Home Blog Page 2845

চামতাত উত্তৰণৰ ২১ দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ

“ নৃত্য নাটকৰ কৰ্মশালা বা প্ৰশিক্ষনে শিশুৰ চৰিত্ৰ গঠনত সহায় কৰে ৷ শিশু ,কিশোৰ সকল সদায় বন্ধু বান্ধৱৰ লগত খেলি ভাল পায় ৷ নৃত্য বা নাট কৰ্মশালাত তেওঁলোকে সমুহীয়া ভাৱে শাৰিৰীক কচৰৎ কৰাৰ লগতে কৰ্মশালাৰ বিভিন্ন নিয়মনীতি, নীতি কথা আৰু নাটকৰ আদব কায়দা শিকিব পায় যাৰফলত শিশু সকলৰ চৰিত্ৰ গঠন হয় ৷”  নলবাৰী জিলাৰ চামতাত কালি পশ্চিম নলবাৰী অঞ্চলৰ  স্হানীয় চামতা চানৰাইজ ক্লাৱৰ প্ৰেক্ষাগৃহত উত্তৰণ সাংস্কৃতিক গোষ্ঠী চামতাৰ উদ্যোগত এক ২১ দিনীয়া নাট কৰ্মশালাৰ শুভাৰম্ভ কৰি দিয়া ভাষণত প্ৰবীন সাংবাদিক,  শিক্ষাবিদ,   অভিনেতা, পৰিচালক ৰাজেন বৈশ্যই এনেদৰে কয় ৷ দিনৰ প্ৰায় ১২ বজাত কৰ্মশালাত কৰ্মশালা উদ্বোধনী অনুষ্ঠানত প্ৰথমে বন্তি প্ৰজ্বলন কৰে চামতা চানৰাইজ ক্লাৱৰ সভাপতি হৰিচৰণ শৰ্মাই ৷ উদ্বোধনী অনুষ্ঠানত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন ইলুচন শিল্পী সুচিব্ৰত ৰয় , মিমিক্ৰি শিল্পী গৌতম বৰ্মন, প্ৰবীন সাংবাদিক হিতেশ্বৰ লহকৰ, মঞ্চ আৰু সৰু পৰ্দাৰ জনপ্ৰিয় অভিনেতা সুকুমাৰ বৰ্মন, সাংবাদিক, সমাজকৰ্মী দুলাল ডেকা নিমন্ত্ৰিত অতিথি হিচাবে উপস্হিত থাকি নাটক, কৰ্মশালাৰ বিষয়ক ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত শিল্পী গৌতম বৰ্মনে মিমিক্ৰি কৰি সকলোকে আমোদ দিয়ে ৷ কৰ্মশালাৰ উদ্যোগক্তা উত্তৰণৰ বিষয়ববীয়া কুলদ্বীপ তালুকদাৰে আতধৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়ায় প্ৰজ্ঞা তালুকদাৰে ৷

বিশ্বনাথঘাটত উদ্ধাৰ ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ

বিশ্বনাথৰ ভাছাতাপোত উদ্ধাৰ হোৱা মৃতদেহৰ পৰিচয় নিশ্চিত কৰা হল।মৃতদেহটো ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।মৃতদেহৰ পকেটৰ মানি বেগৰ পৰা পোৱা পৰিচয়পত্ৰৰ পৰা জানিব পৰা গৈছে এই কথা।মানি বেগৰ ভিতৰত ভোটাৰ কাৰ্ড,ড্ৰাইভিং লাইচেঞ্চ,পান কাৰ্ড আৰু বহু গুৰুত্বপূৰ্ণ নথি পত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।বিশ্বনাথঘাটত উদ্ধাৰ হোৱা মৃতদেহতো জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰা হৈছে।
খুৰাকে চিনাক্ত কৰিছে মৃতদেহতো।নথি পত্ৰ উদ্ধাৰ হৈছে মৃতদেহটোৰ সৈতে।
যোৱা ৮ ছেপ্টেম্বৰত পত্নীক জীৱনদান দি নিজেই মহাবাহু ব্রহ্মপুত্রৰ বুকুত বিলীন হৈ যোৱা ইন্দ্রেশ্বৰ বৰাৰ বেগ এটা শুকুৰবাৰে বিশ্বনাথত উদ্ধাৰ হোৱাৰ পাছতে আজি পুৱা বিশ্বনাথঘাটৰ ভাচাতাপুত ইন্দ্রেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হয় । ভটিয়নি সোঁতত উটি অহা মৃতদেহটো আজি উদ্ধাৰ কৰা হয়। ব্রহ্মপুত্রৰ মাজত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনৰক্ষীয়ে নিয়মীয়া তহলৰ সময়তে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষীয়ে মৃতদেহটোৰ পকেটৰ পৰা উদ্ধাৰ হোৱা নথি-পত্ৰৰ সহায়তেই মৃতদেহটো ইন্দ্রেশ্বৰ বৰাৰ বুলি চিনাক্ত কৰে।

