Home Blog Page 2701

ছিপাঝাৰত ইটাভাতাই জনজীৱনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি

দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ বিভিন্ন ঠাইত নীতি-নিয়ম বহিৰ্ভূতভাবে এটাৰ পিছত এটাকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা ইটাভাতাই সমগ্ৰ অঞ্চলটোলৈ ভয়াবহ বিপদ  কঢ়িয়াই আনিছে। দৰং জিলাৰ পশ্চিমৰ কলিতাপাৰা,শুক্ৰাগুৰি,কুৰুৱা,খলিহৈ,গনেশকুঁৱৱী,বাঁহগড়া,দুমুনিচকী,শিঙিমাৰী,চুটীয়াকাটা,পূব নাওঁদিঙা, বাঘমাৰা আদি ঠাইৰ খেতিপথাৰত গঢ়ি তোলা ইটাভাতা সমূহে জনজীৱনলৈ এক ভয়াবহ বিপদ কঢ়িয়াই আনিছে।কিয়নো ইটাভাতাৰ পৰা নিৰ্গত হোৱা ছালফাৰ ডাইঅক্সাইড আৰু কাৰ্বন ডাই অক্সাইডযুক্ত বিষাক্ত ক’লা ধোঁৱাই ইয়াৰ আকাশ- বতাহ ছানি ধৰি প্ৰদূষণযুক্ত কৰাৰ পাছত তাৰ পাৰ্শ্বক্ৰিয়াত  অঞ্চলটোৰ দৰিদ্ৰ লোক সকলৰ শ-শ বিঘা কৃষি ভূমি বিনষ্ট হোৱাৰ লগতে গছ-বিৰিখতো নেতিবাচক প্ৰভাব পৰিছে।যাৰ বাবে খেতি পথাৰত সমূহত শস্য ডৰা ৰঙা পৰি মৰি যোৱাৰ লগতে বস্তিত থকা তামোল-পাণ,নাৰিকল আদিতো ফলনধৰা হৈ গজমূৰ হৈ হৈছে।যাৰ ফলত গাঁৱলীয়া চহা কৃষক ৰাইজে অৰ্থনৈতিক ভাবে দুৰ্বল হৈ পৰাৰ বিপৰীতে লাভবান হৈছে ইটাভাতা উদ্যোগৰ মালিক সকল। আশ্বৰ্যজনক কথা যে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ আৰু জিলা প্ৰশাসনে নীৰৱ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন হৈছে।ইয়াতকৈ ভয়াবহ কথা যে অঞ্চলটোৰ লোক সকলৰ মাজত কেন্সাৰজনিত ৰোগত সততে জীৱন হেৰুৱাবলগীয়া  হোৱাৰ মূলতে ইটাভাতাৰ সমূহৰ বিষাক্ত ক’লা ধোঁৱাৰ প্ৰভাৱ। তদুপৰি শৰীৰৰ ছাল, চুলিৰ বেমাৰ,চকুৰ বেমাৰ আদিৰো একেই প্ৰভাৱত হোৱা বুলি বিশেষজ্ঞ সকলে ক’ব খোজে।যাকলৈ অঞ্চলবাসী ৰাইজ ত্ৰাসিত হৈ পৰিছে।অচিৰেই  এই  ইটাভাতা সমূহৰ  ওপৰত যদি একো ব্যৱস্থা গ্ৰহণ কৰা নহয় তেনেহলে গছ- গছনি শূণ্যই নহয় জনশূণ্য হৈ পৰিবলৈ বেছি দিন নালাগিব।

