Home Blog Page 2846

নিমাতীঘাটৰ বিননীত সাৰ পালে ৰজাঘৰে! আজিৰে পৰা চলিল চৰকাৰী জাহাজ, কেতিয়াও পিন্ধি নোপোৱা লাইফ জেকেট পিন্ধি ফেৰীত উঠিল যাত্ৰী

বুধবাৰৰ দেশ কঁপাই যোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাৰ শিহৰণকাৰী দৃশ্য সকলোৰে চকুৰ আগত এতিয়াও ভাঁহি আছে। মৰণকাতৰ আৰ্তনাদবোৰ আজিও কাণত বাজি আছে। এই ঘটনাৰ পিছতেই সৰ্বত্ৰ ৰজাঘৰীয়াক ককৰ্থনাৰ ঢৌ উঠিল। জবাবদিহি কৰিলে এলান্ধুকলীয়া পদ্ধতিৰে চলি থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক। ঘটনা সংঘটিত হোৱাৰ পিছদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিলে। লগতে ক’লে নিমাতী–মাজুলী ফেৰীসেৱাৰ আধুনিকীকৰণৰ কথা। একক ইঞ্জিনচালিত ফেৰীসমূহ বন্ধ কৰি ছখনকৈ চৰকাৰী জাহাজ ব্যৱস্থা কৰিলে।

কথা মতেই কাম। আজিৰে পৰা চলাচল নিমাতীঘাটত আৰম্ভ হ’ল চৰকাৰী জাহাজৰ চলাচল। জীৱনত কোনোকালেই লাইফ জেকেট পৰিধান কৰি ফেৰীত উঠি নোপোৱা যাত্ৰীয়ে পিন্ধিলে লাইফ জেকেট। লাইফ জেকেট পৰিধান নকৰাকৈ ফেৰীৰে কৰিব নোৱাৰিব যাত্ৰা। চৰকাৰৰ এই ব্যৱস্থাক আদৰণি জনাইছে সকলোৱে। বহু জনে ক’লে – এই পদক্ষেপ কেতিয়াবাই ল’ব লাগিছিল। কিন্তু পলমকৈ লোৱা এনে কঠোৰতা সদায় অৱ্যাহত থকাৰ কামনা কৰিছে।

নগৰবেৰাত বিধ্বস্ত যাতায়তৰ পুতৌজনক ছবি, সাঙীৰে ৰোগীক চিকিৎসালয়লৈ

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাত বিধ্বস্ত যাতায়তৰ এক পুতৌজনক ছবি ,এম্বুলেন্সৰ সলনি ৰোগীক সাঙীৰে নিলে চিকিৎসালয়লৈ। নিঃসন্দেহে ৰাজ্যত যাতায়ত ব্যৱস্থা পূৰ্বতকৈ যঠেষ্ট সুগম-সুচল হৈছে যদিও বহু ভিতৰুৱা গ্ৰামাঞ্চলত আজিও চকুত পৰে দুৰ্গম যাতায়তৰ কেতবোৰ কৰুণ ছবি। নগৰবেৰাৰ ৰাজপথত আজি তেনে এক পুতৌজনক ছবি দৃষ্টিগোচৰ হয়। চাৰি আত্মীয়ই সাঙী এখনত তুলি চিকিৎসালয় অভিমুখে খৰখেদাকৈ খোজ দিছে এগৰাকী ৰোগী লৈ। নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ চৰাঞ্চলত আজিও অব্যাহত বাট-পথৰ শোচনীয় অৱস্থা, তাতে আকৌ শেহতীয়া বানপানীয়ে বিধ্বস্ত কৰি গ’ল প্ৰতিটো পথ,যান-বাহন দূৰৰে কথা, বোকাময় পথত খোজকাঢ়ি যোৱাটোও জটিল। তেনেস্থলত ফোন কৰিলেও গাঁৱলৈ নাযায় এম্বুলেন্স ,ফলত বাঁহৰ সাঙীৰ গত্যান্তৰ নাই। প্ৰথমে নাঁৱত তুলি ৰোগীক পুনৰ সাঙী এম্বুলেন্সত প্ৰায়ে নিয়া হয় চিকিৎসালয় অভিমুখে। আজিও কাছুমাৰা অঞ্চলৰ খোলাবান্ধা (পাঠিমাৰী)গাঁৱৰ জাহিদুল নামৰ মুমুৰ্ষ ৰোগী জনক চাৰিজনে সাঙীৰে নিবলগীয়া হয় চিকিৎসালয়লৈ। ৰাইজৰ প্ৰশ্ন-অসম মুলুকত এনেবোৰ কৰুণ ছবি আঁতৰিব কেতিয়া ? উন্নত হ’বনে ভিতৰুৱা গাঁৱৰ ৰাস্তা-ঘাট সমূহ ?

ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতা।

বিটিআৰ ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ ভূঞাখাট ভিচিডিচিৰ অন্তৰ্গত ডলাগ্ৰেণ্ট গাঁওৰ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সংঘৰ সৌজন্যত আজি চাৰিদনীয়া ফুটবল খেল প্ৰতিযোগীতাৰ সুভৰাম্ভণি কৰে।।ডলাগ্ৰেণ্ট গাঁ‌ৱৰ খেলপথাৰত অনুষ্ঠিত কৰা চাৰিদিনীয়া ফুটবল খেল প্ৰতিযোগীতাত খৈৰা ব্লক উপিপিএলৰ সভাপতি ভূৱন চন্দ্ৰ বড়োয়ে সুভউদ্ধোধন কৰি কয় যে।বিগত দুটা বছৰে কৰো’না মহামাৰীয়ে কৰা সন্ত্ৰাসৰ ফলত ৰাজোহুৱা অনুস্থান এনেধৰণৰ খেল প্ৰতিযোগীতা আয়োজন কৰিব পৰা নাছিল।কিন্তু এইবেলি কৰো’না মহামাৰী প্ৰভাৱ ক্ৰমান্বয়ে হ্ৰাস পোৱাত ডলাগ্ৰেণ্ট কলাগুৰু বিষ্ণুৰাভা সংঘৰ সৌজনত অনুষ্ঠিত কৰা এই ফুটবল খেল প্ৰতিযোগিতাৰ ফলত খেলুৱৈ সকল অধিক উৎসাহিত হ’ব বুলি মন্তব্য দাঙি ধৰে।

ওদালগুৰিত আৰক্ষীৰ এনকাউণ্টাৰত আহত দূধৰ্ষ অপৰাধী

৮ছেপ্তেম্বৰত নিশা দূধৰ্ষ অপৰাধী দাওহাৰো বড়োৰ ভৰিত গুলিত আহত হৈ সিকিৎসাধীন হবলগীয়া হয়। আৰক্ষী সূত্ৰে প্ৰকাশ যে, আটকাধীন বড়ো আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোতেই  এনকাউণ্টাৰত আহত হয়। ওদালগুৰিৰ লগতে বাক্সা জিলাৰ কেইৱাখনো থানাত বড়োৰ বিৰুদ্ধে চলি আছিল আঠটাকৈ গোচৰ।বিশেষকৈ ধনদাবী কাৰ্যত মুৰৰ কামোৰণি হৈ পৰা বড়ো বিভিন্ন সংগঠনৰ নামত ধনদাবী কৰিছিল ।বড়োক কালি কাৰ্বি আংলঙৰ পৰা গ্ৰেপ্তাৰ কৰি আনিছিল ।নিশা বড়োৰ স্বীকাৰোক্তিৰ ভিত্তিত অস্ত্ৰ বিচাৰি আৰক্ষীয়ে চলাইছিল অভিযান।অস্ত্ৰ দেখুৱাবলৈ গৈ খৃষ্টানপাৰা অঞ্চলত আৰক্ষীৰ হাতৰ পৰা পলাবলৈ চেষ্টা কৰোতেই আৰক্ষীয়ে গুলি চলাই আহত কৰে।ফলত  আৰক্ষীৰ দুটাকৈ গুলিয়ে ভৰিত আঘাত কৰে বড়োৰ।ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়ো, সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুমণি হাজৰিকাৰ নেতৃত্বত চলিচিল অভিযানৰ এই এনকাউণ্টাৰ।অৱশ্যে বড়োৰ পৰা কোনো অস্ত্ৰ উদ্ধা কৰিব পৰা নগল।আহত বড়োক প্ৰথমে ওদালগুৰি অসামৰিক চিকিৎসালয়ত কৰাৰ প্ৰাথমিক চিকিৎসাৰ অন্তত তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰে  ৷

