পশ্চিম নলবাৰীৰ গামাৰিমুৰীস্হ ১৫৬ নং নদলা প্ৰাথমিক বিদ্যালয়ত কালি সুধাকন্ঠ ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিৱস , বিশ্ব সাক্ষৰতা দিৱস আৰু মহাপুৰষ শ্ৰীমন্ত শংকৰ দেৱৰ তিৰোভাৱ তিথি উদযাপন কৰা হয় ৷ এই উপলক্ষে পুৱা তিনিওটা অনুষ্ঠানৰ বাবে বন্তি প্ৰজ্বলন কৰে বিদ্যালয় খনৰ প্ৰধান শিক্ষক ৰাজেন বৈশ্যই ৷ বিদ্যালয় খনৰ সহকাৰী শিক্ষক সুৰেন্দ্ৰ বৰ্মন আৰু একাংশ ছাত্ৰ ছাত্ৰী আৰু অভিভাবকে পুষ্পাঞ্জলি প্ৰদান কৰে ৷ অনুষ্ঠানত প্ৰধান শিক্ষকে শ্ৰীমন্ত শংকৰ দেৱ , সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জীৱন দৰ্শন, কৰ্মৰাজীৰ বিষয়ে কয় আৰু বিশ্ব সাক্ষৰতা দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰে ৷ অনুষ্ঠানৰ শেষত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হয় ৷
এনডিএফবিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীত ওদালগুৰিৰ নলবাৰীত বিশাল সমাবেশ
এনডিএফবিৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী তথা ডি আৰ নাবলা আৰু অন্যায়ন্ন কাৰাবদ্ধ সদস্য সকলক মুকলি কৰি নিদিয়া পৰ্যন্ত অবিৰতভাবে আন্দোলন অব্যাহত থাকিব।এই মন্তব্য প্ৰাক্তন এন ডি এফ বিৰ সংযুক্ত ফ’ৰামৰ সভাপতি ডি হাৰিমুৰ।আজি ওদালগুৰিৰ নলবাৰী ডায়মণ্ড ইংলিচ স্কুল খেলপথাৰত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ লগতে প্ৰাক্তন এনডিএফবিৰ কেডাৰ সকলক কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবীত প্ৰাক্তন এনডিএফবিৰ সংযুক্ত ফৰামৰ উদ্যোগত আয়োজিত বিশাল গণসমাবেশ বক্তব্য ৰাখি হাৰিমুৱে লগতে কয়-ৰঞ্জন দৈমাৰীৰ মুক্তি অবিহনে আমি কেতিয়াও ক্ষান্ত নাথাকো।যোৱা ১৫ আগষ্টলৈ মুকলি কৰি দিবলৈ দাবী জনোৱা হৈছিল যদিও আজিলৈকে চৰকাৰে কোনো পদক্ষেপ গ্ৰহন কৰা দেখা নগল। যাৰ ফলত এনে প্ৰতিবাদী কাৰ্যসূচী হাতত লবলৈ বাধ্য হৈছো এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক অতিশীঘ্ৰে মুক্তি নিদিলে আহি থকা দিনত অসমত ভয়াবহ ঘটনা ঘটিব বুলিও সদৰি কৰে আৰু এই ঘটনাৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জগৰীয়া হব বুলি সকিয়াই দিয়ে।তেওঁ লগতে আন সকলো কেডাৰকে মুকলি দিয়াৰ কথাও উল্লেখ কৰে।বিটিচিত চৰকাৰে ষষ্ঠ অনুসূচীমতে আমাক কোনো সা সুবিধা প্ৰদান নকৰি বন্চিত কৰিছে।সেয়ে প্ৰাক্তন কেডাৰ সকলক আৰ্থিক অনুদাৰ লগতে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে।ৰঞ্জন দৈমাৰীৰ ভগ্নী তথা ওমেন জাষ্টিচ ফ’ৰামৰ উপদেষ্টা ড° অঞ্জলি দৈমাৰীয়ে ভাষন প্ৰদান কৰি কয়-বিটিআৰত প্ৰকৃততে শান্তি আহিছেনে?বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী তথা প্ৰতিষ্ঠাপক সভাপতী ডি আৰ নাবলা আজি জেলত বন্দী হৈ আছে।এয়া শান্তি চুক্তি হোৱা নাই।শান্তি সংগ্ৰামৰ প্ৰতি চৰকাৰে সন্মান জনোৱা নাই।কেৱল দলীয় নেতৃবৃন্দ আৰু চৰকাৰৰ স্বাৰ্থতহে জেলৰ পৰা নি দিল্লীত বিটিআৰ চুক্তিত স্বাক্ষৰ কৰাইছিল।স্বাৰ্থ পূৰণ হল যেতিয়া এতিয়া সকলো পাহৰি ৱগল।কিন্ত্তু এই কথা ঠিক ৰঞ্জন দৈমাৰীক মুকলি কৰি নিদিয়া পৰ্যন্ত বড়ো ৰাইজৰ মাজত শান্তি কেতিয়াও নাহে।উক্ত গনসমাবেশত এনডিএফৰি সংযুক্ত ফৰামৰ সাধাৰণ সম্পাদক ডি বানচৌব্ৰা,নাগৰিক অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি গজেন হাজোৱাৰী,গৰীয়া মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফলজুল কৰিম হাজৰিকাকে ধৰি কেইবাগৰাকীও লোকে বক্তব্য আগবঢ়োৱাৰ লগতে নাগৰিক অধিকাৰ সংগ্ৰাম সমিতি,ওমেন জাষ্টিচ ফৰাম,সদৌ ব্ৰহ্মধৰ্ম পৰিচালনা সমিতি, পিপুলচ জইন্ট একচন সমিতি,সদৌ বড়ো ওমেন কল্যান পৰিষদ, সদৌ অসম জনজাতি ছাত্ৰ সন্থা আদিকে ধৰি বহু সংগঠনৰ নেতৃবৃন্দৰ লগতে জিলা খনৰ হাজাৰ-হাজাৰ লোক উপস্থিত আছিল। এই গণসমাবেশতে বিটিএডি ৰ গাওঁ কৰ্তন বন্ধ কৰক, জনজাতি আবেষ্টনী আৰু খন্ডক সাংবিধানীক সুৰক্ষা প্ৰাদান কৰক, বিটিএডি ৰ সীমা শিমলুগুৰি (লক্ষ্মীমপুৰ জিলা) লৈ সম্প্ৰসাৰণ কৰক, এনডিএফবি ৰ প্ৰতিস্থাপক সভাপতি ৰন্জন দৈমাৰী আৰু অন্যান্য প্ৰাক্তন সদস্যসকলক বিনা চৰ্তে আনতি পলমে জেলৰ পৰা মুক্তি দিয়ক, প্ৰতিজন প্ৰাক্তন এনডিএফবি ৰ সদস্যৰ গোচৰ প্ৰত্যাহাৰ কৰক, প্ৰাক্তন এনডিএফবি ৰ শ্বহীদৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰাৰ আদি বিভিন্ন দাবীৰে এখনি স্মাৰক প্ৰত্ৰ জিলা উপাযুক্ত জৰিয়তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰলৈ প্ৰে্ৰণ কৰে।
ইটাখোলাত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিবস পালন।
সমগ্ৰ ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ লগতেবিশ্বনাথ জিলাৰ ইটাখোলাতো সুধাকন্ঠ ভুপেন হাজৰিকাৰ ৯৫ সংখ্যক জন্ম দিন ইটাখোলাৰ একমাত্ৰ স্বেচ্ছাসেৱী সংগঠন বুনিয়াদৰ দ্বাৰা বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰে । বুনিয়াদৰ স্থায়ী সভাপতি লক্ষীকান্ত বৰাৰ সব্জাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত প্ৰথমতে সুধাকন্ঠ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জামুগুৰিহাটস্থিত ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদ আৰু স্থানীয় অৱসৰ প্ৰাপ্ত কৃতী শিক্ষক বেনীমাধৱ বৰাই । বন্তি প্ৰজ্বলনৰ পিছত উপস্থিত বালিজুৰি ড্যান্স একাডেমীৰ নৃত্য প্ৰশিক্ষিকা ৰূপালী শৰ্মাৰ ভুপেন্দ্ৰ সংগীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ কাৰ্যসূচীৰ আঁত ধৰে বুনিয়াদৰ সম্পাদক হেমন্ত নাথে। ইটাখোলা অঞ্চলৰ এক মাত্ৰ সামাজিক সংস্থা বুনিয়াদৰ লগত ওতঃপ্ৰোতভাবে জড়িত তথা সংস্থাটিৰ অন্যতম নিষ্ঠাৱান সদস্যা ও স্থানীয় কৃতী শিক্ষয়িত্ৰী মালবিকা শইকীয়া,বুনিয়াদৰ প্ৰাক্তন সভাপতি তথা অৱসৰ প্ৰাপ্ত শিক্ষক বেনীমাধৱ বৰা আৰু অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদক সম্বৰ্দ্ধনা জনায়। ইয়াৰ উপৰিও বুনিয়াদ শীৰ্ষক অনুষ্ঠানটিয়ে অঞ্চলটিত বিগত দিনৰ পৰাই বিভিন্ন সামাজিক অনুষ্ঠানৰ লগতে বিশেষকৈ শৈক্ষিক দিশত বিশেষ কাৰ্যসূচী লৈ অহাৰ মাজতে ৮ চেপ্টেম্বৰ দিনটো সুধা কন্ঠ ড° ভুপেন হাজৰিকাৰ ওপজা দিন পালনৰ লগত সংগতি ৰাখি অঞ্চলটোৰ কেইবাজনো শিক্ষক শিক্ষয়িত্ৰী আৰু অঞ্চলটোৰ বিশেষ ব্যক্তি সকল ক্ৰমে কৃতী শিক্ষক টুম প্ৰসাদ উপাধ্যায় প্ৰধান শিক্ষক বালিজুৰি উচ্চ মাধ্যমিক বিদ্যালয়,অৱনী বৰুৱা সহকাৰী শিক্ষক মনাই জয়সিদ্ধি উচ্চ ইংৰাজী বিদ্যালয়,মনোমতী ভুমিজ প্ৰধান শিক্ষক পদুমনি প্ৰাথমিক বিদ্যালয় আৰু ভাস্কৰ্যশিল্পী তথা দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰ্মৰত কৰ্মচাৰী গোপাল বৰাক উষ্ম সম্বৰ্ধনা জনায় ।এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিল্পী সুজিত তচা,শিক্ষক মিন্টু কটকী আৰু পৰনীতা বৰাৰ ভুপেন্দ্ৰ সংগীতেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি উক্ত সম্বৰ্দ্ধনা অনুষ্ঠানৰ সম্বৰ্দ্ধিত ব্যক্তিসকলৰ মন্তৱ্যত ক্ৰমে হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ চাহাবুদ্দিন আহমেদে শ্ৰীমন্ত শংকৰ দেৱৰ তিৰুভাব তিথি,শিক্ষক দিৱস আৰু সুধা কন্ঠ দিৱসৰ ওপৰত এক বৃস্তিত আলোচনা আগবঢ়াই।
সংবাদযোগে ক্ষমাপ্ৰাৰ্থী খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীৰ ।
