Home Blog Page 2840

অৰুণাচলৰ মাকানটঙত প্ৰাইজমনি ফুটবল প্ৰতিযোগিতা আয়োজন

অৰুণাচলৰ চাংলাং জিলাৰ ডাইউন সমষ্টিৰ বিধায়ক চামলুং মচাং আজি মাকানটঙত অনুষ্ঠিত হোৱা ২০২১বৰ্ষৰ মাকানটং ফুটবল প্রাইজ মানি প্ৰতিযোগিতাত উপস্হিত হয়। মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ জনোৱা বিধায়ক গৰাকীক আয়োজক সমিতিৰ লগতে উপস্থিত থকা স্থানীয় ৰাইজে উলহ মালহেৰে, ফুলাম গামোচা জ্ঞাপন কৰি আদৰণী জনায় লগতে উপস্হিত হয় এডিচি বিষয়া এছ আই অৰ্জুন মোহন, জেদ পি এম বিষয়া, গাঁওবুঢ়া, বিভিন্ন সংগঠনটৰ নেতৃবৃন্দ, বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া, কৰ্মচাৰী আৰু স্হানীয় ৰাইজ। ৩৫টা দলৰ মাজত হোৱা ফুটবল   প্ৰতিযোগিতাত জয় পৰাজয় হৈ আজি ফাইনেল ৰাউণ্ডত ইউ এম এফ চি আৰু ৱুংপুং দুয়োটা দলৰ মাজত  হবলগীয়া খেলত উপস্হিত হোৱা স্হানীয় বিধায়ক চামলুং মচাঙে দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰি খেলৰ জগতখন উন্নতি কৰাৰ কথা প্ৰকাশ কৰে। খেলৰ জৰিয়তে নিজক চিনাকি দি এজন সুদক্ষ খেলুৱৈ হৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে সমাজত এক সুপ্ৰভাৱ পেলাবলৈ  আহ্বান জনায়। খেলৰ উঠি অহা যুৱপ্ৰজমনৰ প্ৰসংগৰ মাজতে ক্ষোভ উজাৰি কয় যে শান্তি আৰু প্ৰগতিৰ বাবে ভোট দি মোক জয় কৰা জনসাধাৰণক মই সুৰক্ষা দিবলৈ সাজু আছোঁ l

কিন্তু যিয়েই সমাজৰ সন্ত্ৰাস সৃষ্টি কৰা কৰ্ম কৰিব তেনেলোকক শাস্তিৰ পৰা নিৰাময় কৰাত কোনো সহায় নকৰোঁ,এই কথা স্পষ্ট ৰূপত প্ৰকাশ কৰে।  ইয়াৰ লগতে যাতায়তৰ ক্ষেত্ৰত দেখা দিয়া মাকানটংৰ  মূল পথৰ সমস্যা  সমাধান কৰাৰ উপৰিও আৰু বহু কেইটা পথ নিৰ্মাণ কৰাৰ কথা প্ৰকাশ কৰে। অনুস্থিত হৈ থকা খেল পথাৰ খনৰ কাষত শৌচালয়ৰ বাবে সুবিধা হোৱাকৈ শৌচাগাৰ নিৰ্মাণৰ বাবে প্ৰায় ২৬লাখ টকা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি  দিয়ে। ইয়াৰ উপৰিও যিকোনো সমস্যা সমাধানৰ বাবে যিমান পৰো নিজৰ সমস্যা হিচাপে সমাধান কৰাৰ কথাও প্ৰকাশ কৰে। ইয়াৰ লগতে উপষ্ঠিত থকা এডিচি অৰ্জুন মোহন আৰু জেদ পি এম বিষয়া দুজনেয়ো ক্ৰিয়া জগতৰ উন্নয়নৰ কথা কৈ দুয়োটা দলক শুভেচ্ছা জ্ঞাপন কৰে। দুয়োটা দলৰ মাজত হোৱা ফাইনেল ৰাউণ্ডত ইউ এম এফ চি দলটোয়ে জয়লাভ কৰে। আয়োজক সমিতিয়ে উপষ্ঠিত হোৱা অতিথি সকলক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক দিনত খেলৰ দিশটোৰ দুগুণ উন্নয়নৰ বাবে এনেকৈ বিভিন্ন প্ৰদশেপ লোৱাৰ কথা প্ৰকাশ কৰে।