বিটিচিত শক্তিশালী হব ভাৰতীয় জাতীয় কংগ্ৰেছৰ স্থিতি

ৰাজ্যত উপ নিৰ্বাচনৰ বতাহ আৰম্ভ হোৱাৰ সময়তে উপ নিৰ্বাচনত কংগ্ৰেছ দলে সকলো সমষ্টিতেই এককভাবে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰে কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। ৯ছেপ্তেম্বৰত  দুপৰীয়া ওদালগুৰিৰ ৰাজীৱ ভৱনত জিলাখনৰ কংগ্ৰেছ কৰ্মীসকলৰ সৈতে এক দলীয় সভাত অংশ গ্ৰহণৰ পিছত সংবাদ মেলত সম্বোধন কৰি কংগ্ৰেছ সাংসদ গগৈয়ে কয়- বিটিচি অঞ্চলত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ স্থিতি সবল কৰি তুলিবৰ বাবে ধাৰাবাহিকভাবে গণ সম্পৰ্ক অভিযান আৰম্ভ কৰাৰ কথা উল্লেখ কৰি কংগ্ৰেছ দলক বিটিচি অঞ্চলৰ ৰাইজে ব্যাপক সঁহাৰি জনোৱা বুলি সদৰি কৰে। তেওঁ আগন্তুক দিনত বিটিচি অঞ্চলত কংগ্ৰেছৰ স্থিতি যথেষ্ট শক্তিশালী হব বুলি ঘোষণা কৰাৰ লগতে বিটিচিৰ দুটা সমষ্টিৰ লগতে ৰাজ্যত উপ নিৰ্বাচনি হবলগীয়া প্ৰতিটো সমষ্টিতেই ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এককভাবেই প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি স্পষ্টকৈ উল্লেখ কৰে। ইপিনে, মহাজোঁট ভংগ হোৱা প্ৰসংগত কংগ্ৰেছ সাংসদ গৰাকীয়ে কংগ্ৰেছ দলে এআইইউডিএফ দলৰ সৈতে মিত্ৰতা ভংগ কৰাটো অসমৰ বুদ্ধিজীৱিৰ লগতে সকলো স্তৰৰ ৰাইজে ভাল পাইছে আৰু অনাগত দিনত আমাৰ স্থিতি নিশ্চয়কৈ মজবুত হব বুলিও উল্লেখ কৰে। তেওঁ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা সম্পৰ্কে আমাৰ নীতি আৰু আদৰ্শৰ লগত মিল থকা সকলোকে আমি আদৰি লব কিন্তু ৰাইজৰ দলৰ স্থিতি কি মই এতিয়ালৈকে বুজিব পৰা নাই। এফালে তেওঁলোকে বিজেপিৰ বিৰোধিতা কৰা দেখুৱাই আনফালে আকৌ তেওঁলোকৰ নেতাই বিজেপিৰ সূৰতেই কথাবোৰ কয় বুলিও কটাক্ষ কৰে। তেওঁ হিমন্ত বিশ্ব নেতৃত্বাধীন বিজেপি চৰকাৰক সমালোচনা কৰি এইখন চৰকাৰে বিৰোধী শূণ্য হোৱাটো বিচাৰিছে আৰু বিৰোধী দুৰ্বল হলেই তেওঁলোকে যি ইচ্ছা তাকেই কৰি দুখীয়াৰ মূৰত মাধমাৰ শোধাব বিচাৰিছে বুলিও মন্তব্য কৰে।  কলিয়াবৰ লোক সভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গগৈয়ে নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঘটনাতো দুখ প্ৰকাশ কৰি নিহতৰ আত্মাৰ সদগতিৰ কামনা কৰাৰ লগতে আহতসকলৰ শীঘ্ৰে আৰোগ্য কামনা কৰে। তেওঁ নিমাতিঘাটৰ ফেৰী দুৰ্ঘটনাৰ প্ৰসংগত বিজেপি চৰকাৰক ক্ষুৰাধাৰ সমালোচনা কৰি সকলো কামৰ কৃতিত্ব লব বিচৰা বিজেপি চৰকাৰে কিয় যোৰহাট-মাজুলী সংযোগী দলঙৰ কাম কেতিয়া সম্পূৰ্ণ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে। ওদালগুৰিত কৰ্মীসভা আৰু সংবাদমেলত সম্বোধন কৰাৰ পিছত কংগ্ৰেছ সাংসদ গৰাকীয়ে ওদালগুৰিৰ বিশিষ্ট সমাজসেৱক চন্দ্ৰ মোহন কাৰ্কী, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক কৃতী শিক্ষক নৰেশ্বৰ ডেকা আৰু ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ জেকব মোছাহাৰীৰ বাসগৃহলৈ গৈ তেওঁলোকৰ সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে আগন্তুক দিনত বিটিচিত কংগ্ৰেছ স্থিতি সবল কৰাৰ কথা অৱগত কৰে। সাংসদ গৌৰৱ গগৈৰ ওদালগুৰি ভ্ৰমণ কালত ওদালগুৰি জিলা কংগ্ৰেছৰ সভাপতি নাৰায়ণ অধিকাৰী, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৰাজ্যিক সম্পাদক ভাস্কৰ দাহাল, দৰং জিলা কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভানেত্ৰী ৱাহিদা আহমেদ, বঙাইগাওঁ জিলা কংগ্ৰেছৰ সভাপতি শংকৰপ্ৰসাদ ৰায়, ওদালগুৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক নিৰ্মল পাঠক আদি কেবাজনো কংগ্ৰেছ কৰ্মীয়ে সংগ প্ৰদান কৰে।

