Home Blog Page 2700

নলবাৰী সম্প্ৰতি পৰিণত হৈছে এখন সেউজ পৃথিৱীলৈ

নিৱনুৱা সমস্যা ৰাজ্য তথা দেশৰ এটা জলন্ত সমস্যা ।

কিন্তু শুভ বাৰ্তা এই যে সম্প্ৰতি অধিকাংশ যুৱক-যুৱতীয়ে কেৱল চৰকাৰী চাকৰীৰ পিছত দৌৰি নুফুৰি স্ব-নিৰ্ভৰশীল হোৱাৰ পথ মুকলাই লৈছে । নলবাৰীৰ ৯ গৰাকী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এখন কৃষি পাম । পৰিলক্ষিত হয় যেন নলবাৰী এতিয়া এখন  সেউজ পৃথিৱীলৈহে ৰূপান্তৰিত হবলৈ ধৰিছে । এখনৰ পিছত এখনকৈ কৃষি পাম গঢ়ি লব ধৰিছে নলবাৰী জিলাত । নলবাৰী জিলাৰ অন্তৰ্গত ধনতোলাত ৯ গৰাকী যুৱকে প্ৰায় ৮০ বিঘা পাগলাদিয়া বালি চাপৰিত অধিক শ্ৰম কৰি আৰু উপযুক্ত পৰিকল্পনাৰে বিভিন্ন কৃষি কাৰ্যৰে “গ্ৰীণভেলি চোছাইটি” নামেৰে এখন কৃষি পাম গঢ়ি তুলিছে । এই যুৱককেইজন এতিয়া বৰ্তমান আন দহ জনৰ বাবে আদৰ্শ হৈ পৰিছে । এই যুৱক কেইজনৰ সপোন পাগলাদিয়া বালি চাপৰাত কৃষি পামৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ৰিৰ্জট ও মুকলি কৰা । লগতে তেওলোকৰ কৃষি পামত কৰ্মনিয়োজনৰ দ্বাৰা অলপ হলেও নিৱনুৱা সমস্যা ৰোধত অৰিহনা যোগোৱা মুল উদ্দেশ্য বুলি বাখ্যা কৰে গ্ৰীণভেলি চ’চাইটিয়ে  ।

লামডিংত দুজন বন কৰ্মী আটক

হোজাই জিলাৰ অন্তৰ্গত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া ঘটনাৰ লগত জৰিত থকা তথা বিভিন্ন ধৰণৰ তথ্যৰ ভিত্তিত আটক কৰে লামডিঙ আৰক্ষীয়ে দুই বন কৰ্মীক। বিট বন বিষয়া হাবিবুৰ ৰহমান আৰু বন কৰ্মী আবুল কালাম আজাতক আটক লামডিঙ আৰক্ষীৰ।যোৱা নিশা আটক কৰে দুয়োজনক।পূৰ্বতে ৭ জনক আৰু দুই বন কৰ্মী সহ সৰ্বমুঠ ৯ জনক আটক কৰে আৰক্ষী।দুয়োকে আৰক্ষীৰ জেৰা কৰাৰ পিছত 22 নবেম্বৰ সোমবাৰৰ দিনাই লামডিঙ আৰক্ষীয়ে দুয়োকে মহামান্য আদালতত  পঠাই দিয়া হৈছে। ভূ-মাফিয়াৰ লগত আৰু কোন কোন জড়িত লামডিঙ আৰক্ষী বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।