শিৱসাগৰত সপ্তাহজোৰা আধাৰ পঞ্জীয়ন শিবিৰ: ১৬০জন লোকৰ বিনামূলীয়াকৈ আধাৰ পঞ্জীয়ন

শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু মাৰোৱাৰী যুৱ মঞ্চ ডিমৌ শাখাৰ সহযোগত  ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত সপ্তাহজোৰা বিনামূলীয়া আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰ আজি সম্পন্ন হয়। ডিমৌ নিতাই পথৰ গগৈ কমপ্লেক্সেত অনুষ্ঠিত এই আধাৰ পঞ্জীয়ন শিবিৰত ডিমৌ আৰু দাঁতিকাষৰীয়া অঞ্চলৰ প্ৰায় ১৬০ গৰাকী পুৰুষ,মহিলা, যুৱক-যুৱতী আৰু শিশু-কিশোৰে আধাৰ পঞ্জীয়ন কৰে। এই আধাৰ কাৰ্ড পঞ্জীয়ন শিবিৰত উপস্থিত হৈ আধাৰ পঞ্জীয়ন কৰা সকলো ব্যক্তিকে  আয়োজক অমৃত পুড্ডাৰ, ৰোপেশ বাজাজ, সুমিত পুড্ডাৰে ধন্যবাদ জনোৱাৰ লগতে জিলা প্ৰশাসনকো এই সহযোগিতাৰ ধন্যবাদ কৃতজ্ঞতা জনায়।

ডিমৌৰ ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰ‌ৰ দ্বাৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্দ্ধনা

অসম ভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠান ভাগ্যলক্ষ্মী আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰই বিগত বছৰ সমূহৰ দৰেই এই বছৰো  হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে ষ্টাৰ আৰু ডিষ্টিংচন নম্বৰেৰে উত্তীৰ্ণ হোৱা স্থানীয় ২৩ গৰাকী ছাত্ৰ ছাত্ৰীক ১৯ ছেপ্টেম্বৰত দোপনীস্থিত কেন্দ্ৰৰ প্ৰশাসনিক কাৰ্যালয়ত সম্বৰ্দ্ধনা জনোৱা হয়। কেন্দ্ৰৰ নৱনিৰ্বাচিত সভাপতি অচ্যুৎ কৃষ্ণ শইকীয়াৰ সভাপতিত্বত  কোবিডৰ নীতি নিৰ্দেশনা পালন কৰি অনুস্থিত হোৱা ২৭ সংখ্যক কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বৰ্দ্ধনা সভাত  মুখ্য অতিথি  হিচপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰমোদ গোস্বামী, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰৰ সঞ্চালক ৰাজেন বড়া। আদৰণী ভাষণত বড়াই কেন্দ্ৰই জন্ম লগ্নৰে পৰা নিষ্ঠাৰে কৰি অহা বিভিন্ন কামৰ  আলোকপাত কৰে। সভাৰ উদ্দেশ্য ব্যাখা কৰে কেন্দ্ৰৰ সম্পাদক বিৰেণ বকলীয়ালে। সম্বৰ্দ্ধনা সভাত ছাত্ৰ ছাত্ৰীৰ লগতে বহু সংখ্যক অভিভাৱকো উপস্থিত থাকে। সভাত ভাগ্যলক্ষ্মী  আঞ্চলিক শিশু কল্যাণ কেন্দ্ৰৰ গোপাল পাণ্ডেৰ লগতে অন্যান্য বিষয় ববীয়া সকলো উপস্থিত থাকে।  ষ্টাৰ আৰু ডিষ্টিংচন স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা পত্ৰ আৰু উপহাৰ প্ৰদান কৰা হয়।

দেৰগাঁৱৰ নাৰিকলগুৰিৰ মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক নিৰুদ্দেশ

