Home Blog Page 2712

নগাঁৱত বন বিভাগৰ অভিযানত দুটাকৈ অবৈধ কাঠফলা মিল জব্দ

নগাঁও জিলা  বন বিভাগৰ এটা অভিযানকাৰী দলে আজি জিলাখন ৰূপহী আৰু শিমলুগুৰি অঞ্চলত অভিযান চলাই দুটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে, দীৰ্ঘদিন  ধৰি ৰূপহীৰ প্ৰদীপ বৰা নামৰ ব্যক্তি জনে ৰূপহী অঞ্চলত অবৈধ ভাবে কাঠ ফলা মিল চলাই আহিছিল। এই মিলত একাংশ অসাধু কাঠ ব্যৱসায়ীয়ে অতি মূল্যবান চোৰাং কাঠ ফালি জিলা খনৰ বিভিন্ন স্থানলৈ সৰবৰাহ কৰি আহিছিল। ইয়াৰোপৰি শিমলুগুৰি অঞ্চলতো এগৰাকী ব্যক্তিয়ে দীৰ্ঘদিন ধৰি অবৈধ কাঠফলা মিল চলাই আহিছিল। এই খবৰ গোপন সূত্ৰে লাভ কৰি আজি নগাঁও বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰৰ নেতৃত্বত যোৱা দলটোৱে  অবৈধ কাঠফলা মিল দুটা উৎখাত কৰে। এই অভিযানত  বনাঞ্চলিক বিষয়া কল্যানী মালাকাৰক সংগ দিয়ে বনপালক প্ৰভাত বৰা,প্ৰভাত বৰুৱা  লগতে কেইবাগৰাকীও বনকৰ্মীয়ে। অৱশ্যে আজিৰ অভিযানত  অবৈধ কাঠমিলৰ লগত জড়িত কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উদ্যোগত এদিনীয়া বিশেষ প্ৰশিক্ষণ

বিহালী সংহত শিশু উন্নয়ন প্ৰকল্প উন্নয়ন প্ৰকল্প উদ্যোগত  বৃস্হপতি বাৰে বিহালী সমষ্টিৰ বিহালী কল্যাণ আশ্ৰমৰ মুক্তি যোদ্ধা ছবিলাল উপাধ্যায় স্মৃতি ভৱনত   এদিনীয়া বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়  অংগবাডী কৰ্মী সকলৰ মাজত। এই বিশেষ প্ৰশিক্ষণ প্ৰদান বাবে  বিহালী সংহত  শিশু উন্নয়ন প্ৰকল্প অন্তৰ্গত ১৩৩ টা কেন্দ্ৰ কৰ্মী সকল উপস্থিত থাকে।ইফালে এই বিশেষ প্ৰশিক্ষণ প্ৰদান কৰে পোষণৰ অভিযানৰ খণ্ড সমন্বয়ক বিহালী বিষয়া প্ৰণৱ বৰ গোহাঁই ছুপাভাইজাৰ অনিমা হাজৰিকা, দিপালি হাজৰিকা কে ধৰি বহু কেইজন বিষয়াই।

