Home Blog Page 2849

হৰি নামৰ ধ্বনিৰে মুখৰিত নামঘৰ নগৰী খ্যাত জামুগুৰিহাটৰ আকাশ বতাহ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে আজি হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে নামঘৰ নগৰী খ্যাত জামুগুৰিহাটৰ আকাশ বতাহ।বিগত বৰ্ষত কৰ’ণা মহামাৰীৰ পৰিপেক্ষিতত তিথি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধা আহি পৰিছিল যদিও এইবেলি চৰকাৰে কম সংখ্যক লোকৰ উপস্থিতিত ধৰ্মীয় কামকাজ সমুহ চলাই নিয়াৰ ক্ষেত্ৰত অনুমতি প্ৰদান কৰাত অসমৰ অন্যান্য প্ৰান্তৰ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষ্যে জামুগুৰিহাটৰ নামঘৰ- সত্ৰত পুৱাৰ পৰাই এক ব্যৱস্থাপূৰ্ণ তথা উদুলি মুদুলি পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হয়।জামুগুৰিহাটৰ প্ৰতিটো নামঘৰেই গুৰুজনাৰ তিথি উললক্ষ হৰি নামৰ অমৃয়া সুৰৰে মুখৰিত হৈ পৰে।অৱশ্যে অঞ্চলটোৰ কোঁছগাওত গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনা  পৰম্পৰাগত ভাৱে অনুষ্ঠিত কৰি অহা কালিয়দমন দমন ভাওনা এইবাৰো কভি’ড জনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদযাপন সমিতিয়ে অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।ভাওনা অনুষ্ঠিত নহ’লেও আজি পুৱাৰ পৰাই কোঁছগাওৰ কালিয়দমন ক্ষেত্ৰত শৰাই শলিতা নৈবেদ্যৰ লগতে চাকি বন্তি জ্বলাবলৈ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা পৰিলক্ষিত হয়।ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বৈকুণ্ঠপুৰীত পৰিণত হয় কালিয়দমন ক্ষেত্ৰ।

