Home Blog Page 2776

চীনে পুনৰ লকডাউন : বিদ্যালয়, বিমান আৰু পৰ্যটন স্থলী বন্ধ

চীনত কৰোনা ভাইৰাছৰ ধ্বংসআকৌ এবাৰ বৃদ্ধি পাইছে। ক্ৰমান্বয়ে বৰ্ধিত ঘটনাৰ পিছত চৰকাৰ পুনৰ সতৰ্ক হৈ আছে। বহুতো বিমান বাতিল কৰা হৈছে। বিদ্যালয় মহাবিদ্যালয়খনো বন্ধ কৰি দিয়া হৈছে। কিছুমান ঠাইত লকডাউনও জাৰি কৰা হৈছে। 16 অক্টোবৰৰ পৰা, চীনৰ উত্তৰত ভ্ৰমণ পৰ্যটনৰ সৈতে জড়িত কোভিড-19 ঘটনাবোৰ কমেও নটা প্ৰাদেশিক পৰ্যায়ৰ এলেকাত উপনীত হৈছে। আভ্যন্তৰীণ মঙ্গোলিয়া গানচু প্ৰদেশৰ কিছু অংশ কঠোৰ লকডাউনৰ অধীনত আছে। দুয়োটা অঞ্চলৰ বহুতো বিদ্যালয় বন্ধ হৈ গৈছে। বেইজিংৰ এখন বিদ্যালয়ো বন্ধ কৰি দিয়া হৈছে। জিয়ানৰ কিছু অংশত পৰ্যটন স্থল সমূহ বন্ধ কৰি দিয়া হৈছে। টেৰাকোটা ৱাৰিয়ৰ্ছৰ ঘৰ কিছুমান চহৰে গণ প্ৰদৰ্শনী থিয়েটাৰৰ দৰে বন্ধ স্থান বাতিল কৰিছে।চীনৰ উত্তৰ-পশ্চিম চহৰসমূহলৈ পৰিৱৰ্তন দ্ৰুতগতিত বিয়পি পৰিছে। বাহিৰৰ পৰা অহা কিছুমান যাত্ৰীক এই প্ৰাদুৰ্ভাৱৰ বাবে দায়ী কৰা হৈছে। বৰ্তমানৰ বাবে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে। গণ পৰীক্ষা কৰা হৈছে, পৰ্যটন স্থলীসমূহ বন্ধ কৰা হৈছে, মনোৰঞ্জন স্থানবোৰো পৰিৱৰ্তনশীল স্থানত বন্ধ কৰি দিয়া হৈছে। লেঞ্জু অঞ্চলৰ লোকসকলক ঘৰএৰি নাযাবলৈ আহ্বান জনোৱা হৈছে। কেৱল যিসকলৰ প্ৰতিবেদন নেতিবাচক তেওঁলোকক বাহিৰলৈ যাবলৈ অনুমতি দিয়া হৈছে। চীনৰ চৰকাৰেও কোভিড প্ৰটোকল অনুসৰণ নকৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আছে।চীনত বৰ্ধিত কৰোনা ঘটনাৰ পিছত জিয়ান লেঞ্জুৰ মাজত বিমান চলাচল বাতিল কৰা হৈছে। আনহাতে, মঙ্গোলিয়া অঞ্চলত কৰোনাৰ বৰ্ধিত ঘটনাই কয়লা ৰপ্তানিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে। পূৰ্বৰ নিষেধাজ্ঞাসমূহ চীনৰ মানুহৰ পৰা সম্পূৰ্ণৰূপে উঠাই লোৱা হৈছিল। চীনৰ বহু ঠাইত ৰাজহুৱা উদযাপনৰ ছবিও পোহৰলৈ আহিছিল যিহেতু সমগ্ৰ বিশ্বই কৰোনাধ্বংসৰ সৈতে হাহাকাৰ কৰিছিল।