নাগৰিক অধিকাৰ আন্দোলন সমিতিৰ স্মাৰক পত্ৰত ভুলবসত চহী কৰাৰ বাবে সংবাদযোগে ক্ষমাপ্ৰাৰ্থী খৈৰাবাৰী আঞ্চলিক বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে।উল্লেখ্য যে যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে ওদালগুৰি জিলা নাগৰিক অধিকাৰ আন্দোলন সমিতি উৰফে citizen right movement committee ৰ উদ্যোগত বিটিআৰ গাঁও কৰ্টন আৰু সংযোজন সন্দৰ্ভত ওদালগুৰি জিলা বিষ্ণুৰাভা ভৱন প্ৰাঙ্গনত যোৱা ৬ ছেপ্টেম্বৰ তাৰিখে এখন ধৰ্ণা কাৰ্যসূচী অৱলম্বন কৰা হৈছিল।যাৰ পৰিপেক্ষিতত নাগৰিক অধিকাৰ আন্দোলন সমিতিয়ে চমুকৈ (চিআৰএমচি) য়ে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল ।কিন্তু সেই ক্ষনত অনুপস্থিতিত ওদালগুৰি জিলা বাথৌ মহাসভাৰ বিষয় ববিয়াৰ পৰিৱৰ্তে খৈৰাবাৰী আঞ্চলি বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীৰ হতুৱাই বাৰম্বাৰ মানা কৰাৰ পিছতো চহী কৰাই স্মাৰক পত্ৰ যুতিয়া ভাৱে প্ৰেৰণ কৰাত বাথৌ মহাসভাৰ শীৰ্ষ বিষয়ববীয়াই বাথৌ মহাসভা কেৱল বাথৌ ধৰ্মীয় লোকক ধৰ্মীয় ঋতি ৰিবাজ আৰু উঠি অহাঁ নৱ প্ৰজন্মৰ বড়ো যুৱক যুৱতি সকলক ধৰ্মীয় জ্ঞান বা মাৰ্গ দৰ্শন কৰুৱাৰ উদ্দশ্যৰে বাথৌ মহাসভা জন্ম গ্ৰহণ কৰা হৈছিল বাবে বিৰেন বসুমতাৰীৰ ওপৰত ক্ষোভিত হৈ পৰিছিল। যাৰ বাবে আজি খৈৰাবাৰী বাথৌ মহাসভাৰ উপসভাপতি বিৰেন বসুমতাৰীয়ে নিজক দুষী সাব্যস্ত কৰি সংবাদ যোগে অজানিতে হোৱা ভুলৰ ক্ষমা বিছাৰী সংবাদ মেল আয়োজন কৰে।
পশ্চিম নলবাৰীৰ প্ৰবীণ অভিনেতা ফাইজুৰ ৰহমান জীৱনজোৰা শিল্পী সাধনা বঁটা প্ৰদান
পশ্চিম নলবাৰী জিলাৰ চামতাৰ প্ৰবীণ অভিনয় শিল্পী ফাইজুৰ ৰহমানক আগশাৰীৰ সাংস্কৃতিক অনুষ্ঠান আৰোহণ আৰ্টিষ্ট গীল্ডে কালি এই বৰ্ষৰ সন্মানজনক “জীৱনজোৰা আৰোহণ শিল্পী বঁটা” বটাঁ প্ৰদান কৰে । উল্লেখ্য যে, ৰাজ্যখনৰ সাহিত্য-সাংস্কৃতিক-সামাজিক ক্ষেত্ৰখনত বিশেষ ভূমিকা পালন কৰি অহা আৰোহণ আৰ্টিষ্ট গীল্ডৰ উদ্যোগত বিগত ২০ টা বৰ্ষৰ দৰে অজি গুৱাহাটীত ২১ সংখ্যক আৰোহণ বঁটা প্ৰদান অনুষ্ঠানটো আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানতে সুদীৰ্ঘ বছৰ ধৰি মঞ্চ-নাটক, চিনেমা, টিভি ধাৰাবাহিক আদিত সুঅভিনয়ৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ হকে নিষ্ঠাৰে আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে চামতাৰ বিশিষ্ট অভিনেতা ফাইজুৰ ৰহমানক জীৱনজোৰা সাধনা বটাঁ প্ৰদান কৰে ৷ স্মৰ্তব্য যে চামতাৰ মাদ্ৰাছা চুবুৰি নিবাসী প্ৰয়াত ফৰজান আলী আৰু প্ৰয়াত ঠগজান বিবিৰ পুত্ৰ, অভিনেতা, ফাইজুৰ ৰহমান (৫৬)-এ ১৯৮০ চনৰে পৰা নাট্যাভিনয় ক্ষেত্ৰখনৰ লগত জড়িত হৈ ১৯৮৫ চনৰে পৰা বৰ্তমানলৈকে বিভিন্ন যাত্ৰা, নাট্যদলৰ মঞ্চত নিয়মীয়া শিল্পী হিচাপে বলিষ্ঠ অভিনয় আগবঢ়াই আছে । স্কুলীয়া দিনতে নাট্যকাৰ হেমন্ত কুমাৰ শৰ্মাৰ ‘জ’কা’ নাটকৰ এটি মুখ্য চৰিত্ৰত অভিনয় কৰি সকলোৰে ভূয়সী প্ৰশংসা বুটলা ফাইজুৰ ৰহমানে চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একেৰাহে দুবছৰ শ্ৰেষ্ঠ অভিনেতা আৰু কামৰূপ মহাবিদ্যালয়ত একেৰাহে দুবছৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰি জিলা তথা ৰাজ্যিক ভিত্তিত সম্পন্ন হোৱা বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠতম পুৰস্কাৰ অৰ্জন কৰিছিল । শিল্পী ৰহমানে ইতিপূৰ্বে ডঃ খগেন ডেকাৰ ‘দেৱদাসী’, ভৱেন বৰুৱাৰ ‘দেৱতা’, হেমন্ত দত্তৰ ‘জুই’, উগ্ৰ মেনাৰ ‘মন্দিৰ মছজিদ’, হেমন্ত শৰ্মাৰ ‘ভালুকৰ সাঙী’ প্ৰমুখ্যে ভালেসংখ্যক এমেচাৰ নাটকতো অভিনয় কৰি নিজৰ অভিনয় দক্ষতা প্ৰদৰ্শন কৰিছে । অভিনেতা ৰহমানে ১৯৮৫ চনৰে পৰা একেধাৰে ক্ৰমে ‘মা দময়ন্তী আৰ্ট থিয়েটাৰ’, ‘অপসৰা থিয়েটাৰ’, ‘কামৰূপা শিল্পী তীৰ্থ’, ‘পিপলিবাৰী নাট্য সমিতি’, ‘পিপলিবাৰী নাট্য সমাজ’, ‘জ্ঞানোদয় শিল্পী তীৰ্থ’, ‘জানমণি নাট্য সমাজ’, ‘ৰূপজ্যোতি নাট্য সমাজ’, ‘মঞ্চৰূপা শিল্পী তীৰ্থ’, ‘সৰ্থেবাৰী যাত্ৰিক থিয়েটাৰ’, ‘পূৰ্ণিমা যাত্ৰিক থিয়েটাৰ’, ‘সুৰভি যাত্ৰিক থিয়েটাৰ’, ‘শ্ৰীশ্ৰী নাৰায়ণ নাট্য পৰিষদ’, ‘অভিনন্দন যাত্ৰিক থিয়েটাৰ’, ‘পাপৰি মিনি থিয়েটাৰ’, ‘অপৰূপা মিনি থিয়েটাৰ’, ‘ভাগ্যশ্ৰী মিনি থিয়েটাৰ’, ‘অনুভূতি মিনি থিয়েটাৰ’ আৰু ‘ৰূপজ্যোতি নাট্য সমাজ’ নাট্যদলৰ মঞ্চত প্ৰায় শতাধিক নাটকত অভিনয় কৰিছে । ‘তুমি মোৰ কল্পনা’ কথাছবি, ‘আমাক অলপ মাটি দিয়া’ তথ্যচিত্ৰ, ‘গুৱাহাটী-গুৱাহাটী’ ধাৰাবাহিক, ‘আং দাইনি ন’ঙা’ চুটিছবি আদিত অভিনয় কৰাৰ উপৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱ-বাণী অনুষ্ঠানতো ৰেডিঅ’ নাটক কৰা অভিনেতা, শিক্ষক ফাইজুৰ ৰহমান আৰোহণ আৰ্টিষ্ট গীল্ডৰ এই জীৱনজোৰা শিল্পী সাধনা বঁটা লাভত চামতা তথা পশ্চিম নলবাৰী অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰিছে ।
মৰাণত গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীৰ পাৰত জলদেৱতাৰ পূজা-অৰ্চনা গঞাৰ
নদীৰ পাৰত চকুলো মচি মচি পূজা অৰ্চনা,নাম-কীৰ্তন, মাহ-প্ৰসাদৰ শৰাই আগবঢ়াই মৰাণৰ আই-বোপাই সকলে কৰে নেদেখা জনলৈ প্ৰাৰ্থনা যাতে বুঢ়ীদিহিং নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা পায়। ডিব্ৰুগড় জিলাৰ অন্তৰ্গত মৰাণ সমষ্টিৰ অতি পিছপৰা কলখোৱা অঞ্চলৰ ইটাখুলি গাঁৱত জলদেৱতাক সন্তুষ্ট কৰিবলৈ আজি পুৰুষ-মহিলাই মাহ প্ৰসাদ শৰাই আগবঢ়াই কৰে কাতৰ প্ৰাৰ্থনা ।