পশ্চিম নলবাৰী অঞ্চলৰ বৃহত্তৰ বৰনৰ্দ্দী গাওঁৰ ফুলবাৰীৰ বিশিষ্ট সমাজকৰ্মী ,ধৰ্মপ্ৰান তথা অসম বিদ্যৎ পৰিষদৰ অবসৰী মুখ্য সহায়ক প্ৰয়াত অবনী কুমাৰ শৰ্মাৰ কালি (দেওবাৰে) নিজ বাসভবনত আবক্ষমুৰ্তী আৰু ষ্মৃতিগ্ৰন্হ উন্মোচন কৰা হয়। দিনৰ এক বজাত অনুষ্ঠিত সভাত সভাপতিত্ব কৰে মংগলদৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মাই। সভাৰ আৰম্ভনিত প্ৰয়াত অবণী কুমাৰ শৰ্মা আৰু সহধৰ্মিনী ৰীণা দেবীৰ আবক্ষ মূৰ্তীত বন্তি প্ৰজ্বলন কৰে ভগবান শৰ্মাই। শিশু শিল্পী নিলাক্ষি দেবীয়ে বৰগীত পৰিবেশন কৰি সভাৰ পৰিবেশ অধিক নান্দনিক কৰি তোলে। ইয়াৰ পিছতে আৱক্ষ মুৰ্তি উন্মোচন কৰে কৃতিশিক্ষক ভগবান চন্দ্ৰ ডেকাই। ষ্মৃতিগ্ৰন্হ উন্মোচন কৰে ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত অবসৰ প্ৰাপ্ত কৃতি শিক্ষক সমাজকৰ্মী দেবেন্দ্ৰ নাথ শৰ্মাই। গাম্ভীৰ্যপূৰ্ণ সভাখনত আত ধৰে মুকুল শৰ্মাই। সভাখনৰ আৰম্ভনীতে উদ্দেশ্য বাখ্যা কৰে কিশোৰ চক্ৰৱৰ্তীয়ে।
‘সোনোৱালী কাব্যৰ কাকলি’ৰ ষষ্ঠ খণ্ড সম্পন্ন
কবিতা ৰচনাৰ বাবে কেৱল নিজস্ব অনুভৱৰ বৰ্ণময় প্ৰকাশেই যথেষ্ঠ নহয়, ভাব-ভাষাৰ বৈচিত্ৰ, চিন্তাৰ
গভীৰতা, আংগিকৰ বিভিন্নতা, প্ৰকাশভংগীৰ বিস্তাৰণ আদিৰ বাবে পূৰ্বৱৰ্তী আৰু সমকালীন কবিসকলৰ কবিতাৰ পঠন আৰু অধ্যয়নো
সমানেই প্ৰয়োজনীয়।” তেনে এক কাব্য-পঠনৰ সমূহীয়া মঞ্চৰ আৰম্ভণি কৰি কাব্য ৰচনাৰ এই বিদ্যায়তনিক দিশটোৰ প্ৰতি জনগোষ্ঠীয় কবিসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈকে সোনোৱাল কছাৰী সাহিত্য সভাই
যোৱা 12/09/2021 তাৰিখে সভাৰ ধাৰাবাহিক
কবিতা পাঠৰ অনলাইন অনুষ্ঠান “সোনোৱালী কাব্যৰ কাকলি”ৰ ষষ্ঠ খণ্ডটো অনুষ্ঠিত কৰে। এই অনুষ্ঠানটোত তিনিকুৰিৰো অধিক জনগোষ্ঠীয় কবিয়ে স্বৰচিত কবিতাৰ সলনি তেওঁলোকৰ প্ৰিয় কবিতা হিচাপে অসমীয়া সাহিত্যৰ বিভিন্ন প্ৰথিতযশা কবিৰ একোটাকৈ কবিতা পাঠ কৰি কাব্যৰ নৱৰসেৰে অনুষ্ঠানটো জীপাল কৰি তোলে।
সোনোৱাল কছাৰী জনগোষ্ঠীৰ ঈশ্বৰ ‘খ্ৰীংৰাজা’ৰ প্ৰতি উচৰ্গিত এটি বাইথ’ বন্দনাৰে সোনোৱাল কছাৰী সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতি, জিলা সমিতি, আঞ্চলিক সমিতি, শাখা সমিতিৰ সদস্য আৰু জাতীয় সংগঠনৰ বিষয়ববীয়া তথা কাব্যানুৰাগীবৃন্দৰ উপস্থিতিত অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ মুখ্য সম্পাদক শিৱনাথ সোনোৱালে।অনুষ্ঠানটোৰ প্ৰাৰম্ভতে “সমকালীন কবিতা আৰু অসমীয়া কবিতা” শীৰ্ষক ধাৰাবাহিকৰ তৃতীয় খণ্ডৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুটীয়া পঞ্জীয়ক ড৹ বিনোদ বড়াই কবিতা বিষয়ক এক গভীৰ তুলনামূলক বিশ্লেষণ দাঙি ধৰে। ইয়াৰ পাছতে সভাৰ কাৰ্যনিৰ্বাহক সদস্য কুসুম সোনোৱাল শইকীয়াই পৰিচালনা কৰা কাব্য-পাঠৰ অনুষ্ঠানটো এটি শুভেচ্ছা বাৰ্তা আৰু এটি কবিতা পাঠেৰে শুভাৰম্ভণি কৰে সাহিত্য সভাখনিৰ উপসভাপতি মোহন সোনোৱালে। কবি হীৰেন ভট্টাচাৰ্য, যতীন্দ্ৰ নাথ দুৱৰা, হেম বৰুৱা, নলিনীবালা দেৱী, ৰাম গগৈ, দেৱকান্ত বৰুৱা, অম্বিকাগিৰী ৰায়চৌধুৰী, নৱকান্ত বৰুৱা, নীলমণি ফুকন, আনন্দ চন্দ্ৰ বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, নিৰ্মলপ্ৰভা বৰদলৈ, তচলিমা নাচৰীন(অনুবাদ), বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্য, নীলিম কুমাৰ, অনুভৱ তুলসী, সমীৰ তাঁতী, তপন দাস, প্ৰণৱকুমাৰ
