Home Blog Page 2712

ৰিপুন বৰাৰ নেতৃত্বত গহপুৰত মূল্যবৃদ্ধিৰ প্ৰতিবাদ

পেট্ৰল, ডিজেল, ৰন্ধন গেছকে ধৰি নিত্যব্যৱহৃত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ আহ্বানক্ৰমে ৰূপায়িত দেশজোৰা “জনজাগৰণ অভিযান” উপলক্ষে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ৰিপুন বৰাৰ নেতৃত্বত ছয়দুৱাৰ আৰু পুৱ ছয়দুৱাৰ ব্লক কংগ্ৰেছ উদ্যোগত গহপুৰ বিধান সভা সমষ্টিত যোৱা ১৪ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা জনজাগৰণ পদ যাত্ৰাৰ আজি গহপুৰ নগৰত সামৰণি পৰে।

সমষ্টিটোৰ কাৰিবিল গাঁও পঞ্চায়তৰ পৰা আৰম্ভ হোৱা উক্ত জনজাগৰণ যাত্ৰা গহপুৰ বিধান সভা সমষ্টিৰ ১৫ টাকৈ পঞ্চায়তত প্ৰায় ১৫০ কিলোমিটাৰ পদযাত্ৰাত ৰিপুন বৰাই অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ কাৰ্য্যকালত হোৱা আকাশলংঘী মূল্যবৃদ্ধিৰ তীব্ৰ প্ৰতিবাদ কৰে।আজি প্ৰথম পয্যায়ৰ সামৰণি কাৰ্য্যসূচীৰ অংশস্বৰূপে পুৰূপবাৰীৰ পৰা গহপুৰ নগৰৰ মাজেৰে পদযাত্ৰা কৰি বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলা হয়।এইক্ষেত্ৰত ৰিপুন বৰাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে অসমত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৫ বছৰ ৬ মাহ আৰু কেন্দ্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ বয়স প্ৰায় ৭ বছৰ ৬ মাহ।এই দীঘলীয়া সময়ছোৱাত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যে ৰাইজক কেবল প্ৰতাৰণা কৰিলে,সেই কথা ইতিমধ্যে সকলোৱে বুজি উঠিছে।নিত্যব্যৱহৃত সা-সামগ্ৰীৰ মূল্য হ্ৰাস কৰাৰ যি প্ৰতিশ্ৰুতি বিজেপি মিত্ৰজোটে নিৰ্বাচন সমূহৰ পূৰ্বে দিছিল সেয়া এতিয়া ধোঁৱা চাঙত উঠিল।

সম্প্ৰতি মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাইজক। আচৰিত কথা এয়ে যে চলিত বৰ্ষৰ এক জানুৱাৰীৰ পৰা ২৪ অক্টোবৰলৈ পেট্ৰল আৰু ডিজেলৰ মূল্য ৯৬ বাৰ বৃদ্ধি হৈছে।অলপতে হৈ যোৱা দেশৰ ৩০ টা বিধান সভা আৰু ৩ টা লোকসভা সমষ্টিৰ উপনিৰ্বাচনত অসমক বাদ দি বাকী ৰাজ্য সমূহত বিজেপি ধৰাশায়ী হোৱাৰ পিছত শংকিত হৈ আৰু অহা ফ্ৰেব্ৰুৱাৰী মাহত উত্তৰ প্ৰদেশকে ধৰি দেশৰ ৫ ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি যোৱা ৪ নবেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ পেট্ৰল-ডিজেলৰ মূল্য সামান্য হ্ৰাস কৰা হৈছে যদিও এতিয়াও পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৯৫ টকাৰ ওপৰ আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ৮০ টকাৰ ওপৰ হৈ আছে।তানত পৰি ৰাম নাম লোৱা বিজেপি নেতৃত্বাধীন চৰকাৰে শেহতীয়াভাবে প্ৰতিলিটাৰ পেট্ৰলত ৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১০ টকা আৱকাৰী শুল্ক হ্ৰাস কৰিলেও এতিয়াও ৰাইজে প্ৰকৃত দামৰ ওপৰত প্ৰতিলিটাৰ পেট্ৰলত ২৭.৯০ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ২১.৮০টকা অতিৰিক্ত ভাবে কৰ আদায় দি থাকিবলগীয়া হৈ আছে।

