সমগ্ৰ ৰাজ্যৰ লগতে আজি টীয়কৰ হোলোঙাপাৰ স্থিত জাতীয় বীৰ লাচিত মৈদাম প্ৰাংগনটো দিন যোৰা কাৰ্যসূচীৰে পালন কৰা হয় লাচিত দিৱস । পুৱা বন্তি প্ৰজ্বলন কৰি লাচিতৰ প্ৰতিমূৰ্তিত মাল্যপৰ্ণ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাসে ।ইয়াৰ পিছতে শ্বহীদ তৰ্পন কৰে লাচিত মৈদাম সংৰক্ষণ সমিতিৰ বিষয় ববীয়াই। কাৰ্যসুচিৰ লগত সংগতি ৰাখি এক চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত কৰে । অনুষ্ঠিত প্ৰতিযোগিতা ভাগি হোলোঙাপাৰ জিলা পৰিষদৰ সভাপতি প্ৰণতি বৰপাত্ৰ গোহাঁইয়ে শুভাৰম্ভ কৰাৰ লগতে কাকজান মহাবিদ্যালয় সহযোগি অধ্যাপক তুফেল জিলানি,যোৰহাট জিলা বিজেপিৰ যুৱ মৰ্চা সম্পাদক আইচেং সন্দিকৈ, স্থানীয় শিক্ষক হীৰেন শৰ্মা,হৰেন বৰুৱা,মহেন্দ্ৰ গগৈ উপস্থিত থাকি সৌস্তব বৃদ্ধি কৰে । লগতে এই কাৰ্যসূচিত লাচিত সেনা ,আহোম সেনাকে ধৰি বিভিন্ন অনুষ্টান প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াই ।
লাহৰীঘাটত দুজন ড্ৰাগছ সৰবৰাহী আটক
মৰিগাঁও জিলাৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত।ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক । মঙলবাৰে বৰবড়ী গাঁৱৰ পৰা ৩৬.০২ গ্ৰাম ড্ৰাগছ সহ ড্ৰাগছ সৰবৰাহকাৰী দুটা হল ডিমাপুৰৰ ইজাজ আলী আৰু আবজুল হুছেইন ।আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমন ড্ৰাগছ মাফিয়াৰ ।ড্ৰাগছ মাফিয়াৰ আক্ৰমনত লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিত বড়ো সহ দুই কনিষ্টবল ।উল্লেখ্য যে জব্দ কৰা ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা আনিছিল ।ধৃত ড্ৰাগছ সৰবৰাহী কাৰীৰ বিৰুদ্ধে 812/21 গোচৰ ৰুজু কৰি U/S 353/333/201, IPC R/W Section 21(b) /29 NDPS Act ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে।
বঙাইগাঁওত মিনি কেবিনেট ! মূখ্যমন্ত্রীয়ে প্ৰকাশ কৰিলে কেবাখনো প্ৰতিবেদন
মঙলবাৰে বঙাইগাঁৱত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় কেবিনেট বৈঠক। মিনি কেবিনেটৰ পূৰ্বে বঙাইগাঁও জিলাৰ সম্পূৰ্ণা প্ৰকল্প, সমগ্ৰ শিক্ষা, জিলাখনৰ বানপানী সমস্যা, বঙাইগাঁও জিলাত সৌভাগ্য প্ৰকল্প আৰু বঙাইগাঁও নগৰৰ একত্ৰিত নগৰ আন্তঃগাঁথনি ব্যৱস্থাপনা আৰু নৱীকৰণ কাৰ্যসূচী সন্দৰ্ভত ৫খন প্ৰতিবেদন মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুকলি কৰা প্ৰতিবেদনসমূহত বঙাইগাঁও জিলা প্ৰশাসনে প্ৰকল্পসমূহ ৰূপায়ণৰ ক্ষেত্ৰত কৰা বিভিন্ন সাফল্যৰ ওপৰত আলোকপাত কৰিছে।
নাজিৰা কবি সন্মিলনৰ “চোতাল” অনুষ্ঠান সম্পন্ন