কাজিৰঙাৰ জনাঞ্চলত ঢেঁকীয়াপতীয়া বাঘৰ আতংক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park)ৰ দাতিকাষৰীয়া কলিয়াবৰ মহকুমাৰ বাঘমাৰীত ঢেঁকীয়াপতীয়া বাঘ (Tiger)ৰ আতংক। ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীৰ মেটেকাৰ মাজত অৱস্থান গ্ৰহণ কৰিছে ঢেঁকীয়াপতীয়া বাঘটোৱে। পুৱতি নিশা বাঘটো ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বুলি সন্দেহ কৰিছে স্থানীয় লোকে।

স্থানীয় লোকে সন্দেহ কৰা মতে দুটা বাঘৰ মাজত হোৱা পাৰস্পৰিক যুঁজৰ পিছত আঘাতপ্ৰাপ্ত হোৱাত বাঘটো বৰ্তমান আশ্ৰয় লৈছে পুখুৰীটোত। ঘটনীস্থলীত বন বিভাগৰ লগতে উপস্থিত হৈছে আৰক্ষীৰ লোক।

বাঘটো আশ্ৰয় লৈ থকা পুখুৰীটোৰ সমীপত আছে কেইবাঘৰ লোক। অনাকাংক্ষিত যিকোনো পৰিস্থিতিৰ বাবে খালী কৰিবলৈ দিয়া হৈছে বহুকেইটা ঘৰ। বাঘটোক ট্ৰেংকুইলাইজ কৰাৰ বাবে যাৱতীয়া ব্যৱস্থা সাজু কৰি ৰাখিছে পানবাৰী বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰই।