তদুপৰি এহাতেদি পেট্ৰল, ডিজেলৰ দাম নাম মাত্ৰ কম কৰি বাহ বা লবলৈ চেষ্টা কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে আনহাতে পিডিএছ কেৰাচিনৰ দাম বৰ্তমান ৫১.৬৪ টকা হৈছে।এয়া বিজেপি নেতৃত্বাধীন চৰকাৰে ৰাইজক শোধোৱা মাধমাৰ নহয় জানো বুলি ৰিপুন বৰাই নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।ইয়াৰোপৰি ৰিপুন বৰাই কয় যে একোটা বানিজ্যিক চিলিণ্ডাৰৰ মূল্য বৰ্তমান দুহেজাৰ টকাৰ ওপৰ হৈছে, যাৰ ফলত সৰু-সুৰা চাহ দোকানী,হোটেল,ব্যৱসায়ী,ফাষ্ট ফুডৰ দোকানী আদিৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।পেট্ৰল, ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত ৰেলভাড়া,বাছভাড়াৰ উপৰি পৰিবহন ব্যয় বৃদ্ধি হোৱাৰ ফলত অন্যান্য অত্যাৱশকীয় সামগ্ৰী যেনে ইটা, বালি, শিল,চিমেণ্ট,লোহা,শাক-পাচলি, ফল-মূল, ঔষধ, কাপোৰ-কানি,জোতা-চেণ্ডল,প্ৰসাধন সামগ্ৰী আদিৰো ব্যাপক মূল্যবৃদ্ধি হৈছে।

কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া চিলিণ্ডাৰ আৰু পেট্ৰল ডিজেলৰ মূল্য বৰ্তমানতকৈ আধা আছিল,তেতিয়া গৰুগাড়ীত উঠি ,হাতত চিলিণ্ডাৰ লৈ,পিয়াঁজৰ মালা পিন্ধি ৰাজপথত প্ৰতিবাদ কৰা বিজেপি নেতা সকল এতিয়া নিমাত কিয় বুলি ৰিপুন বৰাই প্ৰশ্ন কৰে।

ফিল’বাৰীৰ গাঁৱে-গাঁৱে সেনাই চলাব নিচাজাতীয় দ্ৰৱ্যৰ অভিযান

তিনিচুকীয়া জিলাৰ ফিল’বাৰী, পেঙেৰী, বুঢ়ীদিহিং আদি সিমান্তৱৰ্তী অঞ্চলত ড্ৰাগছ-কানিৰ লগতে অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় ক্ৰমাত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । এইসমূহ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় বন্ধৰ ক্ষেত্ৰত অঞ্চলটোৰ সচেতন লোকসকলে আৰক্ষী-প্ৰসাশনক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আৰক্ষীৰ ভূমিকাত সচেতন লোকসকল সন্তুষ্ট হ’ব পৰা নাই ।

ফলস্বৰূপে, সাংবাদিককে আদি কৰি সাধাৰণ লোকসকল ড্ৰাগছ আসক্তৰ আক্ৰমণৰ বলি হব লগীয়া হৈছে । সিমান্তৱৰ্তী এই অঞ্চলসমূহত চলি থকা ড্ৰাগছ-কানিৰ লগতে অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ ফিল’বাৰীস্থিত ১৪ অসম ৰেজিমেন্টে গাঁৱে-গাঁৱে অভিযান চলাব বুলি ফিল’বাৰী সেনা চাউনীত অঞ্চলটোৰ গাওঁবুঢ়া সকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ আলোচনাত মেজৰ অস্বনী কন্দপালে উল্লেখ কৰিছে । সেনা বিষয়া গৰাকীৰ এই আস্বাসত অঞ্চলটোৰ সচেতন মহলে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে মাৰাত্মক নিচাজাতীয় দ্ৰৱ্যৰ ৰমৰমীয় ব্যৱসায় নিৰ্মূল হব বুলি আশা প্ৰকাশ কৰিছে ।

সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে পিএইচডি বাধ্যতামূলক হয় নে নহয়?