ওৰাংৰ লক্ষ্মী পূজাৰ ১০০ বছৰ অতিক্ৰম

ওদালগুৰি জিলাৰ পূব প্ৰান্তত ভূটান অৰুণাচল সীমান্তত অৱস্থিত ওৰাং চাৰিআলিৰ মাজমাজিয়াত অৱস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ খনত প্ৰায়ে ১০০ ধৰি স্থানীয় লোকে প্ৰত্যেক বছৰে পালন কৰি আহিছে লক্ষ্মী পূজা ।সৌভাগ্য আৰু শান্তিৰ প্ৰতীক মা লক্ষ্মীৰ আশীস সকলোৰে জীৱনত প্ৰাপ্ত হওঁক তাৰে কামনাৰে লক্ষ্মী পূৰ্ণিমাৰ এই পৱিত্ৰ দিনটোত ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱীৰ শ্ৰীচৰণত নিজ নিজ পৰিয়ালৰ লগতে  ৰাজ্য খনৰ মংগল আৰু উন্নতিৰ  হেতুকে সমগ্ৰ ওৰাং বাসী ৰাইজে এই ঐতিহ্য মণ্ডিত পূজা থলীত পূজা অৰ্চনা কৰি আহিছে । ওৰাংত অৱস্থিত  শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত প্ৰায়ে ১০০ বছৰ ধৰি পূজা অৰ্চনা চলি আহিছে । ১০০ বছৰ পুৰণি এই পূজাত  ওৰাং অঞ্চলৰ দাঁতি কাষৰীয়া গাঁও সমূহৰ পৰাও উক্ত পূজাৰ দিনা আহি পূজা অৰ্চনা কৰি আজি ১০০ বছৰ ধৰি স্থানীয় ৰাইজে এই শৈলী অৱলম্বন কৰি আহিছে । উক্ত লক্ষ্মী মন্দিৰ প্ৰাংগনত অতীজৰে পৰা লক্ষ্মী পূজা উপলক্ষে মেলা ,মিনাবজাৰ ,বিশেষকৈ থিয়েটাৰ আদি পাতি সমগ্ৰ অ ঞ্চলৰ ৰাইজক আকৰ্ষিত কৰি আহিছিল , ৷ যদিও ক্ৰমান্বয়ে উক্ত লক্ষ্মী মন্দিৰৰ প্ৰাংগণতেই সাহিত্য ভৱন , ৰংগমন্স সভা হল আৰু লক্ষ্মী মন্দিৰ কমিটিৰ কেইবাটাও দোকান গঢ় লোৱাৰ ফলত খেলপথাৰ সৰু হৈ পৰিছে যাৰ ফলত আগৰ তুলনাত বৃহৎ মেলা পাতিবলৈ অসুবিধা হলেও আগৰ দৰেই পূজা অৰ্চনা অব্যাহত আছে ।

দেশৰ ১০০ কোটি ক’ভিড টীকাকৰণৰ সফল ৰূপায়ন উপলক্ষে চিকিৎসক,স্বাস্থ্য কৰ্মীক সম্বৰ্ধনা হাজো মণ্ডল বিজেপিৰ

হাজো মণ্ডল বিজেপিৰ উদ্যোগত হাজোৰ ভিণ্ণ প্ৰান্তত বিশেষকৈ হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাহ্য কেন্দ্ৰ তথা উপ স্বাহ্য কেন্দ্ৰসমূহত চিকিৎসক স্বাস্থ্য কৰ্মী সকলক দেশৰ ১০০ কৌটি কভিদ টীকাকৰণৰ আজি সফল ৰূপায়ন উপলক্ষে ক’ভিড যোদ্ধাবৃন্দক সম্বৰ্ধনা জনাই।উল্লেখযোগ্য যে কভিদ মহামাৰী ৰোধ কৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত দেশৰ ১০০ কোটি জনতাই সম্পূৰ্ণ বিনামূলীয়া ক’ভিড ভেকচিন লাভ কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই হাজো মণ্ডল বিজেপিৰ উদ্যোগত কোৰোণা ভেকচিনৰ লগত জড়িত চিকিৎসক, স্বাস্হ্যকৰ্মী সকলক সম্বৰ্ধণা জনোৱা হ’য়। শীৰ্ষক সম্বৰ্ধনা কাৰ্যসূচীত উপস্থিত থাকে হাজো মণ্ডল যুৱ মৰ্চা বিজেপিৰ প্ৰাক্তন সভাপতি ভাস্কৰ ভৰালী,বিজেপি কৰ্মী বজেন্দ্ৰ ভৰালী , ৰবিন্দ্ৰ নাথ দাসকে প্ৰমূখ্য কৰি হাজো মণ্ডল বিজেপিৰ প্ৰায়সংখক বিশিষ্ট গণ্য মান্য ব্যক্তি ।

