Home Blog Page 2592

ইউক্ৰেইনৰ এগৰাকী ফুটবলাৰৰ যুদ্ধ বন্ধ কৰিবলৈ কাতৰ অনুৰোধ!

ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ মাজত ভয়ংকৰ সংঘৰ্ষ।বৃহস্পতিবাৰে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত হঠাতে আক্ৰমণ চলাই।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ ভয়াবহতা প্ৰতি লক্ষ্য ৰাখি খেলুৱৈ সকলেও ভয় খাইছে।ক্ৰীড়া জগতৰ খেলুৱৈ সকলে যুদ্ধ বন্ধ কৰিবলৈ কাতৰ আহ্বান জনোৱা পৰিলক্ষিত হৈছে।

বৃহস্পতিবাৰে নিশা ইউৰোপা লীগৰ এখন মেচত ইউক্ৰেইনৰ এগৰাকী ফুটবল খেলুৱৈয়ে বিশেষ ভংগীমাৰে এই যুদ্ধ বন্ধ কৰিবলৈ আহ্বান জনায়।ফুটবল ক্লাব আটলাণ্টা বি চিৰ ইউক্ৰেইনী মিডফিল্ডাৰ ৰুছলান মালিনোৱস্কিয়ে অলিম্পিয়কোছৰ বিৰুদ্ধে গ’ল কৰাৰ পিছত নিজৰ জাৰ্চী ওপৰৰলৈ উঠায় তাত লিখা আছিল ‘ইউক্ৰেইনত যুদ্ধ নালাগে’।

দিল্লীত ক’ভিডৰ নিয়ম শিথিলঃ নাই নৈশ কাৰফিউ, মাস্ক পৰিধান নকৰাৰ চালান ৫০০ টকালৈ হ্ৰাস

দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই চহৰখনত নিশাৰ কাৰফিউ উঠাই লোৱাৰ সিদ্ধান্ত লৈছে। দিল্লীত ক’ভিড-১৯ ৰ ঘটনা দিনক দিনে হ্ৰাস হৈ আহিছে। মাস্ক পৰিধান নকৰাৰ বাবে চালানৰ পৰিমাণো ৫০০ টকালৈ হ্ৰাস কৰা হৈছে। ১ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহক অফলাইন কাম কৰিবলৈ অনুমতি দিয়াৰ সিদ্ধান্তও শুক্ৰবাৰে ডিডিএমএ বৈঠকৰ সময়ত লৈছিল। তদুপৰি, থিয় হৈ থকা যাত্ৰীসকলক এতিয়া বাছ আৰু মহানগৰত অনুমতি দিয়া হ’ব।

ইয়াৰ আগতে, মেট্ৰ’খনত ১০০ শতাংশ আসন ক্ষমতাৰে পৰিচালনা কৰাৰ অনুমতি দিয়া হৈছিল। লগতে, দিল্লীত ৰেষ্টুৰেণ্ট খোলা আৰু বন্ধ কৰাৰ ক্ষেত্ৰত কোনো সময়ৰ সীমাবদ্ধতা নাথাকিব। টুইটাৰযোগে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয়, “পৰিস্থিতি উন্নত হোৱাৰ লগে লগে ডিডিএমএয়ে সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে আৰু চাকৰি হেৰুওৱাৰ বাবে মানুহে অসুবিধাৰ সন্মুখীন হয়।

