ধুবুৰীৰ এ এম কো ৰোড আৰক্ষী চকীত উপস্হিত হ’ল অপহৰণ হোৱা এগৰাকী কনমানি কিশোৰী ,যোৱা ১০ ছেপ্টেম্বৰত ধুবুৰীৰ ভোগডহৰ চৰৰ পৰা অপহৰণ হৈছিল ১৩ বছৰীয়া কিশোৰী তথা সপ্তম শ্ৰেণীৰ ছাত্ৰী মনোৱাৰা খাতুন । পৰিয়ালৰ লোকে উল্লেখ কৰা মতে যোৱা ১০ ছেপ্টেম্বৰত ফকিৰগঞ্জ অঞ্চলৰ বাসিন্দা আব্দুৰ ৰশিদ ৰ পুত্ৰ ছফিকুল ইছলাম হৈতে বিয়াৰ বাবে প্ৰস্তাৱ দিছিল কিশোৰী গৰাকীক , ইফালে কিশোৰী গৰাকীৰ প্ৰাপ্য বয়স নোহোৱাৰ বাবে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উক্ত প্ৰস্তাৱ নাকচ কৰি দিয়ে , তাৰ পাছত লৰা জনৰ পৰিয়ালৰ পৰা অপহৰণ কৰাৰ ভাবুকি প্ৰদান কৰে , যদিও সেই দিনাই আবেলিৰ পৰা অপহৰন হোৱা বুলি কিশোৰী গৰাকীৰ পৰিয়ালে সন্দেহ কৰে , ইয়াৰ পিছত কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে উপায়হীন হৈ ধুবুৰী সদৰ থানাত ছফিকুল ইছলামৰ পৰিয়ালৰ বিৰুদ্ধে এখন এজহাৰ দাখিল কৰে ,লগতে এই অপহৰণ ঘটনাত জড়িত হৈ থকা ক্ৰমে ১/ ছফিকুল ইছলাম , ২/ আবু বক্কাৰ ছিদ্দিকি ৩/ৰহিমা খাতুন ৪/ আছমিনাৰা খাতুন ৫/ আব্দুৰ ৰশিদ আসামি হিচাপে এজহাৰত উল্লেখ কৰে ,ইয়াৰ উপৰিও আসামি সকলোৰ ভিতৰত ১নং আসামিৰ দেউতা আব্দুৰ ৰশিদ মাষ্টাৰক আটক কৰিছে আৰক্ষীয়ে , বৰ্তমান এই সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে এ এম কো ৰোড আৰক্ষী চকীৰ আৰক্ষীয়ে ।
ধলপুৰ- ছিপাঝাৰত উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ সাব্যস্ত
সংখ্যালঘুৰ ওপৰত অমানৱীয় অত্যাচাৰ বন্ধ কৰক ,ধৰ্মীয় অনুষ্ঠানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক ,উচ্ছেদিত পৰিয়ালক পুনৰ সংস্হাপন দিয়ক ,সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক,পুনৰ সংস্হাপন নকৰালৈকে উচ্ছেদ অভিযান বন্ধ কৰক ,অসম চৰকাৰ হায়! হায়! ৷, বিজেপি চৰকাৰ গ বেগ আদি বিভিন্ন লিখা প্লে কাৰ্ড হাতে হাতে লৈ আমছুৰ কৰ্মকৰ্তা সকলে বিভিন্ন ধ্বনি দি দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰঅন্তৰ্গত ধলপুৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে পশ্চিম কোকৰাঝাৰ জিলা আমছুয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৷গোসাইগাঁৱৰ সাপকাটাত আমছুৰ প্ৰতিবাদী কাৰ্যসূচীত জিলা আমছুৰ সভাপতি মাজাহুৰুল ইছলামে কয় যে বিজেপি চৰকাৰে বিশেষ ধৰ্মাৱলম্বী লোকক টাৰ্গেট কৰি অসমত যি ফেচিবাদী কাৰ্য চলাই গৈছে এয়া এক মূখে গৰিহণা দিছো ৷বিশেষ ধৰ্মাৱলম্বী লোকসকলৰ কাৰণে যদি চৰকাৰৰ অসুবিধাৰ সৃষ্টি হৈছে তেন্তে ৰাজপথত গুলিয়াই মাৰি দিয়ক বুলি অতি ক্ষোভৰ সৈতে জিলা আমছুৰ সভাপতি ইছলামে ব্যক্ত কৰে ৷প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক ৰেজাওন আহমেদ উপস্থিত আছিল ৷
