Home Blog Page 2593

ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি টেলিফোনিক বাৰ্তা!

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত টেলিফোনিক বাৰ্তালাপ। বৃহস্পতিবাৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতিক লৈ আলোচনা কৰে দুয়োগৰাকী নেতাই।নৰেন্দ্ৰ মোদীয়ে ভ্লাডিমিৰ পুটিনক ৰাছিয়াৰ আৰু নাটোৰ মাজত থকা মত পাৰ্থক্য আলোচনা মাধ্যমেৰে সমাধান কৰিবলৈ আহৱান জনাই।লগতে হিংসা পৰিহাৰ কৰিবলৈও আহৱান জনাই ৰাছিয়াক।ইউক্ৰেইন বহু ভাৰতীয় আৱদ্ধ হৈ থকা কথাও জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

ইউক্ৰেইনৰ পৰা যাতে ভাৰতীয় সকলক উদ্ধাৰ কৰিব পাৰে সুকলমে সেই সম্পৰ্কেও জনাই পুটিনক।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগয় ৰাছিয়াৰ আৰু ইউক্ৰেইনৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কেও জনাই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে।

১৩৭ ইউক্ৰেইন সেনা আৰু সাধাৰণ নাগৰিকৰ মৃত্যু!

বৃহস্পতিবাৰে ৰাছিয়াই আক্ৰমণ কৰে ইউক্ৰেইনক! ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ঘোষণা কৰে যে পূব ইউৰোপৰ ডনবাছত সামৰিক অভিযান চলাব ৰাছিয়াৰ সেনা বাহিনীয়ে। ইউক্ৰেইনৰ সেনা বাহিনীক দিলে উপদেশ যাতে তেওঁলোকে অস্ত্ৰ এৰি ঘৰলৈ যায়। তাৰপিছতে ৰাছিয়া আৰু ইউক্ৰেইন মাজত এখন যুদ্ধ।ৰাছিয়াই ইউক্ৰেইন বহু শান্তিপূৰ্ণ অঞ্চলত আক্ৰমণ চলায় ।আনহাতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি সকিয়নী যদি কোনো বাহিৰৰ শক্তিয়ে বাধা দিয়াৰ চেষ্টা চলাই তেন্তে তাৰ ফল ভাল নহ’ব ।
ইয়াৰ পিছতে আৰম্ভ হয় এক গুলিবৰ্ষণৰ পৰিৱেশ।এতিয়ালৈকে ৰাছিয়াৰ আক্ৰমণত ইউক্ৰেইনৰ সেনা আৰু সাধাৰণ লোক সহ মুঠ ১৩৭ জনৰ মৃত্যু হৈছে বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কীয়ে জনাই।ৰাছিয়াৰ সেনাই ক্ৰমে ইউক্ৰেইনৰ ৰাজধানী কিভেৰ দিশে আগুৱাইছে।

সেনা প্ৰত্যাহাৰৰ বাবে কোনো আগ্ৰহ দেখুওৱা নাই পুটিনে। ইয়াৰ মাজতো তেওঁলোকে যুদ্ধ চলাই যাব,ৰাছিয়াক প্ৰত্যুত্তৰ দিব বুলি জনাইছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কীয়ে। ৰাছিয়াৰ বিশাল সেনা বাহিনীৰ তুলনাত ইউক্ৰেইন কম শক্তিশালী হ’লেও নিজক ৰক্ষা কৰিবলৈ মৃত্যু পৰ্যন্ত যুঁজ চলাই যাব বুলি জনাইছে ইউক্ৰেইন চৰকাৰে।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ অসম ভ্ৰমণ!

আজি তিনিদিনীয়া কাৰ্যসূচীলৈ অসমত উপস্থিত হ’ব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।আজিৰ দিনটোত বিভিন্ন কাৰ্য্যসূচীত ভাগ ল’ব ৰাষ্ট্ৰপতি গৰাকীয়ে।ৰাষ্ট্ৰপতি গৰাকী আজি পুৱা ১১.৩০ বজাত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’বহি।বিমান বন্দৰৰ পৰা উষ্ম আদৰণি জনোৱা হ’ব ৰাষ্ট্ৰপতি গৰাকীক।তাৰ পিছতে ১২.১০ মিনিটত কামাখ্যা মন্দিৰ দৰ্শনৰ কৰিব ৰামনাথ কোবিন্দে।আবেলি কলাক্ষেত্ৰত লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জন্মজয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে।

আনহাতে শনিবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে তেজপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।তাৰপিছতে বিয়লি ভাগত কাজিৰঙালৈ যাব ৰাষ্ট্ৰপতি গৰাকী।ৰাষ্ট্ৰপতি গৰাকীক আদৰিবলৈ এতিয়া সকলো তৎপৰ হৈ পৰিছে।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই লৈছে ভয়াৱহ ৰূপ।ভাৰতৰ পৰা সহায় বিচাৰিছে ইউক্ৰেইনে!