শিক্ষাৰ্থীক পাঠদান কৰি স্মৃতি ৰোমন্থন বজালীৰ উপায়ুক্তৰ

দীৰ্ঘ দিনৰ  বিৰতিৰ  পাছত ৰাজ্যৰ  প্ৰাথমিক বিদ্যালয় সমূহ  খোলাৰ  লগে লগে স্বাভাৱিকতেই   শিশু শিক্ষাৰ্থী সকলৰ মনত উৎসাহ  উদ্দীপনা আৰু আনন্দৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে । আশাভৰা দিনৰ প্ৰত্যাশাৰে   শিশু সকল প্ৰাণচঞ্চল হৈ  বিদ্যালয়লৈ আহিছে ।  এনে এক প্ৰেক্ষাপটতে  কালি আৰু আজি বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে  বজালী জিলাৰ কেইখনমান  শিক্ষানুষ্ঠান পৰিদৰ্শন কৰি শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰীৰ লগত বাৰ্তালাপ কৰে । আজি পুৱাৰ ভাগতেই উপায়ুক্ত গৰাকীয়ে  গৃহভূমি পাটাছাৰকুছিত শৈশৱতে তেও অধ্যয়ন কৰা 64নম্বৰ পাটাছাৰকুছি  নিম্ন বুনিয়াদী প্ৰাথমিক  বিদ্যালয়ত উপস্থিত হৈ  এক প্ৰকাৰ নষ্টালজিক হৈ পৰে  আৰু বিদ্যালয়খনৰ শিশু শিক্ষাৰ্থী আৰু শিক্ষক শিক্ষয়িত্ৰিক জানিবলৈ দিয়ে যে অৰ্দ্ধ শতিকা পূৰ্বে   নিজে ঘৰত বোৱা ঢাৰি   কোছত লৈ বিদ্যালয়লৈ আহি তেও কেনেদৰে  কলপাতত পাখিৰে দোৱাতৰ পৰা চিঁয়াহী  উলিয়াই বৰ্ণমালা লিখাৰ অভ্যাস কৰিছিল সেই  স্মৃতি ব্যক্তি কৰি  আবেগিক হৈ পৰা উপায়ুক্ত গৰাকীয়ে কয় যে আজি আৰু  কলপাত পাখি  দোৱাতৰ চিঁয়াহীৰ  দিন নাই । আজি কোছত খুছি ঢাৰিও আনিব নালাগে শিক্ষাৰ্থীয়ে । অথচ সেই দিনবোৰত কলপাত  লিখা নিজে বোৱা ঢাৰি অনা  ব্যৱস্থাই শিক্ষাৰ্থীৰ পৰৱৰ্তী জীৱনত   অনেক দিশতেই প্ৰভাৱ  বিস্তাৰ কৰিছিল ।এইবোৰো আছিল সেই সময়ত শৈক্ষিক ক্ষেত্ৰৰ একো একোটা উল্লেখনীয় স্তৰ ।  এনেদৰে  শৈশৱতে প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক ক্ষেত্ৰৰ যাত্ৰাৰ শুভাৰম্ভ কৰা  উপায়ুক্ত দেৱ চৌধুৰীয়ে  আৰু কয় যে ওচৰতে আছিল পাটাছাৰকুছি বিদ্যাপীঠ । প্ৰাথমিক বিদ্যালয়খনৰ বিদ্যাপীঠৰ সতে সম্পৰ্ক আছিল ককাই ভাইৰ দৰে । প্ৰাথমিকৰ দেওনা গৰকিয়েই পোনে পোনে শিক্ষাৰ্থী অধ্যয়নৰ  বাবে ঢাপলি মেলিছিল বিদ্যাপীঠলৈ ।  কাষতে আছিল শিক্ষাৰ্থীৰ জ্ঞানৰ ভৰাল সমৃদ্ধ কৰিবলৈ প্ৰাচ্য সংঘৰ পুথিভৰাল ।এই ত্ৰি শক্তিৰ অনিৰুদ্ধ গতিয়ে যন্ত্ৰযুগে আক্ৰান্ত নকৰা সময়তে পাটাছাৰকুছিৰ সমাজ শৈক্ষিক সাংস্কৃতিক দিশক দিছিল অনন্য মৰ্যাদা ।এইদৰে পুৰণি স্মৃতি আৰু ঐতিহ্য স্মৰণ কৰি উপায়ুক্ত গৰাকীয়ে কয় যে ঐতিহ্যৰ স্মৰণে ব্যক্তিৰ মহানুভৱতা উন্মোচন কৰে । তেও শিক্ষাৰ্থী আৰু শিক্ষক সকলক ঐতিহ্যৰ প্ৰতি   শ্ৰদ্ধাশীল হবলৈ আহ্বান জনাই অতি সৰল ভাষাৰে ইয়াৰ ওপৰত আলোকপাত কৰে আৰু শিক্ষাৰ্থীক পাঠদানো কৰে । তেও অতি প্ৰাঞ্জল ভাষাৰে শিক্ষাৰ্থী সকলক   কোভিদ সম্পৰ্কতো  বুজনি দিয়ে ।উল্লেখ্য 1901  চনত  প্ৰতিস্থা লাভ কৰা এইখন বিদ্যালয়ক দূৰ্গোৎসৱত পাটাছাৰকুছিলৈ অহা মুখ্যমন্ত্ৰীয়ে আৰ্থিক সাহাৰ্য দিয়াৰ বিষয়ে ঘোষণা কৰিছিল ।

