হোজাইত একেনিশা দুজনককৈ অভিযুক্তই পলায়ন কৰাৰ সময়তে আৰক্ষীয়ে এনকাউন্টাৰ কৰি দুয়োকে আহত কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ইয়াৰে এজন লামডিং বনাঞ্চলৰ ভু মাফিয়া হিচাপে অভিযুক্ত নজৰুল ইছলাম আৰু আনজন কুখ্যাত বাইক চোৰ জাকিৰ হুছেইন৷ যোৱা নিশা ডবকা আৰক্ষীয়ে কুখ্যাত বাইকচোৰ জাকিৰ হুছেইনক লৈ আন এজন অভিযুক্তৰ সন্ধান চলোৱাৰ সময়তে জাকিৰে পলায়ন কৰাৰ চেষ্টা কৰাৰ সময়তে এনকাউন্টাৰ কৰে আৰক্ষীয়ে৷মাজনিশা ১ মান বজাত ডবকাৰ শালবাগানত সংগঠিত হৈছে এই চাঞ্চল্যকৰ এনকাউন্টাৰৰ ঘটনা। আমিৰ নামৰ বাইক চোৰক কৰায়ত্ব কৰিবলৈ জাকিৰক লগত লৈ গৈছিল ডবকা আৰক্ষীয়ে। অভিযান চলাই ওভতি অহাৰ সময়তে ডবকাৰ শালবাগানত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰে ধৃত চুৰ জাকিৰে৷ লগে লগে আৰক্ষীয়ে তাক ৰখাবলৈ ভৰিলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷ উল্লেখ্য যে জাকিৰৰ নেতৃত্বত এটা বৃহৎ চক্ৰই হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা দিনে নিশা বাইক চুৰি কৰি ডিমাপুৰত সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে৷ বাইক চুৰৰ চৰ্দাৰ জাকিৰ হুছেইনক নিশা অভিযান চলাওঁতে জাকিৰ পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে এনকাউন্টাৰ কৰে৷আৰক্ষীৰ গুলিত ভৰিত আঘাতপ্ৰাপ্ত হয় জাকিৰ৷ ভৰিত গুলি কৰাৰ লগে লগে জাকিৰ অসুস্থ হৈ পৰাত প্ৰথমে ডবকা চিকিৎসালয় ভৰ্তি কৰে যদিও উন্নত চিকিৎসাৰ বাবে নগাও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে৷উল্লেখ্য যে যোৱা ১৪ নবেম্বৰত আৰক্ষীয়ে জাকিৰসহ চাৰিজনকৈ কুখ্যাত বাইক চুৰক গ্ৰেপ্তাৰ কৰিছিল৷হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰি ৫ দিনৰ আৰক্ষীৰ জিম্মাত লৈ আহে ডবকা আৰক্ষীয়ে৷যোৱা ১৪ নবেম্বৰত নাগালেণ্ডৰ ধনশিৰিত ডবকা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল৷ আৰক্ষীৰ অভিযানত চাৰি দুৰ্ধষ বাইক চোৰ ক্ৰমে জাকিৰ হুছেইন ,চাহাব উদ্দিন, ফিলিপ চাউহাঙ আৰু আচ্ছি নামাই ৷ধৃত জাকিৰ আৰু চাহাব উদ্দিনৰ ঘৰ মোৰাঝাৰৰ বৰহাওঁৰত আৰু ফিলিপ চাউহাঙ আৰু আচ্ছি নামাইৰ ঘৰ নাগালেণ্ডৰ পাৰেন জিলাৰ জালুকি থানাৰ অন্তৰ্গত ভেটেনাৰী কলনিত ৷ তেওঁলোকৰ কৱলৰ পৰা তিনিখন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীয়ে৷বাকী তিনি বাইকচোৰক ডবকা আৰক্ষী থানাত মাৰাথান জেৰা অৱ্যাহত ৰাখিছে ৷ যোৱা এক মাহ কাল ধৰি ডবকাৰ লগতে হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধ শতাধিক বাইক চুৰি কৰি এক প্ৰকাৰ সন্ত্ৰাস চলাইছিল চক্ৰটোৱে৷ আনহাততে লামডিং বনাঞ্চলত উচ্ছেদ হোৱাৰ সময়তে পোহৰলৈ আহিছিল নজৰুল ইছলামৰ নাম৷ নজৰুলে লামডিং বনাঞ্চলত একাংশ লোকক ধনৰ বিনিময়ত সংস্থাপিত কৰিছিল৷ যাৰ বাবে লামডিং থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক আটক কৰে৷ কালি নিশা আৰক্ষীয়ে নজৰুলক লৈ অভিযান চলোৱাৰ সময়তে নজৰুলে পলোৱাক চেষ্টা কৰে৷ অকল ইমানিই নহয় আৰক্ষীৰ পিষ্টল কাঢ়ি লৈ নজৰুলে আৰক্ষীৰ গাড়ীত গুলীওৱাৰ কথা স্বীকাৰ কৰে হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই৷ পলায়নৰ সময়তে আৰক্ষীয়ে নজৰুলৰ ভৰিত গুলীয়াই দিয়াত গুৰুতৰভাবে আহত হয় নজৰুল৷ লগে লগে তেওঁক নগাঁও চিকিৎসালয়ত ভৰ্তি কৰা হয়৷ একে নিশাই দুটাকৈ এনকাউন্টাৰে হোজাইত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷
আৰিয়ান খানৰ জামিন আদেশ মুম্বাই উচ্চ ন্যায়ালয়ৰ
মুম্বাইৰ ড্ৰাগছ গোচৰত আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট, মুনমুন ধামেচা আৰু গোচৰটোৰ আন অভিযুক্তসকলৰ মাজত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নগ’ল। শনিবাৰে মুম্বাই উচ্চ ন্যায়ালয়ে জাৰি কৰে জামিন আদেশ।
মুম্বাই উচ্চ ন্যায়ালয়ে শনিবাৰে মুম্বাই ড্ৰাগছ গোচৰত আৰিয়ান খানৰ এক বিতং জামিন আদেশ মুকলি কৰিছিল। নিৰ্দেশটোত উচ্চ ন্যায়ালয়ে উল্লেখ কৰে যে আৰিয়ান খানক “কোনো আপত্তিজনক পদাৰ্থৰ দখলত পোৱা হোৱা নাই” আৰু গোচৰটোৰ আন অভিযুক্ত আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ মাজত ষড়যন্ত্ৰৰ কোনো প্ৰমাণ পোৱা নগ’ল।
মুম্বাই উচ্চ ন্যায়ালয়ে আৰিয়ান খানৰ জামিন আদেশত কৈছিল যে আৰিয়ান খানৰ ফোনত পোৱা হোৱাটছএপ চেটবোৰে “ষড়যন্ত্ৰৰ বিষয়ত আন সহ-অভিযুক্তৰ সৈতে তিনিজন আবেদনকাৰীৰ” কোনো সম্পৰ্ক সূচিত নকৰে। আৰিয়ান চিন্তিত, কিন্তু তেওঁৰ ম’বাইলত লক্ষ্য কৰা অপ্ৰাসংগিক হোৱাটছএপ চেকৰ বাবে, ষড়যন্ত্ৰৰ বিষয়টোত এই তিনিওজন আবেদনকাৰীক আন সহ-অভিযুক্তৰ সৈতে সংযোগ কৰাৰ কোনো ভৌতিক প্ৰমাণ নাই,” মুম্বাই উচ্চ ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশত কোৱা হয়।
যুৱ-সাহিত্যিক প্ৰাঞ্জল প্ৰতিম ডেকালৈ প্ৰাগজ্যোতিষ যুৱ-সাহিত্য বঁটা-২০২১
প্ৰাগজ্যোতিষ প্ৰকাশন আৰু ন্যাসৰ উদ্যোগত প্ৰতিবছৰে প্ৰদান কৰাৰ দৰে এইবেলিও প্ৰদান কৰা হ’ল ২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ-সাহিত্য” বঁটা । এইবৰ্ষত উক্ত বঁটা লাভ কৰে যুৱ সাহিত্যিক তথা সুদক্ষ তাৰ্কিক দৰঙৰ প্ৰাঞ্জল প্ৰতিম ডেকাই ।
