Home Blog Page 2843

বঙৰাত গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থ উন্মোচন

অসমৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত ২০ ছেপ্তেম্বৰত কামৰূপ জিলাৰ বঙৰাস্থিত শ্ৰীশংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত বিশিষ্ট লেখক, অৱসৰী প্ৰধান শিক্ষক গৌৰীকান্ত নাথৰ “বৰঝাৰ বিমান বন্দৰৰ পাৰ্শ্বপ্ৰভাৱ আৰু অন্য প্ৰবন্ধ” শীর্ষক গ্ৰন্থখনি  ৰাজ্যখনৰ ভালেমান বিশিষ্ট লেখক, শিক্ষাবিদ,সমালোচকৰ  উপস্থিতিত শুভ-উন্মোচন কৰা হয়। ৰাজলক্ষ্মী নাথৰ বৰগীত পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনিত এটোপোলা গ্ৰন্থৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে সভা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক, চিন্তাবিদ ড০ সূৰ্য হাজৰিকাই কয়- অসম তথা উত্তৰ -পূব ভাৰতৰ দুৱাৰমুখ স্বৰূপ বৰঝাৰ বিমান বন্দৰকলৈ এখনি আজি অতীৱ প্ৰয়োজনীয় গ্ৰন্থ প্ৰকাশ হ’ল। গৱেষণাৰ সমল বিচাৰি পাব গ্ৰন্থখনত। মানৱ সেৱাৰ দৃষ্টিভংগীৰে গ্ৰন্থ অধ্যয়ন কৰিব লাগে।দুৰ্ভাগ্য বৰ্তমান সময়ত অসমত পঢ়ুৱৈৰ অভাব ঘটিছে। গ্ৰন্থ সংৰক্ষণ,সংবৰ্ধনৰ অতীৱ জৰুৰী গ্ৰন্থখনিউন্মোচন কৰি বিশিষ্ট বুদ্ধিজীবী, সাহিত্যিক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে কয়- এই যান্ত্রিকতাৰ যুগতো গ্ৰন্থৰ চাহিদা যথেষ্ট আছে। গ্ৰন্থই এটি সভ্যতা ধৰি ৰাখে। গৌৰীকান্ত নাথৰ বৰঝাৰ বিযষয়ক গ্ৰন্থখনিয়ে বৃহত্তৰ বৰঝাৰ অঞ্চলৰে নহয় সমগ্র অসমৰ এক সুন্দৰ প্ৰতিচ্ছবি দাঙি ধৰিছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ দিলীপ কলিতাই সঞ্চালনা কৰা সভাৰ আঁত ধৰাৰ লগতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই কয়- পৰাগজ্যোতি প্ৰকাশনে গ্ৰাম্য অঞ্চলৰ লেখক-লেখিকাক আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। লগতে ইতিহাস জাতীয় গ্ৰন্থ প্ৰকাশত গুৰুত্ব দিছে। অনুষ্ঠানত নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী তথা প্ৰথিতযশা লেখিকা ড০মলিনা দেৱী ৰাভাই   কয়- গ্ৰন্থই ইতিবাচক দৃষ্টিভংগীৰে এটি সুন্দৰ বাৰ্তা দিয়ে। নিকা  পৰিৱেশ গঢ়াত গ্ৰন্থ অধ্যয়ন অৱশ্যাম্ভাৱী। অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰাক্তন সম্পাদক প্রধান চৰণ ডেকাই কয়- সাহস থাকিব লাগিব। মানৱৰ আত্মাৰ লগত মধুৰ সম্পর্ক ৰক্ষা কৰিব পাৰিব লাগিব লেখকে। বলিষ্ঠ সাহসেৰে সচাঁ কথা কবও লাগিব,লিখিবও লাগিব। বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ এম গোপাল সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা আন্তর্জাতিক খ্যাতিসম্পন্ন কবি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অনাতাঁৰ কেন্দ্র, গুৱাহাটীৰ অৱসৰী সঞ্চালক তথা বিশিষ্ট শিল্পী অৱনী ৰঞ্জন পাঠকে বিশিষ্ট অতিথিৰ ভাষণত বৰঝাৰ বিমান বন্দৰৰ আজিৰ তাৰিখত আহি পৰা দায়িত্ব,কৰ্তব্য লগতে নতুন প্রজন্মৰ গ্ৰন্থ,সমাজৰ দায়িত্বৰ ওপৰত বক্তব্য দাঙি ধৰে। মৰমী শৰ্মাই জয়ন্ত হাজৰিকাৰ গীত পৰিৱেশন কৰা অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ উপদেষ্টা মনোৰঞ্জন ভট্টাচার্য, কেপ্টেইন অশ্বিনী সিংহ, মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, বঙৰা আঞ্চলিক সাহিত্য মঞ্চৰ সম্পাদক ধৰণীধৰ নাথ, প্ৰধান শিক্ষক পুলিন তালুকদাৰ আদি বিশিষ্ট ব্যক্তিসকলেও অংশগ্রহণ কৰে। দুৰদৰ্শন কেন্দ্রৰ কুশলজিৎ কুমাৰ, বিজিত চৌধুৰী দুটি কবিতা পাঠ কৰা সভাত শলাগৰ শৰাই আগবঢ়ায় দীপক শৰ্মাই।

