আজি দুপৰিয়া প্ৰায় ১.১২ মিনিটত ৰাজ্য়ত ভূমিকম্পৰ প্ৰৱল জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ প্ৰাৱল্য ৪.৪ আৰু অভিকেন্দ্ৰ এই পৰ্য্যন্ত জানিবলৈ পোৱা হোৱা নাই। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। এতিয়ালৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা নাই কোনো ক্ষয় ক্ষতিৰ বাতৰি। উল্লেখ্য যে আজি শনিবাৰে ৰাতিপুৱাও ৰাজ্য়ত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।
কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত প্ৰথম স্থানত বাৰাণসী
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শনিবাৰে (২০ নৱেম্বৰ ২০২১, ) দেশৰ আটাইতকৈ পৰিষ্কাৰ চহৰসমূহক স্বচ্ছ সৰ্বেক্ষণ বঁটা ২০২১ প্ৰদান কৰে।কেন্দ্ৰীয় চৰকাৰৰ বাৰ্ষিক পৰিচ্ছন্নতা জৰীপত বাৰাণসীয়ে আটাইতকৈ পৰিষ্কাৰ গংগা নগৰ শ্ৰেণীত প্ৰথম স্থান লাভ কৰে। ইয়াৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে চুৰাট (গুজৰাট) আৰু বিজয়ৱাড়া (অন্ধ্ৰ প্ৰদেশ)ক দেশৰ দ্বিতীয় আৰু তৃতীয় পৰিষ্কাৰ চহৰ হিচাপে ও প্ৰদান কৰে।
গহপুৰৰ ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱাৰ মৃত্যুত শোক
নিউজ ডেস্ক: গহপুৰ বালিজান বিলতীয়াৰ তথা বৰ্তমান গহপুৰ কলেজগুৰিৰ নিবাসী ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱা(৭৬)ৰ মৃত্যু। ইং ২০ নবেম্বৰ ২০২১,শনিবাৰে পুৱা ৬:৫০ বজাত বাধ্যৰ্কজনিত ৰোগত কলেজগুৰিৰ নিজা বাসগৃত মৃত্যুক আকোৱালি ল’ব লগা হয় ধৰ্মপ্ৰাণ মহিলা নিহাৰীকা ৰাজখোৱাই। গহপুৰ বালিজান জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক স্বৰ্গীয় হৰকুমাৰ ৰাজখোৱাৰ পত্নী আছিল নিহাৰীকা ৰাজখোৱা। মৃত্যুৰ সময়ত দুগৰাকী পুত্ৰ ক্ৰমে জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাঞ্জল ৰাজখোৱা, উজ্জ্বল ৰাজখোৱা(বনু) দুই বোৱাৰী সহ জী-জোঁৱাই,নাতি নাতিনীক ইহ সংসাৰত এৰি থৈ যায়। নিহাৰীকা ৰাজখোৱাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে গহপুৰ বালিজান বিলতীয়াৰ নামঘৰ পৰিচালনা সমিতিৰ লগতে জোনাকী নাট্য গোষ্ঠী আৰু জ্যােতি আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সমাজ,কলেজগুৰি বাসী ৰাইজে।
এপ্ৰিলৰ ভিতৰত সকলো ৰাফেল জেট বিতৰণ কৰিব ভাৰতক
