজিৎ একাডেমীয়ে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত ১১, ১২ আৰু ১৩ মাৰ্চ তাৰিখে তিনিদিনীয়া কাৰ্য্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড. বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” অনুষ্ঠিত হৈ যায়। “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” ৰ মূল বিষয় বস্তু ৰামায়নৰ কাহিনীৰ ওপৰত আছিল। প্ৰতিটো নাট্য দলে ৰামায়নৰ কাহিনীৰ বিষয় লৈ পুতলা নাট পৰিৱেশন কৰে।সমাৰোহৰ প্ৰথম দিনাৰ কাৰ্য্যসূচী ১১ মাৰ্চ তাৰিখে আবেলি ৩ বজাত “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা তথা শিক্ষাবিদ অধ্যাপক ড. ননী গোপাল মহন্তই। বিশিষ্ট অতিথি হিচাপে থাকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। উদ্ধোধনী ভাষণত নতুন শিক্ষা নীতিত ভাৰত চৰকাৰে পুতলা নাচৰ মাধ্যমৰ জৰিয়তও কিছু পাঠ্যক্ৰমত সংলগ্ন কৰি শিক্ষা প্ৰদান কৰিছে লগতে অসম চৰকাৰে ও যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে আৰু পুতলাৰ জৰিয়তে শিক্ষা প্ৰদানত ছাত্ৰ ছাত্ৰী সকল অতি মনোগ্ৰাহী হৈ পৰিব। বিনীতা দেৱীয়ে ন- প্ৰজন্মক লোক কলাৰ প্ৰতি আগ্ৰহী কৰাতো অসমৰ বাবে শুভ কাৰ্য্য। সমাৰোহৰ কাৰ্য্যসূচীত অসমৰ নটৰাজ পুতলা থিয়েটাৰে অজয় শৰ্মাৰ পৰিচালনাত পুতলা নাট “ৰাম বনবাস” আৰু ত্ৰিপুৰাৰ মা তৃপুৰীস্বৰিয়ে সুৰেশ চন্দ্ৰ দাসৰ পৰিচালনাত “সীতা হৰণ” পুতলা নাট পৰিবেশন কৰে ।নাট দুখনে লোক বাদ্য-নৃত্য-সংগীতেৰে হৃদয়ঙ্গম কৰি তুলিছে। পুতলা সমুহৰ সঞ্চালনত কোনো জড়তা নাছিল। অতি সুন্দৰ ভাৱে দুয়োটা দলে পুতলা নাট পৰিৱেশন কৰিছে।

