Home Blog Page 2594

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক সু খবৰ!

ইছলাম ধৰ্মালম্বী লোক সকলৰ বাবে এক ভাল খবৰ!মদিনা শ্বৰিফৰ ইমাম চাহাব আহি আছে নগাঁ‌ৱ জিলাৰ জুৰীয়ালৈ।২৫ তাৰিখ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব মদিনা শ্বৰিফৰ ইমাম চাহাবে।সমগ্ৰ অসমৰ মুছলমান সকলক নিমন্ত্ৰণ উদ্যোক্তা সকলে প্ৰায় ৫ লক্ষাধিক মানুহ একে লগে অহা ২৫ তাৰিখ শুক্ৰবাৰে জুম্মাৰ নামাজত অংশ গ্ৰহন কৰিব বুলি আশাবাদী উদ্যোক্তা সকল।ধিং গাঁ‌ৱ তালিমুল কোৰয়ান হাফিজীয়া মিছন মাদ্ৰাছাৰ উদ্যোগত ২৫ ফেব্ৰুবাৰিত জুৰীয়া বগৰিগুৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ খেল পথাৰত বিশাল ঐতিহাসিক ১৯ তম দস্তৰবন্ধী ও বিশ্ব শান্তিৰ বাবে সমুহীয়া জুম্মাৰ নামাজ ,ওয়াজ মেহফিল আৰু দোৱাৰ আয়োজন কৰিছে।

উদ্যোক্তা সকলে জানিব দিয়া মতে উক্ত মেহফিলত মদিনা শ্বৰিফৰ ইমাম চাহাৱ উপস্হিত থকাৰ লগেতে উপস্হিত থাকিব বাংলাদেশৰ কেইবাজনো ইছলামিক পণ্ডিত। লগতে অসমৰো কেইবাজনো ইছলামিক পণ্ডিত
বৰ্তমান জুৰীয়াত ইমাম চাহাবক আদৰিবলৈ এক যুদ্ধ সদৃশ পৰিবেশেৰে আয়োজন কমিটিয়ে প্ৰস্তুতি চলিছে।

‘এছিয়াৰ দ্বিতীয় আৰু পৃথিৱীৰ তৃতীয় ধনী দেশ হ’ব ভাৰত’-মুকেশ আম্বানী

বুধবাৰে এছিয়াৰ এক অৰ্থনৈতিক আলোচনাত বহিছিল মুকেশ আম্বানী। ড° ৰঘুনাথ অনন্ত মাছেলকাৰৰ সৈতে মুকেশ আম্বানীৰ আলোচনাত এক বৃহৎ মন্তব্য কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ আৰু পৰিচালনা সম্পাদক মুকেশ আম্বানীয়ে।তেওঁ কয় যে ২০৩০ চনৰ ভিতৰত পৃথিৱীৰ তৃতীয় ধনী দেশ দেশ হিচাপে পৰিণত হ’ব ভাৰত।লগতে তেওঁ কয় যে এতিয়া ভাৰতৰ সময়, ভাৰতে জাপানকো চেৰ পেলাবলৈ সক্ষম হ’ব ।

ভাৰত এছিয়াৰ ভিতৰত দ্বিতীয় আৰু বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ অৰ্থনীতি দেশ হ’ব।বুধবাৰে হোৱা এই অৰ্থনৈতিক সন্মিলনৰ বিষয় আছিল মহামাৰী-পৰৱৰ্তী বিশ্বত স্থিতি স্থাপক গোলকীয় বিকাশ