উল্লেখ্য যে, শ্ৰী ডেকাই দৰং জিলা সাহিত্য সভাৰ ৰামধেনু অনুষ্ঠানৰ প্ৰাক্তন মুখ্য সমন্বয়ক, প্ৰাক্তন সহঃআহ্বায়কৰ পদ অলংকৃত কৰাৰ উপৰিও “পূবেৰুণ”কে ধৰি কেইবাখনো আলোচনীৰ সম্পাদক হিচাপে,শব্দশঃ আলোচনীৰ অতিথি সম্পাদক ৰূপেও কাৰ্যনিৰ্বাহ কৰে ।লগতে “সদৌ অসম তাৰ্কিক সন্থা”ৰো তেওঁ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে অধিস্থিত হৈ আছে । স্কুলীয়া দিনৰে পৰাই অবিৰতভাৱে সাহিত্য চৰ্চাত মনোনিৱেশ কৰা প্ৰাঞ্জল প্ৰতিম ডেকাই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰাক্তন সাহিত্য-আলোচনী সম্পাদকৰ দায়িত্ব ৰূপায়ন কৰাৰ লগতে শ্ৰেষ্ঠ সাহিত্যিক, শ্ৰেষ্ঠ তাৰ্কিক, শ্ৰেষ্ঠ বক্তাৰ খিতাপ অৰ্জন কৰিবলৈয়ো সক্ষম হয় ।
আধুনিক ৰোমান্টিক কবিতাত এক নতুন ধাৰাৰ সূচনা কৰিবলৈ প্ৰয়াস অব্যাহত ৰখাৰ বাবে শ্ৰী ডেকাক এই বঁটাৰ বাবে মনোনীত কৰা হয় । ২০১৮ বৰ্ষত দৰঙৰ দলগাঁওত অনুষ্ঠিত অসম সাহিত্য সভাৰ ৰামধেনুৰ কেন্দ্ৰীয় অনুষ্ঠানত উদীয়মান প্ৰতিভাধৰ হিচাপে নৱ-প্ৰজন্মক আদৰ্শৰ পথ দেখুওৱাৰ বাবে “অসম সাহিত্য সভা”ই প্ৰাঞ্জল প্ৰতিম ডেকালৈ এখনি প্ৰশস্তি পত্ৰও প্ৰদান কৰে । বঁটা লাভ কৰি প্ৰাঞ্জল প্ৰতিম ডেকাই এইবুলি কয়:-“প্ৰাপ্তিয়েই জীৱনৰ শেষ কথা নহয়, তথাপি প্ৰাপ্তিয়ে দিয়ে এখোজ আগুৱাবলৈ অফুৰন্ত প্ৰেৰণা । এই প্ৰাপ্তিয়ে আনন্দিত কৰাৰ সমান্তৰালকৈ দায়বদ্ধতাও বঢ়ালে ।
উত্তৰ গুৱাহাটীৰ উজানবজাৰ স্থিত বিষ্ণু-নিৰ্মলা ভৱনত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সাহিত্যাচাৰ্য পৰাগ কুমাৰ ভট্টাচাৰ্য, শিল্পী মণিষা হাজৰিকা, মঞ্জুলা হাজৰিকা,প্ৰিয়ংকা ভৰালী,আচুৰ্য বৰপাত্ৰকে প্ৰমুখ্য কৰি নবীন-প্ৰবীণ শিল্পী-সাহিত্যিকৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয় ।প্ৰাঞ্জল প্ৰতিম ডেকাৰ এই প্ৰাপ্তিত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰে ।সমগ্ৰ ৰাজ্যৰ লগতে গৃহজিলা দৰঙতো উছাহৰ ঢল,অভিনন্দনৰ সোঁত ।
লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূ-মাফিয়া নজৰুলক এনকাউন্টাৰ
ভূ-মাফিয়ালৈ লক্ষ্য কৰি গুলী লামডিঙ আৰক্ষীৰ।লামডিং সংৰক্ষিত বনাঞ্চলৰ মাটিৰ দালাল নজৰুলক লৈ হোজাইৰ আৰক্ষীয়ে তীব্ৰ অভিযান চলাইছিল বনাঞ্চলত।লামডিং সংৰক্ষিত বনাঞ্চলৰ ভূমাফিয়াৰ মাষ্টাৰমাইণ্ড নজৰুল ইছলামক এনকাউন্টাৰ ।যোৱা নিশা লামডিঙ আৰক্ষী ভূ মাফিয়া নজৰুলক লৈ বনাঞ্চলৰ অনন্য মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে পলাবলৈ চেষ্টা চলাইছিল নজৰুলে।লামডিঙ আৰক্ষীৰ বন্দুক লৈ আৰক্ষীৰ গাড়ীত নজৰুলে কৰিলে গুলী তেতিয়াই লামডিঙ আৰক্ষী উপাই নাপাই নজৰুলৰ ভৰিত গুলী মাৰে।বৰ্তমান নগাওঁ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে গুলীবিদ্ধ নজৰুল ইছলামক।