ওপৰ নাজিৰা বুদবাৰীৰ ঐতিহাসিক সত্ৰৰ কাষত দিখৌ নৈৰ পলসুৱা ভূমিত নকৈ গঢ়ি উঠা ইক’ টুৰিজম ক্ষেত্ৰত ২১ নৱেম্বৰত মিলিত হয় কবি সকল । “চোতাল” শীৰ্ষক অনুষ্ঠানৰ মাজত কবি অজিত খাটনিয়াৰৰ কবিতা পুথি “একলব্য” উন্মোচন কৰে বিশিষ্ট নিৱন্ধকাৰ, সমালোচক চামচুল বাৰিকে । “সামাজিক উত্তৰণত কবিতাৰ ভূমিকা” শীৰ্ষক বিষয়ত নিৰ্দিষ্ট বক্তাৰ ভাষণ দাঙি ধৰি বিশ্বৰ বৰেণ্য কবিসকলৰ মাজৰপৰা কীটছ, শ্যেলী, ৱৰ্ডচৱৰ্থৰ কবিতাৰ পংক্তিৰে সামাজিক দায়ৱদ্ধ কবিতাৰ ভাবাৰ্থ বৰ্ণনা কৰি বক্তৃতা আগবঢ়ায় সোণাৰাম খনিকৰে । অসমীয়া কবিতাৰ সন্দৰ্ভত তেওঁ কয় “মানৱ জাতিৰ ইতিহাসৰ সমৃদ্ধ জ্ঞান প্ৰতিফলিত কৰা সমাজ সাপেক্ষ সৃষ্টিয়ে কবিতাৰ আকাশ ফৰকাল কৰিব ।” অসমীয়া কবিৰ মাজত জনচেৰেকৰ এনে কৰ্ষণে অসমীয়া কবিতালৈ ইতিবাচকতা কঢ়িয়াই আনিছে বুলি কোৱাৰ লগতে শব্দক বুলেটৰ ৰূপত প্ৰয়োগ কৰি সমাজক সমালোচনা কৰিবলৈ কবি প্ৰস্ত্তত থাকিব লাগিব বুলি কয় একালৰ ইংৰাজী সাহিত্যৰ অধ্যাপক আৰু অসম চৰকাৰৰ অৱসৰ প্ৰাপ্ত যুটীয়া সচিব সোণাৰাম খনিকৰে । শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্য্যসূচীত শুভেচ্ছা মূলক বক্তব্যৰে আদৰণি জনায় নাজিৰা কবি সন্মিলনৰ সভাপতি অজিত খাটনিয়াৰে । নাজিৰা কবি সন্মিলনৰ সম্পাদক হৰেন চন্দ্ৰ নাথে আঁত ধৰা কাৰ্য্যসূচীৰ উদ্বোধন কৰে গড়গাঁও কলেজৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক ড’ ক্ষীৰোদ গগৈয়ে । নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপে স্বৰচিত কবিতা পাঠেৰে কাব্যপাঠৰ শুভাৰম্ভ কৰে । বিশিষ্ট কবি সমালোচক ৰাজীৱ বৰা, নতুন সাহিত্য পৰিষদৰ শিৱসাগৰ জিলাৰ সভাপতি দিলীপ ফুকন, জ্যেষ্ঠ সাংবাদিক বীৰেণ শৰ্মা, শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ড’ জীৱন কলিতা, নাজিৰা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি তৰুণ চন্দ্ৰ নাথ, সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঁই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে । স্বৰচিত কবিতা পাঠ কৰে নীলাক্ষি দত্তবৰুৱা, মঞ্জু ঘৰফলীয়া বৰা, নৱাব নাৰ্জী ইছলাম, লাৱণ্য দত্ত ফুকন, অনামিকা বৰা, সিদ্ধান্ত বৰগোহাঁই, দেৱানন্দ দত্ত, ৰবীন বৰঠাকুৰ, মিতালী শৰ্মা, সুৰেশ ভূঞা, প্ৰণিতা দত্ত, হেমন্ত ৰাজখোৱা, অৰুণা চেতিয়া খাটনিয়াৰ, শিখা বুঢ়াগোহাঁয়ে । শিৱপ্ৰসাদ শইকীয়া, নিৰুপমা দত্তই গীত পৰিৱেশন কৰে । বৰ্ষীয়ান ব্যক্তি ডিম্বেশ্বৰ খাটনীয়াৰ, লেখিকা অসমী গগৈ বৰুৱা, শিক্ষক গোপাল বৰুৱা উপস্থিত থকা অনুষ্ঠানত শিৱসাগৰ জিলা কবি সন্মিলনৰ নৱ নিৰ্বাচিত সম্পাদক সুৰেশ ভূঞাক সম্বৰ্দ্ধনা জনোৱা হয়।
সদনৰ বৈঠকত মনোনীত কাউন্সিলাৰ আৰু আপৰ বিধায়কৰ মাজত হাতাহাতি
