অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ শূন্যসহনশীলতা স্থিতিৰ বিপৰীতে একাংশ ধুৰন্ধৰ অপৰাধীয়ে আৰক্ষীকো ভেঙুচালি কৰি চোৰাং ব্যবসায় অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধুলি দি অবৈধ ব্যৱসায় চলাবলৈ গৈ যোৱা নিশা ৰহা আৰক্ষীৰ হাতত কৰায়ত্ব হল পাঁচটাকৈ চোৰাং গৰু সৰবৰাহকাৰী। জানিব পৰামতে যোৱা নিশা ১১:৪৫ বজাত ৰহা টোলগেটৰ সমীপৰ পৰা ৰহা আৰক্ষীয়ে এই গৰু সৰবৰাহকাৰী কেইটাৰ লগতে ২৫ টাকৈ চোৰাং গৰুভৰ্তি এখন ট্ৰাকো জব্দ কৰে। এই সন্দৰ্ভত নগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই আজি ৰহাত আয়োজিত এক সংবাদমেলত প্ৰকাশ কৰা অনুসৰি তেজপুৰ পাঁচ মাইলৰ পৰা এএচ ২৩ এচি ০৯৭৮ নম্বৰৰ এখন ট্ৰাকত অবৈধ ভাৱে ২৫ টাকৈ গৰু ভৰ্তি কৰি বিক্ৰীৰ বাবে গুৱাহাটীৰ খানাপাৰালৈ আনি থকা বুলি আৰক্ষীয়ে খবৰ লাভ কৰি অভিযান চলায় আৰু ৰহা আৰক্ষীৰ বিশেষ অভিযানত ৰহা টোলগেটৰ সমীপতে গৰু সহ ট্ৰাকখন জব্দ কৰে। গৰু ভৰ্তি ট্ৰাক খনৰ লগতে এএচ ০২এডি ৬১৫৫ নম্বৰৰ এখন চুইফট ডিজায়াৰত অহা পাচটা গৰু সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। ধৃত গৰু সৰবৰাহকাৰী কেইটা নগাঁও জিলাৰ ৰূপহীহাটৰ ক্ৰমে মুকছিকুল ৰহমান৩২), গুলজাৰ হুছেইন(৩২), ছফিকুল ইছলাম(৪৫), আৰু আমিনুল হুছেইন(৩৭) আৰু আনজন বৰপেটাৰ চন্দ্ৰপুৰৰ আজমত আলী(২৩) বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আইনী সজাগতা সৃষ্টিৰ প্ৰয়াস
বঙাইগাঁও জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে জনসাধাৰণৰ মাজত আইনী সজাগতা সৃষ্টিৰ উদ্দেশ্যে এক সুৰ বাহিনী উলিওৱা হয় ৷ বঙাইগাঁও জিলা ন্যায়িক আদালত আৰু কাৰ্যালয় চৌহদৰ পৰা উলিওৱা এই সুৰ বাহিনীৰ জৰিয়তে জিলা আইন সেৱা প্ৰাধিকৰণে জনসাধাৰণক কি কি আইনী সেৱা আগবঢ়ায় সেই সন্দৰ্ভত অৱগত কৰে ৷ সুৰ বাহিনীয়ে গীতৰ জৰিয়তে জনসাধাণক এই সেৱাসমূহৰ বিষয়ে সজাগ কৰে ৷ লগতে ঠায়ে ঠায়ে জনসাধাৰণৰ মাজত গোহাৰি পত্ৰও বিতৰণ কৰে ৷ গোহাৰি পত্ৰত জিলা আইন সেৱা প্ৰাধিকৰণে আগবঢ়োৱা বিনামূলীয়া আইনী সেৱাসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে ৷ উল্লেখ্য যে যোৱা দুই অক্টোৱৰৰ পৰা জিলা আইন সেৱা প্ৰাধিকৰণে ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত আগবঢ়াই অহা বিভিন্ন আইনী সেৱাসমূহৰ বিষয়ে লগতে আইনৰ বিভিন্ন দিশ সম্পৰ্কত ১৪ নৱেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰয়াস কৰিছে ৷ এই সুৰ বাহিনী আদালত চৌহদৰ পৰা বঙাইগাঁও চহৰৰ উত্তৰ বঙাইগাঁওলৈ উলিওৱা হয় ৷ এই কাৰ্যসূচীত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব তৰুণ দে , প্ৰাধিকৰণৰ সৈতে জড়িত অন্যান্যসকলৰ লগতে অৰ্ধ আইনী স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে ৷
ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ত চূড়ান্ত অৰাজকতা
বিটিএডি ভুক্ত ওদালগুৰি জিলাৰ এক উল্লেখযোগ্য শিক্ষানুষ্ঠান হল ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়৷স্বাধীনতা লাভৰ ৭৪ বছৰৰ পিছত ১৯৯০ চনত স্থাপিত মহাবিদ্যালয়ৰ খনে ৩১ বছৰ অতিক্ৰম কৰি বৃহত্তৰ সমগ্ৰ ওদালগুৰি জিলাৰ পূব প্ৰান্তত সমগ্ৰ ওৰাং মৌজাৰ অঞ্চলৰ শৈক্ষিক দিশত বিশেষ অৰিহণাৰ আগবঢ়াই আহিছে। যদিও দিনক দিনে বিদ্যালয়ৰ খনৰ অধ্যক্ষৰ কৰ্মকাণ্ডৰ বাবেই মহাবিদ্যালয়খন ধংসৰ গৰাহত অতিক্ৰম কৰিছেওদালগুৰি জিলাৰ এই মহাবিদ্যালয়ত অধ্যক্ষৰ হেমাহি,দায়িত্বজ্ঞানহীন,প্ৰশাসনীয় দক্ষতা প্ৰকাণ্ড শূণ্যতা হোৱা হেতুকে ব্যাপক অৰাজকতা , বিশৃংখল কাৰ্যকলাপ ভয়াবহভাৱে সংঘটিত হবলৈ ধৰিছে । তৎস্বত্তেও বিটি চিৰ সঞ্চালক,সচিব,সংশ্লিষ্ট বিভাগ কতৃপক্ষ সম্প্ৰতি কুম্ভকৰ্নৰ নিন্দ্ৰাত নাক বজাই শুই থকা দেখিবলৈ পোৱা গৈছে । মহাবিদ্যালয় খনত দায়িত্ব গ্ৰহণ কৰা অধ্যক্ষই মহাবিদ্যালয়ত ৰাতিপুৱা ৯ বজাৰ পৰিবৰ্তে ১১ /১২ বজাত আহি ১ বজাত ঘৰলৈ গুচি যোৱা ঘটনা নিত্যনৈমিত্তিক হৈ পৰিছে ।ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশ মৰ্মে ১০ নবেম্বৰৰত ওৰাঙৰ কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় নতুনকৈ পৰিচালনা কমিটি গঠন কৰা হৈছে । জানিব পৰা মতে পুৰণা কমিটিখন পূৰ্বতে ভংগ কৰি চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী নতুন পৰিচালনা কমিটি গঠন কৰা সভাপতি সম্পাদক আৰু সদস্য সদস্যা সকলৰ নাম অন্তৰ্ভুক্ত কৰি এখন তালিকা নিৰ্বাচনী কামিটিক প্ৰেৰণ কৰা বুলি জানিবলৈ পৰা গৈছে । কলেজ কৰ্তৃপক্ষই জানিব দিয়ে মতে নৱ নিৰ্বাচিত পৰিচালনা কমিটিৰ সভাপতি হিচাপে বিটিআৰৰ কাৰ্যবাহী সদস্য নিলোৎ স্বৰ্গীয়াৰীক সভাপতি আৰু ওৰাং কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ অধক্ষ উৎপল হাজংকলৈ সম্পাদক আৰু মুঠতে ১৩ সদস্যৰ লগতে বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াৰ নাম সন্নিবিষ্ট কৰি পৰিচালনা কমিটি চেলেকচন বৰ্ডলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে ।৭০নং মাজবাট বিধান সভা সমষ্টিৰ ভিতৰত দেখাত অতি শান্ত,নিৰ্জু,সহজ সৰল ,হোজা প্ৰকৃতি ,মিঠা মিঠা মাত কথা বতৰা,কোনো দিনে কোনো লোক,ছাত্ৰ ছাত্ৰীক টান কথা নোকোৱা,কোনো দিনে কাকো গালি গালাজ,দাবী,ধমকি আদি নিদিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে এতিয়া মহাবিদ্যালয়খন তেওঁৰ নিজা পৈতৃক সম্পত্তিৰ দৰে যধেমধে ব্যৱহাৰ কৰি আহিছে ৷আৰু তেওঁৰ ইচ্ছা অনুসৰি যোৱা ১০ নবেম্বৰত মহাবিদ্যালয় পৰিচালনা সমিতিখন গঠন কৰিবলৈ সক্ষম হৈছে ৷অধ্যক্ষ গৰাকীৰ এই কাৰ্য্যত মহাবিদ্যালয়ৰ ৩/৪সহকাৰী অধ্যাপক সকলে সহায় সহযোগিতা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷১জানুবাৰীৰ পৰা মহাবিদ্যালয়খন চৰকাৰী কৰণ হোৱাৰ পিছৰে অধ্যক্ষ গৰাকীৰ দিনক দিনে স্বেচ্ছাচাৰীতা,অতপালি আদি তীব্ৰ গতিত বৃদ্ধি হবলৈ ধৰিছে ৷আনকি ক’ৰনা নামত অধ্যক্ষ গৰাকীয়ে মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত সকলৰ লগতে বিশেষ ভাবে মহাবিদ্যালয়খনৰ লগত জড়িত থকা সকলকো পৰিচালনা সমিতি গঠন কৰা সভালৈ ৰহস্য আৰু আশ্চৰ্যজনক আমন্ত্ৰণ কৰা নহল ৷আনকি মহাবিদ্যালয় খন থকা ৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক চৰণ বড়ো আৰু বিটিআৰৰ পাঁচনৈ চেৰফাং সমষ্টিৰ এম চি এল এ দিপক মৌৰকো মহাবিদ্যালয় পৰিচালনা সমিতি গঠন কৰা সভালৈ আমন্ত্ৰণ কৰা নহল ৷অধ্যক্ষই কেইজন বছা বছা লোক মাতি আনি এখন সাধাৰণ সভা বুলি দেখুবাই পৰিচালনা সমিতিখন অবৈধ বুলি সচেতন নাগৰিক সকলে অভিযোগ কৰিছে ৷
লাহৰীঘাটত ১৪ বছৰীয়া কিশোৰ নিৰুদ্দেশ
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হামু চৰৰ আব্দুল খালেকৰ ১৪ বছৰীয়া পুত্র মফিদুল ইছলাম নামৰ কিশোৰটি যোৱা ৯ নবেম্বৰ মঙলবাৰে বিয়লি ৩ বজাৰ পৰা লাহৰীঘাটৰ পৰা নিৰুদ্দেশ হোৱা বুলি তেওঁৰ পিতৃয়ে জনাইছে। ঘটনাৰ বিৱৰণীত প্ৰকাশ যে নিৰুদ্দেশ হোৱা মফিদুল ইছলাম ফলিহামাৰি পাম জাতীয় বিদ্যালয়ৰ পঞ্চম শ্রেণীৰ ছাত্র। হামু চৰ অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ সিপাৰে ঘৰ হেতুকে পিতৃয়ে লৰাটোক লিখা পঢা আৰু স্কুল যোৱাৰ বাবে দক্ষিণ টেঙাগুৰিত নিজৰ জোঁৱায়েকৰ ঘৰত থকাৰ সুবিধা কৰি দিয়ে। যোৱা মঙলবাৰে মফিদুল টেঙাগুৰিৰ লাহৰীঘাটত আত্মীয় ঘৰত পুৱা ৭ বজাৰ পৰা দুপৰীয়ালৈ সময় কটাই নিজৰ ঘৰ হামু চৰত যাব বুলি লাহৰীঘাটৰ পৰা ৰওনা হৈছিল বুলি আত্মীয়ই মফিদুল ইছলামৰ পিতৃক ফোন কৰি জনাইছিল। কিন্তু দূৰ্ভাগ্যবশতঃ ঘৰ পোৱা নাই আৰু তাৰ পৰাই বৰ্তমানলৈ নিৰুদ্দেশ হৈ আছে। এই নিৰুদ্দেশ সন্দৰ্ভত পৰিয়ালৰ লোকে আজি ১১ নবেম্বৰৰ সন্ধিয়া লাহৰীঘাট থানাত এখন এজাহাৰ দাখিল কৰে। ফটোত দেখুওৱা এই নিৰুদ্দেশ হোৱা লৰাটিৰ কোনো সন্ধান পালে 91011 30383 নম্বৰত কল কৰি জনাবলৈ কান্ধোনত ভাগি পৰা পিতৃ মাতৃয়ে অনুৰোধ জনাইছে।
