-ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগে আজি এক গোপন সূত্ৰৰ ভিত্তিত তদন্ত চলাই বালিজান সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায় ৩০ চি এফটি চোৰাং কাঠ আৰু এটা অত্যাধুনিক চেইন-স্ব জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ ভাৱে কাটি মজুদ কৰি ৰখা কাঠখিনিৰ গৰাকীক অৱশ্যে বন বিভাগে আটক কৰিবলৈ সক্ষম নহল।তিনিদিন নেৰানেপেৰা তদন্তৰ অন্তত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগ।ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বিশেষকৈ লেখাপানী আৰু জাগুন সংৰক্ষিত বনাঞ্চলত একাংশ বন দস্যুৱে জধে মধে মূল্যবান গছ সমূহ এফালৰ পৰা কাটি তহিলং কৰি আহিছে।এই ক্ষেত্ৰত লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগে দিন ৰাতি একাকাৰ কৰি দায়িত্ব পালন কৰি আহিছে যদিও বন দস্যুক বন বিভাগৰ গতি বিধিৰ খবৰ যোগান ধৰা দালাল কেইজনমানৰ বাবেই আজি পৰ্যন্ত বন দস্যু কেইটা আটক কৰিব পৰা নাই বন বিভাগে।এই ক্ষেত্ৰত বনাঞ্চল সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী জনে কিছু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰাৰো প্ৰয়োজনীয়তা আছে। যদি এনেধৰণেই বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন কৰিব লগীয়া হয় তেন্তে কোনো কাৰণতে নিমিত্ত মাত্র কেইজনমান বিষয়া কৰ্মচাৰীৰে এক বৃহত্তৰ মাটিকালিৰে পৰিবেষ্টিত বনাঞ্চল ৰক্ষা কৰাটো অসম্ভৱ হিচাপে এদিন প্ৰমাণিত হোৱাটো নিশ্চিত।
চাৰি লেনযুক্ত পথ নিৰ্মাণ সংস্থাৰ হেমাহিত প্ৰাণ গ’ল কলিয়াবৰৰ এজন যুৱকৰ
কলিয়াবৰৰ নলতলিত শনিবাৰে নিশা সংঘটিত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা মৃগাঙ্ক বৰদলৈয়ে৷ কলিয়াবৰ তিনিআালি নিবাসী মৃগাঙ্কই নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে গৃহাভিমুখী হোৱাৰ পথত নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷কৰ্মসূত্ৰে ঢেকীয়াজুলিৰ বন্ধন বেংকত চাকৰি কৰিছিল মৃঙ্গাঙ্কই। কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰলৈ উভতি অহাৰ পথতেই নলতলিত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লয় প্ৰাক্তন আছু নেতা তথা অমায়িক যুৱক মৃঙ্গাঙ্ক বৰদলৈয়ে। মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ৩৩ বছৰ। নিৰ্মিয়মান চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সংস্থাৰ পথ নিৰ্দেশনাৰ গাফিলতিৰ বাবে নম্বৰ এ. এচ. ০২ এ. ডি. ২৪০৬ৰ মটৰচাইকেলখনে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই প্ৰাণঘাতক দুৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্যে, চুলুং আৰক্ষী তহলদাৰী চকীত এক গোচৰ ৰজু কৰিছে। অমায়িক, সামাজিক দায়বদ্ধতাৰে নিজৰ পৰিচয় দাঙি ধৰা কলিয়াবৰ মহাবিদ্যালয়ৰ একালৰ আলোচনী সম্পাদক মৃগাঙ্কৰ অকাল বিয়োগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ৰাজ্যত অবৈধ গো-ধন সৰবৰাহ অব্যাহত
অসমত গো-সুৰক্ষা আইনেও নাকী লগাব পৰা নাই অবৈধ গৰু সৰবৰাহত। দৈনিক আৰক্ষীৰ চকুৰ আগেদিয়ে অবৈধভাৱে সৰবৰাহ হৈ গৰু। চৰকাৰৰ কঠোৰ আইনৰ পিছতোঅপৰাধীয়ে বুঢ়া আঙুলি দেখুৱাই ৰাজ্যত অব্যাহত ৰাখিছে গো-ধনৰ অবৈধ সৰবৰাহ। উজনিৰ বিভিন্ন স্থানৰ পৰা সাতত্ৰিশ নম্বৰ ৰাষ্ট্ৰীয় পথেৰে এতিয়াও চলি আছে গো-ধনৰ অবৈধ সৰবৰাহ। দেওবাৰে জখলাবন্ধা আৰক্ষী নিৱেশৰ অধীনৰ বাগৰি আৰক্ষী চকীয়ে অবৈধভাৱে সৰবৰাহ কৰা গাড়ীসহ গৰু জব্দ কৰাৰ কৰাৰ লগতে অবৈধ সৰবৰাহত জড়িত ৭ জনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়। এ. এচ. ০২ চি. চি. ৬৩৩৬, এ. এচ. ০২ চি. চি. ১১৬৫, এ. এচ. ০২ বি. ৩৯০৫ আৰু এ. এচ. ০২ বি. চি. ৩৯১৫ নম্বৰৰ গাড়ীকেইখনে উজনিৰ পৰা চামগুৰিৰ বিভিন্ন অঞ্চললৈ উপযুক্ত নথি-পত্ৰ অবিহনে সৰবৰাহ কৰোতে বাগৰিত জখলাবন্ধা আৰু বাগৰি আৰক্ষীৰ জালত পৰে ৩৬ টা গৰুসহ গাড়ীকেইখন। অবৈধ সৰবাহৰ লগত জড়িত চামগুৰি আৰক্ষী নিৱেশ এলেকাৰ কনুৱামাৰীৰ জাকাৰিয়া হুছেইন, বৰমাবিলৰ জান্নাতুল হ’ক, ইব্ৰাহিম আলি, নুৰ মহম্মদ, জমিৰ হুছেইন, বাহাৰুল ইচলাম আৰু বৰমাৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। মাজে-মাজে আৰক্ষীৰ সক্ৰিয়তাত এনে অপৰাধী কৰায়ত্ব হোৱা দেখা যায় যদিও দৈনিক গৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী আইনে কাৰ্য্যকৰী ভূমিকা ল’ব পৰা নাই।
কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা
আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন। ৰেলিং ভাগি ব্ৰহ্মপুত্ৰৰ বুকুত পৰা বাহনখন পৰৱৰ্তী সময়ত ট্ৰাক বুলি থাৱৰ কৰা হয় যদিও বাহনখনত কিমানজন আৰোহী আছিল বাতৰি লিখাৰ সময়লৈকে জ্ঞাত হোৱা নাই। ব্ৰহ্মপুত্ৰৰ বুকুত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা উদ্ধাৰ বাহিনীয়ে যুটীয়াভাবে বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। লগতে কলিয়াভোমোৰা দ্বিতীয়খন দলং নিৰ্মাণ প্ৰতিষ্ঠানৰ এটা কাৰিকৰী গোটে উদ্ধাৰ অভিযানত সহায় আগবঢ়াইছে। শেহতীয়াকৈ ট্ৰাকখনৰ কোনো শুং-সূত্ৰ পাইছে যদিও কোনো আৰোহীকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অভিযানকাৰীয়ে। গেমন ইণ্ডিয়াৰ দ্বিতীয়খন কলিয়াভোমোৰা দলং নিৰ্মাণ সংস্থাটোৰ এক সূত্ৰই পুৱতি নিশা এই দুৰ্ঘটনা সংঘটিত হৈছে বুলি জনাইছে। পুৱা আৰক্ষীৰ এক তহলদাৰী গোটে দলঙৰ ভঙা ৰেলিং দেখি এই বিষয়ে অনুসন্ধান কৰোতে বিষয়টো পোহৰলৈ আহে। উল্লেখ্য যে, আজি পুৱতি নিশা কলিয়াভোমোৰা দলঙত ভয়ঙ্কৰ দুৰ্ঘটনা সংঘটিত হয়। কলিয়াভোমোৰা দলঙৰ পৰা সৰি পৰে এখন বাহন।পূৰ্বতেও দলংখনত চাপৰ ৰেলিঙৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈছি যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব দিয়া দেখা নগ’ল তদুপৰি, নিশা দলঙৰ বিজুলী বাতি আজি বহু বছৰৰ পৰাই বিকল হৈ থকাত যাতায়ত -সংকুল হৈ পৰিছে। বাহনখন উদ্ধাৰৰ পাছতহে প্ৰকৃত তথ্য উদ্ধাৰ হ’ব।
অসমৰ কৃষকৰ ধান সংগ্ৰহ:এফ চি আইৰ ভঁৰালত মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰিব কেন্দ্ৰই
অসমৰ কৃষকৰ পৰা কেন্দ্ৰীয় চৰকাৰে সময়মতে ধান সংগ্ৰহ কৰাৰ লগতে ইয়াত থকা ভাৰতীয় খাদ্য নিগমৰ ( এফ চি আই ) ভঁৰালত খাদ্য মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰিব । এই ঘোষণা কৰিছে কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান , বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেৰ । ১৯ নৱেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক তেওঁৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহত সাক্ষাৎ কৰি এই ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেই । কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সাক্ষাৎ কালত কয় কেন্দ্ৰীয় চৰকাৰে অসমৰ কৃষক সকলৰ উন্নয়নৰ লগতে তেওঁলোকৰ আয় বৃদ্ধি কৰাৰ কাৰণে দৃঢ়প্ৰতিজ্ঞ । এই উদ্দেশ্য আগত ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰে কৃষকৰ ধান সংগ্ৰহ কৰাৰ লগতে এফ চি আইৰ ভঁৰালত মজুতকৰণৰ ক্ষমতা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলিও কেন্দ্ৰীয় মন্ত্ৰী চৌবেই মুখ্যমন্ত্ৰী ডঃ শৰ্মাক অৱগত কৰে । আনহাতে মুখ্যমন্ত্ৰী ডঃ শৰ্মায়ো এই ক্ষেত্রত ৰাজ্য চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰক সকলো ধৰণৰ সহায় – সহযোগিতা আগবঢ়াব বুলি ব্যক্ত কৰে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে সিদিনা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে গুৱাহাটীৰ কাষৰীয়া চাংসাৰী ৰেল ষ্টেচনৰ সমীপত থকা এফ চি আইৰ ভঁৰাল পৰিদৰ্শন কৰি মজুতকৰণৰ ক্ষমতা বৃদ্ধি কৰাৰ বাবে বিষয়া সকলক নিৰ্দেশ দিয়ে ।
ধুবুৰী ফলিমাৰী কুন্তীৰ চৰত দলং নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ
ধুবুৰী ফলিমাৰী গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুন্তীৰ চৰত দীৰ্ঘ দিন ধৰি পাৰঘাটৰ জমৰ যাতনাত ভুগিব লগা হৈছে স্থানীয় ৰাইজ।
ধুবুৰীৰ পৰা মাত্ৰ চাৰিশ মিটাৰ দূৰত্বত কুন্তিৰ চৰ গাওঁ, কিন্তু ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা এই খন গাওঁৰ মানুহে এনেদৰে যাতায়ত কৰিব লগা হৈছে। খৰালীৰ সময়ত এই খন বাঁহৰ দলংৰে প্ৰায় চাৰিটা গাঁওৰ মানুহে অহা যোৱা কৰে আৰু বাৰিষাৰ সময়ত বহুতো দুখ কষ্টৰে টুলুংঙা নাওঁৰে পৰ হ’ব লগা হয় আৰু পূৰ্বতে বহুতো দূৰ্ঘটনা। সংগঠিত হৈছিল। কিন্তু নিৰ্বাচন অহাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দলৰ ৰথী মহাৰথী সকলে এই খন দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু নিৰ্বাচনী শেষ হোৱাৰ লগে লগে সকলো প্ৰতিশ্ৰুতি পাহৰি যায়। ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু স্থানীয় বিধায়ক নজৰুল হকে কেইবা বাৰো এই খন দলং নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজি লৈকে দলং নিৰ্মাণ নহ’ল। সেয়ে স্থানীয় ৰাইজে অসম চৰকাৰক এই খন দলং নিৰ্মাণ কৰি দিয়াৰ বাবে বিনম্র অনুৰোধ জনায়।
তেলৰ অজুহাত দেখুৱাই ধুবুৰীত বন্ধ হ’ল দুখন জাহাজ
তেলৰ অভাৱত ধুবুৰীত বন্ধ হ’ল ৰপেক্স আৰু MV প্ৰতিমা নামৰ দুখন জাহাজ। , জাহাজ বন্ধ হোৱাৰ ফলত পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে লেছিয়ে । ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও চলাচল অব্যাহত । নদী পথত প্ৰায় চাৰি শতাধিক যাত্ৰীলৈ বিকল । কথামপি প্ৰান ৰক্ষা পৰিল চাৰি শতাধিক যাত্ৰীৰ । তিনি ঘন্টাৰ মূৰত ভয় সংকাৰ মাজেৰে ধুবুৰীৰ পাৰঘাটত উপস্থিত যন্ত্ৰচালিত নাও । ধুবুৰীৰ বাবে যোগান ধৰা দুখন কৈ জাহাজ বন্ধ হৈ পৰাৰ ফলত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ সৃষ্টি হৈছে । ইয়াৰ ওপৰিও যাত্ৰী সকলৰ অভিযোগ অনুসৰি তেলৰ অভাৱত আৰু ষড়যন্ত্ৰ কৰি বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে যাত্ৰী সকলে, যাৰ বাবে যাত্ৰী সকলৰ যাতায়তৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ ধুবুৰী জিলা উপায়ুক্তৰ লগতে অসম চৰকাৰক উক্ত জাহাজ দুখন ব্ৰহ্মপুত্ৰ নদী পথত চলাচল কৰাৰ বাবে দাবী জনায় যাত্ৰী সকল।
ব্ৰহ্মপুত্ৰ অঞ্চলত কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি
দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ NICM (National Institute Of Computer and Management) খকন্দগুৰি(আমগুৰি) শাখাৰ আজি শুভাৰম্ভনি কৰা হয় । বয়োজ্যেষ্ঠ ব্যক্তি টুনিৰাম ফুকনে বন্তিপ্ৰজ্বলে আৰম্ভহোৱা অনুষ্ঠানটোত ন-ভঙ্গা বাপুজী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অৰূপ কুমাৰ বড়াই ফিটা কাটি কেন্দ্ৰটো মুকলি কৰে। অনুষ্ঠানত ন-ভঙ্গা বাপুজী হাইস্কুলৰ প্ৰধান শিক্ষক ধ্ৰুৱজ্যোতি গোস্বামী, যুৱসমাজকৰ্মী চাহাবুদ্দিন আহমেদ, প্ৰাক্তন ছাত্ৰনেতা মনচুম বৰা, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সভাপতি দীপক জৈন, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ গোলাঘাট জিলাৰ সম্পাদক বিদ্বান বৰদলৈ, NICMৰ পৰিচালন সঞ্চালক পৱিত্ৰ বৰা, প্ৰদ্যুৎ শৰ্মা,পশ্চিম ব্ৰহ্মপুত্ৰ গাঁও পঞ্চায়তৰ সভাপতি নকুল দাস, শিক্ষয়ত্ৰী প্লাবিতা দত্ত,শিক্ষক অভিজিৎ লইং, ছাত্ৰ নেতা মৃদুল শইকীয়া, ধৰ্মেশ্বৰ দত্তকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । বানেগৰকা বৃহত্তৰ অঞ্চলত এই কেন্দ্ৰটোৰ পৰা ছাত্ৰ-ছাত্ৰী সকল উপকৃত হ’ব বুলি NICM খকন্দগুৰি শাখাৰ তত্বাৱধায়ক দেৱব্ৰত দত্ত আৰু অংকুৰ বৰুৱাই আশা প্ৰকাশ কৰিছে।
নলবাৰী সম্প্ৰতি পৰিণত হৈছে এখন সেউজ পৃথিৱীলৈ
নিৱনুৱা সমস্যা ৰাজ্য তথা দেশৰ এটা জলন্ত সমস্যা ।
কিন্তু শুভ বাৰ্তা এই যে সম্প্ৰতি অধিকাংশ যুৱক-যুৱতীয়ে কেৱল চৰকাৰী চাকৰীৰ পিছত দৌৰি নুফুৰি স্ব-নিৰ্ভৰশীল হোৱাৰ পথ মুকলাই লৈছে । নলবাৰীৰ ৯ গৰাকী যুৱকৰ প্ৰচেষ্টাত গঢ়ি উঠিছে এখন কৃষি পাম । পৰিলক্ষিত হয় যেন নলবাৰী এতিয়া এখন সেউজ পৃথিৱীলৈহে ৰূপান্তৰিত হবলৈ ধৰিছে । এখনৰ পিছত এখনকৈ কৃষি পাম গঢ়ি লব ধৰিছে নলবাৰী জিলাত । নলবাৰী জিলাৰ অন্তৰ্গত ধনতোলাত ৯ গৰাকী যুৱকে প্ৰায় ৮০ বিঘা পাগলাদিয়া বালি চাপৰিত অধিক শ্ৰম কৰি আৰু উপযুক্ত পৰিকল্পনাৰে বিভিন্ন কৃষি কাৰ্যৰে “গ্ৰীণভেলি চোছাইটি” নামেৰে এখন কৃষি পাম গঢ়ি তুলিছে । এই যুৱককেইজন এতিয়া বৰ্তমান আন দহ জনৰ বাবে আদৰ্শ হৈ পৰিছে । এই যুৱক কেইজনৰ সপোন পাগলাদিয়া বালি চাপৰাত কৃষি পামৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ৰিৰ্জট ও মুকলি কৰা । লগতে তেওলোকৰ কৃষি পামত কৰ্মনিয়োজনৰ দ্বাৰা অলপ হলেও নিৱনুৱা সমস্যা ৰোধত অৰিহনা যোগোৱা মুল উদ্দেশ্য বুলি বাখ্যা কৰে গ্ৰীণভেলি চ’চাইটিয়ে ।
লামডিংত দুজন বন কৰ্মী আটক
হোজাই জিলাৰ অন্তৰ্গত লামডিঙ সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া ঘটনাৰ লগত জৰিত থকা তথা বিভিন্ন ধৰণৰ তথ্যৰ ভিত্তিত আটক কৰে লামডিঙ আৰক্ষীয়ে দুই বন কৰ্মীক। বিট বন বিষয়া হাবিবুৰ ৰহমান আৰু বন কৰ্মী আবুল কালাম আজাতক আটক লামডিঙ আৰক্ষীৰ।যোৱা নিশা আটক কৰে দুয়োজনক।পূৰ্বতে ৭ জনক আৰু দুই বন কৰ্মী সহ সৰ্বমুঠ ৯ জনক আটক কৰে আৰক্ষী।দুয়োকে আৰক্ষীৰ জেৰা কৰাৰ পিছত 22 নবেম্বৰ সোমবাৰৰ দিনাই লামডিঙ আৰক্ষীয়ে দুয়োকে মহামান্য আদালতত পঠাই দিয়া হৈছে। ভূ-মাফিয়াৰ লগত আৰু কোন কোন জড়িত লামডিঙ আৰক্ষী বৰ্তমান তদন্ত অব্যাহত ৰাখিছে।