ভূক্তভোগী গ্ৰাহকক লুণ্ঠন-প্ৰতাৰণাৰ বিৰুদ্ধে পলাশবাৰী আৰক্ষী থানাত গোচৰ ৰুজু

ঘৰ নিৰ্মাণৰ সামগ্ৰী বিক্ৰী কৰা একাংশ হাৰ্ডৱেৰ দোকানী তথা প্ৰতিষ্ঠানে দীৰ্ঘদিন ধৰি দক্ষিণ কামৰূপৰ সাধাৰণ গ্ৰাহকক অত্যাধিক দাম লৈ আৰু কুট কৌশলেৰে লুণ্ঠন চলাই অহাৰ অভিযোগ বহুদিনীয়া। সাধাৰণ গ্ৰাহকে লোহা, চিমেন্ট তথা অন্যান্য ঘৰ বনোৱা সামগ্ৰী ক্ৰয় কৰা সময়ত প্ৰায়ে ৰামঠগন খাবলগীয়া হয়। বিশেষকৈ  বিজয়নগৰ-বাটৰহাট অঞ্চলৰ একাংশ অনা- অসমীয়া ব্যৱসায়ীয়ে এই লুণ্ঠন চলাই কোটি কোটি টকা ৰাজহ ফাঁঁকি দি ব্যাপক দুৰ্নীতি কৰি থকাৰ পিছতো তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰোতা কোনো নাই। সম্প্ৰতি দক্ষিণ কামৰূপৰ ব্যৱসায়িক কেন্দ্ৰস্থল বিজয়নগৰৰ সমীপৱৰ্তী বাটৰহাটৰ লোহা – চিমেন্টৰ বিক্ৰী প্ৰতিষ্ঠান মেচাৰ্চ মংগলম ইস্পাটে গ্ৰাহকক প্ৰতাৰণা কৰাৰ ঘটনা পোহৰলৈ আহিছে। মেচাৰ্চ মংগলম ইস্পাটৰ এনে লুণ্ঠন আৰু প্ৰতাৰণাৰ ঘটনা পোহৰলৈ অনা এগৰাকী গ্ৰাহকে ইতিমধ্যে গোচৰ ৰুজু কৰি মংগলম কৰ্তৃপক্ষৰ ব্যাপক দুৰ্নীতি আৰু লুণ্ঠন চলোৱা পক্ষক গ্ৰেপ্তাৰ কৰি ন্যায় দিবলৈ প্ৰশাসন তথা আৰক্ষীক অনুৰোধ জনাইছে।

উল্লেখ্য যে, যোৱা ২২ ফেব্ৰুৱাৰীত নহিৰাৰ নয়ন মহন্ত নামৰ লোকজনে বাটৰহাটস্থিত উক্ত ‘মেচাৰ্চ মঙ্গলম ইস্পাট’ নামৰ বিপনীখনৰ পৰা প্ৰায় ৭০ হেজাৰ টকাৰ ৰ’ড ক্ৰয় কৰিছিল। আগধন হিচাপে মহন্তই প্ৰতিষ্ঠানখনক এক লাখ টকা দি তেওঁ উভতি ঘৰলৈ যায়। সামগ্ৰীখিনি মংগলম ইস্পাটে হোম ডেলেভাৰিও কৰে। কিন্তু গ্ৰাহকজনে বিচৰা ৰ’ড অৰ্থাৎ লোহাৰ সংখ্যা ২৭ ডালৰ বিপৰীতে ২১ ডাল লোহা দি পঠিয়ায়। চিলিপ অনুযায়ী সামগ্ৰীখিনি হিচাপ কৰাত প্ৰায় ৬ হেজাৰ টকাৰ সামগ্ৰীৰ খেলিমেলি হোৱাত তেওঁৰ চকু কপালত উঠে আৰু লগে লগে দোকানখনত উপস্থিত হৈ ইয়াৰ উচিত তথ্য বিচাৰে। পিছত মংগলম ইস্পাটে গ্ৰাহকক কৰা ৰহস্য পোহৰলৈ আহে। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। গ্ৰাহক মহন্তই পলাশবাৰী চক্ৰ বিষয়া, পলাশবাৰী আৰক্ষীকো প্ৰথমে ফোন যোগে অৱগত কৰে। পিছত ঘটনাস্থলীত পলাশবাৰী সংলগ্ন চক্ৰ বিষয়া দীপা তালুকদাৰ, বিজয়নগৰ আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মংগলম ইস্পাটৰ লুণ্ঠনকাৰী শৰ্মা নামৰ এজন লোক সহিতে দুজন কৰ্মচাৰীৰ সাক্ষ্য গ্ৰহন কৰে ।

পৰৱৰ্তী সময়ত গ্ৰাহক নয়ন মহন্তই পলাশবাৰী আৰক্ষী থানাত দাখিল কৰা এজাহাৰ ভিত্তিত ইতিমধ্যে ভাৰতীয় দণ্ড বিধি আইনৰ ৪০৬/৪২০ ধাৰাত ৮২/২০২২ নম্বৰ এটা গোচৰ ৰুজু হৈছে। সম্প্ৰতি বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া লাবন্য বড়োৱে এই গোচৰৰ তদন্তকাৰী বিষয়া হিচাপে তদন্ত কৰি আছে যদিও লুণ্ঠনকাৰী প্ৰতিষ্ঠান মংগলম ইস্পাটৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব। বৰ্তমান উক্ত প্ৰতিষ্ঠানেই নহয় বাণিজ্যিক কেন্দ্ৰ স্থল বিজয়নগৰত এনে বহু কেইকেইখন হাৰ্ডৱেৰ দোকান আছে যিয়ে সাধাৰণ গ্ৰাহকক মাধমাৰ সোধায় আছে। ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসক ৰাইজে আহ্বান জনাইছে।

ৰাছিয়ান সেনাক সুৰুজমুখী ফুল দিলে ইউক্ৰেইনৰ মহিলাই!