প্ৰধান মন্ত্ৰীৰ জন্মদিন উপলক্ষে লাহৰীঘাট মডেল হস্পিটেলত ৰোগীক ফলমূল বিতৰণ

 যোৱা ১৭  ছেপ্টেম্বৰৰ পৰা সমগ্র ভাৰতবৰ্ষতে বৰ্তমান ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ মাজেৰে বি জে পি দলৰ কৰ্মকৰ্তা সকলে উলহ মালহেৰে উদযাপন কৰি আছে। যিহেতুকে এই কাৰ্যসূচী কুৰি দিনলৈ অব্যাহত থাকিব  , সেয়ে আজি মৰিগাঁও জিলাৰ লাহৰীঘাট মডেল হস্পিটেলত  অসম প্ৰদেশ বি জে পি সংখ্যালঘু মৰ্চাৰ তৰফৰ পৰা  নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু আৰু সু স্বাস্থ্য কামনা কৰি অৱসৰপ্ৰাপ্ত বন বিষয়া তথা বিগত বিধান সভা নিৰ্বাচনত লাহৰীঘাট সমষ্টিৰ বি জে পি দলৰ প্ৰাৰ্থী, সমাজ সেৱক কাদিৰোজ্জামান জিন্নাৰ নেতৃত্বত দিনৰ ১১ বজাত ফলমূল বিতৰণ কৰা হয়।  উল্লেখ্য যে আজিৰ এই কাৰ্যসূচী ৰূপায়নত অংশ গ্ৰহণ কৰে  আবুল কালাম, মানিক , ছমিৰ পাল, আজিজুৰ ৰহমান,পৰীক্ষিত দেবনাথ,   নিৰ্জুল আমিন আৰু আবিদা বেগম। 

শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা উদ্বোধন

বঙাইগাঁৱৰ দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো – অপাৰেটিভ চ’চাইটি লিমিটেডৰ বঙাইগাঁও শাখা কাৰ্যালয় উদ্বোধন কৰা হয় ৷ উল্লেখ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিভিন্ন বহুমুখী কাৰ্যসূচীৰ লগতে নিবনুৱা সংস্থাপন আৰু সংগীসকলৰ আৰ্থিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডে বিভিন্ন জিলাত শাখা স্থাপন কৰি আহিছে ৷ ইয়াৰ অংশ হিচাপে দেওবাৰে বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ সহযোগত দোলাইগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত চ’চাইটিৰ ২৫ সংখ্যক বঙাইগাঁও শাখাটো মুকলি কৰা হয় ৷ শাখা কাৰ্যালয়টো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ সংঘৰ পদাধিকাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সদায় ৰাইজৰ কাৰণে আৰু জনগণৰ কাৰণে কাম কৰি আহিছে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ এটা মানৱ সেৱাৰ অনুষ্ঠান ৷ সেয়ে মানৱ সেৱাত যাতে খেলিমেলি নকৰো আৰু মানৱ সেৱা যাতে সম্পূৰ্ণকৈ কৰিব পাৰো সেই উদ্দেশ্যে ইয়ালৈ আহিছো ৷ তেওঁ লগতে কয় যে যি কোনো কামতে টকা পইচাৰ দৰকাৰ হয় ৷ কিন্তু সেই টকা সদভাৱে উপাৰ্জন কৰিব লাগিব আৰু খৰচ কৰিব লাগিব ৷ লগতে সদভাৱে কাম কৰিব লাগিব ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্বাস আছে আমি এই কাম কৰিব পাৰিম ৷ সংঘই ইতিমধ্যে অসমৰ বিভিন্ন জিলাত ২৪ টা শাখা মুকলি কৰিছে ৷ এইটো ২৫ নং শাখা মুকলি কৰা হৈছে ৷ এই ২৫ নং শাখাৰ যোগেদি যাতে বঙাইগাঁও , কোকৰাঝাৰ আৰু বিজনী এই তিনিখন জিলা শাখাৰ বাপ, আই মাতৃসকল বিশেষকৈ যিসকল নিবনুৱা আছে সেই নিবনুৱাসকলৰ যাতে উন্নতি হয় আৰু কৰ্মসংস্থাপন পায় তাৰ প্ৰতি গুৰুত্বাৰোপ কৰা হৈছে ৷ ইতিমধ্য ২৪ টা শাখাত ৫৪ জন কৰ্মচাৰী আছে ৷ তাৰোপৰি আঠ লক্ষ টকা ভকতে এই অনুষ্ঠান অৰ্থাৎ বেংকৰ পৰা ঋণ লৈ বিভিন্ন কামত খটুৱাইছে ,উন্নতি হৈছে ৷ সেয়ে এই তিনিখন জিলা শাখাৰ বাপ বান্ধৱসকলে কথাটো বুজি পাই তথা উপলব্ধি কৰি ইয়াত এটা শাখা খুলিছে ৷

