বিগত বৰ্ষৰ দৰে এইবছৰো অনুষ্ঠিত হ’বলগীয়া ‘অসম টেট’ পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলৰ সহায়ক হোৱাৰ উদ্দেশ্যে ৰঙিয়াৰ এটি অগ্ৰণী প্ৰকাশক গোষ্ঠী “মনোজ বুকষ্টল” প্ৰকাশনে এখন টেট পৰীক্ষাৰ সহায়ক গ্ৰন্থ প্ৰস্তুত কৰি উলিয়ায় ৷ ৰঙিয়াৰ “ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচন” (ক’লা আৰু বাণিজ্য শাখা) ৰ প্ৰেক্ষাগৃহত উক্ত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানটি অনুস্থিত হয় ৷ উন্মোচনী অনুষ্ঠানটিত উন্মোচক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়াৰ স্বস্তি হস্পিতালৰ স্ত্ৰী আৰু প্ৰসুতি ৰোগ বিভাগৰ বিশেষজ্ঞ ডাঃ হিতেন কলিতা, ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পাৰ্থ ফুকন মহন্ত, ইউক্লিড গ্ৰুপ অৱ ইনষ্টিটিউচনৰ শৈক্ষিক সঞ্চালক(কলা আৰু বাণিজ্য শাখা) ৰুমি মেধিৰ লগতে পুথিখন প্ৰস্তুত কৰি উলিওৱা সম্পাদনা মণ্ডলী ক্ৰমে- ড° বীৰেন্দ্ৰ ডেকা, ড° উৎপল কলিতা, ড° ধ্ৰুৱজ্যোতি ভট্টাচাৰ্য, ওৱাহিদুৰ ৰহমান, লুটফুৰ কামাল, চামচুল হক, মুকুল বেজবৰুৱা, বিতোপন শালৈ, বিদ্যুৎ বেজবৰুৱা, প্ৰণামী মহন্ত, চাৰুক হুছেইন, তুলেন চন্দ্ৰ লহকৰ, ইচফাকুৰ ৰহমান প্ৰমুখ্যে অসমৰ বিভিন্ন সংবাদ মাধ্যমৰ সংবাদদাতাসকল ৷ মুকুল বেজবৰুৱা আৰু বিতোপন শালৈৱে পৰিচালনা কৰা উন্মোচনী অনুষ্ঠানটিত উপস্থিত থকা প্ৰতিগৰাকী শুভাকাংক্ষী তথা বিদ্যত সমাজে স্বীকাৰ কৰিছে যে- টেট পৰীক্ষা সম্পৰ্কীয় এই গ্ৰন্থখনে আগন্তুক টেট পৰীক্ষাৰ পৰীক্ষাৰ্থীসকলে বিচৰা জ্ঞানৰ সম্ভেদ দিয়াৰ সমান্তৰালভাৱে সকলোকে উপকৃত কৰিব পাৰিব ৷ লগতে ইউক্লিডৰ অধ্যক্ষ উজ্জ্বল ডেকা,আৰু বিজ্ঞান শাখাৰ শৈক্ষিক সঞ্চালক ৰেকিব আহমেদে জনাই যে এই টেট সম্পৰ্কীয় পুথিখন পৰীক্ষা জগতত এক নতুন আংগিক আৰু নতুন চিন্তাৰ সংযোজক হিচাপে চিহ্নিত হ’ব ৷ গ্ৰন্থখন প্ৰকাশৰ দায়িত্ব লোৱা “মনোজ বুকষ্টল”ৰ স্বত্বাধিকাৰী হৰেকৃষ্ণ কলিতাই জানিবলৈ দিয়ামতে গ্ৰন্থখন ৰঙিয়াৰ ‘মনোজ বুকষ্টল’ত উপলব্ধ হোৱাৰ উপৰিও অসমৰ বিভিন্ন প্ৰান্তৰ গ্ৰন্থ বিপণিত গ্ৰন্থখন উপলব্ধ হ’ব ৷
গৰুখুতি প্ৰকল্প পৰিদৰ্শন সদৌ অসম উন্নয়ন পৰিষদৰ