মধ্যপ্ৰদেশত তাজমহল সদৃশ ঘৰ উপহাৰ দিলে পত্নীক

“তাজমহল সদৃশ ঘৰটো নিৰ্মাণত তিনি বছৰতকৈও অধিক সময় লাগে আৰু নিৰ্মাণত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, ইয়াক নিৰ্মাণ কৰা অভিযন্তাজনে প্ৰকাশ কৰে”।মধ্য প্ৰদেশৰ এজন বাসিন্দাই তেওঁৰ পত্নীক আগ্ৰাৰ তাজমহলৰ প্ৰতিকৃতি উপহাৰ দিয়ে। যেনেকৈ শ্বাহজাহানে তেওঁৰ পত্নী মমতাজৰ প্ৰতি প্ৰেমৰ প্ৰতীক হিচাপে আইকনিক স্মাৰকটো নিৰ্মাণ কৰিছিল, মধ্য প্ৰদেশৰ বুৰহানপুৰৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীক উপহাৰ হিচাপে এটা বিলাসী ঘৰ নিৰ্মাণ কৰিছে।আইকনিক স্মাৰকটোৰ প্ৰতিকৃতি নিৰ্মাণত তিনি বছৰতকৈও অধিক সময় লাগে আৰু নিৰ্মাণত বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, ইয়াক নিৰ্মাণ কৰা অভিযন্তাজনে প্ৰকাশ কৰিছে।নিৰ্মাণ প্ৰক্ৰিয়াৰ সময়ত, বুৰহানপুৰৰ বাসিন্দাজনে ঘৰৰ ভিতৰত কাৰুকাৰ্যৰ বাবে বংগ আৰু ইন্দোৰৰ শিল্পীসকলৰ পৰা সহায় বিচাৰিছিল।প্ৰতিবেদনখনে প্ৰকাশ কৰিছিল যে ঘৰটোৰ গম্বুজটো ২৯ ফুট উচ্চতাত আছে আৰু আনকি তাজমহল সদৃশ গম্বুজো আছে। ইয়াৰ উপৰিও, এই প্ৰতিকৃতি ঘৰটোৰ মজিয়া ৰাজস্থানৰ ‘মকৰানা’ৰ পৰা তৈয়াৰ কৰা হৈছে, আনহাতে আচবাববোৰ মুম্বাইৰ শিল্পীসকলে প্ৰস্তুত কৰিছে।ঘৰটোত এটা ডাঙৰ হল, তলত দুটা শোৱনি কোঠা, ওপৰৰ দুটা শোৱনি কোঠা, এটা পুথিভঁৰাল আৰু এটা ধ্যান কক্ষ আছে ।

ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ চেম্পীয়ন

গোৱালপাৰা জিলাৰ টিপলাইৰ সমীপৰ বৰপাথাৰ–বৰডোবা হাই স্কুল খেল পথাৰ প্ৰাঙ্গণত বৰপাথাৰ আঞ্চলিক জ্ঞানজ্যোতি ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হয় এখনি প্ৰাইজমনি ভলীবল খেল প্ৰতিযোগিতা | বিগত এসপ্তাহ পূৰ্বে অনুষ্ঠিত হোৱা ভলীবল প্ৰতিযোগিতা খনত অঞ্চলটোৰ আঠটা কৈ দলে যোগদান কৰে আৰু প্ৰতিযোগীতা খনৰ চূড়ান্ত খেল খন দেওবাৰে নিশাৰ ভাগত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ আৰু পাহাৰপাৰা এভাৰগ্ৰীণ  দলৰ মাজত অনুষ্ঠিত হৈ যায় | তীব্ৰ উত্তেজনাপূৰ্ণ খেল  খনত ভখুৰাদিয়া ভলীবল কোচিং চেন্টাৰ  চেম্পীয়ন হয় | খেল খনত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে পাহাৰপাৰা এভাৰগ্ৰীণ দলৰ ৰাকেশ বড়োয়ে | খেলৰ অন্তত সভাপতি ছফিজ উদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা বিতৰণী সভাত বিজয়ী আৰু বিজিত দলক বঁটা প্ৰদান  কৰা হয় |সম্পাদক ছাহেৰ আলী শ্বেখে আঁত ধৰে সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলোৰ সম্বৰ্ধণা জনোৱা অনুষ্ঠানৰ | খেল খনত বৰপাথাৰ-বৰডোবা , জিবাৰাঙা , শালবাৰী , দিঘলী বড়ী আদি অঞ্চলৰ প্ৰায় চাৰি শতাধিক লোকৰ উপৰিও কেইবাগৰাকীও বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে |

চামতাত ধৰ্মপুৰ সঞ্চয় আৰু ঋণদান সেৱা সমবায় সমিতি লি:ৰ কাৰ্যালয় উদ্বোধন

চামতা মটৰষ্টণ্ড বজাৰৰ পল্লা ৰোডত ৰবিৱাৰে ধৰ্মপুৰ সঞ্চয় আৰু ঋণদান সেৱা সমবায় সমিতি লি:ৰ মূখ্য কাৰ্যালয় এটিৰ আনুষ্ঠানিকতাৰে উদ্বোধন কৰা হয় । আবেলি প্ৰায় ৪ বজাত আৰম্ভ হোৱা কাৰ্যালয় উদ্বোধনী সভাত সভাপতিত্ব কৰে সমিতিখনৰ সভাপতি এম হাচান আলীয়ে ৷ তাত বিশিষ্ট সমাজ কৰ্মী হিৰন্য বৰ্মন,নিৱন্ধকাৰ, সাংস্কৃতিক কৰ্মী নৱৰত্ন পাটোৱাৰী, লেখক,সাংবাদিক হিতেশ ডেকা, চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন শৰ্মা, বিশিষ্ট কবি শান্তনু শৰ্মা বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি শুভেচ্ছামুলক ভাষন প্ৰদান কৰে ৷ অনুষ্ঠানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্হাৰ সম্পাদক প্ৰাঞ্জিত ঠাকুৰীয়া, পশ্চিম নলবাৰী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, পশ্চিম নলবাৰী আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সভাপতি সভাপতি তপন কুমাৰ শৰ্মাইও শুভেচ্ছামুলক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানৰ আৰম্ভণিতে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হীৰক বৰ্মন আৰু শেষত শলাগৰ শৰাই প্ৰদান কৰে সমিতিৰ কাৰ্যকৰ্তা ড° ৰাজেশ কাকতীয়ে ৷ সমাতিৰ মূখ্য কাৰ্যালয়টো ফিটা কাটি উন্মোচন কৰি নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি তথা অসম চৰকাৰৰ সমবায় বিভাগৰ উপ পঞ্জীয়ক বিকাশ ভট্টাচাৰ্যই ৷ উন্মোচক ভট্টাচাৰ্যই অসম চৰকাৰ সমবায় বিভাগৰ দ্বাৰা পঞ্জীয়ন ভুক্ত ধৰ্মপুৰ সঞ্চয় আৰু সমিতি নামৰ বিত্তীয় প্ৰতিষ্ঠানটোত মানুহে ধন জমা থলে তাৰ দায় দায়িত্ব চৰকাৰে গ্ৰহন কৰে বুলি উপস্হিত ৰাইজক নিশ্চিতি প্ৰদান কৰে ৷

গোসাইগাঁওত আৰক্ষী বিযয়া , অ চি’ক সম্বৰ্ধনা অটো চালক সন্থাৰ

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সদৰ চহৰ পাৰ্শ্বৱৰ্তী অক্সিগুৰী গাঁৱৰ আনোৱাৰ হোসেন নামৰ এজন ই- ৰিক্সা চালক যোৱা ১২ নৱেম্বৰত নিৰুদ্দেশ হৈছিল ৷কিন্ত গোসাইগঁও মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিযয়া অমৰ জ্যোতি বাইলুংয়ে অতি ক্ষীপ্ৰতাৰে অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰত  মহকুমাখনৰ কায়ৰাবানীৰ পৰা নিৰুদ্দিষ্ট ই- ৰিক্সা চালকজনৰ মৃত দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি  অমৰ জ্যোতি বাইলুংৰ কৰ্মদক্ষতাৰ প্ৰতি সন্মান জনাই আজি ৰাতিপূৱা দহ বজাত গোসাইগাঁও মহকুমা অটো চালক সন্হাই মহকুমা আৰক্ষী বিযয়াৰ বাংলাত উপস্থিত হৈ মহকুমা আৰক্ষী বিযয়া সৌৰভ গুপ্তা আৰু গোসাইগাঁও থানাৰ অ’ চি অমৰ জ্যোতি বাইলুংক ফুলাম গোমছাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷সম্বৰ্ধনা জ্ঞাপনৰ অন্তত গোসাইগাঁও মহকুমা অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে সংবাদ মাধ্যমৰ আগত কয় যে নিৰীহ ই – ৰিক্সা চালকৰ মৃত দেহ উদ্ধাৰ কৰাৰ সমান্তৰালভাৱে ই – ৰিক্সা চালকৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাত আটো চালক সন্হাই আৰক্ষী প্ৰশাসনৰ বিয়য়া দুগৰাকীৰ প্ৰতি সন্তোষ্টি প্ৰকাশ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে বুলি জনায় ৷নৃশংসভাৱে হত্যা কৰা নিৰীহ ই – ৰিক্সা চালক জনৰ পৰিয়ালক যাতে অসম চৰকাৰ আৰু বি টি আৰ পৰিষদীয় চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰে তাৰবাবে অটো চালক সন্হাৰ সভাপতি ফজৰ আলীয়ে বিনম্ৰ অনুৰোধ জনায় ৷