নগাঁৱৰ ব্যবসায়ীৰ প্ৰসংশনীয় পদক্ষেপ।
নগাঁও জিলাৰ এগৰাকী ব্যবসায়ীয়ে নগাঁও জিলাখনৰ বিভিন্ন স্থানৰ গছৰ তলত পেলাই থোৱা বিশ্বকৰ্মা , গনেশৰ মূৰ্ত্তি নিজা প্ৰচেষ্টাৰে উঠাই নি কলং নৈত বিসৰ্জন দি এক প্ৰসংশনীয় কাম কৰিছে। নগাঁও চহৰৰ হয়বৰগাও তেলীয়া পট্টি চাৰিআলিৰ বাসিন্দা বিনোদ খেটাৱতে কেবা বছৰ ধৰি এই কাম কৰি আহিছে। এইবাৰো তেওঁ একে কাম কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। ইতিমধ্যে হৈ যোৱা বিশ্বকৰ্মা আৰু গনেশ পূজাৰ পিছত বিভিন্ন পূজা সমিতি সমূহে গছৰ তলত বা আন ঠাইত মূৰ্ত্তি সমূহ পেলাই থৈ যায়। যাৰ বাবে চহৰখনৰ পৰিবেশ ম্লান হৈ পৰে। ব্যবসায়ী বিনোদ খেটাৱতে তেওঁৰ কৰ্মচাৰীৰ সহযোগত এই মূৰ্ত্তি সমূহ উঠাই আনি কলং নৈত বিসৰ্জন দিয়ে।
ওদালগুৰিত যুবক-যুবতী আৰু শিক্ষাৰ্থীৰ প্ৰতিবাদ।
বিটিআৰ ৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ উল্টাপানীত অসম আৰক্ষী দ্বাৰা সংঘতিত এনকাউন্টাৰৰ ঘটনাৰ প্ৰতিবাদ অব্যহত থকাৰ সময়ত ওদালগুৰি চহৰ নলবাৰী খেলপথাৰত ২১ ছেপ্টম্বৰ মঙ্গলবাৰে উক্ত ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ ন্যায়ৰ উচিত তদন্ত বিছাৰি ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলৰ যুবক-যুবতি তথা শিক্ষাৰ্থী সকলৰ উপস্থিতিত দিনৰ ১০ বজাৰ প্ৰতিবাদ কাৰ্য্যসুচী ৰূপায়ন কৰে । প্ৰতিবাদী সকলে হাতে-হাতে প্লে-কাৰ্ড আমাক ন্যায় লাগে, ভুবা এনকাউন্টাৰ বন্ধ কৰক, অসম চৰকাৰ-বিটিআৰ চৰকাৰ হায়-হায়, অসম আৰক্ষী গ বেক আদি শ্লাগান দিয়ে। সাংবাদিকৰ আগত কয় যে, এনকাউন্টৰৰ নামত অসম আৰক্ষীযে নিৰিহ লোকৰ ওপৰত অত্যাচাৰ কৰিছে। বিটিআৰ অঞ্চলত বড়ো লোক সকলৰ নিৰাপত্তা নোহোৱা হৈ পৰিছে। এই ক্ষেত্ৰত কেন্দ্ৰ-ৰাজ্য-বিটিআৰ চৰকাৰ ব্যবস্থা কৰিব লাগে। মাত্ৰ কেইদিন মান আগতে কোকৰাঝাৰ জিলাৰ দুই যুবকক ইবিএল সংগঠনৰ নামত হত্যা কৰিছে। সাধাৰণ গাড়ী দুৰ্ঘটনাৰ বাবে আটক কৰাৰ পিছত নিশা উগ্ৰপন্থীৰ নামত হত্যা কৰাটো আমি মানি লব পৰা নাই। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে এক নিৰপেক্ষ তদন্ত কৰি দোষী ব্যক্তি উপযুক্ত শাস্ত ব্যবস্থা কৰিব লাগে বুলি তেওঁলোকে কয়। আনহাতে ভুবা এনকাউন্টাৰত নিহত যুবক জৌশ্ৰাং মোচাহাৰী আৰু জনক কুমাৰ বহ্ম ৰ পৰিয়ালাক উচিত ক্ষতিপুৰণ ব্যবস্থা কৰিবলৈ কয়। বড়ো যুবক-যুবতি সকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী কৰে। প্ৰতিবাদী স্থলীত আৰক্ষী লোক সষ্টম হৈ থাকে। প্ৰতিবাদী সকলে সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও প্ৰসাসনৰ অনুমতি অবিহনে সমদল কৰিবলৈ বাধা প্ৰদান কৰি খেল পথাৰ খনতে প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰিবলৈ দিয়ে। প্ৰতিবাদী সকলে জিলা উপযুক্ত গৰাকীৰ জৰিয়তে দেশৰ গৃহ মন্ত্ৰি গৰাকী আৰু ৰাজ্যৰ মূখ্য-মন্ত্ৰিলৈ উপৰুক্ত দাবী সন্মিলিত এক স্মাৰক প্ৰত্ৰ প্ৰেৰণ কৰে।
মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী
সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত আজি বাক্সা জিলা গৰিয়া-মৰিয়া -দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে জিলা সদৰ মুছলপুৰত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। গৰিয়া-মৰিয়া সকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীয় মৰ্যাদা প্ৰদান, সুকীয়া জৰীপ আৰু চিনাক্ত কৰণ প্ৰক্ৰিয়াৰে জনগোষ্ঠীৰ লোক সকলকৰ হৃত মৰ্যাদা ৰক্ষা কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক লাগিবই, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ জিন্দাবাদ, আমাক জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰক, ভূমিপুত্ৰ সকল এক হওক আদি শ্ল’গানৰে মুছলপুৰ চহৰ উত্তাল কৰি তোলে। ইয়াৰ পিছত সংগঠনটোৱে জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ সংগঠনটোৰ কে’বাটাও দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক জালালুদ্দিন আহমেদ,বাক্সা জিলা সমিতিৰ সভাপতি আজিজুল হক, সাধাৰণ সম্পাদক আতিকুৰ ৰহমানকে ধৰি সংগঠনটোৰ কেবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।
কলাইগাঁও শ্বহীদ ভৱনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভা
কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কায্যালয় শ্বহীদ ভৱনত ২২ ছেপ্তেম্বৰত সন্থাৰ এখনি গুৰুত্বপূৰ্ণ কায্যনিবাহক সভা অনুষ্ঠিত হৈ যায়। সভাত শিক্ষা, স্বাস্থ্য ৰাস্তা ঘাট আৰু বিভিন্ন সমস্যাৰ ওপৰত আলোচনা হয়। কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি মাধুৰ্য শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰঞ্জিত নাথ আৰু সাধাৰণ সম্পাদক ৰাতুল