পদ্ধতিগত ভাবে এটা নিৰ্দিষ্ট পৰ্য্যায়ত উপনীত হৈছে গৰুখুতি কৃষি প্ৰকল্প।সৌ সিদিনালৈ বেদখল কাৰী ৰ কৱলত থকা ৬৪৬ বিঘা মাটিত এতিয়া সপোনৰ গজালি মেলিছে অধ্যক্ষ পদ্ম হাজৰিকাৰ নেতৃত্বত। তিল আৰু মাহ জাতীয় শস্য সিচা ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে। একপ্ৰকাৰৰ দৰঙৰ আৰ্থ সামাজিক দিশত বিশেষ অৰিহণা যোগোৱাৰ প্ৰচুৰ সম্ভাবনা থকা এই কৃষি প্ৰকল্পত উপস্থিত হৈছে বহু দল সংগঠনৰ প্ৰতিনিধি। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাৰ শলাগ লৈ গৰুখুতি কৃষি প্ৰকল্প আৰু অধিক আগুৱাই নিয়াৰ আহ্বান জনাইছে সদৌ অসম উন্নয়ন পৰিষদ ৰ প্ৰতিনিধি বৰ্গই। ইয়াৰ উপৰিও অসম আন্দোলনৰ পটভূমি হিচাপে চিহ্নিত ঐতিহাসিক ছিপাঝাৰ ৮ গৰাকী শ্বহিদক অপমান কৰা কায্যক ধিক্কৰ প্ৰদান কৰিছে সংগঠনটোৱে। আনহাতে৭৭৪২০ বিঘা ভূমি বেদখল মুক্ত কৰাৰ দাবী তুলিছে সংগঠনটোৱে। গৰুখূটিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ, সাধাৰন সম্পাদক চন্দন বৰদলৈ,সম্পাদক জয়ন্ত গগৈ,দৰং জিলাৰ সভাপতি মুকুল কলিতা,সাধাৰন সম্পাদক মুকুত বৰুৱা তথা অন্যান্য কেন্দ্ৰীয় তথা জিলা সমিতিৰ বিষয়ববীয়াৰ উপস্হিতিত প্ৰকল্পটোৰ তত্বাবধায়ক বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়াক সাক্ষাৎ কৰি প্ৰকল্পটোৰ বিষয়ে সবিশেষ আলোচনা কৰা পৰিলক্ষিত হৈছে। বিধায়কদ্বয়ৰ লগত পৰিষদৰ সজাতী দলটোৱে অঞ্চলটো পৰিদৰ্শন কৰে । উক্ত প্ৰকল্পটোত পৰিষদে স্হানীয় নিবনুৱা যুৱক -যুৱতীক নিয়োগ কৰি সংস্হাপন দিৱৰ বাবে আহ্বান জনায় ।

ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ কাৰ্য্যনিৰ্বাহক সভা সম্পন্ন

নামখলা স্থিত সাহিত্য সভা ভৱনত ছিপাঝাৰ ডিজিটেল মিডিয়া ফৰামৰ এখন কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। নৱজ্যোতি শৰ্মাৰ আহবান মৰ্মে ছিপাঝাৰ ফৰামৰ সভাপতি জেষ্ঠ সাংৱাদিক কণ আলী হাজৰিকাৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয়। সভাখনত ভবিষ্যত কাৰ্য্যপন্থা আৰু আভ্যন্তৰীণ কাম কাজৰ ওপৰত বিষদ আলোচনা কৰাৰ উপৰিও কেঞ্চাৰৰ ওপৰত বিশেষ সজাগতা সভা অনুস্থিত কৰাৰ ওপৰতো আলোচনা হয়। ইয়াৰ উপৰিও ২০বাৰকৈ ৰক্তদান কৰি সমাজলৈ মহানুভৱতাৰ পৰিচয় দিয়া ৰক্তদাতা তথা সাংবাদিক দ্বীপেন ডেকা আৰু সাংবাদিক আতিকুৰ ৰহমানক বিশেষ সম্বৰ্ধনা জনোৱা হয়। আনহাতে সভাত জনসম্পৰ্কৰক্ষী তথা পাথৰিঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাও উপস্থিত থাকে।

বিধায়ক আৰু জিলা প্ৰশাসনৰ উপস্থিতিত বাসুগাওঁৰ দুৰ্গাপূজা পৰ্যালোচনা সভা