“বিশ্বই ৰাছিয়াক জবাবদিহি কৰিব”-জ’ বিডেন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বৃহস্পতিবাৰে ইউক্ৰেইনত “সামৰিক অভিযান” ঘোষণা কৰে ।পশ্চিমীয়া ক্ষোভ আৰু বিশ্বব্যাপী যুদ্ধ আৰম্ভ নকৰিবলৈ কৰা আবেদনক অস্বীকাৰ কৰি তাত থকা সৈনিকসকলক অস্ত্ৰ-শস্ত্ৰ নিক্ষেপ কৰিবলৈ আহ্বান জনায়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে বুধবাৰে কৈছিল যে ইউক্ৰেইনৰ বিৰুদ্ধে সামৰিক আক্ৰমণৰ বাবে “বিশ্বই ৰাছিয়াক জবাবদিহি কৰিব”।তেওঁ সতৰ্ক কৰি দিছিল যে “প্ৰাণহানিৰ প্ৰলয়ংকৰী ক্ষতি” হ’ব।ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ অলপ পিছতে জাৰি কৰা এক বিবৃতিত বিডেনে কয় যে তেওঁ বৃহস্পতিবাৰে ৰাছিয়াৰ বাবে “পৰিণাম”ৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসাধাৰণক সম্বোধন কৰিব আৰু এই আক্ৰমণক “অপ্ৰৰোচিত আৰু অযুক্তিকৰ” বুলি অভিহিত কৰে।

ৰাছিয়া আৰু নাটো সদস্য পোলেণ্ডৰ মাজত চেণ্ডউইচ হৈ থকা দেশৰ একাধিক প্ৰান্তত বিস্ফোৰণৰ শব্দ শুনা পোৱাৰ পিছতে বিডেনে তেওঁৰ ইউক্ৰেইনৰ সমকক্ষ ভলোডিমিৰ জেলেনস্কিৰ সৈতে এটা ফোন কলও কৰিছিল, হোৱাইট হাউছে কয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে বৃহস্পতিবাৰে পুৱা ৯:০০ বজাত জি-৭ নেতা – ব্ৰিটেইন, কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এক ভাৰ্চুৱেল, বন্ধ দুৱাৰ বৈঠকত যোগদান কৰাৰ কথা আছিল।আনহাতে হোৱাইট হাউচে জনাইছিল যে ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ মন্তব্য ৱাশ্বিংটনত পিছতহে আহিব।

যোৰহাটত নাৰী সৱলিকৰণ তথা দক্ষতা বিকাশৰ প্ৰশিক্ষণ কেন্দ্ৰ উদ্ধোধন!

২২ ফেব্ৰুৱাৰী তাৰিখে বাহনী চাহ বাগিছাৰ কতৃপক্ষ সৌজন্যত শ্নেহপদ আৰু যোৰহাট নজশিক্ষণ সংস্থাৰ উদ্যোগত নাৰী সৱলিকৰণ তথা দক্ষতা বিকাশৰ প্ৰশিক্ষণৰ উদ্দেশ্যে বাহিনী চাহ বাগিছাই নৱ নিৰ্মাণ কৰি দিয়া এটি স্থায়ী পকী গৃহ শুভ উদ্ধোধনৰ অনুস্থান অনুস্থিত হয়। উদ্ধোধন কৰে তিতাবৰ মহকুমা আৰক্ষী বিষয়া নৱনিতা শৰ্মাই । তেখেতক সহযোগ কৰে বাকচুং উন্নয়ন খণ্ডৰ উন্নয়ণ বিষয়া কৃতিকা শৰ্মাই। আয়তীৰ উৰুলিৰে মাংগলিক অনুস্থানেৰে ফিটা কাটি উদ্ধোধন কৰা হয়।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্নেহপদৰ সম্পাদক প্রকাশ ঠাকুৰ, জ্যোতি প্ৰসাদ কলিতা ,সমাজসেৱী বিমান কার্ডং, ৬৩ নং কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমনি ফুকন, শ্রম পৰিদর্শক ৰিমজিম গগৈ, বাহনি চাহ বাগিচাৰ সঞ্চালক সমৰেন্দ্ৰ ফুকন, নয়নমনি বৰা আদি ব্যক্তিসকল উপস্থিত থাকি কাৰ্যসূচী ৰূপায়ণ কৰাত সহযোগিতা আগবঢ়ায়।