লক্ষ্ণৌৰ ডিজিপি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০-২১ নৱেম্বৰ, ২০২১ তাৰিখে লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু আৰক্ষী মহাপৰিদৰ্শক (আইজিপি)ৰ ৫৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিব।দুদিনীয়া সন্মিলনখন হাইব্ৰিড ফৰ্মেটত অনুষ্ঠিত হ’ব, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিজ্ঞপ্তিত কয়।ৰাজ্য/কেন্দ্ৰীয় শাসিত ৰাজ্যৰ ডিজিপি আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকলে লক্ষ্ণৌৰ অনুষ্ঠানস্থলীত শাৰীৰিকভাৱে সন্মিলনত অংশগ্ৰহণ কৰিব, আনহাতে বাকী আমন্ত্ৰণকাৰীসকলে আইবি/এছআইবি মুখ্য কাৰ্যালয়ৰ ৩৭ টা বিভিন্ন স্থানৰ পৰা প্ৰায় অংশগ্ৰহণ কৰিব।প্ৰকাশিত তথ্য অনুসৰি, সন্মিলনখনত চাইবাৰ ক্ৰাইম, তথ্য প্ৰশাসন, সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ, নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ উদীয়মান প্ৰৱণতা, কাৰাগাৰৰ সংস্কাৰকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব।”২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীয়ে ডিজিপি সন্মিলনত তীব্ৰ আগ্ৰহ লৈছে। আগতে সাংকেতিক উপস্থিতিৰ বিপৰীতে, তেওঁ সন্মিলনৰ সকলো অধিৱেশনত উপস্থিত থকাটো এক বিষয় কৰি তুলিছে আৰু মুক্ত আৰু অনানুষ্ঠানিক আলোচনাক উৎসাহিত কৰে যিয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলক দেশক প্ৰভাৱিত কৰা গুৰুত্বপূৰ্ণ আৰক্ষী আৰু আভ্যন্তৰীণ নিৰাপত্তাবিষয়ৰ বিষয়ে প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ অৱগত কৰাৰ সুযোগ প্ৰদান কৰে,”।প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি, ২০১৪ চনৰ পৰা, দিল্লীত প্ৰচলিত ভাৱে আয়োজন কৰা বাৰ্ষিক সন্মিলনসমূহ ২০২০ বৰ্ষৰ বাহিৰত দিল্লীৰ বাহিৰত আয়োজন কৰা হৈছে যেতিয়া সন্মিলনখন প্ৰায় অনুষ্ঠিত হৈছিল।সন্মিলনখন ২০১৪ চনত গুৱাহাটীত আয়োজন কৰা হৈছিল; ২০১৫ চনত কচ্ছৰ ধোৰ্ডো, ৰণ; ২০১৬ চনত ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী, হায়দৰাবাদ; ২০১৭ চনত বিএছএফ একাডেমী, টেকানপুৰ; 2018 চনত কেৱাদিয়া; আৰু আই.আই.এছ.ই.আৰ., পুনে ২০১৯ চনত।

