Home Blog Page 2708

সৃষ্টি ডান্স এন্ড ড্রামা ফাউন্ডেচনৰ বঁটা বাতৰণী অনুষ্ঠান সম্পন্ন

 পশ্চিম নলবাৰী অঞ্চলৰ অন্যতম   সাংস্কৃতিক অনুষ্ঠান সৃষ্টি ডান্স এন্ড ড্রামা ফাউন্ডেচনৰ  ‘ ৰ উদ্যোগত  শিশু দিবস উপলক্ষে   অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ   ছাত্র ছাত্রী সকলৰ মাজত কালি পুৰস্কাৰ সমুহ  বিতৰণ কৰা হয়। ।পশ্চিম নলবাৰী প্ৰেছক্লাৱৰ মঞ্চসুৰ্য ধৰণী বৰ্মণ প্ৰেক্ষাগৃহত  একাডেমীৰ অধ্যক্ষ হিৰণ্য ৰাজৰ সঞ্চালনাত অনুষ্ঠিত এই বঁটা বিতৰণী সভাত  চিত্ৰাংকণ,নৃত্য আৰু ৰাম -ৰাৱন খেল  প্ৰতিযোগিতাত পুৰস্কাৰ লাভ কৰা ছাত্র-ছাত্ৰী সকলক পুৰস্কাৰ আৰু প্ৰমাণ পত্ৰ সমুহ  বিতৰণ কৰে পশ্চিম নলবাৰী প্ৰেছক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মনে।অনুষ্ঠানত একাডেমীৰ প্ৰশিক্ষক,অভিভাৱক-অভিভাৱিকা সকল উপস্থিত আছিল।পুৰস্কাৰ বিতৰণ কৰি সাংবাদিক প্ৰদীপ কুমাৰ বৰ্মনে ছাত্ৰ-ছাত্ৰী সকলক চিত্ৰ শিল্প আৰু নৃত্য গীতৰ মাজেৰে অধ্যয়নত ব্ৰতী হোৱাৰ বাবে পৰামৰ্শ  আগবঢ়ায় ।

দিল্লীৰ ১৫ খন জিলাত চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হ’ব

দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাই দিল্লীত বৰ্ধিত চাইবাৰ ক্ৰিয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছে। এতিয়া দিল্লীৰ ১৫ খন জিলাত চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হ’ব। ইয়াৰ বাবে এটা জাননীও জাৰি কৰা হৈছে।দেশত চাইবাৰ অপৰাধৰ ঘটনা নিৰন্তৰ বৃদ্ধি হৈ আছে। এতিয়াও চাইবাৰ বিশেষজ্ঞসকলক প্ৰায় সকলো ধৰণৰ ঘটনা সমাধান কৰিবলৈ ব্যৱহাৰ কৰা হয়, সেয়েহে দিল্লী আৰক্ষীয়ে এতিয়া এখন পৃথক চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হ’ব।দিল্লীৰ আৰক্ষী আয়ুক্ত ৰাকেশ আস্থানাৰ উদ্যোগত চাইবাৰ আৰক্ষী থানাৰ বাবে নিয়মীয়া জাননীও জাৰি কৰা হৈছে। দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে, প্ৰতিখন জিলাতে চাইবাৰ আৰক্ষী থানা স্থাপন কৰা হ’ব। এই সকলো আৰক্ষী থানাত শীঘ্ৰেই এছএইচঅ’ মোতায়েন কৰা হ’ব।চাইবাৰ অপৰাধ বিশেষজ্ঞসকলকো নিয়োগ কৰা হ’ব দিল্লী আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে, এই সকলো আৰক্ষী থানাত চাইবাৰ অপৰাধ বিশেষজ্ঞও থাকিব। বিষয়াসকলৰ মতে, চাইবাৰ ক্ৰিয়াৰ ভুক্তভোগীজনে আৰু ক’তো যোৱাৰ প্ৰয়োজন নাই। তেওঁ স্থানীয় চাইবাৰ আৰক্ষী থানালৈ যাব পাৰে আৰু তেওঁৰ অভিযোগ দাখিল কৰিব পাৰে। জিলাখনত ঠাইখন অৱস্থিত হোৱা ভৱনটোত এখন চাইবাৰ আৰক্ষী থানা খোলা হ’ব।দিল্লী আৰক্ষীবিষয়াসকলৰ মতে, চাইবাৰ আৰক্ষী থানাসমূহ স্থানীয় আৰক্ষী থানাতকৈ সম্পূৰ্ণ পৃথক হ’ব। ইয়াত কৰ্মচাৰীসকলে কেৱল চাইবাৰ অপৰাধ প্ৰতিৰোধ কৰিবলৈ কাম কৰিব ।কেন্দ্ৰীয় জিলাৰ কমলা বজাৰ, পূব জিলাৰ পাণ্ডৱ নগৰ, উত্তৰ-পূব জিলাৰ জ্যোতি নগৰ, দক্ষিণ জিলাৰ সাকেত, দক্ষিণ পূবৰ বদৰপুৰ, পশ্চিম জিলাৰ হৰি নগৰ, বাহিৰজিলাৰ পশ্চিম বিহাৰ, উত্তৰ জিলাৰ মৰিছ নগৰ, উত্তৰ পশ্চিম জিলাৰ মুখাৰ্জী নগৰ, শ্বাহদাৰা জিলাৰ শ্বাহদাৰা, ৰোহিণী জিলাৰ বুদ্ধ বিহাৰ, নতুন দিল্লীজিলাৰ মন্দিৰ মাৰ্গ। দ্বাৰকা জিলাৰ দ্বাৰকা উত্তৰ আৰু বাহিৰৰ উত্তৰৰ সময়পুৰ বদলীত আৰক্ষী থানা স্থাপন কৰা হ’ব।