বৰুৱাৰ উপস্থিতিত কলাইগাঁও আঞ্চলৰ কেইবাটাও সমস্যাৰ ওপৰত বিতং আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত উপনীত হয়। সভাত দীৰ্ঘদিন ধৰি ক’ডিভ কেয়াৰ চেন্টাৰ হিচাপে ব্যৱহৃত কলাইগাঁৱৰ চিকিৎসাৰ একমাত্ৰ স্থল কলাইগাঁও আদৰ্শ চিকিৎসালয়খন পুণৰ ৰোগীসকলৰ বাবে মুকলি কৰিবলৈ উৰ্ধতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে, লগতে কলাইগাঁও মহাবিদ্যালয়ৰ নামত থকা বেদখল হৈ থকা ৭৮ বিঘা মাটি, কলাইগাঁও সাপ্তাহিক বজাৰৰ বেদখল হৈ থকা মাটি আৰু নোৱা নৈ টি-ষ্টেটৰ মাটি বেদখনমুক্ত কৰাৰ দাবীত ২৪ ছেপ্তেম্বৰত আঞ্চলিক ছাত্ৰ সন্থাই বৃহৎ মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে জিলা ছাত্ৰ সন্থাৰ আহ্বানত পে’ট্ৰল, ডিজেল, ৰন্ধন গেছ তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিৰ দাবীত ৰূপায়ন হ’ব এই মানৱ শৃংখল কাৰ্যসূচী।সভাত কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক দিশত কেতবোৰ আলোচনা কৰাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত আঞ্চলিক ছাত্ৰ সন্থাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি পৰ্যায়ক্ৰমে সেইবোৰ ৰূপায়ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
নাজিৰাত আৱকাৰী বিভাগৰ বৃহৎ অভিযান
আজি কাহিলী পুৱাৰে পৰা দিনজোৰাকৈ শিৱসাগৰ জিলা আৱকাৰী অধীক্ষক ৰাজু মহন্ত , নাজিৰা আৰু আমগুৰী আৱকাৰী চক্ৰ পৰিদৰ্শক দ্বয় চন্দন বুঢ়াগোহাঁই আৰু ৰুদ্ৰ গগৈৰ নেৰ্তৃত্বত আৱকাৰী বিভাগৰ এটা দলে নাজিৰা মহকুমাৰ গেলেকী আৰক্ষী থানাৰ অন্তৰ্গত লাহন গাওঁ , কছাৰী চুক , শিঙিবিল গাওঁ , বৰবাৰী আদি বিভিন্ন স্থানত অবৈধ মদ আৰু চুলাই মদৰ বিৰুদ্ধে বৃহৎ অভিযান চলায় । এই অভিযানত আৱকাৰী দলটোৱে ৪০০০ লিটাৰ চুলাই মদৰ পাছ , ৬ টা চুলাই মদ তৈয়াৰ কৰা যন্ত্ৰ , প্ৰায় ১২০ লিটাৰ চুলাই মদ , ৪০ কেজিৰোধিক চুলাই মদ প্ৰস্তুত কৰা তোলাগুৰ জব্দ কৰে আৰু সাক্ষীৰ সাক্ষাতত ঠাইতে নষ্ট কৰি দিয়ে । উক্ত অভিযান কালত অবৈধ চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে ৩ টা আৱকাৰী গোচৰ ৰুজু কৰে ।
ভাৰতে লাভ কৰিব 200 কিলোমিটাৰ দীঘল বৈদ্যুতিক ঘাইপথ ।
দেশখনে সোনকালেই প্ৰথম বৈদ্যুতিক ঘাইপথ লাভ কৰিব পাৰে। চৰকাৰে দিল্লী আৰু জয়পুৰৰ মাজত বৈদ্যুতিক ঘাইপথ নিৰ্মাণৰ প্ৰস্তুতি চলাই আছে। এইটো কেন্দ্ৰীয় পথ মন্ত্ৰী নীতিন গাডকাৰীয়ে শেহতীয়াকৈ ৰাজস্থানৰ দৌচাত ঘোষণা কৰিছিল। সকলো বৈদ্যুতিক বাহন এই ঘাইপথত চলাচল কৰিব। ই ধন ৰাহি কৰিব আৰু প্ৰদূষণ হ্ৰাস কৰিব। কেন্দ্ৰীয় মন্ত্ৰীৰ ঘোষণাক দেশত বৈদ্যুতিক বাহনৰ প্ৰচাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে গণ্য কৰা হয়।