বৰ্মণ, গংগামোহন মিলি, উজ্জ্বল পাওগাম, প্ৰণয় ফুকন, জুবিন গাৰ্গ, হেমচন্দ্ৰ কছাৰী, ডা৹ নৰোত্তম সোনোৱাল, মণি বৰুৱা, যোগদা বড়া, ধনীৰাম কোঁৱৰ আদি প্ৰথিতযশা পূৰ্বৱৰ্তী, জ্যেষ্ঠ
আৰু সমকালীন কবিবৃন্দৰ কবিতা পাঠেৰে অনুষ্ঠানটো সজাই তোলে কবি অমিয় কুমাৰ সোনোৱাল, ধীৰাংশু সোনোৱাল (শিশু আবৃত্তিকাৰ), নিশিগন্ধা সোনোৱাল, কণমইনা সোনোৱাল, নীহাৰিকা সোনোৱাল, কুসুম সোনোৱাল শইকীয়া, জেৰিনা শইকীয়া, বীণাপাণি শইকীয়া বড়া, দুৰ্লভ সোনোৱাল, ভাৰতী বসুমতাৰী দাস বাঘ্ৰী, হিৰেশ্বৰ সোনোৱাল, সুৰজ কুমাৰ বড়া, উত্তৰা শইকীয়া, জয়া বড়া, ৰিদীপ সোনোৱাল, নলিনী সোনোৱাল, ৰঞ্জুমণি বড়া সোনোৱাল, পৰাগ হাজৰিকা, ৰূপম সোনোৱাল, উমেশ সোনোৱাল, মাণিক চন্দ্ৰ সোনোৱাল, কুশ সোনোৱাল, ৰাশ্বীকা সোনোৱাল, ডিম্পী সোনোৱাল, ৰূপজ্যোতি সোনোৱাল, উৎপল সোনোৱাল, অনিল কুমাৰ সোনোৱাল, অমৃতপ্ৰভা সোনোৱাল, ভদ্ৰসেন সোনোৱাল, পোনা সোনোৱাল, নৱনীতা শ্যাম উৰঙীয়া, ৰণ্টু হাজৰিকা, ডা৹ গুণকান্ত কুমৰাল, মৃদুল ঢেকীয়াল, তনু সোনোৱাল, তোলন হাজৰিকা, গকুল বড়া, বিভা ফাটোৱালী, পল্লৱজ্যোতি বৰুৱা, মৃণালিনী সোনোৱাল, অনিমা বড়া সোনোৱাল, জিমি বৰশইকীয়া চেতিয়া, অঞ্জলী বৰশইকীয়া, প্ৰশান্ত বড়া, নীলাভজ্যোতি সোনোৱাল, মজিন সোনোৱাল, নন্দিনী ডেকাবৰুৱা, বিদিশা সোনোৱাল, মীৰা শইকীয়া, হেমন্ত কুমাৰ দাস বাঘ্ৰী, নৱশ্ৰী সোনোৱাল,
সুমন্ত বড়া, মৃদুল সোনোৱাল, প্ৰশান্ত কুমৰাল আদিয়ে।
নিমন্ত্ৰিত অতিথি হিচাপে সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, সাহিত্য সভাখনিৰ অন্যতম উপসভাপতি নিবেদিতা বড়া সন্দিকৈ, পৰ্যৱেশক ড৹ তুলসী সোনোৱাল উপস্থিত থকাঅনুষ্ঠানটোৰ প্ৰতি অনুভৱৰ কৰণি ব্যক্ত কৰে ক্ৰমে সদৌ অসম সোনোৱাল কছাৰী কল্যাণ সংঘৰ সভাপতি ভুৱন চন্দ্ৰ বড়া, ডিব্ৰুগড় জিলা সোনোৱাল কছাৰী জাতীয় পৰিষদৰ সভাপতি গকুল বড়া,
সোনোৱাল কছাৰী সাহিত্য সভাৰ ধেমাজি জিলাৰ সভাপতি হেৰম্ব প্ৰসাদ দাস, শ্ৰোতা-শুভাকাংক্ষী টংকেশ্বৰ সোনোৱাল আদিয়ে। ডিব্ৰু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড৹ বিজু মৰাণে অতিথি হিচাপে উপস্থিত থাকি কবিতা ৰচনাৰ কলা-কৌশল সম্পৰ্কীয় মনোজ্ঞ বিশ্লেষণৰ লগতে কাব্য পাঠৰ এই অনুষ্ঠানটোৰ তাৎপৰ্য আৰু সোনোৱাল কছাৰী সমাজত কাব্য ৰচনাৰ পৰিবেশত এনে ধৰণৰ অনুষ্ঠানৰ প্ৰভাৱ আদিৰ বিষয়ে আলোচনা আগবঢ়ায়। সভাৰ অন্যতম সম্পাদক প্ৰশান্ত কুমৰালে আঁতধৰা সভাখনিৰ শলাগৰ শৰাই আগবঢ়ায় সভাৰ আন এগৰাকী সম্পাদক মৃদুল সোনোৱালে। এপষেকৰ পিছত অসমীয়া সাহিত্যৰ বিশিষ্ট সাহিত্যিক “যোগেশ দাস”ৰ সোঁৱৰণত ‘সোনোৱালী কাব্যৰ কাকলি’ৰ ‘সপ্তম খণ্ড’টো অনুষ্ঠিত কৰা হ’ব বুলি উদ্যোক্তামণ্ডলীয়ে জনাইছে।