টংলা জলসিঞ্চন বিভাগ খেতিয়কৰ বাবে নহয় কেবল দুৰ্নীতি কৰণৰ বাবেহে!

ওদালগুৰি জিলা ভেৰগাঁ‌ও মহকুমা অন্তৰ্গত টংলা জলসিঞ্চন সংমণ্ডলক কেন্দ্ৰ কৰি সমাজসেৱক পংকজ অসমীয়াৰ এনে মন্তব্য””টংলা জলসিঞ্চন সংমণ্ডল খেতিয়কৰ আৰু ৰাইজৰ বাবে নহয় কেবল দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু শীৰ্ষ বিষয়াৰ লুন্ঠন ৰাজ চলাবৰ বাবেহে।””উল্লেখযোগ্য যে যোৱা ১৭ নৱেম্বৰ তাৰিখে টংলা জলসিঞ্চন সংমণ্ডলত ৪.১৮ কোটি টকাৰ কেলেংকাৰী হোৱা বুলি অসমীয়া প্ৰতিদিন কাকতত ঠিকা কামৰ আৱন্টনৰ বিপৰীতে জমা ৰখা ধনৰ মুঠ ৪.১৮ কোটি কৌশলৰে কোষাগাৰ সঞ্চালকালয়ৰ পৰা উলিয়াই আনি বছা বছা ঠিকাদাৰৰ লগত বুজা বুজি কৰি যিমান ধন ঠিকাদাৰে পায় তাতোকৈ অধিক ধন ঠিকাদাৰৰ একাউণ্টত  সুমুৱাই দি তাৰে ৮০ শতাংশ ধন ঠিকাদাৰৰ পৰা উলিয়াই আত্মাসাৎ কৰা বুলি সবিস্তাৰে এটি বাতৰি প্ৰকাশিত হৈছিল।সেয়েহে সমাজসেৱক পংকজ অসমীয়াই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা জলসিঞ্চন বিভাগৰ অধ্যক্ষ তথা অভিযন্তা মৃগেন বড়ো কোকৰাঝাৰ, টংলা সংমণ্ডলৰ কৰ্যবাহী অভিযন্তা সত্যৰাম কলিতা আৰু গাননিক প্ৰভাত কলিতাৰ নেতৃত্বত এই বৃহৎ কেলেংকাৰীটোৰ লগত জড়িত থকা চৰকাৰী বিষয়া  সকলৰ বিৰুদ্ধে অতিশীঘ্ৰেই আইনী ব্যৱস্থা লবলৈ যোৱা ১৮ নৱেম্বৰ তাৰিখে টংলা আৰক্ষী থানাত এটি এজাহাৰ দাখিল কৰিছিল আৰু সেয়েহে আজি তদন্ত পক্ৰিয়া কিমান ক্ষিপ্ৰ গতিত আগবাঢ়িছে তাৰ খবৰ লবলে আহি টংলা থানাৰ সন্মুখত এজাহাৰকাৰী পংকজ অসমীয়াই চৰকাৰী বিষয়াৰ অবাদ লুণ্ঠনৰাজক অতিষ্ঠ হৈ সাংবাদিকৰ আগত এনেধৰণৰ মন্তব্য কৰে।

