গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কুশধোৱা উন্নয়ন খণ্ড আৰু দুধনৈ কৃষি চক্ৰৰ সহযোগত আজি দৰংগিৰী গাঁও পঞ্চায়তৰ অধীনত মৈশখুলি খামাৰ গাঁওত পথাৰ দিৱসৰ সৈতে সংগতি ৰাখি কৃষক ৰাইজৰ সহযোগত মূল্যায়ন ব্যৱস্থাৰে বিভিন্ন জাতৰ ধান আনুষ্ঠানিকভাৱে কাটি প্ৰদৰ্শিত কৰা হয়। কৃষি বিভাগে উক্ত গাঁওত বিভিন্ন জাতৰ দহ বিধ ধানৰ বীজ ৰোপণ কৰিছিল। এই দহবিধ ধান ক্ৰমে- ৰঞ্জিত চাব-১, স্বর্ণ চাব-১, বাহাদুৰ চাব-১, পান যমুনা, শ্ৰীলংকা (থলুৱা), সঞ্জয় (থলুৱা), কুনকুনি জোহা, আইজং মসুৰী, পাতি (থলুৱা) আৰু জয়মতী। অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্পৰ অধীনত দৰংগিৰীৰ নিকটৱৰ্তী মৈশখুলি খামাৰ গাঁওত ডেৰ বিঘা মাটিত দহ বিধ ধানৰ বীজ ৰোপণ কৰাৰ পিছত আজি ধান সমুহ প্ৰদৰ্শনৰ বাবে কটা হয়। এই উপলক্ষে উক্ত গাঁওত আজি কৃষি বিভাগৰ উদ্যোগত এখন সভাৰ আয়োজন কৰা হয়। উক্ত সভাত দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী, গোৱালপাৰা জিলা কৃষি বিষয়া প্ৰসেনজিত বৰা, জিলা কৃষি বিভাগৰ সহকাৰী সঞ্চালক আব্দুল ৱাহিদ, গোৱালপাৰা মহকুমা কৃষি বিষয়া আবু বক্কৰ চিদ্দিক, দুধনৈস্থিত গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ কাৰ্যক্ৰম সমন্বয়ক তথা প্ৰধান বিজ্ঞানী ডঃ সন্তোষ বৈশ্য, পথাৰ শস্য বিশেষজ্ঞ ডঃ হৰিচৰণ কলিতা, কুশধোৱা খণ্ডৰ প্ৰযুক্তি প্ৰবন্ধক হোমেন ব্ৰহ্ম, কৃষি উন্নয়ন বিষয়া প্রিয়ংকু মজুমদাৰ, দৰংগিৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী অলকা ৰাভা, আন্তৰ্জাতিক কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি বিজ্ঞানী মৃদুপৱন মুদৈ উপস্থিত থাকি খেতি সম্পৰ্কে বিস্তৃত আলোচনা আগবঢ়ায়। উল্লেখযোগ্য যে গাওঁখনৰ খেতিয়ক দেবাজ্যোতি ৰাভাৰ ডেৰ বিঘা খেতিত এই দহ বিধ ধানৰ বীজ পৰীক্ষামুলক ভাবে ৰোপণ কৰা হৈছিল। খেতিয়ক গৰাকীয়ে জানিবলৈ দি কয় যে বিগত সময়ত কৰা খেতিতকৈ এই ধৰণে কৰা খেতি যথেষ্ট ভাল হৈছে। এনেদৰে বীজৰ সমহাৰেৰে ধানৰ খেতি কৰিব পাৰিলে খেতিয়ক সকল বেছি উপকৃত হব। আনহাতে কৃষি বিষয়া সকলে নিজৰ মন্তব্যত প্ৰকাশ কৰি কয়- পথাৰ দিৱসৰ সৈতে সংগতি ৰাখি মহান উদ্দেশ্য লৈ খেতিয়কৰ সহায়ৰ বাবে মূল্যায়ন পদ্ধতিৰে কৰা খেতিৰ বাবে যথেষ্ট উপকৃত হব। আগন্তুক সময়তো জিলা খনৰ বিভিন্ন ঠাইত এনে ধৰণে খেতি কৰি খেতিয়কক উপকৃত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়ে কৃষি বিষয়া সকলে। সভাৰ শেষত সকলোৱে খেতি পথাৰত নামি ধান সমূহৰ পৰীক্ষা নিৰীক্ষা কৰি খেতিয়ক সকলক বুজাই দিয়ে কৃষি বিষয়া সকলে।