উল্লেখ্য যে, উক্ত স্থানৰ পৰা কিছু নিলগতে যোৱা শুকুৰবাৰে উদ্ধাৰ হৈছিল ইন্দ্ৰেশ্বৰ পৰা পত্নীৰ বেগটো।

চাপৰত পিষ্টল সহ দুজন লোকক আটক

ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে শুক্ৰবাৰে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি অভিযান চলাই দুটা পিষ্টল সহ দুজন লোকক আটক কৰিবলৈ সক্ষম হয়। জানিব দিয়া মতে লোক দুজন AS19E-4960  নম্বৰৰ এখন পালচাৰ বাইকেৰে বিলাসীপাৰা অভিমুখে আহি থকা অবস্থাত চাপৰ আৰক্ষী আৰু শালকোচা আৰক্ষীৰ সহযোগত লোক দুজনক আটক কৰিবলৈ সক্ষম হয়।লোক দুজনৰ পৰা এটা 9MM পিষ্টল, এটা 7.6MM পিষ্টল আৰু এটা সজীৱ গুলি জব্দ কৰে। আটোকাধীন লোকদুজন ক্ৰমে গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত মজামেল হোক আৰু আনজন বাছিৰুল হোক বুলি জানিব দিয়ে। আটোকাধীন লোকদুজনক ইতিমধ্যে  চাপৰ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয় সোণাৰিলৈ স্হানান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

নাজিৰা মহকুমাত অৱস্হিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়টি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুসৰি চৰাইদেউ জিলাৰ সোণাৰিলৈ স্হানান্তৰ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি নাজিৰাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷নাজিৰা ,শিৱসাগৰ ,ডিব্ৰুগড় ,তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিয়ে নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি কোনো কাৰণতে কাৰ্যালয়টো স্হানান্তৰ কৰিবলৈ দিয়া নহব বুলি উল্লেখ কৰি অনিৰ্দিষ্ট দিনলৈ আন্দোলন চলাই যাব বুলি সকিয়াই দিয়ে ৷ ঠিকাদাৰ সমিতিৰ শতাধিক কৰ্মীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰি বি জে পি নেৰ্তৃত্বাধীন চৰকাৰ হায় হায় , মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ , জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী মূৰ্দাবাদ , নাজিৰা সংমণ্ডল কাৰ্যালয় সোণাৰীলৈ স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক আদি বিভিন্ন শ্ল’গানেৰে ধৰ্ণা দি উত্তাল কৰি তোলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় চৌহদ । পিছত নাজিৰা , শিৱসাগৰ , ডিব্ৰুগড় , তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সভাপতি ৰমেশ কুমাৰ শৰ্মা আৰু সম্পাদক অপূৰ্ব লাহনৰ স্বাক্ষৰেৰে কাৰ্যালয়টি স্থানান্তৰ কৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত জিলা উপায়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ এখনিকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । 

আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী

 বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক। ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে। লগতে ক’লে নিমাতী–মাজুলী ফেৰীসেৱাৰ আধুনিকীকৰণৰ কথা। একক ইঞ্জিনচালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজ ব্যৱস্থা কৰিলে ।কথা মতেই কাম। আজিৰে পৰা চলাচল নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট। লাইফ জেকেট পৰিধান নকৰাকৈ ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনাইছে সকলোৱে। বহু জনে ক’লে – এই পদক্ষেপ কেতিয়াবাই ল’ব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা সদায় অৱ্যাহত থকাৰ কামনা কৰিছে।