ডিমাকুছিত লোমহৰ্ষক ঘটনা:পুত্ৰই কুঠাৰৰে ঘঁপিয়াই নিজ পিতৃক
ওদালগুৰি জিলাৰ ডিমাকুছিত এক ভয়ংকৰ ঘটনা।নিজ জন্মদাত্ৰী পিতৃক সুৰামগ্ন পুত্ৰই কুঠাৰৰে ঘঁপিয়াই হত্যাৰ চেষ্টা। উল্লেখ্য যে ওদালগুৰি জিলাৰ ডিমাকুছি ২ নং বাগানটাৰিৰ নিবাসী ৰবিন্দ্ৰ বেজবৰুৱা (৪৫) য়ে সুৰামগ্ন মাতাল পুত্ৰ (১৮)যতিন বেজবৰুৱাক অত্যাধিক মদক দ্ৰব্য সেৱন কৰাৰ মানা কৰিছিল।যাৰ পৰিপেক্ষিতত ১২ছেপ্তেম্বৰ দেওবাৰে নিশা ৮ মান বজাত মাতাল পুত্ৰ যতিন বেজবৰুৱাই পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক নিজ বাসগৃহতে পিচফালৰ কুঠাৰৰে ঘঁপিয়াই পলায়ন কৰে।”স্থানীয় লোকৰ তৎপৰতাত এতিমধ্যে ঘটনাস্থলীত ডিমাকুছি আৰক্ষী উপষ্টিত হয় সংকতজনক অৱস্থাত পিতৃ ৰবীন্দ্ৰ বেজবৰুৱাক উদ্ধাৰ কৰি টংলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰু ঘাটক পুত্ৰ যতিন বেজবৰুৱা বৰ্তমান পলাতক আৰু অত্যাধিক মদক দ্ৰৱ্য সেৱনৰ ফলত এনে ঘটনা সংঘটিত হৈছে বুলি ডিমাকুছি আৰক্ষীয়ে জানিব দিয়ে।এটা মন কৰিব লগিয়া কথা যে, ভাৰত ভূটান সীমান্তৰ অঞ্চল সমূহত দেশী বিদেশী সূৰাৰ ৰমৰমীয়া ব্যৱসায় বৃদ্ধি হোৱাৰ বাবে বিভিন্ন ঘটনা সংঘটিত হ’ব ধৰিছে । যাৰ বাবে যোৱা নিশা ২ নং ডিমাকুছিৰ বাগানটাৰিত অধিক সূৰাপান কৰাৰ ফলতে সূৰাৰ ৰাগীত মাতাল হৈ নিজ পুত্ৰই পিতৃক কুঠাৰেৰে ঘঁপিয়াই হত্যাৰ চেষ্টা কৰিছিল । আইন প্ৰশাসন তথা অসম চৰকাৰৰ বিয়াগোম আৱকাৰী বিভাগটোৱে কিন্তু সূৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকা দেখি শুনিও চকু মুদা কুলিৰ ভাও ধৰি আছে । পৰৱৰ্তী সময়ত বিভাগীয় কৰ্তৃপক্ষয় এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটোহে লক্ষণীয় বিষয় হৈ পৰিব।।
নিমাতীঘাট ট্রেজেডীৰ পাছত মাজুলীবাসীৰ হাহাকাৰ
নিমাতীঘাট ট্রেজেডীৰ পাছত যাতায়াতৰ ক্ষেত্রত মাজুলীবাসীৰ মাজত একপ্রকাৰ হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ নিমাতীঘাটৰ পৰা মাজুলীলৈ পর্যাপ্ত জাহাজৰ অভাৱত যাত্রীয়ে জীয়াতু ভুগিবলগীয়া হৈছে৷ বিশেষকৈ স্বাস্থ্যজনিত কাৰণত যোৰহাটলৈ আহিবলগীয়া ৰোগী, শিক্ষাকে ধৰি বিভিন্ন কামত যোৰহাট–গুৱাহাটীলৈ আহিবলগীয়া লোকসকল ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে৷ যোৱা ৮ ছেপ্টেম্বৰত নিমাতীঘাটত ব্রহ্মপুত্রৰ বুকুত দুখন ফেৰীৰ মুখামুখি সংঘর্ষৰ ঘটনাৰ পাছতেই চৰকাৰে নাৱৰ চলাচল সম্পূর্ণৰূপে বন্ধ কৰি দিয়ে৷ ইয়াৰ পৰিৱর্তে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে দুখন ৰ’পেক্সৰ চলাচল আৰম্ভ কৰে৷ একোখন ৰ’পেক্সেত এবাৰত মাত্র ২০০ যাত্রীহে কঢ়িয়াব পাৰে৷ ফলত দিনটোত ৪০০ যাত্রীহে ইপাৰৰ পৰা সিপাৰলৈ যাব পৰাৰ ব্যৱস্থা হৈছে৷ ইয়াৰ ফলত জনসাধাৰণে পুৱা চাৰি বজাৰ পৰাই ৰ’পেক্সৰ বাবে দীঘলীয়া শাৰী পাতিবলগা হয়৷ আনকি কালি বিয়লিৰ ভাগত নিমাতীঘাটলৈ আহিবলগা যাত্রীয়ে ৰ’পেক্সৰ টিকট নাপাই ওৰেনিশা মাজুলীৰ পাৰঘাটতেই অনাহাৰে–উজাগৰে, মহ–ডাঁহৰ কামোৰ খাই কটাবলগীয়া হয়৷ দিনৰ ১১ বজাৰ পৰা শাৰী পাতিও সেইসকল লোকে বিয়লি তিনি বজাৰ ৰ’পেক্সৰ ওভতাৰ সুযোগ নাপালে৷ একেই অৱস্থা দেওবাৰৰ দিনটোতো৷
মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত পুৱা চাৰি বজাৰ পৰাই যাত্রীৰ দীঘলীয়া শাৰী৷ বহু লোকে আজিও ৰ’পেক্সৰ টিকট নাপাই পাৰঘাটতেই কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ নিমাতীঘাট আৰু মাজুলীত উদ্ভৱ হোৱা এই পৰিস্থিতি সম্পর্কত ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে দেওবাৰে সংবাদ মাধ্যমৰ আগত কয় যে যাত্রীৰ চাহিদা পূৰণ কৰিবলৈ আৰু দুখন জাহাজ নিমাতীঘাটলৈ অনাৰ ব্যৱস্থা কৰা হৈছে৷ গুৱাহাটীৰ পৰা আহিবলগীয়া এই জাহাজ দুখন অহা দুই–তিনি দিনৰ ভিতৰত নিমাতীঘাট পোৱাৰ আশা কৰা হৈছে৷ সেইদৰে ৰ’পেক্সৰ টিকটৰ বাবে যাত্রীৰ দীঘলীয়া শাৰীৰ প্রসংগত তেওঁ কয় যে অচিৰেই অনলাইনযোগেও টিকট দিয়াৰ ব্যৱস্থা কৰা হ’ব৷ অনলাইন আৰু অফলাইন দুয়োটা ব্যৱস্থাৰে টিকট দিয়াৰ ব্যৱস্থা কৰিব৷ এসপ্তাহৰ ভিতৰত এই ব্যৱস্থা কার্যকৰী কৰাৰ আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ বাবে তেওঁ গুৱাহাটীৰ পৰা এমট্র’নৰ বিষয়া–কর্মচাৰী নিমাতীঘাটলৈ মাতি আনিছে৷ তেওঁলোকে বর্তমান জৰীপ চলাই আছে৷ জলপথেৰে যাত্রা কৰা প্রতিগৰাকী লোকে লাইফ জেকেট পিন্ধাটো নিশ্চিত কৰাৰ লগতে যাত্রীসকলৰ নাম–ঠিকনা আৰু ফোন নম্বৰ লিপিবদ্ধ কৰাৰো ব্যৱস্থা কৰা হৈছে৷
ইপিনে, মাজুলীৰ পৰা জলপথ স্পর্শ নকৰাকৈ ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহাৰ স্থলপথ আছে যদিও সেই পথেৰেও নাই গুৱাহাটীলৈ অহাৰ পর্যাপ্ত বাছ সেৱা৷ সাধাৰণতে মাজুলীৰ পৰা গুৱাহাটীলৈ আহিবলগীয়া যাত্রীসকলে নিমাতীঘাট হৈ যোৰহাটলৈ আহি তাৰ পৰা বাছযোগে গুৱাহাটীলৈ আহে৷ কিন্তু বর্তমান মাজুলীৰ পৰা নিমাতীঘাট অহাটো যথেষ্ট কষ্টকৰ হৈ পৰাত বহুতে ঢ়কুৱাখনা হৈ স্থলপথেৰেই অহাৰ চিন্তা কৰিও থমকিবলগীয়া হৈছে৷ কাৰণ সেই পথটোৰে গুৱাহাটীলৈ বাছ সেৱা পর্যাপ্ত নহয়৷ অসম ৰাজ্যিক পৰিবহণ নিগমৰ সূত্রই জানিবলৈ দিয়া মতে, বর্তমান মাজুলী আৰু গুৱাহাটীৰ মাজত মাত্র এখন বাছেই চলাচল কৰে৷ পুৱাৰ ভাগত গুৱাহাটীৰ পৰা এখন বাছ মাজুলীলৈ যায় আৰু মাজুলীৰ পৰা এখন বাছ গুৱাহাটীলৈ আহে৷ অৱশ্যে আজিৰে পৰা সন্ধিয়া ৫.৪৫ বজাত আন এখনকৈ বাছ গুৱাহাটীৰ পৰা মাজুলীলৈ আৰু মাজুলীৰ পৰা গুৱাহাটীলৈ চলাচলৰ ব্যৱস্থা কৰিব৷
সূত্রটোৰ মতে, যাত্রীৰ চাহিদাৰ ওপৰত নির্ভৰ কৰি প্রয়োজনত সেই পথটোত পৰিবহণ নিগমে আৰু অধিক বাছৰ চলাচলৰ ব্যৱস্থা কৰিব৷ কিন্তু নিগমৰ বাবে সমস্যাটো হৈছে যাত্রীৰ ভিৰ সেই পথটোত তেনেই কম৷ দীঘলীয়া সময়ৰ যাত্রাৰ বাবেই সেই পথেৰে যাতায়াত কৰা যাত্রীৰ সংখ্যা কম হয়৷ ইয়াৰ পৰিৱর্তে গৰিষ্ঠসংখ্যক যাত্রীয়ে যাত্রাৰ দূৰত্ব কম হয় বাবেই মাজুলীৰ পৰা নিমাতীঘাটলৈ আহি যোৰহাটৰ পৰাহে গুৱাহাটীলৈ অহাৰ পোষকতা কৰে৷ অৱশ্যে এতিয়া মাজুলীৰ পৰা নিমাতীঘাটলৈ অহাটো যিহেতু যথেষ্ট কষ্টকৰ হৈ পৰিছে, সেয়ে জনসাধাৰণে ঢ়কুৱাখনা হৈ গুৱাহাটীলৈ অহা স্থলপথটোৱেই বাছি ল’ব বুলি আশা প্রকাশ কৰে৷ সেই অনুসৰিয়েই ক’ভিড পৰিস্থিতিৰ বাবে যোৱা চাৰি মাহৰো অধিক সময় বন্ধ হৈ থকা মাজুলী–গুৱাহাটীৰ নৈশ বাছসেৱা আজিৰে পৰা পুনৰ আৰম্ভ কৰাৰ ব্যৱস্থা কৰিছে৷