মঙলবাৰে উত্তৰ দিল্লী পৌৰ নিগমৰ সদনৰ বৈঠকত দিল্লী চৰকাৰৰ আবকাৰী নীতি, দিল্লীত প্ৰদূষণৰ স্তৰ বৃদ্ধি আৰু পৌৰ নিগমৰ কৰ্মচাৰীসকলক দৰমহা পৰিশোধ নকৰাক লৈ এক হুলস্থূল পৰিৱেশৰ সৃষ্টি হয়। ইফালে, বিজেপি শিবিৰলৈ যোৱা মনোনীত কাউন্সিলাৰ আৰু ভিজেন্দৰ যাদৱ আৰু আপৰ বিধায়ক তথা পৌৰ নিগমৰ মনোনীত মহেন্দ্ৰ গুপ্তাৰ মাজত তৰ্কাতৰ্কিৰ সূত্ৰপাত হয়। যাৰ বাবে, সদনত কোনো বিষয় আলোচনা কৰিব পৰা নহ’ল।ইফালে, বিজেপিৰ কৰ্পোৰেটৰসকলে আবকাৰি নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰে। হুলস্থূল বাঢ়ি অহাৰ লগে লগে মেয়ৰে সভাখন ১০ মিনিটৰ বাবে স্থগিত ৰাখে।বৈঠক পুনৰ আৰম্ভ হোৱাৰ পিছতো দুয়োপক্ষই হুলস্থূল কৰিবলৈ আৰম্ভ কৰে। ইফালে, মনোনীত পাৰ্শ বিজেন্দ্ৰ যাদৱে চাহপাতৰ পানীৰ বটলবোৰ মূৰত ৰাখি হুলস্থুল সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। আপৰ বিধায়ক মহেন্দ্ৰ গুপ্তাই তেওঁৰ পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰে আৰু দুয়োৰে মাজত হাতাহাতিৰ সৃষ্টি হয়। ইয়াৰ বাবে, মেয়ৰে কাৰ্যসূচী গৃহীত কৰে আৰু সভাস্থগিত কৰে।
বৰপেটাৰ দৰিদ্ৰ পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ই-ৰিক্সা প্ৰদান
বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালক আজি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন ই-ৰিক্সা প্ৰদান কৰা হয় । বৰপেটাৰ ঘোঁৰামাৰা হাটীৰ প্ৰয়াত জিতু দাসৰ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ পথ হিচাপে দুখীয়া পৰিয়ালটোলৈ এই ই-ৰিক্সা খন প্ৰদান কৰে সংস্থাটোৱে । আজি আজমল ফাউণ্ডেশ্যনৰ হৈ মুফতি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে প্ৰয়াত জিতু দাসৰ বাসগৃহত উপস্থিতহৈ পৰিয়ালৰ লোকৰ হাতত ই-ৰিক্সাখন প্ৰদান কৰে । উল্লেখ্য যে বৰপেটা চহৰত ঠেলা চলাই কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা জিতু দাস নামৰ লোকগৰাকীয়ে এবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে । মৃত্যুৰ পূৰ্বেও লোকগৰাকীৰ চিকিৎসাৰ সহায়ৰ বাবে আজমল ফাউণ্ডেশ্যনৰ হকে মুফ্তি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল যদিও চিকিৎসাধীন অৱস্থাতেই লোকজন মৃত্যুমুখত পৰে । দুগৰাকী ল’ৰা -ছোৱালী আৰু পত্নীৰে সৈতে দুখীয়া পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী লোকগৰাকী এইদৰে মৃত্যু হোৱাৰ পিছত পৰিয়ালটো এক অভাৱনীয় আৰ্থিক দূৰ্যোগৰ সন্মুখীন হয় ৷ পৰিয়ালটোৰ দূৰ্দশাৰ কথা অনুধাৱন কৰি আৰু এইক্ষেত্ৰত বৰপেটাৰ স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি সকলক অৱগত কৰে । পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিয়ালটেক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোক উপাৰ্জনৰ পথ এটা মোকলাই দিয়া আৰু দুৰ্ভগীয়া পৰিয়ালটোক সকাহ হ’ব পৰাকৈ আজমল ফাউণ্ডেছনৰ তৰফৰ পৰা ই-ৰিক্সাখন প্ৰদান কৰে ৷ দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আজমল ফাউণ্ডেছনে লোৱা উদ্যোগ আৰু এইক্ষেত্ৰত সাংবাদিক পুলেন্দ্ৰ দাসে লোৱা তৎপৰতাত স্থানীয় লোকে আদৰনি জনোৱাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ বাবে পৰিয়ালটোৱে কৃতজ্ঞতা জনায় ।