ইউজিচিৰ শেহতীয়া নিয়ম অনুসৰি, ২০২৩ চনৰ পৰা বিশ্ববিদ্যালয়ৰ বিভাগত সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিব বিচৰা সকলোৰে বাবে পিএইচডি ডিগ্ৰী বাধ্যতামূলক হ’ব। এই মাহৰ আৰম্ভণিতে এটা বিতৰ্ক আৰম্ভ হৈছিল, যেতিয়া কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কৈছিল যে বিশ্ববিদ্যালয়সমূহত সহকাৰী অধ্যাপক পদৰ বাবে পিএইচডি ডিগ্ৰী বাধ্যতামূলক কৰাটো বৰ্তমানৰ শিক্ষা ব্যৱস্থাত “অনুকূল নহয়”।

বিবৃতিটোত বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) বিশ্ববিদ্যালয়ৰ বিভাগত সহকাৰী অধ্যাপক পদত পোনপটীয়া নিযুক্তিৰ বাবে পিএইচডি ডিগ্ৰীক বাধ্যতামূলক অৰ্হতা হিচাপে গঢ়ি তোলাৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) সিদ্ধান্তৰ পোনপটীয়া বিৰোধিতা কৰিছিল। নিয়মটো এই বছৰ কাৰ্যকৰী কৰিব লাগিছিল কিন্তু প্ৰযোজ্যতাৰ তাৰিখ ১ জুলাই, ২০২৩ লৈ কভিড-১৯ মহামাৰীৰ বাবে বৃদ্ধি কৰা হৈছিল।

ফলস্বৰূপে, যিসকলে ২০২৩ চনৰ পৰা সহকাৰী অধ্যাপক হিচাপে যোগদান কৰিব বিচাৰে তেওঁলোকে বাধ্যতামূলকভাৱে পিএইচডি ডিগ্ৰী লাভ কৰিব লাগিব। ইউজিচিৰ প্ৰাক্তন উপাধ্যক্ষ ভূষণ পাটৱৰ্ধনে কৈছিল যে পিএইচডি বাধ্যতামূলক কৰিব নালাগে কিয়নো ই গৱেষণাডিগ্ৰী আৰু প্ৰতিজন শিক্ষকে গৱেষণাত আগ্ৰহী নহয়।

গুৱাহাটীৰ ১০২ টা স্থানত স্থাপন কৰা হ’ব উন্নত ট্ৰেফিক লাইট প্ৰণালী

যান-বাহনৰ ভালদৰে পৰিচালনা কৰিবলৈ অতি শীঘ্ৰেই গুৱাহাটীৰ ১০২ টা স্থানত উন্নত ট্ৰেফিক লাইট প্ৰণালী স্থাপন কৰা হ’ব। গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে কয় যে ৰাজ্য চৰকাৰে ৰাজধানী চহৰত এক সংহত যান-বাহন ব্যৱস্থাপনা প্ৰণালী (আইটিএমএছ) স্থাপনৰ প্ৰক্ৰিয়া চলাই আছে আৰু যাৰ বাবে ২০-২৫ দিনৰ ভিতৰত নিবিদা আহ্বান কৰা হ’ব। “চৰকাৰে গুৱাহাটীৰ ১০২ টা স্থানত আইটিএমএছ স্থাপনৰ প্ৰক্ৰিয়া চলাই আছে। পৰৱৰ্তী ২০-২৫ দিনৰ বাবে নিবিদা আমন্ত্ৰণ কৰা হ’ব। ই যানবাহন ব্যৱস্থাপনা ভালদৰে পৰিচালনা কৰাত সহায় কৰিব। যিসকলে যান-বাহনৰ নিয়ম উলংঘা কৰে তেওঁলোকে এছএমএছৰ জৰিয়তে জাননী লাভ কৰিব। তেওঁলোকে এছ.এম.এছ.-ৰ জৰিয়তে জৰিমনা জাননীও লাভ কৰিব।