এই শাখাৰ জৰিয়তে হাজাৰ হাজাৰ লোকৰ উন্নতি হ’ব আৰু হাজাৰ হাজাৰজনে কৰ্মসংস্থাপন লাভ কৰিব ৷ আনহাতে জনগোষ্ঠীয় লোকৰ মাজত শংকৰদেৱ সংঘ সোমাব পাৰিছে নে বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে নিশ্চয় সোমাব পাৰিছে ৷ আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘত জাত – পাতৰ কোনো কথা নাই ৷ আমাৰ কথা হ’ল আমি সকলো মানুহ আৰু মানুহ হিচাপে সকলোৱে মিলি থাকি মানুহৰ উন্নতিৰ কাৰণে কাম কৰিম ৷ সেইদৰে সত্ৰ আৰু নামঘৰৰ মাটি বেদখল হোৱা সন্দৰ্ভত কয় যে যিসকলে বেদখল কৰিছে তেওঁলোকে তেনে অনাহক চিন্তা যাতে নকৰে ৷ লগতে  আমি চৰকাৰক অনুৰোধ জনাইছো যে যিবিলাক সত্ৰ অনুষ্ঠান আৰু যিবিলাক নাম ঘৰ আছে সেইবোৰ বেদখলমুক্ত কৰক ৷ ইপিনে সংঘৰ অধিৱেশন সন্দৰ্ভত  প্ৰধান সম্পাদক বাবুল বৰাৰ পৰা জানিব বিচৰাত তেওঁ কয় যে ক’ভিড পৰিস্থিতিৰ বাবে যোৱা বৰ্ষত আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰিলো ৷ অধিৱেশনখন ডিব্ৰুগড়ে অনুষ্ঠিত কৰাৰ কথা আছিল ৷ কিন্ত এইবেলি ১২ ছেপ্টেম্বৰত ডিব্ৰুগড়ত আমি আদৰণি সমিতি গঠন কৰিছো ৷ ডিব্ৰুগড়ৰ নাহৰকটীয়াৰ নিকটৱৰ্তী ৰাঙলী পথাৰত এইবাৰ অধিৱেশ পতাৰ বাবে পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িছো ৷ সমগ্ৰ অসমৰ ৰাইজক জনাব বিচাৰিছো যে চৰকাৰীভাৱে ক’ভিড সংক্ৰান্তীয় যি এছঅপি থাকিব বা নীতি – নিৰ্দেশনা থাকিব আৰু সেইখিনি সময়লৈকে যেনে হ’ব সেয়া মানি চলা হ’ব ৷ অৱশ্যে এইবাৰ নিশ্চিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ কিছু সীমিতকৰণৰ ব্যৱস্থা কৰা হ’ব ৷ তাত যিখিনি ব্যৱসায় – বাণিজ্য প্ৰতিষ্ঠানৰ কথা থাকে সেইখিনিও সীমিতকৰণ কৰা হ’ব আৰু কাৰ্যসূচীৰ ক্ষেত্ৰতো সীমিতকৰণ কৰিম ৷ এছঅপি সম্পূৰ্ণ মানি চলা হ’ব , ভেকচিনেচনৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ স্বাস্থ্য বিধি ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এইবাৰ অধিৱেশন অনুষ্ঠিত কৰাৰ বাবে ডিব্ৰুগড়ে সাজু হৈছে ৷ অধিৱেশন মানে দ্বিতীয় বৈকুণ্ঠ ৷ লক্ষ লক্ষ মানুহে এই অধিৱেশনলৈ অপেক্ষা কৰি থাকে ৷গতিকে তেওঁলোকে আশা কৰি আছে যে অধিৱেশনখন হ’ব লাগে ৷ পূৰ্বেই ৪, ৫ আৰু ৬ ফেব্ৰুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰাৰ বাবে দিন ঠিৰাং কৰা হৈছিল ৷ হয়তো এদিন কমিব পাৰে বা ইফাল সিফাল হ’ব পাৰে ৷ ইয়াৰ পূৰ্বে আমি এদিন বহি সকলো পৰিস্থিতিটো পৰ্যৱেক্ষণ কৰি আলোচনা কৰিম ৷ পৰিস্থিতিৰ সপক্ষেহে আমাৰ গোটেই কাৰ্যসূচী ৷ পৰিস্থিতিক বাদ দি আমি অনুষ্ঠান কৰাৰ চিন্তা নকৰো ৷ গতিকে পৰিস্থিতি যেনেকুৱা হ’ব সেইমতে আমি অনুষ্ঠান পাতিম ৷ উল্লেখ্য যে কাৰ্যালয় উদ্বোধনৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কো- অপাৰেটিভ চ’চাইটি লিমিটেডৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই উদ্বোধন কৰে ৷ সভাত পদাধিকাৰ কমলাকান্ত গগৈয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ৷ সভাত সংঘৰ কেইবাগৰাকীও বিষয়ববীয়াৰ লগতে চ’চাইটিৰ বিষয়ববীয়া, বঙাইগাঁও, কোকৰাঝাৰ আৰু বিজনী জিলা শাখাৰ  মূলৰ সদস্য, সংঘৰ তিনিওখন জিলা শাখাৰ সভাপতি আদিও উপস্থিত থাকে ৷ উল্লেখ্য যে কাৰ্যসূচীৰ আৰম্ভণিতে পুৱা পৰিৱেশ নিকাকৰণ আৰু নাম – প্ৰসংগ অনুষ্ঠিত হয় ৷ 