বিহালী বনাঞ্চলক লৈ বিশেষ পদক্ষেপ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিহালী  বনাঞ্চলক লৈ বিশেষ পদক্ষেপ৷ বিশ্বনাথ জিলাৰ বিহালী সমষ্টি তথা উত্তৰ অসমৰ অন্যতম এখন সংৰক্ষিত  বনাঞ্চল বিহালী সংৰক্ষিত বনাঞ্চলক অভআৰণ্যৰ মান্যতা দিয়াৰ পদক্ষেপ হিচাপে আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদবৰ ৷উল্লেখযোগ্য যে বিহালী সংৰক্ষিত বনাঞ্চল খন অভয়াৰণ্য হিচাপে দাবী কৰি আহিছে বিশ্বনাথ- বিহালীৰ বিভিন্ন দল সংগঠনৰ লগতে বিহালীৰ  বেদেতী নেচাৰ্চ বন্যপ্ৰাণে।ইফালে মঙলবাৰে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদব লগতে বহু কেইজন উচ্চ পৰ্যায়ৰ  বন বিষয়া, উত্তৰ অসমৰ সংমণ্ডৰ বন বিষয়া, বিশ্বনাথ জিলা বন সংমণ্ডল বিষয়া  লগতে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত   উপস্থিত হয় বিহালী সংৰক্ষিত বনাঞ্চলত। উপস্থিত হৈ বনাঞ্চল খন পৰিদৰ্শন কৰে বন বিভাগৰ দলটোৰ লগতে বিধায়ক ৰঞ্জিত দত্তই।ইফালে এই দলটোৰ সৈতে উপস্থিত বিহালী বেদেতী নেচাৰ্চ বন্যপ্ৰাণৰ এটা দল। উক্ত দলটোৱে মুখ্য বন্য প্ৰানী অধীক্ষক এম কে যাদবক বিহালী সংৰক্ষিত বনাঞ্চল খন শীঘ্ৰে বনাঞ্চল  অভয়াৰণ্য  দাবী কৰি এখনি স্মাৰক পত্ৰ প্ৰদান কৰে ।মুখ্য বন্য প্ৰাণীৰ অধীক্ষক তথা এমট্ৰনৰ অধক্ষ এম কে যাদবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বিহালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰৰিবলৈ অহা বুলি জানিবলৈ দিয়ে৷উল্লেখযোগ্য যে ,সমগ্ৰ পৃথিৱীত নথকা  বিৰল প্ৰজাতিৰ উদ্ভিদ উদ্ভাৱনে বিশ্বনাথৰ বিহালী বনাঞ্চল স্বকীয় গৰিমাৰে উজ্বলি উঠিছে বিশ্বত ৷সমগ্ৰ পৃথিৱীত নথকা  বিৰল প্ৰজাতিৰ উদ্ভিদ উদ্ভাৱনে বিশ্বনাথৰ বিহালী বনাঞ্চল স্বকীয় গৰিমাৰে উজ্বলি উঠিছে সমগ্ৰ বিশ্বত। ক্লৰ’ফাইটাম আছামিকাম (Chlorophytum assamicum)  নামৰ উদ্ভিদজোপা পৃথিৱীৰ ভিতৰত কেৱল বিহালী বনাঞ্চলত পায় । বিলুপ্তিৰ পথত থকা   উদ্ভিদ জোপা মাত্ৰ ১৮ জোপাহে বাছি আছে বিহালী বনাঞ্চলত । প্ৰজনন ক্ষমতা বঢ়োৱা এই  ক্লৰ’ফাইটাম আছামিকাম উদ্ভিদজোপা ৰক্ষণাবেক্ষণৰ গুৰু দায়িত্ব চৰকাৰে ল’ব লাগে যদিও দৃষ্টিগোচৰ হোৱনাই চৰকাৰৰ । তদুপৰি বিপদাপন্ন ডেও হাঁহৰ বাসস্থান যি অসমৰ ৰাজ্যিক চৰাই আৰু ফক্সটেইল অৰ্কিড, অসমৰ ৰাজ্যিক ফুল এইখন বিহালী বনাঞ্চলতে পোৱা যায় । জৈৱ-বৈচিত্ৰৰ সম্ভৱনাপূৰ্ণ ভৰাঁলৰূপে চিহ্নিত হৈছে উত্তৰ অসমৰ বিহালী সংৰক্ষিত বনাঞ্চল ৷কিয়নো এই সংৰক্ষিত বনাঞ্চলখন বৰ্তমান পৰ্যবসিত হৈ পৰিছে বিশ্বৰ ভিতৰতে অতি দূৰ্লভ উদ্ভিদৰ উৎপত্তি স্থল ৷শতিকা গৰকা এই বনাঞ্চলত উপলদ্ধ হ’ব ধৰিছে পৃথিৱী ক’তো বিচাৰি নোপোৱা নানান বিধ উদ্ভিদ ৷আৰু এই উদ্ভিদসমূহ উদ্ভাৱন কৰিছে গুৱাহাটী বিশ্ববিদ্যায়ত অধ্যয়নৰত গৱেষণা বিভাগৰ বিশ্বনাথৰ স্থানীয় যুৱক ৰঞ্জিত কাকতি,ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ গৱেষক তথা গোৱালপাৰা মহাবিদ্যালয়ৰ প্ৰবক্তা দীপাংকৰ বৰা আৰু নেচাৰ্ছ বন্যপ্ৰাণৰ পৰীক্ষিত কাফলেৰ গৱেষক দলে ৷ পৃথিৱীত আন ঠাইত নথকা বিশেষ উদ্ভিদ সমূহ ভিতৰত ক্লৰ’ফাইটাম আছামিকাম,যিটো কম উচ্চতাৰ আৰু অতি গুন সম্পন্ন এবিধ সুপুষ্পক উদ্ভিদ ৷তাৰোপৰি বিলুপ্তিৰ পথত থকা বিহালী বনাঞ্চলতে প্ৰথম আৱিস্কৃত ১০টাত কৈয়ো অধিক মহাঔষধ গুন সম্পন্ন এৰিষ্টোলচিয়া আছামিকা,জেলিওলা নুডিফোলিয়া অর্কিড,পেল্লেঅ’লা ছানথাচ মেক্ৰফাইলাভাৰ,১৫০ বছৰ ধৰি সন্ধানহীন হৈ থকা ইষ্ট হিমালায়ন টুপিষ্টা,শতমূল,আৰু বন কমলা উল্লেক্ষনীয় ৷ কিন্তু ইমানখিনি বৃক্ষকুল জৈৱ-বৈচিত্ৰৰ সমল থকা এই সংৰক্ষিত বনাঞ্চল খনক চৰকাৰে এতিয়া আন্তৰিকতাৰে গুৰুদ্বায়িত্ব লোৱাৰ সময় আহি পৰিছে ৷অতি দূৰ্লভ বহু ঔষধি গুণ সম্পন্ন এই উদ্ভিদসমূহক যদি চৰকাৰে এতিয়াই সংৰক্ষিত কৰি নাৰাখে অদূৰ ভৱিষ্যতে অসমে এই বনাঞ্চলৰ লগতে নতুন আৱিস্কৃত হোৱা উদ্ভিদ সমুহ নিচিহ্ন হৈ পৰাতো খাটাং ৷এতিয়া অপেক্ষা কেৱল চৰকাৰৰ সু-দৃষ্টি আৰু সহমৰ্মিতাৰ ৷বিহালী বনাঞ্চলত থকা সমল‌সমূহ হৈছে ৩০০ তকৈও অধিক প্ৰজাতিৰ ফুলৰ উদ্ভিদ, ২৮২ টা চৰাই, ২৭৫ টা পখিলা, ৪০ টা স্তন্যপায়ী প্ৰাণী, ২৩ টা সৰীসৃপ, ১২ টা কাছ আৰু বহুতো জীৱ জন্তু পোৱা যায়। ইয়াত পোৱা দুবিধ উদ্ভিদ, পৃথিৱীৰ কোনো ঠাইত বৰ্তমানলেকে বিচাৰি পোৱা নাই। বিপদাপন্ন ডেও হাঁহৰ বাসস্থান যি অসমৰ ৰাজ্যিক চৰাই, ফক্সটেইল অৰ্কিড, অসমৰ ৰাজ্যিক ফুল ঢেঁকীয়াপতীয়া বাঘ, যি ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী আদিও ইয়াত পোৱা যায়। বহু মেকুৰী জাতীয় বাঘৰ আশ্রয় স্হল আমাৰ ঐতিহ্যবাহী প্ৰাণীৰ বৃহৎ জনসংখ্যাৰ সৈতে এই অৰন্যখন হাতীৰ সংৰক্ষণ স্থল। বিপদাপন্ন টুপি মুৰীয়া বান্দৰ আৰু লাজুকী বান্দৰ ৰ ভাল জনসংখ্যাৰ বাবে জনাজাত।  ইমানখিনি সমল থকাৰ পাছটো যদি এতিয়া সংৰক্ষণ কৰা নহয়, এই অৰণ্য ২০৩০-৩৫ চনত সম্পূৰ্ণৰূপে হেৰাই যাব পাৰে‌ ।পৰিৱেশ খৰাং হৈ পৰিব, শস্যৰ ক্ষতি হ’ব, জলবায়ু পৰিৱৰ্তন হৈ মাৰাত্মক ৰোগে মানুহক আগুৰি ধৰিব।আনহাতে সংকটৰ গৰাহত বিশ্বনাথৰ বিহালী সংৰক্ষিত বনাঞ্চল ।