ৰাছিয়ান সেনাক সুৰুজমুখী ফুল দিলে ইউক্ৰেইনৰ এগৰাকী মহিলাই! কিন্তু,কিয় দিলে ৰাছিয়ান সেনাক সুৰুজমুখী ফুল!ৰাছিয়ান সেনাক সুৰুজমুখী দিয়া সেই ভিডিঅ’ ইতিমধ্যে চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি থকাৰ সময়তে ইউক্ৰেইনৰ এই মহিলা গৰাকীৰ সাহসীকতা কামে এতিয়া ইউক্ৰেনিয়ান জনসাধাৰণক শিহৰিত কৰি তুলিছে।ৰাছিয়ান সেনাই ইউক্ৰেইনত প্ৰৱেশ কৰি ইউক্ৰেইন মহিলাগৰাকীক কি কৰি আছা বুলি সোধে।

তেতিয়াই ইউক্ৰেইন মহিলা গৰাকীয়ে ৰাছিয়ান সেনা জনক সুৰুজমুখী ফুলৰ গুটি দিয়ে।মহিলা গৰাকীয়ে কয়,”এই গুটি খিনি তোমাৰ জেপত ৰাখা য়েতিয়া ইয়াত তোমাৰ মৃত্যু হ’ব তাৰ পৰাই সুৰুজমুখী ফুলৰ গছ হ’ব”।এই সুৰুজমুখী ফুলৰ গুটি দিয়া ভিডিঅ’ ইতিমধ্যে চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! ক’ত আৰু কি পঢ়িব?

আজি একেলগে ৫ লাখ লোকে পঢ়িব নামাজ ! সুদূৰ মদিনাৰ পৰা আহিছে ইমাম মদিনা। ইমামৰ উপস্থিতি জুম্মা নামাজ পঢ়িব লাখ লাখ লোকে। ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এয়া এক সুখৰ খবৰ। মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ও জিলাৰ জুৰীয়াত আজি অৰ্থাৎ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব মদিনা শ্বৰিফৰ ইমাম চাহাবে।


সমগ্ৰ অসমৰ মুছলমান সকলক নিমন্ত্ৰণ উদ্যোক্তা সকলৰ প্ৰায় ৫ লক্ষ মানুহে একে লগে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব বুলি আশাবাদী উদ্যোক্তা সকল।

ধিং গাঁ‌ও তালিমুল কোৰয়ান হাফিজীয়া মিছন মাদ্ৰাছাৰ উদ্যোগত ২৫ ফেব্ৰুবাৰিত জুৰীয়া বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত বিশাল ঐতিহাসিক ১৯ তম দস্তৰবন্ধী ও বিশ্ব শান্তিৰ বাবে সমুহীয়া জুম্মাৰ নামাজ ,ওয়াজ মেহফিল আৰু দোৱাৰ আয়োজন কৰিছে।

উদ্যোক্তা সকলে জানিব দিয়া মতে উক্ত মেহফিলত মদিনা শ্বৰিফৰ ইমাম চাহাৱ উপস্হিত থকাৰ লগেতে উপস্হিত থাকিব বাংলাদেশৰ কেইবাজনো ইছলামিক পণ্ডিত লগতে অসমৰো কেইবাজনো ইছলামিক পণ্ডিত ।

ভয়াবহ বিপদ সংকুলৰ মাজৰে চলিছে যান-বাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রীয়ে

যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিভাগীয় কৰ্তৃপক্ষই । কুম্ভকর্ণ নিদ্ৰাত স্থানীয় প্ৰশাসন । ভয়াবহ বিপদ সংকুলৰ মাজত চলিছে যানবাহন, জীৱন হাতত লৈ চলাচল কৰিব লগা হয় পদযাত্রী ।


ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে চাইড বামৰ কাম নকৰাত ভয়ংকৰ বিপদৰ মাজত চলাচল কৰিব লগা হৈছে যানবাহ। যাৰ ফলত ঠায়ে -ঠায়ে অনাকাঙ্ক্ষিত দুৰ্ঘটনা সংঘটিত হোৱাও পৰিলক্ষিত হৈছে  ।  যাত্রীৰ জীৱনক লৈ হেতালি খেলা বিভাগীয় কৰ্তৃপক্ষই  ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইড বাম নিৰ্মাণ কৰিব নে যাত্ৰীৰ আবেগ অনুভূতিক লৈ খেলা কৰিব ?   

ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতি কম দিনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ ছাইড বামৰ কাম সম্পূৰ্ণ কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে,। অন্যথা চাপৰবাসী ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰিবলৈ বাধ্য হব বুলিও ভাবুকি প্ৰদান কৰা দেখা যায় । এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে কি ব্যবস্থা গ্রহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব  । 

জামুগুৰিত মীন তথ্য কেন্দ্ৰ উন্মোচনী অনুষ্ঠান সফলতাৰে সম্পন্ন

আমাৰ যুৱক-যুৱতী,ডেকা-গাভৰু সকলৰ  গাত প্ৰচুৰ সম্ভাৱনা আছে ৷ তেওঁলোকে তেওঁলোকৰ ইচ্ছাশক্তিৰে সমাজ এখন সমৃদ্ধিশালী আৰু আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে ৷ সকলো সময়তে চৰকাৰী বস্তু লৈ বেছি আশা নকৰি  জ্ঞান আহৰণৰ জৰিয়তে শিক্ষা ল’বলৈ চেষ্টা কৰি সেই শিক্ষাৰে স্বাৱলম্বিতাৰ আদৰ্শ গ্ৰহণ কৰিবলৈ পাৰিব লাগিব আজিৰ নতুন প্ৰজন্মই ৷’ এই মন্তব্য নগাঁও জিলাৰ শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মুৰব্বী ড° নিৰঞ্জন ডেকাৰ  ৷

অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ উদ্যোগত  মীন মহাবিদ্যালয় গ্ৰাম্য মীন কৰ্ম আঁচনি,২০২২ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ সৌজন্যত  জামুগুৰি বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অংশ গ্ৰহণ কৰি উল্লিখিত বক্তব্য প্ৰদান কৰাৰ লগতে  পুনৰ ড° ডেকাই  দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰায়ে কৈ অহা ‘জয় জৱান, জয় কিষাণ আৰু জয় বিজ্ঞান’ৰ বাণীক সাৰোগত কৰি  অনুষ্ঠানত উপস্থিত  মৎস্য পালনৰ প্ৰতি আগ্ৰহী লোক সকলক বিজ্ঞান সন্মতভাৱে কাম কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ পৰামৰ্শ আগবঢ়ায় ৷

নগাঁও শিমলুগুৰি কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ ধীৰেন নাথে উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি ৰহা মীন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকদ্বয় ক্ৰমে কাকলি কাশ্যপ আৰু কৰিস্মা মিলিয়ে সমবেত লোক সকলৰ সহায় হোৱাকৈ সংমিশ্ৰিত মীন পালন প্ৰস্তুতি,মাছ আৰু কণী পৰা কুকুৰা পালনৰ প্ৰত্যক্ষ সমন্বিত পদ্ধতি,মাছৰ ৰোগ আৰু ইয়াৰ নিয়ন্ত্ৰণৰ উপায়,পুখুৰীৰ প্ৰস্তুতি, চূণ আৰু সাৰ প্ৰয়োগ, মাছৰ খাদ্য, মাছৰ প্ৰজাতিৰ অনুপাত,পোণা মেলাৰ হাৰ,স্তৰ অনুযায়ী মাছৰ বিভাজন, পুখুৰীৰ পানীৰ গুণাগুণৰ ব্যৱস্থাপনা,পৰজীৱি আৰু অনুজীৱি জনিত ৰোগ, ভেকুৰজনিত ৰোগ,সমন্বিত মীন আৰু হাঁহ পালন,সমন্বিত ধান-মাছ পালনৰ প্ৰস্তুতি আৰু সমন্বিত মাছ আৰু গাহৰী পালনৰ প্ৰস্তুতি আদিৰ সন্দৰ্ভত সকলোৰে সহজবোধ্য হোৱাকৈ  ভাষণ প্ৰদান কৰা অনুষ্ঠানটিৰ সামগ্ৰিকভাৱে আঁত ধৰে ৰহা মীন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্ষৰ ছাত্ৰী, গুৱাহাটীৰ অশ্লেষা স্ৰাৱৰ্ণীয়ে ৷