চিকিৎসা সেৱাৰ লগতে সাহিত্য চৰ্চাত ব্ৰতী টিংখাঙৰ বিশিষ্ট চিকিৎসক ডা°অতুল বৰগোঁহাই।

ধোদৰ আলি ১৬৮৭ চনত নিৰ্মাণ কৰা অসমৰ এক ঐতিহাসিক পথ।স্বৰ্গদেউ গদাধৰ সিংহই ৰাজ্যৰ ধোদ তথা এলেহুৱা লোকৰ দ্বাৰাই নিৰ্মাণ কৰাইছিল বুলি প্ৰবাদ আছে।উজনি অসমৰ বৰ্তমান ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা গোলাঘাট জিলালৈকে থকা অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাৰ পথটোৰ সন্দৰ্ভত প্ৰকাশ পাইছে এখন গ্ৰন্থ।ইতিহাসৰ পম খেদি ধোদৰ আলিয়ে দি নামৰ গ্ৰন্থখন ৰচনা কৰিছে এগৰাকী বিশিষ্ট চিকিৎসক ডা°অতুল বৰগোঁহায়ে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ সন্তান ডা°অতুল বৰগোঁহায়ে ঐতিহাসিক পটভূমিত ৰচনা কৰা গ্ৰন্থখনৰ লগতে আন কেবাখনো গ্ৰন্থ ৰচনা কৰি পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।কৰ্মব্যস্ততাৰ মাজতে সাহিত্য চৰ্চা কৰি অহা চিকিৎসকগৰাকীয়ে ধাৰাবাহিকভাৱে গ্ৰন্থ ৰচনা কৰি সাহিত্য ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই আহিছে।বিশেষকৈ ঐতিহাসিক পটভূমি ৰচনা কৰা তথ্য সমৃদ্ধ গ্ৰন্থবোৰে অসমীয়া সাহিত্যত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰা বুলি ক’ব পাৰি।ডা°বৰগোঁহাইৰ ৰচিত গ্ৰন্থই ঐতিহাসিক দিশৰ বহুতো নতুন দিশ উন্মোচিত কৰি আহোম শাসন ব্যৱস্থাৰ সন্দৰ্ভত পাঠক সমাজক আলোড়িত কৰিছে। ডা°বৰগোঁহাইৰ যাত্ৰাৰ পথত নামৰ এখন উপন্যাস ২০১৫-১৬ চনত প্ৰকাশ পাইছে।চিকিৎসকৰ দিনলিপি ২০১৭ চনত প্ৰকাশ পায়।উজনি অসমৰ প্ৰায় বিলাক ঠাইতে চিকিৎসক হিচাপে মানৱ সেৱা আগবঢ়াই অহা ডা°বৰগোঁহাইৰ কাজিৰঙাৰ পৰা গিবনলৈ,শিৰিছ গছৰ ছাঁ,তাহানিৰ কামৰূপ কমতাপুৰ,গোঁহাইকমল আলি আৰু অসম,লাচিত বৰফুকন দ্যা মাইটি জেনেৰেল অৱ মুনডুন চ্যু খাম,ইন পাৰচুইট অৱ হিষ্টী এলং দ্যা ৰ’ড ধোদৰ আলি,ইতিহাসে ৰিঙিয়াই,হেৰুওৱা দিগন্তৰ মায়া আদি নামৰ কেবাখনো গ্ৰন্থ ৰচনা কৰি আছে।এই কেইখন গ্ৰন্থৰ ভিতৰত লাচিত বৰফুকন দ্যা মাইটি জেনেৰেল অৱ মুনডুন চ্যু খাম আৰু ইন পাৰচুইট অৱ হিষ্টী এলং দ্যা ৰ’ড ধোদৰ আলি নামৰ দুয়োখন গ্ৰন্থ ইংৰাজীত লিখি আছে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ তিনিআলি চাহ বাগিচাত ১৯৫৭ চনত ৰুচিনাথ বৰগোঁহাই আৰু স্বৰ্ণলতা বৰগোঁহাইৰ ঔৰসত জন্ম গ্ৰহণ কৰি ডা°অতুল বৰগোঁহায়ে বাগিচাখনতে থকা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।ছাত্ৰাৱস্থাৰে পৰা অধ্যয়নৰ লগতে খেলৰ প্ৰতি বিশেষ ৰাপ আছিল।বিশেষকৈ ফুটবল আৰু বেটমিণ্টনৰ এগৰাকী দুৰ্দান্ত খেলুৱৈ হিচাপ পৰিচিত ডা°অতুল বৰগোঁহায়ে ৰাজ্যৰ কেবাটা ফুটবল দলৰ হৈ প্ৰতিনিধিত্ব কৰি বহুকেইখন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।১৯৭৩ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফুটবল প্ৰতিযোগিতাত শিৱসাগৰ কলেজ দলৰ হৈ খেলি বিজয়ী হৈছিল।