জৈৱ-বৈচিত্ৰতাৰ ভৰাঁল বনাঞ্চলখনক অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ দাবী বিশ্বনাথবাসীৰ। ১৯১৭ চনতে ঘোষণা কৰা  বিহালী  সংৰক্ষিত বনাঞ্চল হৈছে উত্তৰ অসমৰ বিশ্বনাথ জিলাত অৱস্থিত এটি অৰ্ধ-চিৰসেউজ বনাঞ্চল। মুঠ ভৌগোলিক এলেকা আছিল প্ৰায় ১৪০ বৰ্গ কিলোমিটাৰ, যাৰ ভিতৰত বৰ্তমানে মাত্ৰ ৬০ বৰ্গ  কিলোমিটাৰ মানহে অক্ষত অৱস্থাত আছে । এই অৰণ্যই এটা সময়ত বিশ্বনাথ আৰু নদুৱাৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গৈছে যিটো বৰ্তমান এচাম মানুহৰ বিভিন্ন পৰিবেশ বিৰোধী কামৰ বাবে হেৰাই গৈছে ৷ পূৱৰ পাক্কে আৰু নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল,  পশ্চিমৰ চিংলিজান, ছয়দুৱাৰ, দুলুং আৰু কাকৈক সংযোগ কৰিছিল। যাৰ ফলত বিপদাপন্ন হাতী আৰু অন্যান্য বন্যপ্ৰাণী সমূহৰ প্ৰব্ৰজনৰ বাবে এক মুকলি পথৰ সৃষ্টি হৈছিল।কিন্তু বৰ্তমান বনাঞ্চলখনলৈ নামি আহিছে চৰম ভাবুকি ৷  অঞ্চলটোৰ এদল গৱেষক তথা নেচাৰ্চ বন্যপ্ৰানৰ সদস্য সকলে এই বনাঞ্চলটো ইতিমধ্যে অন্বেষণ কৰিছে ৷এই গৱেষকসকলে এতিয়ালৈকে প্ৰায় ২৯০ বিধ স্থানীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি,৩৯ বিধ স্তন্যপায়ী প্ৰাণী, ২৮০ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী, ২৫০ ৰো অধিক পখিলা সংৰক্ষিত অঞ্চলত আছে বুলি সদৰী কৰিছে । প্ৰতিবছৰে কৰা প্ৰতিটো জৰীপৰ অন্তত অধিক নতুন প্ৰজাতি যোগ হৈয়েই আছে। এই প্রাণীসমূহৰ ভিতৰত ৩৬ বিধ প্রজাতিৰ প্রাণীক  বিলুপ্তপ্ৰায় বুলি International Union for Conservation of Nature(IUCN) য়ে চিনাক্ত কৰিছে ৷ গৱেষণা আৰু অন্বেষণমূলক বৈজ্ঞানিক কাৰ্যকলাপত এই অঞ্চলটো কেইবা দশক ধৰি অৱহেলিত হৈ আহিছে ।  শেহতীয়া জৰীপৰ অন্তত তেওঁলোকে বিজ্ঞানৰ পৃথিৱীত তিনিটা নতুন উদ্ভিদ প্ৰজাতিৰ লগতে কেইবাটাও আকৰ্ষণীয় উদ্ভিদ আৰু প্রাণী প্ৰজাতিৰ বৰ্ণনা কৰি অভিলেখৰ সৃষ্টি কৰিছে । এই  সংৰক্ষিত বনাঞ্চলত পোৱা প্রাণীবোৰৰ বহু সংখ্যকেই  বিপদাপন্ন । বিহালী সংৰক্ষিত বনাঞ্চল অসমৰ ৰাজ্যিক পক্ষী  তথা অতি বিৰল দেওঁহাঁহৰো বাসস্থান ।তাৰোপৰি,হাতী ঢেকীয়া পটিয়া,নাহৰ ফুটুকী,লতা-মেকুৰী বাঘ,বন-ৰৌ,টুপী বান্দৰ,লাজুকী বান্দৰ,সৰীসিপ অজগৰ,চকৰী ফেঁটি,মূৰ্গী ফেঁটি…পক্ষীৰ ভিতৰত চাৰি প্ৰজাতিৰ হৰ্ণবিল উল্লেখনীয় ৷ কিন্তু ৬৫০ বিধ দুস্প্ৰাপ্য জীৱকুল, উদ্ভিদকুল  বসতি প্ৰধান সংৰক্ষিত বনাঞ্চল হৈ থকাৰ পাছতো বৰ্তমানেও অভৰায়ণ্যলৈ উন্নীত হোৱা নাই বিহালী বনাঞ্চাল ৷হয়তো চৰকাৰৰ অমনোযোগিতা আৰু স্থানীয় জননেতাৰ মাহী আইৰ দৃষ্টিৰ বাবেই আজিও বিহালী বনাঞ্চল এলাগী হৈ ৰৈছে ৷ কিন্তু জিলাখনৰ বিভিন্ন দল-সংগঠন আৰু ৰাইজৰ দাবী বিহালী বনাঞ্চলক অভয়ৰাণ্য হিচাবে ঘোষণা কৰক ৷কিয়নো সুৰক্ষাকৰ্মী নথকাৰ সুযোগ লৈ বনাঞ্চলৰ পৰা জনানঞ্চলৈ ওলাই অহা হস্তী-মানুহৰ সংঘাত দৈনিক বৃদ্ধি পাব ধৰিছে ৷অন্যহাতে,অৰুণাচলৰ অনধিকাৰ আগ্ৰাসনৰ ফলত বনাঞ্চলখনৰ পৰিসীমা ক্ৰমান্বয়ে সৰু হৈ পৰা পৰিলক্ষিত হৈছে ৷যদিহে চৰকাৰ এতিয়াই বিহিত ব্যৱস্থা গ্ৰহণ নকৰে পৰৱৰ্তী সময়ত দুস্প্ৰাপ্য বিৰল জীৱকুল সমূহ বনাঞ্চলৰ পৰা নিঃশেষ হৈ যোৱাটো ধুৰূপ! বিশ্বনাথবাসীৰ এই দাবীক চৰকাৰে কিদৰে গ্ৰহণ কৰে পৰৱৰ্তী সময়তহে পৰিলক্ষিত হ’ব ৷টুপিমুৰীয়া বান্দৰ, শৰপহু, লাজুকী বান্দৰ, নলগাঁহৰি, বাঘ, হাতী ইত্যাদি আৰু বনৰীয়া চৰাইৰ অত্যন্ত সমৃদ্ধ এই বনাঞ্চলখনত পৰ্যটকসকলে এই সকলোবোৰ প্ৰজাতি উপভোগ কৰাৰ লগতে গছগছনিৰে ভৰা প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ থল আছে। এই বনাঞ্চলতেই পৃথিৱীৰ কতো নোপোৱা ক্ল’ৰ’ফাইটিমা আছামিকাম নামৰ এবিধ সপুস্পক উদ্ভিদ পোৱা গৈছে। তদুপৰি ঔষধি মূল্য বহুত বেছি হোৱা আন  ৬ বিধ উদ্ভিদ অসমত প্ৰথম বাৰৰ বাবে বিহালী বনাঞ্চলৰ পৰা আৱিস্কৃত হৈছে। এই বনাঞ্চলতেই পোৱা যায় বনৰীয়া কমলা, আপুৰুগীয়া ভোলা গছ। কিন্তু বৰ্তমানৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ ফলত কৃষিৰ বাবে মানুহে হাবি বন ধ্বংস কৰি খেতিপথাৰ মুকলি কৰাৰ বাবে বনাঞ্চলৰ জৈৱবৈচিত্ৰ্যতা বিপন্ন হ’বলৈ ধৰিছে আৰু অবৈধ চিকাৰৰ ফলস্বৰূপে আপুৰুগীয়া গছ আৰু প্ৰাণীৰ সংখ্যা দিনক দিনে কমি গৈ জৈৱ বৈচিত্ৰ্যতাৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে।  গতিকে বিহালী সংৰক্ষিত বনাঞ্চলখনক স্থায়ীভাৱে সংৰক্ষিত কৰাৰ স্বাৰ্থত  অতিসোনকালে বন্যপ্ৰাণী অভয়াৰণ্যলৈ ৰূপান্তৰ কৰি সংৰক্ষণ কৰাৰ দাবী উত্থাপন হৈছে বিশ্বনাথ জিলাত। ইফালে বিহালীৰ বিধায়ক ৰঞ্জিত দত্তই বিহালী সংৰক্ষিত বনাঞ্চলক শীঘ্ৰেই অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰাৰ বাবে বিধান সভাত বিষয়টো উত্থাপন কৰিব বুলি জানিব পৰা গৈছে ।ৰঙ-বিৰঙৰ জাক জাক  পখিলা ৷ পাতে-পাতে,ফুলে-ফুলে ফুলৰ ৰেণু বিচাৰি বিহ্বল হৈ পৰিছে জীৱনডিঙা যুজত ৷ জাক-জাক আৰু বিধে বিধে পখিলাবোৰে মেলা পাতিছে ৷আপুনি হয়তো ভাবিছে এইয়া কাৰোবাৰ ঘৰৰ ফুলনিৰ মনোৰম দৃশ্য ৷  নহয় ৷ এই মনোমোহা দৃশ্য হৈছে বিহালী সংৰক্ষিত বনাঞ্চলৰ অতিকৈ বিৰল শোভা ৷প্ৰায় তিনিশৰো অধিক বিভিন্ন প্ৰজাতিৰ পখিলাই শুৱনি কৰি ভৰি আছে এই বিশাল বনাঞ্চল ৷ প্ৰায় এশবছৰৰো  অধিক কাল পূৰ্বে ১৪০ আৰু বৰ্তমানে ৬০ বৰ্গকিলোমিটাৰ বিস্তাৰিত বিহালী সংৰক্ষিত বনাঞ্চল হিচাবে ঘোষিত এই বিহালী বনাঞ্চালত ৯০০ৰো অধিক  বিভিন্ন প্ৰাণীকুল-পক্ষীকুল, সৰিসৃপ আদি কৰি পৃথিৱী বিখ্যাত উদ্ভিদ,  তৰু-তৃণ আৰু বটবৃক্ষলৈকে সকলো উপলব্ধ এই বিহালী বনাঞ্চলত বিশ্বনাথৰ এদল গৱেষকৰ অম্বেষণত ধৰা পৰিছে প্ৰায় তিনিশৰো অধিক পখিলা ৷ ইয়াৰ ভিতৰত গ্ৰীণ ড্ৰেগনটেল,পেৰিছ পিকোক উল্লেখ্যযোগ্য ৷৷