মালয়ালম গীতত অভিনয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে টংলাৰ পূষাণ ভৰদ্বাজে
ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বৰজলাহৰ নিবাসী পিতৃ অনন্ত নাৰায়ণ ভট্টাচাৰ্য্য আৰু মাতৃ ভানু দেৱীৰ পুত্ৰ পূষাণ ভৰদ্বাজে টংলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। ভৰদ্বাজে ওদালগুৰি জিলাৰ পৰা প্ৰথম যুৱ মডেল হিচাপে ২০১৫ চনৰ পৰা মডেলিং জগতত খোজ পেলাই অৰুণাচলত অনুষ্ঠিত নৰ্থইষ্ট ইণ্ডিয়া ফেশ্বন উইক, ইষ্ট ইণ্ডিয়া ফেশ্বন উইক, নৰ্থইষ্ট কেলেণ্ডাৰ মডেলৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ফেশ্বন শ্ব’ত অংশগ্ৰহণ কৰি সুনাম কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ পূষাণ ভৰদ্বাজে মিষ্টাৰ অৰুণাচল ২০২১ৰ গ্ৰুমিং গুৰু হিচাপে কাম কৰে। তেখেতে মহিলা সবলীকৰণৰ গুৰুত্বৰে বিশেষকৈ যুৱতী শিপিনী সকলকলৈ তথা নৱপ্ৰজন্মক আগুৱাই নিয়াৰ উদ্দেশ্যে প্ৰতি বছৰে টংলাত মিষ্টাৰ আৰু মিছ এলিগেন্ট নামেৰে থলুৱা সাজপাৰৰ সৌন্দৰ্য প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰাৰ লগতে ২০১৭ চনত টংলাত প্ৰাৰম্ভ ইভেন্ট নামেৰে এটা গ্ৰুপৰ জন্ম দিয়ে। আনহাতে ভৰদ্বাজে বিভিন্ন অসমীয়া, হিন্দী, অৰুণাচলীৰ লগতে দক্ষিণ ভাৰতৰ মালয়ালম গীতৰ ভিডিঅ’ত অভিনয় কৰে। ইপিনে জনপ্ৰিয় অসমীয়া ৰং চেনেলত সম্প্ৰচাৰিত দুখনকৈ ধাৰাবাহিক গোলমাল আৰু অহা ২০২২ চনৰ মাৰ্চ মাহৰ পৰা সম্প্ৰচাৰ হ’বলগীয়া চেগুন পাতৰ কুঁহি নামৰ ধাৰাবাহিকত অভিনয় কৰে পূষাণ ভৰদ্বাজে। ইতিমধ্যে তেখেতে এনে বিভিন্ন কৰ্ম তথা অভিনয়ৰ জৰিয়তে অসমবাসীৰ মৰম বুটলিবলৈ সক্ষম হোৱাৰ লগতে টংলাবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তেখেতৰ এই যাত্ৰা অটুট ৰখাৰ লগতে ভৱিষ্যতে আৰু অধিক সফলতা অৰ্জনৰ বাবে সমূহ টংলাবাসী আৰু অসমবাসীৰ পৰা শুভেচ্ছা আৰু আশীৰ্বাদৰ লগতে মৰম বিচাৰে মডেল তথা অভিনেতা পূষাণ ভৰদ্বাজে।
শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ নকৰিব!