সুদক্ষ ফুটবলাৰ-প্ৰশিক্ষক নৱ প্ৰজন্মৰ আদৰ্শ স্বৰূপ দেৱজিৎ শৰ্মা

সন্মুখত সুনিদিষ্ট লক্ষ্য আৰু লক্ষ্য প্ৰাপ্তিৰ বাবে একাগ্ৰ মন, কঠোৰ সাধনা তথা তপস্যা থাকিলে বাস্তৱিকতে যে সকলো কামেই সম্ভৱ সেয়া জীৱন কালত সফলতা অৰ্জনকাৰী প্ৰতিজনৰ জীৱন পৰিক্ৰমা বিচাৰ-বিশ্লেষণ কৰিলে সেয়া সহজে অনুধাৱন কৰিব পাৰি । কি আৰ্থ-সামাজিক, কি সাংস্কৃতিক , কি ৰাজনৈতিক , কি সাহিত্য, কি ক্ৰীড়া , কি  শিক্ষা এই ক্ষেত্ৰসমূহত সফলতা অৰ্জনকাৰীয়ে এনে নিয়মকে অনুসৰণ কৰি আজিৰ সমাজখনত নিজৰ নাম সোণালী আখৰে খোদিত কৰি ৰাখিবলৈ সক্ষম হৈছে। এইসকলেই  আমাৰ নৱ প্ৰজন্মৰ বাবেও এক আদৰ্শ স্বৰূপ । লক্ষ্য প্ৰাপ্তিৰ বাবে কঠোৰ সাধনা আৰু অনুশীলনৰ মাজেৰে ক্ৰীড়া জগতখনত অন্যান্য সকলৰ দৰে এজন সফল ক্ৰীড়াবিদ হিচাপে নিজকে চিনাকী দিয়াৰ লগতে নৱ প্ৰজন্মৰো আদৰ্শ স্বৰূপ হৈ পৰা চাবুৱা নগৰৰ সমীপৱৰ্তী মেৰেলি পথাৰৰ নিবাসী তথা এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ দেৱজিৎ শৰ্মাৰ নাম এই খিনিতে স্মতব্য ।  স্কুলীয়া শিক্ষা জীৱনৰ পৰাই এই খেল বিধৰ প্ৰতি আকৃষ্ট হৈ একাণপতীয়াকৈ এক প্ৰকাৰ খেলবিধক জীৱনৰ সংগী  হিচাপে লোৱা দেৱজিৎ শৰ্মাই স্থানীয় , জিলা আৰু ৰাজ্যিক পৰ্যায়ত নিজকে এগৰাকী সফল ফুটবল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা কৰাত সক্ষম হৈছিল।  ৫২ বছৰ বয়সতো  খেলবিধৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা বৰ্তমান শৰ্মা চাবুৱা ভেটাৰ্ণ ফুটবল দলৰ এগৰাকী নিৰ্ভৰযোগ্য খেলুৱৈ। ১৯৬৯ চনত জন্ম গ্ৰহণ কৰা আৰু চাবুৱা গ্ৰাম্য স্বাস্থ্য কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মনোমতী শৰ্মা আৰু স্বৰ্গীয় কণক শৰ্মাৰ একমাত্ৰ পুত্ৰ দেৱজিতে  চাবুৱা গ্ৰাম্য স্বাস্থ্য প্ৰাথমিক বিদ্যালয়ত ( বৰ্তমান ৰূপকোঁৱৰ প্ৰাথমিক বিদ্যালয়) প্ৰাথমিক শিক্ষা ,  অসম বিদ্যাপীঠত  হাইস্কুলীয়া আৰু ডি ডি আৰ মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই ফুটবল খেলত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা শৰ্মাই চাবুৱা অঞ্চলটোৰ অন্যতম ক্ৰীড়া অনুষ্ঠান চাবুৱা বেৰোটন সংঘৰ অন্যতম সুদক্ষ ফুটবল খেলুৱৈ পুতুল বৰুৱা ওৰফে দুদুলৰ পৰা খেলবিধৰ প্ৰতি অনুপ্ৰেৰণা পাইছিল।   দেৱজিৎ শৰ্মাই পৰৱৰ্তী সময়ত উক্ত ক্লাবৰ এগৰাকী নিয়মীয়া খেলুৱৈ হোৱাৰ উপৰি নিজৰ  দক্ষতাৰ বলত  তিনিচুকীয়াৰ ডুমডুমাত সদৌ অসম গ্ৰাম্য খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি (১৯৮৫) ছাই কেন্দ্ৰলৈ নিৰ্বাচিত হৈছিল।খেলৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখা  শৰ্মাই  ১৯৯৯-২০০০ চনত ২১ বছৰ অনুৰ্ধ্ব অসম ৰাজ্যিক ফুটবল দলক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল।  ১৯৮৭ চনৰ পৰা একেৰাহে কেইবাৰো ডিব্ৰুগড় জিলাৰ ছাব-জুনিয়ৰ আৰু জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি চাবুৱাৰ লগতে সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ডিব্ৰুগড় জিলাখনৰে লেখত ল’বলগীয়া ক্ৰীড়া-সাংস্কৃতিক অনুষ্ঠান ৰূপে পৰিচিত শৰ্মাই মিলনজ্যোতি সংঘৰ ফুটবল দলৰ এগৰাকী নিৰ্ভৰযোগ্য ফুটবলাৰ হিচাপে কেইবাবছৰো দলটোক প্ৰতিনিধিত্ব কৰিছিল। শৰ্মাই পৰৱৰ্তী সময়ত নিজৰ খেলৰ উন্নত