Home Blog Page 2644

দৰঙত CRPF ৰ প্ৰশিক্ষণ শিবিৰৰ সফল সমাপ্তি

কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বাহিনী তথা CRPF ৰ উদ্যোগত দৰঙৰ ধূলাত এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। দৰঙৰ ধূলা CRPF কেম্পৰ অন্তৰ্গত বৃহত্তৰ ধূলা অঞ্চলৰ এশ গৰাকী যুৱক যুৱতীক এমহীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ১৩৬ নং বেটেলিয়ানৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ আয়োজন কৰা শিবিৰৰ আজি সফল সমাপ্তিৰ ক্ষণত এখন অনুষ্ঠানৰ আয়োজন কৰে। শাৰীৰিক ব্যাম, অনুপ্ৰেৰণামূলক ক্লাছ, বক্তব্য শিকোৱাৰ পদ্ধতি আদি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়ে যুৱক যুৱতী সকলক। বিগত সময়বোৰৰ দৰে অৰ্ধসামৰিক বিভাগত যুৱক যুৱতী সকলক দেশৰ হকে আগুৱাই যাবলৈ এনেধৰণৰ গঠনমূলক ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

যত সম্পূৰ্ণ এমাহযোৰা প্ৰশিক্ষণ শিবিৰত বিশেষ ভাবে সহায় আগবঢ়াই ধূলা হাই স্কুলৰ শিক্ষক মহিবুৰ ৰহমানে। প্ৰশিক্ষণ শিবিৰৰ আজিৰ অন্তিম দিনত এখন অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠান খনত CRPFৰ শীৰ্ষ বিষয়া অজিৎ চাংগোৱানৰ উপস্থিতিত প্ৰতিগৰাকী প্ৰশিক্ষণাৰ্থীক একোখনকৈ মান পত্ৰ আৰু একোখন কৈ গাইড বুক প্ৰদান কৰে। আনহাতে অনুষ্ঠান খনত উপস্থিত থাকে CRPF ৰ বিভিন্ন পৰ্যায়ৰ বিষয়া ক্ৰমে অৰবিন বিষ্ট, ৰবিন সিং লাকৰা, বিজয় কুমাৰ মল্লিক,টি এইচ দেৱাজানী সহ প্ৰশিক্ষণ প্ৰাপ্ত যুৱক যুৱতীৰ প্ৰায় শতাধিক ৰাইজ। অনুষ্ঠান খনত বিভিন্ন ধৰণৰ গীত-মাত, নৃত্য আদি পৰিবেশন কৰে যুৱক যুৱতী সকলে। CRPF ৰ এনেধৰণৰ প্ৰশংসনীয় কামৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে সচেতন মহলে।

মাজুলী জিলা উন্নয়ন সমিতিৰ পৰ্যালোচনা বৈঠক

মাজুলী জিলা উন্নয়ন সমিতিৰ মাহেকীয়া পৰ্যালোচনা সভা বুধবাৰে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত পুলক মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন) বিপুল কুমাৰ দাস, মহকুমাধিপতি (সদৰ) ধৃতিমান দাস প্ৰমুখ্যে জিলা প্ৰশাসনৰ লগতে জিলাখনৰ বিভিন্ন বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

সভাখনত উন্নয়নমূলক কামৰ ক্ষেত্ৰত দেখা দিয়া প্ৰত্যাহ্বান সমূহ আঁতৰাই কিদৰে মাজুলী জিলাত উন্নয়নমুলক কাম-কাজ সমূহ ত্বৰান্বিত কৰিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰাৰ লগতে লক্ষ্য নিৰ্ধাৰণ কৰা হয়। উপায়ুক্ত গৰাকীয়ে জিলাখনত বিভিন্ন বিভাগৰ বিষয়াসকলক উন্নয়নৰ অংশীদাৰ হ’বলৈ আৰু বৰ্তমান ৰূপায়ণ হৈ থকা উন্নয়ন মূলক আঁচনি সমূহ সময়মতে ৰূপায়ণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগৰ মুৰব্বীসকলক নিৰ্দেশ দিয়ে।