খনামুখৰ ৰঙাজানত গোৰখা সম্প্ৰদায় ৰ তীজ উৎসৱ পালন
বিবাহিত গোৰখা মহিলা সকলৰ পবিত্ৰ তীজ উৎসৱ আজি পৰম্পৰাগত ভাবে শোণিতপুৰ জিলাৰ অন্তৰ্গত খনামুখৰ ৰঙাজানত অনুষ্ঠিত হয় , প্ৰথম বাৰ্ষিক ৰমাইলো তীজ উৎসৱ । সভাৰ আৰম্ভণিতে সভা উদ্বোধন কৰে মুখ্য অতিথি তথা বিশিষ্ট সমাজ সেৱক প্ৰাক্তন অধ্যক্ষ (খনামুখ হাই স্কুল )ৰাম প্ৰসাদ দেবে। ইয়াৰ পাছত অতিথি সকল ৰ চিনাকি পৰ্বৰ পাছত বন্তি প্ৰজ্বলন কাযাসুচীৰ আত ধৰে বিশিষ্ট সমাজ কৰ্মী মোহন উপাধ্যায়ে ,তীজ উৎসৱৰ লগত সঙ্গতি ৰাখি ৰঙাজান অঞ্চল ৰ যুৱতী ৰ দলে গনেশ চতুৰ্থী উপলক্ষে গনেশ বন্দনা পৰিবেশন কৰে । ইয়াৰ পাছত গাঁৱৰ মহিলা সকলে নৃত্য ৰে তীজৰ গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰায়। ইয়াৰোপৰি অঞ্চলৰ কণ কণ শিশু সকলেও নৃত্য প্ৰদৰ্শন কৰি উপস্হিত দৰ্শকক আমোদ দিয়ে । উল্লেখযোগ্য যে বিশিষ্ট কবি সাহিত্যিক তথা শিক্ষক বিষ্ণু শাস্ত্ৰী ৰ সঞ্চালনত আয়োজন হোৱা এই প্ৰথম বাৰ্ষিক তীজ উৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰে মুখ্য অতিথি হিচাপে থকা বিশিষ্ট সমাজ কৰ্মী তথা প্ৰাক্তন শিক্ষক ৰাম প্ৰসাদ দেবে। তীজ উৎসৱৰ চমু ভাষনত তেওঁ উল্লেখ কৰে যে,তীজ উৎসৱ বিশেষ ভাৱে গোৰখা সমাজৰ জীয়ৰি ৱোৱাৰীৰ পবিত্ৰ উৎসৱ । এই উৎসৱত বিবাহিত জীয়ৰি সকলে নিজৰ মাকৰ ঘৰলৈ লৈ আহি সুখ দুখৰ কথা পাতি তৃপ্তি ৰে এসাজ (তীজ) খাই পিছদিনা গোটেই দিনটো অনাহাৰে থাকি তীজৰ বৰ্ত পালন কৰি গাৱৰ জীয়ৰী বোৱাৰী লগ হৈ তীজ উৎসৱ ৰ গীত গাই নাচি বাগি আনন্দ কৰে । এই দৰে ভাদ মাহৰ দ্বিতীয়া তিথিৰ পৰা তিনি দিনীয়া কাযাসুচীৰ চতুৰ্থী তিথিৰ দিনটোত গাঁৱৰ মহিলা সকল এক লগ হৈ শিৱদেৱতাৰ পুজা অৰ্চনা কৰি পৰিয়ালৰ সকলোৰে দীঘায়ু কামনা কৰে । সভাত কেইবাগৰাকীও বিশিষ্ট অতিথি য়ে পবিত্ৰ তীজ উৎসৱৰ বিষয়ে তাৎপৰ্য ব্যাখ্যা কৰে।
কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তনত তিনি হাজাৰৰো শিক্ষাৰ্থীক ডিগ্ৰী-ডিপ্লমা প্ৰদান
শুকুৰবাৰে অনলাইনযোগে অনুষ্ঠিত কটন বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত তিনিহাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ ডিগ্ৰী আৰু ডিপ্লমাসমূহ লাভ কৰে।
সমাৱৰ্তনৰ আৰম্ভণিতে আদৰণী ভাষণ প্ৰদান কৰি কটন বিশ্ববিদ্যায়ৰ উপাচাৰ্য অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামীয়ে বিশ্ববিদ্যালয়খনৰ চাৰিবছৰীয়া যাত্ৰাত লাভ কৰা সফলতাৰ ওপৰত আলোকপাত কৰে। শিক্ষানুষ্ঠানখনৰ আন্তঃগাঁথনিৰ অভূতপূৰ্ব উন্নতি আৰু
নতুন-নতুন পাঠ্যক্ৰম সন্নিবিষ্ট কৰা সন্দৰ্ভত গোস্বামীয়ে ভাষণত উল্লেখ কৰে। বিশ্ববিদ্যালয়খনত খেলুৱৈসকলৰ বাবে আৰম্ভ কৰা স্নাতক পাঠ্যক্ৰম উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথম বুলি তেওঁ মন্তব্য কৰে।