তিনিবাৰকৈ বিধায়ক হোৱা আমিনুল ইছলামৰ সমষ্টিৰ এটা পথ

লাহৰীঘাট বাছ আস্থানৰ এটি পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক ।  মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বাছ আস্থানৰ মূল গড়কাপ্তানী পথৰ উত্তৰে বৰখাঁবল গাৱলৈ যোৱা  ব্যস্ততা পূর্ণ পথটি সম্প্রতি বাৰিষা কাল আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ৫০ মিটাৰ পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক। অলপ বৰষুণ দিলেই  সৃষ্টি হয়  কৃতিম বানপানীৰ। পথৰ দুয়োকাষে ওখ হোৱাৰ ফলত পানী ওলাই যাব নোৱাৰাত অনবৰতে জমা হৈ থাকে পানী। আনহাতে কেবা বছৰ ধৰি পথটি মেৰামতি নকৰাত সম্প্রতি পথটিৰ মাজে মাজে সৃষ্টি হৈছে গাঁতৰ। উল্লেখ্য যে এই পথটিৰে দৈনন্দিন অহৰহ বাইক, অটৰিক্সা, ই ৰিক্সা, চাইকেল, ঠেলা, চাৰিচকীয়া বাহন, প্ৰয়োজন সাপেক্ষে গধুৰ যানবাহনো চলাচল কৰে। ইয়াৰ উপৰিও স্কুল – কলেজৰ ছাত্র ছাত্রীকে আদি কৰি পথচাৰী সকলেও অনবৰতে অহা যোৱা কৰা পৰিলক্ষিত হয়। । ভুক্তভোগী সকলৰ এনে দুৰবস্থা তিনিবাৰকৈ বিধায়ক হোৱা আমিনুল ইছলামৰ চকুত পৰাৰ বাবে এই Ground report চৰকাৰৰ ওচৰত দাঙি ধৰা হ’ল ।

আন্তঃৰাষ্ট্ৰীয় অনলাইন নৃত্য প্ৰতিযোগিতাত ‘অসম মাধুুৰী’ উপাধি মাজুলীৰ কনমানি বৈষ্ণৱী ভূঞাৰ

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অনুপম সৃষ্টিৰাজীত থকা বিশ্বজনীন ভাৱ ধাৰাৰে সমগ্ৰ বিশ্বকে আকৰ্ষিত কৰাৰ নিদৰ্শন এতিয়াও হেৰাই যোৱা নাই। মাজুলীৰ কণমানি শিল্পী বৈষ্ণৱী ভূঞাৰ সত্ৰীয়া নৃত্যই  তাকেই প্ৰমাণিত কৰিলে।ক’ভিড সৃষ্ট পৰিস্থিতিৰ সময়ত ঘৰতে আৱদ্ধ বহু প্ৰতিভাৱান শিশুৱে প্ৰমান কৰিছে “দৃষ্টি থাকিলে লক্ষ্য নেহেৰাই”।
ANASS INDIA’নামৰ সৰ্বভাৰতীয় সাংস্কৃতিক সংস্থাটোৱে আয়োজন কৰা World Dancer online international Dance contest 2021(season 4) ত ভাৰতৰ বাহিৰেও ইউ এছ এছ , অষ্ট্ৰেলিয়া , ইউনাইটেড কিংডম , কানাডা , চিংগাপুৰ , মালয়েছিয়া , ইউ এ ই আদি বহু কেইখন ৰাষ্ট্ৰৰ তিনি হাজাৰৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত তিনিটা শাখাত শাস্ত্ৰীয় নৃত্য, লোকনৃত্য, প্ৰাচীন আৰু  পাশ্চাত্য নৃত্যৰ বিষয়ত প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ ছাত্ৰী বৈষ্ণৱী ভূঞাই  নিম্ন শাখাৰ  শাস্ত্ৰীয় নৃত্য বিষয়ত  অসমৰ পৰা প্ৰতিনিধিত্ব কৰি সত্ৰীয়া নৃত্যৰে শ্ৰেষ্ঠ প্ৰতিযোগীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে উক্ত সাংস্কৃতিক সংগঠনটোৱে আয়োজন কৰা প্ৰতিযোগিতাত অসমৰ ভিতৰত প্ৰথম স্থান , উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম স্থান লাভ কৰাৰ পিছত সৰ্বভাৰতীয় শাস্ত্ৰীয় নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি  ভাৰতৰ ২০ গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীৰ ভিতৰত স্থান পোৱাৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিছিল। সংগঠন টোৰ ফালৰপৰা বৈষ্ণৱীলৈ ‘অসম মাধুৰী’ উপাধি প্ৰদান কৰিছিল । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্বীকৃত প্ৰাচীন কলাকেন্দ্ৰ চণ্ডীগড়ৰ পাঠ্যক্ৰমৰ আধাৰত  গোলাপ বৰুৱা বায়ন আৰু ভগৱান দাসৰ ওচৰত সত্ৰীয়া আৰু শাস্ত্ৰীয় নৃত্য শিক্ষা গ্ৰহণ কৰা বৈষ্ণৱী ভূঞাই উত্তৰ ভাৰতীয় শাস্ত্ৰীয়  সংগীতৰো ছাত্ৰী। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ ক্ষেত্ৰত  এগৰাকী সৰ্বভাৰতীয় কৰিয়গ্ৰাফাৰ, নৃত্য বিশাৰদ মংগলদৈৰ জনাৰ্দন ডেকা, লুইত কোঁৱৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ অধ্যাপক অতুল ভূঞা আৰু উত্তৰ কমলাবাৰী সত্ৰৰ কৃষ্ণৰাম বৰবায়নে বিশেষ ভাৱে সহায় কৰিছিল।শিশু বিদ্যানিকেতন , কমলাবাৰীৰ সপ্তম মানৰ ছাত্ৰী বৈষ্ণৱী কমলাবাৰীৰ নিবাসী  মাজুলী কেন্দ্ৰীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰঞ্জিৎ কুমাৰ ভূঞা আৰু বিদ্যানিকেতনৰ আচাৰ্যা তথা অনাতাঁৰ শিল্পী, সংগীত বিশাৰদ মালতী ভূঞাৰ কন্যা। মহাপুৰুষ শংকৰদেৱৰ মহাপ্ৰয়াণ তিথি, সুধাকণ্ঠৰ জন্মদিন তথা মাজুলী  জিলাৰ জন্ম দিনৰ মাহেন্দ্ৰ ক্ষণত বৈষ্ণৱীৰ এই সফলতাৰ বাতৰিয়ে  মাজুলীৰ সাংস্কৃতিক মহলত উৎসাহ বৃদ্ধি হোৱাৰ উপৰিও বিভিন্ন শিল্পী , সংগঠন আদিয়ে বৈষ্ণৱীক অভিনন্দন আৰু আশীষ প্ৰদান কৰিছে।

