Home Blog Page 2847

ক্ষোভত জ্বলিছে মাজুলীঃ মন্ত্রী বিমল বৰাক ঘেৰাও; প্রতিবাদকাৰীক আৰক্ষীৰ লাঠীচালনা

ব্রহ্মপুত্রৰ বুকুত হোৱা ভয়ংকৰ নাও দুর্ঘটনাই ব্যাপক প্রতিক্রিয়া অব্যাহত আছে দ্বীপ জিলা মাজুলীত৷ কালিৰ দুর্ঘটনাৰ তদন্তৰ দাবী জনাই বৃহস্পতিবাৰে মাজুলীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷

কমলাবাৰীত সদৌ মাজুলী জিলা ছাত্র সন্থাই ক’লা পতকা উৰুৱাই প্রতিবাদ সাব্যস্ত কৰি দিনটো ক’লা দিন হিচাপে পালন কৰে৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগ আৰু মাজুলী জিলা প্রশাসনৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰে জিলা ছাত্র সন্থাই৷ প্রতিবাদকাৰীসকলে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ প্রতিকৃতি দাহ কৰি প্রতিবাদ সাব্যস্ত কৰে৷

ব্রহ্মপুত্রত হোৱা নাও দুর্ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে মাজুলী জিলাৰ উপায়ুক্ত বিক্রম কৈৰীৰ বদলিৰ দাবী জনায়৷ প্রতিবাদকাৰীয়ে চন্দ্রমোহন পাটোৱাৰী হায় হায় ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷

আনহাতে, একে স্থানতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদ মাজুলী জিলা সমিতিয়ে কেন্দ্রীয় মন্ত্রী তথা মাজুলীৰ বিধায়ক সর্বানন্দ সোণোৱালৰ প্রতিকৃতি দাহ কৰে৷ কর্মীসকলে সর্বানন্দ সোণোৱাল হায় হায় ধ্বনি দি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ ফলত কমলাবাৰীত এক অভাৱনীয় পৰিৱেশ সূচনা হয়৷ আনহাতে, যুৱ–ছাত্র পৰিষদে কমলাবাৰীত ফেৰী দুর্ঘটনাত নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰি শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷

আনহাতে, মাজুলীৰ গডমূৰত মাজুলীৰ বৃহত্তৰ ছাত্র সমাজ স্বতঃস্ফূর্তভাৱে ওলাই আহি পুৱা ১১ বজাৰ পৰা উপায়ুক্ত কার্যালয়ৰ প্রৱেশ পথ অৱৰোধ কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে আমাক সুৰক্ষা লাগে, আমাক বিচাৰ লাগে, মাজুলীয়ে দলং বিচাৰিছে, অকর্মণ্য মাজুলীৰ বিধায়ক হায় হায়, আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নাকী লগাওক, মাজুলীৰ উপায়ুক্তক বর্খাস্ত কৰক আদি প্রতিবাদী শ্লোগানেৰে গড়মূৰৰ আকাশ–বতাহ কঁপাই তোলে৷ দুই সহস্রাধিক প্রতিবাদকাৰীয়ে উপায়ুক্ত কার্যালয়ৰ পথৰ ফালে অগ্রসৰ হোৱাত আৰক্ষীয়ে বেৰিকেড বনাই প্রতিবাদকাৰীক সোমোৱাত বাধা দিয়ে৷ প্রচণ্ড ৰ’দ আৰু গৰমকো নেওচি প্রতিবাদকাৰীসকলে ৰাজপথতে বহি অৱস্থান কৰি উক্ত শ্লোগান আৰম্ভ কৰে৷

প্রতিবাদ চলি থকাৰ মাজতেই মুখ্যমন্ত্রীসহ মাজুলীলৈ অহা শক্তিমন্ত্রী তথা মাজুলীৰ অভিভাৱক মন্ত্রী বিমল বৰা আগবাঢ়ি আহি প্রতিবাদীকাৰীসকলক বুজাবলৈ চেষ্টা কৰিছিল যদিও প্রতিবাদকাৰীসকলে মন্ত্রীগৰাকীক বিভিন্ন প্রশ্ণৰে থকা–সৰকা কৰে আৰু উপায়ুক্তক বর্খাস্ত কৰিবলৈ দাবী জনায়৷