মানৰ ক্ৰীড়া শৈলী গুণত অসমৰ আগশাৰী ফুটবল ক্লাব হিচাপে বিবেচিত গুৱাহাটী ডায়নামো ক্লাবত প্ৰতিনিধিত্ব কৰি অসমৰ ফুটবল জগতৰ সন্মানীয় প্ৰতিযোগিতা ক্ৰমে স্বাধীনতা কাপ, বৰদলৈ ফুটবল ট্ৰফি, এ টি পি এ শ্বিল্ড, তেজপুৰ গুগল শ্বীল্ড, চি কৰে শৰ্মা ট্ৰফি, গাৰোডিয়া গ’ল্ফ কাপ, দে এনে ভূঞা কাপ আৰু চেলেঞ্জ কাপ ফুটবলত অংশগ্ৰহণ কৰি শৰ্মাই প্ৰতিভাৰ পৰিচয় দিছিল। অন্যহাতে মিলনজ্যোতি সংঘৰ হৈ শৰ্মাই অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশতো ফুটবল খেলি কৃতিত্ব অৰ্জন কৰি থৈছে। এগৰাকী সুদক্ষ ফুটবল খেলুৱৈয়ে গাঁৱে ভূঁয়ে অসংখ্য টীমৰ হৈ খেলা শৰ্মাই ইতিমধ্যে ১৯১১ বৰ্ষত এন আই এছৰ ক’ৰ্চাৰ স্বীকৃতিপ্ৰাপ্ত শৰ্মাই সমান্তৰালকৈ এগৰাকী ফুটবল প্ৰশিক্ষক হিচাপে অহৰহ ভাৱে উঠি অহা প্ৰজন্মক ফুটবল প্ৰশিক্ষণত ব্যস্ত। আশী দশকৰ পৰা এই খেলবিধৰ সৈতে জড়িত থকা আৰু ফুটবলৰ জীৱনৰ সৰ্বস্ব জ্ঞান কৰা শৰ্মাই জীৱনৰ বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে অতিক্ৰমী ফুটবল খেলি অহাৰ লগতে বৰ্তমানলৈকে ছয় শতাধিক প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি অন্য এক মাইলৰ খুঁটি পাৰ কৰিছে। শৰ্মাই ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ যেনে ৰহমৰীয়াৰ ব্ৰহ্মপুত্ৰ ফুটবল দল, ঘোঁৰামৰা আঞ্চলিক ফুটবল দল, মদাৰখাট আঞ্চলিক ফুটবল দল, টেঙাখাত ফুটবল দল, থানাই চাহ বাগিচা ফুটবল দল, শিয়ালকাটী চাহ বাগিচা ফুটবল দল, খাৰজান চাহ বাগিচা ফুটবল দল, ডিব্ৰুগড় হিলৈধাৰী ফুটবল দল, বগীবিল ফুটবল দল আদি দলক  ফুটবলৰ প্ৰশিক্ষণ প্ৰদান কৰি জনপ্ৰিয় কৰিছিল। শৰ্মাই আনকি চাবুৱা অস্থায়ী সেনা ছাউনীৰ শিখ ৰেজিমেন্ট আৰু কাশ্মীৰ ৰেজিমেন্টত ফুটবল প্ৰশিক্ষণ প্ৰদান কৰি কৃতি অৰ্জন কৰি থৈছে। শৰ্মাৰ তত্বাৱধানতে ফুটবলৰ প্ৰশিক্ষণ লৈ ৰাজ্য তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠিবলৈ সক্ষম হোৱা খেলুৱৈ সকল হ’ল ক্ৰমে অনিমেষ গোহাঁই, কিশোৰ গগৈ, উদয় বৰুৱা, বিচু বড়া, লুইচ বৰুৱা, বিনোদ ৰাজোৱাৰ আৰু উদয় কুমাৰ বৰুৱাৰ নাম  এইখিনিতে উল্লেখযোগ্য। এনেদৰেই জীৱনৰ সিংহভাগ সময় ফুটবলতেই আত্মনিয়োগ কৰি অহা এইজন খেলুৱৈয়ে চাৰকাৰৰ সকলোধৰণৰ সা-সুবিধাৰ  পৰা বঞ্চিত। দুৰ্দান্ত খেলৰ শৈলীৰে প্ৰতিপক্ষৰ বেহু তচনচ কৰা সক্ষমতা থকা শৰ্মাই চৰকাৰী কোনো বিভাগতে সংস্থাপনৰ  সুবিধা নাপালে। উপযুক্ত ক্ৰীড়বিদৰ দ্বাৰা ক্ৰীড়া উত্তৰণৰ বাবে চৰকাৰৰ কোনো সুনিৰ্দিষ্ট নীতি-নিয়ম নতুবা চৰকাৰী বিভাগত সংস্থাপনৰ ক্ষেত্ৰত থকা স্বজন-তোষন নীতিৰ বাবেই হওঁক দুবাৰকৈ শৰ্মা মকৰলৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল। এই ক্ষেত্ৰত শৰ্মাৰ আক্ষেপ থাকিল গ’ল যদিও কেতিয়াও কাহানিও অভিযোগ প্ৰতি-অভিযোগ নকৰা  উদাৰ মনৰ দেৱজিতে বৰ্তমানে পানীতোলা স্পৰ্টচ একাডেমী, চাবুৱা কচিং চেন্টাৰ আৰু ৰহমৰীয়াৰ সমীপৰ বিহলঙনীত চাহ বাগিচাত ফুটবল প্ৰশিক্ষণত ব্যস্ত। কৰ্মই ধৰ্ম বুলি বিশ্বাস কৰা দেৱজিতক যদি বৰ্তমানৰ  জনকল্যাণমুখী চৰকাৰখনে এধানি আৰ্থিক সাহায্য আগবঢ়ালে পৰৱৰ্তী কালত সমাজখনে আৰু অধিক অৱদান আশা কৰিব পাৰি। আমি প্ৰতিজনে দেৱজিৎ শৰ্মাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু এই আপাহতে কামনা কৰিলোঁ। 

সাংবাদিকক আক্ৰমণ চোকা অস্ত্ৰধাৰী দুই অচিনাক্ত দুৰ্বৃত্তৰ

তিনিচুকীয়া জিলাৰ ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ তৰাণি বনাঞ্চলত নিতৌ সংঘটিত হবলৈ ধৰিছে ডকাইটিৰ ঘটনা । ফিল’বাৰী-পেঙেৰী সংযোগী পথৰ তৰাণি বনাঞ্চলৰ মাজমজিয়াত আজি পুনৰ চোকা অস্ত্ৰধাৰী দুই অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হবলগীয়া হৈছে এগৰাকী সাংবাদিক । ফিল’বাৰীৰ যুৱ সাংবাদিক ঘনশ্যাম ছেত্ৰীয়ে মটৰচাইকেলৰে বাতৰি সংগ্ৰহৰ বাবে উক্ত পথেদি পেঙেৰীলৈ গৈ থকা অৱস্থাত তৰাণি বনাঞ্চলৰ মাজত মুখত কলা কাপোৰ বন্ধা দুৰ্বৃত্তৰ দলটোৱে সাংবাদিক গৰাকীৰ আক্ৰমণ কৰে । সাংবাদিক গৰাকীয়ে চিঞৰ-বাসৰ কৰাত অচিনাক্ত অস্ত্ৰধাৰী দলটো জংঘলৰ মাজলৈ পলায়ন কৰে ৷ দুৰ্বৃত্তৰ আক্ৰমনত যুৱ সাংবাদিক গৰাকী কিছু পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে সাংবাদিক গৰাকীৰ মটৰ চাইকেল ভাঙি চুৰমাৰ হয় । ঘটনা সংঘটিত হোৱাৰ লগে-লগে পেঙেৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্তৰ সন্ধানত বনাঞ্চলখনত অভিযান চলাই যদিও বৰ্তমানলৈকে দুৰ্বৃত্তৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই । দুৰ্বৃত্তৰ আক্ৰমনৰ বলি হোৱা সাংবাদিক ঘনশ্যাম ছেত্ৰীয়ে ইতিমধ্যে ঘটনা সম্পৰ্কে পেঙেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । উল্লেখযোগ্য যে, ফিল’বাৰী, পেঙেৰী, বুঢ়িদিহিং আদি অঞ্চলত অবৈধ ড্ৰাগছ-কানিৰ অবাধ প্ৰচলনৰ ফলত এই অঞ্চলসমূহত এনেধৰণৰ অপৰাধমূলক ঘটনা নিতৌ সংঘটিত হবলৈ ধৰিছে ।

প্ৰধান মন্ত্ৰীৰ আঁচনিৰ অধীনত আত্মসহায়ক গোটলৈ বীজ মূলধন প্ৰদান

প্ৰধান মন্ত্ৰী ফৰ্মেলাইজেচন অফ ফুড প্ৰচেছিং এণ্টাৰপৰাইজৰ আঁচনিৰ অধীনত  আত্মসহায়ক গোটলৈ বীজ মূলধন প্ৰদানৰ এক অনুষ্ঠান আজি   সাপেখাতী গাওঁ পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত হয় ।  এনাজৰী মণ্ডলৰ  সভানেত্ৰী ৰুবী ভূঞাৰ সভানেত্ৰীত্বত অনুষ্ঠিত হোৱা সভাত  অসম  ৰাজ্যিক জীৱিকা অভিযান সাপেখাতী খণ্ড পৰিচালনা শাখাৰ পৰিচালক বিপ্লৱ গগৈ আৰু খণ্ড সমন্বয়ক দেৱজিত কলিতা উপস্থিত থাকি ১২ গৰাকী গ্ৰাম্য সংগঠনৰ  সদস্যাক  ব্যক্তিগত  লোণ প্ৰদান কৰে । উক্ত অনুষ্ঠানত এনাজৰী মণ্ডলৰ সম্পাদিকা কুঞ্জ গগৈ, উপসভানেত্ৰী মনোমতী ফুকন ,হিচাপ পৰিক্ষক ৰূপজ্যোতি গগৈ জীৱিকা সখী বন্তি বৰগোঁহাইৰ  লগতে কেইবাটাও গ্রাম্য সংগঠনৰ জীৱিকা সখীৰ লগতে  কেইবাগৰাকীও সদস্যা উপস্থিত থাকে।