নাৰিকলগুৰিৰ দেৰগাঁও আৰক্ষী থানাৰ সমীপৰ বুবু আহমেদ নামৰ ৪০ বছৰীয়া এজন যুৱক ১৬ ছেপ্টেম্বৰ পুৱাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ কথা পৰিয়ালৰ লোকৰ পৰা জানিবলৈ পোৱা গৈছে। এই সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত ইতিমধ্যে পৰিয়ালৰ লোকে অৱগত কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ লাভ কৰা নাই দেৰগাঁও আৰক্ষীয়ে। মানসিকভাৱে বাধাগ্ৰস্ত যুৱকজনক লৈ এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।মুখেৰে স্পষ্ট ভাবে কথা কব নোৱাৰা মানসিক ভাৱে বাধাগ্ৰস্থ যুৱক জনৰ বিষয়ে কোনো লোকে সম্ভেদ লাভ কৰিলে ততালিকে দেৰগাঁও আৰক্ষী থানাৰ লগত নাইবা ৮৮২২৯২৬৩৪৭ ফোন নম্বৰত যোগাযোগ কৰিবলৈ যুৱক জনৰ মাতৃয়ে কাতৰ আহ্বান জনাইছে।

ছহিদ নগৰী ঢেকিয়াজুলিৰ ১৯৪২ৰ ছহিদ,ওদালগুৰি জিলাৰ মজবাটৰ দয়াল দাস পাণিকাৰ বংশ পৰিয়ালে আজিও নাপালে চৰকাৰী ৫ লাখ টকীয়া সাহায্য