দ্বিতীয় দিনা ১২ মাৰ্চ তাৰিখে পুতলা নাচ সমাৰোহ উদ্ধোধন কৰে শিক্ষাবিদ তথা যশস্বী কণ্ঠশিল্পী ড. অনিমা চৌধুৰীয়ে। উদ্ধোধনী ভাষণত অসমৰ অতি পুৰণি কলাক নাট সমাৰোহ কাৰ্যৰে শিল্পী সকলক উৎসাহিত কৰাৰ লগতে ন-প্ৰজন্মক কলাটোৰ প্ৰতি আকৰ্ষিত কৰিব। শিক্ষাৰ ক্ষেত্ৰত পুতলা নাচ অতি উত্তম পথ। শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মৰ আগৰ এই কলা জীৱিত ৰূপ আগ বঢ়াই নিয়া বাবে একাডেমীক শলাগ লয়। লোককলা বিধক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমত সন্নিবিষ্টও কৰিছে। সমাৰোহত ম’হখুলি পুতলা নাচ সমিতিয়ে বাণীকান্ত বৰ্মনৰ পৰিচালনাত “সীতাৰ সয়ম্বৰ” পৰিবেশন কৰে। নাট খনত অসমৰ লোক বাদ্য সংগীতৰ লগতে পৌৰাণিক দিনৰ পৰা চলি অহা পেপাৰ জৰিয়তে পুতলাৰ কথোপকথন সুন্দৰ ভাবে পুতলাৰ জৰিয়তে পৰিৱেশত হয়। নাটত ২৫০ বছৰীয়া পুতলা ৰাৱণ পৰিবেশন কৰে। অসমৰ আটাইতকৈ পুৰণা দলটোৱে হৈছে ম’হখুলি পুতলা নাচ সমিতি । তৃতীয় দিনা ১৩মাৰ্চ তাৰিখে “উত্তৰ পূৱ পুতলা নাচ সমাৰোহ ২০২২” উদ্ধোধন কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য তথা শিক্ষাবিদ ড. মৃণাল কুমাৰ বৰা । বিশিষ্ট অতিথি হিছাপে থাকে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ তথা অসমৰ যশস্বী কণ্ঠশিল্পী জিতুল সোণোৱাল আৰু অসমৰ যশস্বী কথাছবি পৰিচালক ৰাজেন ৰাজখোৱা। উদ্ধোধনী ভাষণত ড. মৃণাল কুমাৰ বৰাই সমাৰোহ কাৰ্যৰে অসমৰ হেৰাই যোৱা কলাক প্ৰচাৰ আৰু প্ৰসাৰত যথেষ্ট অৱদান আগ বঢ়াব। বিনীতা দেৱীৰ অহোপুৰুষাৰ্থ কষ্টত পুতলা নাচ পুন:জীৱন পাইছে আৰু ন-প্ৰজন্মক কলাৰ প্ৰতি আকৰ্ষিত কৰিব পাৰিছে। তাৰোপৰি “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে পৰিবেশন কৰা


পৰিচালক বিনীতা দেবী অসমত প্ৰথম। পুতলাক ভাওনাৰ ৰূপ দিয়াটো প্ৰশংসাৰ যোগ্য। জিতুল সোণোৱালে সমাৰোহ আয়োজন কৰা কাৰ্য্যক শলাগ লয়। সমাৰোহ কাৰ্য অসমৰ বাবে শুভ কাৰক । লোক কলাক এইদৰে আগ বঢ়াই নিয়া বাবে সীমান্ত শৰ্মা আৰু বিনীতা দেৱীক প্ৰশংসা কৰে। শিক্ষিত ব্যক্তি লোক কলা সমূহ আগ বঢ়াই নিয়া কাৰ্য উত্তৰ পূৰ্বাঞ্চলৰ বাবেই শুভ ক্ষণ। অংকীয়া নাট পুতলাৰ জৰিয়তে পৰিবেশন কৰিব ওলোৱা বাবে বিনীতা দেৱী ধন্যবাদৰ পাত্ৰ।সমাৰোহৰ শেষৰ দিনা বিনীতা দেৱীৰ পৰিচালনাত অসমৰ মুকাক পাপেট থিয়েটাৰে পৰিৱেশন কৰে “অংকীয়া নাট ৰাম বিজয়” পৰিবেশন হয় । অংকীয়া নাট খনৰ প্ৰতিটো দিশ পুতলাৰ জৰিয়তে পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে। নাট খনত পুতলা সমূহৰ সঞ্চালন মানৱৰ জৰিয়তে কৰা যেন অনুভৱ হৈছিল দৰ্শকৰ। ভাওনাৰ সম্পূৰ্ণ তাল লয় সুন্দৰ ভাবে পুতলা সমূহ নিয়ন্ত্ৰণ কৰি পৰিৱেশন কৰে। পুতলা সমুহৰ সঞ্চালন তথা আঙ্গিক সঞ্চালন অতি সুন্দৰ। পুতলা সমূহ বনোৱা কাৰ্য, সাজ সজ্জা আদি সুন্দৰ হৈছে। বিনীতা দেৱীৰ পৰিচলনা প্ৰসংসাৰ যোগ্য। প্ৰতিটো খণ্ড সুন্দৰ ভাৱে উপস্থাপন কৰিছে। অংকীয়া নাট খনত ১৮ জনে পুতলা সমূহ সঞ্চালন কৰে। বিনীতা দেৱীয়ে পৰিচলনা কৰা অংকীয়া নাটত প্ৰায় আঠ গৰাকী শিশু ও পুতলা নাট পৰিৱেশন কৰা কাৰ্যত উপস্থিত থকা শিক্ষাবিদ, শিল্পী, সাহিত্যিক, দৰ্শক সকলে মুগ্ধ হৈ পৰে। সকলোৱে শিশু সকলক মৰমেৰে আঁকোৱালি লয়। বিনীতা দেৱীৰ এনে পদক্ষেপ সকলোৱে শলাগ লয়। বৰ্তমান আধুনিকতাৰ যান্ত্ৰিক যুগত এইদৰে শিশু, শিক্ষিত যুৱক-যুৱতীক লৈ “অংকীয়া নাট ৰাম বিজয়” পুতলাৰ জৰিয়তে কৰি অসমৰ কলাক আগবঢ়াই নিয়া কাৰ্য সমাৰোহত উপস্থিত থকা কাৰ্য শলাগ লয়। ভবিষ্যতে ও
সুৰজিৎ একাডেমীৰ বিনীতা দেৱী আৰু সীমান্ত শৰ্মাই ন -প্ৰজন্মক লোক কলা সমূহ প্ৰশিক্ষণ প্ৰদান কৰি এইদৰে আগবঢ়াই নিয়াৰ লগতে ভবিষ্যতে এনে ধৰণৰ সমাৰোহ পাতিবলৈ অনুৰোধ কৰে ।

দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত

ৰঙৰ উৎসৱ ফাকুৱা তথা হোলীলৈ মাজত মাথো কেইটিমান দিন বাকী। সমগ্ৰ ৰাজ্যৱাসীয়ে অহা ১৮ মাৰ্চ তাৰিখে উদযাপন কৰিব ৰঙৰ উৎসৱ ফাকুৱা।কিন্তু এই ক্ষেত্ৰত ব্যতিক্ৰম সত্ৰ নগৰী বৰপেটাৰ লগতে এই সত্ৰৰ পৰম্পৰা ৰক্ষা কৰি অহা ওদালগুৰি চহৰৰ সত্ৰ-নামঘৰসমূহ। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি ওদালগুৰিৰ গৰিষ্ঠ সংখ্যক স্থানত ১৯ মাৰ্চ শনিবাৰে ফাকুৱা উৎসৱ তথা সুৱেৰী উৎসৱ পালন কৰিব। যাৰ বাবে এতিয়াৰে পৰা ওদালগুৰি চহৰৰ লগতে বিভিন্ন প্ৰান্তত হোলীক লৈ উখল মাখল পৰিৱেশৰ সূচনা হৈছে।

এইক্ষেত্ৰত এই বিশেষ পদক্ষেপ হাতত লৈছে ওদালগুৰিৰ শংকৰী নাম ধৰ্ম প্ৰচাৰ সমিতি চমুকৈ নামসঙ্ঘই। নতুন প্ৰজন্মৰ মাজত হোলী আৰু হোলীগীতক চিনাকী কৰি দিয়াৰ উদ্দেশ্যে নামসঙ্ঘই নিজৰ কাৰ্যালয় চৌহদত হোলীগীতৰ আখৰ চলোৱা দেখা গৈছে। উক্ত আখৰাত শিশুৰ পৰা ডেকা যুৱক-যুৱতী তথা মহিলাসকলে হোলীগীত পৰিৱেশন কৰাৰ লগতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। ওদালগুৰি নামসঙ্ঘৰ সম্পাদক মণ্টু দাসে উক্ত কাৰ্যসূচীত উপস্থিত থাকি বৰ্তমান হেৰাই যাব বিচৰা আমাৰ সংস্কৃতিক উজ্জীৱিত কৰি ৰখাৰ স্বাৰ্থৰ লগতে নতুন প্ৰজন্মৰ মাজত এই সংস্কৃতিৰ প্ৰভাৱ বিলাই দিয়াৰ স্বাৰ্থতেই এনে কাৰ্যসূচী হাতত লোৱা বুলি উল্লেখ কৰে।