স্মাৰ্ট ট্ৰেফিক লাইট বা ইন্টেলিজেন্ট ট্ৰেফিক লাইট হৈছে বাহন ট্ৰেফিক নিয়ন্ত্ৰণ প্ৰণালী যি পৰম্পৰাগত ট্ৰেফিক লাইটৰ সৈতে চেন্সৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাক একত্ৰিত কৰি বুদ্ধিমত্তাৰে বাহন আৰু পথচাৰীৰ যাতায়তত সুবিধা কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তিৰ সৈতে নতুন যোগাযোগ প্ৰযুক্তি একত্ৰিত কৰি বাস্তৱ-সময়ত বিশাল পৰিমাণৰ ডাটা সংকুচিত কৰি আমাৰ বন্ধ ৰাস্তাবোৰ সহজ কৰা সম্ভৱ হ’ব পাৰে যাতে তেওঁলোকে বৰ্ধিত সংখ্যক গাড়ীৰ সৈতে মোকাবিলা কৰিব পাৰে।

গোলাঘাটৰ আজন্ম শিল্পী সিমেন দাসৰ অকাল বিয়োগ

“মৃত্যু চিৰন্তন সত্য,যদিও এই মৃত্যু অসহনীয়,অবিস্বাস্য।” গোলাঘাটৰ বিশিষ্ট চিত্ৰশিল্পী, সাংস্কৃতিক কৰ্মী তথা তোৰণ সম্ৰাট  হিমেন দাসৰ অকাল মৃত্যু।কালি বিয়লি ২.৩৫ বজাত সকলোকে কন্দোৱাই অনন্তধামলৈ গতি কৰিলে এইজনা সৰলমনা আজন্ম শিল্পীয়ে। ৩০ অক্টোবৰত গোলাঘাটৰ কমাৰবন্ধাত এক দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শিল্পী জনক যোৰহাটৰ মেডিকেল কলেজ হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল। চিকিৎসাধীন অৱস্থাতেই শিল্পীজনে সকলোকে কন্দুৱাই এই সংসাৰ ত্যাগ কৰে।

গোলাঘাটৰ লগতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সিমেন দাস এজন সুদক্ষ তবলাবাদক আছিল। লগতে তেখেতৰ হাতৰ পৰশত প্ৰাণ উঠিছিল অসমৰ বিভিন্ন অনুষ্ঠানৰ তোৰণ। তেখেতৰ হাতত প্ৰাণ পোৱা বিভিন্ন আৰ্হিৰ তোৰণ বহু সময়ত বিশেষভাৱে সমাদৃত হৈ আহিছে। ইয়াৰ লগতে তেখেতে এজন সফল চিত্ৰকৰ হিচাপেও খ্যাতি লাভ কৰিছিল। সমান্তৰালকৈ গোলাঘাটৰ সাংস্কৃতিক ক্ষেত্ৰখনক আগবঢ়াই নিয়াত তেখেতৰ অৱদান সদায় স্মৰণীয়।

উল্লেখযোগ্য যে প্ৰয়াত দাস সুধাকন্ঠ ড: ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ লগতো তবলা সংগত কৰিছিল।পিছত জয়ন্ত হাজৰিকাৰ দ্বাৰা গঠন হোৱা সুৰবাহিনীতো দাসে সক্ৰিয়ভাৱে অংশ লৈছিল। তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰে বিশেষভাৱে সম্বৰ্দ্ধিত আৰু পুৰস্কৃত কৰিছিল। শনিবাৰে তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ গোলাঘাটত এক শোকৰ ছাঁ পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা আজন্ম শিল্পী জনৰ আজি গোলাঘাটত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গোলাঘাটৰ আপোন শিল্পী গৰাকীক গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চ’ছাইটিৰ প্ৰাংগণত বিভিন্ন দল-সংগঠন আৰু অসংখ্য গুণমুগ্ধই  শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ১৯৬৫ চনত জন্মগ্ৰহণ কৰা দাসে মৃত্যুৰ সময়ত পত্নী আৰু দুগৰাকী কন্যাক এই সংসাৰত এৰি থৈ গৈছে। দাসৰ এই মৃত্যু এক অপূৰণীয় ক্ষতি অসমবাসীৰ বাবে।

সন্মিলিত গণশক্তি অসমৰ ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

অসমৰ ৰাজনীতিৰ প্ৰেক্ষাপটত ২০০৫ চনত জন্ম লাভ কৰা আঞ্চলিক দল সন্মিলিত গণশক্তি অসমৰ  ১৬ সংখ্যক প্ৰতিষ্ঠা দিৱস  দেৰগাঁও বিধানসভা সমষ্টিৰ খৰিয়ামাৰীৰ শুকুৰবৰীয়া বজাৰৰ প্ৰেক্ষাগৃহত উদযাপন কৰা হয় । পুৱা পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পবৃষ্টি কৰি শ্বহীদ সকলক প্ৰণাম জনাই সন্মিলিত গণশক্তি অসমৰ দলীয় কৰ্মকতাই । 