ধনশ্ৰী চাহ বাগিছাৰ ঘৰে‌ ঘৰে গৈ ১৯গৰাকীক ভেকচিন প্ৰদান

ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ধনশ্ৰী চাহ বাগিছাৰ  চিকিৎসালয়ৰ ভেকচিনেচন কেন্দ্রত ১৯ নৱেম্বৰ ২০২১তাৰিখলৈ ভেকচিনেচন কাৰ্যসূচী সুচাৰু ৰূপে সম্পূৰ্ণ কৰিলে আনহাতে আজি ধনশ্ৰী চাহ বাগিছাৰ ঘৰে‌ ঘৰে গৈ ১৯গৰাকীক প্ৰথম পালি ভেকচিন প্ৰদান কৰে আৰু  যি সকল ব্যক্তিয়ে ভেকচিনেচন কেন্দ্ৰত  আহিব পৰা নাই ,যেনে পক্ষাঘাত ৰোগী , মানসিক ভাবে বিকাশ গ্ৰষ্ট, ৮০ ,৯০ বছৰ বয়সৰ  ঊৰ্ধৰ লগতে  অসুস্থ ব্যক্তিৰ ঘৰে‌ ঘৰে গৈ স্বাস্থ্যৰ বুজলৈ ভেকচিন প্ৰদান কৰা হৈছে।আনহাতে মধুমেহ ৰোগী, জ্বৰ হৈ ঘৰত বহি থকা  ব্যক্তি সকলক( labotatory Technician) ভৱেশ শৰ্মা ৰ সহায়ত শৰীৰৰ উষ্ণতা  ,ছুগাৰ পৰীক্ষা কৰি প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে। আজিলৈ দুয়ো পালি ধৰি সৰ্বমুঠ ৩৩৭০ জন হিতাধীকাৰীক ভেকচিন প্ৰদান  সম্পূৰ্ণ কৰা হয়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয়ৰ অঞ্চলৰ সকলো  জনসাধাৰনক প্ৰথম পালি ভেকচিন ২১ নৱেম্বৰ ২০২১ ভিতৰত গ্ৰহণ কৰিবলৈ স্বাস্থ্যকৰ্মী সকলে  আহবান জনাইছে। ধনশ্ৰী চাহ বাগিছাৰ  চিকিৎসালয়ৰ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী সকল ( বিচিত্ৰ ৰয় , ভৱেশ শৰ্মা , ৰঞ্জিত  নাগ , কেৰলিন মচাহাৰি , সুবোধ গোৱা লা , হীৰা দৈমাৰী , হিৰামনি দৈমাৰী ,আলবিনা কছলা , মাধুৰী, আছিয়ানি, আৰু লুচিয় কীকেটাই ১০০% ভেকচিনেচন সম্পূৰ্ণ কৰিবলৈ‌ চেষ্টা কৰি থকা দেখিবলৈ পোৱা যায়। ধনশ্ৰী চাহ বাগিছাৰ চিকিৎসালয় অঞ্চলৰ ওচৰৰ লাইন নং ক্ৰমে ষ্টাফ লাইন, পথানি লাইন, বাইধৰ লাইন, দিমাচাং লাইন, বৰ্যুলী লাইন, বোম্বাই লাইন, ৫ নং লাইন, ৬ নং লাইন, ৭ নং লাইন, ১৮ নং লাইন আৰু ১৯ নং লাইন ৰ  আশা কৰ্মী  ক্ৰমে যশোদা পাইক, ৰিংকো সনাতন, অঞ্জু আৰু কেশৰী কলটা ক  লগত লৈ ভেকচিনেচন কাৰ্যসূচীত জড়িত স্বাস্থ্যকৰ্মী  laboratory Technician ভৱেশ শৰ্মা , এ এন এম  হীৰা দৈমাৰী ঘৰে ঘৰে‌ গৈ ভেকচিন প্ৰদান কৰা পৰিলক্ষিত হয়। স্বাস্থ্য বিভাগৰ নিৰ্দেশ মৰ্মে যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা যায়।

মৰিগাঁও জিলাৰ ৰশ্মিৰেখা কাশ্যপলৈ Brand Ambassador খিতাপ

যোৱা  ১৭ নবেম্বৰত গুৱাহাটীৰ তীৰ্থনাথ অডিটৰিয়ামত নাৰী শক্তি অসম আৰু মহিলা সুৰক্ষা সমিতি এই দুয়োটা ৰাষ্ট্ৰীয় সংস্থাৰ উদ্যোগত আৰু World Record of Universe  আৰু India News 24 ৰ সহযোগত অনুষ্ঠিত হোৱা International Global Universe য়ে সৌন্দৰ্য প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ ৰশ্মিৰেখা কাশ্যপক Brand Ambassador খিতাপ প্ৰদান কৰে ৷উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল উদ্যোগী মহিলা, সামাজিক আৰু সাংস্কৃতিক কৰ্মী ৰুণামনি কৌশিক, ৰেডিঅ জ্ঞান তৰংগ অনুষ্ঠানৰ এংকৰ, DD1 টি ভি চেনেলৰ নিউজ এডিটৰ, মিছেচ ডিভা ৰীতু গগৈ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অতিথিসকল ৷ উল্লেখ্য যে প্ৰাচুৰ্য কাকতিৰ এই সাফল্যত সমগ্ৰ মৰিগাঁওবাসী ৰাইজ উৎফুল্লিত হৈছে ৷