ক’ভিড ভেকচিনত কেন্দ্ৰীয় চৰকাৰৰ খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা
চলিত বৰ্ষৰ জুলাই মাহৰ লৈকে কেন্দ্ৰই ভেকচিন ক্ৰয়ত খৰচ কৰিছে মুঠ আঠ হাজাৰ কোটি টকা। এই বৰ্ষত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ভেকচিনৰ বাবদ ৩৫ হাজাৰ কোটি টকা অনুমোদন কৰিছিল কেন্দ্ৰৰ পৰা। কিন্ত এতিয়া ভেকচিনত খৰচ অত্যাধিক হোৱাৰ সম্ভাৱনা প্ৰকত হোৱাৰ পাছতেই কেন্দ্ৰ চৰকাৰে শীতকালীন অধিৱেশনত অতিৰিক্ত ধনৰ হেতু সংসদৰ অনুমতি লব লাগিব। ইয়াৰ পাছতেই ক’ভিড ভেকচিনত কেন্দ্ৰীয় চৰকাৰৰ খৰচ ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকত হৈ উঠিছে।
কুখ্যাত গুণ্ডাৰ ৰূপত পি এইচ ইৰ কাৰ্যবাহী অভিযন্তাৰ পত্নী।
ৰাজ্যত ক্ৰমাৎ যেন বৃদ্ধি পাইছে সাংবাদিকক অপদস্থ, প্ৰহাৰ কৰা ঘটনাৰ অঘোষিত প্ৰতিযোগিতা। সাংবাদিকৰ ওপৰত দালাল, মধ্যভোগী, মাফিয়া, দস্যু, চোৰৰ ভয় ভাবুকি, আক্ৰমণৰ ঘটনা ঘটি থকা সময়তে বৰপেটাত ঘটিল এক ব্যতিক্ৰমী আক্ৰমণৰ ঘটনা। সাংবাদিকক দুৰ্ব্যৱহাৰ কৰি সাংবাদিকৰ মোবাইল কাঢ়ি নিয়ে অভিযন্তাৰ পত্নীগৰাকীয়ে। বৰপেটা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ পত্নীৰ গুণ্ডাগিৰিৰ কাৰ্যই জিলাখনৰ সচেতন মহল , সাংবাদিকৰ লগতে দল সংগঠনে তীব্ৰ অসন্তুষ্টিৰ লগতে ক্ষোভ প্ৰকাশ কৰা দেখা গৈছে। ধন আৰু ক্ষমতাৰ বলত বলীয়ান হৈ কাৰোকে কেৰেপ নকৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ বিৰুদ্ধে আছে তিনি শ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ। কালি বিয়লি প্ৰায় ৪ বজাত বৰপেটাৰ সাংবাদিক আজিজুল হকে লগত ব্যক্তিগত কেমেৰা পাৰ্ছনক লৈ কাৰ্যালয়ৰ ফলকৰ কিছু দৃশ্যাংশ বাহিৰৰ পৰা সংগ্ৰহ কৰে। তেনে সময়তে কুখ্যাত গুণ্ডাৰ ৰূপত আহি কাৰ্যবাহী অভিযন্তাৰ পত্নী গৰাকীয়ে উদ্ভণ্ডালি কৰিবলৈ ধৰে।
কাৰ্যবাহী অভিযন্তাৰ পত্নীয়ে তেওঁৰ আবাস গৃহৰ পৰা ওলাই আহিয়েই কাক সুধি ভিডিঅ কৰিছা, কিয় ভিজুৱেল লৈছা, ভিতৰলৈ সোমাই আহ বুলি কৈ কেমেৰা পাৰ্ছন আদিত আলীক টানিবলৈ অপচেষ্টা চলায়। তাৰ পিছতে তেওঁ কেমেৰা পাৰ্ছনৰ মোবাইল ফোনটো কাঢ়িবলৈ অপচেষ্টা চলাই বিফল হৈ কেমেৰা পাৰ্ছনক ঠেলিয়াই দি সাংবাদিক আজিজুল হকৰ চাৰ্টৰ ওপৰৰ জেপত থকা মোবাইলতো অকস্মাতে কাঢ়ি নিয়ে। বাইকখনো বগৰাই দি ভাঙিবলৈ উদ্যত হয়। এই ঘটনাত হতবাক হৈ পৰে সাংবাদিক গৰাকী। দূৰ্নীতিগ্ৰস্ত কাৰ্যবাহী অভিযন্তা বিজিত দত্তৰ পত্নীয়ে অভব্য আচৰণ কৰি অকস্মাতে বৰপেটাৰ সাংবাদিক আজিজুল হকৰ ওপৰৰ পকেটত থকা এন্দ্ৰইড্ মোবাইল এটি কাঢ়ি নিয়ে তাৰ পিছত জেলত ভৰোৱাই থোৱাৰ ভাবুকি প্ৰদান কৰে। ইপিনে