থাওৰাৰ স্বাভিমানী ভোটাৰে বিশ্বাসঘাতক সুশান্তক উচিত শিক্ষা দিব

থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰে ৫২০০০ভোট পাব৷সুশান্তই পাৱ ৪৫০০০-৪৭০০০ভোট৷পিযুষ হাজৰিকা ড° হিমন্তবিশ্ব শৰ্মা বাদ দিয়ক নৰেন্দ্ৰ মোদী আহিলেও বিশ্বাসঘাতক সুশান্ত বৰগোহাঁই থাওৰাৰ পৰা জয়ী হব নোৱাৰে৷থাওৰাৰ উপনিৰ্বাচনত এতিয়া দুটাই পক্ষ৷এটা পক্ষত আছে বিশ্বাসঘাতক নেতা সুশান্ত বৰগোহাঁই তেওঁক টিকট দিয়া বিজেপি ভোট বিভাজনৰ বাবে প্ৰাৰ্থীদি বিজেপিৰ বি টীমত পৰিনত হোৱা কংগ্ৰেছ কমিউনিষ্ট আৰু লগতে বিজেপি চৰকাৰৰ দান বৰঙনিৰে চলি থকা নিজৰ নীতি আদৰ্শ বিবেক বিক্ৰী কৰা জাতীয় সংগঠনৰ নেতা আৰু আনটো পক্ষত আছে থাওৰাৰ স্বাভিমানী ভোটাৰ অখিল গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰ৷গতিকে থাওৰাৰ উপনিৰ্বাচন সুশান্ত বৰগোহাঁই বনাম থাওৰাৰ স্বাভিমানী ভোটাৰৰ যুঁজ যত থাওৰাৰ ৰাইজে সুশান্ত বৰগোহাঁইক পৰাজিত কৰিবৰ বাবে নিজৰ সেনাপতি ৰূপে ধৰ্য্য কোঁৱৰক আদৰি লৈছে৷-এই মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীৰ৷ ৰাইজৰ দলৰ নেতাগৰাকীৰ স্পষ্ট ভাষ্য উপনিৰ্বাচনৰ পাছত উজনি অসমত কংগ্ৰেছ বুলি কোনো দল নাথাকিব৷ৰূপজ্যোতি কূৰ্মী সুশান্ত বৰগোহাঁইৰ দৰে বহু কংগ্ৰেছত থকা বিজেপিৰ এজেণ্টে আনুষ্ঠানিক ভাৱে বিজেপিত যোগদান কৰিব৷মাজুলীৰ লগতে তিতাবৰ আৰু যোৰহাটো আকৌ উপনিৰ্বাচন অনুষ্ঠিত হব৷কাৰন হিতেন গোস্বামীক ৰাজ্যপাল কৰি কংগ্ৰেছৰ কাৰ্য্যকৰী সভাপতি ৰানা গোস্বামীক বিজেপিয়ে যোৰহাটৰ বিধায়ক পতাৰ পৰিকল্পনাৰ খৱৰ যোৰহাটত বিয়পি পৰিছে৷তিতাবৰৰ কংগ্ৰেছৰ বিধায়ক ভাস্কৰ বৰুৱাও সন্দেহৰ আৱৰ্তত৷এইবোৰ আমি কৰা অভিযোগ নহয় ৰাইজৰ মাজত চলি থকা চৰ্চা৷যদি কংগ্ৰেছৰ শীৰ্ষ নেতা সকলেই এজনৰ পাছত আনজন বিজেপিত যোগ দিব বুলি চৰ্চালৈ আহিছে তাৰ পাছত বিজেপিৰ বিৰোধিতাৰ নামত কংগ্ৰেছক ভোট দি ভোট নষ্ট কৰাৰ জানো যুক্তি আছে?গতিকে থাওৰা  ভোটাৰে এইবাৰ বিজেপিক পৰাজিত কৰিবৰ বাবে ৰাইজৰ দলক ভোট দিব আৰু থাওৰাত ৰাইজৰ দলৰ উত্থান দেখি বিজেপি কংগ্ৰেছ দুয়োটা দলেই ৰাইজৰ দল আৰু অখিল গগৈক টাৰ্গেট কৰি লৈছে৷অখিল গগৈক তেওঁৰে একাংশ প্ৰাক্তন সতীৰ্থই সমালোচনা কৰা আৰু ধৰ্য্য কোঁৱৰক ভোট নিদিবৰ বাবে সংবাদমেল কৰি আহ্বান জনোৱাৰ সন্দৰ্ভত সুধা এক প্ৰশ্নৰ উত্তৰত ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে কয় অখিল গগৈৰ নেতৃত্বকলৈ যদি তেওঁলোকৰ কিবা মত পাৰ্থক্য আছিল সেয়া দলৰ মজিয়াত আলোচনা কৰিব লাগিছিল৷তাকে  নকৰি দল ত্যাগ কৰি বিজেপি কংগ্ৰেছৰ শ্ৰুতলিপি মতে ৰাইজৰ দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰি থকা  সকলক অসমৰ ৰাইজে বিশ্বাস নকৰে৷তেওঁলোকৰ  কাম কাজে প্ৰমান কৰে তেওঁলোকক বিজেপি কংগ্ৰেছৰ কোনো নেতাই কাহিনী চিত্ৰনাট্য সংলাপ লিখি দিছে আৰু তেওঁলোকে সংবাদমেল কৰি নিজৰ চৰিত্ৰসমূহ ৰূপায়ন কৰিছে৷এওঁলোক আৰু নেতাহৈ থকা নাই পেশাদাৰী অভিনেতাত পৰিনত হৈছে৷থাওৰাত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰৰ জয় নিশ্চিত বাবেই  পৰাজয়ৰ আশংকাত বিজেপি কংগ্ৰেছে ৰাইজৰ দলৰ বিৰুদ্ধে উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ আৰম্ভ কৰিছে যি থাওৰাত ৰাইজৰ দলৰ বিশ্বাসযোগ্যতা প্ৰাসংগিকতা ভোটাৰৰ মাজত