প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব ইউনাইটেড কিষাণ মৰ্চাই

দাবীসমূহ পূৰণ নোহোৱালৈকে আন্দোলন অব্যাহত থাকিব

তিনিওটা কৃষি আইনৰ বিৰুদ্ধে প্ৰায় এবছৰ ধৰি প্ৰতিবাদ অব্যাহত থাকিব। ২১ নৱেম্বৰ, দেওবাৰে অনুষ্ঠিত যুটীয়া কিষাণ মৰ্চাৰ বৈঠকতো আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা হয়।কৃষক নেতা বলবীৰ সিং ৰাজেৱাল আৰু যতিন্দৰ সিং ভিৰ্কে কৈছিল যে মহাপঞ্চায়ত ২২ নৱেম্বৰত লক্ষ্ণৌত অনুষ্ঠিত হ’ব। ২৬ নৱেম্বৰত বহুতো কৃষক আহি আছে। ২৯ তাৰিখে সংসদৰ পদযাত্ৰা উলিওৱা হ’ব নে নাই সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২৭ নৱেম্বৰত এইটো বিবেচনা কৰা হ’ব।তেওঁ কৈছে যে প্ৰধানমন্ত্ৰী মোডীয়ে তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰাৰ ঘোষণা কৰাৰ পিছতো চৰকাৰে আলোচনাৰ বাবে আবেদন কৰা নাই। গতিকে এতিয়া তেওঁৰ ঘোষণা আদৰণি জনোৱা নহয়। ৰাজেৱালে আৰু কৈছিল যে এমএছপি গেৰাণ্টি বিধেয়ক অনা আৰু অন্যান্য দাবী পূৰণ নকৰালৈকে তেওঁ ঘোষণাটোক আদৰণি জনাব নোৱাৰে।ৰাজেৱালে কৈছিল যে প্ৰধানমন্ত্ৰীলৈ এখন মুকলি পত্ৰ লিখা হৈছে। ইয়াত তেওঁলোকৰ কিছুমান দাবী অন্তৰ্ভুক্ত থাকিব। উদাহৰণ স্বৰূপে, গেৰাণ্টি বিধেয়কৰ বাবে এম.এছ.পি. এখন সমিতি, বিদ্যুতৰ বিল বাতিল কৰা, আৰু নৰা জ্বলোৱা সম্পৰ্কীয় আইন বাতিল কৰা। ৰাজেৱালে কৈছে যে এই দাবীসমূহ গ্ৰহণ নোহোৱালৈকে বিবাদ অব্যাহত থাকিব। তদুপৰি, কৃষক সংগঠনসমূহৰ মতে, ২৯ নৱেম্বৰত টিক্ৰী আৰু সিংগু সীমান্তৰ ৫০০-৫০০ কৃষকক ট্ৰেক্টৰে প্ৰেৰণ কৰা হ’ব।আনহাতে, চৰকাৰে ২৪ নৱেম্বৰত তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ অনুমোদনৰ কথা বিবেচনা কৰিব। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, সংসদৰ শীতকালীন অধিৱেশনত আইন প্ৰত্যাহাৰ কৰা বিধেয়কসমূহ উত্থাপন কৰা হ’ব। সংসদৰ অধিৱেশন ২৯ নৱেম্বৰত আৰম্ভ হ’ব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে চৰকাৰে এই মাহৰ শেষৰ ফালে আৰম্ভ হোৱা সংসদৰ অধিৱেশনত কৃষি আইন বাতিল কৰিব। একে সময়তে, চৰকাৰে নিম্নতম সমৰ্থন মূল্য (এমএছপি) সম্পৰ্কে এখন সমিতি গঠন কৰিব।এদিন আগতেও ইউনাইটেড কিষাণ মৰ্চাই কৈছিল যে প্ৰধানমন্ত্ৰীয়ে তিনিটা ক’লা কৃষি আইন বাতিল কৰাৰ কথা ঘোষণা কৰিছিল, কিন্তু কৃষকসকলৰ অমীমাংসিত দাবীৰ ওপৰত তেওঁ নীৰৱ হৈ আছিল। এতিয়ালৈকে কৃষক আন্দোলনত ৬৭০ জনৰো অধিক কৃষক শ্বহীদ হৈছে আৰু ভাৰত চৰকাৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পৰা দূৰত তেওঁলোকৰ ত্যাগগ্ৰহণো কৰা নাই। হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, দিল্লী, চণ্ডিগড়, মধ্য প্ৰদেশ আৰু আন ঠাইত হাজাৰ হাজাৰ কৃষকক শ শ মিছা গোচৰত জড়িত কৰা হৈছে। তেওঁলোকে দাবী কৰে যে চৰকাৰে এই ভুৱা গোচৰবোৰ অতি সোনকালে বাতিল কৰক।