অনুষ্ঠানটিত ৰহা মীন মহাবিদ্যালয়ত  চতুৰ্থ বৰ্ষত অধ্যয়নৰত গুৱাহাটীৰ স্নেহা কে কলিতা, ধেমাজিৰ বিপাশা নন্দী, লখিমপুৰৰ সিদ্ধান্ত বৰুৱা, ছিক্কিমৰ অশ্বিন শৰ্মা আৰু বিহাৰৰ অশ্বিনি কুমাৰ উপস্থিত থাকি বক্তব্য প্ৰকাশ কৰাৰ লগতে তেওঁলোকে মাৰ্চ মাহৰ প্ৰতি দেওবাৰে গাঁওখনৰ মৎস্য পালন তথা কৃষি কৰ্মৰ বিষয়ে কৰ্মশালা অনুষ্ঠিত কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে ৷ অনুষ্ঠানত বয়োজ্যেষ্ঠ গায়ন বীৰেন নাথ, সাংবাদিক প্ৰাঞ্জল বৰদলৈ,  জংগম গোষ্ঠীৰ সভাপতি ভূৱন নাথ ,সমাজকৰ্মী পোৱাল চন্দ্ৰ নাথ, শিক্ষক জ্যোতিপ্ৰসাদ বৰাই আগবঢ়োৱা বক্তব্যৰ উপৰি অনুষ্ঠানত গ্ৰাম্য মীন কৰ্ম অভিজ্ঞতা আঁচনি ২০২২, মীন তথ্য কেন্দ্ৰটিৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় ৷ অনুষ্ঠানত জ্যেষ্ঠ শিক্ষক দেৱেন নাথ, চম্পেশ্বৰ নাথ উদ্যমী যুৱক বিজিত ডেকা, যুগল  বৰদলৈ,দীজু নাথ প্ৰমুখ্যে বহু কেইগৰাকী  বিশিষ্ট সমাজ সচেতন ব্যক্তিয়ে অংশ গ্ৰহণ কৰে ৷ 

অনলাইন পৰীক্ষাৰ দাবীঃ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ বাহিৰত হুলস্থূল , আৰক্ষীৰ লাঠী চালনা , শিক্ষাৰ্থী আহত

অনলাইন পৰীক্ষাৰ দাবীঃ শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়ৰ বাহিৰত হুলস্থূল সৃষ্টি কৰে, আৰক্ষীৰ লাঠী চালনা কৰে, কেইবাজনো শিক্ষাৰ্থী আহত হয়, এছএইচঅ’ৰ ম’বাইল ভঙা হয় । হুলস্থূল দেখি পুলিচে বহুতো শিক্ষাৰ্থীক বাহনত বহিবলৈ বাধ্য কৰিলে।

শিক্ষাৰ্থীসকলে গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ চাৰিওফালৰ ৰাস্তাত শিল ৰাখি বাহন ৰখাবলৈ চেষ্টা কৰিছিল অনলাইন পৰীক্ষাৰ দাবীত, শিক্ষাৰ্থীসকলে ২২ ফেব্ৰুৱাৰী, মঙলবাৰে গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ গেটত এক অবস্থা মঞ্চস্থ কৰে। বিশ্ববিদ্যালয় প্ৰশাসনে দুপৰীয়া ১ বজাত ছাত্ৰ-ছাত্ৰীৰ এটা প্ৰতিনিধি দলক আলোচনাৰ বাবে মাতিছিল। সমিতিৰ সদস্যসকলে শিক্ষাৰ্থীসকলক অফলাইন পৰীক্ষা দিবলৈ কৈছিল। বিশ্ববিদ্যালয় প্ৰশাসনে কেৱল কৰোনা সংক্ৰমিত বা আন এখন ৰাজ্যত বাস কৰা শিক্ষাৰ্থীসকলক অনলাইন বিকল্প দিয়াৰ কথা পুনৰাবৃত্তি কৰিছিল।