এফালে ৰাজপথত প্রতিবাদকাৰীৰ উত্তাল প্রতিবাদ আনফালে আৱর্ত ভৱনত মুখ্যমন্ত্রীয়ে দল–সংগঠনৰ লগত আলোচনাৰ অন্তত সাংবাদিকক সাক্ষাৎ কৰি মাজুলীৰ পৰা হেলিকপ্টাৰে ৰাওনা হোৱাৰ ঠিক পাছতেই প্রতিবাদকাৰীসকলক মুখ্যমন্ত্রীয়ে সাক্ষাৎ নিদিয়াত পুনৰ ক্ষুব্ধ হৈ বেৰিকেডৰ সন্মুুখত বেৰিকেড ভাঙি যাবলৈ উদ্যত হোৱাত অতিৰিক্ত উপায়ুক্ত কার্তিক কলিতাৰ নির্দেশত আৰক্ষী আৰু চি আৰ পি এফ বাহিনীয়ে প্রতিবাদকাৰীসকলৰ্ ওপৰত লাঠীচালনা কৰে৷ এই লাঠীচালনৰ ঘটনাত প্রায় ৬জন প্রতিবাদকাৰী আহত হয়৷ প্রায় ৫ ঘণ্টা ধৰি ৰাজপথ অৱৰোধ কৰি প্রতিবাদকাৰীসকলে এই প্রতিবাদ সাব্যস্ত কৰে৷

কাবুলত সাংবাদিকক আতিশয্য তালিবানৰ

আফগানিস্তানত তালিবানৰ শাসন মানিবলৈ অস্বীকাৰ কৰা নাগৰিকসকলে বিভিন্ন স্থানত প্রতিবাদী কার্যসূচী গ্রহণ কৰিছে৷ লক্ষণীয়ভাৱে কাবুলস্থিত পাক দূতাৱাসৰ সন্মুখত মহিলাই সাব্যস্ত কৰা প্রতিবাদৰ সংবাদ পৰিৱেশন কৰাৰ অভিযোগত তালিবানে এইবাৰ সাংবাদিকসকলক আক্রমণৰ টার্গেট কৰি লৈছে৷ দুগৰাকী সাংবাদিকক কালি তালিবানে পাশৱিকভাৱে প্রহাৰ কৰা ঘটনাৰ ভিডিঅ’ তথা আলোকচিত্র সংবাদ মাধ্যমত মুকলি হোৱাৰ লগে লগে বিশ্বজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া৷ সাংবাদিকক এনেদৰে প্রহাৰ কৰা ঘটনাক গৰিহণা দিছে বিশ্বৰ বিভিন্ন সংগঠনে৷

ভাৰতত গাড়ীৰ নির্মাণকার্য বন্ধৰ সিদ্ধান্ত আমেৰিকান মটৰ কোম্পানী ফ’ৰ্ডৰ

মটৰ গাড়ী নির্মাণ কোম্পানী ফ’র্ডে ভাৰতত গাড়ী নির্মাণৰ কাম বন্ধ কৰিব৷ বৃহস্পতিবাৰে ফ’ৰ্ড মটৰ কোম্পানীয়ে এই কথা ঘোষণা কৰিছে৷ উল্লেখনীয় যে কোম্পানীটোৱে ইতিমধ্যে ছানান্দ আৰু চেন্নাইস্থিত গাড়ী প্রস্তুত কাৰখানা দুটা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে৷ স্মর্তব্য যে বিগত ১০ বছৰ ধৰি ফ’ড মটৰ কোম্পানী ভাৰতত যথেষ্ট ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ কোম্পানীটোৰ এই সিদ্ধান্তৰ ফলত কমপক্ষেও চাৰি হাজাৰ কর্মচাৰী সংকটৰ সন্মুখীন হ’ব৷