সৰল ভাষাত, এক ঘাইপথ য’ত বৈদ্যুতিক বাহন চলাচল কৰে। তাঁৰে ৰেলখনৰ ইঞ্জিনটো এটা বাহুৰ জৰিয়তে সংযোগ কৰে, যাৰ ফলত সমগ্ৰ ৰেলখনক বিদ্যুৎ প্ৰদান কৰা হয়। একেদৰে, ঘাইপথত বৈদ্যুতিক তাঁৰও স্থাপন কৰা হ’ব। ৰাজপথত চলাচল কৰা বাহনসমূহে এই তাঁৰৰ পৰা বিদ্যুৎ লাভ কৰিব। ইয়াক ই-হাইৱে, অৰ্থাৎ বৈদ্যুতিক ঘাইপথ বুলি কোৱা হয়। ঘাইপথটোত বৈদ্যুতিক বাহন চাৰ্জ কৰিবলৈ কম দূৰত্বত চাৰ্জিং পইণ্ট থাকিব।
জলপাইগুৰি চাইল্ডলাইনে ওদালগুৰি চাইল্ডলাইনক গতাই দিলে ৰৌতাৰ কিশোৰীক
যি সময়ত ৰাজ্য খনত মানৱ সৰবৰাহ, বাল্য বিবাহ, শিশু শ্ৰমিক আদি দৰে শিশুৰ অপৰাধ জনীত কৰ্ম কাণ্ড সংঘটিত হৈ আহিছে এনে সময়য়তে জলপাইগুৰি চাইল্ডলাইনে ২১ছেপ্তেম্বৰত ওদালগুৰি চাইল্ডলাইনক গতাই দিলে জিলা খনৰ ভৈৰৱকুণ্ড থানাৰ অন্তৰ্গত মাজুৰগাওঁৰ নিবাসী পিতৃ লক্ষণ হাসদা আৰু মাতৃ বুদ্দিন হেমৰমৰ ১৫ বছৰীয়া কিশোৰীক।উল্লেখযোগ্য যে ৰৌতৰ নিবাসী বৰ্তমান মাজুৰগাওঁৰ সমন্ধীয়াৰ ঘৰত থকা বুদৰাই সুৰেইনে(২৭) কিশোৰী জনীক প্ৰেমৰ মায়াজালেৰে যোৱা মাৰ্চ মাহত কাম কৰাৰ চলেৰে জলপাইগুৰিলৈ পলুৱাই লৈ যায়।পিছত শিশু শ্ৰমিক আৰু বাল্য বিবাহৰ সন্দেহত জলপাইগুৰি আৰক্ষীয়ে লৰা জনক গ্ৰেপ্টাৰ কৰে আৰু ছোৱালী জনীক জলপাইগুৰি চাইল্ড লাইনক গতাই দিয়ে। জলপাইগুৰি চাইল্ডলাইনত কিশোৰী জনী আঠ মাহ থকা পিছত ২১ ছেপ্তেম্বৰত ওদালগুৰি জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰাই অভিভাৱক গতাই দিয়া হয়।
মৰিগাঁও জিলাৰ জালুগুটি আৰক্ষী পহৰা চকীৰ অন্তৰ্গত বিভিন্ন ঠাইত আৰক্ষীৰ জোৱানৰ বিৰুদ্ধে অভিযান।
মৰিগাঁও আৰক্ষীৰ ABI পৰীক্ষিত ডেকাৰজা আৰু জালুগুটি আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্প জ্যোতি বৰাৰ নেতৃত্বত চলিছিল এই অভিযান । অভিযান কাৰী আৰক্ষীৰ দলটোৱে সাতজন লোকক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা লোক কেইজনৰ বিৰুদ্ধে জালুগুটি আৰক্ষী পহৰা চকীত 388/21নম্বৰৰ এটা গোচৰ ৰুজো কৰি জেল হাজতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে। আটক কৰা সাতজন ক্ৰমে বৰচকাবাহাৰ আৰব আলী আৰু চাহাবুদ্দিন, বগৰীতলাৰ জুলহাজ আলী, আইনুল হকগৰমাৰীৰ জেহিৰুল ইছলাম, ৰহডলাৰ ৰৌচন আলী আৰু ৰাজুল আলী।