১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকিয়াজুলি থানাত বৃটিছৰ পতাকা নমাই ভাৰতীয় পতাকা উত্তোলন কৰিব গৈ বৃটিছৰ গুলী বুকু পাতিলৈ ছহিদ হৈছিল ১৩ গৰাকীকৈ লোক ৷এই তেৰ গৰাকী ছহিদৰে এগৰাকী অন্যতম ছহিদ হ’ল ওদালগুৰি জিলাৰ মাজবাটৰ  দয়াল দাস পাণিকা ৷এই ছহিদ পৰিয়ালটি সেই সময়তে জীৱনৰ ভয়ত ঢেকিয়াজুলিৰ কাঠনিবাৰী গাঁওৰ পৰা উঠি আহি বৰ্তমানৰ ওদালগুৰি জিলাৰ মাজবাট অঞ্চলত ইফাল সিফাল বাগৰি  অৱশেষত মাজবাট ৰাজহ চক্ৰৰ অধীস্থ  ৰৌতা গাঁওত থাকিবলৈ লয় ৷বৰ্তমান এই ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা এটি জুপুৰি ঘৰত আশ্ৰয় লৈ আছে ৷জীয়াই থকাৰ কোনো সম্বল নথকা দিন হাজিৰা কৰি পেট প্ৰৱৰ্তন কৰি আছে ছহিদ পৰিয়ালটি ৷দীৰ্ঘ বছৰৰ পৰা এই পৰিয়ালটি নিখোজ হৈ থকাত ঢেকিয়াজুলিত প্ৰতিবছৰে ২০ ছেপ্তেম্বৰত  আয়োজিত সম্বৰ্ধনা সভাত আয়োজক সকলে পৰিয়ালটিক সম্বৰ্দ্ধনা জনাব পৰা নাছিল ৷কিন্ত ২০০২ চনতে ওৰাঙস্হ সংবাদ সেৱক দুজনে অশেষ কষ্টকৰি এই পৰিয়ালটিৰ মাজবাটৰ একেবাৰে এক ভিতৰুৱা অঞ্চল ৰৌতা গাওঁত বসবাস কৰি থকাৰ সন্ধান দিছিল ৷এনেখবৰৰ ভিত্তিতে ২০১৭ চনৰ ১৯ আগষ্টত ঢেকিয়াজুলিত অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্হিতিত আয়োজিত বলিদান দিৱসত ছহিদ গৰাকীৰ নাতিনী বোৱাৰী মালতী পাণিকা আৰু সম্পৰ্কীয় আজুনাতি তুলাৰাম পাণিকাক লগতলৈ গৈছিল ৷উক্ত সভাতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছহিদ পৰিয়াল সকললৈ এককালীন ভাবে পাঁচ লাখ টকা দিয়াৰ কথা ঘোষণা কৰিছিল ৷কিন্ত দুৰ্ভাগ্যৰ বিষয় আজি প্ৰায় চাৰি বছৰে পৰিয়ালটি চৰকাৰৰ পৰা এটা ফুটাকঢ়ি নাপালে ৷যোৱা ২০২০ চনৰ ডিচেম্বৰৰ বিটিচি নিৰ্বাচনৰ আগে আগে বিটিচি ৩৯ নং পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিপক মৌৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আহি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে এই পৰিয়ালটিৰ থকাৰ বাবে দুই কঠা মাটি কিনি দি   ২৪× ১২ জোখৰ দুটা কোঠাৰ এটি গৃহ নিৰ্মাণৰ কাম হাতত লৈছিল যদিও আজি ১০ মাহ উকলি যোৱাৰ পিছতো অৰ্ধনিৰ্মিত হৈ পৰি আছে নিৰ্মীয়মান গৃহটি ৷উল্লেখযোগ্য যে ছহিদ দয়াল দাস পাণিকাৰ নামত অসম চৰকাৰে ছাত্ৰ বৃত্তি আঁচনিৰো প্ৰৱৰ্তন কৰিছে যদিও এই ছহিদ পৰিয়ালটিয়ে পাব লগীয়া চৰকাৰী সাসুবিধাৰ পৰা আজিও বঞ্চিত হৈ আছে ৷কাইলৈ ছহিদ দিৱস৷এই দিৱসত অন্য ছহিদ পৰিয়ালৰ লগতে এই ছহিদ পৰিয়ালটিকো ৰাজকীয় মঞ্চত সম্বৰ্ধনাৰে ওপচাই পেলাব ৷কিন্ত ইয়াৰ পৰা গৈ এমুঠি ভাতৰ বাবে ছহিদৰ নাতিনী বোৱাৰী মালতী পাণিকাই ঘৰে ঘৰে হাজিৰা কৰিব লাগিব ৷  অকৰ্মণ্য  সাংসদ,মন্ত্ৰী,৭০নং মাজবাট বিধান সভা সমষ্টিৰ বিধায়ক,বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য,এম চিএল এ আদি সকলে ইচ্ছাকৃত ভাবে বছৰ বছৰ  ধৰি চুড়ান্ত ভাবে অবহেলিত,প্ৰতাৰিত কৰি শ্বহীদ পৰিয়ালটোক  চৰকাৰী সা সুবিধা আদি প্ৰদান কৰাৰ পৰা  বছৰ বছৰ ধৰি বঞ্চিত,প্ৰতাৰিত,ঠগ,প্ৰবঞ্চনা  কৰি আহিছে ৷ ৷বৰং দিনক দিনে শ্বহীদ পৰিয়ালটো ধংসৰ পথত গতি কৰিবলৈ লৈছে ৷তৎস্বত্বেও    নিৰ্ষ্কমা,অপদাৰ্থ  মন্ত্ৰী,বিধায়ক আদি সকলে সম্প্ৰতি কুম্ভকৰ্ণৰ গভীৰ নাক বজাই শুই থকাটো এতিয়া  এতিয়া নিত্য মৈমত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷অকৰ্মণ্য,অপদাৰ্থ সাংসদ,মন্ত্ৰী,বিধায়ক,বিটিএডিৰ মুখ্য কাৰ্য্যবাহী সদস্য,কাৰ্য্যবাহী সদস্য আৰু এম চি এল এ আদি  চুড়ান্ত হেমাহি,অৰাজকতা বাবেই শ্বহীদ পৰিয়ালটো বঞ্চিত,প্ৰতাৰিত হৈ আহিছে বুলি ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে গভীৰ উদ্বেগ আৰু ক্ষোভ প্ৰকাশ কৰিছে ৷