মহকুমাৰ অসম নাগালেণ্ড সীমান্তত বন বিভাগৰ ভূমিত গঢ়ি উঠিছে ইটা ভাটা

যিটো সময়ত সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী ঘৰ বনোৱাত চি আৰ পি এফে বাধা প্ৰদান কৰি আহিছে তেনে সময়তে ধনশিৰি মহকুমাৰ অসম নাগালেণ্ড সীমান্তত বন বিভাগৰ ভূমিত গঢ়ি উঠিছে ইটা ভাটা। মহকুমাটোৰ অসম নাগালেণ্ড সীমান্তৰ চুঙাজানৰ নাওঘাটত বাবুল আলি নামৰ এজন লোকে অসম ভাটা নামেৰে স্থাপন কৰিছে ইটা ভাটা। নাওজান আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত নাওঘাটত বন বিভাগৰ ভূমিত স্থাপন কৰা ইটা ভাটাটোৰ শূণ্য দূৰত্বত আছে নাওঘাট খণ্ড বন বিষয়াৰ কাৰ্যালয়। তদুপৰি ভাটাটোৰ সন্মুখতে আছে চি আৰ পি এফ আৰু অসম বেটেলিয়নৰ কেম্প। উল্লেখ্য যে সীমান্ত দণ্ডাধীশৰ অনুমতি অবিহনে সীমান্ত অঞ্চলত চৰকাৰী আঁচনি ৰূপায়ণটো চি আৰ পি এফে বাধা প্ৰদান কৰে । তেনেস্থলত চি আৰ পি এফৰ কেম্পৰ সন্মুখত এনেদৰে ইটা ভাটা গড়ি উঠা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে । তদুপৰি বন বিভাগৰ ভূমিত ইটা ভাটা স্থাপন কৰি ইটা নিৰ্মাণ কৰি থকাৰ পিছতো বন বিভাগে আজি পৰ্যন্ত লোৱা নাই কোনো ব্যৱস্থা । ইটা ভাটা এটা নিৰ্মাণ কৰিবৰ বাবে বন বিভাগৰ লগতে ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অনুমোদনৰ প্ৰয়োজন। এতিয়া কাৰ অনুমতি লৈ বাবুল আলিয়ে বন বিভাগৰ ভূমিত এনেদৰে ইটা ভাটা স্থাপন কৰি ইটা বনাইছে সেইয়াহে ৰহস্যৰ আৱৰ্তত। নাওজানৰ বাবুল আলি নামৰ লোকজনে সন্দেহজনক নাগৰিকৰ লগতে শিশু শ্ৰমিকক ইটা বনোৱাৰ কামত নিয়োগ কৰাৰ অভিযোগ উঠিছে । সীমান্তৰ বিবাদমান এলেকাত কাৰ অনুমতি লৈ এনেদৰে ইটা ভাটা নিৰ্মান কৰিছে তাৰ তদন্ত কৰি বিষয়টোৰ লগত জড়িত সকলক শাস্তি দিয়াৰ লগতে ইটা ভাটাটো উচ্ছেদ কৰিবলৈ সাহস কৰিবনে বৰ্তমানৰ চৰকাৰখনে ।