১০৩ বছৰ বয়সতো দুৰন্ত তৰুণ মাজুলীৰ জীউৰাম

মাজুলীৰ দেওদিয়াআটী গাঁৱৰ জীউৰাম বৰাৰ (১০৩) হাতৰ পৰশত প্রাণ পাই উঠে বাঁহ–বেতৰ অন্যান্য সা–সঁজুলিয়ে৷ বয়সে কোঙা কৰিলেও ভাগৰি নপৰা লোকজনে আজি ৬০ বছৰে বিভিন্ন বাঁহ–বেতৰ সামগ্রী তৈয়াৰ কৰি গাঁৱৰ নামঘৰ আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানত্ দান দি আহিছে৷ কঠ, বাঁহৰ কুলা, পাচি, খৰাহী, ডলা, মূঢ়া, খালৈ, জাকৈ, ডুলি, মেৰ, খৰা, ঢ়াৰি, জাপি, টোম, পল’, পছা হত্যাদি সামগ্রী নির্মাণ কৰি অসমীয়া গ্রাম্য জীৱনত কিদৰে প্লাষ্টিকমুক্ত কৰি ৰখাৰ আদর্শ তুলি ধৰা পৰিলক্ষিত হৈছে৷ যি সময়ত প্লাষ্টিকৰ সামগ্রীয়ে বজাৰ ভৰি পৰিছে, তেনে সময়ত মাজুলীৰ এহজন লোকে নীৰৱে আজিও তৈয়াৰ কৰি গৈছে নিত্য নৈমিত্তিক ব্যৱহার্য, গ্রাম্য সমাজৰ পৰা হেৰাহ যাব ধৰা সামগ্রীসমূহ৷

তেওঁ তৈয়াৰ কৰা এহ বাঁহ, বেতৰ সামগ্রীসমূহ মাজুলীৰ উপৰি নগাঁও, গুৱাহাটী, লখিমপুৰ, ধেমাজি, ডিব্রুগড়, যোৰহাট, তিতাবৰ, মৰিয়নি, ওৰাং আদিৰ লগতে অসমৰ বহুকেহখন জিলাৰ লোকে ক্রয় কৰে বুলিও এহ প্রতিবেদকক জানিবলৈ দিয়ে৷ বাঁহ–বেতৰ সামগ্রীৰ সমান্তৰালকৈ সৰস্বতী পূজাৰ লগতে বিভিন্ন সময়ত মূর্তি আৰু মুখা নির্মাণ কৰি জীউৰাম বৰাহ খেতি–বাতি কৰি নিজ সন্তানক উচ্চ শিক্ষা প্রদান কৰাহ শিক্ষক ৰূপে প্রতিষ্ঠা কৰিলে৷ মধ্য, উজনি, নামনি মাজুলীত হৰি শহকীয়াহ তৈয়াৰ কৰা গোগোলৰ কঠৰ লগতে বাঁহ–বেতৰ অন্যান্য সামগ্রীসমূহৰ ৰাহজৰ মাজত সুকীয়া আদৰ আছে৷ বর্তমান এহ ১০৩ বছৰীয়া লোকজনে আজিও চছমা নিপিন্ধাকৈ অনায়াসে পঢ়িব পাৰে বাতৰিকাকত, পুথিপাঁজি৷ এটা সময়ত এদিনত দুহালকৈ মণিপুৰী বলধ গৰুৰে শালি–আহুৰ খেতি কৰা জীউৰাম বৰাই আজিও চফল ডেকাৰ দৰেহ কাম কৰি আহিছে৷

এগৰাকী দুৰ্ভগীয়া মাতৃৰ মুখ্যমন্ত্ৰীলৈ কাতৰ অনুৰোধ

এজন ৩৫ বছৰীয়া যুৱক। নাম চন্দন গগৈ ৷ এক যটিল ৰোগত আক্ৰান্ত চন্দন ৷ ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল চন্দন ৷ এতিয়া এসাঁজ খাই এসাঁজলৈ চিন্তা কৰিবলগীয়া হৈছে চন্দন আৰু চন্দনৰ মাতৃয়ে। কিয়নো উপাৰ্জনকাৰী বৰ্তমান শয্যাগত ৷এক জটিল ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি বিচনাতেই দিন কটাইছে চন্দনে৷ দুৰ্ভগীয়া মাতৃৰ চকুলোৰে বাট নেদেখা অৱস্থা ।মাতৃৰ অনুৰোধ অসমবাসীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ল’ৰাজনক অলপ সহায় কৰক৷