বীটৰুটে হৃদযন্ত্ৰ আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে

বীটৰুট (বীটৰুট) হৈছে এক উত্তম পাচলি। ইয়াৰ কাণ্ডৰ পৰা আমি চালাড, আৰু ৰস প্ৰস্তুত কৰোঁ । অৰ্থাৎ পাচলি, তৰকাৰী, চাটনি, চালাড, ৰস আদি তৈয়াৰ কৰি বীটৰুট খাব পাৰি৷ যিকোনো প্ৰকাৰে বীটৰুটৰ ৰস বহুতো ৰোগৰ চিকিৎসাত খোৱা হয় ৷ বীটৰুট হৈছে ভিটামিন আৰু খনিজ পদাৰ্থৰ ভঁৰাল। ইয়াত চৰ্বি অতি কম। ইয়াত পটাছিয়াম, লো, মেগনেছিয়াম, নাইট্ৰেট, ভিটামিন B6 আদিৰ দৰে বহুতো পুষ্টি থাকে।টাইমছনাও নিউজৰ মতে, ১০০ গ্ৰাম বীটৰুটত ৩৬ কেলৰি শক্তি থাকে। ইয়াৰ উপৰিও, ৭ গ্ৰাম প্ৰ’টিন, ১ গ্ৰাম চৰ্বি, ৬ গ্ৰাম কাৰ্বোহাইড্ৰেট, ৫ গ্ৰাম আঁহ, ৩৮০ মিগ্ৰা পটাছিয়াম আৰু আন বহুতো পদাৰ্থ পোৱা যায়। ৰন্ধা বীটতকৈ কেঁচা বীট স্বাস্থ্যৰ বাবে অধিক উপকাৰী। বেছিভাগ লোকে বীটৰ ৰস খাবলৈ পছন্দ কৰে যি স্বাস্থ্যৰ বাবে অধিক উপকাৰী।

*বীটৰুটৰ লাভালাভ

*কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায়ক

বীটৰুটৰ কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ সম্পত্তি আছে। বীটৰুটত বেটাচাইনিন (বেটাচাইনিন) নামৰ পদাৰ্থ থাকে। এইটো এটা ৰঞ্জক যাৰ ফলত বীটটো ৰঙা হৈ পৰে। অধ্যয়নটোত দেখা গৈছে যে বিটাচাইনিনৰ ফলত হোৱা বীটৰুট কৰ্কট কোষবোৰ আঁতৰ কৰাত সহায়ক। ই বিশেষকৈ পাকস্থলীৰ কৰ্কট ৰোগত কাম কৰে। বীটৰুটত পোৱা এণ্টিঅক্সিডেণ্টবোৰো কৰ্কট ৰোগৰ কোষবোৰ আঁতৰ কৰাত সহায়ক।

*উচ্চ ৰক্তচাপত অত্যন্ত কাৰ্যকৰী

হাৰ্ভাৰ্ড মেডিচিনৰ গৱেষণা অনুসৰি, বীটৰুটত উচ্চ পৰিমাণৰ নাইট্ৰেট থাকে, যাক শৰীৰৰ পাচন তন্ত্ৰই নাইট্ৰিক অক্সাইডলৈ ৰূপান্তৰ কৰে। ধমনী আৰু স্নায়ুৰ ওপৰত ৰক্ত সঞ্চালনৰ চাপ অধিক বৃদ্ধি হ’লে উচ্চ ৰক্তচাপ হয়। নিট্ৰেড হৈছে এক যৌগ যি স্নায়ু আৰু ধমনীবোৰৰ সংকোচন হ্ৰাস কৰে। অৰ্থাৎ, ৰক্তনলীবোৰত ৰক্তচাপৰ ফলত হোৱা অপ্ৰয়োজনীয় চাপ ধমনীবোৰ প্ৰসাৰিত কৰি হ্ৰাস হয়। সেয়েহে বীটৰুট ৰক্তচাপ (ৰক্তচাপ) হ্ৰাস কৰাত সহায়ক হয়।