স্নাতক মহাবিদ্যালয়ৰ সপ্তাহ সমাৰোহ সামৰণি অনুষ্ঠানৰ বাৰে ৰহনীয়া শোভাযাত্ৰা

বিহালীৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ বিহালী স্নাতক মহাবিদ্যালয়ৰ মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি অনুষ্ঠান বুধবাৰে অনুষ্ঠিত হৈ যায় । বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধীৰাজ নমঃসূদ্ৰই বাৰেৰহনীয়া সাংস্কৃতিক শুভযাত্ৰাৰে শুভাৰম্ভণি কৰে। অনুষ্ঠানটোৰ য’ত মহাবিদ্যালয় খনৰ বিভিন্ন বিভাগে পৃথকে পৃথকে বাহিৰ কৰে বৰ্ণিল শোভাযাত্ৰা । ইয়াৰ পিছতে মহাবিদ্যালয় সপ্তাহ সমাৰোহ সামৰণি অনুষ্ঠান আৰু নৱাগত আদৰণি সভা খন বন্তি প্ৰজ্বলন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰই ।

ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰঞ্জন কলিতা, বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মাকে ধৰি মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক কেইবাগৰাকীও ব্যক্তি, স্থানীয় দল-সংগঠনৰ নেতৃবৃন্দ, প্ৰাক্তন ছাত্ৰ সকলে এই অনুষ্ঠানত উপস্থিত থাকে । সভাত মহাবিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা আমাৰ প্ৰকাশ উন্মোচন কৰে বিহালী প্ৰেছ ক্লাবৰ সভাপতি দীপক শৰ্মাই । অনুষ্ঠানৰ শেষত গীতৰ শৰাই আগবঢ়াই উদীয়মান গায়ক প্ৰাণদ্বীপে।

দাদাচাহেব ফাল্কে আন্তঃৰাষ্ট্ৰীয় বঁটা আল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ হিট ‘পুষ্পা: দ্য ৰাইজ’ক

দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় বঁটা: দক্ষিণৰ চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ বছৰটোৰ ‘পুষ্পা’ চলচ্চিত্ৰ; ৰণবীৰ সিং শ্ৰেষ্ঠ অভিনেতা, কৃতি চানন শ্ৰেষ্ঠ অভিনেত্ৰী ।

২০২২ চনৰ দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ দেওবাৰে মুম্বাইত অনুষ্ঠিত হৈছিল। দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰ আল্লু অৰ্জুনৰ ব্লকবাষ্টাৰ হিট ‘পুষ্পা: দ্য ৰাইজ’ক বছৰটোৰ চলচ্চিত্ৰ হিচাপে বিবেচিত কৰা হৈছে। একে সময়তে, ৰণবীৰ সিঙক বিশ্বকাপ জয় কৰা ভাৰতীয় ক্ৰিকেট দলত নিৰ্মিত ’83’ চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰা হৈছে। অভিনেত্ৰী কৃতি চাননক ‘মিমি’ বোলছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে বিবেচিত কৰা হৈছে।

শ্বেৰশাহে দাদাচাহেব ফালকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰবঁটা লাভ কৰিছিল। ছবিখন কেপ্টেইন বিক্ৰম বাত্ৰাৰ ওপৰত আধাৰিত, যি কাৰ্গিল যুদ্ধত শ্বহীদ হৈছিল। ৰাধিকা মদন, ৰবীনা টণ্ডন, মনোজ বাজপেয়ী, আহান চেট্টী, কিয়াৰা আদৱানী আৰু সিদ্ধাৰ্থ মালহোত্ৰাকো মহোৎসৱত বিভিন্ন বঁটা প্ৰদান কৰা হৈছিল।

সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা প্ৰযোজিত ‘পাঠান’ বোলছবিখনত দেখা যাব শ্বাহৰুখ খানক

শ্বাহৰুখ খানে ভিডিঅ এটা শ্বেয়াৰ কৰিছিল আৰু তেওঁৰ একচন অৱতাৰ দেখুৱাইছিল, অনুৰাগীসকলে কৈছিল – মই কল্পনা কৰি আছো যে আপুনি পাঠানত কেনেকুৱা দেখিব ।