বৃদ্ধিহে কৰিছে৷বিজেপি কংগ্ৰেছ আৰু বিক্ৰী হোবা একাংশ নেতাই ৰাইজৰ দল আৰু অখিল গগৈক যিমানে গালি গালাজ পাৰিছে অপমান কৰিছে সিমানে থাওৰাৰ ভোটাৰে ৰাইজৰ দলক আদৰি লৈছে৷আশীৰ্বাদ দিছে৷ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে সুশান্ত বৰগোহাঁইৰ পৰাজয় আশংকাত ড°হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ সমগ্ৰ কেবিনেট আৰু ৩০জনৰো অধিক বিজেপিৰ বিধায়কে সমষ্টিটোত এজন অখিল গগৈক বাধা দিবৰ বাবে জপিয়াই পৰিব লগা ঘটনাই প্ৰমান কৰে যে সমষ্টিটোত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৰ্য্য কোঁৱৰ জয়ী হব বুলি বিজেপি দলটো শংকিতহৈ পৰিছে৷পিযুষ হাজৰিকাই এমাহ ধৰি থাওৰাত ঘুৰি ফুৰি এটা কথাই বুজি পাইছে সুবিধাবাদী বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক জিকাই নিয়াটো তেওঁৰ বাবে সম্ভৱ নহয় যাৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই এতিয়া থাওৰা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে মিটিং কৰিব লগা হৈছে৷কিন্তু ড°হিমন্তবিশ্ব শৰ্মায়ো সুশান্ত বৰগোহাঁইক জয়ী কৰিব নোৱাৰে৷উপনিৰ্বাচনত থাওৰাত গল খাব বিজেপিয়ে৷ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে সাংবাদিকক কয় উপনিৰ্বাচনত যদি বিজেপি মিত্ৰজোঁট জিকে তেন্তে গণতন্ত্ৰৰ প্ৰতি ই ভাবুকিৰ সৃষ্টি কৰিব৷জনতাৰ ভোট অৰ্থহীন হৈ পৰিব ৷ ক্ষমতাত যিটো দলেই থাকে সেই দলটোৱেই বিৰোধী বিধায়কক নিজৰ দললৈ নি বাৰে বাৰে উপনিৰ্বাচন অনুষ্ঠিত কৰাৰ এক অশুভ পৰম্পৰাৰ সূচনা কৰিব৷গতিকে থাওৰাত সুশান্ত বৰগোহাঁইৰ পৰাজয়ে অসমত গণতন্ত্ৰক জীয়াই ৰাখিব   আৰু গণতন্ত্ৰৰক্ষাৰ দায়িত্ব এইবাৰ থাওৰা সমষ্টিৰ স্বাভিমানী ভোটাৰে লৈ ধৰ্য্য কোঁৱৰক জয়ী কৰি অসমত আঞ্চলিকতাবাদ শক্তিশালী কৰি বিজেপিৰ পতনৰ বাট মুকলি কৰি দিব৷অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্তবিশ্ব শৰ্মাই দল বাগৰা ৰাজনীতিক উৎসাহিত কৰি ৰাজ্যৰ ৰাজনীতিত আৰম্ভ কৰা অশুভ পৰম্পৰা বন্ধ কৰিবৰ বাবেই থাওৰাৰ ভোটাৰে বিজেপিৰ পৰাজয় নিশ্চিত কৰি সমষ্টিটোৰ পৰা ৰাইজৰ দলক জয়ী কৰি ৰাজনৈতিক ইতিহাস লিখিব বুলিও ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে দাবী কৰে৷গোস্বামীয়ে লগতে কয় উপনিৰ্বাচনে বহু তথা কথিত নেতাৰ সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে৷অসম৷আৰু অসমীয়াৰ স্বাৰ্থৰক্ষাৰ শ্লোগানদি দম্ভালি মাৰি ফুৰা বহু নেতাই যে বিজেপিৰ হাতত বিক্ৰী হৈছে সেই কথা উপনিৰ্বাচনত বিজেপিৰ বিৰোধিতাৰ নাটক কৰা বহু নেতাৰ মৌনতাই স্পষ্ট কৰি দিছে৷জাতীয় সংগঠন বুলি দাবী কৰা একাংশ নেতাই অসমৰ জাতীয় সমস্যা সমূহৰ সন্দৰ্ভত ৰহষ্যজনক ভাবে নীৰৱে আছে৷যি সময়ত ড°হিমন্তবিশ্ব শৰ্মাই এটাৰ পাছত আনটো নিৰ্ৰবাচনী প্ৰতিশ্ৰুতি ভংগ কৰিছে৷যি সময়ত মূল্যবৃদ্ধিৰ বাবে ৰাইজে হাহাকাৰ কৰিছে সেইসময়ত একাংশ তথাকথিত নেতাই মুখ্যমন্ত্ৰীৰ লগত ছেলফি উঠি নিশা গোপনে লগ কৰি ঠিকা ঠুকুলি লৈ অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা দেখা গৈছে আৰু এই বিক্ৰী হোৱা নেতা সকলৰ বোকোচাত উঠি বিজেপিয়ে উপনিৰ্বাচনত জয়ী হোৱাৰ অংক কৰিছে কিন্তু মৰিয়নি আৰু থাওৰাৰ ভোটাৰে এই জাতিদ্ৰোহী শক্তি সমূহক ইতিমধ্যে চিনাক্ত কৰিছে৷