১৬ ছেপ্টেম্বৰত শুভ নাট্যাৰম্ভ থিয়েটাৰ বীণাপাণিৰ

আৰম্ভ হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ বতৰ, ইটোৰ পিছত সিটো নাট্যদলে আৰম্ভ কৰিছে আখৰা।ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা সংস্কৃতিৰ পথাৰখন জীপাল কৰাৰ প্ৰয়াসেৰে সাজু হোৱা প্ৰনৱ বৰ্মনৰ  প্ৰযোজিত থিয়েটাৰ বীণাপাণি ইতিমধ্যে প্ৰস্তুতি সম্পূর্ণ কৰিছে । কৰোনা ভাইৰাছৰ আতংক আৰু চৰকাৰী নীতি নিৰ্দেশনাৰ বাবে যোৱা বৰ্ষৰ নাট্যযাত্রা বাতিল হোৱাৰ পিছত এবুকু আশা বুকুত বান্ধি চলিত ২১-২২ নাট্যবৰ্ষৰ বাবে আগবাঢ়িছে নাট্যদলটিয়ে। চলিত নাট্যবৰ্ষত থিয়েটাৰ বীণাপাণিৰ মঞ্চত দেখিবলৈ পোৱা যাব তিনিজন নাট্যকাৰৰ তিনিখন ভিন্ন ৰসৰ নাটক নাট্যকাৰ অভিজিৎ ভট্টাচার্যৰ “কলংকিনী ৰাধা”, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ “বলিদান” আৰু সতীশ দাসৰ “মহা মিলন”। আনহাতে আগন্তুক নাট্যবৰ্ষত বীণাপাণিৰ মঞ্চত বহুতো ন পুৰণি অভিনেতা অভিনেত্রীৰ অভিনয়ৰ সমাহাৰ ঘটিব যত অভিনয় কৰিব বলিষ্ঠ অভিনেতা কৃষ্ণমনি নাথ, চম্পক শৰ্মা,ৰাজীৱ শৰ্মা, পল্লৱ দিক্ষীত, সঞ্জীৱ বৈশ্য, প্ৰিয় বৰ্মন, কংকন দেৱনাথ, আলু খ্যাত গৌৰাংগ, হেলেনা আখটাৰ, লীজা বৰা,বৰ্নালী পাঠক আৰু বহুতো। তাৰোপৰি মহাদেৱ বৰ্মন, অজয় চৌধুৰী, কোকিল ভাগৱতীয়ে প্ৰতিনিধিত্ব কৰা থিয়েটাৰ বীণাপাণিৰ  সম্পাদকৰ দায়িত্বত আছে ৰাজীৱ শৰ্মা আৰু কৰেন বৰ্মন। সম্পাদকে জানিব দিয়া মতে ১৬ ছেপ্টেম্বৰত বনিয়াকুছিস্থিত বীণাপাণি থিয়েটাৰৰ স্থায়ী আখৰা গৃহত শুভ নাট্যাৰম্ভ কৰিব নাট্যদলটোৱে। সমূহ নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা আৰু আশীর্বাদ বিচাৰিছে থিয়েটাৰ বীণাপাণিৰ প্ৰযোজক পৰিচালক শিল্পী কলাকুশলী সকলে। 

হাওৰাঘাটৰ ব্যাপক দুৰ্নীতি উদঙাই দিয়া সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীক সম্বৰ্ধনা

কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিত বিগত সময়চোৱাত গ্ৰাম্য সখী চাকৰি নিযুক্তিকে আদি কৰি বিভিন্ন বিভাগত সংঘটিত হোৱা ব্যাপক দুৰ্নীতি সংবাদ মাধ্যমৰ যোগেদি হাওৰাঘাটৰ সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে উদঙাই দিয়া বাবেই সন্তোষ্টি প্ৰকাশ কৰি আজি বিজেপিৰ হাওৰাঘাট মণ্ডল কমিটীৰ সদস্য আৰু বি এল চি  চি’ৰ সদস্যসকলে এখন সভাৰ যোগেদি ফুলাম গামোচা আৰু কাৰ্বি পহ’ৰে সম্বৰ্ধনা জনোৱা হয় ।  উল্লেখ্য যে এই দুৰ্নীতি সন্দৰ্ভত বিজেপিৰ অসম এছ টি মৰ্চাৰ ডিমা হাছাওৰ প্ৰভাৰী মথুৰা ফংলোচাই কয় বিগত সময়ত এক মাহ সোতৰ দিন ধৰি দুৰ্নীতিৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ অভিযান চলোৱাৰ পিছত আৰু হিতাধিকাৰীৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি গ্ৰস্ত বি এল চি চি’ৰ অধ্যক্ষ আৰু ভি ডি চি’ৰ অধ্যক্ষক মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙে পদৰ পৰা বৰ্খাস্ত কৰে । বি এল চি চি’ৰ নতুন অধ্যক্ষ মুকুল নাথ আৰু ভি ডি চি’ৰ নতুন অধ্যক্ষ বিলিচন ইংতিয়ে আজি হাওৰাঘাট উন্নয়ন খণ্ডৰ কাৰ্য্যালয়লৈ গৈ খণ্ড উন্নয়ন বিষয়াৰ ওচৰত কামত যোগদান কৰে । স্মৰ্তব্য যে  এই ক্ষেত্ৰত বিজেপিৰ হাওৰাঘাট মণ্ডলৰ ষ্ট্ৰিং অপাৰেশ্যন টিম আৰু সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰীয়ে সহযোগ কৰি বিজেপি দলতে বিজেপিৰ বিষয়া কৰ্মচাৰীয়ে দুৰ্নীতিত জড়িত থকা সকলৰ বিৰুদ্ধে সক্ৰিয় ভূমিকাৰে সাংবাদিকতা কৰ্ম কৰি যোৱা বাবেই আজি বিজেপিৰ হাওৰাঘাট মণ্ডলে সাংবাদিকগৰাকীক সন্মান জনায় ।