চামতাৰ ইতিহাস ঐতিহ্য-গৌৰৱ বিষয়ক দৃশ্য গ্ৰহন দূৰদৰ্শন কেন্দ্ৰৰ

নলবাৰী জিলাৰ পশ্চিম নলবাৰী অঞ্চলৰ প্ৰাণকেন্দ্ৰ চামতাৰ ইতিহাস ঐতিহ্য-গৌৰৱ বিষয়ক এক দৃশ্য শ্ৰব্য অনুষ্ঠানৰ সোমবাৰে  দৃশ্য গ্ৰহণ কৰা হয় ৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ “ গাৱত এটা দিন”( Day in a village) শীৰ্ষক কাৰ্যসূচীৰ অধীনত আজি দূৰদৰ্শন কেন্দ্ৰ- গুৱাহাটীৰ এটি বিষয়া কৰ্মচাৰীৰ দল  আহি চামতাত উপস্হিত হয় ৷ এই দলটোৱে প্ৰথমে এশ আঠ বছৰীয়া ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত উপস্হিত হৈ শিক্ষানুষ্ঠানখনৰ ইতিহাস ঐতিহ্যৰ বিষয়ে বুজ লৈ বাণীবদ্ধ কৰে ৷ দলটো পিছত কুলবিলঘাটত উপস্থিত হৈ বুঢ়াদিয়া নৈ , কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ বিষয়ে কিছু তথ্য বাণীবদ্ধ কৰে ৷ দলটোৱে কুলবিল হীৰাপাৰাৰ মৃৎ শিল্প আৰু শিল্পী সকলৰ দৃশ্য গ্ৰহন কৰে ৷ দলটোৱে পিছত চামতাৰ কেন্দ্ৰীয় মছজিদ আৰু জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ গন্ধিয়াত উপস্হিত হয় ৷ চামতাৰ কামৰূপ মহাবিদ্যালয়, পশ্চিম চামতা হাইস্কুল, বাবাৰ থান, চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ ষ্টেডিয়াম, আৰু সুৰদেৱী থিয়েটাৰৰ কাৰ্যালয়ত উপস্থিত হৈ তথ্য, দৃশ্য বাণীবদ্ধ কৰে ৷ দূৰদৰ্শন কেন্দ্ৰ দলটোৰ দিনজোৰা কাৰ্যসূচীৰ দিনটোৰ বাবে সংগ দিয়ে বিশিষ্ট ক্ৰীড়া সংগঠকযতীন শৰ্মাই ৷  অনুষ্ঠানটোৰ বাবে আগতীয়াকৈ তথ্য সমৃদ্ধ এখন প্ৰতিবেদন লিখি দাখিল কৰিছিল সংবাদিক ৰাজেন বৈশ্যই ৷ 

আপুনি ককালৰ বিষত ভুগি আছে নেকি !

মেদবহুলতা, বদহজম, কোষ্ঠকাঠিন্য আৰু লগতে ডব্লিউএফএইচৰ বেছিভাগ লোকৰ পিঠিৰ বিষৰ ( ককালৰ বিষ) এক ডাঙৰ সমস্যা হয়। ইয়াত কিছুমান পৰামৰ্শ দিয়া হৈছে যি আপোনাক কম বিষৰ পৰা সকাহ দিব পাৰে।

  • শুই থাকোঁতে মূৰৰ তলত গাৰু ব্যৱহাৰ নকৰিব।
  • নিয়মীয়াকৈ মাক্ৰাসন, শলাভাসন, মাৰ্কাটাসন, ভুজঙ্গনা।
  • 2 ঘণ্টাতকৈ অধিক সময় একে স্থিতিত বহি নাথাকিব। 5 মিনিটৰ বিৰতি লওক ।