শীতকালত হিটাৰৰ অত্যাধিক ব্যৱহাৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে।গতিকে ৰুম হিটাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত স্বাস্থ্যৰ কি কি ক্ষতি হ’ব পাৰে জানো আহক:-
হিটাৰৰ অত্যাধিক ব্যৱহাৰে আৰ্দ্ৰতা হ্ৰাস কৰে, আনহাতে বায়ুত কম আৰ্দ্ৰতাৰ ফলত ছাল সম্পৰ্কীয় সমস্যাও হ’ব পাৰে।হিটাৰৰ অত্যাধিক ব্যৱহাৰে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ আশংকাও সৃষ্টি কৰে। হাপানীৰ ৰোগীসকলে কোঠাৰ হিটাৰ বেছি ব্যৱহাৰ কৰিব নালাগে।যদি হিটাৰ অধিক ব্যৱহাৰ কৰা হয়, ই অক্সিজেনৰ স্তৰ হ্ৰাস কৰে।হিটাৰ প্ৰয়োগ কৰোঁতে ইয়াক উপযুক্ত উষ্ণতাত ছেট কৰিব। লগতে বায়ুত আৰ্দ্ৰতাৰ স্তৰ বজাই ৰাখিবলৈ কোঠাটোত পানীৰ বাটি এটা ৰাখক।হিটাৰৰ সন্মুখত কাগজ, কম্বল বা কাঠ নাৰাখিব।হিটাৰৰ অত্যাধিক ব্যৱহাৰৰ ফলত চকুৰ জ্বলা-পোৰা বা খজুৱতি হ’ব পাৰে।
নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে সলনি কৰিলে ৰণনীতি!
বুধবাৰে ৰাজধানী পাটনাত বিহাৰ বিজেপিৰ কাৰ্যবাহী সভা অনুস্থিত হয় । বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা বিষয়টো আগুৱাই নিয়াৰ কথা চৰ্চা কৰে। বৈঠকখনৰ সভাপতিত্ব কৰে ৰাজ্যিক সভাপতি ড০ সঞ্জয় জয়ছোৱালে। জয়ছোৱালে কৈছে যে “বিজেপিয়ে ভাৰতক উন্নয়নৰ শীৰ্ষলৈ লৈ যাব বিচাৰে”।তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও তেওঁৰ দ্বিতীয় কাৰ্যকালত সাংস্কৃতিক জাতীয়তাবাদৰ আদৰ্শক ৰূপ দিবলৈ কাম কৰি আছে। বিজেপি নেতাজনে কৈছে যে কংগ্ৰেছে ৭০ বছৰ ধৰি গৰিবি হাটাওৰ শ্ল’গানত শাসন কৰিছিল আৰু তেওঁলোকৰ চাৰিটা প্ৰজন্ম দৰিদ্ৰতা নিৰ্মূলৰ নামত প্ৰধানমন্ত্ৰী হৈছিল কিন্তু দৰিদ্ৰতাৰ অৱসান হোৱা নাছিল। বিজেপিয়ে ২০২২ চনৰ ভিতৰত প্ৰতিজন ব্যক্তিক নিজৰ ঘৰ, শৌচালয়, বিদ্যুৎৰ যোগান ধৰিব।তেওঁ কয় যে আজি দেশখনে সাংস্কৃতিক উন্নতিও কৰি আছে। আমি এসময়ত প্ৰতিৰক্ষা সামগ্ৰীৰ সৰ্ববৃহৎ আমদানিকৰ্তা আছিলোঁ, কিন্তু এতিয়া প্ৰতিৰক্ষা খণ্ডৰ ৰপ্তানিকাৰী দেশসমূহৰ তালিকাত আছো”। একেখন বিধানসভা নিৰ্বাচনত বিজয়ৰ সন্দৰ্ভত বিজেপি সভাপতিগৰাকীয়ে কয় যে “যদি আমি বিহাৰৰ দুই-তৃতীয়াংশ আসন জিকিবলৈ সক্ষম হওঁ, তেন্তে এয়া হ’ব সকলো বিজেপি কৰ্মীৰ কঠোৰ পৰিশ্ৰম। বিজেপি নেতাজনে দাবী কৰিছে যে মুখ্যতঃ বিহাৰৰ ৰাস্তা, বিদ্যুৎ আৰু চিকিৎসালয়ত কাম কৰা হৈছে”। তেওঁ কৈছে যে “যোৱা ১৫ বছৰত চৰকাৰে কৰা কামবোৰ এক মাইলৰ খুঁটি হ’ব। এইটো প্ৰথমবাৰৰ বাবে বিহাৰে নিযুক্তি প্ৰদানৰ বাবে ইথানল, চামৰা আৰু আন্তঃগাঁথনি নীতি প্ৰস্তুত কৰিছে।”
আৰ্থিক দৈন্যতাৰ বাবে বিনা চিকিৎসাই এজন যুৱকৰ কৰুণ মৃত্যু