ওদালগুৰি জিলা সাহিত্য সভাৰ পূৰ্ণাঙ্গ অধিবেশন

ওদালগুৰি জিলা সাহিত্য সভাৰ ২য় বৰ্ষৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত  ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলাৰ সভাপতি হৰেশ্বৰ কলিতাৰ সভাপতিত্বত ১৯ছেপ্তেম্বৰত অনুষ্ঠিত হৈ যায়। ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পবিত্ৰ শৰ্মাই আঁতধৰা  উক্ত সভাত ভ্ৰাম্যমাণ পুথিভঁৰালটিৰ শুভাৰম্ভণিৰ সম্পৰ্কে অৱগত কৰে আৰু জিলাখনৰ ২৪ খন শাখাৰ প্ৰতিখনলৈ ৩০ খনকৈ গ্ৰন্থৰ টোপোলা বিতৰণ কৰে ৷ সম্পাদক ড° শৰ্মাই ব্যতিক্ৰমী ভ্ৰাম্যমাণ পুথিভঁড়াল সম্পৰ্কে চিন্তা-চৰ্চাৰ কথা অৱগত কৰি কিদৰে আগবঢ়াই নিব পাৰি এই সন্দৰ্ভত জিলা-শাখাৰ সন্মানীয় বিষয়ববীয়া আৰু সদস্য সকলকো  পৰামৰ্শ আগবঢ়াবলৈ  আহ্বান জনায়৷ ইয়াৰ পাছতেই ওদালগুৰি জিলা সাহিত্য সভাৰ দুবছৰীয়া কাৰ্যকালৰ সময়ত গ্ৰহন কৰা বিভিন্ন কাৰ্যসূচী সম্পৰ্কে সম্পাদক ড° শৰ্মাই সভাত  অবগত কৰে।সভাৰ সিদ্ধান্তমৰ্মে জিলাৰ ২০২০-২২ বৰ্ষৰ পূৰ্ণাঙ্গ অধিবেশনখনি কবিৰালি সাহিত্য সভাৰ আমন্ত্ৰণক্ৰমে ২০২২ বৰ্ষৰ জানুৱাৰীত কবিৰালিত অনুষ্ঠিত হব।ইয়াৰ উপৰিও হাতীগড়,ধনশ্ৰী,চুঙাখুটি শাখা সাহিত্য সভাক নতুন শাখা হিচাপে  সভাৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰে। গল্প সাধনা বঁটা টংলাৰ বিশিষ্ট গল্পকাৰ জয়ন্ত চক্ৰৱৰ্তীক  বামুনজুলি শাখা সাহিত্য সভাৰ উদ্যোগত অহা ৩ অক্টোবৰত অনুষ্ঠিত হব লগা লক্ষ্মীনাথ  বেজবৰুৱাৰ জন্মদিৱসত বঁটা প্ৰদানৰ লগতে গল্প বিষয়ক আলোচনা চক্ৰ অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে। ইপিনে অহা ১৭ অক্টোবৰত কবি সন্মিলন উপ সমিতিৰ সহযোগত খৈৰাবাৰীৰ ঝাৰগাওঁৰ দক্ষতা বিকাশ কেন্দ্ৰত এখনি কবি সন্মিলনৰ আয়োজন কৰা হৈছে বুলি আহ্বায়িকা ৰঞ্জি শইকীয়া ডেকাই সভাত জানিবলৈ দিয়ে।ইয়াৰ লগতে সভাত ন্যাস পূঁজি,কুঁহি,আকাশ,কবি সন্মিলন উপ সমিতি সমূহৰ আহ্বায়ক সকলে তেওঁঁলোকৰ কামৰ প্ৰতিবেদন দাঙি ধৰে।শেষত জাতীয় সংগীতেৰে সভাৰ সামৰণি পৰে।

দুলীয়াজানৰ হাতীজান চাহ বাগিচাত নাহৰফুটুকীৰ সন্ত্ৰাস : কাণসাৰ নাই বনবিভাগৰ

দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত হাতীজান চাহ বাগিচাত নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে । দিনে-ৰাতিয়ে নাহৰফুটুকীৰ মুক্ত বিচৰণকলৈ এতিয়া বাগিচাৰ শ্ৰমিক সকলৰ মাজত আতংকই বিৰাজ কৰিছে । প্ৰাপ্ত বাতৰি অনুসৰি দীৰ্ঘদিনৰ পৰা উক্ত চাহ বাগিচা এলেকাত কেইবাটাও নাহৰফুটুকীয়ে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে ৰাইজৰ গৰু আৰু ছাগলী বধ কৰি ভক্ষণ কৰি আহিছে । এইক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিবলৈ বাগিচাৰ শ্ৰমিক সকলে বাৰম্বাৰ বনবিভাগকক আবেদন-নিবেদন জনাই আহিছে যদিও আজিকোপতি কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । যাৰ ফলত বাগিচাৰ শ্ৰমিক ক্ষোভিত হৈ পৰিছে । অতি শীঘ্ৰে শ্ৰমিক সকলক নিৰাপত্তা দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে ।