ৰাজ্যপাল তথা কটন বিশ্ববিদ্যালয়ৰ আচাৰ্য জগদীশ মুখীয়ে ছাত্ৰ-ছাত্ৰীসকলক ডিগ্ৰীসমূহ প্ৰদান কৰে। ভাষণত ৰাজ্যপালগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক বিদ্যায়তনিক দিশত আগবাঢ়ি যোৱাৰ লগতে আধ্যাত্মিকভাৱে সুদৃঢ় হ’বলৈ আহ্বান জনায়।
সমাৱৰ্তনৰ মুখ্য অতিথি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কটনৰ শতিকাপ্ৰাচীন ঐতিহ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে ক’ভিড পৰিস্থিতিৰ মাজতে শিক্ষাৰ্থীসকলক ইতিবাচকতাৰ সন্ধান কৰিবলৈ আহ্বান জনায়। নতুন শিক্ষানীতিৰ প্ৰেক্ষাপটত পৰিৱৰ্তিত দৃষ্টিভংগী গ্ৰহণ কৰিবলৈও তেওঁ শৈক্ষিক মহলক অনুৰোধ জনায়।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কটন বিশ্ববিদ্যালয়ৰ উন্নয়ন তথা ৰাজ্যৰ সামগ্ৰিক শৈক্ষিক পৰিৱেশৰ উত্তৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতা সন্দৰ্ভত উল্লেখ কৰে। নতুন শিক্ষানীতি আৰু অসমত ইয়াৰ ৰূপায়ণ সম্পৰ্কেও তেওঁ আলোচনা কৰে। শতিকা পাৰ হোৱা শিক্ষানুষ্ঠানখনৰ ঐতিহাসিক ভৱনসমূহ সংৰক্ষণৰ ক্ষেত্ৰতো শিক্ষামন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।
সমাৱৰ্তনৰ ভাষণ প্ৰদান কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক বিনোদ কুমাৰ জৈনে বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত কটন বিশ্ববিদ্যালয় প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়ে উল্লেখ কৰে। চৰকাৰৰ ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ লক্ষ্যক সাকাৰ ৰূপ দিবলৈ সৃষ্টিশীলতা আৰু উদ্ভাৱনী চিন্তাক সাৰথি কৰি দেশৰ প্ৰগতিত আগভাগ ল’বলৈ জৈনে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়।
অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ডীনসকলৰ লগতে অধ্যাপক-অধ্যাপিকাসকলো উপস্থিত থাকে। গণিত বিভাগৰ ২০১৮ শ্ৰেণীৰ স্নাতকোত্তৰ ধনজিৎ ডেকাই স্নাতকোত্তৰ শিক্ষাৰ্থীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰাৰ বিপৰীতে পৰিসংখ্যা বিভাগৰ ছাত্ৰ ভাৰ্গৱ কাকতিয়ে ২০১৯ বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ হৈ সোণৰ পদক গ্ৰহণ কৰে।
আনহাতে, সমাৱৰ্তনৰ লগত সংগতি ৰাখি বিয়লি অনলাইনযোগে এক সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত কটনৰ স্বনামধন্য সংগীত শিল্পীসকলে কটনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে।
নাজিৰা প্ৰশাসনীয় ভাৱে মেৰুদণ্ডহীন হোৱাৰ পথত : জনস্বাস্থ্য কাৰিকৰী বিভাগক স্থানান্তৰ কৰি চৰাইদেউলৈ নিয়াৰ প্ৰস্ততি সম্পন্ন