ভাৰতত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত ইমানুৱেল লেনাইনে কৈছে যে ২০২২ চনৰ এপ্ৰিলৰ ভিতৰত সকলো চুক্তিবদ্ধ ৰাফেল ভাৰতলৈ প্ৰদান কৰিব লাগিব। ফ্ৰান্স আৰু ভাৰতে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ অংশীদাৰীত্ব গঢ়ি তোলে। অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাজ্য আৰু ইউকে, কেনবেৰাৰ মাজত হোৱা এ.ইউ.কে.ইউ.এছ. চুক্তিয়ে পাৰমাণৱিক চাবমেৰিন লাভ কৰে কিন্তু ফ্ৰান্সৰ সৈতে পূৰ্বৰ চুক্তি বাতিল কৰা হৈছিল।আজিৰ তাৰিখত, ৩০ খন ৰাফেল জেট ভাৰতলৈ প্ৰেৰণ কৰা হৈছে। সেয়েহে, ইমানুৱেল লেনাইনে কৈছে যে ” আমি সময়মতে আছোঁ আৰু আমি অহা বছৰৰ এপ্ৰিলৰ ভিতৰত সকলো ৩৬ খন প্ৰদান কৰাৰ লক্ষ্যত উপনীত হ’বলৈ গৈ আছোঁ।”
আকৌ ইমানুৱেল লেনাইনে কৈছে যে “সন্ত্ৰাসবাদ বিৰোধী ক্ষেত্ৰত আমাৰ সহযোগিতা যথেষ্ট শক্তিশালী। দুয়োখন ৰাষ্ট্ৰই ইয়াৰ ভুক্তভোগী হৈছে। এইটো অতি কাৰ্যকৰী সহযোগিতা। আমাৰ সংস্থাবোৰে সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ জৰিয়তে ইনপুট, বুদ্ধিমত্তা ভাগ-বতৰা কৰে। আমাৰ অভিজাত দলবোৰে ব্লেক কেটছ আৰু এনএছজিৰ সৈতে একেলগে কাম কৰি আছে। আমি ইউএনএছচিত বহুপাক্ষিক পৰিকাঠামোৰ ওপৰতো কাম কৰি আছো আৰু এই বছৰ ইউএনএছচিত ভাৰতৰ উপস্থিতি অতি গুৰুত্বপূৰ্ণ। প্ৰবক্তা আৰু আমি ভাৰতক ইউএনএছচিত স্থায়ী আসন পোৱাটো বিচাৰো। আমাৰ সহযোগিতাই মাছুদ আজহাৰৰ দৰে সন্ত্ৰাসবাদীক নিষেধাজ্ঞাৰ তালিকাত অন্তৰ্ভুক্ত কৰাটো সম্ভৱ কৰি তুলিছে। এইটোও সঁচা যে আমি সন্ত্ৰাসবাদৰ বিত্তীয় যোগানৰ ওপৰত আক্ৰমণ কৰাৰ দৰে সন্ত্ৰাসবাদৰ শিপাৰ মোকাবিলা কৰিব বিচাৰো। ভাৰতে ‘সন্ত্ৰাসৰ বিৰুদ্ধে ধন নাই’ শীৰ্ষক পৰৱৰ্তী সন্মিলন বা সন্মিলন আয়োজন কৰিবলৈ স্বীকাৰ কৰিছে, যিটো তিনি বছৰ আগতে ফ্ৰান্সে আৰম্ভ কৰা প্ৰক্ৰিয়া।”
আঘোণৰ পূৰ্ণিমা তিথিত বিভিন্ন ঠাইত পালন কৰা হয় মহোহৌ উৎসৱ
আঘোণৰ পুণি আহি গল
মহ খেদাৰ হুকুম হল।
হ ৰে মহৌহও কণা কুজা একফাল হো ছিপাঝাৰত গৃহস্থক আৰ্শীবাদ দি চোতালে চোতালে মহৌখুন্দা দল এইদৰে।আঘোণৰ পূৰ্ণিমা তিথিত নামনি অসমৰ বিভিন্ন ঠাইত পালন কৰা হয় মহৌখুন্দা বা মহোহৌ উৎসৱ।গাৱৰ ডেকাসকলে হাতে হাতে টোকান লৈ এবিধ বিশেষ গীত গাই পালন কৰে এই উৎসৱ। ছিপাঝাৰতো গৃহস্থৰ ঘৰে ঘৰে গৈ মহৌখুন্দা দল সমুহে পৰম্পৰা পালন কৰি গৃহস্থক দিছে আৰ্শীবাদ।উল্লেখযোগ্য মহৌখুন্দা কৃষ্টিৰ লগত ভালূক নাচ বিশেষ ভাবে জড়িত হৈ আছে।যাৰ বাবে এই কৃষ্টি বিধ যথেষ্ট আকৰ্ষণীয় হয়।আঘোণৰ পকা ধান খাবলৈ অহা বনৰীয়া মহক খেদিবলৈ এনেদৰে হাতত টোকান লৈ গীত গাই গাই ওলাই যোৱাৰ পৰাই এই পৰম্পৰা চলি আহিছে বুলি প্ৰবাদ আছে ।। এই পৰম্পৰা যাতে লুপ্ত প্ৰায় হৈ নাযায়, পকাদলিৰ এই সকল যুৱকে দৰঙৰ এই কৃষ্টিটো জীয়াই ৰখাৰ প্ৰয়াস কৰিছে বুলি জানিবলৈ দিয়ে।