বিল্বেশ্বৰ দেৱালয়ত ৰাজ হংস বলিৰে ব্যতিক্ৰম লক্ষ্মী পূজা উদযাপন

নলবাৰী জিলাৰ বেলশৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰীশ্ৰী বিল্বেশ্বৰ দেৱালয়ত  ব্যতিক্ৰমী পৰম্পৰা, ধৰ্মীয় ৰীতি-নীতি অনুসৰি  শ্ৰীশ্ৰী লক্ষ্মী পূজা সম্পন্ন কৰা হয় । উল্লেখ্য, প্ৰাচীন শৈৱপীঠখনত সূৰ্য সময় অনুযায়ী বিয়লি ৪-৩০ বজাৰে পৰা বিভিন্ন কাৰ্যসূচীৰে লক্ষ্মী পূজা ভাগ আৰম্ভ কৰা হয় । এইফালে, প্ৰায় তিনি হেজাৰ বছৰ পুৰণি বিল্বেশ্বৰৰ লক্ষ্মী পূজাত দুৰ্গতিনাশিনী দুৰ্গাৰ অন্য এক ৰূপ কমলা লক্ষ্মী দেৱীৰ চৰণত পৰম্পৰা অনুসৰি আজি সন্ধিয়াৰ ভাগত এটি ৰাজহংস বলিদান কৰা হয় । সাধাৰণতে লক্ষ্মী পূজাত বলিৰ বিধান নেথাকে যদিও মহিমামণ্ডিত বিল্বেশ্বৰৰ লক্ষ্মী পূজাত পূৰ্বৰ ব্যতিক্ৰমী পৰম্পৰা মৰ্মে কমলা লক্ষ্মী দেৱীৰ সন্মুখত প্ৰতিবছৰে এটিকৈ ৰাজহংস বলি আগবঢ়োৱা হৈ আহিছে । দেৱালয়ৰ দলৈ ৰঞ্জিত মিশ্ৰই এই সন্দৰ্ভত জনোৱা মতে, কমলা লক্ষ্মী মহামায়া দুৰ্গা দেৱীৰে এটি অনন্য ৰূপ । বিল্বেশ্বৰত লক্ষ্মীৰ লগতে অ-লক্ষ্মীকো পূজা আগবঢ়োৱা হয় । সেইবাবেই লক্ষ্মী পূজাৰ মাজতে কমলা লক্ষ্মী দেৱীৰ সন্মুখত পৰম্পৰা অনুসৰিয়েই শৈৱপীঠখনত এটিকৈ ৰাজহংস বলিদান হৈ আহিছে । আনহাতে, লক্ষ্মীপূজা উপলক্ষে বিল্বেশ্বৰ দেৱালয়ত বহু ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হয় । # পশ্চিম নলবাৰীৰৰ নিজ পকোঁৱা, চামতা, বেলশৰ, বিহামপুৰ, বনগাওঁ, বৰনৰ্দ্দী,  পানীগাওঁ,  বাটসৰ, বগুৰিহাটী, গোৱালপাৰা, বলোৱা, কুমাৰিকাটা, গন্ধিয়া, জাগাৰা, ককয়া, পিপলিবাৰী, টেঙাবাৰী, কৈহাটী, শোলমাৰা, দাহুদী, হেলচা, পখুৰা, লখোপুৰ, আমনি, কুলবিল, শিমলিয়া, মুলাৰকুছি, বালিজাৰ, কৈঠালকুছি, সাহপুৰ, গামাৰিমুৰী, নদলা, বৰবৰা, পুৰ্ণি, বৰপীট, পশ্চিম চামতা, ৰূপীয়াবাথান, নদলাৰ হাট, কৈঠাকুছিৰ বজাৰ, চামতা মটৰষ্টেণ্ড বজাৰতো   শ্ৰীশ্ৰী লক্ষ্মী পূজা মহোৎসৱ উদযাপন কৰা হয় ৷ এইফালে কালিৰে পৰা নিজ পকোঁৱাত পৰা পাচঁ দিনীয়াকৈ আৰু  শোলমাৰা বজাৰত বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত শোলমাৰাত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী লক্ষ্মী পূজা মহোৎসৱ চলি আছে ৷ নিজপকোঁৱাৰ লক্ষ্মী পূজাত  ২০অক্টোবৰৰ পৰা  পৰা তিনিদিনী কাৰ্যসূচীৰে আবাহন থিয়েটাৰ আৰু ইতিহাস থিয়েটাৰে নাট মঞ্চস্হ আৰম্ভ কৰিছে ৷  

গৰুৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে তামাৰহাট আৰক্ষীৰ অভিযান ।