মিচিং জাতীয় সংগঠনৰ প্ৰতিনিধিমূলক সভা সম্পন্ন

দেৰগাঁও সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰ্গত বৰমুকলিত মিচিং জাতীয় সংগঠন  এম বি কে, টি এম পি কে, এম এম কে, টি এম এম কে , এম এ কে, এম ডি কে ১নং লাখেৰাজ আঞ্চলিক সমিতি সমুহৰ এক যৌথ  প্ৰতিনিধিমূলক ৰাজহুৱা সভা শিক্ষক জ্যোতি টায়ুঙৰ সভাপতিত্বত অনুষ্ঠিত  হৈ যায়। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে , এম এ কেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা বিশিষ্ট শিক্ষাবিদ দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড’ দীপক দলে ডাঙৰীয়া, জ্যেষ্ঠ সংগঠনক তৰাচন পেগু, এম এম কে যোৰহাট জিলা সমিতিৰ  সভাপতি হৰেন ৰিচং , টি এম পি কে যোৰহাট জিলা সমিতিৰ সভাপতি  প্ৰফুল্ল মিছং , ডি এম কে কেন্দ্ৰীয় সমিতিৰ সদস্য অতীন দলে, টি এম এম কে যোৰহাট জিলা সমিতিৰ সম্পাদিকা  চুমী পাচুং, স্থানীয় কেইবাগৰাকীও শিক্ষক উপস্থিত থাকে। মিচিং ভাষা, সাহিত্য, সংস্কৃতিক আৰু অধিক সমৃদ্ধিশালী কৰিবলৈ,মাতৃভাষা হিচাপে জীয়াই ৰখাৰ উপৰিও প্ৰচাৰ প্ৰসাৰ কৰিবলৈ মিচিং আগম কেবাং, মিচিং দৃৰবৌ্ কেবাং, মিচিং বা:নে: কেবাং সমিতিসমূহৰ পুনৰ গঠনৰ জৰিয়তে মিচিং সমাজ ব্যৱস্থাক সু-শৃংখলিতভাৱে চলাই যোৱাৰ মানসেৰে     অনুষ্ঠিত কৰা প্ৰতিনিধিমূল সভাখনৰ আঁতধৰে  এম এম কেৰ যোৰহাট জিলা সমিতিৰ উপ-সভাপতি অতুল মিছঙে। এই সভাতে মিচিং দৃৰ্বি কেবাং মিচিং বা্:নে্: কেবাং মিচিং দৃৰবৌ্ কেবাঙৰ তিনিখন  আঞ্চলিক সমিতি গঠন কৰা হয়। 

অসমত প্ৰথমবাৰৰ বাবে গঁড়ৰ খৰ্গ দাহৰ প্ৰস্তুতি

কাজিৰঙাত গঁড়ৰ খৰ্গ দাহনৰ প্ৰস্তুতি। ২২ চেপ্তেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  উপস্থিতিত 2479 টা খৰ্গ দহন কৰিব। অসমৰ বিভিন্ন কোষাগাৰৰ লগতে মৰিগাঁও জিলা কোষাগাৰত জব্দ হৈ থকা  ৫৩ টা কৈ গড়ৰ খৰ্গ নিৰাপত্তা বেষ্টনীৰ মাজত নগাঁও আৰু পিছত কহঁৰালৈ নিয়াৰ ব্যৱস্থা কৰে।

মাজবাটৰ বাহিপুখুৰী চাহ বাগিছাত শ্বহীদ দয়াল দাস পানিকাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

২০ ছেপ্তেম্বৰত  ১৯৪২ চনৰ জাতীয় শ্বহীদ দয়াল দাস পাণিকা দেৱৰ ৭৯ সংখ্যক শ্বহীদ দিৱস উদযাপন সদৌ অসম পাণিকা সমাজ ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বাহিপুখুৰী চাহ বাগিচাৰ উপ শাখাৰ সহযোগত অনুষ্ঠিত হৈ যায় ৷উক্ত কাৰ্য্যসূচীত উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ দয়াল দাস পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সন্দিয়া কাৰ্য্যসূচীত বন্তি প্ৰজ্বলন কৰে বিটিচিৰ এম চি এল এ দীপক মৌৰ দেৱ,সহযোগ কৰে শ্বহীদ দয়াল পাণিকাৰ নাতি বোৱাৰী  মালতী পাণিকা, সদৌ অসম পাণিকা সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ভোলা পাণিকাই ৷ পুষ্পঞ্জলি অৰ্পন কৰে ওদালগুৰি জিলাৰ পাণিকা সমাজৰ সভাপতি  বিনু পাণিকা দেৱ,শিক্ষক তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সভাপতি  ৰামকৰন গোড় দেৱ,সমাজ সেৱক জীৱন ডেকা দেৱ,বাহিপুখুৰী VCDCৰ সভাপতি তথা অসম চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ সম্পাদক লাধু লোহাৰ দেৱ,শিক্ষক তথা বুদ্ধি জীবি সমাজ সেৱক হেমন্ত মাহাতো দেৱ, সমাজ সেৱক  জয় নাৰায়ণ মাহাতো, দেৱ,চাহ জনজাতি কল্যাণ বিভাগৰ ওদালগুৰি জিলাৰ সভাপতি কৈলাশ তাতি, লগতে উপস্থিত থাকে  ৷অনুষ্ঠানটোত ওদালগুৰি জিলাৰ সম্পাদক দিলৰাজ পাণিকা,সাংগঠনিক সম্পাদক শিৱলাল পাণিকা, মাজবাট আঞ্চলিক পাণিকা সমাজৰ সভাপতি ভোলা দাস পাণিকা,সম্পাদক সত্য নাৰায়ণ পাণিকা,শ্যাম মুন পাণিকা আৰু দুয়ো ভাতৃ  ছাত্র সংগঠ “আছা”আৰু আটছাৰ সভাপতি, সম্পাদক আৰু বহু সংখ্যক ৰাইজ অংশ গ্ৰহন কৰে ৷

অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত তীজ উৎসৱ পালন

গোৰ্খা মহিলা সকলে পালন কৰি অহা “তীজ” উৎসৱ বৰ্তমান অসমৰ চুকে কোনে পালন কৰিথকা হৈছে যদিও মুলত এই উৎসৱ ভাদ্ৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ দিনা বিয়া দিয়া বাই-ভনী সকলক মা-দেউতা, দাদা-ভাইয়ে মাকৰ ঘৰলৈ মাতি বিভিন্ন খাদ্য খুওৱায়ে।তাৰ পিছদিনা তৃত্বীয়া তিথিত বাই-ভনী সকলে মুখত পানীও নিদি দিনযোৰা ব্ৰতেৰে ভগৱান শিৱৰ পুজা আৰাধনা কৰে। নিজৰ স্বামীৰ মঙ্গল আৰু সু-স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰি পুজা সামৰি ৰাতি লঘু আহাৰ গ্ৰহণ কৰে।  সেই সময়তে পুজা-পাতল সামৰি  গোটেই ৰাতি সঙ্গিনী,তীজগীত, নৃত্য আদি পৰিবেশণ কৰে। মাত্ৰ মহিলা সকলে পালন কৰি অহা এই উৎসৱ গাওঁৰ মহিলা সকল এক গোট হৈ কৰা নৃত্য-গীতক সঙ্গিনী আৰু তীজ নৃত্য বুলি কোৱা হয়।  এই উৎসৱ ভাদ্ৰ মাহৰ শুক্ল পক্ষৰ প্ৰতিপদা তিথিৰ পৰা পঞ্চমী তিথিলৈ পালন কৰিলেও পঞ্চমী তিথিত সুকিয়াকৈ অবিবাহিত অথৱা বিবাহিত ছোৱালী আৰু মহিলা সকলে পালন কৰি আহি আছে। এই উৎসৱৰ লগত সঙ্গতি ৰাখি অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উদ্যোগত আৰু ১/৪ নং আমজুলি শাখা সমিতিৰ সহযোগত যোৱা ১৯ ছেপ্টেম্বৰ তাৰিখে ১/৪ নং আমজুলী শাখা সমিতিৰ মুখ্য কাৰ্য্যালয় প্ৰাঙ্গণত দিনযোৰা কাৰ্য্যসূচীৰে পালন কৰা হয়।  ৰাতিপুৱা ৯:০০ বজাত অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ সভানেত্ৰী হিৰা মিশ্ৰই পতাকা উত্তোলন কৰাৰ পিছত ভাৰপ্ৰাপ্ত সম্পাদিকা হিৰা ছেত্ৰীয়ে স্মৃতি তৰ্পণ কৰে।তাৰ পিছতেই দিনৰ এক বজাৰ পৰা আৰম্ভ হোৱা সাংস্কৃতিক কাৰ্য্যক্ৰম তথা সঙ্গিনী আৰু তীজ নৃত্য প্ৰতিযোগিতা উদ্ঘাটন কৰে অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভানেত্ৰী কল্পনা শৰ্মাই। গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভূৱন ধমালাই পৰিচালনা কৰা সাংস্কৃতিক প্ৰতিযোগিতাত ওদালগুৰি জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা সংস্কৃতিক সংঘই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সাংস্কৃতিক প্ৰতিযোগিতাৰ মাজতে অনুষ্ঠিত মুকলি সভাত ওদালগুৰি বিধান সভাৰ বিধায়ক তথা বি টি চিৰ উপ মুখ্য গোবিন্দ চন্দ্ৰ বসুমতাৰী, প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা সভানেত্ৰী বিনা গয়াৰী,অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি তথা বি টি চিৰ মনোনীত পাৰ্ষদৰ লগতে বি টি চিৰ মুখ্য কাৰ্য্যবাহীৰ ৰাজনৈতিক সচীৱ মাধৱ ছেত্ৰী, মনোনীত পাৰ্ষদ অৰ্পণা মেধী, অসম গোৰ্খা সন্মিলন কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লক্ষ্মী চেঢ়াই, বাসুদেৱ নিৰৌলা,কেন্দ্ৰীয় সদস্য কৃষ্ণ মিজাৰ, ভীষ্ম উপাধ্যায়, ওদালগুৰি জিলা গোৰ্খা সন্মিলনৰ সভাপতি পৱন লুইটেল, মুখ্য উপদেষ্টা ৰমেশ দাহাল, উপদেষ্টা কৃষ্ণ গিৰী,উপ সভাপতি দেৱৰাজ নেউপানে,সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাই, অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰী, সাধাৰণ সম্পাদক মোহন ৰাউত, অসম গোৰ্খা সন্মিলন মহিলা মৰ্চাৰ উপ সভানেত্ৰী অঞ্জু উপাধ্যায়, গীতা নিৰৌলা,সহ সম্পাদিকা সীতা কটূৱাল, প্ৰচাৰ সম্পাদিকা হীৰা কটূৱাল, সাংস্কৃতিক সম্পাদিকা হিমা খড়্কা, ৰঞ্জিতা নেউপানে, কোষাধ্যক্ষ ইন্দিৰা খড়্কা, সদস্যা কৃষ্ণা দেৱী আদি উপস্থিত থাকি তীজ উৎসৱৰ তাৎপৰ্য্য উপস্থাপন কৰে। ইউ পি পি এলৰ কেন্দ্ৰীয় সভানেত্ৰী বিনা গয়াৰীয়ে খলখলীয়াকৈ নেপালী ভাষাত বক্তব্য ৰখাত ৰাইজে হাত চাপৰিৰে ধন্যবাদ জনায়। সাংস্কৃতিক প্ৰতিযোগিতাত নিৰিক্ষক হিচাপে উপস্থিত থাকে সাংস্কৃতিক কৰ্মী ভূৱন মৈনালী আৰী নৰ্মদা বস্নেত। প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ উপস্থিতিত একেখন মঞ্চ আৰু একেলগে বহি সভাত অবিভাষণ ৰাখে প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী আৰু বৰ্তমান ওদালগুৰি বিধানসভাৰ বিধায়ক তথা বি টি চিৰ উষমুখ্য কাৰ্য্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।    অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতি মহিলা মৰ্চাৰ  উদ্যোগত আৰু ১/৪ নং আমজুলী শাখা সমিতিৰ সহযোগত অনুষ্ঠিত তীজ উৎসৱৰ উক্ত কাৰ্য্যসূচী অতি সফলতাৰে সম্পন্ন হয়।