এই আয়ুৰ্বেদিক তেলেৰে মালিচ কৰক

-মহানাৰায়ণ তেল

-অশ্বগন্ধা তেল

-ধনৱন্তৰাম তেল

আপুনি বিচাৰিলে তিল বা সৰিয়হৰ তেলও ব্যৱহাৰ কৰিব পাৰে।

বৰঝাৰ আশ্ৰমত বিজেপিৰ সাংগাঠনিক প্ৰশিক্ষণ শিবিৰ

বিজেপিয়ে সাংগঠনিক ভাবে বিভক্ত কৰা ৰাজ্যৰ ৪০ খন সাংগঠনিক জিলাৰ বিজেপি দলীয় কাৰ্যকৰ্তা সকলক ৩ দিনীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰি প্ৰশিক্ষণ দি থকা সমান্তৰকৈ ওদালগুৰি জিলা বিজেপিৰ দলীয় কাৰ্যকৰ্তা সকলক প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা প্ৰশিক্ষণ বৰ্গৰ  ২২নবেম্বৰত প্ৰথম দিন – ওদালগুৰি জিলাৰ অন্তৰ্গত বীৰেন্দ্ৰ নগৰ আশ্ৰমত ৷এই প্ৰথম দিনত  ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰঝাৰ আশ্ৰমত অনুষ্ঠিত হৈ থকা ওদালগুৰি জিলা  বিজেপিৰ প্ৰশিক্ষণ কেন্দ্ৰত বহু জিলা বিজেপিৰ জেষ্ঠ সকলৰ সকলে সমূহ কাৰ্যকর্তাৰ উপস্থিতিতি পৰিলক্ষিত হৈছে ।২২নবেম্বৰত  প্ৰশিক্ষণৰ প্ৰথম দিনত ৰাতিপুৱা ভাগত পঞ্জীয়ন কৰাৰ পিছত মাতৃবন্দনাৰে প্ৰশিক্ষণ বৰ্গৰ শুভাৰম্ভণি কৰে ।উক্ত তিনিদিনীয়া কাৰ্যসূচীৰ ২২নবেম্বৰত  প্ৰথম দিনত জিলা বিজেপিৰ দলীয় কাৰ্য্যকর্তা সকলক উদ্দেশ্যি জিলাৰ পৰা সমল ব্যক্তি হিচাপে নিৰ্বাচিত হোৱা দলীয় জেষ্ঠ সকলে তেওঁলোকক বান্ধি দিয়া বিষয় সমূহৰ ওপৰত আলোকপাত কৰে ।  ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত আয়োজন কৰা উক্ত প্ৰশিক্ষণ বৰ্গত  সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে প্ৰদীপ ৰাভা ,জিতু কিষান ,আশুতোষ, চৌধুৰী ,পুষ্পধৰ শৰ্মা ,খগেন ডেকা আদি জেষ্ঠ সকলে ।এওঁলোকৰ উপৰিও বিটিচি ই এম দিগন্ত বৰুৱা  আদি কৰি জিলা সভাপতি সুনীল বসুমতাৰী দেৱো উপস্থিত থাকে ।

নলবাৰীত দুষ্প্ৰাপ্য বনৰীয়া হাঁহ উদ্ধাৰ


মঙ্গলবাৰে ৰাতিপুৱা নলবাৰী জিলাৰ হোটেল প্ৰমোদা সমীপত এটা বনৰীয়া পৰিভ্ৰমী দুষ্প্ৰাপ্য হাঁহ এটি উদ্ধাৰ হয় ।  হোটেল প্ৰমোদাৰ সমীপত থকা  ESAF Small finance Bank ৰ কৰ্মচাৰীয়ে এটি ড্ৰেইনত এই দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো চটফটাই থকা প্ৰত্যক্ষ কৰে  । লগালগ বেংকটোৰ কৰ্মচাৰীয়ে হাঁহটো ড্ৰেইনৰ পৰা উদ্ধাৰ কৰি বেংকৰ ভিতৰত লৈ আহি সুৰক্ষিত কৰি ৰাখে আৰু সংবাদ মাধ্যমৰ লগত বেংক কৰ্তৃপক্ষই যোগাযোগ কৰে  । পিছত নলবাৰীৰ আঞ্চলিক বন বিভাগৰ কাৰ্য্যালয়ৰ পৰা এটি সজাতি দল উপস্থিত হৈ দুষ্প্ৰাপ্য বনৰীয়া হাঁহটো উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বন বিভাগৰ কাৰ্য্যালয়ত লৈ যায়  । বন বিভাগৰ লোকে অনুমান কৰা অনুসৰি এই দুষ্প্ৰাপ্য হাঁহটো পৰিভ্ৰমী হয় আৰু উৰি আহি থাকোতে আঘাত প্ৰাপ্ত হৈ উক্ত অঞ্চলত পৰা থকা বুলি সন্দেহ ব্যক্ত কৰে  ।

লাহৰীঘাটৰ টেঙাগুৰিত দিব্যাংগ লোকৰ সজাগতা সভা

মৰিগাঁৱৰ লাহৰীঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়তৰ সমূহীয়া ভৱনত সোমবাৰে বিশেষ বাবে সক্ষম লোক সকলে কেবাটাও দাবী সম্বলিত কাৰ্যসূচীৰে এখন  সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থাকে লাহৰিঘাট উন্নয়ন খণ্ডৰ খণ্ড বিষয়া।বিশেষ ভাৱে সক্ষম উন্নয়ন সমিতিয়ে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ বিষয়া আমন্ত্ৰণ জনায় যদিও কোনো এটা বিভাগৰ পৰা সাহাৰি নোপোৱাত ক্ষোভ প্ৰকাশ সমিতিৰ ‌সভাপতি আতাবুৰ ৰহমানৰ।ইপিনে লাহৰিঘাট সমষ্টিৰ বিধায়ক ডাঃ আছিফ নাজাৰেও সভাত উপস্থিত থকাৰ কথা আছিল যদিও উপস্থিত নথকাত বিশেষ ভাৱে সক্ষম লোক সকলক অৱমনা কৰিছে বুলি  সভাপতি মন্তব্য আগবঢ়ায়। বিধায়ক পুজিৰ  ধন বিশেষ ভাৱে সক্ষম লোকক নিদিয়াৰ পৰিকল্পনাৰেই বিধায়ক জন  সভাত উপস্থিত নথকাৰ অভিযোগ উত্থাপিত কৰিছে সভাপতি আতাবুৰে।