অনুভৱৰ বোকোচাত গ্ৰাম্য সাংবাদিকতাৰ পিতামহ স্বৰূপ ভৱেশ বৰুৱা
গ্ৰাম্য সাংবাদিকতাৰ পিতামহ স্বৰূপ ভৱেশ বৰুৱা আৰু নাই। মফছলীয় সাংবাদিকতাৰ অন্য এক সংগ্ৰামী সত্ত্বা আছিল যাৰ পৰিচয়, ত্যাগ আৰু সততাৰ দলিল আছিল ভৱেশ বৰুৱা। সেইগৰাকী বৰুৱাদেৱৰ যোৱা ১৭ নৱেম্বৰৰ নিশা আজাৰাৰ ডেকাপাৰাস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত দিৰ্ঘদিন ধৰি শয্যাগত হৈ থকাৰ পিছত ৮৫ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। আজীৱন দুখীয়া-নিছলাৰ হকে কাম কৰি অহা সমাজ হিতৈষী , লেখক তথা জ্যেষ্ঠ সাংবাদিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ মফছলীয় সাংবাদিক মহলৰ যেন অপূৰণীয় ক্ষতি হল। দুখীয়া – অসহায় লোকক সহায়ৰ হাতখন আগবঢ়াই দি আনন্দ পোৱা বৰুৱাৰ বিয়োগ সমাজৰ বাবে সচাকৈয়ে দুখৰ খৱৰ। সংবাদকৰ্মী অথবা লেখা- মেলা কৰাৰ বাবেই হয়তো সৌভাগ্যক্ৰমে এই লেখকেও বিশাল ব্যক্তিত্বৰ অধিকাৰী মানুহগৰাকীৰ সান্নিধ্য পাবলৈ সক্ষম হৈছিলো। সেয়েহে তেওঁৰ মহাপ্ৰয়াণত এগৰাকী অভিভাৱক হেৰুওৱাৰ বেদনা অনুভৱ কৰিছো। মহানগৰীৰ পশ্চিম প্ৰান্তৰ আজাৰাৰ এগৰাকী সুসন্তান, যিয়ে এটা পুথিভঁৰাল বোকোচাত কঢ়িয়াই ফুৰিছিল বুলি সান্নিধ্য লাভ কৰা বহুতেই কয়। এইগৰাকী ভৱেশ বৰৱাৰ সকলো বিষয়তেই প্ৰচুৰ জ্ঞান আছিল। সততে দুখীয়াৰ হৈ মাত মাতি অহা মানুহগৰাকীৰ জিভাৰ আগত যেন দেশৰ সংবিধানখনেই আছিল। আজাৰাৰ গোসাঁইপাৰাৰ প্ৰয়াত বিপিন চন্দ্ৰ বৰুৱা আৰু হৰোজনী বৰুৱাৰ পুত্ৰ ভৱেশ বৰুৱাই ডেকা বয়সৰ পৰাই কমিউনিষ্ট আদৰ্শত আকৃষ্ট হৈ দুখীয়া- নিচলাৰ হকে বিভিন্ন কামত জড়িত হৈয়ে দিনবোৰ পাৰ কৰিছিল। জীৱনৰ অস্তাচলত খোজ থৈয়ো তেওঁ ভাগৰি পৰা নাছিল। সকলো সময়তেই চিৰ তৰুণ হৈ থাকিব বিচাৰিছিল। স্থানীয় ৰিক্সা চালক, ঠেলা চালক , বিভিন্ন বিভাগৰ কৰ্মৰত চতুৰ্থ শ্ৰেণীৰ কৰ্মীসকলক সু সংগঠিত কৰি বিভিন্ন শ্ৰমিক ইউনিয়ন গঠন কৰি তেওঁলোকক সঠিক পথৰ সন্ধান দিয়াটোৱেই তেওঁৰ উদ্দেশ্য আছিল।