আগন্তুক দিনবোৰতো এনে কাৰ্যসূচী হাতত লোৱাৰ কথা উল্লেখ কৰে। ১৯৫১ চনতে স্থাপিত ওদালগুৰি শংকৰী নামধৰ্ম প্ৰচাৰ সমিতিয়ে ইতিমধ্যে ইয়াৰ পূৰ্ৱেও ওদালগুৰিত বহু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰিছে। ইফালে বিভিন্ন হোলী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিভিন্ন হোলীৰ দলসমূহে আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। চহৰখনৰ গাঁৱে-গাঁৱে এতিয়া হোলী গীতৰ মধুৰ ধ্বনিয়ে দুগুণে বৃদ্ধি কৰিছে উৎসৱটিৰ মাদকতা। চহৰখনৰ কন -কন শিশুৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী তথা পুৰুষ-মহিলাসকলে নিজৰ ব্যস্ততাৰ জীৱনৰ মাজতো কিছু সময় উলিয়াই এতিয়া হোলীগীতৰ আখৰাত ব্যস্ত হৈ পৰিছে। অৱশ্যে সমাগত পৰীক্ষাসমূহৰ বাবে এইবেলি কিছু পৰিমাণে অংশগ্ৰহণকাৰীৰ সংখ্যা হ্ৰাস পাব বুলি সন্দেহ কৰা হৈছে। ইয়াৰ মাজতো একপ্ৰকাৰ কবলৈ গ’লে ফল্গুৎসৱ তথা দৌল উৎসৱক লৈ উখল -মাখল পৰিৱেশৰ সৃষ্টি হৈছে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত।

বালাৰচৰত এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ।

এটুপি খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে এখন গাঁৱৰ ৰাইজে ।অবিশ্বাস্য যেন লাগিলেও এইয়া সঁচা। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত মাত্ৰাঘোলা গাৱত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। যাৰ বাবে প্ৰতিদিনে খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে গাঁও খনৰ শতাধিক পৰিয়াল।যি সময়ত বঙাইগাঁও জিলা প্ৰশাসনে জল -জীৱন মিছন নামৰ অভিলাষী আঁচনিৰ জৰিয়তে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ প্ৰয়াস কৰি আহিছে তেনে সময়তে জিলাখনৰ অন্তৰ্গত এই গাঁওখনৰ প্ৰতিটো পৰিয়ালে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাঁহাকাৰ কৰিছে।

গাঁওখনৰ মাজত অৱস্থিত এখন মছজিদৰ এটা দমকলেই শেষ ভৰষা হৈ পৰিছে গাঁওবাসীৰ বাবে। গাঁওখনৰ দুই এজনৰ ঘৰত দমকল আছে যদিও সেই দমকলৰ পানী আইৰন আৰু আৰ্ছেনিকযুক্ত হোৱাৰ বাবে খোৱাৰ উপযোগী নহয়। সেয়ে প্ৰতিদিনে পুৱা গধূলি এইদৰেই কোলাত কলহী লৈ খোৱাপানীৰ বাবে শাৰী পাতে গাঁৱৰ মহিলাসকলে।গাঁওখনত খোৱা পানীৰ সু-ব্যৱস্থা কৰি দিয়াৰ বাবে স্থানীয় ৰাইজে জিলা প্ৰশাসনৰ লগতে চৰকাৰক দাবী জনায়।