গুজৰাটৰ ছানান্দত চলিত বর্ষৰ অন্তিম চাৰিটা মাহৰ পৰাই বাহিৰত ৰপ্তানি কৰিবলগীয়া বাহনৰ নির্মাণ বন্ধ কৰিব ফ’র্ডে৷ সেইদৰে চেন্নাইত ২০২২ৰ দ্বিতীয় ষাণ্মাসিকৰ পৰা বাহন তথা যান্ত্রিক নির্মাণকার্য বন্ধ কৰিব বুলি এক বিবৃতিত সদৰী কৰিছে৷ আমেৰিকান কোম্পানীটোৱে এই সিদ্ধান্ত লোৱাৰ লগে লগে কর্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্মর্তব্য যে ফ’ৰ্ড মাত্র কেইবছৰমান পূর্বে ভাৰতত বাণিজ্যিক উদ্দেশ্যত প্রৱেশ কৰা আমেৰিকাৰ জেনেৰেল মটৰছে ২০১৭ৰ পৰা গাড়ী বিক্রী বন্ধ কৰিছিল৷ ফ’ৰ্ড বিবৃতিত উল্লেখ কৰা অনুসৰি এটা দশকত কোম্পানীটোৰ ভাৰতত লোকচান হৈছে ২০০ কোটিতকৈ অধিক ডলাৰ৷

নিশা বিছনাৰ পৰাই ১৮ দিনীয়া কেঁচুৱা চুৰি, শোৱা পাটিত মাতৃৰ বুকুৰ পৰাই দুৰ্বৃত্তই চুৰি কৰি নিলে শিশুটি

বঙাইগাঁৱৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত নানকাৰগাঁৱত ১৮ দিনীয়া শিশু চুৰিৰ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে ৷ নিশা বিছনাত শুই থকা অৱস্থাতে মাতৃৰ বুকুৰ পৰা অন্তৰ্ধান হল পানী কেঁচুৱা ৷

বিনয় সূত্ৰধৰ নামৰ লোকজনৰ সদ্যোজাত সন্তানক নিশা ঘৰৰ পৰাই কোনোবাই চুৰি কৰি নিয়ে ৷ মাক শেফালী সূত্ৰধৰে নিজ সন্তানক লৈ নিশা টোপনি যোৱাৰ পিছত কাষতে থকা কণমাণি সন্তানটি অন্তৰ্ধান হৈ পৰে ৷ পৰৱৰ্তী সময়ত মাজ নিশা মাকে উঠি নিজৰ সন্তানক কাষত নাপাই হুৱাদুৱা লগায় ৷ ঘৰৰ ভিতৰৰ পৰা বন্ধ কৰা দৰ্জাখনো  খোলা অৱস্থাত মহিলাগৰাকীয়ে প্ৰত্যক্ষ কৰে ৷

ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাসহ আৰক্ষী বিষয়া বৰ্গ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত  আৰম্ভ কৰিছে ৷ কিন্তু ঘটনাৰ প্ৰকৃত ৰহস্য বৰ্তমানলৈ উদঘাটন হোৱা নাই ৷

মৈৰামাৰাত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ ৰ উপলক্ষে বুধবাৰে বৰপেটা জিলাৰ গাত লাগি থকা নৱ গঠিত বজালী জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ  উদ্যোগত মৈৰামাৰা (এ)  চক্ৰৰ ১১৪ নং অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহৰ শুভাৰম্ভ কৰাৰ লগতে এখন  পোষণ ভাটিকাৰো  উদ্ধোধন কৰা হয়। এই পোষণ ভাটিকাখনৰ উদ্বোধন কৰি বৃক্ষৰূপণ  কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া  দীপাংকৰ কলিতাৰ  লগতে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীয়ে । উল্লেখ্য যে,  প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীৰ নেতৃত্বত তথা মৈৰামাৰা (এ) চক্ৰৰ মুখ্য সেৱিকা জাহানাৰা বেগম আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক বিভু ৰঞ্জন ভৰালীৰ তত্বাবধান অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া দীপাংকৰ কলিতা , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ নিভা চৌধুৰী , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ,  বৰপেটা জিলাৰ জল জীৱন মিছনৰ জিলা সমন্বয়ক অপৰ্ণা অধিকাৰী , জিলা মহিলা শক্তি কেন্দ্ৰ আঁচনিখনৰ জিলা বিষয়া দীক্ষিতা বৰ্মন, পিৰামল  ফাউণ্ডেছনৰ বি টি ও কাকলি ৰাণী দেৱীয়ে  উপস্থিত থাকে। 