কবি ইলামণি শইকীয়ালৈ “প্ৰাগজ্যোতিষ যুৱ সাহিত্য বঁটা”
নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিষ্ঠিত কবি ইলামণি শইকীয়ালৈ ২০২১ বৰ্ষৰ “প্ৰাগজ্যোতিষ যুৱ সাহিত্য বঁটা” আগবঢ়োৱা হয় শুক্ৰবাৰে। ৰাজ্যৰ প্ৰায়কেইখন প্ৰতিষ্ঠিত সাহিত্যালোচনী তথা বাতৰি কাকতৰ নিয়মীয়া লেখিকা আৰু বৰ্তমান দক্ষিণ বেলতলা মধ্য ইংৰাজী বিদ্যালয়ত সহ শিক্ষয়িত্ৰী হিচাবে কৰ্মৰত ইলামণি শইকীয়াক বৃহস্পতিবাৰে ‘নিৰ্মল আৰু প্ৰাগজ্যোতিষ শৈক্ষিক ন্যাসৰ তৰফৰপৰা ৰাজ্যৰ শিক্ষা-সাহিত্য-সাংস্কৃতিক-সামাজিক তথা সংবাদ ক্ষেত্ৰখনলৈ আগবঢ়োৱা ভালেকেইগৰাকী ব্যক্তিৰ লগত একেলগে এই বঁটা প্ৰদান কৰা হয়।ইউনিভাৰ্চিটি অৱ ইঞ্জিনীয়াৰিং এণ্ড মেনেজমেণ্টৰদ্বাৰা বঁটা প্ৰাপক তথা বিভিন্ন অনুষ্ঠানৰ দ্বাৰা আয়োজিত “কবিতা প্ৰতিযোগিতা’ত পুৰষ্কাৰ বুটলিবলৈ সক্ষম হোৱা ইলামণি শইকীয়াই ২০১৯ বৰ্ষত বাবু জগজীৱন ৰাম কলা সংস্কৃতি আৰু সাহিত্য অকাডেমিয়ে আগবঢ়োৱা “ড° বি আৰ আম্বেদকাৰ ৰাষ্ট্ৰীয় সন্মান পদক” লাভ কৰিছিল। সৰুৰেপৰা সাহিত্য চৰ্চাৰ সৈতে জড়িত তথা আজিৰ দৈনিক বাতৰি কাকতৰ উপ সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা তথা এটা বৈদ্যুতিন সংবাদ মাধ্যমত পূৰ্বতে কৰ্মৰত ইলামণি শইকীয়াৰ কাব্য সংকলন “আকাশ মূলতঃ পৃথিৱীৰ প্ৰেমিক” ত অসমীয়াৰ লগতে কেইবাটাও অসমীয়া কবিতাৰ ইংৰাজী অনুবাদ অন্তৰ্ভুক্ত হোৱাৰ উপৰিও কেইবাখনো মননশীল চিত্ৰ সন্নিৱিষ্ট আছে।
সোণাৰিত সংবাদমেল যোগে পোহৰলৈ আনিলে বেদখলৰ তথ্য
ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰপৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে। স্থানীয় লোকৰ দ্বাৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশাল তথা প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদামৰ মাটি বেদখলকাৰীৰ কৱলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে। সম্প্ৰতি বেদখলকাৰীৰ কৱলত আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউৰ বহু বিঘা মাটি। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তি ঘটিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰপৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু অতি পৰিতাপৰ কথা যে, দেওশাল আৰু লাংকুৰী দৌলৰ বৃহৎ এলেকা একাংশ লোকে বেদখল কৰি উক্ত স্থানত চাহ বাগিচা স্থাপন কৰাৰ লগতে দেওশালৰ মাটি ব্যক্তিগত ম্যাদী পট্টাৰ মাটি বুলি দাবী জনাইছে । ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সোণাৰিত এখন সংবাদ মেল অনুষ্ঠিত কৰি চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে।
শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত বিটিচি প্ৰধান প্ৰমোদ বড়ো
যোৱা ১৩ নৱেম্বৰত মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা বাক্সাৰ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত আজি উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ৷ বাক্সা জিলাৰ বৰমাৰ থৈকাৰাকুছিৰ ঘৰত উপস্থিত হৈ প্ৰমোদ বড়োৱে অসম ৰাইফলছৰ শ্বহীদ জোৱান সুমনৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাই সুমন স্বৰ্গীয়াৰীৰ নামত শ্বহীদ গৰাকীৰ ঘৰলৈ যোৱা পথটো পকীকৰণ কৰাৰ লগতে সুমনে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ পিচত আজি বিটিচি প্ৰধান প্ৰমোদ বড়োৱে বিটিচি চৰকাৰৰ তৰফৰ পৰা শ্বহীদ গৰাকীৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ লগতে সুমনে পঢ়া বিদ্যালয়ৰ তোৰণ শ্বহীদ গৰাকীৰ নামত নামাকৰণ কৰা হ’ব বুলি কয় ৷ আনহাতে অহা ডিচেম্বৰ মাহৰ ভিতৰত শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত এটি বয়ন কেন্দ্ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলিও ঘোষণা কৰে ৷ লগতে শ্বহীদ গৰাকীৰ গাৱখনত জলজীৱন আঁচনিৰ কাম শীঘ্ৰে ৰূপায়ণ কৰাৰ বাবেও বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে ৷ আনহাতে শ্বহীদ গৰাকীৰ উচ্চশিক্ষিতা পত্নী জুৰি স্বৰ্গীয়াৰী আৰু জ্যেষ্ঠ ভগ্নীক আদ্যশ্ৰাদ্ধৰ পিচতেই সংস্থাপনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে বড়োৱে ৷ ইপিনে প্ৰমোদ বড়োৱে বৰ্তমান সভ্যতাৰ শীৰ্ষত বাস কৰা মানৱ সমাজত উগ্ৰপন্থীয়ে এইদৰে নিৰীহ মানুহ হত্যা কৰি সন্তুষ্টি পালেও ইয়াৰ পৰা কিন্তু একো লাভ নহ’ব বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ বন্দুকধাৰী সংগঠন সমূহক হত্যা-হিংসাৰ পৰা বিৰত থাকি আলোচনাৰ মাজেৰে আহি এখন অস্ত্ৰ-হিংসামুক্ত সমাজ গঢ়ি ৰাইজৰ হ’কে কাম কৰাৰ বাবে আহ্বান জনায় বিটিচি প্ৰধান গৰাকীয়ে ৷ উল্লেখ্য যে শ্বহীদ গৰাকীৰ বাসগৃহত প্ৰমোদ বড়োৰ সৈতে আজি বিচিটিৰ অধ্যক্ষ কাতিৰাম বড়ো, ইউপিপিএলৰ মুছলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক দয়াল শৰণীয়াও উপস্থিত থাকে ।