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত ‘লেখক দিৱস উদযাপন’

 

সাহিত্যৰ স্বৰূপ স্বচ্ছ আৰু সুন্দৰ নহলে এটা জাতিৰ কৃষ্টি – সংস্কৃতি , মানৱীয় চিন্তা- ভাৱনা সমৃদ্ধ নিকা প্ৰতিচ্ছবিখনিৰ প্ৰতিফলন বিকৃত ৰূপত প্ৰকাশ পোৱাটো অস্বাভাৱিক  নহয় — হৰিধন ডেকা

বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ‍্যোগত মঙলবাৰে পুৰণি বঙাইগাঁওৰ নিয়তি সংঘত ‘লেখক দিৱস’ পালন কৰা হয়। বিয়লি ৩ বজাত আৰম্ভ হোৱা কাৰ্যসূচীৰ প্ৰথমে  প্ৰয়াত যুৱ সাংবাদিক তথা লেখক প্ৰকাশ দাসৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে লেখক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিধন ডেকাই ৷ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি তেওঁ কয় যে সাহিত্য হ’ল  জাতিৰ দাপোন ৷ এই সত্য উপলব্ধি  কৰিছিল আমাৰ সকলোৰে পূজ্য অসমৰ স্বণামধন্য সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই ৷ সঁচা কথা ৷ সাহিত্যৰ স্বৰূপ স্বচ্ছ আৰু সুন্দৰ নহলে এটা জাতিৰ কৃষ্টি – সংস্কৃতি , মানৱীয় চিন্তা- ভাৱনা সমৃদ্ধ নিকা প্ৰতিচ্ছবিখনিৰ প্ৰতিফলন বিকৃত ৰূপত প্ৰকাশ পোৱাটো অস্বাভাৱিক  নহয় ৷ তেতিয়া বিশ্ববাসীৰ সন্মুখতো জিলিকি উঠিব সেই একেখনি বিকৃত প্ৰতিচ্ছবি, সেই  জাতিৰ সত্য – সুন্দৰ সাহিত্য সৃষ্টিৰ অভাৱতে ৷ তেওঁ অসমীয়া সাহিত্যৰ লেখনিৰে সমৃদ্ধ দিশটো আঙুলিয়াই দিও বক্তব্য দিয়ে। ইয়াৰ পিছত অনুষ্ঠিত হয় এখন আলোচনাচক্ৰ ৷ আলোচনা চক্ৰত সভাপতিত্ব কৰে বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰে। অনুষ্ঠানৰ  আঁত ধৰি বঙাইগাঁও জিলা সাহিত্য সভাৰ সম্পাদক বিনোদ কুমাৰ বৰ্মণে  বিশিষ্ট ব‍্যক্তিসকলক কাৰ্যনিৰ্বাহক সদস্য পূৰ্ণিমা চৌধুৰীৰ সহযোগত আদৰণি জনায়।  সম্পাদক বৰ্মণে লেখক দিৱসৰ উদ্দেশ্য বাখ্যা কৰি বঙাইগাঁও জিলাৰ প্ৰবীণ-নবীন সকলো লেখক তথা সৃষ্টিশীল লেখনিৰে সাহিত্য ক্ষেত্ৰত ৰাইজক আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰাক্তন অসম প্ৰশাসনিক বিষয়া ৰোহিনী কুমাৰ চৌধুৰীয়ে অসমৰ সাহিত্যৰ বিভিন্ন দিশ, বঙাইগাঁও জিলাৰ বিভিন্ন লেখক, সত্ৰ সমূহৰ লিখনি তথা ইংৰাজী সাহিত্যৰ প্ৰসংগত লেখা আদি বিষয়ত গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে। সেইদৰে  সুলেখিকা অৰুণা চক্ৰৱৰ্তীয়ে অসমীয়া সাহিত্যৰ চুটি গল্পৰ ওপৰত বিশদ আলোচনা কৰে। চুটিগল্পই পঢ়ুৱৈৰ মাজত আলোড়িত কৰিবলৈ হাস্যৰস, কৰুণ ৰস আদিৰ সহায়ত কিদৰে সমাজৰ প্ৰতিটো দিশে চিন্তা কৰিবলৈ সক্ষম হয় তাৰ ওপৰত বাখ্যা আগবঢ়ায়। বঙাইগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অজিত কুমাৰ দাসে বক্তব্যত কয় যে অসমীয়া সাহিত্য শংকৰী যুগৰ পৰা সত্ৰ আদিৰ জৰিয়তে চৰ্চা হৈ বিকশিত হয়।