আজি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰিব।

আজি বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিকছ সন্মিলনৰ অধ্যক্ষতা কৰিব। ব্ৰিকছ সন্মিলনত ব্ৰিকছ দেশসমূহে মানৱীয় পৰিস্থিতিৰ মোকাবিলা কৰা মহিলা, শিশু আৰু সংখ্যালঘুসহ মানৱ অধিকাৰ বজাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সম্ভাৱনা আছে।ব্ৰিকছ হৈছে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকাকে ধৰি পাঁচখন দেশৰ সংগঠন। সন্মিলনৰ বিষয়বস্তু হৈছে ধাৰাবাহিকতা, একত্ৰীকৰণ আৰু সহমতৰ বাবে ব্ৰিকছৰ মাজত সহযোগীতা। কিন্তু ই তালিবানৰ আফগানিস্তান দখল আৰু সেই অঞ্চলৰ দ্বাৰা উদ্ভৱ হোৱা সন্ত্ৰাসবাদী ভাবুকিৰ বিষয়েও আলোচনা কৰিব।

কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত গঁড়ৰ মৃতদেহ উদ্ধাৰ

 দ্ৰুতগতিত উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বান পৰিস্থিতি। পূৰ্বৰ তুলনাত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস হৈছে যদিও আজি পুৱা এক গঁড়ৰ মৃতদেহ উদ্ধাৰ কৰে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই। কলিয়াবৰ মহকুমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বন সুৰক্ষা শিৱিৰৰ অন্তৰ্গত এলেকাৰ পৰা উদ্ধাৰ কৰা গঁড়ৰ মৃতদেহটো এজনী মাইকী গঁড় বুলি সদৰি কৰিছে বুলি জনাইছে কৰ্তৃপক্ষই। অৱশ‍্যে গঁড়ৰ খৰ্গটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে। চাৰি-পাঁচ দিনৰ আগতেই মৃত‍্যু হোৱা বয়স্ক গঁড়জনী বানৰ কৱলত পৰি প্ৰাকৃতিকভাবেই মৃত‍্যু হৈছে বুলি অৱগত কৰিছে। ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দাঁতিত উদ্ধাৰ কৰা গঁড়ৰ মৃতদেহটো আজি পুৱা পথৰ দাঁতিৰ পৰা আঁতৰাই নিয়ে ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষই।

আনাহাতে, ক্ৰমাৎ উন্নত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি৷ তথাপি কিন্তু বহু জীৱ জন্তুৱে এতিয়াও ওখ ঠাইত আশ্ৰয় লৈ আছে বুলি জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, বানৰ সময়ছোৱাত ৰাষ্ট্ৰীয় উদ্যান খনৰ জীৱ-জন্তুৱে খাদ্যৰ সন্ধানত কাৰ্বি আংলং পাহাৰৰ ওপৰত আশ্ৰয় লয়৷ উদ্যান কৰ্তৃপক্ষই জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমানে অব্যাহত আছে যান বাহনৰ নিয়ম মাফিক সময় নিৰ্ধাৰিত চলাচল।

শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ ২৩৩ টা বন শিবিৰৰ ভিতৰত ৫০ টা বন শিবিৰ সম্পূৰ্ণ জলমগ্ন অৱস্থাত আছিল। কিন্তু বৰ্তমান পৰিস্থিতি উন্নত হৈছে। ৷ ৰাষ্ট্ৰীয় উদ্যান খনৰ ভিতৰত বৰ্তমানলৈকে আজি উদ্ধাৰ হোৱা গঁড়টোৰ সৈতে ১৯ টা জীৱ-জন্তুৰ বানৰ কৱলত পৰি মৃত্যু ঘটিছে আৰু দুটা উদ্ধাৰ কেন্দ্ৰত চিকিৎসাধীন হৈ আছে৷ ভদীয়া বানৰ কৱলত উদ্ধাৰ হোৱা গঁড় পোৱালিটো পাণবাৰী শিবিৰত চিকিৎসাধীন হৈ আছে।

একেদৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ৭ টা আঞ্চলিক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত থকা অগৰাতলীৰ ৩৬ টা বন শিবিৰৰ ৮ টা পানীৰ কৱলত পৰিছিল৷ লগতে কঁহৰাৰ ৪৯ টা বন শিবিৰৰ ১৮ টা, বাগৰিৰ ৩৮ টা শিবিৰৰ ভিতৰত ১৯ টা, বুঢ়াইফালে নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ৩৪ টা বন শিবিৰৰ ভিতৰত ৩ টা সম্পূৰ্ণ ৰূপে জলমগ্ন হৈছিল যদিও এতিয়া পানী শুকাইছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ দ্বাৰ মুকলি। ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ অন্তৰ্গত বান্দৰডুবি এলেকাত নৱ-নিৰ্মিত বান্দৰডুবি খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ দ্বাৰ মুকলি অনুষ্ঠান সম্পন্ন হয়। চোৰাং চিকাৰীৰ পৰা ৰাষ্ট্ৰীয় উদ‍্যানখনৰ গঁড়ৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ‍্য ৰাখি এই কাৰ্য‍্যালয়টো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

বুধবাৰে খণ্ড বন বিষয়াৰ কাৰ্য‍্যালয়ৰ আনুষ্ঠানিকভাবে দ্বাৰ মুকলি কৰে ভাৰতীয় বন সেৱাৰ মুখ‍্য বন‍্যপ্ৰাণী অধ‍্যক্ষ, অসমৰ মহেন্দ্ৰ কুমাৰ যাদৱে।
চাৰি বছৰৰ পূর্বে গুৱাহাটী উচ্চ ন্যায়ালয়ে এক নির্দেশ যোগে কলিয়াবৰ ৰাজহ চক্ৰৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাত থকা বান্দৰডুবিৰ ২৯৭ হেক্টৰ আৰু দেওচূৰৰ ১৬ হেক্টৰ ভূমিত উচ্ছেদ অভিযান চলাবলৈ নিৰ্দেশ দিছিল। এই উচ্ছেদিত ভূমি পৰৱৰ্তী সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যান আৰু ব‍্যঘ্ৰ প্ৰকল্পৰ সপ্তম সংযোজনৰ বাবে কলিয়াবৰ ৰাজ‍হ চক্ৰই ৰাষ্ট্ৰীয় উদ‍্যান কৰ্তৃপক্ষক অৰ্পণ কৰে‌।
এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত ৰাষ্ট্ৰীয় উদ‍্যানৰ এই সংযোজনে পৰ্য‍্যটকসকলৰ লগতে সংস্থাপনৰ বাট মুকলি কৰিব বুলি আশা প্ৰকাশ কৰে মহেন্দ্ৰ কুমাৰ যাধৱ তথা পি. শিৱকুমাৰে।
যোৱা বছৰ এই এলেকাটো পৰীক্ষামূলকভাৱে পৰ্য‍্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।
কাৰ্য‍্যালয় উদ্বোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ তিৰোভাৱ তিথি উপলক্ষে শ্ৰদ্ধা নিৱেদন কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিকৃতিত মাল‍্যাৰ্পণ কৰে অভ‍্যাগতসকলে।
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কাজিৰঙা ৰাষ্ট্ৰঃয় উদ‍্যানৰ সঞ্চালক পি. শিৱকুমাৰ, বন বিষয়া ৰমেশ কুমাৰ গগৈ উপস্থিত থাকে।

হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত

আজি হোজাই জিলাৰ মাননীয় উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত ৯০ নং যমুনামুখ বিধান সভা সমষ্টিৰ সন্মানীয় বিধায়ক চিৰাজ উদ্দিন আজমল, ৯১ নং হোজাই বিধানসভা সমষ্টিৰ বিধায়ক  ৰামকৃষ্ণ ঘোষ আৰু ৯২ নং লামডিং বিধান সভা সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ প্ৰতিনিধিৰ উপস্থিতিত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনা ৰূপায়ণৰ ওপৰত এক উচ্চস্তৰীও পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়।বৈঠকত হোজাই জিলাত অসম আদৰ্শ গ্ৰাম যোজনাৰ অধীনত হোজাই জিলাস্থিত তিনিওটা বিধান সভা সমষ্টিৰ প্ৰতি সমষ্টিত নিৰ্বাচিত দুখনকৈ গাওঁৰ সৰ্বাঙ্গীন উন্নতি সাধনৰ লক্ষ্যৰে সংশ্লিষ্ট প্ৰতিটো বিভাগে ৰূপায়ন কৰিবলগীয়া নিজৰ নিজৰ কামৰ পৰিকল্পনা আৰু ব্যয়ৰ হিচাবৰ ওপৰত বিস্তৃতভাবে আলোচনা কৰা হয়। উপস্থিত  বিধায়ক সকলে  এই ক্ষেত্ৰত বিভিন্ন মূল্যৱান পৰামৰ্শ দিয়াৰ লগতে পূর্ণ সহযোগিতা প্ৰদানৰ কথা উল্লেখ কৰে।বৈঠকত উপায়ুক্ত মহোদয়ে  উপস্থিত সংশ্লিষ্ট বিভাগ সমূহৰ মূৰব্বী বিষয়া সকলক আদর্শ গ্ৰাম যোজনাৰ অধীনত ৰূপায়ন হবলগীয়া প্ৰতিটো উন্নয়নমূলক কাম নিষ্ঠাৰে, সন্মিলিত ভাবে আৰু সমন্বয়ৰে কৰি যাবলৈ আহ্বান জনায়। আজিৰ এই পৰ্যালোচনা বৈঠকত হোজাই জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া দেৱাশীষ বৈশ্য, অতিৰিক্ত উপায়ুক্ত  গকুল চন্দ্ৰ ব্ৰহ্ম, হোজাই জিলা পৰিষদৰ অধ্যক্ষ ৰমাৱালা দেৱী, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকল প্ৰমুখ্যে সংশ্লিষ্ট বিভাগ সমূহৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।

বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰতীৰ্থ ৰঞ্জন গোস্বামীলৈ অসম গৌৰৱ সন্মান বটা-২০২১