গেলাহাটিঙা প্ৰাথমিক আটছাৰ নতুন সমিতি গঠন
বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত দিকৰাইৰ গেলাহাটিঙাত আটছাৰ প্ৰতিনিধি সভাও নতুন সমিতি গঠন কৰে। জিলাখনৰ নদুৱাৰ শাখা আটছাৰ দিকৰাই উপ-শাখা আটছাৰ অন্তৰ্গত গেলাহাটিঙা প্ৰাথমিক আটছাৰ যোৱা কালি বিয়লি এখনি প্ৰতিনিধি সভা আৰু নতুন সমিতি গঠন হৈ যায়। নদুৱাৰ শাখা আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাধেশ্যাম তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আত ধৰে নদুৱাৰ শাখা আটছাৰ কাৰ্যনিৰ্বাহক অৰুন গোৱালাই। সংগঠনটিৰ সাংগঠনিক দিশত নদুৱাৰ শাখা আটছাৰ সম্পাদক গ্ৰীনন্দৰ কুৰ্মীয়ে এক গঠন মূলক বক্তব্য অগবঢ়োৱাৰ অন্তত সভাৰ কাৰ্যসূচী অনুযায়ী প্ৰতিবেদন পাঠ কৰে গেলাহাটিঙা প্ৰাথমিক আটছাৰ সম্পাদক আনন্দ তচাই। গেলাহাটিঙা প্ৰাথমিক আটছাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী মিনাক্ষী মূণ্ডাৰ সহযোগত বিশিষ্ট ব্যক্তি ভোলা হাজৰিকাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা সভাত কেইবাগৰাকী আটছা কৰ্মীৰ মন্তব্যৰ আধাৰত আগন্তক দিনত আটছাৰ কাৰ্যসূচীসমুহত সক্ৰীয় অংশ গ্ৰহণ আৰু চাহ জনগোষ্ঠীৰ হকে প্ৰাণ আহোতি দিয়া তথা সংগঠনটিত নিষ্ঠা আৰু সৎতাৰে নিজৰ দ্বায়িত্ব আৰু কৰ্তব্যৰে নিজৰ জীৱণকো তুচ্ছ জ্ঞান কৰি মৃত্যুক আকোৱালী লোৱা প্ৰয়াত ব্যক্তি সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ হেতুকে কম দিনৰ ভিতৰতে গেলাহাটিঙা প্ৰাথমিক আটছাৰ স্থায়ী কাৰ্যালয়ৰ লগত এটি স্থায়ী শ্বহীদ বেদী নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখযোগ্য যে চাহ জনগোষ্ঠীৰ এক মাত্ৰ ছাত্ৰ সংগঠন আটছাই কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালা আৰু ভাৰপ্ৰাপ্ত সম্পাদক অনন্ত সোনাৰ সবল নেতৃত্বত সম্প্ৰতি জনগোষ্ঠীটোৰ বিভিন্ন ক্ষেত্ৰত সৰব ভুমিকা পালন কৰি অহাৰ সমান্তৰালকৈ ৰাজ্যখনৰ বিভিন্ন জিলা,শাখা,উপ-শাখা আৰু প্ৰাথমিক আটছা সমুহ অধিক সক্ৰীয় কৰাৰ মানষে পুনৰ গঠন চলি থকাৰ মাজতে কালি নদুৱাৰ শাখা আটছাৰ গেলাহাটিঙা প্ৰাথমিক আটছাৰ পুনৰ গঠনে সংগঠনটিক অধিক সবল কৰাত অৰিহনা যোগাব বুলি মন্তব্য কৰে পৰ্যবেক্ষক একালৰ আটছা নেতা তথা শিক্ষক বিজেন তাঁতীয়ে। এক গাম্ভীৰ্যপূৰ্ণ সভাত তিনিগৰাকীকৈ পৰ্যবেক্ষকৰ দ্বাৰা প্ৰস্তাৱ আৰু সমৰ্থন যোগে সভানেত্ৰী নেহা নায়ক,উপ-সভাপতি ক্ৰমে প্ৰীতম