ঘগ্ৰাপাৰৰ দুগৰাকী কণমানিৰ কাষত সমাজসেৱিকা জুলি ডেকা বৰুৱা

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছিত কালি নিশা ঘাটমাউৰা কণমানি নন্দিতা আৰু ৰিদিপৰ কাষত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পত্নী,সমাজসেৱিকা জুৰি ডেকা বৰুৱাই উপস্থিত হৈ কিছু আৰ্থিক সাহাৰ্য, খাদ্য-সামগ্ৰী প্ৰদান কৰাৰ লগতে দুয়ো গৰাকী ঘাটমাউৰাৰ শিক্ষাৰ দায়িত্ব লৱ বুলি প্ৰতিশ্ৰুতি দিয়ে।

উল্লেখ‍্য যে নলবাৰী সমষ্টিৰ ঘগ্ৰাপাৰৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সাগৰকুছি গাওঁৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যোৱা ১২ মাৰ্চত মৃত্যুবৰণ কৰা যামিনি কলিতাৰ দুৰ্ভগীয়া লৰা -ছোৱালী ক্ৰমে ৰিদিপ কলিতা আৰু নন্দিতা কলিতাৰ নামৰ কণমানি দুটিৰ ওচৰত নলবাৰী সমষ্টিৰ  বিধায়ক তথা মূখ্যমন্ত্ৰী ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱাৰ নিৰ্দেশমৰ্মে তেওঁৰ সহধৰ্মিনী  জুলি_ডেকা_বৰুৱা  উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোক সাক্ষাৎ কৰাৰ লগতে তাৎক্ষণিকভাৱে ২০ হেজাৰ টকাৰ এককালীন সাহায্য প্ৰদান কৰে।ভৱিষ্যতে শিশু দুটিৰ শিক্ষা-দীক্ষাৰ সা-সুবিধা তথা যিকোনো অসুবিধাত বিধায়ক  জয়ন্ত মল্ল বৰুৱাৰ সহায় সহযোগ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিধায়ক বৰুৱাৰ সহধৰ্মিনীৰ  লগত দুৰ্ভগীয়া শিশু দুটাৰ কাষত উপস্থিত থাকে বড়িগোগ বনভাগ মণ্ডল সমিতিৰ  সভাপতি ডিম্বেশ্বৰ_বেজবৰুৱা,অন‍্যতম সম্পাদক বুবুল দাসৰ লগতে স্থানীয় ৰাইজ।

অসম কুডু সন্থাৰ সংবাদমেল।ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা প্ৰাপক খেলুৱৈক সম্বৰ্ধনা 

১৪ মাৰ্চত শিমলুগুৰি শ্বহীদ ভৱনত অসম কুডু সন্থাৰ এখনি সংবাদমেল আয়োজন  কৰা হয়। অসম কুডু সন্থাৰ প্ৰচাৰ সম্পাদক ভাস্কৰ জ্যোতি মহন্তই আঁতধৰা উক্ত অনুষ্ঠানত যোৱা ১৪ ফেব্ৰুৱাৰী ৰ পৰা ১৯ ফেব্ৰুৱাৰী – ২০২২ লৈকে ভাৰত চৰকাৰৰ  ( Ministry of Youth Affires)য়ে হিমাচল প্ৰদেশৰ এল, আৰ ইউনিভাৰচিটি (চ’লানত) আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ কুডু প্ৰতিযোগিতাত অসম কুডু সন্থাৰ তৰফৰ পৰা এঘাৰ(১১) জনীয়া দলে অংশগ্ৰহণ কৰিছিল আৰু স্বাৰশ্বত দাসে ৰূপৰ পদক,তনিষ্ঠা দত্তই দুটা ইভেণ্টত ব্ৰঞ্জৰ পদক, অংকিতা গগৈয়ে দুটা ইভেণ্টত ব্ৰঞ্জ পদক,মণিকৰ্ণিকা গগৈ ব্ৰঞ্জৰ পদক,ভাস্বতী গগৈয়ে ব্ৰঞ্জৰ পদক, দেৱাশীষ ফুকনে ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়।