মাজতে বাংলা ভাষাৰ অগ্ৰাসন তথা ইংৰাজৰ অৱহেলাত অসমীয়া ভাষা এলাগী হয় যদিও অসমীয়া ত্ৰিমূৰ্ত্তি সকলে জোনাকী যুগৰ পৰা অব্যাহত ৰখা প্ৰচেষ্টাৰ ফলস্বৰূপে এতিয়াৰ অসমীয়া ভাষা সবল হৈছে। আধুনিক অসমীয়া লেখক সৃষ্টি হৈছে মূলত বাংলাভাষাৰ যোগেদি। লিখিবলৈ হলে লেখকৰ ত্ৰিকালদৰ্শী স্বকীয়তা থকা দৰকাৰ। আলোচনাত অংশগ্ৰহণ কৰি অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰী অধ‍্যাপক বলেন সিংহই তেওঁৰ কাব্য সাহিত্য চৰ্চাৰ লগতে সাহিত্যৰ বাবে অন্তৰৰ দৃষ্টিৰে সমাজক লক্ষ্য কৰা আৰু অধ্যয়ণৰ কথা উল্লেখ কৰে।আনহাতে বলোৰাম ৰায়ে পুৰণি বঙাইগাঁও শাখা গঠনত অগ্ৰণী ভূমিকা লৈ অসম সাহিত্য সভাৰ শাখা গঠন কৰি এই অঞ্চলত সাহিত্য চৰ্চাৰ দিশ আগুৱাই নিয়াৰ লগতে যোগাসনৰ ওপৰত লেখনিৰে সমৃদ্ধ নিজৰ সৃষ্টিৰ উল্লেখ কৰে। কবি মনুচাঁদ সিংহই তেওঁৰ কবিতাৰ বাস্তৱ ধৰ্মীতা আৰু কল্পনা ৰহিত লেখনিৰ কথা উল্লেখ কৰি নতুনকৈ লেখক সকলক বাস্তৱৰ অনুধাৱন কৰিবলৈ এটি স্বৰচিত কবিতা পাঠ কৰি আহ্বান জনায়। বঙাইগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি বিক্ৰম মেধিয়ে লেখক দিৱসত চমুকৈ দুআষাৰ কয়। কবি শকুন্তলা চৌধুৰীয়ে হীৰুদাৰ ভাষাৰে কবিতা সন্দৰ্ভত কবিতা সৃষ্টি কি সেয়া প্ৰকাশ কৰে। তেওঁ স্বৰচিত অনুগল্প এটি পাঠ কৰি সকলোকে আপ্লুত কৰে। লেখিকা, গীতিকাৰ ৰাণী দেৱীয়ে নিজৰ প্ৰতিটো দিনেই কবিতা লিখি প্ৰায় ৫০০০ কবিতা লিখা কথাটো উল্লেখ কৰি স্বৰচিত কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰে। বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভাপতি লীনা সিংহই কয় যে কৃষ্টি-সংস্কৃতিৰ ৰক্ষা কৱচ হৈছে সাহিত্য। মানুহৰ মানবীয় গুণ তথা অনুভৱ সমুহ লিখিবলৈ ললে এদিন সু সাহিত্যৰ সৃষ্টি সম্ভৱ হয় বুলিও তেওঁ প্ৰকাশ কৰে। কাৰ্যনিৰ্বাহক সদস্য তথা আন্ত:ৰাষ্ট্ৰীয়  পৰ্যায়ৰ খেলুৱৈ পূৰ্ণিমা চৌধুৰীয়ে  লেখক দিৱসৰ ওপৰত থিতাতে এটি স্বৰচিত কবিতা লিখি আবৃত্তি কৰে। নিয়তি সংঘৰ উপদেষ্টা, নাট‍্যকাৰ দীনবন্ধু ৰায়ে সংঘৰ ইতিহাস ৰোমন্থন কৰি পুৰণি বঙাইগাঁওৰ প্ৰবীণ কবি শশীমোহন ভাওৰীয়াৰ স্মৃতি উল্লেখ কৰে। সভাত উপস্থিত থাকে সমাজসেৱী গিৰিশ বৰুৱা, প্ৰবীন বৰ্মণ তথা নিয়তি সংঘৰ সদস্য বৃন্দ। সভাপতিৰ ভাষণত ৰমলা ৰায় সৰকাৰে সকলোৰে বক্তব্যৰ জৰিয়তে সামগ্ৰিক ভাৱে লেখক সকলক অনুপ্ৰাণিত কৰিব বুলি মতপোষণ কৰে। সম্পাদক বিনোদ কুমাৰ বৰ্মণে সংশ্লিষ্ট সকলোলৈকে আন্তৰিক কৃতজ্ঞতা আৰু শলাগ জ্ঞাপন কৰে।  শেষত অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠানৰ সামৰণি পৰে।

বিলাসীপাৰাত পোষণ মাহ উদযাপন

আজি বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ত “ৰাষ্ট্ৰীয় পোষণ মাহ,২০২১”আনুষ্ঠানিক ভাৱে উদযাপন কৰা হয়। বিলাসীপাৰা সমাজ কল্যাণ বিভাগে বিভিন্ন কাৰ্য্যালয়ৰ লগত সংগতি ৰাখি”পোষণ মাহ,২০২১” অনুষ্ঠান মহকুমাধিপতি কাৰ্য্যালয়ত আড়ম্বৰপূৰ্ণকৈ আৰু সম্ভ্ৰমপূৰ্ণতাৰে উদযাপন কৰে। উক্ত অনুষ্ঠান মহকুমাধিপতি (সদৰ) শ্ৰীমতী দৰ্শনা চেটিয়া ডাঙৰীয়ানীয়ে আৰম্ভ কৰে আৰু নিৰ্বাচনী বিষয়া শ্ৰী জগদীশ ব্ৰহ্ম দেৱ, সহকাৰী আয়ুক্ত শ্ৰী সুগাতা গোস্বামী ডাঙৰীয়া, জিলা সমাজ কল্যাণ বিষয়া, ধুবুৰী শ্ৰী সূৰ্য্য বৰুৱা , সংশ্লিষ্ট বিষয়াববীয়া, কৰ্মচাৰী সকল, প্ৰমুখ্যে বহু বিশিষ্ট লোক উপস্থিত থাকে। পোষণ মাহৰ উক্ত কাৰ্য্যক্ৰমণিকা অংগনৱাড়ী মহিলা, অংগনৱাড়ী স্বাস্থ্য কৰ্মী, তত্ত্বাৱধাকসকল, পোষণ সমন্বয়ক সকল আৰু মহকুমাৰ আৰু উন্নয়ন খণ্ডৰ সহকাৰী সকলে এক শোভাযাত্ৰাৰ দ্বাৰাই পোষণ মাহৰ বিভিন্ন কাৰ্যসূচী প্ৰদৰ্শন কৰে।


“চকাৰ ওপৰত পোষণ” “Poshan on Wheels” অৰ্থাৎ এখন বাছৰ ভিতৰত পোষণ সম্পৰ্কে বিভিন্ন তথ্য সংগ্ৰহৰ দৰ্শাৰ প্ৰদৰ্শনৰে যাত্ৰা আৰম্ভ কৰা বাছখন বিলাসীপাৰা মহকুমাধিপতি কাৰ্য্যালয়ৰ পৰা ফ্লেগ অফ কৰা হয়। বাছখনত “ৰাষ্ট্ৰীয় পোষণ মাহ,২০২১” “মাত্ৰু শক্তি ৰাষ্ট্ৰ শক্তি” আখ্যাৰে যাত্ৰা আৰম্ভ কৰে।” চকাৰ ওপৰত পোষণ “বাছখন অহা তিনিদিনলৈকে ৰাণীগঞ্জ, নায়েৰলগা, মহামায়া শিশু উন্নয়ন প্ৰকল্প কাৰ্য্যলয়লৈ সজাগতা উদ্দেশ্যে যাত্ৰা কৰিব আৰু চাপৰ চাহ বাগিচা অঞ্চলটো প্ৰৱেশ কৰি আৱাসি সকলৰ মাজত পৰিপুষ্টি আৰু পোষণ মাহৰ সচেতনতা‌ উদযাপন কৰিব। মহকুমাত অৱস্থিত প্ৰত্যেকখন শিশু উন্নয়ন প্ৰকল্পলৈ যাত্ৰা কৰি শিশু, গৰ্ভৱতী মহিলা, প্ৰসূতি মাতৃ, আৰু মাতৃ সকলক পৰিপুষ্টি সম্পৰ্কে সজাগতাৰ বিভিন্ন কাৰ্যসূচী অৱলম্বন কৰা হ’ব। শিশু স্বাস্থ্যৰ উন্নতিৰ নিৰীক্ষণ, শিশু উচ্চতা আৰু ওজনৰ জোখমাখ, আৰু গভীৰ বিষমপুষ্টি আৰু মধ্যপন্থী পুষ্টিহীনতাত ভূগি থকা শিশুৰ বাবে অভিভাৱকক পুষ্টিৰ কাৰণে লবলগীয়া পদক্ষেপ আৰু দিহা পৰামৰ্শ পোষণৰ দ’লে প্ৰদান কৰিব আৰু সহায় কৰিবলৈ প্ৰয়াস কৰিব।