বেচৰকাৰী বাছৰ চালক- হেণ্ডিমেনসকলক লৈও তেওঁ প্ৰথমে সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদ গঠন কৰিছিল। মানুহগৰাকীৰ কৰ্মময় জীৱনৰ এইবোৰ একোটা উদাহৰণহে। সাংবাদিক হিচাপে তেওঁ পলাশবাৰীৰ পৰা অধুনালুপ্ত “পষেকীয়া স্বাধীনতা” নামৰ বাতৰি কাকত এখন উলিয়াই নিজেই সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰিছিল। ইয়াৰ পিছতে “নতুন দৈনিক” নামৰ কাকতখনত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰি মৃত্যুৰ কিছুবছৰ আগলৈকে ধাৰাবাহিকভাৱে সাংবাদিকতা কৰি গৈছিল। ‘নতুন দৈনিক’ কাকতখন বন্ধ হোৱাৰ পিছত “দৈনিক অগ্ৰদূত” কাকতত আজাৰাৰ পৰা সাংবাদিকতা আৰম্ভ কৰে। অসমৰ মফছলীয় সাংবাদিকসকলক একত্ৰিত কৰি গঠন হোৱা “সদৌ অসম সাংবাদিক সন্থা” ৰ প্ৰতিস্থা কালৰ সময়ত ভৱেশ বৰুৱাৰ অবদান যথেষ্ঠ আছিল। পৰবৰ্তী সময়ত তেওঁৰ নেতৃত্বত “আছাম প্ৰেছ কৰেছপণ্ডেণ্টছ ইউনিয়ন” চমুকৈ ‘আপকু’ গঠন কৰিছিল আৰু তেওঁ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে সমুখৰ পৰাই কাম কৰি গৈছিল। উক্ত ইউনিয়ন গঠন কৰাৰ পিচৰে পৰা তেওঁ ৰাজ্যৰ মফছলীয় সাংবাদিকসকলৰ দা-দৰমহাকে ধৰি প্ৰাপ্য অধিকাৰৰ বাবে বিভিন্ন দাবী জনাই আহিছিল। জীৱনৰ অন্তিম সময়ছোৱালৈ মফছলীয় সাংবাদিকসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে চৰকাৰৰ ওচৰত আবেদন- নিবেদন জনোৱাৰ লগতে সমুখৰ পৰা সংগ্ৰামখন চলাই যোৱাটোৱেই মানুহগৰাকীৰ ত্যাগ আৰু সততাৰ অন্য এক সুকীয়া পৰিচয় আছিল। আনকি মফছলীয় সাংবাদিকসকলৰ দৰমহা ঘোষণা নকৰালৈকে সাংবাদিক পেঞ্চন গ্ৰহণ নকৰাৰো সিদ্ধান্ত ঘোষণা কৰি ত্যাগ আৰু সততাৰ অন্য এক নিদৰ্শন ডাঙি ধৰিছিল। জেষ্ঠ সাংবাদিক ভৱেশ বৰুৱা অঞ্চলবাসীৰ বাবে অভিভাৱকেই নহয়, এগৰাকী হোমিও চিকিৎসক হিচাপেও পৰিচিতি আছিল। তেওঁৰ হোমিও ফাৰ্মাছীৰ এক বিশেষত্ব আছিল মাথোঁ দুই টকাৰ দৰৱ। দুখীয়া -নিছলাক এনেদৰেই তেওঁ চিকিৎসা কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সদস্য তথা আজাৰা সাহিত্য সভাৰ সদস্য ভৱেশ বৰুৱাই বিভিন্ন কাকত আলোচনীত কেবাটাও তথ্যগধুৰ প্ৰৱন্ধ লেখিছিল। তেওঁ আজাৰাৰ জ্যেষ্ঠ নাগৰিক মঞ্চৰো প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেওঁ নহলে অঞ্চলটোত যেন অনুষ্ঠানেই আধৰুৱা অৱশেষত চিৰ তৰুণ হৈ থাকিব বিচৰা মানুহগৰাকীয়ে এদিন বাৰ্ধ্যকৰ ওচৰত যেন হাৰ মানিলে। কিছুবছৰ বাৰ্ধ্যকজনিত ৰোগৰ শয্যাগত হৈ অৱশেষত চিৰ বিদায় ললে। তেওঁৰ মৃত্যুৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসভৱনত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰিলে। মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ আৰু তিনি কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ গল। মৃতদেহৰ কাষত উপস্থিত হৈ সকলোৱে অভিভাৱকত্বহীনতাক বাৰুকৈয়ে অনুভৱ কৰিলে। দৰাচলতে বৰুৱাদেৱৰ এই মহাপ্ৰয়াণত অসমৰ গ্ৰাম্য সাংবাদিকতাৰ এক যেন বলিষ্ঠ কণ্ঠ হেৰাই হল। এখন যেন সততাৰ দলিল নোহোৱা হল। অসমৰ সাংবাদিকতাৰ ক্ষেত্ৰখনত তেওঁৰ ত্যাগ আৰু সততাৰ চানেকি সোণালী আখৰেৰে লিখা থাকিব।
পুৰণি টাওকাক গাঁৱত ১৪৯ চি আৰ পি এফ বাহিনীৰ চিকিৎসা শিবিৰ
নাজিৰাৰ সমীপৱৰ্তী চৰাইদেওৰ পুৰণি টাওকাক গাঁৱত ১৭ নৱেম্বৰত ১৪৯ নং বেটেলিয়নৰ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ দ্বাৰা এক স্বাস্থ্য শিবিৰ অনু্ষ্ঠিত কৰা হয় । স্থানীয় এলেকা পৰিক্ৰমাত সামৰি লোৱা কাৰ্য্যসূচীত বাহিনীটোৰ কমাণ্ডেণ্ট ললিত কুমাৰ বাৰ্মাৰ পৰিচালনাত অনু্ষ্ঠিত স্বাস্থ্য শিবিৰটোত শ্ৰমিক ৰাইজৰ লগতে গাঁওবাসীয়ে স্বাস্থ্য পৰীক্ষাৰ পাছত বিনামূলীয়াকৈ ঔষধ লাভ কৰে । ১৪৯ চি আৰ পি এফ বাহিনীৰ মুখ্য চিকিৎসক ডাঃ চি কে কে মাঅ’ আৰু সোণাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাঃ নয়নমণি ৰাভাই চিকিৎসা সেৱা আগবঢ়ায় । কমাণ্ডেণ্ট ললিত কুমাৰ বাৰ্মাৰ লগতে দ্বিতীয় কমাণ্ডেণ্ট অজয় কুমাৰ, জে পি যাদৱ, চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰী, উপ আৰক্ষী অধীক্ষক অনিতা কোঁৱৰৰ লগতে স্থানীয় গাঁওবুঢ়া আৰু গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে । বাহিনীৰ এক প্ৰেছ বিজ্ঞপ্তিত এই বাতৰি প্ৰকাশ।
ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা কনিষ্ঠ মহাবিদ্যালয় পৰিচালনা সমিতি গঠন
ওদালগুৰি আৰু শোণিতপুৰ জিলাৰ প্ৰাকৃতিক সীমাৰেখা পাচনৈৰ পশ্চিম তীৰত নিজম নৈসৰ্গিক শোভাৰ স্পৰ্শত অৱস্থিত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভামহাবিদ্যালয় (কণিষ্ঠ)। শৈক্ষিক ক্ষেত্ৰত সুনামী কণিষ্ঠ মহাবিদ্যালয়খনৰ ১৯ নবেম্বৰত নতুনকৈ পৰিচালনা উন্নয়ন সমিতিখন গঠন কৰি হয়। ওৰাঙৰ বিশিষ্ট শিক্ষাবিদ তথা সমাজকৰ্মী মণ্টু বসুমতাৰীৰ পৌৰহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ মামলু ৰাম ডেকাই । সভাত সন্মানীয় অতিথিৰূপে উপস্থিত থকা ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নতক মহাবিদ্যালয়ৰ প্ৰাক্তন সহ:অধ্যাপক তথা বৰ্তমান বিটিচিৰ ই এম ড০ নীলুট স্বৰ্গীয়াৰীয়ে মহাবিদ্যালয়খনৰ অভাৱী আন্তঃগাঠনিৰ উন্নয়নৰ প্ৰয়োজন তথা গুৰুত্ব অনুভৱ কৰা বুলি সদৰী কৰি ইয়াৰ হকে তেওঁ যথাবিহিত ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । তেওঁ কয় পূৰ্বে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল ,সম্প্ৰতি গুণগত শিক্ষা বৃদ্ধিৰ লগতে শ্ৰেণীকোঠাৰ সৰ্বাংগীন বিকাশৰ ওপৰতহে প্ৰাধান্য প্ৰদান কৰা হৈছে ।