বোকাখাতত সাংসদ গৌৰৱ গগৈঃ ৰাজ্যসভাৰ সাংসদ হিচাপে সৰ্বানন্দ সোনোৱালক ৱাক অভাৰ

আগন্তুক ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছে সৰ্বানন্দ সোণোৱালক সমৰ্থন দিয়াৰ ইংগিত দিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে ৷ আজি পোলেণ্ডত অনুস্থিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত ব্যক্তিগত শাখাত ব্ৰঞ্জ, দলীয় আৰু পুৰুষ তথা মহিলাৰ শাখাত সোণৰ পদক জয়ী বোকাখাতৰ বিশাল চাংমাইৰ বোকাখাতস্থিত বাসভৱনত সাংবাদিকৰ আগত এই ইংগিত দিয়ে সাংসদগৰাকীয়ে ৷ সৰ্বানন্দ সোণোৱালক বিজেপি দলে অন্যায় কৰিছে বুলি মন্তব্য কৰি সাংসদজনে ক’ত কেন্দ্ৰীয় মন্ত্ৰী আৰু ক’ত ৰাজ্যসভাৰ সাংসদ বুলিও প্ৰশ্ন কৰে ৷ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিসম্বাদৰো PHD আছে বুলি কৈ সৰ্বানন্দ সোণোৱালক অতি পৰিকল্পিত ভাৱে মুখ্যমন্ত্ৰীত্বৰ পৰা ডাঃ শৰ্মাই বঞ্চিত কৰিলে বুলিও উল্লেখ কৰে সাংসদ জনে ৷ অৱশ্যে ৰাজ্যসভা সম্পৰ্কত গগৈয়ে কৰা মন্তব্যও একান্ত ব্যক্তিগত বুলিও উল্লেখ কৰে ৷ থাওৰা আৰু মৰিয়নী সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী উপ নিৰ্বাচনত জয়ী হ’ব বুলি কৈ সাংসদজনে সমষ্টি দুটাত বহু লোকে কংগ্ৰেছৰ পৰা টিকট বিছৰাৰ কথাও জানিবলৈ দিয়ে ৷ বিশাল চাংমাইৰ নিজা ঘৰত সাংসদ গৰাকী উপস্থিত হৈ সম্বৰ্ধনা জনায় ৷ ঝাৰখণ্ডত অনুস্থিত হ’ব লগা চিনিয়ৰ ৰাষ্ট্ৰীয় আৰ্চাৰী প্ৰতিযোগিতাৰ পূৰ্বেই এখন ধনু প্ৰদানৰো আশ্বাস দিয়ে ৷ উল্লেখ্য যে, বিশাল চাংমায়ে লোকৰ ধনুৰেই খেলি স্বৰ্ণজয় কৰিবলৈ সক্ষম হৈছিল ৷

ৰহাৰ মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁহাই থানত পৰম্পৰাগত হোমপুৰা সবাহ : পুনৰ নিৰ্মান কৰা মূল কীৰ্ত্তন ঘৰ মুকলি