১৯৭৯ চনত কৰ্ণাটকত অনুষ্ঠিত অল ইণ্ডিয়া ইণ্টাৰ মেডিকেল বেডমিণ্টন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।একে বছৰতে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত  নৰ্থ ইষ্ট জ’নৰ ইণ্টাৰ মেডিকেল ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। পৰৱৰ্তী১৯৭৫-৮১ চনত ডিব্ৰুগড়ৰ টাউন ক্লাৱৰ হৈ এ টি পি এ শ্বিল্ড,স্বাধীনতা কাপ,উছমান কাপ,জে এন ভূঞা ট্ৰফী আদি ৰাজ্যৰ আগশাৰী প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰিছিল।ডিব্ৰুগড় অসম মেডিকেল কলেজত শিক্ষা গ্ৰহণ সমাপ্ত কৰি টিংখাঙত ডা°অতুল বৰগোঁহায়ে টিংখাং মেডিকেল নামেৰে চিকিৎসালয় স্থাপন কৰিছিল।আশী দশকৰ মাজৰ সময়ছোৱাত স্থাপন কৰা চিকিৎসালয়খনৰ জৰিয়তে পিছ পৰা গ্ৰামাঞ্চলটোৰ জনসাধাৰণ চিকিৎসা সেৱা আগবঢ়াইছিল।প্ৰায় এক দশক জুৰি অঞ্চলটোত চিকিৎসা সেৱাৰ লগতে বৃহত্তৰ অঞ্চলটোত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল।ডা°বৰগোঁহায়ে অঞ্চলটোৰ টিংখাং মেডিকেল নাম দি এটা ফুটবল দল গঠন কৰি দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল।এই  দলটো অঞ্চলটোৰ প্ৰতিভাবান খেলুৱৈ সকলক লৈ গঠন কৰিছিল।উজনিৰ প্ৰায় প্ৰতিখন জিলাতে দলটোৱে ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খিতাপ লাভ কৰি আন দল বিলাকৰ বাবে ঈৰ্ষণীয় হৈছিল।এই দলটোৰ কেবাগৰাকী খেলুৱৈয়ে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক স্তৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।বৰ্তমান টিংখাং চাহ বাগিচাৰ চিকিৎসক ডা°অতুল বৰগোঁহাইক সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱাৰ বাবে বঁটা বাহনৰ লগতে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সন্মানীত কৰি আহিছে।বিশেষকৈ ২০০৭ চনত গ্ৰ’বেল ছ’ছাইটি অৱ ইণ্ডিয়া নামৰ আন্ত:জাতিক খ্যাতি সম্পন্ন তথা ভাৰতবৰ্ষৰ আগশাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ডা°বৰগোঁহাইক নতুন দিল্লীত অসমৰ প্ৰাক্তন ৰাজ্যপাল ভীস্ম নাৰায়ণ সিংহ আৰু কেবাখনো দেশৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত চিকিৎসক ৰত্ন বঁটা প্ৰদান কৰিছিল।ৰাজ্যৰ এগৰাকী ইতিহাসবিদ হিচাপে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা ২০২০চনত ডা°বৰগোঁহাইক বিশেষভাৱে সন্মানীত কৰিছে।ইয়াৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন সংগঠনে ইতিহাস সংকলন সমিতিৰ এগৰাকী সদস্য ডা°বৰগোঁহাইক অভিনন্দন,সম্বৰ্ধনা জনাই আহিছে।অসমীয়াৰ লগতে বাংলাৰ সাহিত্যৰ অনুৰাগী চিকিৎসকগৰাকীৰ প্ৰিয় সাহিত্যিকসকলৰ অন্যতম ড°লক্ষ্মীনন্দন বৰা,ড°ভৱেন্দ্ৰনাথ শইকীয়া,চৈয়দ আব্দুল মালিক,হোমেন বৰগোঁহাই,ড°মামণি ৰয়চম গোস্বামী,ড°লীলা গগৈ অন্যতম।