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই লৈছে ভয়াৱহ ৰূপ।নিহত হৈছে ৪০ জন ইউক্ৰেইন সেনাৰ লগতে ১০ জন ইউক্ৰেইনৰ লোক।প্ৰতি মূহুৰ্তত আহিছে মৃত্যুৰ খবৰ।ৰাছিয়াৰ আক্ৰমণত এতিয়া লৈকে ইউক্ৰেইনৰ ৪০জনৰো অধিক সৈনিক নিহত হৈছে।পৰিস্থিতি অধিক বেয়ালৈ গতি কৰিছে।আনহাতে ইউক্ৰেইনৰ ১০ জনৰো অধিক নাগৰিক নিহত হৈছে ৰাছিয়াৰ সেনা আক্ৰমণত।দেশৰ সুৰক্ষাৰ স্বাৰ্থত ওলাই আহিছে ইউক্ৰেইনৰ নাগৰিক।

সেইসকল নাগৰিককো অস্ত্ৰ দিবলৈ সাজু হৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি।ATM, বেংক ,বিভিন্ন দোকান আদিত ভিৰ কৰিছে ইউক্ৰেইনৰ নাগৰিক।খাদ্য-সামগ্ৰী নাটনিৰ ভয়ত আতংকিত হৈ পৰিছে দেশখনৰ নাগৰিক।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা সহায়ৰ বিচাৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে।

যুদ্ধংদেহী পৰিৱেশৰ মাজত ইমৰাণ খানৰ ৰাছিয়াৰ ভ্ৰমণ!

ৰাছিয়া আৰু ইউক্ৰেইন মাজত আক্ৰমণাত্মক পৰিৱেশ।ইতিমধ্যে মৃত্যু মুখত পৰিছে বহু লোক।তেনে পৰিৱেশৰ মাজতে বুধবাৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ৰাছিয়ালৈ চৰকাৰী ভ্ৰমণ কৰিছিল। তেওঁৰ মস্কো ভ্ৰমণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।তেওঁৰ এই ভ্ৰমণ কালে সকলোকে আচৰিত কৰি তুলিছে।পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে কয় যে মস্কো ভ্ৰমণ কৰি তেওঁ অৰ্থনৈতিক সহযোগিতা কৰিছে আৰু ইয়াৰ লগতে তালিবান নিয়ন্ত্ৰিত আফগানিস্তান সন্দৰ্ভতো কথা পতাৰ বিষয়ে  কৈছিল।আনহাতে আমেৰিকাই কয় যে ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ যি কাৰ্যকলাপৰ সেই কাৰ্যকলাপৰ ওপৰত আপত্তি কৰাটো প্ৰতিখন দায়িত্বশীল দেশৰ দায়িত্ব বুলি কয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালী আঞ্চলিকৰ জড়িয়তে সম্বৰ্ধনা অনুষ্ঠান।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩৭ সংখ্যক বিশ্বনাথ জিলা শাখাৰ বাৰ্ষিক অধিৱেশন ভাগ বিশ্বনাথ জিলাৰ ঐতিহ্যমণ্ডিত গাংমৌ থানৰ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয় ।এই সভাতে কেইবাগৰাকী ভকত বাপলৈ সম্বৰ্ধনা জনোৱা হৈছিল।কিন্তু, বিহালী ৰৌমাৰীৰ মুক্তি যুদ্ধা তথা অৱসৰ প্ৰাপ্ত চৰকাৰী গাঁ‌ৱবুঢ়া শ্ৰীযুত গংগাৰাম বৰুৱাই শাৰিৰীক অসুস্থতাৰ বাবে সম্বৰ্ধনা ভাগ গ্ৰহণ কৰিব নোৱাৰিলে ।আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিহালীৰ আঞ্চলিক শাখাৰ সভাপতি কিৰণ কাকতী “সম্পাদক গণেশ বৰা ‘বিশ্বনাথ জিলা শাখাৰ সদস্য জয়ন্ত বৰা সাংস্কৃতিক সম্পাদক প্ৰবন বৰা আৰু দোল বৰা তেখেতৰ বাসগৃহত উপস্থিত হৈ এই সম্বৰ্ধনা ভাগ অৰ্পন কৰাৰ লগতে তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছে।

বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য কি কি ক’লে মুখ্যমন্ত্ৰীয়ে!

বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য কি কি ক’লে মুখ্যমন্ত্ৰীয়ে!বিজেপি পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য সমূহৰ কথা ক’লে মুখ্যমন্ত্ৰীয়ে – নগৰ অঞ্চলত থকা মাটি বাৰীৰ খেলি মেলি দূৰ কৰা।দৰিদ্ৰ লোকক মাটি বাৰীৰ অধিকাৰ প্ৰদান কৰা,প্ৰতিখন নগৰত এটা উন্নত পানী যোগান আচঁনি গঢ়ি তোলা ।নগৰ সমূহ আৱৰ্জনা মুক্ত কৰা, আৱৰ্জনা মুক্ত কৰি আৱৰ্জনা সমূহৰ পৰা মিথানেল উৎপাদন কৰা বিজেপিৰ পৌৰ নিৰ্বাচনৰ মূল লক্ষ্য।প্ৰতিখন জিলাত একোখনকৈ সুন্দৰ ষ্টেডিয়াম নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ ।পৌৰসভা আৰু পৌৰ নিগমৰ শীৰ্ষ ৫ টা পদৰ দৰমহা চৰকাৰে বহন কৰিব। নিগম বা সভা সমূহক দিয়া নহয় এই বোজা। কিন্তু নাগৰিকৰ বাবে কাম কৰিব বিষয়া সকলে।আনহাতে ৰে’লৱেৰ মাটি বণিয়াক লীজত দিয়াক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰদান কৰিলে ক’লে।অসমৰ সকলো কাকততে ৰে’লৱেৰ এই নিবিদা প্ৰকাশ পাইছিল। কিন্তু কোনো অসমীয়া লোকে আবেদন নকৰিলে এই নিবিদাত।এতিয়া ৰাজ্য চৰকাৰে উক্ত ভূমিখণ্ড নিজৰ অধীনলৈ আনিব পাৰে নেকি তাৰ চেষ্টা চলাই আছে।আগন্তুক সময়ত এনে বহু নিবিদা হ’ব।

তাত অসমীয়া লোকসকলক আবেদনৰ আহ্বান মুখ্যমন্ত্ৰীৰ।আনহাতে পৌৰ নিৰ্বাচনক লৈ কংগ্ৰেছে কৰা অভিযোগত মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ-“য’ত গল পোষ্টৰ সন্মুখত গল কীপাৰেই নাই তাত বাৰ কেইডালক ধমকি দি কি লাভ হ’ব”।জালুকবাৰীত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ প্ৰাৰ্থীক ধমক দিয়া বুলি অভিযোগ দিয়াৰ পিছতেই এই মন্তব্য মুখ্যমন্ত্ৰীৰ।”অসমত কংগ্ৰেছ এতিয়া ৰাইজৰ মাজত নাই”।”কংগ্ৰেছ প্ৰাৰ্থীক ভাবুকি দিয়াৰ প্ৰশ্নই নাহে। কংগ্ৰেছ এতিয়া কিছুমান অঞ্চলে অঞ্চলে পকেটতহে সোমাই আছে”।

মাজুলী নিৰ্বাচন আৰু ভুৱন গামৰ ভাষণ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য!

মাজুলী নিৰ্বাচন আৰু ভুৱন গামৰ ভাষণ বিতৰ্কক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য!মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় ‘২০২১ চনতকৈ আৰু অধিক ভোটত মাজুলীত বিজেপি প্ৰাৰ্থী জয়ী হ’ব’।৩/৪ তাৰিখে মাজুলীলৈ যাব মুখ্যমন্ত্ৰী।”ভাল বক্তা হ’লেই যে ৰাইজৰ কাম কৰিব পাৰিব তাৰ কথা নাই। কথা ক’ব পৰা সু-বক্তাই ৰাইজৰ কাম কৰিব নোৱাৰিবও পাৰে”।”ভুৱন গামে কথা ক’ব নোৱাৰে কিন্তু ৰাইজৰ কাম কৰিব পাৰে।” “ইতিমধ্যে মাজুলীৰ ৰাইজৰ বাবে বহু কাম কৰিছে ভুৱন গামে।

বিধান সভাত আহিলে কথা ক’ব পৰা হৈ যাব”এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।২৫ তাৰিখে আদালতৰ চমন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য,”মোলৈ মাজে মাজে চমন বা কিবা কিবি আহি থাকে।””গতিকে মই তাক লৈ চিন্তা কৰা নাই। মোৰ উকিলে জানিব।”
“এতিয়া ব’ম্বে,অন্ধ্ৰৰ পৰাও চমন আহিব, গতিকে মই চিন্তা নকৰো।”

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ!