ওৰাঙত লেখিকা সমিতি গঠন

২১নবেম্বৰত ওদালগুৰি জিলাৰ অন্তৰ্গত ওৰাং প্ৰাথমিক বিদ্যালয়ত ওৰাং বিষ্ণুজ্যোতি মহিলা ও শিশু বিকাশ সমিতিৰ উদ্যোগত এখনি লেখিকা শাখা সমিতি গঠন কৰা হয় । উক্ত সভাখনত খনৰ সভাপতিত্ব কৰে সমিতিৰ  সভানেত্ৰী দীপালী  শৰ্মাই ।সভাৰ উদ্দেশ্য বাখ্যা কৰে বিজয়া বৰঠাকুৰ বৰাই । ওৰাং প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা উক্ত সভাত লোৱা প্ৰস্তাৱ মৰ্মেবিজয়া বৰঠাকুৰ বৰাক সভানেত্ৰী , ময়ুৰাক্ষী বৰদলৈক সম্পাদিকা ,ৰেণু মাহাতোক উপ সভানেত্ৰী , মালা  নাথ   সহ সম্পাদিকা , সাংস্কৃতিক সম্পাদিকা বন্দনা শইকীয়া , সহঃ সম্পাদিকা প্ৰনতি দেৱী ,প্ৰচাৰ সম্পাদিকা বনলতা শৰ্মা ,সহঃ সম্পাদিকা লিপিকা মাহাতো আৰু হিচাপ পৰীক্ষক -দীপালি শৰ্মা , ধন ভড়ালী -গীতাঞ্জলি বৰুৱা আৰু সদস্য  ক্ৰমে -মালতী দেৱী ,লক্ষ্মী ছেত্ৰী , বৰ্ণালী চহৰীয়া , অনুপমা দেৱী ,মিতালী শৰ্মা ,মিতালী ইছলাৰী আদিত দায়িত্ব অৰ্পণ কৰা হয়লগতে  আমন্ত্ৰিত অতিথি  হিচাপে অংশগ্ৰহণ ৰুনিমা শৰ্মা ডেকাই  লেখিকা সমাৰোহত গঠনমুলক আৰু সৃষ্টিশীল দিহা পৰামৰ্শ  আদি দিয়ে ৷আৰু কেইবাগৰাকীও সদস্যা -অনিমা চহৰীয়া,হিৰামনি ভদ্ৰ,মনিমালা বৰুৱা,কল্যাণী ডেকা, আৰু উপদেষ্টা হিচাপে সভাই  অভয়া শৰ্মা,মাননী শৰ্মা,বিনা ছেত্ৰী,আদিক বাচনি কৰে ৷