 গো-মাতাৰ সুৰক্ষাৰ উদ্যেশে অসম চৰকাৰে শেহতীয়া কৈ গো-সুৰক্ষা আইন প্ৰণয়ন কৰি গৰুৰ অবৈধ ব্যাৱসায় বন্ধ কৰাৰ বাবে  অধিক তৎপৰ হৈ থকাৰ সময়তে ধুবুৰী জিলাৰ তামাৰহাট আৰু পাগলাহাট আৰক্ষীয়ে গৰুৰ চোৰাং ব্যাৱসায়ৰ বিৰুদ্ধে যৌথ অভিযান চলাই নিশা থানা খনৰ অন্তৰ্গত নমধৰ কুমাৰগঞ্জ অঞ্চলত ছয়টা বহি:ৰাজ্যৰ গৰু আৰু তিনিটা মহ জব্দ কৰিবলৈ সক্ষম হয় । চোৰাং গৰু, মহ সৰবৰাহকাৰী চক্ৰই অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গৰু আনি বাংলাদেশলৈ চালান দিয়াৰ উদ্যেশেৰে অসম-বংগ সীমান্তৰ গংগাধৰ নদী সাঁতুৰি পাৰ কৰি তামাৰহাট থানাৰ অন্তৰ্গত নমধৰ গাঁও অভিমুখে আহি আছিল । তামাৰহাট থানাৰ আৰক্ষীয়ে উক্ত খবৰ পাই পাগলাহাট আৰক্ষীৰ সহায়ত উক্ত স্থানৰ নদীৰ পাৰত গোপনে অভিযান চলায় । কিন্তু আৰক্ষী অহাৰ সম্ভেদ পাই গৰু আৰু মহ বেপাৰী পলাই যাবলৈ সক্ষম হয় । উল্লেখ্য যে অতি কৌশলেৰে প্ৰতিদিনে নিশা আৰু দিনৰ পোহৰতে এটা গৰুৰ চোৰাং চক্ৰই বহি:ৰাজ্যৰ পৰা উন্নত জাতৰ গৰু চোৰাং ভাবে আনি নাৱেৰে বা সাঁতোৰাই গংগাধৰ নদী পাৰ কৰি বিটিচিৰ কুৰ্ষাকাটি হৈ ধুবুৰী জিলাৰ ভাৰত-বাংলা সীমান্ত অঞ্চললৈ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । 

উদমাৰীত মহা লক্ষ্মী পূজা উদযাপন।

 ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা ভেৰগাঁও মহকুমাৰ অন্তৰ্গত উদমাৰী গাঁ‌ৱতো  ৩ দিনীয়া কাৰ্যসূচীৰে  ব্যাপক ৰূপত লক্ষ্মীপূজা  আয়োজন কৰা দেখা যায়।ওদালগুৰি জিলা উদমাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ ১৯৬২ চনতে স্থাপিত কৰা এক ঐতিহ্যমণ্ডিত মন্দিৰ।কোনো ধৰনৰ চৰকাৰী আচনী ৰূপায়ণ হোৱা নাই যদিও বৰ্তমান সময়ত গাঁও বাসী ৰাইজে গাঁঠিৰ ধন খৰছ কৰি মন্দিৰটো আটক ধুনীয়াকৈ গঢ় দিবলৈ সক্ষম হৈছে। সংশ্লিষ্টত আজি লক্ষ্মীপূজা উপলক্ষে উদমাৰী গাৱৰ ঐতিহ্যমণ্ডিত মন্দিৰ শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰত বৰ্তমান সময়ত   আনন্দ উল্লাসৰ উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিছে।বিগত দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত ধৰ্মীয় অনুষ্ঠান বন্ধ হয় থকাত ভক্তি ভাৱ লুপ্ত হয় আছিল যদিও এইবেলি কৰোনাৰ প্ৰভাৱ ক্ৰ্মান্বয়ে হ্ৰাস পোৱাত কেতবোৰ সমস্যাৰ মাজতে  ভক্তি ৰসত দেৱী মা লক্ষ্মীৰ  শ্ৰীচৰণত আশীৰ্বাদ লবলৈ হিল-দোল ভাগি অহাৰ পৰিলক্ষিত হৈছে ।

চীনে অন্ধকাৰ আঁতৰাবলৈ ইণ্ডোনেছিয়াৰ পৰা কয়লা ক্ৰয় কৰি আছে

অষ্ট্ৰেলিয়াৰ সৈতে কাজিয়া কৰাটো চীনৰ অৰ্থনীতিৰ ওপৰত গুৰুত্বপূৰ্ণ হোৱা দেখা গৈছে। ভাৰতৰ দৰে, চীনেও অষ্ট্ৰেলিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ বিভেদৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিছে। ফলস্বৰূপে, ই বৰ্তমান এক গুৰুতৰ কয়লা সংকটৰ সন্মুখীন হৈছে। আলম হৈছে যে চীনে ইয়াত অন্ধকাৰ আঁতৰাবলৈ ইণ্ডোনেছিয়াৰ পৰা কয়লাঅৰ্ডাৰ দিব লাগিব।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ইণ্ডোনেছিয়াই যোৱা মাহত কয়লাৰ অভিলেখ যোগান ধৰিছিল। প্ৰতিবেদন অনুসৰি, ইণ্ডোনেছিয়াই যোৱা ছেপ্টেম্বৰত 21 নিযুত টনতকৈও অধিক কোকিং তাপ আৰু মুগা কয়লা ৰপ্তানি কৰিছিল। বৰ্তমান, ইণ্ডোনেছিয়াই চীনৰ মুঠ কয়লা আমদানিৰ প্ৰায় দুই-তৃতীয়াংশ যোগান ধৰিআছে।আমোদজনক ভাৱে, ইণ্ডোনেছিয়াৰ পৰা চীনলৈ নিম্ন মানদণ্ডৰ কয়লাও ব্যয়বহুল হৈছে। জুনমাহৰ পৰা বৰ্ধিত চাহিদাৰ বাবে ইণ্ডোনেছিয়াই ইয়াৰ দেশৰ পৰা ৰপ্তানি কৰা কয়লাৰ মূল্যও বৃদ্ধি কৰিছে। চীনে ইয়াত ইয়াৰ বিদ্যুৎ সংকট সমাধানৰ বাবে ব্যয়বহুল মূল্যত ইণ্ডোনেছিয়াৰ পৰা নিৰন্তৰ কয়লা ক্ৰয় কৰি আছে।সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ইণ্ডোনেছিয়াই বিভিন্ন ধৰণৰ নিম্ন-শ্ৰেণীৰ কয়লা ৰপ্তানি কৰে, যিসস্তাত উপলব্ধ। ই কম কাৰ্যকৰী আৰু জলবায়ুৰ বাবে ক্ষতিকাৰক। বাতৰি অনুসৰি, চীনে যোৱা বছৰৰ শেষৰ ফালে ইণ্ডোনেছিয়াৰ সৈতে 1.5 বিলিয়ন ডলাৰৰ কয়লা চুক্তি স্বাক্ষৰ কৰিছিল।

আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসমৰ আত্মসমৰ্পণ

ম্যানমাৰৰ অটব্য অৰণ্যৰ পৰা উভতি আহি স্ব গৃহত উপস্থিত হল আলফা স্বাধীনৰ দুধৰ্ষ কেডাৰ মাধুৰ্য্য সোণোৱাল ওৰফে নিউটন অসম। জাগুন চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহৰ পৰা পৰিয়ালৰ সকলোকে এৰি থৈ পৰিয়ালটোৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্যই ২০১৭ চনৰ আগষ্ট মাহৰ শেষৰ ফালে আলফা স্বাধীনত যোগদান কৰিছিল। প্রায় চাৰি বছৰৰ মূৰত নিজৰ আপোন ঘৰখনলৈ মনত পৰাত আত্মসমৰ্পণ কৰি মূল সুঁতিলৈ উভতি আহে মাধুৰ্য্য ওৰফে নিউটন অসম। সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকি যোৱা ১২ অক্টোবৰ তাৰিখে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল নিউটন অসমে। আত্মসমৰ্পণ কৰাৰ প্ৰায় ৮ দিনৰ অন্তত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ জাগুনৰ চন্দ্ৰপুৰ কোলাপথাৰৰ নিজ গৃহত উপস্থিত হয় মাধুৰ্য্য ওৰফে নিউটন অসম।মাধুৰ্য্যই জানিবলৈ দিয়া অনুসৰি আলফাৰ প্ৰতি সেই সময়ত আকৰ্ষিত হয় নিজ ইচ্ছাৰেই আলফা স্বাধীনত যোগদান কৰিছিল আৰু আত্মসমৰ্পণ কৰাৰ ক্ষেত্ৰতো মাধুৰ্য্যই সম্পূৰ্ণ ব্যক্তিগত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে। আলফাত থকা সময়ছোৱাত সংগঠনৰ প্ৰতিজন সদস্যৰ সৈতে আত্মীয়তা বজাই ৰাখি সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে সংগঠনৰ দায়িত্ব পালন কৰাৰ কথা জানিবলৈ দিয়ে মাধুৰ্য্যই।উল্লেখযোগ্য যে মাধুৰ্য্য অসম ওৰফে নিউটন অসমৰ পিতৃ খগেন সোণোৱাল ওৰফে বাবু সোণোৱালে এসময়ত আলফাৰ বাবে সুদীৰ্ঘ সোতৰ বছৰ সময় দি বৰ্তমান সময়ত কৃষি কৰ্মত  মনোনিবেশ কৰি নিজকে এজন আদৰ্শ খেতিয়ক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।মাধুৰ্য্যৰ মাতৃও  এসময়ত আলফাত এক দীঘলীয়া সময়ৰ বাবে কাৰ্যনিৰ্বাহ কৰিছিল। ঘৰখনৰ একমাত্ৰ পুত্ৰ সন্তান মাধুৰ্য্য নিজ আপোন ঘৰখনত আহি উপস্থিত হোৱাত স্বাভাৱিকতে এক উৎসৱ মুখৰ পৰিবেশে বিৰাজ কৰাৰ লগতে পিতৃ মাতৃ যথেষ্ট আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে। মাধুৰ্য্যৰ পিতৃ বাবু সোনোৱালে সংবাদ মাধ্যমৰ যোগেদি চৰকাৰলৈ এটাই আহ্বান জনাইছে যে আলফা আৰু ভাৰত চৰকাৰৰ এই দীৰ্ঘদিনীয়া সমস্যাটোৰ এক স্থায়ী সমাধানৰ বাট মুকলি কৰিব লাগে যাতে ভৱিষ্যতে অসমৰ উঠি অহা যুৱপ্ৰজন্মই সশস্ত্ৰ সংগ্রামেৰে নিজৰ আৰু জাতিটোৰ প্ৰাপ্য অধিকাৰৰ বাবে যুদ্ধ কৰিব লগা নহয়।একালৰ দুধৰ্ষ আলফা কেডাৰ আৰু বৰ্তমানৰ এজন আদৰ্শ খেতিয়ক খগেন সোণোৱাল ওৰফে বাবু সোণোৱালৰ পদাংককেই অনুসৰণ কৰি ভৱিষ্যতে এজন প্ৰতিষ্ঠিত খেতিয়ক হিচাপে নিজকে আত্মনিয়োগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মাধুৰ্য্য অসম ওৰফে নিউটন অসমে।