বিটিচি প্ৰধান প্ৰমোদ বড়ো সমন্বিতে তেওঁৰ পাৰিষদবৰ্গই বিটিচিত শৈক্ষিক দিশত অগ্ৰণী গুৰুত্ব দিছে । মহাবিদ্যালয়খনৰ ছাত্র -ছাত্ৰী, প্ৰবক্তা ,কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া অন্যতম মৌলিক অভাৱ (খোৱা পানী) পূৰণৰ বাবে জানুৱাৰী (২০২২)ৰ আগেই খোৱাপানী আচনি ব্যৱস্থা কৰণ , গ্ৰন্থাগাৰলৈ প্ৰয়োজনীয় মূল্যবান গ্ৰন্থ যোগানৰ ৰাজহুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰে কাৰ্যবাহী সদস্য নীলুট স্বৰ্গীয়াৰীয়ে। তেওঁ কয় মই যিমান দিনলৈ থাকিম কলাগুৰু বিষ্ণু ৰাভা কণিষ্ঠ আৰু স্নাতক দুয়োখন মহাবিদ্যালয়ৰ উন্নয়নৰ হকে কাম কৰিম । সভাৰ অন্যতম সন্মানীয় অতিথি বিটিচিৰ ৩৯ নং পাচনৈ ছেৰফাং সমষ্টিৰ পাৰিষদ দিপক মৌৰে বক্তব্যত কয় মহাবিদ্যালয়খন এক পবিত্র অনুষ্ঠান ।আজি গঠন হোৱা মহাবিদ্যালয় পৰিচালনা উন্নয়ন সমিতিৰ দায়িবাহীসকলৰ দায়িত্ব বাঢ়িল ।আজি আৰু আগৰ পৰ্যায়ৰ আকাশ পাতাল পাৰ্থক্য আছে । মহানুভৱী প্ৰতিষ্ঠাপকসকল আৰু প্ৰবক্তাসকলৰ ত্যাগবোৰ আমি সুৱৰিব লাগিব । তেওঁ লগতে উল্লেখ কৰে মহাবিদ্যালয়খনৰ গৃহ (শ্ৰেণীকোঠা ,কাৰ্যালয়, প্ৰবক্তাৰ জিৰণি কোঠা) আৰু চিলিংসমূহৰ শোচনীয় অৱস্থা-উন্নয়নৰ চিন্তাৰ প্ৰয়োজন আহি পৰিছে । মই মোৰ ক্ষমতাৰ আওতাৰ ভিতৰত কৰ্তব্য পালনৰ চেষ্টা কৰিম । পাৰিষদ গৰাকীয়ে মহাবিদ্যালয়খনত নতুনকৈ চাইকেল-বাইক ষ্টণ্ড নিৰ্মাণৰ প্ৰতশ্ৰুতিও প্ৰদান কৰে । সভাত বক্তব্য ৰাখে অৱসৰী অধ্যক্ষ তাজেম আলি, মহাবিদ্যালয়ৰ পৰিচালনা উন্নয়ন সমিতিৰ প্ৰাক্তন সভাপতি ড০ ধৃতিমান বৰুৱা, ৰাষ্ট্ৰীয় বটাপ্ৰাপ্ত অৱসৰী কৃতি শিক্ষক কৃষ্ণ বৰা , পাউৰীপোটা হাইস্কুলৰ অৱসৰী শিক্ষক ললিত চন্দ্ৰ ডেকা , গেলাবিল হাইস্কুলৰ শিক্ষক অতুল চন্দ্ৰ নাথ আদিয়ে ।ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ পৰিচালনা উন্নয়ন সমিতিৰ বাবে গণ্যমান্য ব্যক্তি ললিত চন্দ্ৰ ডেকা আৰু ৰতন চন্দ্ৰ দৈমাৰীক সভাপতি ,চাকেশ মহানন্দ আৰু মণ্টু দৈমাৰীক উপসভাপতি ৰূপে প্ৰস্তাৱ আগবঢ়াই বাচনি আৰু অনুমোদনৰ বাবে সংশ্লিষ্ট শিক্ষা বিভাগলৈ প্ৰেৰণৰ প্ৰস্তাৱ আগবঢ়ায় । সদনত প্ৰবক্তা ইংকুমণি নাথক শিক্ষক প্ৰতিনিধি, স্থানীয় শিক্ষক জয়ধন মাহাতোক শিক্ষক প্ৰতিনিধি ,নৱ কুমাৰ ডেকা, চুমশ্ৰী বসুমতাৰী, কুসুম্বৰ ডেকা, বিজুমণি কলিতা, হাবিবুল্লাক অভিভাৱক সদস্য আৰু মোছিবীৰুল হকক কম্পিউটাৰ সদস্য ৰূপে স্থলাভিষিক্ত কৰা হয় । সামৰণিত সুন্দৰকৈ শলাগৰ শৰাই আগবঢ়ায় ইংকুমণি নাথে।
আজি লক্ষ্ণৌত ডিজিপি সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
প্ৰধানমন্ত্ৰী মোডী, অমিত শ্বাহ, অজিত ডোভালে আজি লক্ষ্ণৌত ৫৬ সংখ্যক ডিজিপি সন্মিলনত অংশগ্ৰহণ কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে শনিবাৰে, ২০ নৱেম্বৰ, ২০২১ তাৰিখে লক্ষ্ণৌৰ আৰক্ষী মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) আৰু আৰক্ষী মহাপৰিদৰ্শক (আইজিপি)ৰ ৫৬ সংখ্যক সন্মিলনত অংশগ্ৰহণ কৰিব।সন্মিলনখন ২০ ৰ পৰা ২১ নৱেম্বৰ, ২০২১ লৈ অনুষ্ঠিত হ’ব। সন্মিলনখন দুদিনধৰি হাইব্ৰিড শৈলীত অনুষ্ঠিত হ’ব।ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ শীৰ্ষ আৰক্ষী বা ডিজিপি, লগতে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু কেন্দ্ৰীয় আৰক্ষী সংগঠনৰ মুৰব্বীসকলে লক্ষ্ণৌত ব্যক্তিগতভাৱে সন্মিলনত অংশগ্ৰহণ কৰিব, আনহাতে বাকী আমন্ত্ৰণকাৰীসকলে আইবি/এছআইবি মুখ্য কাৰ্যালয়ৰ ৩৭ টা বিভিন্ন স্থানৰ পৰা অনলাইনত অংশগ্ৰহণ কৰিব।গৃহমন্ত্ৰী অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালো শীৰ্ষ নিৰাপত্তা সন্মিলনৰ বাবে লক্ষ্ণৌত উপস্থিত থাকিব।সন্মিলনত চাইবাৰ অপৰাধ, তথ্য শাসন, সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ, নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ উদীয়মান প্ৰৱণতা, কাৰাগাৰ সংস্কাৰৰ দৰে বিষয়বোৰ আলোচনা কৰা হ’ব,প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ পৰা ডিজিপিৰ সন্মিলনত তীব্ৰ আগ্ৰহ লৈ আহিছে। তেওঁৰ পূৰ্বৰ সাংকেতিক অংশগ্ৰহণৰ বিপৰীতে, প্ৰধানমন্ত্ৰী মোডীয়ে সন্মিলনৰ সকলো অধিৱেশনত অংশগ্ৰহণ কৰে আৰু মুক্ত আৰু অনানুষ্ঠানিক বাৰ্তালাপৰ প্ৰচাৰ কৰে যিয়ে শীৰ্ষ আৰক্ষী বিষয়াসকলক দেশত প্ৰভাৱ পেলোৱা গুৰুত্বপূৰ্ণ আৰক্ষী আৰু আভ্যন্তৰীণ নিৰাপত্তা বিষয়ত প্ৰধানমন্ত্ৰীক পোনপটীয়াকৈ আপডেট কৰিবলৈ অনুমতি দিয়ে।প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি, পূৰ্বতে দিল্লীত অনুষ্ঠিত হোৱা বাৰ্ষিক সন্মিলনসমূহ ২০১৪ চনৰ পৰা দিল্লীৰ বাহিৰত আয়োজন কৰা হৈছে, ২০২০ চনৰ বাহিৰে, যেতিয়া কোভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি অনলাইনত সন্মিলন অনুষ্ঠিত হৈছিল।