যুৱ-সাহিত্যিক প্ৰাঞ্জল প্ৰতিম ডেকালৈ প্ৰাগজ্যোতিষ যুৱ-সাহিত্য বঁটা-২০২১ প্ৰদান

প্ৰাগজ্যোতিষ প্ৰকাশন আৰু ন্যাসৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰাৰ দৰে এইবেলিও প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ-সাহিত্য” বঁটা । এইবৰ্ষত উক্ত বঁটা লাভ কৰে যুৱ সাহিত্যিক তথা সুদক্ষ তাৰ্কিক দৰঙৰ প্ৰাঞ্জল প্ৰতিম ডেকাই । উল্লেখ্য যে, শ্ৰী ডেকাই দৰং জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ প্ৰাক্তন মুখ্য সমন্বয়ক, প্ৰাক্তন সহঃআহ্বায়কৰ পদ অলংকৃত কৰাৰ উপৰিও “পূবেৰুণ”কে ধৰি কেইবাখনো আলোচনীৰ সম্পাদক হিচাপে,শব্দশঃ আলোচনীৰ অতিথি সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰে ।লগতে “সদৌ অসম তাৰ্কিক সন্থা”ৰো তেওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে অধিস্থিত হৈ আছে । স্কুলীয়া দিনৰে পৰাই অবিৰতভাৱে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰতিম ডেকাই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য-আলোচনী সম্পাদকৰ দায়িত্ব ৰূপায়ন কৰাৰ  লগতে শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈয়ো সক্ষম হয় । আধুনিক ৰোমান্টিক কবিতাত এক নতুন ধাৰাৰ সূচনা কৰিবলৈ প্ৰয়াস অব্যাহত ৰখাৰ বাবে শ্ৰী ডেকাক এই বঁটাৰ বাবে মনোনীত কৰা হয় । ২০১৮ বৰ্ষত দৰঙৰ দলগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৰামধেনুৰ কেন্দ্ৰীয় অনুষ্ঠানত উদীয়মান প্ৰতিভাধৰ হিচাপে নৱ-প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱাৰ বাবে “অসম সাহিত্য সভা”ই প্ৰাঞ্জল প্ৰতিম ডেকালৈ এখনি প্ৰশস্তি পত্ৰও প্ৰদান কৰে । বঁটা লাভ কৰি প্ৰাঞ্জল প্ৰতিম ডেকাই এইবুলি কয়:-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, তথাপি প্ৰাপ্তিয়ে দিয়ে এখোজ আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা । এই প্ৰাপ্তিয়ে আনন্দিত কৰাৰ সমান্তৰালকৈ দায়বদ্ধতাও বঢ়ালে ।”
উ গুৱাহাটীৰ উজানবজাৰ স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যাচাৰ্য পৰাগ কুমাৰ ভট্টাচাৰ্য,শিল্পী মণিষা হাজৰিকা, মঞ্জুলা হাজৰিকা,প্ৰিয়ংকা ভৰালী,আচুৰ্য বৰপাত্ৰকে প্ৰমুখ্য কৰি নবীন-প্ৰবীণ শিল্পী-সাহিত্যিকৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ।প্ৰাঞ্জল প্ৰতিম ডেকাৰ এই প্ৰাপ্তিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে ।সমগ্ৰ ৰাজ্যৰ লগতে গৃহজিলা দৰঙতো উছাহৰ ঢল,অভিনন্দনৰ সোঁত।

অসমে হেৰুৱাব নাগালেণ্ড বিশ্ববিদ্যালয়ৰ সংৰক্ষিত আসন

নিউজ ডেস্কঃ নাগালেণ্ড বিশ্ববিদ্যালয়ত কৃষি স্নাতক পাঠ্যক্ৰমৰ বাবে সংৰক্ষিত এখন আসন অসমে হেৰুওৱাৰ পথত। অসম চৰকাৰৰ কৃষি সঞ্চালকালয়ৰ চূড়ান্ত দায়িত্বহীনতাৰ বাবেই নাগালেণ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমৰ একমাত্ৰ আখন খনৰ পৰা বঞ্চিত হব অসমৰ ছাত্ৰ ছাত্ৰী।

ইতিমধ্যে বিশ্ববিদ্যালয় খনত নামভৰ্তিৰ সময়সীমা যোৱা ১৫ নবেম্বৰত উকলি গৈছে। উলেখ্য যে যোৱা ১৯ জুলাই তে নাগালেণ্ড বিশ্ববিদ্যালয়ে কৃষি সঞ্চালকালয়লৈ শিক্ষাৰ্থীৰ বাছনি তালিকা প্ৰেৰণ কৰাৰ বাবে পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু বিশ্ববিদ্যালয়খনে প্ৰেৰণ কৰা এনে পত্ৰৰ ভিত্তিত যাৱতীয় কোনো ব্যবস্থাই গ্ৰহণ নকৰিলে কৃষি সঞ্চালকে।ফলত নাগালেণ্ড বিশ্ববিদ্যালয়ে যোৱা ৯ নবেম্বৰত শেষবাৰৰ বাবে এখন স্মৰণ পত্ৰ কৃষি সঞ্চালকলৈ প্ৰেৰণ কৰে। পত্ৰ খনত বিশ্ববিদ্যালয় খনে স্পষ্ট কৰি দিয়ে যে কভিড ১৯ ৰ বাবে পাঠ্যক্ৰমত অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ বাছনি তালিকা প্ৰেৰণৰ সময়সীমা ১৫ নবেম্বৰলৈ বৃদ্ধি কৰা হৈছে।যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত বাছনি তালিকা প্ৰেৰণ নকৰে তেন্তে অসমৰ বাবে সংৰক্ষিত আসন বাতিল কৰা হব।