নগৰবেৰাৰ খামেৰীত কাপোৰ ধুব গৈ নৈত পৰি কিশোৰীৰ সলিল সমাধি

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত খামেৰী ভিটাপাৰাত কাপোৰ ধুব গৈ সলিল সমাধি ঘটিল এগৰাকী বাৰ বছৰীয়া কিশোৰীৰ। গাঁৱখনৰ আব্দুৰ ৰহিমৰ কন্যা ১২ বছৰীয়া বিউটিয়াৰা পাৰবীণে কাপোৰ ধুব গৈ শুক্ৰবাৰে কৰুণ মৃত্যুক সাৱটিলে। পানীৰে পৰিপূৰ্ণ খামেৰী নদীত ঘৰৰ কাপোৰ-কানি ধুব গৈছিল কিশোৰী গৰাকী, কেনেবাকৈ  নৈৰ পানীত পৰি সন্ধানহীন হোৱাৰ বহু পৰৰ পাছতহে তৎ পাই পৰিয়ালটোত হুৱাদুৱা লাগে। কিশোৰী গৰাকীক ততালিকে নগৰবেৰা চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে চাইচিতি মৃত বুলি ঘোষণা কৰে। এনে শোকাবহ কাণ্ডই গাঁৱখনত বিয়পাইছে শোক আৰু চাঞ্চল্য। 

দুৰাৰোগ্য ৰোগত আক্ৰান্ত ছিপাঝাৰৰ হাতীমূৰীয়া গাঁৱৰ কণমানি : আৰ্থিক সাহাৰ্যৰ প্ৰয়োজন

পখিলা খেদা বয়সতে ছিপাঝাৰৰ এগৰাকী কণমানি শিশু জটিল ৰোগত আক্ৰান্ত হৈছে । দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱৰ অতুল নাথ আৰু মৃদুলা ৰাজবংশীৰ একমাত্ৰ কন্যা সন্তান কৃষ্টিপ্ৰিয়া নাথ  ।  পৰিয়ালটোয়ে দুচকুত অযুত সপোন লৈ সোণালী জীৱনৰ বাটত খোজ দিছিল  কৃষ্টিপ্ৰিয়াক লৈ । কিন্তু পৰিতাপৰ বিষয় ৰাজহাড় আৰু স্নায়ুৰ জটিল সমস্যাৰ বাবে চাৰি বছৰ ধৰি বিচনাতে শুই থাকিব লগীয়া হৈছে কণমানি কৃষ্টিপ্ৰিয়া । এতিয়া এক গভীৰ অনিশ্চয়তাৰ মাজেৰে যুঁজ দি আগবাঢ়িব লগীয়া হৈছে কনমাণিজনীৰ পৰিয়ালটো  । ইপিনে একমাত্ৰ কন্যাৰ এনে ব্যয়বহুল ৰোগৰ চিকিৎসাৰ বাবে দৰিদ্ৰ পিতৃ মাতৃৰ হাতত নাই পৰ্যাপ্ত ধন । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত  চিকিৎসা কৰি আছে যদিও  চিকিৎসকে জনোৱা মতে সম্পূৰ্ণ আৰোগ্য লাভ কৰিবলৈ হলে খৰচ কৰিব লাগিব কেইবালাখ টকা । এখন পান দোকানৰ জৰিয়তে পৰিয়াল পোহপাল দিয়া পিতৃ অতুল নাথে এনে ব্যয়বহুল চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন বিচাৰি এতিয়া  দিক-বিদিক হেৰুৱাই পেলাইছে  । এনে পৰিস্থিতিত অসহায় পৰিয়ালটোৱে কন্যা সন্তান গৰাকীৰ চিকিৎসাৰ বাবে সহৃদয় ৰাইজৰ পৰা বিচাৰিছে আৰ্থিক সাহাৰ্য । একেদৰে সু-চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ  স্বাস্থ্য মন্ত্ৰী  কেশৱ মহন্তকো কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে  । ইফালে পৰিয়াটোৰ আৰ্থিক সাহাৰ্যৰ বাবে কৃষ্টিপ্ৰিয়াৰ মাতৃৰ নামত থকা একাউন্ট নং 3480395588  আই এফ চি  CBIN0283240 ত সহায়ৰ হাত আগবঢ়াবলৈ  সদাশয় ৰাইজক অনুৰোধ জনাইছে কৃষ্টিপ্ৰিয়াৰ পিতৃ মাতৃয়ে । 

প্ৰতিবছৰৰ ৯ ছেপ্তেম্বৰত ঐক্য সেনা অসমে প্ৰদাণ কৰিব যাদু সম্ৰাট এম হুছেইন সোৱঁৰণী বটা