নামনি অসমৰ দূৰ্গাপূজাৰ ক্ষেত্ৰত চিৰাং জিলাৰ বাসুগাঁও অন্যতম। য’ত শতবৰ্ষ পূৰ্ণ কৰা পূজা সমিতিৰ পৰা আৰম্ভ কৰি দুবাৰকৈ ৰাজ্যিক পৰ্যায়ত পুৰস্কাৰ প্ৰাপ্ত পূজা সমিতিয়ে বাসুগাঁওৰ দূৰ্গাপূজালৈ ভক্তৰ আকৰ্ষণ বৃদ্ধি কৰি আহিছে। তাৰ বাবেই বাসুগাঁওৰ দূৰ্গাপূজালৈ প্ৰশাসনৰ দায়িত্ব যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ হোৱাটো পৰিলক্ষিত হৈছে। সেই উদ্দেশ্যে আগত ৰাখি ৩১ নং চিদলী বিধানসভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, চিদলী চক্ৰৰ চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মন, বাসুগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত বাসুগাওঁ দূৰ্গাপূজা সমন্বয় ৰক্ষা সমিতিৰ তত্বাৱধানত বাসুগাওঁৰ মুঠ ২২ খন দূৰ্গাপূজা সমিতিৰ সভাপতি আৰু সম্পাদকৰ উপস্থিতিত দেওবাৰে ধানবজাৰ দূৰ্গামন্দিৰ প্ৰাংগনত অনুষ্ঠিত হয় দূৰ্গাপূজা কেন্দ্ৰীক এক পৰ্যালোচনা সভা। সমন্বয় ৰক্ষা সমিতিৰ সম্পাদক বিশাল পালে আঁত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে সমন্বয় ৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ দত্তই। উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত হৈ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বাসুগাওঁৰ ধৰ্মীয় দিশৰ পৰা আদি কৰি বাসুগাঁওৰ ৰাইজে সন্মূখীন হোৱা বিভিন্ন সমস্যা সমাধানৰ পূৰ্ণ আগ্ৰহ প্ৰকাশ কৰে আৰু ইতিমধ্যে তাৰে ভিতৰত বাসুগাঁও মহাবিদ্যালয়ত বিজ্ঞান বিভাগৰ অন্তৰ্ভুক্তিকৰণ, অগ্নি নিৰ্বাপন কেন্দ্ৰ স্থাপন আদি বিষয়ে ইতিমধ্যে বিভাগীয় প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি জানিবলৈ দিয়ে। সভাৰ পৰ্যায় ক্ৰমে জিলা প্ৰশাসনৰ ফালৰ পৰা চক্ৰ বিষয়া অমৃত ৰঞ্জন বৰ্মনে পূজা সম্পৰ্কীয় ৰাজ্য চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা সকলোবোৰ নীতি নিৰ্দেশনা পালনৰ যোগেদি প্ৰশাসনক সকলো প্ৰকাৰে সহযোগ কৰিবলৈও সকলো পূজা সমিতিক আহ্বান জনায় আৰু পূজা সমিতিৰ আবেদন মৰ্মে বাসুগাঁওৰ ৰাইজে যমৰ-জাতনা ভুগি থকা বাসুগাঁওৰ যাতায়তৰ দুৰৱস্থা আগন্তুক পূজাৰ আগতেই অনতি পলমে বিভাগীয় কতৃপক্ষৰ যোগেদি মেৰামতি কৰা হ’ব বুলি আশ্বাস দিয়ে।
বৰনৰ্দ্দীত সুশীলভূষণ শৰ্মাৰ ‘ধৰ্ম আৰু অৰ্থ’ শীৰ্ষক গ্ৰন্থ উন্মোচন