গাঁওখনৰ এজন সাংস্কৃতিকবান যুৱক চন্দন জড়িত আছিল বিভিন্ন সামাজিক কাম-কাজত ৷শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সীমান্তবৰ্তী আঞ্চলিকৰ অধিনায়ক হিচাপে আছিল চন্দন গগৈ ৷বৰ্তমান চন্দনক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন অসমবাসীৰ সহায়ৰ ৷কোনো হৃদয়বান লোকে চন্দনক সহায় কৰিবলৈ বিচাৰিলে তলত উল্লেখিত বেংক একাউন্টত আৰ্থিকভাৱে সহায় কৰিব পাৰিব ৷

customer Name.. LAKHIMAI GOGOI
Account No. . 38140295242
IFSC. . SBIN0004573
যোগাযোগৰ নম্বৰঃ 6901322884

ওদালগুৰি জিলা প্ৰশাসনৰ সৌজন্যত “আমাৰ গাঁৱত আমাৰ প্ৰশাসন”

ওদালগুৰি জিলা প্ৰশাসৰ সৌজন্যত ১১জানুৱাৰীত “আমাৰ গাঁৱত আমাৰ প্ৰশাসন” জৰিয়তে স্বাস্থ্য, শিক্ষা,পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, সমাজ কল্যান,মীন পালন আৰু পশুপালন, হস্ততাতঁ আৰু বয়ন শিল্প বিভাগৰ বিভিন্ন আঁচনি সমূহৰ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।

ওদালগুৰি জিলাৰ অন্তৰ্গত হৰিশিঙা, সোনাইজুলি, হাবিগাওঁ, বাগপুৰী, বড়িগাঁৱ, আৰু মোহনপুৰ ভিচিডিচিত অনুষ্ঠিত আমাৰ গাঁৱত আমাৰ প্ৰশাসন শীৰ্ষক কাৰ্যসূচীত ওদালগুৰি জিলাৰ উপায়ুক্ত পি উদয় প্ৰবীনৰ লগতে অতিৰিক্ত উপায়ুক্ত সকল,মহকুমধিপতি (সদৰ) ,সহকাৰী আয়ুক্ত সকলৰ উপৰিও বিভাগীয় বিষয়া কৰ্মচাৰী সকল উপস্হিত হৈ গাওঁৰ উন্নয়ন সঠিকভাবে হৈছে নে নাই ৰাইজৰ পৰা মতামত গ্ৰহন কৰে।

মকৰ সংক্রান্তিত হৰিদ্বাৰত গংগাস্নান নিষিদ্ধ

ক’ভিড মহামাৰীৰ পৰিৱর্তিত প্রকৰণ অমিক্রনৰ সংক্রমণে বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো সংহাৰ সৃষ্টি কৰিবলৈ লোৱা বাবেই এইবাৰ মকৰ সংক্রান্তিত হৰিদ্বাৰত নিষিদ্ধ কৰা হৈছে গংগাস্নান৷ হৰিদ্বাৰ জিলা প্রশাসনে মকৰ সংক্রান্তি উপলক্ষে গংগা নদীত পৱিত্র স্নান কৰাৰ ক্ষেত্রত এইবাৰ সম্পূর্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ অকল সেয়াই নহয়, ১৪ জানুৱাৰীত হৰিদ্বাৰত নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইনো জাৰি কৰিছে৷

হৰিদ্বাৰৰ জিলা দণ্ডাধীশ বিনয় শংকৰ পাণ্ডে মকৰ সংক্রান্তিৰ পৱিত্র স্নানৰ পৰা যাতে ক’ভিডৰ সংক্রমণ ঘটিব নোৱাৰে সেই বিষয়টোত বিশেষ গুৰুত্ব প্রদান কৰা হ’ব বুলি ঘোষণা কৰিছে৷ স্মর্তব্য যে বিভিন্ন সময়ত ধর্মীয় সমাৱেশৰ পৰাই দেশত ক’ভিড মহামাৰীয়ে দ্রুত সংক্রমণ ঘটাইছিল৷ গতিকে এইবাৰ মকৰ সংক্রান্তিত কঠোৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷

চীনৰ আনিয়াঙত গৃহবন্দী কেইবালাখো লোক

অমিক্রন মহামাৰীয়ে সংহাৰ সৃষ্টি কৰাৰ পিছত দ্বিতীয়খন চহৰত সম্পূর্ণ লকডাউন ঘোষণা কৰিছে চীনে ৷ দেশখনৰ হেনান প্রদেশৰ ঝিয়ান চহৰত লকডাউন জাৰি কৰাৰ পিছত এইবাৰ আনিয়াং চহৰত জাৰি কৰা হৈছে লকডাউন৷ স্মর্তব্য যে ক’ভিড প্রতিৰোধৰ ক্ষেত্রত অতি কঠোৰ লকডাউন জাৰি কৰা বিশ্বৰ প্রথমখন দেশ হিচাপে চিহ্ণিত হৈছে চীন৷ হেনানত কেইবাখনো চহৰত ইতিমধ্যে ক’ভিড মহামাৰীয়ে সংহাৰ সৃষ্টি কৰিছে৷

স্মর্তব্য যে প্রথমটো জোৱাৰৰ সময়ত চীনে ক’ভিড মহামাৰী প্রতিৰোধৰ ক্ষেত্রত অতি কঠোৰ পদক্ষেপ গ্রহণ কৰিছিল৷ এইবাৰ তাতকৈও কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে বেইজিং প্রশাসনে৷ আনকি লাখ লাখ লোকক এই লকডাউনৰ সময়ত গৃহবন্দী হ’বলৈ বাধ্য কৰাইছে দেশখনে৷ ইয়াৰ ফলত অত্যাৱশ্যকীয় সামগ্রী লাভ কৰাৰ ক্ষেত্রত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বাসিন্দাসকলে৷ আনিয়াঙত ঝিয়াঙৰ দৰে অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

গুৱাহাটী বিমাকোঠত ভোগালী বিহুৰ প্ৰস্তুতি

আগন্তক ভোগালী বিহু উপলক্ষে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ চৌহদৰ আগমন আৰু প্ৰস্থান কক্ষত আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে দুটা মেজিঘৰ। চাৰিওফালে ভোগালী পৰিবেশত, বাঁহ আৰু নৰাৰে নিৰ্মান কৰা মেজিঘৰ দুটা দেখিবলৈ সাইলাখ অসমৰ পথাৰত সজা মেজিঘৰৰ দৰে। মেজিৰ কাষত খৰাহি আৰু ডলাৰে নিৰ্মিত এখন ডাঙৰ বাঁহৰ শৰাইত এটা বাণ বাটিত আখৈ, গুড় আদিৰ লগতে পৰম্পৰাগত ভাৱে প্ৰস্তুত কৰা তিল পিঠা, তিলৰ লাৰু, আখৈ লাৰু, নাৰিকলৰ লাৰু ইত্যাদিৰো প্ৰতিৰূপ যাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰদৰ্শন কৰা হৈছে।

তাৰোপৰি ভোগালীৰ বিশেষ আকৰ্ষণ, পৰম্পৰাগত চুঙাপিঠাৰ দৃশ্যও দেখুওৱা হৈছে। আকৰ্ষণীয় বিষয়টো হৈছে, মেজিঘৰত কৃত্ৰিমভাৱে জ্বলি থকা একুৰা জুইয়ে  যাত্ৰীসকলৰ লগতে বিমানকোঠটোৰ সকলো কৰ্মচাৰীৰে দৃষ্টি আকৰ্ষণ কৰিছে। সুনিপুণ কাৰিকৰৰ দ্বাৰা নিৰ্মাণ কৰা এই কৃত্ৰিম জুইকোৰা ২৪ ঘন্টাই জ্বলি আছে। যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে বিমানকোঠত এতিয়া ক’ভিড বিধি প্ৰয়োগ হৈ আছে। তথাপিও বিভিন্ন বয়সৰ যাত্ৰীসকলে মেজিদুটাৰ লগত ফটো তুলিবলৈ আগ্ৰহ প্ৰকাশ কৰা দেখা গৈছে।

অক্সিমিটাৰ-টেষ্ট কিটৰ বাঢ়িছে চাহিদা

Lucira Health

দেশত হঠাৎ ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ বাবে ই-কমাৰ্ছ সংস্থা ফ্লিপকাৰ্ট, ওৱান এম জিত উল্লেখনীয়ভাৱে বাঢ়িছে অক্সিমিটাৰ আৰু টেষ্ট কিটৰ চাহিদা। বিশেষকৈ দেশৰ মেট্রো চহৰবোৰত অক্সিমিটাৰ আৰু টেষ্ট কিটৰ বিক্রি ক্ৰমে ৪.৪গুণ আৰু ১২গুণলৈ বাঢ়িছে।