 মই যি কম আপোনালোকে তাকেই শুনিব, আৰু মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব,  ,,,,,  এসময়ত এই গুৰু গম্ভীৰ কন্ঠশ্বৰে অসম ভাৰতৰ প্ৰতিখন যাদুৰ মঞ্চ কপাঁই তুলা যাদু সম্ৰাট এম হুছেইন আছিল  একক, অনন্য, আৰু অদ্বিতীয় ৷এই মন্তৰ্ব্য গড় গাও মহাবিদ্যালয়ৰ অধক্ষ্য তথা বিশিষ্ঠ নিৱন্ধকাৰ, তথা লিখক ড় সব্যসাচী মহন্তৰ ৷ঐক্য সেনা অসমৰ উদ্যোগত যাদু সম্ৰাট এম হুছেইনৰ  ২২ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি আয়োজিত স্মৰ্তিচাৰণ অনুষ্ঠানটিত মূখ্য অতিথি হিচাবে উপস্থিত থকা ড় সব্যসাচী মহন্তই কয় যে,  যাদু সম্ৰাট এম হুছেইনে অসমৰ যাদু কলাক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত  এক নতুন ৰুপত প্ৰতিস্থা কৰিছিল ৷সকলো অলৌকিকতা, অন্ধ বিশ্বাসৰ বিপৰীতে এক মাত্ৰ দুহাতৰ কৌশলী কলাৰ দ্বাৰা বিজ্ঞানৰ সহায়ত ৰুপায়ণ কৰা প্ৰতিটো যাদুৰ খেলেই দৰ্শকক লৈ গৈছিল অন্য এখন পৃথিৱীৰ মায়াজালৰ  মাজলৈ ৷অন্ধ বিশ্বাস কূ সংস্কাৰৰ বিপৰীতে যাদু সম্ৰাট এম হুছেইনৰ যাদুত আছিল মনোৰঞ্জন আৰু চিন্তাৰ খোৰাক ৷৯ / ৯ / ৯৯ চনৰ এটা যাদুকৰী সংখ্যাত মাত্ৰ ৫৫  বছৰ বয়সতেই পৃথিৱীৰ পৰা আঁতৰি যোৱা এম হুছেইনে ১৯৭৩ চনতেই  কলকতাত অনুষ্ঠিত আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ যাদুৰ মঞ্চত বিশ্বৰ আগশাৰীৰ যাদুকৰৰ উপস্থিতিত যাদুৰ সম্ৰাট হিচাবে বিভূষিত হোৱা যাদু সম্ৰাট এম হুছেইনৰ নামৰ সন্মুখত থকা শীৰ্ষক সন্মানীয় সম্ৰাট শব্দটোক আঁতৰাই পেলাবলৈ এটা প্ৰতিক্ৰিয়াশীল চক্ৰই কৰা অপচেষ্টাক বাতুলামিৰ বাদে একো নহয় বুলিও তীৰ্য্যক মন্তৰ্ব্য কৰে ড় মহন্তই ৷মঞ্চৰ মায়াজালৰ মাজেৰে যাদু সম্ৰাট এম হুছেইনে কূশল কোঁৱৰক বিট্ৰিছে দিয়া  নিৰ্মম ফাঁচীৰ বিৰুদ্ধে মঞ্চতে প্ৰতীকি ৰুপত শ্বহীদ কূশল কোঁৱৰৰ ফাচীঁৰ দৃশ্য উপস্থাপন কৰি ফাঁচি কাঠৰ পৰিৱৰ্তে দৰ্শকৰ মাজৰ পৰা উলিয়াই আনিছিল কূশল কোঁৱৰক ৷ছাহ জাহানৰ সপোন শীৰ্ষক  কৱৰৰ পৰা মমতাজক জীৱন্ত ৰুপত তুলি অনা শিহৰণকাৰী যাদুৰ দৃশ্যই আজিও হাজাৰ হাজাৰ দশকক আলোড়িত কৰি তুলা যাদু সম্ৰাট এম হুছেইনে মুখৰ পৰা ২২  শ ফুট  দীঘল কাগজৰ টুকুৰা উলিয়াই এক বিৰল অভিলেশৰো সৃষ্টি কৰি থৈ গৈছে ৷ গোড়া, ৰক্ষণশীলতাৰ বিপৰীতে সকলোৰে উদ্ধত যাদু কলাৰ মাজেৰে সাংস্কৃতিক আৰু সমন্বয়ৰ মিলন ঘটাই ভাৰতৰ সন্মুখত অসমক এক সুকীয়া ৰুপত চিনাকী কৰি দিয়া যাদু সম্ৰাট এম হুছেইন যে একক , অনন্য, আৰু অদ্বিতীয় আছিল  সেইয়া তেওৰ সৃষ্টিৰাজী, কৰ্মৰাজীয়েই তাক প্ৰমাণ কৰে ৷ ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই  উদেশ্য ব্যাখ্যা কৰা দলমুখ ছাৰিআলিৰ  জয়দয়াল খেমকা মাতৃ সেৱা সদনৰ সুধাকন্ঠ ড় ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজিত স্মৰ্তিচাৰণ অনুষ্ঠানটোৰ আৰম্ভনিতেই যাদু সম্ৰাট এম হুছেইনৰ ২২ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ২২ গছি বন্তি প্ৰজ্বলনেৰে প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলী নিৱেদন কৰা হয় ৷একেটা অনুষ্ঠানতেই নিমাতিৰ কৰুণ নাওঁ দুৰ্ঘটনাত নিহতৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে একে স্থানতেই বন্তি প্ৰজ্বলনৰ লগতে এক মিনিট সময় মৌন প্ৰাৰ্থনাৰে নিহতৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতৰ সুস্বাস্থ্য কামনা কৰা হয় হয় ৷সম্পুৰ্ণ কভিড প্ৰটকল মানি সীমিত  সংখ্যক শুভাকাংশীৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ আঁত ধৰা সম্পাদক ফৰিদ ইছলাম হাজৰিকাই  প্ৰতিবছৰে ৯ চেপ্তেম্বৰ তাৰিখটোত যাদু সম্ৰাট এম হুছেইনৰ প্ৰতি শ্ৰদ্ধা জনাই  যাদু সম্ৰাট এম হুছেইন সোঁৱৰণী শীৰ্ষক এক সাংস্কৃৰ্তিক বটাঁ প্ৰদাণৰ কথাও ঘোষণা কৰে ৷একেটা অনুষ্ঠানতেই যাদুশ্ৰী এ হুছেইন, উত্তৰ পুৰ্বাঞ্চলৰ শ্ৰেষ্ঠ যাদুকৰ  জে এন বৰুৱাৰ লগতে জেষ্ঠ সাংবাদিক তথা যাদু শিল্পী খলিলুৰ ৰহমান হাজৰিকা, লিখক আছাদ উল্লাকো বিশেষভাৱে সন্মান জনোৱা হয় ৷উল্লেখ্য যে আজিৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি যাদু সম্ৰাটৰ সোঁৱৰণত চকুত কলা কাপোৰ বান্ধি ব্যস্ততম পথত বাইক চালনাৰ এক অনুষ্ঠানৰ প্ৰস্ততি চলোৱা হৈছিল যদিও নিমাতীৰ নাও দুৰ্ঘটনাৰ নিহতৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জনাই সেই অনুষ্ঠান বাতিল কৰা হয় ৷