ইয়াৰ পিছতে সম্ভিত ঘূৰি আহে কৃষি সঞ্চালক বিনোদ শেষানৰ। দীৰ্ঘদিন ধৰি বিষয়টোক গুৰুত্বহীনভাবে পেলাই থৈ অৱশেষত কৃষি সঞ্চালকে ১২ নবেম্বৰত নাগালেণ্ড বিশ্ববিদ্যালয়লৈ আবেদনৰ সময়সীমা দুসপ্তাহৰ বাবে বৃদ্ধি কৰাৰ আৰ্জিৰে পত্ৰ প্ৰেৰণ কৰে। আগ্ৰহী ছাত্ৰী ছাত্ৰীৰ বাবে বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশকে ধৰি যাৱতীয় প্ৰক্ৰিয়াৰ বাবে সময়সীমা বৃদ্ধি কৰিবলৈ নাগালেণ্ড বিশ্ববিদ্যালয়ক আহ্বান জনায় কৃষি সঞ্চালকে। কিন্তু গুৰুত্বপূৰ্ন বিষয়টো হল যে যোৱা ১৫ নবেম্বৰতে নাগালেণ্ড বিশ্ববিদ্যালয়ে নামভৰ্তিৰ বাবে বান্ধি দিয়া সময়সীমা উকলি গৈছে।

এতিয়া কৃষি সঞ্চালকৰ পত্ৰৰ ভিত্তিত নাগালেণ্ড বিশ্ববিদ্যালয়ে অসমৰ বাবে আবেদনৰ সময়সীমা বৃদ্ধি কৰেনে নকৰে সেয়া হব লক্ষ্যনীয়। যদি আবেদনৰ সময়সীমা বৃদ্ধি নকৰে তেন্তে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমত অধ্যয়নৰ পৰা অসমৰ শিক্ষাৰ্থী বঞ্চিত হলে ইয়াৰ দায়িত্ব কোনে লব সেয়া এই মূহুৰ্ত ৰ ডাঙৰ প্ৰশ্ন।

গোৱাত আৰম্ভ হ’ল ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ৫২ তম সংস্কৰণ

এছিয়াৰ আটাইতকৈ পুৰণি আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ মহোৎসৱ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ (আইএফএফআই) ৫২ তম সংস্কৰণ শণিবাৰে গোৱাত আৰম্ভ হ’ল। ১৯৫২ চনত প্ৰতিষ্ঠা হোৱা এই চলচ্চিত্ৰ মহোৎসৱ প্ৰতি বছৰে, বৰ্তমানৰ গোৱা ৰাজ্যত, বিশ্ব চলচ্চিত্ৰৰ উৎকৰ্ষতা উদযাপন কৰিবলৈ অনুষ্ঠিত হয়। এই বছৰৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ অনুষ্ঠিত হ’ব এই চলচ্চিত্ৰ মহোৎসৱ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তি অনুসৰি, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ আৰু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ আৰু গোৱাৰ মুখ্যমন্ত্ৰী ড০ প্ৰমোদ সাৱন্তে অনুষ্ঠানটোত উপস্থিত থাকিব। উদ্বোধনী অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ আৰু মীন পালন, পশুপালন আৰু দুগ্ধ জাত ৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানও উপস্থিত থাকিব। এই মহোৎসৱ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয় (তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত) আৰু গোৱা চৰকাৰৰ গোৱাৰ মনোৰঞ্জন সমিতিয়ে যুটীয়াভাৱে পৰিচালনা কৰে। মহোৎসৱটোৱে বিভিন্ন ৰাষ্ট্ৰৰ চলচ্চিত্ৰ সংস্কৃতিক তেওঁলোকৰ সামাজিক আৰু সাংস্কৃতিক নীতিৰ পৰিপ্ৰেক্ষিতত বুজা আৰু প্ৰশংসা কৰাৰ বাবে উপযুক্ত মঞ্চ প্ৰদান কৰে।

মহোৎসৱটো ড০ শ্যামা প্ৰসাদ মুখাৰ্জী ইণ্ডোৰ ষ্টেডিয়াম, পানাজী, গোৱাত এক তাৰকা খচিত উদ্বোধনী অনুষ্ঠানৰ সৈতে আৰম্ভ হৈছে, য’ত চলমান খান, ৰণবীৰ সিং, ৰীতেশ দেশমুখ, জেনেলিয়া দেশমুখ, শ্ৰদ্ধা কাপুৰআদি ৰ দৰে চলচ্চিত্ৰ ব্যক্তিত্বৰ উপস্থিতি থাকিব। এই বছৰ আইএফএফআইয়ে সমগ্ৰ বিশ্বৰ পৰা ৩০০ তকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব। প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰ আৰু দূৰদৰ্শন ব্যক্তিত্ব মনীষ পলে অনুষ্ঠানটো আয়োজন কৰিব।