ৰৌতা বঁটাবাৰীৰ সমাজসেৱক পূৰণ ডেকাৰ স্মৃতি চাৰণ সভা সম্পন্ন
ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিৰ সমীপৱৰ্তী ইকৰাবাৰী সাহিত্য সভাৰ সদস্য তথা ২ নং বঁটা বাৰী গাঁৱৰ নিবাসী আৰু গাঁওৰক্ষী বাহিনীৰ সম্পাদক ,ধৰ্মপ্ৰাণ ব্যক্তি পূৰণ ডেকাৰ সোঁৱৰণত ১৮ নবেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায় । বঁটাবাৰীৰ প্ৰয়াত ডেকাৰ নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত শিক্ষক ডালিম কছাৰীয়ে আঁত ধৰা এই স্মৃতিচাৰণ সভাত পৌৰহিত্য কৰে ২ নং বটাঁবাৰী শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰৰ পাঠক নৰেন ডেকাই । ৰৌতা গাঁওৰক্ষী বাহিনী আৰু বটাবাৰী গাওঁ উন্নয়ন সমিতিৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাত উপস্থিত হৈ গাওঁৰক্ষীৰ উপদেষ্টা সমিতিৰ সভাপতি নিৰ্মল দাসে বৈকুণ্ঠগামী পূৰণ ডেকাৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও প্ৰয়াত ডেকাই সমাজত আগবঢ়াই যোৱা ত্যাগৰ কথা স্মৰণ কৰে । বিটিএডিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মিঠাৰাম বসুমতাৰীও এই স্মৃতি চাৰণসভাত অংশ গ্ৰহণ কৰি মাৰ্জিত, অমায়িক দায়িত্ব আৰু নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ডেকাৰ মৃত্যুত ৰৌতা গাওঁৰক্ষী বাহিনীৰ অপূৰণীয় ক্ষতি হোৱা বুলি উল্লেখ কৰে । তদুপৰি তেওঁ ২ নং বটাবাৰী গাওঁ উন্নয়ন সমিতিয়ে এজন নিষ্ঠাৱান কৰ্মী অকালতে হেৰুৱাব লগা হ’ল বুলি মৃত পৰিয়াল বৰ্গক প্ৰাক্তন সমবেদনা জ্ঞাপন কৰে । পুৱা প্ৰয়াত পূৰণ চন্দ্ৰ ডেকাৰ সহধৰ্মিনী গুণেশ্বৰী ডেকাই তেখেতৰ স্বামীৰ প্ৰবিত্ৰ স্মৃতিত পুস্পাঞ্জলী অৰ্পণ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনায় । ইয়াৰ পিছতে অনুষ্ঠিত হোৱা এই স্মৃতি চাৰণ সভাত ওদালগুৰি জিলা আক্ৰাছুৰ সম্পাদক মিঠুন বৰুৱা, ৰৌতা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি পবিত্ৰ ডেকা, কুদ্দুচ আলিৰ লগতে অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু কেবাখনো সত্ৰৰ ভক্তসকল উপস্হিত আছিল । উক্ত ম্মৃতি চাৰণ সভাতেই মৃত পূৰণ ডেকাৰ সোঁৱৰণীত কেবাখনো সম্বৰ্ধনা পত্ৰ পৰিয়ালক বৰ্গৰৰ হাতত প্ৰদান কৰে ।