বুঢ়ীদিহিঙৰ গৰাখহনীয়াত সৰ্বশ্ৰান্ত হৈ পৰিত্ৰাণ বিচাৰি শৰাই নৈবেদ্য আগবঢ়োৱা কাৰ্যই চৰকাৰৰ জল বিভাগৰ চৰম ব্যৰ্থতাকে উদঙাই দিছে।ডিব্ৰুগড় মৰাণৰ এই অঞ্চলটোত বুঢ়ী দিহিং নদীৰ ভয়াবহ গৰাখহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে কলাখোৱা অঞ্চলৰ ৫৫ খনকৈ গাওঁৰ।খহনীয়াৰ কবলত ইতিমধ্যে জাহ গৈছে কৃষিভূমি।সৰ্বস্ৰান্ত হৈছে বহু পৰিয়াল।অৱশেষত আৰু কেৱল মাত্ৰ ১০ মিটাৰ খহি গলেই নিশেষ হ’ব দিহিং নদীত ৫৫ খন গাওঁৰ ৰক্ষা কবছ দিহিং নদীৰ মথাউৰিটো।চৰকাৰ তথা বিভাগীয় কতৃপক্ষই গড়াখহনীয়াৰ প্ৰতিৰোধৰ বাবে মাজেসময়ে বাহঁ-কাঠৰ পাৰ্কোপাইন সংস্থাপন কৰিছে যদিও ইতিমধ্যে সকলো খহনীয়াত জাহ গৈছে।গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধানৰ বাবে বছৰ বছৰ ধৰি বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনাই অহাৰ পাছতো কোনো গুৰুত্ব আৰোপ নকৰাত চৰকাৰৰ প্ৰতি বিশ্বাস হেৰুৱাই নদীৰ পৰাত চকুলো মচি কান্দি শৰাই আগবঢ়ায় মৰাণ সমষ্টিৰ অতি দুৰ্গম ইটাখুলি, দিহিং থান গাওঁ,শিঙৰী, চৰাইবাহী আদি গাওঁ এই সকল বয়োজেষ্ঠ আই মাতৃয়ে।নদীৰ কাষত আঠু লৈ নেদেখা জনলৈ কাতৰ প্ৰাৰ্থনা কৰি গৰাখহনীয়াৰ ৰোধৰ বাবে কাকুতি-মিনতি কৰে।
কবি, প্ৰবন্ধকাৰ তথা বিশ্বনাথ জিলাৰ বিহালীৰ কৃতী শিক্ষক প্ৰেম বৈষ্ণৱলৈ ২০২১ বৰ্ষৰ “বৰ্ষশ্ৰেষ্ঠ কবি” সন্মান
বিশ্বনাথ জিলাৰ, বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত নাচবৰ (ক ) গাওঁৰ নিবাসী প্ৰেম বৈষ্ণৱলৈ, অসমৰ অগ্ৰণী প্ৰকাশন দিগদৰ্শনে চলিত বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ কবি হিচাপে নিৰ্বাচিত কৰিছে । প্ৰেম বৈষ্ণৱ পিতৃ শ্ৰী প্ৰহ্লাদ বৈষ্ণৱ আৰু মাতৃ শ্ৰী বাসন্তী বৈষ্ণৱৰ ঔৰষত ১৯৭৬ চনত নাচবৰ ( ক ) গাওঁত জন্ম হৈছিল । জ্যেষ্ঠ ভাতৃ শ্ৰী সুকুমাৰ বৈষ্ণৱ, ভন্টি শ্ৰী সৰস্বতী বৈষ্ণৱদাস আৰু অৰুণা ধৰ বৈষ্ণৱ ( পুজা ) ৰ পৰা অনুপ্ৰাণিত হোৱাৰ লগতে তেখেতৰ পুত্ৰ দ্বয় ক্ৰমে কৌশিক বৈষ্ণৱ আৰু ৰিয়ম বৈষ্ণৱৰ পৰা লিখা-মেলা কৰাৰ বাবে সদায়েই অণুপ্ৰেৰণা পাই আহিছে । মহাবিদ্যালয়ত খোজ দিয়াৰে পৰা লিখা-মেলা কৰা আৰম্ভণি কৰে যদিও বিভিন্ন অসুবিধাৰ বাবে পিছলৈ সেই ধাৰাবাহিকতা ধৰি ৰাখিবলৈ অসমৰ্থ হৈছিল ।