ধৰ্মপ্ৰাণ মহিলা ফুলবানু বেগমৰ মৃত্যুত শোক
কামৰূপ জিলাৰ পাতিদৰং মৌজাৰ মহিপালকুচি নিবাসী ধৰ্মপ্ৰাণা মহিলা মিচেছ ফুলবানু বেগমৰ মংগলবাৰে বিয়লি ২-৫০ বজাত মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেখেতৰ বয়স ৭৫ বছৰ হৈছিল ৷ তেখেত কেইবাদিন ধৰি অসুস্থ অৱস্থাত আছিল ৷ মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, দুজনী বিবাহিত জীয়ৰী, নাতি-নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ তেখেত এগৰাকী সহজ সৰল অন্তৰৰ সকলোৰে প্ৰতি মৰম থকা মহিলা আছিল ৷ তেখেতৰ জানাজা নামাজ আজি পুৱা ৯-০০ বজাত সম্পন্ন কৰা হয় ৷ জানাজা নামাজত ইমামতি কৰে পাথৰিঘাট ২নং জামে মছজিদৰ পেচ ইমাম মৌলানা ইব্ৰাহিম আলী ক্বাদিৰীয়ে৷ দফনৰ পিছত দুআ’ সম্পন্ন কৰে বিশিষ্ট লেখক, কবি, সামাজিক বিশ্লেষক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীয়ে৷ উল্লেখ্য যে এই অঞ্চলৰ লোকসকল আহলে ছুন্নত ৱাল জামাআতৰ অনুগামী হয় যদিও অঞ্চলটোত ছুন্নীয়তৰ নিয়মসমূহ যথাযথভাৱে পালন কৰাৰ ক্ষেত্ৰত আগভাগ ল’বলৈ বিশেষ কোনো আলিম, ফাজিল নোহোৱাত অন্য ফিৰকাৰ আলিমসকলে প্ৰভাৱ বিস্তাৰ কৰি আছিল ৷ সেয়ে এই সম্পৰ্কে বৰ্তমান ছুন্নীয়তৰ বিশেষ প্ৰচাৰক মুহাম্মাদ ফাৰুক আব্দুল্লাহ নূৰীৰ সৈতে যোগাযোগ কৰি অঞ্চলটোৰ ৰাইজে ছুন্নীয়তক পুনৰ জিন্দা কৰাৰ কাৰ্যব্যৱস্থা হাতত লয় আৰু আজি মৰহুমা ফুলবানু বেগমৰ জানাজা নামাজৰ মাধ্যমেৰে ছুন্নীয়তৰ এটি নিয়ম জানাজা নামাজ সম্পন্ন কৰাৰ পিছৰ দোৱা কৰণৰ দ্বাৰা ইয়াক আৰম্ভ কৰা হয়৷ তেখেতৰ মৃত্যুত ৰাজা ফাউণ্ডেশ্যন,অসম, মহিপালকুচি জামে মছজিদ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ধৰ্মপ্ৰাণা মহিলাগৰাকীৰ মৃত্যুত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে ।
গৌৰীপুৰৰ চুপাৰীঘাটত ৱাইন শ্বপ বন্ধৰ দাবীত ৰাইজৰ প্ৰতিবাদ
ৰাজ্য খনত শাসক পৰিবৰ্তন হৈছে কিন্তু শাসন ব্যৱস্থাৰ একো পৰিবৰ্তন হোৱা নাই । ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা এক কিলোমিটাৰ দূৰত্বত মদৰ দোকান খুলিব পাৰে যদিও চুপাৰীঘাটত ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা মাত্ৰ ১৫ মিটাৰ মান দূৰত্বত দীৰ্ঘ দিন ধৰি চলাই গৈছে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা । উল্লেখ্য যে, ওৱাইন শ্বপৰ নিচেই কাষতে অৱস্থিত বি এছ এফৰ কেন্দ্ৰীয় বিদ্যালয়, ৰঙা মাটি মহাবিদ্যালয়, প্ৰাথমিক বিদ্যালয় আৰু ঐতিহাসিক নবাবী ঈদগাহ মাঠ , শনি মন্দিৰ । উক্ত মদৰ দোকানৰ সন্মুখেদি স্কুল – কলেজীয়া ছাত্ৰী আৰু আই মাতৃৰ অহা যোৱা কৰাটো একজটিল সমস্যাই গা – কৰি উঠিছে । যাৰ বাবে চুপাৰীঘাটৰ স্থানীয় ৰাইজে ওৱাইন শ্বপ খন উক্ত স্থানৰ পৰা স্থানান্তৰ কৰাৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে ।ৰাইজে AS 01 JC 5832 নম্বৰৰ সুৰা ভৰ্ত্তি ট্ৰাক আটক কৰি নাম ফলক বিহীন সুৰাৰ দোকান খন বন্ধ কৰাৰ দাবী জনায়।
ঠিকাদাৰৰ চূড়ান্ত গাফিলতিৰ ফলত জীয়াতু ভুগিছে জনসাধাৰণে
শিৱসাগৰ জিলাৰ ডিমৌত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ হোৱা পথত ব্যাপক বিসংগতি হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে। বিভাগটোৰ দ্বাৰা বান্ধি দিয়া পথ নিৰ্মাণৰ ম্যাদ উকলি যোৱাৰ পাছতো আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল গ্ৰাম চড়ক যোজনাৰ পকী পথ নিৰ্মাণৰ কাম । অঞ্চলটো হৈছে ডিমৌ আঠাবাৰী হিলৈধাৰী গাওঁৰ পৰা বৰদিৰৈ সংলগ্ল চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো। দুখৰ বিষয় যে বিগত ২০২০ বৰ্ষৰ ২০ মার্চৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ কৰি চলিত বৰ্ষৰ ১৯ জানুৱাৰীত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা হল বুলি পথৰ দাঁতিত ডাঙৰকৈ ফলক আঁৰি দিলে যদিও নিৰ্ধাৰিত সময় পৰ্যন্ত কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম নহ’ল ঠিকাদাৰ সঞ্জীৱ মেথিউজ। যাৰ ফলত এতিয়া অঞ্চলবাসী প্ৰতিটো ক্ষণতে যমৰ যাতনা ভুগ কৰিব লগা হৈছে। মাত্র এটা বছৰৰ পূৰ্বে নিৰ্মাণ কৰা এই পথটোৱেদি গাড়ী বা মটৰচাইকেল চলাই যোৱাটো দূৰৰে কথা সাধাৰণ এখন চাইকেলেৰে অহা-যোৱা কৰিবলৈও চিন্তিত হৈ পৰে স্থানীয় লোকসকল। আনহাতে ঠিকাদাৰ সঞ্জীৱ মেথিউজে পথ নিৰ্মাণত ব্যৱহাৰ কৰা ডাঙৰ ডাঙৰ শিলগুটি সমূহ পথৰ ওপৰতে চেদেলি-ভেদেলিকৈ পেলাই থোৱাত উক্ত পথেৰে অহা-যোৱা কৰা প্ৰতিজন লোকে সমস্যাৰ সম্মুখীন হৈ অহাৰ লগতে বৰ্তমানলৈকে কেইবাজনো লোক এই পথটোত দূৰ্ঘটনাত পতিত হৈ আহত হব লগীয়া হৈছে বুলি ৰাইজে অভিযোগ কৰিছে। ইফালে, স্থানীয় ৰাইজে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা তথা বিভাগীয় বিষয়াসকলক অতিশীঘ্ৰে পথটি নিৰ্মাণৰ ব্যবস্থা কৰিবলৈ দাবী জনাইছে।এই পথ নিৰ্মাণৰ কাম শীঘ্রে সম্পুর্ণ কৰাৰ ব্যবস্থা কৰিবলৈ স্হানীয় বিধায়ক আৰু শিৱসাগৰ জিলাৰ উপায়ুক্তক ব্যবস্থা গ্রহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।
অংগনবাদী কেন্দ্ৰৰ লগত আমাৰ সমাজৰ ভৱিষ্যত জড়িত : মন্ত্ৰী অজন্তা নেওগ