জেষ্ঠ ব্যক্তি নগেন পেগুৱে সভাপতিত্ব কৰা প্ৰতিষ্ঠা দিৱস অনুষ্ঠানটিত ঢেকৰগড়া ব্লক সমিতিৰ সম্পাদক গণেশ্বৰ দাৱে উদ্দেশ্য ব্যাখ্যাত  সন্মিলিত গণশক্তি অসমৰ সাংগঠনিক ভেঁটি আৰু অধিক মজবুত কৰাৰ লগতে জীৱন জীৱিকাৰ সম্পৰ্কে অৱগত কৰে । সভাত উপস্থিত থকা MMK ৰ যোৰহাট জিলাৰ সমিতিৰ উপ সভাপতি অতুল মিছঙে সাংগঠনিক ভেঁটিৰ লগতে জীৱন জীৱিকাৰ সম্পৰ্কে বিস্তাৰিতভাৱে মন্তব্য আগবঢ়ায় ।

সন্মিলিত গণশক্তি অসমৰ ব্লক সমিতিৰ উপদেষ্টা দিব্যজ্যোতি দলেৰ লগতে আঞ্চলিক সমিতি সভাপতি-সম্পাদকে ভাষণ প্ৰদান কৰে । লগতে উত্তৰ পশ্চিম যোৰহাটৰ হৈ দুৰ্নীতিৰ দৰ্পণ কাকতত সাংবাদিকতা কৰা যুৱ সাংবাদিক কনমইনা দাসেও অংশগ্ৰহণ কৰি অঞ্চলৰ বিভিন্ন দিশৰ সমস্যাৰাজিৰ সম্পৰ্কে মন্তব্য আগবঢ়ায় ।

পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ অধিৱেশন

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন খন শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয় প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হয় ৷ এই উপলক্ষে পুৱা ৮ বজাত পতাকা উত্তোলন কৰে পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি দীপক চন্দ্ৰ বৰ্মনে ৷৮-৩০ বজাত ছহিদ তৰ্পণ  কৰে অম্বিকা চৰণ বৰ্মনে ৷ ৯ বজাত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক জ্যোতিষ বৰ্মনে ৷ মাল্যাৰ্পন কৰে উপদেষ্টা অক্ষয় বৰ্মনে ৷ ,পুৱা ১০ বজাত শিক্ষক প্ৰতিনিধি পঞ্জীয়ন কৰা হয় ৷, ১১ বজাত দীপক চন্দ্ৰ বৰ্মনৰ সভাপতিত্বত আৰম্ভ হয় প্ৰতিনিধি সভা আৰু বিষয়বাচনি সভা ৷

প্ৰতিনিধি সভাৰ আৰম্ভনিতে ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ৰ একাংশ কন কন ছাত্ৰ ছাত্ৰীয়ে এটি সমবেট সংগীত পৰিৱেশন কৰে ৷ সভা খনত জিলা সমিতিৰ উপ সভাপতি ভূষণ শৰ্মা তত্বাবধায়ক হিচাবে উপস্হিত থাকে ৷ এই সভাত বিগত দুবছৰৰ হিচাব নিকাচৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক জয়ন্ত তালুকদাৰে ৷ হিচাপ পৰীক্ষকৰ প্ৰতিবেদন পাঠ কৰে পৰীক্ষক মহানন্দ দাসে ৷ সভাই সৰ্ব সন্মতি ক্ৰমে প্ৰতিবেদন দুখন গ্ৰহণ কৰে ৷  দিনৰ ১ বজাত আৰম্ভ হয় মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমিন বৈশ্যই শিক্ষকৰ দায়িত্ব,কৰ্তব্য, শিকন কৌশল আদিৰ বিষয়ে বক্তব্য প্ৰদান কৰে ৷ সভাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ কাৰ্যনিৰ্বাহক সদস্য অৰ্জুন তালুকদাৰ, নলবাৰী জিলা সন্মিলনীৰ সভাপতি গৌৰী তালুকদাৰ, উপ সভাপতি নাজিমউদ্দিন আহমেদ, জিলা সন্মিলনীৰ প্ৰাক্তন সম্পাদক যতীন ৰাজবংশী, পূৱ নলবাৰী প্ৰাথমিক সন্মিলনীৰ সম্পাদক গিৰিশ হালৈ নিমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকি ভাষণ প্ৰদান কৰে ৷ 