ৰহাত এখন পুৰণি মহিমামণ্ডিত থানত চলিছে  নাম প্ৰসংগ ।হৰি নাম কীৰ্ত্তনেৰে মুখৰিত হৈছে থান খনৰ চৌদিশ ।আহোমৰ ৰাজত্ব কালৰ আগতে কছাৰী সকলৰ অধীনত থকা মধ্য অসমৰ কলঙৰ পাৰত কছাৰী ৰজাৰ অধীনত থকা ৰহাৰ দীঘলদৰিত কছাৰী সকলে প্ৰতিষ্ঠা কৰিছিল তিনিখন থান । তিনিজোপা আঁহতৰ তলত শিলৰ ক’লা – মটীয়া ,  আগজোঙা কেইবা বৰনৰ শিলপাতি পূঁজা কৰা বৰবৰী ,গোঁসাই বৰীত আজিও জংঘলত আছে যদিও কলঙৰ দক্ষিণ পাৰে থকা থানখনৰ কাষতে আহোমৰ ৰাজত্বকালত ৰহাচকীৰ তলতীয়া বিষয়া বৰুৱাৰ কোঠ পাতি দিয়াত থানখনৰ নামাকৰণ হৈছিল বামন গোঁসাই থান ।আজিৰ ৰহাৰ দীঘলদৰিৰ পূৱ মূৰত থকা  মহিমামণ্ডিত শ্ৰী শ্ৰী বামন গোঁহাই থানত পূৰ্বাপৰ ভাৱে পৰম্পৰাগত ভাৱে বিশেষ ৰীতি নীতিৰে পালিত হৈ আহিছে  কেইটামান বিশেষ লোক উৎসৱ । তেলপুৰা সবাহ , হোমপুৰা সবাহ কিছুদিন থানখনত পালিত হোৱা নাই যদিও প্ৰতি বছৰে বহাগ মাহত পালিত হয় হোমপুৰা সবাহ । পুৱা অকুমাৰী ছোৱালীয়ে পানী তুলি শিলৰ বিগ্ৰহক মাহ হালধীয়ে গা ধুৱাই , হোম যজ্ঞ কৰি নাম কীৰ্তন কৰে । প্ৰকৃতিৰ সুৰক্ষা আৰু  জনকল্যাণৰ বাবেই কেইবাশতিকা ধৰি  পালিত উৎসৱটো প্ৰতিবছৰে বহাগ মাহত পালিত হয় যদিও কভিড মহামাৰিৰ বাবে সকলো প্ৰস্তুতি সমাপ্ত কৰিও পাছোৱাব লগীয়া হয় ।সেয়ে আজি  আহিনত পাতিব লগীয়া হয় ‌। ৰহাৰ কলঙপৰীয়া  এক বৃহৎ অঞ্চলৰ ৰাইজে উপবাসে  এইলোক উৎসৱ পালন কৰে ।থানখনৰ মূল মন্দিৰ ভাগো ১১২ জন ভক্তগ দিয়া দান বৰঙনিৰে পুনৰ নিৰ্মান কৰি আজি ৰাইজে মুকলি কৰে ।

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল

দৰঙৰ ঐতিহাসিক পাথৰিঘাটত উপস্থিত হৈছে বন্দৰ জল জাহাজ তথা আয়ুস মন্ত্রানলয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল।জিলাখনৰ ইতিহাস প্ৰসিদ্ধ পাথৰিঘাটত উপস্থিত হৈ সাতকুৰি শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই।ইয়াৰ পিছতেই ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সেৱা আৰু সংকল্প অভিযানৰ এক স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে স্থানীয় সাংসদ গৰাকীয়ে।আনহাতে আগন্তুক উপ নিৰ্বাচনৰ ক্ষেত্ৰত দলৰ সকলো তথ্য ৰাজহুৱা কৰা হব বুলি উল্লেখ কৰে।