কবি শ্ৰী প্ৰেম বৈষ্ণৱৰ , ১৯৯৪ চনত মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হয় আৰু পূৱ বিহালী উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৬ হাইয়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ বিহালী মহাবিদ্যালয়ত কলা শাখাত নাম ভৰ্তি কৰে আৰু ২০০০ চনত স্নাতক উত্তীৰ্ণ হয় । ১৯৯৭ চনত, শংকৰদেৱ শিশু নিকেতন, বেদেতীত সহকাৰী আচাৰ্য ( শিক্ষক ) হিচাপে যোগদান কৰে । পৰৱৰ্তী সময়ত বিভাগীয় নিৰ্দেশনা অনুসৰি ২০০২ চনত, শংকৰদেৱ শিশু নিকেতন বৰগাঙত প্ৰধান আচাৰ্য হিচাপে যোগদান কৰে আৰু ২০০৭ চনলৈকে প্ৰধান আচাৰ্য হিচাপে সেৱা আগবঢ়ায় । ২০১৭ চনত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰে আৰু বৰ্তমান সেই একেখন বিদ্যালয়তে প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আছে । নিজৰ দক্ষতা আৰু বিচক্ষণতাৰ বাবেই, যোৱা ৫ ছেপ্টেম্বৰ তাৰিখে , ৬০তম ৰাষ্টীয় শিক্ষক দিৱসৰ লগত সংগতি ৰাখি, ২০২১ বৰ্ষৰ কৃতী শিক্ষক হিচাপে স্বীকৃতি লাভ কৰে । প্ৰেম বৈষ্ণৱ এগৰাকী নিষ্ঠাবান শিক্ষক হোৱাৰ লগতে সমাজৰ সকলো গঠনমূলক কামৰ সৈতে ওত :প্ৰোত ভাৱে জড়িত এগৰাকী জনপ্ৰিয় সামাজিক ব্যক্তি । তেখেতৰ কাপেৰে নিগৰি অহা কবিতা তথা বিভিন্ন বিষয়ৰ প্ৰৱন্ধ আদি বিভিন্ন বাতৰি কাকতত প্ৰায়েই প্ৰকাশিত হোৱাৰ সমান্তৰাল কৈ সামাজিক গণমাধ্যম ফেচবুকতো প্ৰকাশ পাই আহিছিল । সেয়ে বৰ্তমান সময়ত প্ৰেম বৈষ্ণৱ এগৰাকী জনপ্ৰিয় ব্যক্তি । ইতিমধ্যে তেখেতৰ তিনিখন কাব্যসংকলন প্ৰকাশৰ দুৱাৰদলিত , প্ৰথম কাব্যসংকলন ” মোৰ সপোনৰ দস্তাবেজ” কাব্যসংকলনটি অক্টোবৰ মাহৰ ৩ তাৰিখে যোৰহাটত , প্ৰজ্ঞাকস্তুৰীৰ চতুৰ্থ বৰ্ষপুতি অনুষ্ঠানটিত শুভ উন্মোচন কৰা হ’ব , দ্বিতীয় কাব্যসংকলন , “মই তোমাৰ আজন্ম প্ৰেমিক” নামৰ কাব্যসংকলনটি, কুঁহিপাত সাহিত্য চৰ্চাৰ মঞ্চৰ বৰ্ষপুতিত অনুষ্ঠানত আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰা হ’ব আৰু তৃতীয় কাব্যসংকন টি হ’ল “মোৰ হৃদয়ৰ স্পন্দনত কেৱল মাথোঁ তুমি ” উক্ত কাব্যসংকলন টি চলিত মাহৰ ২৬ তাৰিখে, যোৰহাটত দিগ্দৰ্শনৰ অষ্টাদশ বৰ্ষপুতি উপলক্ষে আয়োজিত অনুষ্ঠানটিত শুভ উন্মোচন কৰা হ’ব আৰু একেখন সভাতে বিশ্বনাথ জিলাৰ, বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত ৰৌমাৰী বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা ২০২১ বৰ্ষৰ কৃতী শিক্ষকৰ স্বীকৃতি পোৱা প্ৰেম বৈষ্ণৱলৈ অসমৰ অগ্ৰণী প্ৰকাশন দিগদৰ্শন প্ৰকাশনৰ তৰফৰপৰা, যোৰহাটৰ বিজ্ঞান কেন্দ্র তাৰকাগৃহ, প্ৰেক্ষাগৃহত ছেপ্টেম্বৰ মাহৰ ২৬ তাৰিখে “”বৰ্ষশ্ৰেষ্ঠ কবি'” হিচাপে আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা পত্ৰ , জাপি , চেলেং , শৰাই, ফুলাম গামোচা , স্মাৰক আদিৰে সম্বৰ্ধনা জনোৱা হ’ব