*ডায়েবেটিচ ৰোগীৰ বাবেও উপকাৰী

ডায়েবেটিচ ৰোগীসকলৰ বাবেবীটৰো যথেষ্ট উপকাৰী। ইয়াত থকা লো, পটাছিয়াম আৰু মেঙ্গানিজে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। বীটৰুটত ভিটামিন চি, ফোলেট আৰু আঁহ থাকে যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু পাচন তন্ত্ৰ শক্তিশালী কৰে।

*ছালত উজ্জ্বলতা আনে

বীটৰ ৰস ছালৰ বাবে অতি উপকাৰী। বীটৰুটত থকা এণ্টিঅক্সিডেণ্টবোৰ মুক্ত ৰেডিকেল আঁতৰ কৰাত সহায়ক। ছালৰ কোষবোৰত মুক্ত ৰেডিকেল অহাৰ ফলত ছালত বয়স বৃদ্ধিৰ প্ৰভাৱ পৰে। ছালত কোঁচ, নখৰ ব্রণ আদি আঁতৰ কৰাত বীটৰ ৰস অতি উপকাৰী।

সহায় দা হেল্পিং হেণ্ড’ৰ প্ৰথমবাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সহায় দা হেল্পিং হেণ্ড নামৰ বেচৰকাৰী সংগঠনটোৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰিৰ সমীপত থকা সভাকক্ষত আৰম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয়। পুৱা ১০ বজাত সংস্থাটোৰ সদস্য সকলে লিডুস্থিত কেন্দ্ৰীয় নামঘৰত এগছি বন্তি জ্বলাই আৰু শৰাই আগবঢ়াই সমাজৰ মংগল কামনা কৰে। ইয়াৰ পাছতেই দিনৰ ১১ বজাত মাৰ্ঘেৰিটা চেগুনবাৰীস্থিত সভাকক্ষত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে সংস্থাটোৰ সভানেত্ৰী পায়েল দেই। অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা, জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা মাৰ্ঘেৰিটা সাংবাদিক সন্থাৰ মুখপাত্ৰ সাংবাদিক মানস প্ৰতিম গগৈ। সহায়ৰ সদস্যা জাগৃতি শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানতিত সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক কৌস্তুভ সিং। সভাৰ মুখ্য অতিথিৰ ভাষণত দেৱজিৎ বৰুৱাই কয় যে নৱপ্ৰজন্মৰ ছাত্ৰ – ছাত্ৰীৰে গঠিত বেচৰকাৰী সংস্থাটোৱে মাৰ্ঘেৰিটাৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত বহুকেইটা গুৰুতপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে ইয়াৰে উল্লেখনীয় মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নৈৰ ৰেলৱে দলঙৰ তল অংশ পৰিষ্কাৰ কৰাৰ বাবে যি উদ্যোগ লৈছিল সেইয়া নিশ্চয়কৈ প্ৰকৃতি আৰু পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচিত হ’ব। অন্যহাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত কয় যে সহায় দা হেল্পিং হেণ্ডে বিশেষকৈ লকডাউনৰ সময়ত ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু আদি অঞ্চলত পদপথত, ৰেলৱে ষ্টেচনত  বসবাস কৰা লোক সকলৰ মাজত নিয়মীয়াকৈ খাদ্যবস্তু, কাপোৰ ইত্যাদি বিতৰণৰ লগতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহন কৰি ভূপেন দাৰ মানুহে মনুহৰ বাবে শীৰ্ষক গীতৰ প্ৰতিটো শব্দ আখৰে আখৰে পালন কৰিছে। সভাত সহায়ৰ সদস্য প্ৰিন্ঞু চেতিয়া, প্ৰকাশ শৰ্মাইও ভাষণ প্ৰদান কৰে। উল্লেখ যে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলৰ মহাবিদ্যালয় আৰু বিদ্যালয়ৰ একাংশ সমাজৰ প্ৰতি সুস্থচিন্তা কৰা মনৰ ছাত্ৰ-ছাত্ৰী একগোট হৈ অঞ্চলটোত এই বেচৰকাৰী সংগঠনটোৰ উদ্যোগত বহুকেইটা ভাল সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। 

ঐতিহ্যমণ্ডিত নাজিৰা নগৰৰ বৰপুখুৰীত চাফাই অভিযান

ইংৰাজৰ আমোলত আসাম কোম্পানীৰ দিনতে নাজিৰা নগৰবাসীৰ খোৱা তথা ব্যৱহৃত পানীৰ সুবিধাৰ বাবে পাৰ বান্ধি খন্দোৱা নাজিৰা নগৰৰ ৮ নং ৱাৰ্ডত থকা ঐতিহ্যমণ্ডিত বৰপুখুৰীত  “ বৰপুখুৰী  সংৰক্ষণ আৰু উন্নয়ন সমিতি”ৰ উদ্যোগত নাজিৰা পৌৰ প্ৰশাসন আৰু স্হানীয় ৰাইজৰ সহযোগত ২১ নবেম্বৰত এক চাফাই অভিযান চলোৱা হয়৷   উক্ত চাফাই অভিযানত নাজিৰাৰ প্ৰাক্তন পৌৰপতি দিলীপ কুমাৰ হাজৰিকা,  নাজিৰা নাট্য সমিতিৰ সম্পাদক প্ৰসেনজিৎ বৰুৱা, যুব সমাজকৰ্মী ৰেকিবুদ্দিন আহমেদ, জেষ্ঠ সাংবাদিক  দিলীপ হাজৰিকা , চৈয়দ খাইৰুল হাচান , যুৱ সমাজসেৱী ৱাচিম আহমেদকে ধৰি বহুতো স্থানীয় লোকে সহযোগিতা আগবঢ়োৱাৰ  লগতে  সকলোৱে “বৰপুখুৰী সংৰক্ষণ আৰু উন্নয়ন সমিতি“ৰ এনে পদক্ষেপৰ শলাগ লয়৷ 

ৰাজনৈতিক দলৰ নেতাৰ সভাপতি পতাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ওদালগুৰি জিলাৰ পূব প্ৰান্ত ওৰাংত অৱস্থিত জিলাখনৰ অন্যতম মহাবিদ্যালয় হিচাপে পৰিচিত শিক্ষানুষ্ঠান হল ওৰাং কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয় । উক্ত মহাবিদ্যালয় খন আজিৰ পৰা প্ৰায়ে  বিগত ৩১ বছৰ ধৰি ওৰাঙ বাসী ৰাইজৰ আপ্ৰাণ চেষ্টা, ৰাইজৰ অৰ্থ শ্ৰম দানৰ ফলত প্ৰাণ পাই উঠা তথা ওদালগুৰি জিলাৰ লগতে পাশ্বৱৰ্তী শোণিতপুৰ জিলাৰ ছাত্ৰ ছাত্ৰীক  জ্ঞানৰ পোহৰ বিলাই অহা একমাত্ৰ মহাবিদ্যালয় হিচাপে পৰিচিত এই ওৰাঙত অৱস্থিত কলাগুৰু বিষ্ণুৰাভা স্নাতক  মহাবিদ্যালয় খনে বহু উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে ।৩/৪গৰাকী মাফিয়াৰ সহযোগত  এনে এক উল্লেখযোগ্য শিক্ষানুষ্ঠানত এতিয়া চলিব ধৰিছে স্বয়ং অধক্ষৰ মাফিয়াগিৰিৰ লগতে চুড়ান্ত অৰাজকতা । স্থানীয় ৰাইজে দিয়া অভিযোগ মৰ্মে ওৰাঙ অঞ্চলৰ প্ৰায়ে বোৰ গাঁওৰ ৰাইজৰ শ্ৰম দান ,অৰ্থ দানৰ লগতে স্থানীয় ৰাইজে বহু কষ্টেৰে বিগত ৩১ বছৰ উক্ত মহাবিদ্যালয় খন জীয়াই ৰখাৰ ফলস্বৰূপে চলিত বর্ষত ওৰাঙৰ এই মহাবিদ্যালয় খন চৰকাৰী কৰণ হৈছে । ওৰাং বাসী ৰাইজে চাৰি দশক ধৰি কৰা অপেক্ষাৰ অন্তত চলিত বৰ্ষত চৰকাৰী কৰণ হোৱাত মহাবিদ্যালয় খন প্ৰতিষ্ঠা কৰা অঞ্চল বাসী ৰাইজ আনন্দিত হৈছিল । কিন্তু আশ্বৰ্যকৰ কথাটো হল যে চৰকাৰী কৰণ হোৱা মাত্ৰেই উক্ত মহাবিদ্যালয় খনৰ অধক্ষ হিচাপে নিযুক্তি লাভ কৰা হাজং নামৰ লোকজনে মহাবিদ্যালয় খনত অৰাজকতা আৰম্ভ কৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজে দিয়া অভিযোগ মৰ্মে মহাবিদ্যালয় খনৰ  হাজং নামৰ অধক্ষই ওৰাঙত জ্ঞানৰ পোহৰ বিলোৱা শিক্ষানুষ্ঠান খনৰ পৰিচলনা কৰাৰ ক্ষেত্ৰতো নিজৰ  খেয়ালখুচি  অনুসৰি   পৰিচালনা সমিতি গঠন কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ওৰাং অঞ্চলৰ সচেতন ৰাইজক হতভম্ভ কৰি অধক্ষ জনে কোনো স্থানীয় ৰাইজক খবৰ নিদিয়াকৈ আনকি মহাবিদ্যালয়খনৰ লগত বিশেষ ভাবে জড়িত,দাতা আদি কোনো লোককেই খবৰ বা নিমন্ত্ৰণ নিদিয়াকৈ এটা বন্ধ কোঠালিত ৰাজনৈতিক দলৰ নেতাক সভাপতি আৰু নিজে সম্পাদক আৰু নিজ কথা মতে উঠা বহা কৰিব পৰা মানুহক সদস্য হিচাপে ৰাখি ওৰাঙ কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয় খনৰ পৰিচালনা সমিতি গঠন কৰাত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে । ওৰাং বাসী ৰাইজৰ চেষ্টাত প্ৰাণ পাই উঠা মহাবিদ্যালয় খনৰ অধক্ষৰ এনে কাৰ্যক সচেতন মহলে ধিক্কাৰ দিয়াৰ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগক ওৰাং বাসী ৰাইজে অনুৰোধ জনাইছে যে ৰাজনীতিত জড়িত ব্যক্তি কলেজৰ পৰিচালনা কমিটিৰ সভাপতি পদত থাকিব নোৱাৰাৰ  আইন ৰাজ্য চৰকাৰে জাৰি কৰাৰ পিছতো কি যুক্তিত কি আইনত এই জন অধক্ষই ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনা  তথা আইন অমান্য কৰি ৰাজনীতিত থকা লোক তথা জন প্ৰতিনিধিক সভাপতি বাচনি কৰাৰ সাহস কৰিছে ৷ যদি এটা বিশেষ ৰাজনৈতিক দলেৰ সভাপতি পাতিব লগা তেনেহলে বিজেপি চৰকাৰ দিনতে বিজেপিক নেতা ,কৰ্মী বা অন্যান্য ৰাজনৈতিক দলৰ নেতা ,কৰ্মী  সকলক কিয় কোনোধৰণৰ পদবীত ৰখা নহল ৷আনকি ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক ,পাচনৈ চেৰফাং সমষ্টিৰ এম চি এল এ ক কোনোধৰণৰ আমন্ত্ৰণনে কৰা নহল ৷গতিকে বিভাগীয় সম্পূৰ্ণ নীতি নিয়ম তথা আইন আদিবোৰ উলঙ্ঘা কৰি পৰিচালনা সমিতি খন গঠন কৰি সম্প্ৰতি মহাবিদ্যালয়খন এতিয়া আন্তৰাষ্ট্ৰীয় মাফিয়া ডন আৰ্হিত পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে বুলি সচেতন নাগৰিক সমাজে অভিযোগ কৰিছে ৷