বলীউড অভিনেতা শ্বাহৰুখ খানে অলপতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক একচন অৱতাৰত দেখা গৈছে। দৰাচলতে, তেওঁৰ এই ভিডিঅ’টো এটা শীতল পানীয়ৰ বিজ্ঞাপনৰ, যাক শ্বাহৰুখে শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত তেওঁৰ চেহেৰাটো দীঘল চুলিৰ সৈতে সম্পূৰ্ণ বেলেগ দেখা গৈছে। ভিডিঅ’টো দেখি শ্বাহৰুখৰ অনুৰাগীসকলে অনুভৱ কৰে যে তেওঁ ‘পাঠান’ বোলছবিখনত এই চেহেৰাটোৰ সৈতে আছে।

শ্বাহৰুখে ভিডিঅ’টোৰ আৰম্ভণিতে চিনেমা হলত তেওঁৰ চলচ্চিত্ৰ খন চায়। চলচ্চিত্ৰখনত, এইটো আৰু দেখুওৱা হৈছে যে তেওঁলোকে ৰেলত আৰু তাৰ পিছত ৰেলৰ ভিতৰত খলনায়কৰ সৈতে যুঁজ দিয়ে। শ্বাহৰুখক এই ভিডিঅ’টোত এটা ক’লা চুটত দেখা গৈছে। লগতে এই ক্লিপটোত, শ্বাহৰুখক দীঘল চুলি আৰু দাড়িত দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি শ্বাহৰুখে শিৰোনামটোত লিখিছিল, “নাম তো সুনা হোগা মেৰে জান? ইয়াক কোমল বুলি কোৱা নহয়, ইয়াক ধুমুহা বুলি কোৱা হয়। “

শ্বাহৰুখৰ অনুৰাগীসকলে এই বিজ্ঞাপনটো চাবলৈ যথেষ্ট উৎসাহিত। অনুৰাগীসকলে ভিডিঅ’টোত মন্তব্য কৰি লিখিছে, “আপোনাক বহুত মনত পেলাইছে, আপুনি
অৱশেষত উপস্থিত হৈছে। একে সময়তে, আনজন অনুৰাগীয়ে লিখিছিল, “ইমাজিন” কাৰ ৰাহা হু” আপুনি পাঠানত কেনেদেখিব। “

শ্বাহৰুখ খানক সিদ্ধাৰ্থ আনন্দৰ দ্বাৰা প্ৰযোজিত ‘পাঠান’ বোলছবিখনত দেখা যাব। শ্বাহৰুখৰ লগতে দীপিকা পাডুকন আৰু জন আব্ৰাহামকো এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব। অৱশ্যে, দলটোৱে এতিয়ালৈকে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰা নাই। বাতৰি অনুসৰি, শ্বাহৰুখ আৰু দীপিকাই শীঘ্ৰেই ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে স্পেইনলৈ যাব। শ্বাহৰুখৰ বিষয়ে ক’বলৈ গ’লে, তেওঁক শেষবাৰৰ বাবে ২০১৮ চনত মুক্তি পোৱা ‘জিৰো’ চলচ্চিত্ৰত দেখা গৈছিল।

শাসক-বিৰোধী উভয়ে অব্যাহত ৰাখিছে সোণাৰি পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

অহা ছয় মাৰ্চত অনুষ্ঠিত হবলগীয়া পৌৰসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সোণাৰি বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাৰি পৌৰসভাত তীব্ৰতৰ হৈ উঠিছে প্ৰচাৰ অভিযান। সোণাৰি পৌৰসভা নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি তথা মিত্ৰ দল অসম গণ পৰিষদৰ লগতে কংগ্ৰেছ তথা অসম জাতীয় পৰিষদে ইতিমধ্যে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান।

ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে ভোটাৰৰ মন জয় কৰিবলৈ ঘৰে ঘৰে গৈ চলাইছে প্ৰচাৰ অভিযান। সমান্তৰালকৈ নিজৰ নিজৰ ৱাৰ্ডত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰাও পৰিলক্ষিত হৈছে। আজি সোণাৰিৰ চাৰি আৰু ন নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ক্ৰমে গিৰিণ গগৈ আৰু চুমা দাসৰ  হৈ প্ৰচাৰ অভিযান চলোৱা লগতে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিৰামহীন প্ৰগতি,সামগ্ৰিক বিকাশ আৰু সুপৰিকল্পিত নগৰীকৰণ, পৌৰসভা অঞ্চলৰ দ্ৰুত উন্নয়ন,বিকশিত আৰু সুৰক্ষিত পৌৰসভা গঠনৰ বাবে অহা  ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত  বিজেপিৰ মিত্ৰজোঁটৰ বিপুল ভোটত জয়যুক্ত কৰিবলৈ  ৰাইজক আহ্বান জনায় বিধায়কগৰাকীয়ে ।