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁৱৰ ধনী ডেকা আৰু কনিকা ডেকাৰ একমাত্ৰ পুত্ৰ সন্তান ২১ বছৰীয়া যুৱক ৰতন ডেকা চিকিৎসাৰ অভাবত কৰুণ ভাবে মৃত্যুক সাবটিব লগা হয়। । জানিব পৰা মতে বুধবাৰে ৰাতিপুৱা ৰতনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত সন্ধিয়া ভাগত ৰতন ডেকাক ৰঙিয়া এখন ব্যাক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সন্ধিয়াভাগত তাতে তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে ৰতন ডেকাৰ দুয়োটা বৃক্কই বিকল বুলি চিকিৎসকে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে গাঁওবাসীয়ে কান্দোনত ভাগি পৰিছিল।পিতৃ শাৰীৰিক ভাবে অসুস্থ কাৰণে ৰতন ডেকাই পিতৃ মাতৃৰ বাবে দুবেলাৰ ভাতমুঠি যোগাৰ কৰিবলৈ ৰঙিয়াৰ এখন কিতাপ তথা বাতৰি কাকতৰ দোকানত কাম কৰি কোনোমতে চলি আছিল।কিছুদিন পুৰ্বে হঠাৎ ৰতন শৰীৰিক ভাবে অসুস্থ হৈ পৰাত পৰিয়ালে চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ত পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত ৰতনৰ দুয়োটা বৃক্কই বিকল হোৱা বুলি ডাক্তৰে জনোৱাৰ পিছত পৰিয়ালটোৰ লগতে ৰতনৰ জীৱনলৈ ঘোৰ অমানিশা নামি আহে।পিতৃ-মাতৃয়ে আনৰ পৰা ধন ধাৰত লৈ বিভিন্নখন চিকিৎসালয়ৰ লগতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালতো চিকিৎসা কৰিলে যদিও ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা থমকি ৰৱলগা হয়। উল্লেখ্য যে চিকিৎসকে ৰতনৰ চিকিৎসাৰ বাবে ৩০/৩৫ লাখ টকাৰ প্ৰয়োজন বুলি কোৱাত উপায়ন্তৰ হৈ পিতৃ মাতৃৰ লগতে গাঁওবাসীয়ে অসম চৰকাৰ তথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সহায়ৰ আহ্বান জনোৱাৰ লগতে নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সেৱ কেন্দ্ৰত সহায় বিচাৰি আবেদন-নিবেদন কৰিছিল যদিও কোনো সুফল নাপালে বুলি পৰিয়ালৰ তৰপৰ জানিব পৰা গৈছে।উল্লেখ্য যে ৰাজ্য চৰকাৰে দুখীয়া দৰিদ্ৰ লোকৰ বাবে কেইবাখনো অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও ৰতনৰ দৰে এনেকুৱা দাৰিদ্ৰ যূৱকৰ ক্ষেত্ৰত কোনো এখন চৰকাৰী আঁচনিয়ে কিয় ঢুকি নাপালে বুলি ঘগ্ৰাপাৰ আঞ্চলিক ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যূৱ ছাত্ৰ পৰিষদ,ঘগ্ৰাপাৰ আঞ্চলিক সমিতিকে ধৰি পৰিয়ালয়ে ক্ষোভ প্ৰকাশ কৰিছে।
বোকাখাতত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন
উত্তৰ পুৱ ভাৰতৰ ধৰ্মীয়, সাহিত্য, সংস্কৃতিৰ অৰাজনৈতিক অনুষ্ঠান শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰচাৰ শাখা সমিতিৰ উদ্যোগত আৰু বোকাখাত জিলা শাখাৰ আতিৰ্থ্যত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায় ৷ উজনিৰ ১৪ খন জিলা শাখাৰ পৰা অহা এশৰো অধিক পশিক্ষাৰ্থীয়ে ভাগ লয় এই কৰ্মশালাত ৷ বুধবাৰে বোকাখাত জিলা শাখাৰ সদৰ আঞ্চলিক শাখাৰ অন্তৰ্গত বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ নামঘৰত পুৱা দহ বজাত নাম পঞ্জীয়নৰ পাছতেই উদ্বোধনী সভা অনুষ্ঠিত হয় ৷ উদ্বোধনী সভাৰ সভাপতিত্ব কৰে পচাৰ শাখা সমিতিৰ সভাপতি সোনাৰাম ভাগৱতীয়ে ৷ এটি প্ৰাৰ্থনাৰে আৰম্ভণী হোৱা সভাৰ চিনাকী পৰ্বৰ আটঁধৰে মূলৰ প্ৰচাৰক কামিনী দত্তই ৷ প্ৰচাৰ শাখা সমিতিৰ সম্পাদক নবিন দাসে সভা খন উদ্ধোধন কৰাৰ লগতে উদ্দেশ্য ব্যাখ্যাও কৰে ৷ ইয়াৰ পিছতেই পৃথকে পৃথকে ২ টা স্থানত বক্তা আৰু বিবাহ পৰিচালকৰ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় ৷ বিষ্ণুপুৰ প্ৰাথমিক শাখাৰ নামঘৰত বিবাহ পৰিচালক সকলক সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে প্ৰচাৰ শাখা সমিতিৰ সভাপতি সোনাৰাম ভাগৱতীয়ে ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য ক’লা বিভাগৰ অধ্যাপক মৃণাল কুমাৰ বৰুৱাই বক্তাৰ প্ৰশিক্ষাৰ্থী সকলক সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰে জিলা শাখাৰ নামঘৰ প্ৰাঙ্গনত থকা শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যালয়ৰ পেক্ষাগৃহত ৷ দুয়োজন সমল ব্যক্তিয়েই প্ৰশিক্ষাৰ্থী সকলক সুন্দৰ ভাৱে প্ৰশিক্ষণ প্ৰদান কৰে ৷ প্ৰশিক্ষণৰ অন্তত বিভিন্ন জিলা শাখাৰ পৰা অহা দুয়োটা বিভাগৰ ১২২ গৰাকী পশিক্ষাৰ্থী সকলৰ মাজত মানপত্ৰও প্ৰদান কৰে প্ৰচাৰ শাখাৰ সমিতিয়ে ৷ অনুস্থানত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ পৰিকল্পনা আৰু যোগাযোগ উপ সমিতিৰ সম্পাদক প্ৰদীপ হাজৰিকা, বোকাখাত জিলা শাখাৰ মূলৰ সদস্য আৰু শৰণ সদস্য যোগেশ লয়িং, বোকাখাত জিলা শাখাৰ সভাপতি ধনেশ্বৰ লইংকে আদি কৰি জিলা শাখাৰ বিভিন্ন বিষয় ববীয়া সকল উপস্থিত থাকে ৷ বোকাখাত জিলা শাখাৰ সম্পাদক যতিন লইঙে শলাগৰ শৰাই আগ বঢ়োৱা অনুষ্ঠানটি গুৰু বন্দনাৰে পৰিসমাপ্তি ঘটে ৷
বিবাহিত মহিলাই কোলাত কেঁচুৱালৈ মছজিদৰ চাঁদত উঠি আত্মহত্যাৰ চেষ্টা
বুধবাৰে মৰিগাঁও মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰ গাঁৱৰ জামে মছজিদত ঘটিল এক আজৱ কাণ্ড। এগৰাকী মহিলা নাম-চাজুন বেগম ,স্বামী – ৰিয়াজুদ্দিন ।চাজুন বেগমে মিকিৰভেটা থানাৰ অন্তৰ্গত মিকিৰ গাঁৱৰ জামে মছজিদৰ চাঁদত উঠি আত্মহত্যা কৰা প্ৰচেষ্টা কৰিছে।চাজুন বেগমে চিঞৰী চিঞৰী কয় যে তেৱৰ স্বামীৰ পৰিয়ালে তেওঁক মানসিক আৰু শাৰিৰীক ভাৱে কষ্ট দি আহিছে।এই সংক্ৰান্তত আৰক্ষীক অৱগত কৰাত কোনোধৰণৰ পদক্ষেপ নোলোৱাৰ বাবে এই পথ বাচি লৈছে। অৱশ্যে আৰক্ষী আৰু ৰাইজৰ সহযোগিতাত কেঁচুৱাৰ সৈতে মহিলা গৰাকীক সুস্থ শৰীৰে উদ্বাৰ কৰে।
ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকালৈ ” ২০২১ বৰ্ষৰ টীয়কপৰীয়া সাহিত্য বঁটা”
টীয়কৰ অগ্ৰণী কাব্যানুষ্ঠান ”শিকলি”ৰ উদ্যোগত প্ৰৱৰ্তন কৰা বাৰ্ষিক বঁটা ” প্ৰয়াত চন্দ্ৰকান্ত হাজৰিকা আৰু পুতু হাজৰিকা সোঁৱৰণী টীয়কপৰীয়া সাহিত্য বঁটা ২০২১ ” প্ৰদানৰ অৰ্থে ‘ ৰহস্য সম্ৰাট ‘ খ্যাত বৰেণ্য সাহিত্যিক ৰঞ্জু হাজৰিকাক নিৰ্বাচিত কৰা হৈছে ।২০২০ চনত পোনপ্ৰথমবাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছিল বৰেণ্য সাহিত্যিক ,গৱেষক অধ্যাপক তথা চিত্ৰকৰ ড° ভাৰত বৰাক ।অসমীয়া সাহিত্যজগতৰ ‘ৰহস্য সম্ৰাট ‘ , এক বিস্ময়কৰ প্ৰতিভা তথা সাতশৰো অধিক অভিলেখ সংখ্যক গ্ৰন্থ ৰচনা কৰা সাহিত্যিক ৰঞ্জু হাজৰিকাক দ্বিতীয় বৰ্ষৰ বাবে এই বঁটা প্ৰদান কৰিবলৈ সুযোগ লাভ কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰিছে ‘শিকলি’ কাব্যালোচনীৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকা , সহকাৰী সম্পাদক হেমন্তজ্যোতি গগৈ আৰু এই বঁটাৰ দাতা টীয়ক নিবাসী কবি দেৱজিত হাজৰিকাই । উক্ত বঁটাটিত থাকিব গামোচা -চেলেং , প্ৰশস্তি পত্ৰ , স্মাৰক , গ্ৰন্থৰ টোপোলা তথা নগদ ধন । আগন্তুক বসন্ত ঋতুত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ যোগেদি বৰেণ্য সাহিত্যিকগৰাকীক উক্ত বঁটাটি প্ৰদান কৰা হ’ব বুলি জনায় শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই ।
‘মুখ্য মন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনিৰ’ চেক বিতৰন
বুধবাৰে অসম চৰকাৰৰ বিত্ত আৰু সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী তথা নলবাৰী জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে মুখ্যমন্ত্ৰীৰ ক’ভিড বিধৱা সাহাৰ্য্য আঁচনি’ৰ অধীনত নলবাৰী জিলাত দ্বিতীয় পৰ্য্যায়ত ১৮ গৰাকী হিতাধিকাৰীৰ মাজত আঢ়ৈ লাখ টকাকৈ চেক বিতৰণ কৰে।উল্লেখ্য যে যোৱা জুলাই মাহত প্ৰথম পৰ্য্যায়ত ৩৫ গৰাকী হিতাধিকাৰীৰ মাজত এই চেক বিতৰণ কৰা হৈছিল। জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু উপায়ুক্ত গীতিমণি ফুকন সহিত বুধবাৰে বিয়লি ৪.৩০ বজাৰ পৰা অনুষ্ঠিত সভাখনত অভিভাৱক মন্ত্ৰী গৰাকীয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰী অন্যান্য গুৰুত্বপূৰ্ণ আঁচনিসমূহ যেনে- অৰুনোদয়, বিধৱা পেঞ্চন আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি, দিব্যাংগ পেঞ্চন আঁচনি, অটল অমৃত যোজনা, প্ৰধানমন্ত্ৰীৰ জন আৰোগ্য আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদিৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে আৰু এই আঁচনি সমূহৰ অধীনত পাবলগীয়া সুবিধা বা প্ৰাপ্য সহজতে, সময়মতে আৰু সঠিকমতে পাই