“ প্ৰকৃত ধাৰ্মীক লোকে কোনো কালে অৰ্থৰ পিছত দৌৰি নুফুৰে ৷ অৰ্থ মানুহক লাগে, কিন্তু প্ৰয়োজনতকৈ অধিক অৰ্থৰ কি প্ৰয়োজন ৷ জ্ঞান , ধৰ্ম একফাল আৰু অৰ্থ একফাল ৷ আমাক অৰ্থ আৰু ধৰ্ম দুয়োটাৰে প্ৰয়োজন ৷ প্ৰকৃত ধাৰ্মিকৰ মনত অৰ্থৰ কোনো মূল্য নাই ”৷ এই মন্তব্য বিশিষ্ট নিৱন্ধকাৰ , নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দীনমণি ভাগৱতীৰ ৷ কালি পশ্চিম নলবাৰী অঞ্চলৰ বৰনৰ্দ্দীস্হ পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুস্হিত গ্ৰন্থ উন্মোচনী সভাত বৰনৰ্দ্দীৰ বিশিষ্ট নিৱন্ধকাৰ তথা অসম গ্ৰামীন বিকাশ বেংকৰ বিষয়া সূশীলভূষণ শৰ্মাৰ প্ৰৱন্ধ পুঁথি “ ধৰ্ম আৰু গ্ৰন্থ” উন্মোচন কৰি এনেদৰে কয় ড° দীনমণি ভাগৱতীয়ে ৷ ৰাজ্যিক কৃতি শিক্ষকৰ বটাঁ প্ৰাপক অৱসৰি শিক্ষক তথা সমাজ কৰ্মী ভগৱান চন্দ্ৰ ডেকাই সভাপতিত্ব কৰা সভা খনত বনগাওঁ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ নাউকন ডেকা, ৰাষ্ট্ৰপতিৰ বটা প্ৰাপক কৃতি শিক্ষয়িত্ৰী মীৰা ডেকা বিশিষ্ট অতিথি হিচাবে উপস্হিত থাকি গ্ৰন্হ সম্পৰ্কে আৰু বেংক বিষয়া সূশীলভূষণ শৰ্মাৰ অধ্যয়নশীলতা, অধ্যবসায়ৰ বিষয়ে সাৱলীল ভাষণ প্ৰদান কৰে ৷ শিক্ষক, যুৱ সমাজ কৰ্মী জয়ন্ত ডেকাই আত ধৰা সভা খনত পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতি বৰকটকী, সমাজ কৰ্মী পুলক কুমাৰ শৰ্মা, অধিবক্তা সোনাপতি শৰ্মা , সমাজ কৰ্মী বসন্ত ডেকাকে ধৰি বহু কেইগৰাকী গন্যমান্য ব্যক্তিয়ে ভাষণ প্ৰদান কৰে ৷ সভাৰ আৰম্ভনিতে গ্ৰন্থকাৰৰ কন্যা স্বৰ্চিতা শৰ্মাই এটি ভজন আৰু সভাৰ মাজত সংগীতৰ শিক্ষক ৰাতুল শৰ্মাই গীত পৰিৱেশন কৰি উপস্হিত শতাধিক গ্ৰন্থপ্ৰেমী ৰাইজক আপ্লুত কৰে ৷ সভাত গ্ৰন্হকাৰ সুশীলভূষণ শৰ্মাই মনৰ ভাৱ ব্যক্ত কৰে ৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জয়ন্ত ডেকাই ৷
চামতাত কবি গণেশ বৰ্মনৰ কাব্যগ্ৰন্থ “গান্ধাৰী জোনাক” উন্মোচন
“ কবিতা হ’ল মনৰ ভাৱ ৰূপক, ব্যঞ্জনাৰে প্ৰকাশ কৰা এক কাব্যালাপ ৷ সকলো মানুহে কবিতা লিখিব নোৱাৰে ৷ যি সকলে কবিতা লিখে বা ৰচনা কৰে তেওলোকে নিজে লিখা মনৰ ভাব কবিতা হৈছেনে হোৱা নাই তাকলৈ বেছি চিন্তিত হব নেলাগে ৷ কবিয়ে কেতিয়াও হীনমান্যতাত ভোগা উচিত নহয় ”৷ এই মন্তব্য বিশিষ্ট কবি কমল কুমাৰ জৈনৰ ৷ কালি নলবাৰী জিলাৰ চামতাস্থিত পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ মঞ্চসূৰ্য ধৰনী বৰ্মন প্ৰেক্ষাগৃহত আজি প্ৰতিভাৱান কবি, শিক্ষক, সাংবাদিক গণেশ বৰ্মনৰ “গান্ধাৰী জোনাক” – উন্মোচন কৰি এনেদৰে কয় গ্ৰন্হ উন্মোচক জৈনে ৷ অসম কবি সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা কাব্যগ্ৰন্থখন উন্মোচন উপলক্ষে আজি দিনৰ প্ৰায় ১১ বজাত নলবাৰী জিলা কবি সন্মিলনৰ সভাপতি ভুৱনেশ্বৰ ডেকাৰ পৌৰহিত্যত সম্পন্ন হোৱা গ্ৰন্থ উন্মোচনী সভাত জ্যেষ্ঠ সাংবাদিক, লেখক ৰমনী বৰ্মনে মুখ্য অতিথি আৰু উত্তৰ ধৰ্মপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ ভাগৱতীয়ে বন্তি প্ৰজ্বলক হিচাপে অংশগ্ৰহণ কৰি সাৱলীল বক্তব্য আগবঢ়ায় । নলবাৰী জিলা কবি সন্মিলনৰ সম্পাদক দ্বীপেন মেনাই সামগ্ৰিক আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ আদৰণি ভাষণ আৰু শলাগৰ শৰাই আগবঢ়াই ক্ৰমে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক প্ৰদীপ কুমাৰ বৰ্মন আৰু কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য ই । সভাত কণ্ঠশিল্পী কবিতা গোস্বামী, চম্পক শৰ্মা, নিপুল বৰ্মন, শিশুশিল্পী অভিজ্ঞান বৰ্মন, অভিলাস বৰ্মন, অনুৰাগ বৰ্মন, অভিপ্সা বৰ্মন আদিয়ে গীত-মাত আৰু কবি ৰাজীৱ দত্ত, আব্দুল মজিদ, দ্বীপেন মেনা, দিলীপ তালুকদাৰ, নৱৰত্ন পাটোৱাৰী, বৰষা বৰ্মন, প্ৰতুল শৰ্মা, কণিকা বৰ্মন, নিবেদিতা ডিম্পল, ৰূপালী বৰ্মন, ৰুৱী দেৱী আদিয়ে কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । সভাত কবি গণেশ বৰ্মনে নিজৰ অনুভৱ প্ৰকাশ কৰি কাব্যগ্ৰন্থখনি সুহৃদয়তাৰে আদৰি ল’বলৈ পাঠক সমাজলৈ আহ্বান জনায় । অনুষ্ঠানত ‘হাঁফলু’ কাব্যালোচনীৰ সম্পাদক প্ৰদীপ দাস ঠাকুৰ, ‘প্ৰতিবেদক লাইভ’ৰ মুখ্য সম্পাদক ৰূপক বৈশ্য, চিত্ৰশিল্পী বিনয় শৰ্মা, সমাজসেৱী হিৰণ্য বৰ্মন, এম হাছান আলী, শিক্ষাবিদ বিৰেন্দ্ৰ নাথ বৰ্মন, তপন কুমাৰ শৰ্মা, ঔপন্যাসিক নীলিম আকাশ কাশ্যপ প্ৰমুখ্যে শতাধিক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই অনুষ্ঠানতে ক্ৰমে কবি আব্দুল মজিদ আৰু অৱসৰী ভাৰপ্ৰাপ্ত অধ্যক্ষ বলেন কুমাৰ গোস্বামীয়ে এখনকৈ কাব্যগ্ৰন্থ আনুষ্ঠানিক ভাবে ক্ৰয় কৰি বদান্যতা প্ৰদৰ্শন কৰে ।
কেন্দ্ৰীয় স্বহীদ পৰিয়াল সন্থাৰ উদ্যোগত সংবাদমেল
বিটিআৰ বড়োভূমিত অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হোৱা, আত্মসমৰ্পণ কৰা, বৰ্তমান সময়ত প্ৰতিযোগিতাৰ দৰে হৈ পৰিছে!সেয়েহে সঘনে হত্যাকাণ্ড ইনকাউন্টাৰ অপৰাধজনিত সংঘৰ্ষ, আৰু নিৰ্দুষী লোকক আৰক্ষীয়ে হত্যা কৰা ঘটনা সন্দৰ্ভত আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়াল সন্থাই সংবাদমেল আয়োজন কৰে।