প্ৰচাৰ কাৰ্যসূচীত ভাৰতীয় জনতা পাৰ্টী, চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষ্মীনাথ তাছা, বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য কাজল দে, চৰাইদেউ জিলাৰ বিজেপিৰ কোষাধ্যক্ষ তাৰাচন আগৰৱালা, বিজেপিৰ সোণাৰি নগৰ মণ্ডলৰ সভাপতি অভিজিৎ চেলেং, ৰজাপুখুৰী পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকা, জ্যেষ্ঠ বিজেপি নেতা অৰ্জুন ছেত্ৰীৰ লগতে দলৰ জেষ্ঠ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে৷ ইফালে নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায় প্ৰাক্তন মন্ত্ৰী, কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত কোষাধ্যক্ষ শৰৎ বৰকটকীয়ে এই নিৰ্বাচনত সোণাৰিৰ ভোটাৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী সকলক জয়যুক্ত কৰিব বুলি আশা প্ৰকাশ কৰে।

১৬ টা ৱাৰ্ডৰ ভিতৰত অতি কমেও দহটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈ পৌৰসভা দখল কৰিব পাৰিব বুলি মন্তব্য কৰিছে সংবাদ মাধ্যমৰ আগত। আনহাতে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ উপ সভাপতি টংকেশ্বৰ কোঁৱৰেও এইবাৰ পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই নিজৰ প্ৰচাৰ অভিযান আৰম্ভ কৰা পৰিলক্ষিত হৈছে।

বৰপেটাত সফল সামৰণি সংকল্প আঁচনিৰ দক্ষতা মেলাৰ

কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা আৰু উদ্যোগ মন্ত্ৰণালয়ৰ সংকল্প আঁচনিৰ অধীনত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা জীৱিকাৰ বাবে দক্ষতা বিকাশ সম্পৰ্কীয় কৰ্মশালা তথা মেলাখনৰ আজি সফলতাৰে সামৰণি পৰিছে। আজি সামৰণিৰ পূৰ্বে অংশগ্ৰহণ কাৰী আত্মসহায়ক গোটৰ সদস্যা আৰু ছাত্ৰ-ছাত্ৰী সকলক চাক্ষুষ অভিজ্ঞতাৰে অনুপ্ৰাণিত কৰাৰ উদ্দেশ্যে স্থানীয় কেবাটাও উদ্যোগ পৰিদৰ্শন কৰোৱা হয়।

তাৰ ভিতৰত বাৰাদিৰ তামোলৰ ঢোকোনাৰে প্লেট বনোৱা উদ্যোগ, আৰু খংৰাৰ ৰেডিমেড পোছাক নিৰ্মাণ উদ্যোগ আদি অন্যতম। ইয়াৰ পূৰ্বে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত ভাষণ দি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, আমি সকলো বস্তু এনেয়ে বিচৰাৰ মানসিকতা পৰিহাৰ কৰি সেইবোৰ  সৎ পথেৰে নিজে অৰ্জন কৰাৰ প্ৰচেষ্টা চলালেহে নিজৰ লগতে পৰিয়ালৰ আৰু দেশৰো মঙ্গল হ’ব। এনে দক্ষতা মেলাৰ সুবিধালৈ যুব চামক জীৱিকাৰ ন ন সম্ভাৱনাৰ সহজ অন্বেষণ চলোৱাৰ বাবে তেওঁ মুকলি আহ্বান জনায়।