আজি অনুষ্ঠানত অসম কুডু সন্থাৰ তৰফৰ পৰা অংশগ্ৰহণ কৰা খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত অসম কুডু সন্থাৰ সভাপতি নয়নমণি গগৈ আৰু সম্পাদক মুচেংফা গগৈয়ে কুডু খেলৰ ওপৰত লগতে এই খেলৰ জৰিয়তে যুৱ প্ৰজন্মই কিদৰে নিজৰ প্ৰতিভা বিকাশ কৰি নিজৰ ভৱিষ্যত উজ্জ্বল কৰিব পাৰে তাৰ ওপৰত বক্তব্য আগবঢ়ায়।

পুনৰ মিজোৰ আগ্ৰাসন ! মিজো সংগঠনৰ নেতৃত্বত মিজো লোকে অসমৰ মাটিত সাজিলে ঘৰ

হাইলাকান্দি জিলাৰ দক্ষিণ হাইলাকান্দি সীমান্তত মিজোৰ ভূমি আগ্ৰাসন অব্যাহত আছে।অসম-মিজোৰাম সীমান্তৰ সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত বাৰে বাৰে বৈঠক অনুষ্ঠিত হোৱা স্বত্বেও মিজোৰামৰ মিজোৰ আগ্ৰাসনৰ ঘটনা অব্যাহত আছে। শুকুৰবাৰে মিজো সংগঠন আৰু মিজোৰামৰ সাধাৰণ ৰাইজে একত্ৰিত হৈ দক্ষিণ হাইলাকান্দিৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চাহেবমাৰা অঞ্চলত অসমৰ ইনাৰলাইন বনাঞ্চলত ঘৰ নিৰ্মাণ কৰে। ঘটনা সন্দৰ্ভত এক গোপন সূত্ৰৰ জৰিয়তে কাটলিচেৰাৰা চক্ৰৰ এছডিঅ’ পুলক বিশ্বাস আৰু ঘাড়মুৰা ৰেঞ্জৰ বিট অফিচাৰ আবুল হাছানৰ লগতে অন্যান্য বিষয়াসকল সীমান্তৰ কাষৰীয়া অঞ্চলৰ চাহেবমাৰাত উপস্থিত আছিল।

স্থানীয় লোকসকলৰ মতে, যোৱা কেইদিনমানধৰি চুবুৰীয়া ৰাজ্যসমূহৰ মিজো লোক আৰু এমজেডপি, অ’য়াইএময়ে চাহেবমাৰাত অসমৰ ইনাৰলাইন বনাঞ্চলত দুটা ঘৰ নিৰ্মাণ কৰি আহিছে। শুকুৰবাৰে চাহেবমাৰা অঞ্চলত কাটলিচেৰা চক্ৰৰ এছডিঅ পুলক বিশ্বাসৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পিছত মিজোলোক আৰু মিজোৰাম প্ৰশাসন একত্ৰিত হ’বলৈ আৰম্ভ কৰে। ঘৰমুৰা ৰেঞ্জৰ বিষয়াসকলে মিজোসকলে নিৰ্মাণ কৰা দুটা ঘৰৰ এটা ভাঙি পেলাইছিল৷ কিন্তু আনটো কোঠা ভাঙি পেলাব পাৰি যেতিয়ালৈকে মিজো লোক একত্ৰিত হয়। সেই সময়ত, ঘাটামুৰা ৰেঞ্জৰ বিষয়াসকলে পৰিস্থিতি স্বাভাৱিক হোৱা আনটো কোঠা ভাঙিবলৈ যোৱা নাছিল। লক্ষণীয় যে যোৱা কেইমাহমান ধৰি মিজোৰাম প্ৰশাসন আৰু মিজোৰামে দক্ষিণ হাইলাকান্দি গুটগুটি, কঁচুতাল আৰু গেলাৰ্জাৰা অঞ্চলত ভূমি দখল কৰি আহিছে।