লাহৰীঘাটৰ কাঠনিত অজগৰ উদ্বাৰ
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত কাঠনি গৰম বজাৰৰ ফণী ডেকাৰ ঘৰৰ কঁঠাল গছৰ ডালত আনুমানিক ৮ কেজি ওজনৰ এটা অজগৰৰ পোৱালি স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি অজগৰৰ পোৱালিটিক উদ্বাৰ কৰি সম্প্রতি লাহৰীঘাট থানাত সমজাই দিয়ে ।
১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা
১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুৰ্গা পূজা।এইবাৰ দুৰ্গা পূজা আয়োজন কৰিব পাৰিব ৰাজ্যবাসীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে এইবাৰ দুৰ্গা পূজা হ’ব।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,”ৰাজ্যখনত দুৰ্গা পূজা নিশ্চিতভাৱে উদযাপন কৰা হ’ব।কিন্তু সকলো ক’ভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিব লাগিব।সতৰ্কতাৰে অনুসৰণ কৰিব লাগিব ক’ভিড প্ৰটকল।উল্লেখযোগ্য যে,দ্বিতীয়বাৰৰ বাবে ক’ভিডৰ মাজতে সমগ্ৰ দেশতে দুৰ্গা পূজা আয়োজন কৰা হৈছে।দুৰ্গা পূজা উদযাপন সন্দৰ্ভত সমিতি আৰু মূৰ্তি নিৰ্মাতাসকলৰ মাজত যথেষ্ট অনিশ্চয়তা আছিল।কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পিছত সকলোৱে কিছু পৰিমাণে সকাহ পাইছে।
ঐতিহাসিক শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত গুৰুজনাৰ তিৰোভাৱ তিথি পালন
আজি শ্ৰী মন্ত শংকৰ দেৱৰ ৪৫৩ সংখ্যক তিৰোভাৱ তিথি। উজনি অসমৰ অন্যতম পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ক’ৰনা সংক্ৰমণ ৰোধৰ নীতি নিৰ্দেশনা মানি গুৰুজনাক সেৱা জনাবলৈ ভিৰ কৰিলে অজস্ৰ ধৰ্মপ্ৰাণ ৰাইজে। উল্লেখযোগ্য যে মুখত ক’ভিড পৰিস্থিতিৰ বাবে মুখত মাস্ক, হাতত ধূপ-দীপ নৈবেদ্য লৈ গুৰুজনাৰ তিৰোভাৱ তিথি দিনা শ্ৰী চৰণত সেৱা জনাই অসূয়া, অমঙ্গল নাশৰ প্ৰাৰ্থনা কৰিলে ভক্তগণে। সমান্তৰাল ভাৱে নামঘৰ পৰিচালনা সমিতিয়ে কভিড প্ৰ’ট’কল মানি আয়োজন কৰিছে বিশেষ ভদীয়া নামৰো।অৱশ্যে এইবাৰ সমজুৱাকৈ শাৰী পাতি বহি প্ৰসাদ গ্ৰহণৰ প্ৰক্ৰিয়া দেখা পোৱা নগ’ল ঐতিহাসিক নামঘৰ ভাগিত। ভক্তগণে গাইগুটীয়া কৈ বন্তি জ্বলোৱাৰ পৰিৱৰ্তে নামঘৰ পৰিচালনা সমিতিয়ে স্থাপন কৰা দহ গচ বন্তিত সেৱকী সকলে তেল ঢালি সেৱা গ্ৰহণ কৰিলে।পূৰ্বৰ দৰে পৰিবেশ নাই যদিও কভিড -১৯ ৰ সংহাৰৰ মাজতো ভাদ মাহত অনুষ্ঠিত হোৱা গুৰুজনাৰ তিৰোভাৱ তিথিৰ এই বিশেষ দিনটোত এক প্ৰকাৰ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ প্ৰাংগণ যেন জনসমুদ্ৰলৈ পৰ্যবসিত হ’ল।