নিউ বঙাইগাঁও ৰে’লৱে জংচনত নামনিমুৱা লোহিত এক্সপ্ৰেছৰ ডবাৰ পৰা সুৰা জব্দ

 বঙাইগাঁৱৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনত 20 তাৰিখে বিয়লি গুৱাহাটী – জম্মু অভিমুখী নামনিমুৱা লোহিত এক্সপ্ৰেছত ৰে’লৱে সুৰক্ষা বাহিনীয়ে তালাচী অভিযান চলাই অবৈধ সুৰা জব্দ কৰে ৷ জানিব পৰা মতে নিউ বঙাইগাঁও জংচনৰ ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰৰ পমখেদি নামনিমুৱা ০৫৬৫১ নং লোহিত এক্সপ্ৰেছ ৰে’লখন আহি জংচনত ৰখোৱাৰ পিছতে ৰে’লখনৰ ডবাত চলোৱা তালাচীৰ সময়ত ডবা এটাৰ চিটিৰ তলত এখন গৰাকীবিহীন বেগ উদ্ধাৰ কৰে ৷ পিছত বেগখন খুলি চোৱাত বেগৰ ভিতৰত সুৰাৰ বটল প্ৰত্যক্ষ কৰে আৰু জব্দ কৰে ৷ বেগখনত মুঠ ৫৫ বটল সুৰা আছিল ৷