বৰাইক,বিশ্বজিৎ মুণ্ডা আৰু ফিৰনাথ বৰাইক, সম্পাদক কন তচা,সহঃসম্পাদক মেঘনাথ বৰাইক,প্ৰকাশ বৰাইক আৰু অনুৰাগ তাঁতীক লৈ মুঠ ৩১ জনীয়া সমিতি গঠন কৰে। সভাৰ শেষৰ পিনে অতিথি সকলৰ মন্তব্যত দিকৰাই উপ-শাখা আটছাৰ সভাপতি তথা সভাৰ অন্যতম পৰ্যবেক্ষক ভগত তাঁতীয়ে নৱগঠিত সমিতিখনক আদৰণি জনোৱাৰ লগতে বিশেষ ভাবে চাহ জনগোষ্ঠীটোক আগুৱাই নিয়াত প্ৰধানত শালিকা শক্তি স্বৰূপ বিশেষ ভাবে শৈক্ষিক দিশত কাম কৰি যাবলৈ আহ্বান জনাই।
ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ শৈক্ষিক সন্মিলন
মহানগৰীত শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিক লৈ উত্তৰ পুৱ ভাৰতৰ শৈক্ষিক সন্মিলন । দুদিনীয়াকৈ অনুষ্ঠিত হৈছে এই সন্মিলন । উত্তৰ পুৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষামন্ত্ৰী সকলে অংশগ্ৰহণ কৰিছে এই সন্মিলনত । ৰবিবাৰে সামৰণি পৰিব এই সন্মিলনৰ ।
শিক্ষা সমাৰোহত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । অসমৰ ৫ খন কলেজক বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰীৰ । লক্ষীমপুৰ আৰু শিৱসাগৰ কলেজক প্ৰদান কৰা হব বিশ্ববিদ্যালয়ৰ মৰ্যাদা শিক্ষানীতিক ভুয়ুসী প্ৰশংসা মুখ্যমন্ত্ৰীৰ ।
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ প্ৰধান ।
অবাদ সাৰত চলিছে অবৈধ বালিৰ ছেন্ডিকেট
অবাদ সাৰত চলিছে অবৈধ বালিৰ ছেন্ডিকেটচম্পাবতী নৈৰ পৰা বালি খননেৰে চলাইছে ৰমৰমীয়া বেহাবহলপুৰ বন বিষয়াক মেনেজ কৰি গঢ়ি উঠিছে বৃহত ছেন্ডিকেটN. C. DAS and COMPANY য়ে চলাইছে এই ছেন্ডিকেটধুবুৰী জিলাৰ সীমান্তবর্তী বহলপুৰ আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ নিচেই ওচৰৰত থকা চম্পাৱতী নৈৰ পৰা N. C. Das and Company ৰ ছাইড মেনেজাৰ আনোৱাৰ হুছাইন আৰু ছাইড ইনচার্জ ৰমেন লহকৰে বহলপুৰ আঞ্চলিক বন বিষয়াক মেনেজ কৰি চলাই গৈছে এনে অবৈধ বালিৰ ছেন্ডিকেট। অবৈধ ভাবে বালি খনন কৰি থকা অৱস্থাত ৰাইজে এখন AS01GC 9563 নম্বৰৰ জেচিবি আৰু এখন AS01BC 7375 নম্বৰৰ ডাম্পাৰ জব্দ কৰি বন বিভাগক গতাই দিয়া দেখা যায় । উল্লেখ্য যে N. C. Das and Company ৰ উক্ত বিষয়া দ্বয়ৰ এনে অবৈধ কাৰবাৰৰ বিৰুদ্ধে ৰাইজৰো আছে অনেক অভিযোগ । যি সময়ত ছেন্ডিকেটৰ বিৰুদ্ধে অসমৰ স্বয়ং মুখ্যমন্ত্রীয়ে বাৰংবাৰ কঠোৰ সকিয়নি প্ৰদান কৰি আহিছে সেই সময়ত বহলপুৰ চ্ম্পানৈৰ বালি খননৰে চলাই অহা ছেন্ডিকেটৰ বিৰুদ্ধে বন বিভাগে কি ব্যবস্থা গ্রহণ কৰে সেয়া সময়ত হে কব পৰা যাব ।