চলিত কোভিড-১৯ মহামাৰীৰ বাবে, এই বছৰ আইএফএফআই উৎসৱৰ প্ৰতিনিধিসকলে তেওঁলোকৰ ঘৰতে আৰামত বহি প্ৰায় চলচ্চিত্ৰ আৰু অন্যান্য অনুষ্ঠানত অংশগ্ৰহণ আৰু চোৱাৰ বিকল্প থাকিব। আইএফএফআইয়ে আন্তৰ্জাতিক শাখাত প্ৰায় ৭৩ খন দেশৰ ১৪৮ খন চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব যাৰ প্ৰায় ১২ খন বিশ্ব প্ৰিমিয়াৰ, প্ৰায় ৭ খন আন্তঃৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ২৬ খন এছিয়া প্ৰিমিয়াৰ আৰু প্ৰায় ৬৪ খন ভাৰতৰ প্ৰিমিয়াৰ হ’ব।

মহোৎসৱে এইবাৰ ৯৫ খন দেশৰ পৰা ৬২৪ খন চলচ্চিত্ৰ লাভ কৰিছিল, যি আগৰ সংস্কৰণত ৬৯ খন দেশৰ পৰা আছিল। “দ্য কিং অৱ দ্য ৱৰ্ল্ড’ (এল ৰে দে টোডো এল মুণ্ডো) কাৰ্লোছ চাউৰাৰ দ্বাৰা পৰিচালিত এই মহোৎসৱৰ উদ্বোধনী চলচ্চিত্ৰ হ’ব। এই ছবিখনৰ আন্তৰ্জাতিক প্ৰিমিয়াৰও হ’ব। ভেনিছ চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ পৰিচালকৰ বিজয়ী জেন কেম্পিয়নৰ দ্বাৰা পৰিচালিত ‘দ্য পাৱাৰ অফ দ্য ডগ’ক মিড ফেষ্ট চলচ্চিত্ৰ হিচাপে বাছনি কৰা হয়। পৰিচালক অছগৰ ফাৰহাদীৰ গ্ৰেণ্ড প্ৰিক্স বঁটা বিজয়ী চলচ্চিত্ৰ, এ হিৰো মহোৎসৱৰ সমাপ্তি ছবি হ’ব।

হেণ্ডগানৰ পৰা হস্ততাঁতলৈ পৰিৱৰ্তন হোৱা অসমৰ এখন বিশেষ গাওঁ

এসময়ত উগ্ৰবাদৰ দ্বাৰা প্ৰভাৱিত হোৱা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ৰ অন্তৰ্গত অসমৰ কোকৰাঝাৰ জিলাৰ এখন জনজাতীয় গাওঁ। এতিয়া শিপিনীৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে এই গাওঁখন। ৬৬ টা পৰিয়ালৰে গঠিত মইনাগুৰি গাওঁখনত ৰাভা জনজাতিৰ আধিপত্য আছে আৰু কোকৰাঝাৰ জিলাৰ গোসাইগাঁওৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত এই গাওঁখনক এতিয়া শিপিনীৰ গাওঁ বুলি জনা যায়।

কেইবছৰমান আগলৈকে, গোটেই গাওঁখন উগ্ৰবাদৰ ঢৌৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু গাওঁবাসীসকল দৰিদ্ৰতাত বাস কৰিবলৈ বাধ্য হৈছিল। কিন্তু এতিয়া, দূৰৱৰ্তী গাওঁখনৰ প্ৰতিটো পৰিয়ালে হস্ততাঁত বয়নত নিয়োজিত হৈছে আৰু তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি হৈছে। গোসাঁইগাঁওৰ হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ অধীক্ষক হিৰণ্য দেৱীয়ে এই পৰিৱৰ্তন আৰু তেওঁৰ বিভাগটো কেনেদৰে ইয়াৰ অংশ হৈ আছে সেই বিষয়ে এএনআইৰ সৈতে কথা পাতিছিল।

তেখেতে কৈছিল, “যিহেতু জনা যায় যে আমাৰ গাওঁত জনজাতীয় সম্প্ৰদায়ৰ জন্মগতভাৱে ৰঙৰ বিষয়ে জ্ঞান আছে, আৰু লগতে অসমৰ বেছিভাগ জনজাতিৰ বয়নৰ সৈতে সম্পৰ্ক আছে। ইয়াতো বয়নৰ সৈতে তেওঁলোকৰ সম্পৰ্ক একে আছিল, কিন্তু যেতিয়াৰ পৰা আমাৰ বিভাগে তেওঁলোকৰ প্ৰতিভা দেখিছে আমি বিনামূলীয়া তাঁতশাল, সূতা আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি গাওঁবাসীসকলক সকলো সমৰ্থন আগবঢ়াইছো। আমি শ্ৰমিকসকলৰ বাবে দেৱালৰ ছাদো প্ৰস্তুত কৰিছো যাতে তেওঁলোকে বৰষুণৰ সময়তো কোনো সমস্যাৰ সন্মুখীন নোহোৱাকৈ কাম কৰিব পাৰে।” হিৰণ্যই লগতে কয়, “যেতিয়া উন্নয়নৰ দিশত আগবাঢ়ি যোৱা পদক্ষেপ লোৱা হয় তেতিয়া এনেধৰণৰ আন বিষয়বোৰ স্বাভাৱিকতে পিছ পৰি থাকে আৰু সেয়াই ঘটিছে আমাৰ গাঁৱত।”