উল্লেখ্য যে ২০২০ চনৰ ২৭ জানুৱাৰীত বড়ো ঐতিহাসিক শান্তি চুক্তি বিটিআৰ চুক্তিৰ দ্বাৰাই বড়ো সকলৰ অভাৱ অভিযোগ সমস্যাৰ অন্ত পেলাই বড়োভূমিত শান্তিৰ বাতাৱৰণ কঢ়িয়াই অনাৰ আশা প্ৰকাশ কৰিছিল। কিন্তু চুক্তি স্বাক্ষৰিত হোৱা ২টা বছৰ সম্পূৰ্ণ নহোওটেই বড়োভূমিত পুনৰ দুটাকৈ অস্ত্ৰধাৰী সংগঠনৰ উদ্ভৱ হৈ আত্ম সমৰ্পণ কৰা দেখা গ’ল।কিয়নো আজি বিটিআৰ চুক্তিৰ ডেৰটা বছৰ অতিক্ৰম কৰাৰ পাছতো চুক্তিখন ভালদৰে ৰূপায়ণ নহ’লযাৰ পৰিপেক্ষিতত বড়োভুমিত পুনৰ হিংসান্তক অস্ত্ৰধাৰী উগ্ৰপন্থী সংগঠনৰ উদ্ভাৱন হ’ল।অসম আৰক্ষীৰ হাতত নিৰ্দুষী লোক শ্বহীদ হ’ব লগা হ’ল দুজনকৈ তেজাল বড়ো যুৱক জুংচাৰ মুছাহাৰী আৰু জনক কুমাৰ ব্ৰহ্ম,সেয়েহে আজি কেন্দ্ৰীয় শ্বহীদ পৰিয়া সন্থাই সংবাদ মাধ্যম যোগে কোকৰাঝাৰ আৰক্ষীয়ে ভুৱা তথ্যৰ ভিক্তিত কৰা হত্যাকাণ্ডৰ শ্বহীদ পৰিয়ালক অতিশীঘ্ৰেই ক্ষ্যতিপুৰণ হিচাপে সংস্থাপন দিবলৈ আহ্বান জনোৱাৰ লগতে বড়োভূমিত পুনৰ যাতে হিংসাত্মক ঘটনা সংঘটিত বা অস্ত্ৰধাৰী সংগঠনৰ উদ্ভাৱন নহয় তাৰ প্ৰতি অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰক সুক্ষ্ম দৃষ্টি ৰাখিবলৈ শ্বহীদ পৰিয়াল সন্থাই সংবাদযোগে আহ্বান জনাই।
মাজবাটত ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ ধন সংগ্ৰহ
কেইবাদিন ধৰি সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ গাঁও অঞ্চল সমূহত প্ৰৱেশ কৰি ঘৰ নম্বৰ দিয়াৰ নামত ১০০ টকাকৈ সংগ্ৰহ কৰাৰ ঘটনাই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলক শলঠেকত পেলৈছিল । চাৰিফালে ইয়াক লৈ ব্যাপক চৰ্চা হোৱাত কেইবাটাও বাতৰি কাকতেই এই সংক্ৰান্তত বাতৰি পৰিবেশন কৰিছিল ।তথাপিও কৰোণাৰ দৰে মাৰাত্মক মহামাৰীৰ ফলত সৰ্বসাধাৰণ ৰাইজ আৰ্থিক ভাৱে জুৰুলা হোৱা সময়ত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ধনৰ পৰিবৰ্তে এটা ঘৰৰ পৰাই ঘৰ নম্বৰ দিয়াৰ বাবদ ১০০ টকাৰ পৰা ২০০ /৩০০ টকাকৈ সংগ্ৰহ কৰা কাম অব্যাহত থকাত চিন্তিত হৈছে মাজবাট বিধানসভা সমষ্টি বাসী ৰাইজ । মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মায়েও ৰাইজক অসুবিধাত পেলাই চৰকাৰে নিৰ্ধাৰণ কৰি দিয়াতকৈ অধিক ধন সংগ্ৰহ কৰি কৰি অহাত দুখ প্ৰকাশ কৰি নিয়ম মতে কাম কৰিবলৈ আহ্বান জনাইছে ।অন্যথা ইয়াৰ উচিত বিচাৰ কৰা হব বুলিও যুৱ নেতা কিশোৰ শৰ্মাই এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট
ওদালগুৰি জিলা খাগ্ৰাবাৰী আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট। উল্লেখ্য যে খাগ্ৰাবাৰী অঞ্চলত শ্বহীদ হোৱা ১২ জনকৈ মহান ব্যক্তিৰ স্মিতিৰ সোৱৰণত বিগত ২৬ বছৰে খাগ্ৰাবাৰী আঞ্চলিক এবছুয়ে মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্ট নামে ফুটবল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। যোৱা দুটা বছৰে কৰোনা মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত কনোধৰণৰ খেল প্ৰতিযোগিতা বা অনুষ্ঠান আয়োজন কৰিব পৰা নাছিল যদিও এইবেলি কৰোনা মহামাৰীৰ প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত খাগ্ৰাবাৰী এবছুয়ে ২৭ তম মাৰ্টেয়াৰ্চ ফুটবল টুৰ্নামেন্টৰ খেলখন খাগ্ৰাবাৰী জনতা খেল পথাৰত ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ সপ্তাহ জোৰা ফুটবল টুৰ্নামেন্টৰ আজি সুভ উদ্ধোধন কৰে।ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে সুভ উদ্ধোধন কৰা ২৭ তম মাৰ্টিয়াৰ্চ ফুটবল টুৰ্নামেন্টত প্ৰথম দিনৰ প্ৰথম দুটা খেলুৱৈৰ দল
ডিমাকুছি ইউনাইটেড FC আৰু গৰেশ্বৰ গাটছা ফুটবল দলক সুভেচ্ছা ও অভিনন্দন জনোৱাৰ লগতে কয় যে খেলে মানুহক শাৰীৰিক আৰু মানসিক ভাৱে সুস্থ কৰি ৰাখে। বৰ্তমান সময়ত বৃদ্ধিপোৱা চুৰ ডকাইতি ,ড্ৰাগচ, মাদক দ্ৰব্য সেৱন, জুৱাৰ খেল, ইত্যাদি অপৰাধজনিত কামৰ পৰাও মানুহক খেল বেষ্টতাৰ মাজেৰে হিংসান্তমক অপৰাধজনিত কামৰ পৰা মানুহক আতৰাই আনিব পাৰে।সেয়েহে সুদীৰ্ঘ ২৭ বছৰ ধৰি খাগ্ৰাবাৰী আঞ্চলিক এবছুৰ উদ্যোগত ফুটবল খেল অনুষ্ঠিত কৰা অহাক ওদালগুৰি জিলা ক্ৰীড়া বিষয়া চমন্দন বসুমতাৰীয়ে ব্যাপক প্ৰশংসা কৰে।

নিমপুলি জী নুঠাত উচুপিল ডিমৌৰ প্ৰকৃতিপ্ৰেমী
বৃক্ষ, পৰিৱেশ, প্ৰকৃতিৰ সৈতে গভীৰভাৱে আত্মীয়তা গঢ় লৈ উঠা এক আৱেগিক পৰিৱেশৰ সাক্ষী হৈ ৰ’ল হাতীবৰুৱা দেওশাল। শিৱসাগৰৰ জিলাৰ পাটসাঁকো দেওধাই আখৈয়া হাতীবৰুৱা দেওশালত স্থানীয় প্ৰকৃতিপ্ৰেমী আৰু যোৰহাটৰ পৰা যোৱা নিমপুলি প্ৰাকৃতিক সংস্থাৰ সমন্বয়কসকলে মহানিমৰ পুলি ৰোপণ আৰু ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈয়ে ঔষধি গুণাগুণ তথা বৃক্ষ প্ৰয়োজনীয়তা সম্পৰ্কে আগবঢ়োৱা আলোচনাত ডিমৌৰ কমল গগৈ উচুপি উঠে। যিহেতু, স্বেচ্ছাসেৱীসকলে দিয়া পাঁচটা নিমপুলিৰ চাৰিটা বচাব নোৱাৰিলে। তেওঁৰ গছপুলিৰ প্ৰতি থকা আৱেগিকতা অনুভৱেৰে সংস্থাৰ স্বেচ্ছাসেৱীসকলে পুনৰ নিমপুলি প্ৰদান কৰে। এই কাৰ্যসূচীত স্থানীয় নিৰঞ্জন