আছে নে নাই তাৰ বিষয় সন্দৰ্ভত সবিশেষ বুজ লয়। মন্ত্ৰী গৰাকীয়ে একেখন সভাতেই কেইটামান বিভাগৰ কামৰ পৰ্য্যালোচনাও কৰে । বৰ্তমানৰ ক’ভিডৰ বিৰুদ্ধে চৰকাৰৰ তৰফৰ পৰা সফলতাৰে চলাই অহা যুঁজখন আৰু অধিক ফলপ্ৰসু কৰাৰ বাবে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চলকক নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ১০০% ক’ভিড টীকাকৰণ শুনিশ্চিত কৰিবলৈ কয়।তেখেতে লগতে কয় যে – পৰৱৰ্তী সময়ত ক’ভিডৰ তৃতীয়টো ঢৌ আহিলেও অৰ্থনীতিৰ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে লক ডাউন ঘোষনাৰ পৰা বিৰত থকাৰ এটা পৰিকল্পনাত আছে আৰু তেনেস্থলত ক’ভিডৰ সৈতে সহাৱস্থান কৰি আগুৱাই যাওঁতে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে কিয়নো দুয়োপালি গ্ৰহণ কৰাসকল ক’ভিডৰ কৱলত কোনো প্ৰকাৰে পৰিলেও বৰ বেছি এটা ক্ষতিৰ সন্মুখীন হ’বলগীয়া নহ’ব। সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা বিতৰণ কৰি থকা পুষ্টিকৰ খাদ্য সামগ্ৰী শিশুসকলে সময়মতে পাই আছে নাই তাৰো বুজ লয়। তেখেতে খাদ্য সামগ্ৰী সমূহ আকৰ্ষণীয় পেকেটিং কৰি দিয়াৰো পৰামৰ্শ আগবঢ়ায়। ঠিক সেইদৰে মন্ত্ৰী গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত চলি থকা ‘জল জীৱন মিছন’ৰ কামৰো অগ্ৰগতিৰ বুজ লয় আৰু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় বিষয়াক কঠোৰভাৱে সঁকিয়াই দিয়ে। ইতিমধ্যে লৈ থোৱা কামসমূহ সম্পুৰ্ণ কৰিব নোৱাৰা ঠিকাদাৰসকলক নতুন কোনো কাম নিদিয়াৰ বাবেও মন্ত্ৰী গৰাকীয়ে সকলো বিভাগকে সাৱধান কৰি দিয়ে।আজিৰ এই সভাত নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা আৰু মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত গোস্বামী, বিশিষ্ট সমাজকর্মী মৃগাংক তালুকদাৰ, অতিৰিক্ত উপায়ুক্তসকল ক্ৰমে-কল্পনা ডেকা, ফিৰদৌছ আলম, সম্প্ৰীতি গোস্বামী আৰু ছয়নিকা ঠাকুৰীয়া, মহকুমাধিপতি (সদৰ) সঞ্জীৱ ফুকন আৰু জিলা প্ৰশাসনৰ অন্যান্য সংশ্লীষ্ট বিষয়াবৰ্গ উপস্থিতি থাকে।
কেন্দ্ৰীয় কেবিনেটৰ বৃহৎ সিদ্ধান্ত
বুধবাৰে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বহা কেন্দ্ৰীয় কেবিনেটে লয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৃষি আইন প্ৰত্যাহাৰৰ সিদ্ধান্তক অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ।

কেন্দ্ৰীয় কেবিনেটৰ অন্য এক বৃহৎ সিদ্ধান্ত, দেশৰ ৮০ কোটি পৰিয়ালক “গৰীৱ কল্যান অন্ন যোজনা” অধীনত দিয়া বিনামূলীয়া ৰেচন অব্যাহত থাকিব।

২০২২ চনৰ মাৰ্চ পৰ্যন্ত অব্যাহত থাকিব এই বিনামূলীয়া ৰেচন। এই আচঁনিৰ অধীনত এতিয়ালৈ ২ লাখ ৭ হাজাৰ কোটি টকা খৰচ কৰিছে কেন্দ্ৰই।