নগাঁৱত সীতাজখলাৰ বিপনী মুকলি অনুষ্ঠানত জুবিন গাৰ্গ

নগাঁও চহৰৰ ফৌজাদাৰপট্টিত সীতাজখলাৰ এখন বিপনী মুকলি কৰিবলৈ আজি নগাঁৱত  উপস্থিত হয় যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ।সীতাজখলাৰ বিপনীখন মুকলি কৰি সংবাদমাধ্যমৰ আগত গাড়ীৰ হৰ্ণ লগোৱা প্ৰসংগত  এগৰাকী জনপ্ৰতিনিধিয়ে কৰা মন্তব্য সম্পৰ্কত কয় যে মিউজিক কেৱল ষ্টুডিঅৰ বাবেহে।গাড়ীৰ হৰ্ণৰ সলনি মিউজিক লগোৱা অদ্ভুত কথা।যদি মিউজিক গাড়ীৰ হৰ্ণত বাজে আমি কি লগাম।যিজনে এই কথা কৈছে তেওঁই নিজৰ গাড়ীত সেই হৰ্ণ লগাওক। শিল্পী গৰাকীয়ে লগতে অসমৰ যুৱ প্ৰজন্মক কৃষি ক্ষেত্ৰত জড়িত হোৱাৰ বাবে আহ্বান জনায়। নগাঁৱত এটি ভাল ছবি ঘৰ নিৰ্মানৰ বাবেও শিল্পী গৰাকীয়ে বিধায়ক তথা তেঁওৰ বন্ধু ৰূপক শৰ্মাৰ সৈতে পৰিকল্পনা কৰিছে বুলিও জনায়।

আনহাতে ছনী টিভিৰ ৰিয়েলিটি শ্ব’ কৌন বনেগা ক্ৰ’ড়পটিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বৰ মামা প্ৰসংগই স্থান লাভ কৰা বিষয়ৰ ওপৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জুবিনে কয়, “ছনী টিভিত মোৰ নাম বহুত আগতেই ওলাল।” ইপিনে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ ক্ষেত্ৰত জুবিনে কয়, “চৰকাৰখনৰ মতে চলক। অলপ ধৈৰ্য্য ধৰক। নৱেম্বৰৰ পৰা ভাল দিন আহিব। মই নিজেও বৃন্দাবন থিয়েটাৰৰ সৈতে জড়িত। কিন্তু এতিয়াও আমি অলপ ধৈৰ্য্য ধৰিব লাগিব।ইপিনে বিপনী খনৰ মুকলি অনুষ্ঠানত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জুবিন গাৰ্গৰ সৈতে উপস্থিত থাকে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।অনুষ্ঠানত উপস্থিত থাকি বিধায়ক গৰাকীয়ে কয় যে বিগত সময়ছোৱাত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত অসমত এক নতুন বিপ্লৱৰ সূচনা কৰা সীতাজখলা সমবায় খনক শিল্পী জুবিন গাৰ্গে উৎসাহ যোগাই আহিছে। অসমৰ যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মোৰ বন্ধু তথা শিল্পী জুবিন গাৰ্গৰ এই প্ৰচেষ্টা সঁচাই আদৰণীয়।

বাছ ভাড়াক কেন্দ্ৰ কৰি দুলীয়াজানৰ নতুন বাছ আস্থানত উত্তপ্ত পৰিস্থিতি

আজি দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ- ট্ৰেভেলাৰ মালিক আৰু চালক সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
প্ৰতিবাদকাৰী সকলে দুলীয়াজানৰ নতুন বাছ আস্থানত যাত্ৰীবাহী বাছ, ট্ৰেভেলাৰ আৰু মেজিক সমূহৰ চলাচল বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছ । ইয়াৰ পৰিপ্ৰেক্ষিতত যাত্ৰী সকলৰ মাজত এক প্ৰকাৰৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হয় । উল্লেখ্য যে অসম চৰকাৰৰ পৰিবহন বিভাগে যাত্ৰীবাহী গাড়ী আৰু ট্ৰেভেলাৰ সমূহৰ নথি-পত্ৰ সমূহ ৩০ ছেপ্তেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । কিন্তু কিছু দিনৰ পৰা পৰিবহন বিভাগে বাছ আৰু ট্ৰেভেলাৰ সমূহৰ পৰা ১২ ৰ পৰা ১৫ হেজাৰ বিভিন্ন অজুহাত দেখুৱাই আদায় কৰি আহিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে গাড়ীৰ মালিক সকলে স্বইচ্ছাই ভাড়া বৃদ্ধিকলৈ পৰিবহণ বিভাগে মালিক সকলক ভাড়া বৃদ্ধি নকৰিবলৈ কঠোৰ নিৰ্দ্দেশনা জাৰি কৰিছে । ইয়াকলৈ ক্ষুদ্ধহৈ পৰিছে মালিক আৰু চালক সন্থাই । কৰ’ণাসৃষ্ট পৰিবেশৰ লগতে দৈনিক পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিয়ে এক প্ৰকাৰে সকলোকে কোঙা কৰি পেলাইছে । তেনে ক্ষেত্ৰত গাড়ীৰ ভাড়া বৃদ্ধি নকৰি গাড়ী চলোৱা অসম্ভৱ বুলি মন্তব্য কৰিছে মালিক আৰু চালক সন্থাই । ইফালে যাত্ৰী সকলে গাড়ীৰ ভাড়া অত্যাধিক হোৱা বুলি অভিযোগ উত্থাপন কৰে । এনে পৰিস্থিতিত চৰকাৰৰ পৰা ইতিবাচক সহাৰি বিছাৰিছে প্ৰতিবাদকাৰীয়ে । শীঘ্ৰে চৰকাৰৰ পৰা ইতিবাচক সহাৰি নেপালে প্ৰতিবাদ অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বাহন চালক আৰু মালিক সন্থাই ।