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ আঞ্চলিক প্ৰৱন্ধক বীৰেণ দাসে “দক্ষতা বিকাশ আৰু বিত্তীয় সাক্ষৰতা” বিষয়ত মূল বক্তৃতা প্ৰদান কৰে। সভাৰ আৰম্ভণিতে আদৰণি ভাষণ দিয়ে জেষ্ঠ পৰিকল্পনা বিষয়া দ্বিজেন্দ্ৰ নাথ দাসে। সভাত মীণ বিভাগৰ উপসঞ্চালক কিশোৰ কুমাৰ দাস, জিলা মীণ উন্নয়ন বিষয়া প্ৰতুল বৰ্মণ, জিলা উদ্যোগ কেন্দ্ৰৰ মহা প্ৰৱন্ধক ঋতুৰাজ পাছানী, জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া প্ৰবীণ কুমাৰ দাস আৰু জিলা গ্ৰামীণ স্ব-নিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সঞ্চালক ৰঞ্জিৎ কুমাৰ তালুকদাৰে আত্ম সংস্থাপনৰ উপায় সন্দৰ্ভত অংশগ্ৰহণকাৰী সকলৰ সৈতে অন্তৰঙ্গভাবে মত -বিনিময় কৰে।

বৰক্ষেত্ৰীৰ বামুনবড়ীত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ মুকলি ৷

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ বামুনবড়ী খেলপথাৰত নামনি অসম ক্ৰিকেট একাডেমীৰ স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো আজি আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰে আৰিয়ান মটৰচৰ স্বত্বাধিকাৰী জিতু আহমেদে । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটো মুকলি কৰাৰ উদ্দেশ্যে বামুনবড়ী- মূলাঘাটা মিলন সংঘৰ সভাপতি পৰমুদ আলীৰ সভাপতিত্বত এখন সভাও অনুষ্ঠিত হয় ।

প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য পৰিচালক তথা প্ৰশিক্ষক নবীন হাছানে উদ্দেশ্য ব্যাখ্যা কৰা  সভাখনৰ আঁত ধৰে বিশিষ্ট সমাজসেৱক ইউচুফ হুছেইন তালুকদাৰে । সভাখনত বামুনবড়ী গাঁও উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক খলিবৰ ৰহমান, অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সম্পাদক নাছিৰ হুছেইনে একাডেমীখনৰ উন্নয়ন সম্পৰ্কত ভাষণ প্ৰদান কৰে । প্ৰশিক্ষণ কেন্দ্ৰটোৰ উন্নয়নৰ স্বাৰ্থত আৰিয়ান মটৰচৰ তৰফৰ পৰা নগদ পাঁচ হাজাৰ টকা অনুদান দিয়াৰ উপৰিও আকিল জামানে  ক্ৰিকেট খেলৰ কিছু সামগ্ৰী অনুদান হিচাপে আগবঢ়ায় ।

ইয়াৰ উপৰিও কেইবাজনো শুভাকাংক্ষীয়ে বিভিন্ন ধৰণে সহায়-সহযোগিতা আগবঢ়ায় বুলি জানিবলৈ দিয়ে প্ৰশিক্ষণ কেন্দ্ৰটোৰ মুখ্য পৰিচালক তথা প্ৰশিক্ষক নবীন হাছানে । সভাখনত অসম গণ পৰিষদৰ বৰক্ষেত্ৰী বিধান পৰিষদৰ সম্পাদক ৰহিম আলী, সমাজকৰ্মী তমিজুৰ ৰহমান,  জেহেৰুল ইছলামৰ উপৰিও কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখ্য যে বৰপেটা আৰু নলবাৰী জিলাৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহী যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীসকলক ক্ৰিকেট খেলৰ এখন মঞ্চ দিয়াৰ উদ্দেশ্যেই  ২০১৬ চনৰ ২৮ জুলাইত স্থাপন কৰা হৈছিল নামনি অসম ক্ৰিকেট একাডেমীখন । বিগত দিনত অস্থায়ীভাৱে চলি আছিল প্ৰশিক্ষণ কেন্দ্ৰটো । স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰটোৰ বাবে প্ৰশিক্ষণৰ উপযোগীকৈ পকী পিটচ নিৰ্মাণ কৰা হৈছে । অসমৰ আগশাৰীৰ কেইবাগৰাকীও ক্ৰিকেট খেলৰ প্ৰশিক্ষকে প্ৰশিক্ষণ কেন্দ্ৰটোত প্ৰশিক্ষণ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।