এই সভাতে পশ্চিম নলবাৰী খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত পৰিসংখ্যা সহায়ক চৈতন্য গোস্বামীক আৰু শিক্ষা খণ্ডটোৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ৰ  পৰা চলিত আৰু অহা মাহত শিক্ষকতাৰ সেৱাৰ পৰা অবসৰ গ্ৰহণ কৰিব লগা শিক্ষক কালিচৰণ ডেকা( প্ৰধান শিক্ষক, দক্ষিণ কৈঠালকুছি প্ৰা: বিদ্যালয়) ৷ আব্দুচ চাট্টাৰ(প্ৰধান শিক্ষক, মধুপুৰ মোক্তাৱ প্ৰা: বিদঁযালয়)৷ তৰুণ হালৈ( সহকাৰী শিক্ষক, বালিজাৰ প্ৰা: বিদ্যালয়)৷ আকবৰ আলী( প্ৰধান শিক্ষক, খাৰশিঠা প্ৰা:বিদ্যালয়)৷ সৰ্বেশ্বৰ বৰ্মন ( প্ৰধান, বনগাও মোক্তাব)৷ আচাৰ উদ্দিন আহমেদ(চুৰচুৰি বাটসৰ  মিলন বালিকা প্ৰা: বিদ্যালয়)৷ হিৰেন চক্ৰৱৰ্তী(প্ৰধান শিক্ষক, পকোঁৱা বাহজানী প্ৰা: বিদ্যালয়)৷ জগদীশ মহন্ত( সহকাৰী সম্পাদক, বগুৰিহাটী প্ৰা : বিদ্যালয়)৷ মাহবুবৰ ৰহমান(প্ৰধান শিক্ষক, উত্তৰ পানীগাওঁ গোপালথান প্ৰা: বিদ্যালয়)৷ উমেশ তালুকদাৰ,( প্ৰধান শিক্ষক, নতুন খেলুৱা প্ৰা: বিদ্যালয়)ক ফুলাম গামোছা আৰু মান পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় ৷ অধিৱেশনৰ প্ৰতিনিধি সভাই আগন্তুক দুবছৰৰ বাবে হৰিচৰণ তালুকদাৰক সভাপতি,  মনোজ ৰাজংশী,পৰিক্ষীত বৰ্মন,মহানন্দ দাস, চায়েৰা বেগমক উপ সভাপতি ,  জয়ন্ত তালুকদাৰক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সদস্যৰে নতুন সমিতি খন গঠন কৰা হয় ৷

আমেৰিকাৰ ইতিহাসত প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি কমলা হেৰিছ

আমৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসত নতুন পৃষ্ঠাৰ সংযোজন কৰিলে ভাৰতীয় মূলৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। দেশখনৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হোৱাৰ গৌৰৱ অৰ্জন কৰিলে কমলা হেৰিছে। পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথমগাৰী মহিলা ৰূপে কমলা হেৰিছে ৰচনা কৰিলে ইতিহাস।

আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ১ ঘণ্টাৰো অধিক সময়ৰ বাবে লাভ কৰিলে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। তেওঁ ১ ঘণ্টাৰো অধিক সময়ৰ বাবে হৈছিল আমেৰিকাৰ ভাৰপ্ৰাপ্ত ৰাষ্ট্ৰপতি। দেশখনৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ অসুস্থাতৰা বাবেই এই ক্ষমতা লাভ কৰে কমলা হেৰিছে।জো বাইডেনৰ অসুস্থতাৰ হেতু তেওঁৰ চিকিৎসাৰ সময়ত প্ৰদান কৰা হৈছিল এনাস্থেছিয়া। এই এনাস্থেছিয়া দিয়াৰ বাবে অচেতন হৈ পৰিছিল ৰাষ্ট্ৰপতি বাইডেন। সেই বাবে মুঠ ১ ঘণ্টা ২৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা লাভ কৰিছিল উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে।

হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে, ৰাষ্ট্ৰপতি বাইডেনৰ ৭৯ বছৰীয়া জন্মদিনৰ পূৰ্বে নিয়মিত স্বাস্থ্য পৰীক্ষাৰ সময়ত সাময়িকভাৱে বিয়লি ৩ বাজি ১০ মিনিটৰ পৰা ৪-৩৫ লৈ ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হৈছিল কমলা হেৰিছলৈ। এনদৰে এগৰাকী মহিলাই ৰাষ্ট্ৰপতিৰ সকলো ক্ষমতা ভোগ কৰা কাৰ্য আছিল আমেৰিকাৰ ইতিহাসত প্ৰথম ঘটনা।

আমতলৰ শ্ৰী শ্ৰী মহামুনি মন্দিৰত বাৰ্ষিক উৎসৱ

আমতল ভেৰগাঁৱৰ ঐতিহাসিক শ্ৰী শ্ৰী মহামুনি মন্দিৰ প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে মন্দিৰ খনৰ বাৰ্ষিক উৎসৱ পালন কৰা হয়। ৰাতিপুৱা প্ৰথম কাৰ্য্যসুচী হিচাবে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ কান্ত বৰাদেবে ধৰ্মীয় ধ্বজ্জা উত্তোলন কৰে। দিনৰ ভাগত ৰাধা কৃষ্ণৰ পূজা  হয় আৰু স্থানীয় আই মাতৃসকলৰ দ্বাৰা দিহা নাম, নাম সংকিৰ্তনেৰে মন্দিৰ চৌহদ ভক্তিময় কৰি তুলে।

উল্লেখযোগ্য যে যোৱা ২০১৮ আৰু ২০১৯ বৰ্ষত মন্দিৰৰ বাৰ্ষিক উত্সৱ হিচাপে অতি উলহ মালহেৰে  ৰাস লীলাৰ আয়োজন কৰা হৈছিল কিন্ত বৰ্তমান ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাস লীলাৰ আয়োজন কৰা নহ’ল বুলি মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰনব কুমাৰ শৰ্মাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰিও মন্দিৰৰ এটি ভবন নিৰ্মাণ ৰ সাহাৰ্য্যাৰ্থে উপহাৰ কুপনৰ খেল এটাও অনুষ্ঠিত কৰা হয় বুলি সম্পাদকে জনায়। ৰাতিৰ ভাগত স্থানীয় নাম কীৰ্তন দলৰ নাম সংকিৰ্তনেৰে অনুষ্ঠানটিৰ সামৰণি  কৰা হয়। উপহাৰ কুপন খেলখনৰ বিচাৰক হিচাপে উপস্থিত আছিল চিৰাজুলি অঞ্চলৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক শ্ৰী গুনদেব অধিকাৰী আৰু মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰী সুভাষ দে।

ফেচবুকে সমাজক বেয়া কৰি তুলিছে: চিএনএন

চিএনএনৰ দ্বাৰা কৰা এক জৰীপত, এইটো প্ৰকাশ পাইছে যে চাৰিজন প্ৰাপ্তবয়স্কৰ ভিতৰত তিনিজনে ভাবে যে ফেচবুকে আমেৰিকান সমাজক বেয়া কৰি তুলিছে। প্ৰতিবেদন অনুসৰি, ৭৬ শতাংশ আমেৰিকান লোকে কয় যে ফেচবুকে সমাজক বেয়া কৰি তোলিছে। ফেচবুক শেহতীয়াকৈ বিভিন্ন তৃতীয় পক্ষক তথ্যৰ ভাগ বতৰা কৰাৰ বাবেও বাতৰিত আছে।

যদি আমি ৪৪ শতাংশ ৰিপাব্লিকান আৰু ২৭ শতাংশ ডেমক্ৰেটসহ প্ৰায় এক-তৃতীয়াংশ জনসাধাৰণৰ সামগ্ৰিক তথ্যত দেখিছোঁ যে ফেচবুকে আমেৰিকান সমাজক বেয়া কৰি তুলিছে আৰু ফেচবুক নিজেই ইয়াৰ ব্যৱহাৰকাৰীতকৈ বেছি দোষী।