মৰিগাওঁ মহাবিদ্যালয় ছাত্ৰ সন্থা গোটৰ প্ৰশংসনীয় পদক্ষেপ

সোমবাৰে মৰিগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ সন্থা গোটৰ উদ্যোগত আৰু সমূহ ছাত্ৰ ছাত্ৰীৰ সহযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু বন বিষয়া গৰাকীৰ উপস্থিতিত আজি মহাবিদ্যালয় প্ৰাংগণত ছাত্ৰ ছাত্ৰী সকলৰ মাজত ৫০০ গছপুলি বিতৰণ কৰা হয়। মহাবিদ্যালয়ৰ ছাত্ৰ সন্থাৰ গোটৰ এনে প্ৰচেষ্টাক শলাগ লয় সচেতন মহলে।

টংলা জলা পলাহগড়ৰ বিকাশ ডেকা আলফাত যোগদান

ওদালগুৰি জিলা টংলাথানা অন্তৰ্গত টংলা জলাহ পলাহগড়ৰ  মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকাই গুৱাহাটীলৈ যাও বুলি আলফাত যোগদান হোৱা খৱৰক লৈ বৰ্তমান বিকাশ ডেকাৰ ঘৰত শোকাকুল পৰিবেশ।প্ৰাপ্ত খৱৰ অনুসৰি টংলা থানাৰ অন্তৰ্গত জলাহ পলাগড়ৰ মহেন্দ্ৰ ডেকা আৰু সুশিলা ডেকাৰ একমাত্ৰ পুত্ৰ বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি যোৱা মঙলবাৰ ১৬ নৱেম্বৰ দিনাই ঘৰৰ পৰা ওলাই গৈছিল কিন্তু সেইদিনা ঘৰলৈ উভতি আহিব নোৱাৰো বুলি মাকক ফোন কৰিছিল যদিও পিছদিনা ১৭ নৱেম্বৰ দিনা ঘৰত আহিব বুলি মাকক কথা দিছিল কিন্তু সেইদিনাও ঘৰত নাহো বুলি ফোন কৰি তেনেকৈ প্ৰায় শুক্ৰবাৰ ১৯  নৱেম্বৰলৈ থাকিল তাৰ পিছত ফোন অফ ৰখাত পিতৃ মাতৃ চিন্তিত হৈ আছিল।তেনেতে দেওবাৰদিনা নিশা পৰিয়ালৰ সম্পৰ্কীয় এজন দদায়েকে আহি খৱৰটো পিতৃ  মাতৃক দিয়া অনুসৰি বিকাশ ডেকা গুৱাহাটীলৈ যাও বুলি নাগালেণ্ডৰ মন জিলাত  আলফাত যোগদান কৰিছে বুলি জানিব দিয়ে।ফলত নিৰক্ষৰ পিতৃ মাতৃ এতিয়া উপায়ন্তৰ হৈ পৰিছে, জুবিন বুলি কলে পাগল ফুল কুমলীয়া ২১ বছৰ বয়সীয়া বিকাশ ডেকা নম্ৰ সহনশীল দয়ালো অনবৰতে সংগীতৰ লগত জড়িত হৈ ভাল পোৱা বিকাশে ঢোল,গীতাৰ,গান গোৱাৰ ওপৰিও পবিত্ৰ ৰাভাৰ দাপোন গোষ্ঠীৰ লগত জড়িত আছিল। কিন্তু কি কাৰনত বিকাশ ডেকাই এনে পথ বাছি ললে সেয়া এক ৰহস্য জনক হৈ পৰিছে। সেয়েহে  অসুখীয়া পিতৃ-মাতৃ পৰিয়ালটোৰ উপাৰ্জনৰ এক মাত্ৰ লৰা বিকাশ ডেকাক ঘূৰাই আনিবলৈ চৰকাৰক কৰজোৰে আহ্বান জনাইছে পৰিয়ালৰ লোকে