প্ৰতিনিধি দলটোৰ সদস্যসকলে ওলাই আহি আন প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলক কয় যে বিশ্ববিদ্যালয়ৰ পৰা দাবী গ্ৰহণ কৰা হোৱা নাই, যাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে হুলস্থূল সৃষ্টি কৰে আৰু বিশ্ববিদ্যালয়ৰ বাহিৰৰ ৰাস্তাটো জাম কৰে।
আৰক্ষী কৰ্মীসকলে ছাত্ৰ-ছাত্ৰীসকলক ৰাস্তাৰ পৰা আঁতৰাবলৈ বল প্ৰয়োগ কৰিছিল। এই সময়ছোৱাত, বহুতো শিক্ষাৰ্থীক আৰক্ষী কৰ্মীয়ে লাঠীচালনা কৰিছিল। চেক্টৰ-৫০ আৰক্ষী থানাৰ এছএইচঅ’ ৰাহুল দেৱৰ ম’বাইল ভাঙি যোৱাৰ সময়ত দুই-তিনিজন শিক্ষাৰ্থী আঘাতপ্ৰাপ্ত হৈছিল। হুলস্থূল দেখি পুলিচে বহুতো শিক্ষাৰ্থীক বাহনত বহিবলৈ বাধ্য কৰিলে। আন শিক্ষাৰ্থীসকলে গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ চাৰিওফালৰ ৰাস্তাত শিল ৰাখি বাহন ৰখাবলৈ চেষ্টা কৰিছিল, কিন্তু আৰক্ষীয়ে শিলবোৰ আঁতৰাই বাহনৰ বাবে পথ মুকলি কৰিছিল।শিক্ষাৰ্থীসকলে দাবী পত্ৰ দাখিল কৰে ।

এই হুলস্থূলৰ পিছত, গুৰুগ্ৰাম বিশ্ববিদ্যালয়ৰ সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিনিধিদলৰ অংশ হোৱা শিক্ষাৰ্থীসকলক দাবীসমূহৰ বিষয়ে সুধিছিল। এই সময়ছোৱাত, শিক্ষাৰ্থীসকলে অনলাইনৰ বিকল্প দিবলৈ দাবী কৰিছিল, কিন্তু বিশ্ববিদ্যালয় প্ৰশাসনে ইয়াক নাকচ কৰিছিল। শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয়খনৰ সমিতিৰ ওচৰত দাবী পত্ৰ দাখিল কৰিছিল, য’ত সমিতিৰ সদস্যসকলৰ সন্মুখত ৯ টা প্ৰশ্নৰ ভিতৰত যিকোনো ৩ টা প্ৰশ্নৰ বিকল্প দিবলৈ আৰু ছেমিষ্টাৰ কাকতত পুনৰ পৰীক্ষাৰ বাবে আবেদন কৰাৰ বাবে অন্তৰ্ভুক্ত মাচুল বা মাচুল নল’বলৈ দাবী উত্থাপন কৰা হৈছিল। সমিতিৰ সদস্যসকলে এই সন্দৰ্ভত আলোচনা কৰিছিল আৰু শীঘ্ৰেই শিক্ষাৰ্থীসকলক এই বিষয়ে অৱগত কৰাৰ আশ্বাস দিছিল।

শিক্ষাৰ্থীসকলৰ ওপৰত কোনো লাঠী চাৰ্জ পোহৰলৈ অহা নাই। কিন্তু শিক্ষাৰ্থীসকলৰ কোনো অনলাইন পৰীক্ষা নহ’ব, পৰীক্ষাটো অফলাইন কৰিব লাগিব। বিশ্ববিদ্যালয়খনে স্পষ্ট কৰি দিছে যে শিক্ষাৰ্থীসকলে দুটা দাবীৰ এখন পত্ৰ দিছে, যাৰ বিষয়ে সমিতিয়ে শীঘ্ৰেই দাবীবোৰ বিবেচনা কৰিব।

যান-বাহন জাম কৰি থকা শিক্ষাৰ্থীসকলে ছত্ৰভঙ্গ কৰিবলৈ পাতল বল প্ৰয়োগ কৰিব লগা হৈছিল। লাঠী চাৰ্জ বুলি কোনো বস্তু নাই। পাঁচৰ পৰা ছয়জন শিক্ষাৰ্থীক সতৰ্ক কৰি দিয়াৰ পিছত আটক কৰা হৈছে আৰু মুকলি কৰি দিয়া হৈছে।

ৰঙিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ উদ্যোগত আলোচনা চক্ৰ

ৰঙিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ উদ্যোগত আলোচনা চক্ৰ । বৃহস্পতিবাৰে ৰঙিয়া মহাবিদ্যালয়ৰ সভাকক্ষত এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়। ভাৰতৰ স্বাধীনতাৰ সময়ত ৰাজনৈতিক দলসমূহৰ ভূমিকা সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় ছাত্ৰ -ছাত্ৰী আৰু শিক্ষক -শিক্ষয়িত্ৰী সকলৰ মাজত।

ছাত্ৰ -ছাত্ৰী আৰু আমন্ত্ৰিত অতিথিৰ মাজত প্ৰশ্নোত্তৰ ব্যৱস্থাৰ মাজেৰে উঠি অহা প্ৰজন্মক ইতিহাসৰ বিষয়ে জ্ঞান প্ৰদান কৰাই আছিল আলোচনাচক্ৰৰ মূল উদ্দেশ্য।ৰঙিয়া মহাবিদ্যালয়ৰ ৰাজনৈতিক বিভাগৰ উদ্যোগত আয়োজিত এই তত্ত্বগধুৰ আলোচনাচক্ৰ খনত ৰঙিয়া মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ ছাত্ৰ- ছাত্ৰী সকলে অংশগ্ৰহণ কৰা দেখা যায়।

উল্লেখযোগ্য যে এই আলোচনা চক্ৰত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ জ্যেষ্ঠ নাগৰিক উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰদীপ ঠাকুৰীয়া প্ৰমুখ্য ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়া,ৰাজনৈতিক বিজ্ঞান বিভাগৰ অধ্যপিকা ৰানু চৌধুৰী আদিকে ধৰি ৰঙিয়া মহাবিদ্যালয়ৰ বহু কেইগৰাকী প্ৰবক্তা আৰু ছাত্ৰ -ছাত্ৰী সকল।

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ওপৰত ধেমালি কৰাৰ বাবে আৰ্শাদ ৱাৰ্চিক বেয়াকৈ ট্ৰ’ল

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ওপৰত ধেমালি কৰাৰ বাবে আৰ্শাদ ৱাৰ্চিক বেয়াকৈ ট্ৰ’ল কৰা হৈছিল, এই চেলিব্ৰেটীসকলে সংবেদনশীল বিষয়বোৰৰ ওপৰতো কৌতুক কৰিব লগা হৈছিল ব্যয়বহুল ।

বলীউড অভিনেতা আৰ্শাদ ৱাৰ্চিয়ে অলপতে তেওঁৰ সামাজিক মাধ্যম একাউণ্টৰ পৰা এটা মিম শ্বেয়াৰ কৰি মানুহৰ অনুভূতিক আঘাত কৰিছে। আৰ্শাদে গোলমাল চলচ্চিত্ৰখনৰ এটা দৃশ্য ভাগ বতৰা কৰিছিল আৰু ইয়াক ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ সৈতে সংযুক্ত কৰিছিল। এই সংবেদনশীল পৰিস্থিতিত, অভিনেতাজনৰ এনে ধৰণৰ কৌতুক ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে পছন্দ কৰা নাছিল আৰু মানুহে তেওঁক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল।

আনকি আৰ্শাদ ৱাৰ্চিক আগতে, বলীউডৰ বহুতো তাৰকাক কৌতুক কৰাত বেয়াকৈ ধৰা পৰিছে। তাৰে ভিতৰত বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী -কংগনা ৰাণাৱট ।

কৃষক আন্দোলনত দেখা পোৱা এগৰাকী মহিলা মহিন্দৰ কৌৰক উপহাস কৰাটো কংগনাৰ বাবে অতি গধুৰ হৈ পৰিছে। কংগনাই বৃদ্ধ মহিলাগৰাকীৰ এখন ফটো শ্বেয়াৰ কৰিছিল আৰু লিখিছিল যে তেওঁক যিকোনো ঠাইতে ১০০ টকাত মাতিব পাৰি। অভিনেত্ৰীগৰাকীৰ এই কৌতুকৰ বাবে, তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। আনহাতে, পাঞ্জাৱী উদ্যোগৰ লোকসকলেও অভিনেত্ৰীগৰাকীৰ বিৰোধিতা কৰে।