মইনাগুৰি গাঁৱৰ বাসিন্দা আৰু কৰ্মী ৰুণ্ডুমী কোচে কৈছিল যে এই গাওঁখনৰ ৬৬ টা পৰিয়ালৰ সকলোবোৰ কাপোৰ বনোৱাৰ বৃত্তিত আছে আৰু এই ব্যৱসায়ত, তেওঁলোকে নিজকে বজাই ৰাখিবলৈ কাপোৰৰ সৈতে সম্পৰ্কিত কিবা কাম কৰে। ই তেওঁলোকক ঘৰটো চলোৱাত সহায় কৰে আৰু লগতে তেওঁলোকৰ সন্তানৰ শিক্ষাৰ লগতে অন্যান্য ব্যয় বহন কৰাত সহায় কৰে। বিটিচি আৰু অসম চৰকাৰক সহায় বিচাৰি তেওঁ লগতে কয়। “আমি প্ৰায় এবছৰ ধৰি কাপোৰ বনাই আছো, কিন্তু এতিয়াও বিটিচি চৰকাৰ বা অসম চৰকাৰৰ পৰা কোনো সহায় পোৱা নাই। সেয়েহে, আমাক কাপোৰ তৈয়াৰ কৰা যন্ত্ৰ প্ৰদান কৰা আৰু আমাৰ গাওঁ আৰু সমাজক সহায় কৰাটো আমাৰ দুয়োখন চৰকাৰৰ ওচৰত আমাৰ আবেদন। বিটিআৰ চৰকাৰে কৈছিল যে আমাক ২,৫০০,০০০ টকা প্ৰদান কৰা হ’ব, কিন্তু আমাক এতিয়ালৈকে সেইটো দিয়া হোৱা নাই।”আমাৰ সকলো ঘৰে কেইবাটাও অৰ্ডাৰ পায় আৰু আমি বিভিন্ন ডিজাইনৰ কাপোৰ প্ৰস্তুত কৰোঁ যাতে পশ্চিম বংগ আৰু ওচৰৰ জিলাৰ লোকসকলেও কাপোৰ কিনিবলৈ ইয়ালৈ আহে, কিয়নো এতিয়া আমাৰ এলেকাত কোনো ধৰণৰ ভয় নাই আৰু আমি কোনো চিন্তা নকৰাকৈ কাম কৰোঁ,।

তৃতীয়, চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিযুক্তি আয়োগ গঠন কৰাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ৰাজ্যজুৰি ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড০ মহন্ত বিশ্ব শৰ্মাই শনিবাৰে ঘোষণা কৰে যে ৰাজ্য চৰকাৰে নিযুক্তি আয়োগ আৰু সংযুক্ত নিযুক্তি পৰীক্ষা আৰম্ভ কৰাৰ বাবে চিন্তা-চৰ্চা কৰি আছে।মুখ্যমন্ত্ৰী শৰ্মাই কৈছিল যে চৰকাৰে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে অতিৰিক্ত মুখ্য সচিব পদত এজন বিষয়াৰ নেতৃত্বত পৃথক নিযুক্তি আয়োগ গঠন কৰাৰ সিদ্ধান্ত লৈছে।

ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন বৈঠকত এই সিদ্ধান্তসমূহ লোৱা হৈছিল। বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই একাধিক বিভাগত খালী পদপূৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ পৰ্যালোচনা কৰে। একেদৰে, বিভিন্ন অভিযান্ত্ৰিক সেৱাৰ বাবে, এ.পি.এছ.চি.-ৰ জৰিয়তে এক সম্মিলিত নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল।

বৈঠকখনত এপিএছচিৰ অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা, মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত আছিল। টুইটাৰযোগে মুখ্যমন্ত্ৰী শৰ্মাই এই বছৰৰ আৰম্ভণিতে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা এক লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি প্ৰদানৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে।