বিজেপিয়ে সাংগঠনিক ভাবে বিভক্ত কৰা ৰাজ্যৰ ৪০ খন সাংগঠনিক জিলাৰ বিজেপি দলীয় কাৰ্যকৰ্তা সকলক ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি প্ৰশিক্ষণ দি থকা সমান্তৰকৈ ওদালগুৰি জিলা বিজেপিৰ দলীয় কাৰ্যকৰ্তা সকলক প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা প্ৰশিক্ষণ বৰ্গৰ ২২নবেম্বৰত প্ৰথম দিন – ওদালগুৰি জিলাৰ অন্তৰ্গত বীৰেন্দ্ৰ নগৰ আশ্ৰমত ৷এই প্ৰথম দিনত ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ আশ্ৰমত অনুষ্ঠিত হৈ থকা ওদালগুৰি জিলা বিজেপিৰ প্ৰশিক্ষণ কেন্দ্ৰত বহু জিলা বিজেপিৰ জেষ্ঠ সকলৰ সকলে সমূহ কাৰ্যকর্তাৰ উপস্থিতিতি পৰিলক্ষিত হৈছে ।২২নবেম্বৰত প্ৰশিক্ষণৰ প্ৰথম দিনত ৰাতিপুৱা ভাগত পঞ্জীয়ন কৰাৰ পিছত মাতৃবন্দনাৰে প্ৰশিক্ষণ বৰ্গৰ শুভাৰম্ভণি কৰে ।উক্ত তিনিদিনীয়া কাৰ্যসূচীৰ ২২নবেম্বৰত প্ৰথম দিনত জিলা বিজেপিৰ দলীয় কাৰ্য্যকর্তা সকলক উদ্দেশ্যি জিলাৰ পৰা সমল ব্যক্তি হিচাপে নিৰ্বাচিত হোৱা দলীয় জেষ্ঠ সকলে তেওঁলোকক বান্ধি দিয়া বিষয় সমূহৰ ওপৰত আলোকপাত কৰে । ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা উক্ত প্ৰশিক্ষণ বৰ্গত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰদীপ ৰাভা ,জিতু কিষান ,আশুতোষ, চৌধুৰী ,পুষ্পধৰ শৰ্মা ,খগেন ডেকা আদি জেষ্ঠ সকলে ।এওঁলোকৰ উপৰিও বিটিচি ই এম দিগন্ত বৰুৱা আদি কৰি জিলা সভাপতি সুনীল বসুমতাৰী দেৱো উপস্থিত থাকে ।
নলবাৰীত দুষ্প্ৰাপ্য বনৰীয়া হাঁহ উদ্ধাৰ
মঙ্গলবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ হোটেল প্ৰমোদা সমীপত এটা বনৰীয়া পৰিভ্ৰমী দুষ্প্ৰাপ্য হাঁহ এটি উদ্ধাৰ হয় । হোটেল প্ৰমোদাৰ সমীপত থকা ESAF Small finance Bank ৰ কৰ্মচাৰীয়ে এটি ড্ৰেইনত এই দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো চটফটাই থকা প্ৰত্যক্ষ কৰে । লগালগ বেংকটোৰ কৰ্মচাৰীয়ে হাঁহটো ড্ৰেইনৰ পৰা উদ্ধাৰ কৰি বেংকৰ ভিতৰত লৈ আহি সুৰক্ষিত কৰি ৰাখে আৰু সংবাদ মাধ্যমৰ লগত বেংক কৰ্তৃপক্ষই যোগাযোগ কৰে । পিছত নলবাৰীৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা এটি সজাতি দল উপস্থিত হৈ দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায় । বন বিভাগৰ লোকে অনুমান কৰা অনুসৰি এই দুষ্প্ৰাপ্য হাঁহটো পৰিভ্ৰমী হয় আৰু উৰি আহি থাকোতে আঘাত প্ৰাপ্ত হৈ উক্ত অঞ্চলত পৰা থকা বুলি সন্দেহ ব্যক্ত কৰে ।
লাহৰীঘাটৰ টেঙাগুৰিত দিব্যাংগ লোকৰ সজাগতা সভা
মৰিগাঁৱৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত সোমবাৰে বিশেষ বাবে সক্ষম লোক সকলে কেবাটাও দাবী সম্বলিত কাৰ্যসূচীৰে এখন সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে লাহৰিঘাট উন্নয়ন খণ্ডৰ খণ্ড বিষয়া।বিশেষ ভাৱে সক্ষম উন্নয়ন সমিতিয়ে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া আমন্ত্ৰণ জনায় যদিও কোনো এটা বিভাগৰ পৰা সাহাৰি নোপোৱাত ক্ষোভ প্ৰকাশ সমিতিৰ সভাপতি আতাবুৰ ৰহমানৰ।ইপিনে লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰেও সভাত উপস্থিত থকাৰ কথা আছিল যদিও উপস্থিত নথকাত বিশেষ ভাৱে সক্ষম লোক সকলক অৱমনা কৰিছে বুলি সভাপতি মন্তব্য আগবঢ়ায়। বিধায়ক পুজিৰ ধন বিশেষ ভাৱে সক্ষম লোকক নিদিয়াৰ পৰিকল্পনাৰেই বিধায়ক জন সভাত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে সভাপতি আতাবুৰে।
মৰিগাওঁ মহাবিদ্যালয় ছাত্ৰ সন্থা গোটৰ প্ৰশংসনীয় পদক্ষেপ
সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা গোটৰ উদ্যোগত আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বন বিষয়া গৰাকীৰ উপস্থিতিত আজি মহাবিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৫০০ গছপুলি বিতৰণ কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ গোটৰ এনে প্ৰচেষ্টাক শলাগ লয় সচেতন মহলে।
টংলা জলা পলাহগড়ৰ বিকাশ ডেকা আলফাত যোগদান
ওদালগুৰি জিলা টংলাথানা অন্তৰ্গত টংলা জলাহ পলাহগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকাই গুৱাহাটীলৈ যাও বুলি আলফাত যোগদান হোৱা খৱৰক লৈ বৰ্তমান বিকাশ ডেকাৰ ঘৰত শোকাকুল পৰিবেশ।প্ৰাপ্ত খৱৰ অনুসৰি টংলা থানাৰ অন্তৰ্গত জলাহ পলাগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি যোৱা মঙলবাৰ ১৬ নৱেম্বৰ দিনাই ঘৰৰ পৰা ওলাই গৈছিল কিন্তু সেইদিনা ঘৰলৈ উভতি আহিব নোৱাৰো বুলি মাকক ফোন কৰিছিল যদিও পিছদিনা ১৭ নৱেম্বৰ দিনা ঘৰত আহিব বুলি মাকক কথা দিছিল কিন্তু সেইদিনাও ঘৰত নাহো বুলি ফোন কৰি তেনেকৈ প্ৰায় শুক্ৰবাৰ ১৯ নৱেম্বৰলৈ থাকিল তাৰ পিছত ফোন অফ ৰখাত পিতৃ মাতৃ চিন্তিত হৈ আছিল।তেনেতে দেওবাৰদিনা নিশা পৰিয়ালৰ সম্পৰ্কীয় এজন দদায়েকে আহি খৱৰটো পিতৃ মাতৃক দিয়া অনুসৰি বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি নাগালেণ্ডৰ মন জিলাত আলফাত যোগদান কৰিছে বুলি জানিব দিয়ে।ফলত নিৰক্ষৰ পিতৃ মাতৃ এতিয়া উপায়ন্তৰ হৈ পৰিছে, জুবিন বুলি কলে পাগল ফুল কুমলীয়া ২১ বছৰ বয়সীয়া বিকাশ ডেকা নম্ৰ সহনশীল দয়ালো অনবৰতে সংগীতৰ লগত জড়িত হৈ ভাল পোৱা বিকাশে ঢোল,গীতাৰ,গান গোৱাৰ ওপৰিও পবিত্ৰ ৰাভাৰ দাপোন গোষ্ঠীৰ লগত জড়িত আছিল। কিন্তু কি কাৰনত বিকাশ ডেকাই এনে পথ বাছি ললে সেয়া এক ৰহস্য জনক হৈ পৰিছে। সেয়েহে অসুখীয়া পিতৃ-মাতৃ পৰিয়ালটোৰ উপাৰ্জনৰ এক মাত্ৰ লৰা বিকাশ ডেকাক ঘূৰাই আনিবলৈ চৰকাৰক কৰজোৰে আহ্বান জনাইছে পৰিয়ালৰ লোকে
বাক্সা জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ সামৰণি
বিজ্ঞান প্ৰচাৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান চাইন্স কমিউনিকেটৰচ ফ’ৰাম,বৰমাৰ উদ্যোগত ২৯ সংখ্যক বাক্সা জিলা ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ,২০২১ আজি দিনযোৰা কাৰ্যসূচীৰে বি কে ভাণ্ডাৰী এম ই স্কুল প্ৰাঙ্গনত অনুষ্ঠিত হয় ৷ কাৰ্যসূচী অনুসৰি অনুষ্ঠানত পুৱা ৯.৩০ বজাত পতাকা উত্তোলন কৰে বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত আশ্ৰাফুল আমিনে। শিশু বিজ্ঞানী সকলক শপত বাক্য পাঠ কৰোৱাৰ পিছত দহ বজাত বিজ্ঞান প্ৰকল্প উপস্থাপনৰ দ্বাৰ উন্মোচন কৰে বাক্সা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে। ১০.৩০ বজাত কাৰিকৰী অধিৱেশন অনুষ্ঠিত হয়। ইয়াৰ পিচতে আবেলি ২ বজাত বি কে ভাণ্ডাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক সতীশ বৰ্মনৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট গৱেষক ড° নৃপেন্দ্ৰ নাথ শৰ্মা, নিৰ্দিষ্ট বক্তা হিচাপে শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰ, আমন্ত্ৰিত অতিথি হিচাপে বাক্সা ডি পি অ’ প্ৰণৱজ্যোতি কলিতা, ভূপেন দাস, বৰমা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দেওবাৰ ৰামচিয়াৰী, সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে বৰমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাৰত চন্দ্ৰ তালুকদাৰ আৰু সাংবাদিক ভাৰত ৰাজবংশীয়ে উপস্থিত থাকে ৷ মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে এম্পায়াৰ একাডেমীৰ সভাপতি ৰজনী বৰজৌৱাৰীয়ে। সমাৰোহত বাক্সা জিলাৰ ২৮ খন বিদ্যালয়ৰ পৰা মুঠ ১৬২ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু ৭২ টা বিভিন্ন ধৰণৰ প্ৰকল্প প্ৰদৰ্শন কৰে ৷ উল্লেখ্য যে আজিৰ এই সমাৰোহৰ পৰা মুঠ ৮ গৰাকী ছাত্ৰ-ছাত্ৰীক ৰাজ্যিক বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত কৰা হয় ৷
ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়ালে সোনৰ পদক
তেজপুৰত অনুষ্ঠিত ৩৮সংখ্যক শোণিতপুৰ জিলা লৌহ ক্ৰীড়া প্ৰতিযোগিতাত ৰঙাপৰাৰ খেলুৱৈয়ে কঢ়িয়াই আনিবলৈ সক্ষম হল সোনৰ পদক।শোণিতপুৰ জিমৰ উদ্যোগত যোৱা ২০ আৰু ২১ নবেম্বৰ তাৰিখত তেজপুৰৰ অসমীয়া ক্লাৱৰ অনুষ্ঠিত প্ৰতিযোগিতাৰ ভাৰত্তোলন শাখাৰ ৬৭ শিতানত জেষ্ঠ্য শাখাত ৰঙাপৰাৰ জুমৰাত আলিয়ে সোনৰ পদক অৰ্জন কৰে।ভাৰত্তোলন শাখাৰ ৫৫ কেজি শিতানৰ কনিষ্ঠ শাখাত জিন্টু ৰাম বড়োয়ে সোনৰ পদক লাভ কৰে।প্ৰতিযোগিতাৰ শক্তি উত্তোলন শাখাৰ ৭৪ শিতানৰ দিলিপ গুৰুংয়ে মাষ্টাৰ গল্ড লাভ কৰিবলৈ সক্ষম হয়।শক্তি উত্তোলন শাখাৰ ৮৩ শিতানৰ জেষ্ঠ্য শাখাত নয়ন বৰাই সোনৰ পদক লাভ কৰে।প্ৰতিযোগি সকলে ৰঙাপৰাৰ ছাই পাৱাৰ ফিটনেছ জিমৰ ছালামত দেৱানৰ তত্বাৱধানত প্ৰশিক্ষণ লৈছিল।
কোকৰাঝাৰৰ দেৱৰগাঁও বিদ্যালয়ত পুতি থলে মধ্যাহ্ন ভোজনৰ চাউল
কোকৰাঝাৰ জিলাৰ ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা কেন্দ্ৰক কৰি বিদ্যালয়খনত আজি উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় । ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা বঞ্চনা কৰি মধ্যাহ্ন ভোজনৰ চাউল নিশা গোপনে বিদ্যালয় প্ৰাংগনত পুতি থোৱাক কেন্দ্ৰ কৰি একাংশ অভিভাৱক ক্ষুব্ধ হৈ পৰিছে । ছাত্ৰ ছাত্ৰীৰ পেটৰ ভাত কাঢ়ি নি চাউল পুতি থোৱা দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে একাংশ অভিভাৱকে । উল্লেখ্য যে বিদ্যালয় চৌহদত দূৰ্গোন্ধ বিয়পি পৰাত আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সন্মতিত বিদ্যালয়ৰ অধ্যক্ষই নিশা হাজিৰা লগাই মধ্যাহ্ন ভোজনৰ ১৭ কুইণ্টলকৈ চাউল পুতি থোৱা বিষয়ে গম পাই আজি একাংশ অভিভাৱকে সাংবাদিকক অৱগত কৰে আৰু মাটি খান্দি পচি যোৱা চাউল বাহিৰ কৰে । অভিভাৱকসকলে ক্ষুব্ধ হৈ সংবাদমাধ্যমৰ আগত কয় যে বিদ্যালয়খনৰ অধ্যক্ষই ছাত্ৰ ছাত্ৰীক নিয়মিতভাৱে মধ্যাহ্ন ভোজন পৰিৱেশন নকৰে । ৩৩২ জন ছাত্ৰ ছাত্ৰী থকা আৰু ছজনকৈ ৰান্ধনী আৰু সহায়িকা থকা বিদ্যালয়খনত এনেদৰে মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱাক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইপিনে বিদ্যালয়খনৰ অধ্যক্ষ হৰিশ চন্দ্ৰ ছেত্ৰীৱে কয় যে খোৱাৰ বাবে অনুপযোগী হোৱা চাউলখিনি বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰস্তাৱ আৰু সিদ্ধান্তমৰ্মে চাউলখিনি পুতি থোৱা হৈছিল বুলি মন্তব্য কৰে । উক্ত চাউলখিনি ২০১৯ চনৰ আছিল বুলি মন্তব্য কৰি অধ্যক্ষই গুদামঘৰৰ আন্ত:গাঁথনি সন্দৰ্ভতো তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে । বিভাগীয়ভাৱে নিৰ্মান কৰা গুদালঘৰৰ আন্তগাঁথনি মুঠেই সন্তোষজনক নহয় আৰু পানী নিগৰি আহি চাউল নষ্ট হয় বুলি মন্তব্য কৰি চাউলৰ গুদামঘৰত নিগনিৰ উপদ্ৰৱৰ বাবে চাউল নষ্ট হোৱা বুলি মন্তব্য কৰি অধ্যক্ষই বেয়া হোৱা চাউলখিনি ছাত্ৰ -ছাত্ৰীক খুৱাই ছাত্ৰ ছাত্ৰীক মাৰি পেলাব নোৱাৰে বুলি মন্তব্য কৰিছে । তদুপৰি ৰান্ধনি আৰু সহায়িকা কেতিয়াবা নাহে যাৰ পৰিণতিতে চাউল ৰাহী হৈ নষ্ট হয় বুলি মন্তব্যৰে ৰান্ধনি – সহায়িকাৰ ওপৰত অধ্যক্ষৰ নিয়ন্ত্ৰণ নাথাকে আৰু ৰান্ধনি নাহিলে অধ্যক্ষই ৰান্ধি খুয়াব নেকি বুলি প্ৰশ্নও উত্থাপন কৰে অধ্যক্ষই । ইপিনে বিটিচৰ শিক্ষা বিভাগৰ সঞ্চালক জেপি ব্ৰহ্মই ঐতিহ্যমণ্ডিত দেৱৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল পুতি থোৱা ঘটনাৰ তদন্ত কৰা হব বুলি মন্তব্য কৰি ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননি জাৰি কৰা হৈছে বুলি মন্তব্য প্ৰকাশ কৰিছে ।
বালিজান সংৰক্ষিত বনাঞ্চলৰ পৰা চোৰাং কাঠ আৰু অত্যাধুনিক চেইন-স্ব জব্দ
-ডিগবৈ বন সংমণ্ডলৰ অধীনৰ লেখাপানী আঞ্চলিক বন বিভাগে আজি এক গোপন সূত্ৰৰ ভিত্তিত তদন্ত চলাই বালিজান সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায় ৩০ চি এফটি চোৰাং কাঠ আৰু এটা অত্যাধুনিক চেইন-স্ব জব্দ কৰিবলৈ সক্ষম হয়। অবৈধ ভাৱে কাটি মজুদ কৰি ৰখা কাঠখিনিৰ গৰাকীক অৱশ্যে বন বিভাগে আটক কৰিবলৈ সক্ষম নহল।তিনিদিন নেৰানেপেৰা তদন্তৰ অন্তত কাঠখিনি জব্দ কৰিবলৈ সক্ষম হৈছে বন বিভাগ।ডিগবৈ বন সংমণ্ডলৰ অধীনৰ বিশেষকৈ লেখাপানী আৰু জাগুন সংৰক্ষিত বনাঞ্চলত একাংশ বন দস্যুৱে জধে মধে মূল্যবান গছ সমূহ এফালৰ পৰা কাটি তহিলং কৰি আহিছে।এই ক্ষেত্ৰত লেখাপানী আৰু জাগুন আঞ্চলিক বন বিভাগে দিন ৰাতি একাকাৰ কৰি দায়িত্ব পালন কৰি আহিছে যদিও বন দস্যুক বন বিভাগৰ গতি বিধিৰ খবৰ যোগান ধৰা দালাল কেইজনমানৰ বাবেই আজি পৰ্যন্ত বন দস্যু কেইটা আটক কৰিব পৰা নাই বন বিভাগে।এই ক্ষেত্ৰত বনাঞ্চল সমূহ ৰক্ষা কৰাৰ স্বাৰ্থত অসম চৰকাৰ তথা বিভাগীয় মন্ত্ৰী জনে কিছু অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰাৰো প্ৰয়োজনীয়তা আছে। যদি এনেধৰণেই বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে দায়িত্ব পালন কৰিব লগীয়া হয় তেন্তে কোনো কাৰণতে নিমিত্ত মাত্র কেইজনমান বিষয়া কৰ্মচাৰীৰে এক বৃহত্তৰ মাটিকালিৰে পৰিবেষ্টিত বনাঞ্চল ৰক্ষা কৰাটো অসম্ভৱ হিচাপে এদিন প্ৰমাণিত হোৱাটো নিশ্চিত।
চাৰি লেনযুক্ত পথ নিৰ্মাণ সংস্থাৰ হেমাহিত প্ৰাণ গ’ল কলিয়াবৰৰ এজন যুৱকৰ
কলিয়াবৰৰ নলতলিত শনিবাৰে নিশা সংঘটিত এটি ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ প্ৰাক্তন ছাত্ৰ নেতা মৃগাঙ্ক বৰদলৈয়ে৷ কলিয়াবৰ তিনিআালি নিবাসী মৃগাঙ্কই নিশা ঢেকীয়াজুলিৰ পৰা বাইকৰে গৃহাভিমুখী হোৱাৰ পথত নলতলিত দলঙত খুন্দা মৰাৰ ফলতেই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷কৰ্মসূত্ৰে ঢেকীয়াজুলিৰ বন্ধন বেংকত চাকৰি কৰিছিল মৃঙ্গাঙ্কই। কৰ্মস্থলীৰ পৰা কলিয়াবৰৰ ঘৰলৈ উভতি অহাৰ পথতেই নলতলিত মটৰচাইকেল দুৰ্ঘটনাত পতিত হৈ কৰুণ মৃত্যুক আকোৱালি লয় প্ৰাক্তন আছু নেতা তথা অমায়িক যুৱক মৃঙ্গাঙ্ক বৰদলৈয়ে। মৃত্যুৰ সময়ত যুৱকজনৰ বয়স আছিল ৩৩ বছৰ। নিৰ্মিয়মান চাৰি লেনযুক্ত পথৰ নিৰ্মাণ সংস্থাৰ পথ নিৰ্দেশনাৰ গাফিলতিৰ বাবে নম্বৰ এ. এচ. ০২ এ. ডি. ২৪০৬ৰ মটৰচাইকেলখনে দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলত এই প্ৰাণঘাতক দুৰ্ঘটনাটো সংঘটিত হয়। ইতিমধ্যে, চুলুং আৰক্ষী তহলদাৰী চকীত এক গোচৰ ৰজু কৰিছে। অমায়িক, সামাজিক দায়বদ্ধতাৰে নিজৰ পৰিচয় দাঙি ধৰা কলিয়াবৰ মহাবিদ্যালয়ৰ একালৰ আলোচনী সম্পাদক মৃগাঙ্কৰ অকাল বিয়োগত কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা, কলিয়াবৰ প্ৰেছ ক্লাৱ, অসম যুৱ পৰিষদকে ধৰি বিভিন্ন অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।