বাঘমাৰাত ভাদমহীয়া ভাগৱত পাঠৰ সামৰণি অনুষ্ঠান

নলবাৰী জিলাৰ  বাঘমাৰা গাঁৱৰ আলিকাষ চুবুৰী নামঘৰত আজি দিনযোৰা কাৰ্যসূচীৰে  ভাদমহীয়া ভাগৱত পাঠ,নাম সংকীৰ্তন,সম্বৰ্ধনা অনুষ্ঠান আদি অনুষ্ঠিত হয়। পবিত্ৰ ভাদ মাহ উপলক্ষে গোটেই ভাদ মাহটো উক্ত নামঘৰত অঞ্চলটোৰ পুৰুষ-মহিলাসকলে নাম কীৰ্তন কৰি আহিছিল। আজি সামৰণি অনুষ্ঠান হিচাপে ৰাতিপুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ  লগতে  পূৱ-নলবাৰী মিলন আঞ্চলিক থিয় আৰু দিহা নাম দলৰ নাম প্ৰদৰ্শনে ৰাইজক আল্পুত কৰি তোলে।উক্ত অনুষ্হানত অঞ্চলটোৰ  জী-জোৱাই আৰু কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। পৰিচালনা সমিতিৰ সভাপতি -সম্পাদক ক্ৰমে অমৰ কলিতা আৰু বিনোদ তালুকদাৰে আঁত ধৰা অনুষ্ঠানটিত  ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মা, ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ প্ৰাক্তন সভাপতি মৃদুল কলিতাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব‍্যক্তিয়ে অংশগ্ৰহণ কৰে।

নলবাৰী চহৰলৈ আদৰণি তোৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান

নলবাৰী জিলাৰ প্ৰাণস্বৰূপ নলবাৰী চহৰলৈ প্ৰৱেশ কৰিবলৈ থকা ৰাষ্ট্ৰীয় ঘাইপথ গনেশ মন্দিৰ চকৰ পৰা চহৰলৈ থকা পথত কেইবা কৌটি টকাৰ ব্যায়সাপেক্ষে অভিলাসি তোৰন নিৰ্মানৰ বাবে আধাৰশিলা স্থাপনৰ কাৰ্য্যসূচী ৰূপায়ন কৰে।  তোৰণখনৰ পৰিকল্পনা কৰে নলবাৰী ৰ সু সন্তান নুৰুদ্দীন আহমেদে।আধাৰশিলা স্থাপন কৰে ভাৰতীয় জনতাপাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙ্গলদৈ লোকসভা সমষ্টি সাংসদ দিলীপ কুমাৰ শ‌ইকীয়া, ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু,মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকন,ভাৰতীয় জনতা পাৰ্টী নলবাৰী জিলা সমিতিৰ সভাপতি ডা: মৃগাঙ্ক তালুকদাৰে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰি ভাষন প্ৰসঙ্গত সাংসদ দিলীপ শ‌ইকীয়াই নলবাৰী চহৰক ৰাজ্যৰ ভিতৰত জাকত জিলিকা কৰি তোলা হব বুলি উল্লেখ কৰে । আনহাতে মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ভাষন প্ৰসংগত ২০১৬ চনৰ আগৰ কংগ্ৰেছৰ চৰকাৰক  কঠোৰ ভাবে সমালোচনা কৰে।তেওকয় যে আগৰ চৰকাৰৰ দিনত কোনো উন্নয়ন হোৱা নাছিল কাৰণ  সেইচৰকাৰখন উটৰলেখিয়া আছিল।গতিকে উটক ভেৰাৰখীয়াপতা বাবে দেশখনৰ উন্নয়ন হোৱানাছিল ।কংগ্ৰেছ চৰকাৰ দুৰ্নীতি গ্ৰস্হ হৈ ৰাইজৰ কৰ কাতল আত্মাস্যাৎ কৰিছিল । তদুপৰি শিক্ষামন্ত্ৰী ৰণোজ পেগুয়ে সংবাদ মাধ্যমৰ আগত কাইলৈ দশম শ্ৰেণীৰ পাঠদান আৰম্ভ হব বুলি মন্তব্য প্ৰকাশ কৰে  । তদুপৰি শ্ৰেণী কোঠাত সৰ্বাধিক ৩০ গৰাকী ছাত্ৰ ছাত্ৰীক পাঠদান কৰাব পাৰিব তথা যদি কোনোবা শ্ৰেণীকোঠাত ৩০ গৰাকীতকৈ অধিক শিক্ষাৰ্থী হয় তেন্তে শ্ৰেণী কোঠা দুটা শাখাত বিভক্ত কৰি পাঠদান কৰা হব বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে  ।