মুখ্যমন্ত্রী সাহায্য পুজিৰ পৰা ধুবুৰী জিলা বিজেপি প্ৰদান কৰিলে ৪৫ হেজাৰ টকা চেক দুখীয়া পৰিয়ালক

:৯চেপ্তম্বৰত ধুবুৰী ভাৰতীয় জনতা পার্টি ৰ কাৰ্য্যালয় ত অনুষ্ঠিত এক সভাত  ভাৰত বাংলাদেশ সীমান্ত সএশাল ৰ বাসিন্দা তথা চকু অপাৰেচন ৰোগী তাপস সেন ক জিলা বিজেপি ৰ উদ্দোগত জিলা সভাপতি দেব ময় সান্যাল, জেষ্ঠ্য বিজেপি নেতা বিমল ওচৱাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিতিত  মূখ্য মন্ত্রী সাহায্য পুজি ৰ পৰা ৪৫ হেজাৰ টকাৰ চেক বিতৰন কৰে জিলা সভাপতি দেব ময় সান্যাল।  উল্লেখ্য তাপস সেন তেওৰ চিকিৎসা ৰ বাবে মুখ্যমন্ত্রীৰ ওচৰত আবেদন কৰিছিল। 

নিমাতীঘাটৰ বিননীত সাৰ পালে ৰজাঘৰে! আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী

বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক। ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে। লগতে ক’লে নিমাতী–মাজুলী ফেৰীসেৱাৰ আধুনিকীকৰণৰ কথা। একক ইঞ্জিনচালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজ ব্যৱস্থা কৰিলে।

কথা মতেই কাম। আজিৰে পৰা চলাচল নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট। লাইফ জেকেট পৰিধান নকৰাকৈ ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনাইছে সকলোৱে। বহু জনে ক’লে – এই পদক্ষেপ কেতিয়াবাই ল’ব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা সদায় অৱ্যাহত থকাৰ কামনা কৰিছে।