ব্রিকছৰ সন্ত্রাস প্রতিৰোধী একচন প্লেন প্রস্তুত ভাৰতৰ

ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত আজি ভার্চুৱেলী অনুষ্ঠিত হ’ল ত্রয়োদশ ব্রিকছ সন্মিলন৷ এই ত্রয়োদশ ব্রিকছ সন্মিলন সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ব্রিকছৰ বাবে সন্ত্রাসবাদ প্রতিৰোধী একচন প্লেন প্রস্তুত কৰিছে ভাৰতে৷ লক্ষণীয়ভাৱে যোৱাবাৰ ব্রিকছ সন্মিলনো ক’ভিড মহামাৰীৰ বাবে ভার্চুৱেলী অনুষ্ঠিত হৈছিল৷ আজিৰ এই সন্মিলনত ব্রিকছ ৰাষ্ট্রসমূহৰ শীর্ষ নেতাসকলে অংশগ্রহণ কৰে৷ লক্ষণীয়ভাৱে আফগানিস্তানত পুনৰ তালিবানে ক্ষমতা দখল কৰাৰ লগে লগে এইবাৰ ব্রিকছ সন্মিলনত বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে৷

ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বৃহস্পতিবাৰে এই সন্মিলনত অংশগ্রহণ কৰি কয় যে আফগানিস্তান সন্ত্রাসবাদৰ উৎস হোৱা উচিত নহয়৷ ইয়াৰ প্রতিৱেশী ৰাষ্ট্রসমূহৰ যাতে ভাবুকি সৃষ্টি নহয়, সেই বিষয়টোত গুৰুত্ব প্রদান কৰিব লাগিব বুলিও ৰুছ ৰাষ্ট্রপতিগৰাকীয়ে মন্তব্য কৰে৷ পুটিনে কয় যে আমেৰিকা আৰু ইয়াৰ মিত্র বাহিনীয়ে আফগানিস্তানৰ পৰা প্রত্যাৱর্তন কৰি দেশখনক নতুন সংকটৰ সন্মুখীন কৰাইছে৷

গতিকে আঞ্চলিক তথা গোলকীয় পর্যায়ত নিৰাপত্তাৰ বিষয়টো কি হ’ব, তাক লৈও উদ্বেগ প্রকাশ কৰে পুটিনে৷ লক্ষণীয়ভাৱে পুটিনৰ উপৰি এই সন্মিলনত ব্রাজিলৰ ৰাষ্ট্রপতি জাইৰ ব’লছ’নাৰো, দক্ষিণ আফ্রিকাৰ চাইৰিল ৰামাপ’ছা আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙেও নিজৰ মন্তব্য আগবঢ়ায়৷ আফগান সংকটে যাতে গোলকীয় নিৰাপত্তা পৰিস্থিতিত কোনোধৰণৰ ভাবুকি সৃষ্টি কৰিব নোৱাৰে, সেই ক্ষেত্রত চীন, ৰাছিয়া, ভাৰতে সহমত পোষণ কৰা দেখিবলৈ পোৱা যায়৷ স্মর্তব্য যে অতি সংকটকালত অনুষ্ঠিত ব্রিকছ সদস্য দেশসমূহৰ শীর্ষ নেতাসকলৰ এই সন্মিলনে আফগানিস্তানৰ পৰা সৃষ্টি হ’ব পৰা সকলো ভাবুকিক প্রতিহত কৰিব লাগিব বুলিও মতপোষণ কৰিছে৷