অংগনবাদী কেন্দ্ৰৰ লগত আমাৰ সমাজৰ ভৱিষ্যত জড়িত হৈ আছে। ভাৰতবৰ্ষৰ ভিতৰত অসমত প্ৰসুতিৰ মৃত্যুৰ হাৰ সকলোতকৈ বেছি। ৰাজ্যত ৬১ হাজাৰ অংগনাবাদী কেন্দ্ৰ আছে ইয়াৰে ৩ হাজাৰ অংগনাবাদী কেন্দ্ৰ আদৰ্শ গৃহ নিৰ্মাণ কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। উক্ত ৩ হাজাৰ অংগনবাদী কেন্দ্ৰৰ আদৰ্শ গৃহ নিৰ্মাণৰ কামত স্থানীয় যুৱকক অগ্ৰধিকাৰ দিয়াৰ লগতে নিৰ্মাণ কাৰ্যৰ তদাৰক কৰিব সমষ্টিৰ বিধায়কে। আদৰ্শ গৃহ নিৰ্মাণৰ বাবদ ২৫ লাখকৈ অনুদান আগবঢ়োৱা হৈছে বুলি বিত্ত তথা সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে আজি পলাশবাৰী সমষ্টিৰ দখলাত দহালী দখলা ২১৮ নং অংগবাদী কেন্দ্ৰ প্ৰস্তাৱিত আদৰ্শ গৃহ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰি এইদৰে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। লগতে মন্ত্ৰী নেওগে দখলা পাহাৰ শিখৰত থকা বুঢ়া গোসাঁইৰ থান পৰিদৰ্শন কৰি অভিভূত হৈ পৰা বুলি উল্লেখ কৰি বিধায়কক পৰিকল্পনা যুগত কৰি পৰ্যটকস্থলীলৈ ৰূপান্তৰ কৰিবলৈ আহ্বান জনাই। আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত সেয়েহে শিশুসকলক খাদ্যৰ লগতে পঢ়া শুনাত ভাল এটি পৰিবেশ এই আদৰ্শ গৃহৰ দ্বাৰা পাব পাৰে তাৰ বাবে অভিভাৱক তথা শিক্ষকসকলে গুৰুত্ব দিব লাগিব। বিগত সময় ছোৱাত ক’ভিডৰ বাবে ৰাজ্যৰ অংগবাদী কেন্দ্ৰ সমূহ বন্ধ হৈ আছে। বৰ্তমান পৰিস্থিতি কিছু শিথিল হৈছে নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ বাবে আজি পলাশবাৰী সমষ্টিত কেইবাটাও অংগনাবাদী কেন্দ্ৰৰ আদৰ্শ গৃহৰ আধাৰশিলা স্থাপন কৰা হয়। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে ৫ নং উপৰহালী অংগবাদী কেন্দ্ৰ, ২১ নং উপৰহালী আদৰ্শ প্ৰাথমিক বিদ্যালয়, উপৰহালী ছোৱালী হাইস্কুল, মিৰ্জা কোচপাৰাৰ পানী যোগান আঁচনি, নিউ ক’লনী পাইপ পানী যোগান আঁচনি, মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। মন্ত্ৰী অজন্তা নেওগে অহা কালি বঙাইগাঁৱত কেবনেট বৈঠক আছে সেইয়ে আজি পলাশবাৰী সমষ্টিৰ বিভিন্ন ঠাই পৰিদৰ্শন কৰি বুজ লোৱা বুলি মন্তব্য কৰে। লগতে মিৰ্জা সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰায় ১৭ হাজাৰ লোকে ক’ভিড ভেকচিন লৈছে। ইয়াৰে ৭ হাজাৰ লোকে প্ৰথম আৰু ৮ হাজাৰ লোকে দ্বিতীয় ড’জ লৈছে। বাকী যিসকলে ভেকচিন লোৱা নাই তেওঁলোকক অতি সোনকালে ভেকচিন লবলৈ আহ্বান জনাই। আনহাতে বিধায়ক হেমাংগ ঠাকুৰীয়াই দখলা পাহাৰৰ শিখৰত থকা পানী যোগান আঁচনি বহুদিন ধৰি বন্ধ হৈ থকা সন্দৰ্ভত উক্ত আঁচনি খনৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ১৫০ লাখ টকা অনুদান আগবঢ়োৱা হৈছে আৰু বৰ্তমান আঁচনিখনৰ কাম আৰম্ভ হৈ আছে বুলি মন্তব্য কৰে। আজিৰ এই কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা বিজেপি সভাপতি ধনেশ্বৰ তালুকদাৰৰ লগতে সমাজ কল্যাণৰ বিভাগীয়া বিষয়াসকল উপস্থিত থাকে।