বৰুৱা, ধৰ্ম বৰুৱা, ক্ষিৰোদ বৰুৱা, ফ্ৰাচেং হাতীবৰুৱাসহ বহু সুহৃদে সহযোগিতা আগবঢ়ায়। ম লুঙ সুখ্যাত তথা বহু অনুষ্ঠানত জড়িত আৰু সন্মানপ্ৰাপ্ত শতক বয়স গৰকিবলৈ আগবঢ়া সৰ্বেশ্বৰ হাতীবৰুৱাৰে সাক্ষাৎ হৈ নিমপুলিয়ে সখীত্ব বজাই ৰাখে। ‘পাটসাঁকোৰ সুৰ’ গ্ৰন্থৰ মাধ্যমেৰে দক্ষিণ যোৰহাটৰ জামুগুৰি গাঁৱৰ অগ্ৰণী সৰ্বেশ্বৰ গগৈৰ সৈতে পৰিচয় হৈ সখী আত্মীয়তাৰে বান্ধ খাইছিল পাটসাঁকোৰ সৰ্বেশ্বৰ হাতীবৰুৱা। সখী গগৈ অকাল বয়সতে বিয়োগ হয়। দীৰ্ঘদিনৰ ব্যৱধানত নিমপুলিৰ সমন্বয়তাত সৰ্বেশ্বৰ গগৈৰ ভাতৃ ঔপন্যাসিক লক্ষেশ্বৰ গগৈয়ে বয়সে গৰকা ক্ষণত হ’লেও সৰ্বেশ্বৰ হাতীবৰুৱাক গ্ৰাম্য সমাজৰ ৰীতি অনুসাৰে গুৱাপাণ, সাজ আদিৰে মান ধৰি ককায়েকৰ সম্বন্ধলৈ পুনৰ সজীৱতা আনে। যান্ৰিকতা কালতো আত্মীয়তা অক্ষুণ্ণ ৰখা বিৰল আৱেগিক মুহূৰ্তৰ সাক্ষী হৈ ৰয় লখিমী কবি থানেশ্বৰ বৰা, কবি লাটু গগৈ, ডিমৌৰ ভাষা অনুৰাগী শিখামণি গগৈ, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক হেমুধৰ বৰা, সৃষ্টিপ্ৰাণ বিনোদ গগৈ, যাতায়ত সহযোগী সঞ্জীৱ কাশ্যপ আৰু নিমপুলিৰ কাৰ্যসূচীত ভাগ লোৱা অন্যতম সমন্বয়কসকল। অৱসৰপ্ৰাপ্ত সৈনিক উত্তম কুমাৰ শইকীয়াৰ যোগসুত্ৰত নিজ খালৈ ঘুগুৰা আখৈয়া দেওধাই চাও চেং ৰেণ্ আৰু চুবুৰীয়া অনুষ্ঠানলৈ মানস প্ৰতিম বৰুৱাই পুলি গ্ৰহণেৰে বন্ধুত্ব বজাই ৰাখে। নয়ন পুলি ক্ষেত্ৰৰ যুৱ কৃষক নয়নমণি গগৈ আৰু সমন্বয়ক বেদান্ত বৰাই সহযোগিতা আগবঢ়োৱা দিনজোৰা কাৰ্যসূচীৰ পাতনি মেলে জয়সাগৰত। বুৰঞ্জীবিদ প্ৰেম গগৈ আৰু পদ্মা গগৈয়ে জয়া নগৰ, ৰংঘৰ আদিত ৰোপণৰ বাবে মহানিমৰ পুলি গ্ৰহণ কৰে। লেখক-সমন্বয়কৰ সম্পৰ্ক মধুৰতা অনাত লখিমী কবি থানেশ্বৰ বৰাই ভাগ লয়। শিৱদৌলত ৰোপণৰ বাবে নিৰাপত্তা বিভাগৰ বুলবুল চেতিয়া আৰু গৌতম বৰাই প্ৰকৃতিপ্ৰেমৰ পৰিচয় দিয়ে। জাঁজীত শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সন্থাৰ সভাপতি প্ৰসেনজিৎ গগৈ আৰু উপ-সভাপতি দিগন্ত শৰ্মাই নিজা ব্যয়েৰে তিনি বছৰ ধৰি চাৰিখন জিলাক সাঙুৰি লোৱা নিমপুলিৰ সমন্বয়কসকলক উদ্গনি জনায়। আত্মপ্ৰকাশ দৰ্শনৰ মুখ্য সম্পাদক বিনোদ গগৈয়ে সমন্বয়তা ৰক্ষা কৰা মুখামুখীত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ প্ৰচাৰ সম্পাদক অব্যৰ্থজ্যোতি গগৈ উপস্থিত থাকে। অনুষ্ঠানসমূহত গ্ৰন্থ বিনিময় হোৱাৰ লগতে আতিথ্যৰ এক আদৰণীয় পৰিচয় পোৱা যায়।