এই কথা জনাইছে ফ্লিপকাৰ্টৰ মুখপাত্ৰই। একেদৰে, টাটা ডিজিটেলে অধিগ্ৰহণ কৰা ওৱান এম জিৰ পৰাও জানিবলৈ দিছে যে ডিচেম্বৰৰ শেষৰ সপ্তাহৰ তুলনাত জানুৱাৰীৰ প্ৰথম সপ্তাহত টেষ্ট কিটৰ বিক্ৰি বহু গুণে বাঢ়িছে। তদুপৰি, ইমিউনিটি বুষ্টাৰ আৰু ভিটামিন চাপ্লিমেণ্টৰ বিক্ৰিও লক্ষনীয়ভাৱে বাঢ়িছে।

আম্বানীতকৈও ধনী মেকড’নাল্ডৰ প্রাক্তন কর্মী

ভাৰতৰ ধন কুবেৰ উদ্যোগপতি মুকেশ আম্বানীৰ সম্পত্তিৰ সাম্রাজ্যৰ কথা বহুতেই জানে৷ ধন কুবেৰগৰাকীৰ এই সম্পত্তিক লৈ বিভিন্ন মহলত সঘনে চর্চা চলে৷ বিশ্বৰ সমৃদ্ধিশালী ব্যক্তিৰ তালিকাত থকা মুকেশ আম্বানীতকৈও অধিক সম্পত্তিৰ মালিক হৈছে মেকড’নাল্ডৰ এগৰাকী প্রাক্তন কর্মী৷ যাৰ সম্পত্তিৰ পৰিমাণ ৯,৬০০ কোটি ডলাৰ৷ আবুধাবিত গ্রাঁ প্রিত প্রতি বছৰ চলচ্চিত্র তাৰকা তথা ক্রীড়াবিদসহ খ্যাতনামা ব্যক্তিসকল মিলিত হয়৷ চহৰৰ কেন্দ্রস্থলৰ পৰা কিছু দূৰৈৰ য়াছ দ্বীপত পার্টী কৰিবলৈ এই খ্যাতনামা ব্যক্তিসকলক আমন্ত্রণ জনোৱা হয়৷

যোৱা মাহত আমন্ত্রিত এই গণ্যমান্য ব্যক্তিসকলৰ তালিকাত আছিল মেকড’নাল্ডৰ প্রাক্তন কর্মী চাংপেং ঝাও৷ মেকড’নাল্ডৰ এজন প্রাক্তন বার্গাৰ প্রস্তুতকাৰক তথা ছফ্টৱেৰ ডেভেলপাৰে এই তালিকাত কেনেদৰে স্থান পালে তাক লৈ বহুতেই আশ্চর্য প্রকাশ কৰিছে৷ অবাক হ’বলগীয়া বিষয়ো৷ প্রাক্তন এই বার্গাৰ প্রস্তুতকাৰকে নিশাৰ ভিতৰতে বিশ্বৰ ধনী ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ক্রিপ্ট’কাৰেন্সীৰ জৰিয়তে৷ ক্রিপ্ট’কাৰেন্সীৰ জগতখনৰ এক অগ্রগামী পথিক হৈছে ঝাও৷ ক্রিপ্ট’ৰ জৰিয়তেই ঝাও হৈ পৰিছে মুকেশ আম্বানীতকৈও ধনী ব্যক্তি৷ ক্রিপ্ট’ক লৈ চর্চা কৰা লোকসকলৰ মাজত ঝাও ‘ছিজেড’ পৰিচিত৷ সংযুক্ত আৰব আমিৰশ্বাহী (ইউএই)তো গুৰুত্বপূর্ণ হৈ উঠিছে ছিজেড৷

আবুধাবিত ধনকুবেৰ ব্যক্তিসকলক পৰামর্শ দিয়াৰ ক্ষেত্রত বিশেষ দায়িত্ব গ্রহণ কৰি আহিছে ঝাৱে৷ গতিকে ডুবাইত বিশাল অট্টালিকা নির্মাণ কৰি তাতেই থাকিবলৈ লৈছে এই ধন কুবেৰজনে৷ ডুবাইৰ বুর্জ খলিফাৰ কাষতেই আছে ঝাওৰ বিলাসবহুল অট্টালিকা৷ ব্লুমবার্গ বিলিয়নেয়ার্ছ ইনডেক্স অনুসৰি ঝাওৰ সম্পদৰ পৰিমাণ ৯৬ বিলিয়ন ডলাৰ৷