যোৱা ৬ ছেপ্টেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ ১০ গৰাকী ব্যক্তিক অসমীয়া সাহিত্য সমাজ সাংস্কৃতিক সেৱা মঞ্চ অসমৰ পৰা অসম গৌৰৱ সন্মান বটা-২০২১ প্ৰদান কৰে।তাৰ মাজত সদৌ বিটিচি ব্ৰাহ্মণ যুৱ পৰিষদৰ সভাপতি তথা বেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ তীৰ্থ ৰঞ্জন গোস্বামীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ওডালগুৰি জিলাৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ শ্ৰীতীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰীদেৱক এই বটা প্ৰদান কৰা হয়।
সংস্কৃত বিষয়ৰ শিক্ষক শ্ৰীগোস্বামী বৈদিক জ্যোতিষ বিষয়ত যথেষ্ট অধ্যয়নপুষ্ট ব্যক্তি। তেওঁ ভাৰতীয় জ্যোতিষ অধ্যাত্ম গৱেষনা পৰিষদ নামৰ অনুস্থানৰ পৰা “জ্যোতিষ ৰত্ন”উপাধি লাভ কৰিছে।যোৱা ২০২০বৰ্ষৰ প্ৰথমটো সূৰ্য গ্ৰহন সম্পৰ্কে ভৱিষ্যতবানী কৰি জনপ্ৰিয়তা 
অৰ্জন কৰাৰ লগতে জ্যোতিষ বিষয়ক বিভিন্ন প্ৰৱন্ধ,বিভিন্ন কৰ্মশালাত অংশ গ্ৰহন তথা জ্যোতিষ বিষয়ক গৱেষনা অব্যাহত ৰাখিছে।বিভিন্ন সামাজিক অনুস্থান-প্ৰতিস্থানৰ লগত জড়িত গোস্বামীদেৱ অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ লগতে সদৌ অসম কবি সন্মিলনীৰ ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰি আছে। “ৰত্নগিৰি জ্যোতিষ অধ্যাত্ম কেন্দ্ৰ “নামৰ প্ৰতিস্থানটোৰ অবৈতনিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।উক্ত প্ৰতিস্থানটোত ইতিমধ্যে বহুসংখ্যক জ্যোতিষ বিষয়ৰ ছাত্ৰ -ছাত্ৰীয়ে অধ্যয়ন কৰি আছে।জ্যোতিষ বিষয়ত পাৰদৰ্শিতাৰ বাবে এই বটা গোস্বামীদেৱক প্ৰদান কৰা হৈছে।”মুক্তেশ্বৰী দেৱালয়ৰ ইতিবৃত্ত “,”এমুঠি জোনাক”তেওৰ প্ৰকাশিত স্বৰচিত পুথি ।তাৰোপৰি ওদালগুৰি জিলাৰ বিভিন্ন সামাজিক অনুস্থানৰ মুখপত্ৰ, আলোচনী আদিৰ সম্পাদনাৰ লগত জড়িত। সহজ-সৰল প্ৰকৃতিৰ শ্ৰীশ্ৰীবেংবাৰী বামুণ্ডী সত্ৰৰ কনিষ্ঠ সত্ৰাধিকাৰ গোস্বামীদেৱে অসম গৌৰৱ সন্মান বটা লাভ কৰাত বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে শুভেচ্ছা জ্ঞাপন কৰিছে।

বিশিষ্ট সমাজসেৱী – প্ৰাক্তন জাতীয়তাবাদী নেতা বিতুল শইকীয়াৰ পৰলোক প্ৰাপ্তি

 অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা – বিশিষ্ট সমাজসেৱী বিতুল শইকীয়া ( ৬৫ ) আজি পুৱাভাগত ডিমৌ ৰজাবাৰীস্থ চুপাৰ স্পেচিয়েলিচ চিকিৎসালয়ত পৰলোক প্ৰাপ্তি ঘটে । নাজিৰা মহকুমাৰ পানীবিল গোমোঠাত জন্মগ্ৰহণ কৰা বিতুল শইকীয়া ৮০ ৰ দশকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থাকি সমাজৰ বিভিন্ন উন্নয়ন মূলক কাম – কাজৰ মাজেৰে অগ্ৰসৰ হোৱাৰ সমান্তৰালভাৱে পানীবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত শিৱসাগৰ পোনজানত স্থায়ীভাৱে বসবাস কৰে । গোমোঠা নৱজ্যোতি যুৱ সমাজৰ প্ৰতিষ্ঠাৰ লগতে পোনজান নামঘৰৰ প্ৰতিষ্ঠা আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিৰ উপ সভাপতি হিচাপেও সমাজ সেৱা কৰ্মত অৰিহণা যোগাই আহিছিল । মৃত্যুৰ সময়ত পৰিবাৰ , এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান সহ পৰিয়ালক ইহসংসাৰত এৰিথৈ গৈছে । তেখেতৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ – ছাত্র পৰিষদৰ শিমলুগুৰি আঞ্চলিক সমিতি , গোমোঠা নৱজ্যোতি যুৱ সমাজ , শিৱসাগৰ পোনজান নামঘৰ আৰু গৌৰৱ নগৰ নামঘৰ পৰিচালনা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান – প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।