অঞ্জন ডেকাক আৰোহন মানৱ সেৱা বটাঁ ২০২১ প্ৰদান

 পশ্চিম    নলবাৰী অঞ্চলৰ    বৰনৰ্দ্দী নিৱাসী যুৱ সমাজকৰ্মী তথা স্হানীয় দতকুছি প্ৰাথমিক বিদ্যালয়ৰ সহকিৰী শিক্ষক অঞ্জন ডেকা(জিতু)ক অসমৰ আগশাৰীৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে  আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ বৰনৰ্দ্দী পুজাখোলা নিৱাসী যুৱ সমাজকৰ্মী তথা শিক্ষক অঞ্জন ডেকা (জিতু)ই নিজৰ বিদ্যালয়ত শিক্ষাদান কৰি কাৰ্তব্য পালন কৰাৰ উপৰিও ক’ভিড অতিমাৰীৰ সময়ছোৱাত নিজা চুবুৰিৰ লগতে শিঈাদান কৰা বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক সকলৰ উপৰিও দতকুছিৰ আৰ্থিকভাৱে অতি দুৰ্বল সকলো পৰিয়ালক খাদ্য সামগ্ৰী যোগান ধৰি এক মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছিল ৷ শিক্ষকতাৰ লগতে নিস্বাৰ্থভাৱে সমাজসেৱা কৰিযোৱা বাবে আৰোহণ আৰ্টিষ্ট গীল্ডে ডেকাক আৰোহণ মানৱ সেৱা বটাঁ ২০২১ প্ৰদান কৰিছে ৷ কালি সুধাকণ্ঠ ড° ভূপেন হাজািকাৰ ৯৫ সংখ্যক জন্ম দিৱসৰ লগত সংগতিৰাখি গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ন আৰোহণ বটাঁ ২০২১ বটাঁ প্ৰদান অনুষ্ঠানত অঞ্জন ডেকাক এই বটাঁ প্ৰদান কৰিছে ৷

মাজুলী মোৰ নিজৰ ঠাই; মই সদায় লগত আছোঁঃ জুবিন গাৰ্গ

অভিশপ্ত বুধবাৰৰ সন্ধিয়া যোৰহাটৰ নিমাতীঘাটত উঠিল কান্দোনৰ ৰোল৷ মৰণকাতৰ আর্তনাদে কঁপাই তুলিলে নিমাতীঘাটৰ আকাশ–বতাহ৷ বুধবাৰে বিয়লি প্রায় চাৰি বজাত নিমাতীঘাটৰ সমীপতে ব্রহ্মপুত্রৰ বুকুত সংঘটিত হ’ল এই হূদয়বিদাৰক দুর্ঘটনা৷

এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। মাজুলী মোৰ নিজৰ ঠাই বুলি উল্লেখ কৰি কণ্ঠশিল্পীগৰাকীয়ে ছ’চিয়েল মিডিয়াযোগে নিজৰ ক্ষোভ উজাৰিলে। তেওঁ লিখিছে, “সকলো কুশলে থাকক৷ আগলৈ এনেকুৱা যাতে নহয়, সেইটো নিশ্চিত কৰক৷ এনেকুৱা কিয় হ’বলৈ পালে, তাৰ উচিত বিচাৰ হওক৷ মাজুলী মোৰ নিজৰ ঠাই৷ মই আছোঁ সদায় লগত৷”