বিজিত দত্ত আৰু তেওঁৰ পত্নীয়ে ফোনযোগে ভাড়াতীয়া গুণ্ডাবাহিনীক মাতি আনি আক্ৰমণ চলাবলৈ অপচেষ্টা কৰে যদিও অভিযন্তা বিজিত দত্তয়ে বৰপেটা আৰক্ষীক খবৰ কৰাত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হোৱাত আৰক্ষীৰ হস্তক্ষেপতাত কোনোমতে প্ৰাণ ৰক্ষা পৰে সাংবাদিক আজিজুল হকৰ লগতে সহকৰ্মী আদিতৰ। এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে আজুৰ বৰপেটা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি, ইণ্ডিয়ান জাৰ্নেলিষ্ট এছচিয়েছন বৰপেটা জিলা সমিতি, বৰপেটা জিলা ডিজিটেল সাংবাদিক সন্থা, বৃহত্তৰ ভেল্লা প্ৰেছ ক্লাৱ, জনীয়া প্ৰেছ ক্লাৱ , মন্দিয়া প্ৰেছ ক্লাৱ, কলগাছিয়া মহকুমা সাংবাদিক সংস্থা, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি লগতে বিভিন্ন দল সংগঠন আৰু সচেতন মহলে। সাংবাদিকক অপদস্থ কৰা বিষয়া গৰাকীৰ পত্নীৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে জিলা প্ৰশাসনক উচিত ব্যৱস্থা লোৱাৰ দাবী জনাইছে। সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ অধিকাৰ কত পালে বুলি কৈ সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত নোহোৱালৈকে এইদৰে সাংবাদিকসকল প্ৰহাৰিত হৈ থাকিব লাগিব বুলি প্ৰশ্ন উত্থাপন কৰিছে। ইপিনে এই ঘটনা সন্দৰ্ভত উচিত বিচাৰ কৰি উপযুক্ত শাস্তি দিবলৈ দাবী জনাই ভূক্তভোগী সাংবাদিক আজিজুল হক আৰু সহকৰ্মী আদিত আলীয়ে কেইবাগৰাকীও সাংবাদিকৰ সৈতে জিলা উপায়ুক্তক সাক্ষাৎ কৰি এক লিখিত আবেদন দাখিল কৰিছে।
কাৰ্যবাহী অভিযন্তাৰ ব্যতিক্ৰমী পদক্ষেপ
কিছুমান ব্যক্তিৰ মনৰ উৎসাহ আৰু কৰ্মপ্ৰেৰণাই একোটা অঞ্চল শুৱনি কৰি তোলে৷তেনে এজন ব্যক্তি হ’ল পঠশালস্থিত গড়কাপ্তানী বিভাগৰ কাৰ্য্যবাহী অভিযন্তা পৰেশ হালৈ ৷ এইগৰাকী ব্যক্তিৰ প্ৰচেষ্টাত পাঠশালাৰ গঢ়কাপ্তানী বিভাগৰ কাৰ্য্যলয়ত দেখা গল এক মনোমহা পৰিবেশ । কাৰ্য্যালয়ৰ চৌহদত অভিযন্তা দাসৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এখন ফুলৰ বাগিছা । বৃহস্পতিবাৰৰ দিনটোত কাৰ্য্যালয়তো চাফা চিকুণ কৰাৰ লগতে ফুলৰ বাগিছাত নাৰ্জী , গোলাপ , জবা ফুল আদি বিভিন্ন প্ৰজাতিৰ ফুল ৰোপণ কৰি পৰিবেশ সুৱনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিসয়া গৰাকীয়ে । ইয়াৰোপৰি কাৰ্য্যালয়ৰ ভিতৰে বাহিৰে আটক ধুনীয়া কৈ সজাই তোলে দেখা গৈছে । অসম চৰকাৰৰ উন্নয়ন মূলক আঁচনি সমূহৰ উপৰিও কাৰ্যবাহী অভিযন্তা গৰাকীয়ে কৰা এনেবোৰ কামৰ বাবে এতিয়া তেওঁ প্রশংসা উপচাই পেলাইছে বিভাগীয় কৰ্মচাৰি সকলে । উক্ত কাৰ্যসূচীটোত উপস্থিত থাকে কণিষ্ঠ অভিযন্তা লাবন্য পাটগিৰি ।আনহাতে কাৰ্যবাহী অভিযন্তা গাৰকীয়ে কয় পৰিবেশ সুস্থ থাকিলেহে কাম কৰাৰ বাবে প্ৰেৰণা পায় আৰু দেহ মন সুস্থ থাকে বুলি মন্ত্যব কৰে ।
দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ
ভাৰতীয় সেনা বাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত অপাৰেচনৰ সদ্ভাৱনা আঁচনিৰ অধীনত আজি তামুলপুৰ মহকুমাৰ ভাৰত- ভূটান সীমান্তৰ পাটকীজুলি উচ্চমাধ্যমিক বিদ্যালয়ৰ ৩০ গৰাকী দুখীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰা হয় ৷ আজি পুৱা ১১ বজাত পাটকীজুলি হাইস্কুল প্ৰাংগনত চাইকেল বিতৰণ অনুষ্ঠান মুকলি কৰি ভাৰতীয় ৰেড হৰ্ণ ডিভিজনৰ দৰংগামেলাস্থিত চাউনিৰ মেজৰ অংকিত সিং বানিয়ে কয়, ভাৰতীয় সেনাবাহিনী আৰু সীমান্তত বসবাস কৰা জনসাধাৰণৰ মাজত এটা সূ সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে ১৯৯৮ চনৰে পৰা ভাৰতীয় সেনা বাহিনীয়ে অপাৰেচন সদভাৱনা আঁচনিৰ অধীনত সীমান্ত অঞ্চলৰ পিচপৰা ৰাইজৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন উন্নয়ন মুলক কাম কৰি আহিছে ৷ বিশেষকৈ সীমান্তত বসবাস কৰা দুখীয়া পৰিয়ালৰ লোক সকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে মহিলা সকলক বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰশিক্ষণ দিয়া, চিকিৎসা সেৱা আগবঢ়োৱা, ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষা গ্ৰহণত সহায় কৰা আদি বিভিন্ন জনকল্যান মূলক কাম কৰা ৷ তাৰ অংশ হিচাপে আজি ভূটান সীমান্তৰ পাটকীজুলি অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ মাজত চাইকেল বিতৰণ কাৰ্যসুচী হাতত লোৱা হৈছে ৷ যাতে সীমান্ত অঞ্চলৰ দুৰ দুৰনিৰ পৰা অহা ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত সঠিক সময়ত উপস্থিত হৈ ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ চাইকেল বিতৰণ কৰি সেনা বিষয়া গৰাকীয়ে কয় মই আশা কৰিম ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়ৰ অনুশাসন মানি ভালদৰে অধ্যয়ন কৰি নিজকে সুনাগৰিক হিচাপে গঢ়ি তোলাৰ লগতে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, পিতৃ-মাতৃৰ নাম উজলাই তুলিব ৷ সেনা বিষয়া গৰাকীয়ে পৰবৰ্তী পৰ্যায়ত অঞ্চলটোৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলৰ মাজত পুনৰ চাইকেল বিতৰণ কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ আজিৰ চাইকেল বিতৰণ অনুষ্ঠানত দৰংগামেলা আৰক্ষী চ’কীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোপাল দলে, সমাজকৰ্মী দকচিম হেম্বৰম, পাটকীজুলি উচ্চমাধ্যমিক বিদ্যালয় প্ৰধান শিক্ষক মিছাইল মছাহাৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহ শিক্ষক – শিক্ষয়ত্ৰী,ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ৷
হৃদৰোগ প্ৰতিৰোধ কৰাৰ সহজ উপায়
যদি আপুনি হৃদআক্ৰমণ আৰু ষ্ট্ৰোকৰ আশংকা হ্ৰাস কৰিব বিচাৰে, গৱেষণাৰ দাবী অনুসৰি, ৰাতি ১০ ৰ পৰা ১১ টাৰ ভিতৰত টোপনি যাওক।বিজ্ঞানীসকলে ‘গোল্ডেন আৱাৰ’ বুলি কয়, বিশ্বাস কৰে যে মানুহৰ শোৱাৰ সময় আৰু হৃদৰোগৰ মাজত এক সম্পৰ্ক পোৱা গৈছে। বিশেষকৈ পলমকৈ টোপনি যোৱা মহিলাৰ ক্ষেত্ৰত।এই দাবীটো ইংলেণ্ডৰ এক্সেটাৰ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে তেওঁলোকৰ শেহতীয়া গৱেষণাত কৰিছে। যদি আপুনি মাজনিশা বা অতি পলমকৈ বিচনালৈ যায় তেন্তে হৃদযন্ত্ৰৰ ক্ষতি হ’ব পাৰে, গৱেষকসকলে কয়।মানুহৰ টোপনি আৰু হৃদৰোগৰ মাজত এক সম্পৰ্ক আছে, গৱেষকসকলে কয়। পলমকৈ শুই থকা লোকসকলে ৰাতিপুৱা পলমকৈ সাৰ পায়, তেওঁলোকৰ শৰীৰৰ ঘড়ী বিচলিত হয়। হৃদযন্ত্ৰ বেয়াকৈ প্ৰভাৱিত হয়। এনেদৰে ৰাতি সোনকালে শুলে হৃদৰোগৰ আশংকা হ্ৰাস কৰিব পাৰে।৮৮,০০০লোকৰ ওপৰত কৰা গৱেষণাগৱেষকসকলে কয় যে আমি ৪৩ ৰ পৰা ৭৪ বছৰ বয়সৰ ব্ৰিটিছ প্ৰাপ্তবয়স্কৰ ওপৰত গৱেষণা কৰিছিলো। ট্ৰেকাৰটো গৱেষণাৰ সৈতে জড়িত সকলৰ হাতত দিয়া হৈছিল।ট্ৰেকাৰৰ জৰিয়তে তেওঁলোকৰ টোপনি আৰু বাঢ়ি অহা কাৰ্যকলাপ নিৰীক্ষণ কৰা হৈছিল। তেওঁক জীৱনশৈলীৰ প্ৰশ্ন আৰু উত্তৰো সোধা হৈছিল।এনে লোকসকলে ৫ বছৰৰ বাবে হৃদৰোগ, হৃদআক্ৰমণ, ষ্ট্ৰোক, হৃদযন্ত্ৰৰ বিফলতাৰ চিকিৎসীয় ৰেকৰ্ড লিপিবদ্ধ আৰু তুলনা কৰিছিল।
গোসাইগাঁৱৰ হাউৰীয়াপেটত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক সাহৰ্য্য প্ৰদান
গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ হাউৰীয়াপেটৰ বাসিন্দা চিৰাজুল হকৰ চাৰিটা বাসগৃহ যোৱা ৮ নৱেম্বৰত দুপৰীয়া বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ৷চিৰাজুল হকৰ পৰিয়ালৰ এনে এক দুৰৱস্থাৰ খবৰ সজল ফাউণ্ডেচনেে লাভ কৰি আজি সজল ফাউণ্ডেচনৰ কৰ্ম – কৰ্তা সকলে চিৰাজুল হকৰ পৰিয়ালৰ লগত সাক্ষাৎ কৰেে আৰু চাৰি বান্ডিল টিন ,গৃহ নিৰ্মাণৰ কাৰণে কিছু নগদ ধন আগবঢ়ায় ৷সজল ফাউণ্ডেচনৰ সমাজহেতিষী কামৰ বাবে অসম- বংগ সীমান্তৱৰ্তী ৰাইজে ভূয়সী প্ৰশংসা কৰে ৷