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

ডিব্ৰুগড়ত গৃহনিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণ আৰু গাঁও পৰিকল্পনা বিভাগৰ সৌজন্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চহৰাঞ্চলৰ হিতাধীকাৰীসকলৰ মাজত চেক বিতৰণ। প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় বন্দৰ, জাহাজ, জল পৰিবহণ আৰু আয়ুস বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিকভাৱে উক্ত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।ডিব্ৰুগড় চহৰৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰকল্প সঞ্চালক বিশ্বজিত ভূঞাই আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকাই প্ৰধানমন্ত্ৰী আৱাস যোজনা আচনিৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। তদুপলক্ষে স্থানীয় কাছাৰীবাৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত সজাগতা অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ভাৰপ্ৰাপ্ত উপায়ুক্ত সঞ্জয় দত্ত, আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰাৰ লগতে জিলা পৰিষদৰ উপ সভানেত্ৰী পুষ্পাঞ্জলি সোনোৱাল আৰু মানকটা, চিৰিং দাইনিজান, ৰজাভেটা, বৰপথাৰ আৰু খনিকৰ পঞ্চায়তৰ সভাপতি ক্ৰমে দীপামণি হাজৰিকা, মনোজ সোনোৱাল, সঞ্জীৱ হাজৰিকা, কন্ঠশিল্পী বিপিন চাউদাং আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে। উল্লেখ্য যে প্ৰধান মন্ত্ৰী আৱাস যোজনা, চহৰাঞ্চলৰ অধীনত প্ৰায় দুই শতাধিক হিতাধিকাৰীক প্ৰথম কিস্তিৰ ধনৰাশি প্ৰদান কৰা হয়।

অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰূপে দায়িত্ব গ্ৰহণ পুলক গোহাঁ‌ইৰ

অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰুপে বৃহস্পতিবাৰে দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । মহানগৰীৰ জুৰোড স্থিত অসম গৃহনিৰ্মাণ পৰিষদৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে।অসম গৃহনিৰ্মাণ পৰিষদৰ অধ্যক্ষ ৰুপে বৃহস্পতিবাৰে দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । পুৰ্বে এই পদত অধিষ্ঠিত আছিল সুভাষ দত্ত । মহানগৰীৰ জুৰোড স্থিত অসম গৃহনিৰ্মাণ পৰিষদৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত এক অনুষ্ঠানত এই দায়িত্ব গ্ৰহণ কৰে পুলক গোহাঁ‌য়ে । গৃহনিৰ্মাণ পৰিষদক নিকা তথা উন্নয়নমুখী কৰি তোলাৰ বাবে সকলো প্ৰচেষ্টা লোৱা হব বুলি ঘোষণা অধ্যক্ষ পুলক গোহাঁ‌ইৰ । মহানগৰীৰ জুৰোডস্থিত মুখ্য কাৰ্যলয়ত অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে সংবাদকৰ্মী সকলৰ লগতে বহু বিশিষ্ট ব্যক্তি ।

আজি ৰঘুনাথ চৌধাৰীৰ মৃত্যু বাৰ্ষিকী

পুষ্প-কাননত আছিল এজুপি 

ধুনীয়া শেৱালি ফুল, 

ধীৰ বতাহত হইছিল ধৰা 

গােন্ধতে আমােলমােল। 

ৰঘুনাথ চৌধাৰী অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগৰ এগৰাকী বিশিষ্ট কবি আছিল। মূলতঃ চৰাই আৰু প্ৰকৃতিক মূল বিষয়বস্তু হিচাপে কেন্দ্ৰ কৰিয়েই অসংখ্য কবিতা ৰচনা কৰা বাবে তেখেত বিহগী কবি নামেৰে জনাজাত হয়। চৌধাৰীৰ জন্ম হৈছিল বিখ্যাত কলিতা চৌধাৰী বংশত ১৮৭৯ চনত কামৰূপ জিলাৰ লাউপাৰা গাওঁত হৈছিল। বৰ্তমান লাউপাৰা গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে যদিও কিছু অংশ বৰ্তমানেও আছে।ৰোমাণ্টিক যুগৰ অন্যতম কবি ৰঘুনাথ চৌধাৰীদেৱ অসমীয়া সাহিত্যৰ এক স্মৰণীয় নাম। ৰোমাণ্টিক যুগৰ কবি, বিহগী কবি খ্যাত ৰঘুনাথ চৌধাৰী দেৱৰ আজি পৱিত্ৰ মৃত্যু বাৰ্ষিকীত ডিবি নিউজৰ ফালৰ পৰা শ্ৰদ্ধাৰে সুৱঁৰিছো।