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ ভাস্কৰ দাহালৰ।অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ মুখপাত্র আছিল ভাস্কৰ দাহাল প্ৰদেশ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দিছপুৰ প্ৰেছ ক্লাৱত সংবাদমেল সম্বোধন দাহালৰ।কংগ্ৰেছত পূৰ্বৰ আদৰ্শ নাই, কোটি টকা নিদিলে কংগ্ৰেছত টিকট নাপাই বুলি দাহালৰ বিস্ফোৰক অভিযোগ।বিগত লোকসভা নির্বাচনত টিকট বিচাৰোঁতে টকা বিচৰাৰ অভিযোগ।তেজপুৰ সমষ্টিৰ টিকটৰ বাবদ হৰিশ ৰাৱতে বিচাৰিছিল টকা।একমাত্ৰ টকাৰ বিনিময়ত তেজপুৰত এম জি ভি কে ভানুক টিকট দিছিল।কংগ্ৰেছে বিজেপিক শক্তিশালী কৰি আছে,এজন মুছলমান ব্যক্তিক কিয় বিৰোধী দলপতি বনাব নোৱাৰে বুলি প্ৰশ্ন।দলৰ কোনো নীতি আদৰ্শ নথকাৰ বাবেই কংগ্ৰেছৰ বিধায়ক সকলে দল ত্যাগ কৰিছে।কংগ্ৰেছে গোৰ্খা সকলক অৱহেলা কৰি আহিলে,মণি চুব্বাৰ পাছত কোনো গোৰ্খা লোকক কংগ্ৰেছে টিকট নিদিলে।কংগ্ৰেছত অন্তঃকন্দল চলিছে, টিকট দিয়াৰ নামত অসমৰ তত্বাৱধায়ক সকলে বিচাৰিছিল টকা।

কংগ্ৰেছত নিমিলা অংক বেছি সেয়েহে কাৰো লগত মিত্ৰতা টিকি থাকিব নোৱাৰে।কংগ্ৰেছত লবি কেন্দ্ৰীক ৰাজনীতি চলিছে।’উপ নির্বাচনত তামুলপুৰত টিকট দিয়াৰ পাছত টকা নিদিয়াত মোক দম দিছে’।AICC ৰ সম্পাদক পৃথ্বীৰাজ সাথে টকাৰ দাবী কৰিছিল।বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিৰোধী দলপতি হোৱাৰ যোগ্য নহয়।বিৰোধী দলপতিয়ে ৫ কেজিতকৈ এক পাল্লাক বেছি বুলি কয়।

এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন!

পুনৰ যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি!এক আক্ৰমণাত্মক পৰিৱেশ!ৰাছিয়াক প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইন,বিজয় হ’বনে ইউক্ৰেইন? ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত পোনপটীয়া সামৰিক আক্ৰমণ আৰম্ভ কৰিছে।ইমানেই নহয় ৰাছিয়াই ইউক্ৰেইনৰ সেনাক অস্ত্ৰ-সম্বৰণ কৰিবলৈও আহ্বান জনাইছে।আনহাতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবাই মন্তব্য কৰি কৈছে ‘ইতিমধ্যে ইউক্ৰেইনৰ শান্তিপূৰ্ণ চহৰসমূহত আক্ৰমণ কৰিছে, এয়া এক আক্ৰমণাত্মক যুদ্ধ।

‘ইউক্ৰেইনে নিজকে ৰক্ষা কৰিব আৰু বিজয় সাব্যস্তো কৰিব’,ইতিমধ্যে ৰাছিয়াৰ বিৰুদ্ধে সাজু হৈ উঠিছে ইউক্ৰেইন’ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰাৰ কিছু মুহূৰ্তৰ পাছতে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰী ডিমিট্ৰো কুলেবায়ে এইদৰে মন্তব্য কৰে।আনহাতে ৰাছিয়া সেনাৰ বৃহৎ দলে ক্ৰিমিয়া হৈ ইউক্ৰেইনত প্ৰৱেশ কৰিছে।