ক্ৰমাৎ খালী হৈ পৰাৰ উপক্ৰম ঘটিছে নাজিৰা মহকুমা সদৰৰ বুকু। নগৰ আৰু মহকুমা হিচাপে গুৰুত্ব বৰ্দ্ধন কৰি অহা নাজিৰা মহকুমা সদৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয়টো নতুনকৈ ঘোষিত চৰাইদেউ জিলাৰ সদৰ সোণাৰীলৈ স্থানান্তৰ ঘটোৱাৰ চূড়ান্ত পদক্ষেপত উদ্বিগ্ন হৈ পৰিছে নাজিৰা মহকুমাৰ গাঁও-ভূইৰ হাজাৰ হাজাৰজন লোকৰ লগতে নাজিৰা আৰু শিমলুগুৰি নগৰৰ আবাসীসকলো । আনহাতে চৰকাৰেও এনে এক হঠকাৰী সিদ্ধান্ত কেবিনেটৰ যোগেদি প্ৰকাশ ঘটোৱাই নহয় খোদ জনসাধৰণৰ অজ্ঞাতেই ৰূপায়ণ কৰিবলৈ বিভাগীয় প্ৰস্ত্ততি অগ্ৰগতি ঘটাই কাইলৈৰপৰা নাজিৰাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্তাক সোণাৰিলৈ লৈ যোৱাৰ বাবে পূৰ্ণ প্ৰস্ত্ততি সম্পন্ন কৰিছে । এই সন্দৰ্ভত নাজিৰাত সাংগঠনিক ভেটি থকা দুই এক সংগঠনে ইতিমধ্যে প্ৰশাসনৰ যোগেদি অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা(গুৱাহাটী) , অতিৰিক্ত মুখ্য অভিযন্তা(নগাঁও) , অধীক্ষক অভিযন্তা (ডিব্ৰুগড়)লৈ প্ৰশাসনৰ জড়িয়তে স্মাৰক পত্ৰ প্ৰদান কৰিছে । চৰকাৰে গোপনেই কাৰ্য্যালয়টো সোনাৰিলৈ স্থানান্তৰ ঘটোৱাৰ প্ৰস্ত্ততি যিকোনো প্ৰকাৰে স্থগিত কৰাৰ দাবী জনাই আজি নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ প্ৰৱেশ পথতে প্ৰতিবাদী আন্দোলন কৰি বহি পৰে নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ বিষয়ববীয়া সকল । সদস্য সকলে অনতিপলমে চৰকাৰী এনে ষড়যন্ত্ৰ প্ৰত্যাহাৰৰ দাবী জনায় বিভাগটোৰ ওচৰত । নৱগঠিত চৰাইদেউ জিলাত এটি নতুন কাৰ্য্যালয় স্থাপিত হওক চৰকাৰে তাৰ বাবে কাৰ্য্যব্যৱস্থা গ্ৰহণ কৰক । ঠিকাদাৰ সকলে সেই কাৰ্যক সমৰ্থন জনাব । আনহাতে বিগত চাৰিটাকৈ দশক ধৰি নাজিৰা মহকুমাৰ সদৰত উপযুক্ত ৰাজহ ভূমিৰ আৱন্টনেৰে চলি ৰোৱা চৰকাৰী জনস্বাস্থ্য বিভাগটো স্থানান্তৰ কৰি নাজিৰাৰ গাঁও আৰু নগৰৰ সৰ্বসাধাৰণ ৰাইজৰ ক্ষোভৰ উদ্গীৰণ ঘটাই এক ভুল ধাৰণাৰ জন্ম দিব বিচাৰিছে বি জে পিৰ চৰকাৰে । নাজিৰাৰ কাৰ্য্যালয়টো নতুনকৈ ঘোষিত জিলা চৰাইদেউলৈ তুলি নিয়া কাৰ্য্য কোনো প্ৰকাৰে গ্ৰহণ নকৰে বুলি নাজিৰা, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া জনস্বাস্থ্য কাৰিকৰী ঠিকাদাৰ সমিতিৰ সম্পাদক অপূৰ্ব লাহনে নিজ সংগঠনৰ স্থিতি দোহাৰে । তেওঁ কয় যে ১০ ছেপ্টেম্বৰত তেওঁলোকে প্ৰতিবাদী আন্দোলন কৰিছে আৰু প্ৰতিটো বিভাগীয় স্তৰলৈকে স্মাৰক পত্ৰ প্ৰদানৰ দিহা কৰিছে । বি জে পি চৰকাৰে নতুনকৈ বিভাগীয় সংমণ্ডল সৃষ্টি কৰাৰ পৰিৱৰ্ত্তে চুবুৰীয়া মহকুমাৰ প্ৰতিষ্ঠিত কাৰ্য্যালয়টোকে নতুন জিলালৈ স্থানান্তৰ ঘটোৱা কাৰ্য্যই বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টিয়েই নহয় নাজিৰা মহকুমাৰ শশ নিবনুৱাৰ ভটিয়নী সংস্থাপনক ধূলিস্যাৎ কৰিব । সম্পাদক অপূৰ্ব লাহনে নাজিৰাৰ ৰাইজে ৰাজনীতিৰ উৰ্দ্ধত থাকি স্থানীয় সম্পদ বিয়োগ ঘটোৱা কাৰ্য্যৰ প্ৰতিবাদ জনাব বুলি কয় । সমিতিৰ স্মাৰক পত্ৰ নাজিৰাৰ মহকুমা প্ৰশাসনৰ হৈ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈয়ে গ্ৰহণ কৰে । শনি আৰু দেওবাৰৰ বন্ধৰ দিনত কাৰ্য্যালয় তুলি লৈ যোৱাৰ ব্লু-প্ৰিণ্টঃনাজিৰা মহকুমা বাসীৰ চল্লিশ বছৰে চলাই অহা এটুপি খোৱা পানীৰ বাবে কৰা সংগ্ৰামক ওচৰৰপৰা সমৰ্থন যোগাবলৈ প্ৰতিষ্ঠিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডলীয় কাৰ্য্যালয় নিজ মহকুমাৰ কেন্দ্ৰ স্থলৰ পৰা হেৰাই যোৱাৰ আবেগত নাজিৰাৰ ৰাইজৰ বাধাৰ সন্মুখীন হোৱাৰ আশংকা কৰি শনিবাৰ আৰু দেওবাৰৰ বন্ধৰ দিনকে বিভাগটোৱে গোপনে ঠিৰাং কৰা বুলি এক সূত্ৰত প্ৰকাশ । সেই সূত্ৰে মাহৰ দ্বিতীয় শনিবাৰ ১১ ছেপ্টেম্বৰত কাৰ্যবাহী অভিযন্তাক সোণাৰিত যোগদানৰ বাবে ৰেহ-ৰূপ প্ৰস্ত্তত হৈ উঠা বুলি অৱগত হোৱা ঠিকাদাৰ সমিতিয়ে আজি কাৰ্য্যবাহী দণ্ডাধীশ তথা নাজিৰাৰ অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰীতম গগৈৰ আগত এনে কোনো কাৰ্য্য প্ৰশাসনক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনায় । ১১ ছেপ্টেম্বৰত কোনো অচিলাৰেই যাতে গোপনে ফাইল আৰু কাৰ্য্যালয়ৰ সম্পদ স্থানান্তৰ কৰিব নোৱাৰে তাৰ বাবে ঠিকাদাৰ সমিতিয়েও গণতান্ত্ৰিক প্ৰতিৰোধ গঢ়ি ৰাখিব বুলি জনায় । উল্লেখযোগ্য যে একে স্থানৰে সমীপতে অৱস্থিত নাজিৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ-সংমণ্ডলীয় কাৰ্য্যালয়টিও শিৱসাগৰৰ উপসংমণ্ডলৰ লগত জাপি দিবলৈ ওলাইছে বি জে পি নেতৃত্বাধীন ৰাজ্য চৰকাৰ ।
প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী, ৰাজ্যলৈ অৱদানৰ স্বীকৃতি
অসমৰ প্ৰতি থকা অৱদানৰ বাবে দুবাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে। ছাত্ৰ ৰাজনীতিৰ পৰা মুখ্যমন্ত্ৰী, বিৰোধী দলপতি বা জনপ্ৰতিনিধি হিচাপে প্ৰফুল্ল কুমাৰ মহন্তই ৰাজ্যখনলৈ আগবঢ়োৱা প্ৰভূত অৱদানৰ বাবে অসম ডাউন টাউন ইউনিভাৰ্ছিটীয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে প্ৰফুল্ল কুমাৰ মহন্ত (Prafulla Kumar Mahanta)ক।
সম্বৰ্ধনা পত্ৰখনত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই উল্লেখ কৰে যে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চলা বিশ্ববিখ্যাত অসম আন্দোলনৰ ফলশ্ৰুতিত সাক্ষৰিত অসম চুক্তিৰ বাবেই অসমে কেন্দ্ৰৰ পৰা বহু আদায় কৰিলে। বিশেষকৈ বিশেষ ৰাজ্যৰ মৰ্যাদা, নুমলীগড় তেল শোধনাগাৰ, স্থায়ী ৰাজধানী, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ, তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ বিশ্ববিদ্যালয়, কৃষি বিশ্ববিদ্যালয়, আমিনগাঁওৰ আই আই টি, মাছখোৱাৰ সাংস্কৃতিক প্ৰকল্প, তাৰকাগৃহৰ উপৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালক ছুপাৰ স্পেচিয়েলিটি হাস্পতাললৈ উন্নীতকৰণ, এন আৰ চি অসম চুক্তিৰ জৰিয়তে আদায় কৰিবলৈ সক্ষম হৈছিল অসমে।
অসমখনৰ নৱ নিৰ্মাণত প্ৰফুল্ল কুমাৰ মহন্তৰ থকা অৰিহণাৰ বাবে তেওঁক এই সন্মান প্ৰদান কৰে ডাউন টাউন বিশ্ববিদ্যালয় (Assam down town University) কৰ্তৃপক্ষই।
নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত সোণোৱাল
শনিবাৰে নিশা নসত্রৰ কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হয় অসমৰ প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল৷ নিশা ৯ বজাত আধ্যাত্মিক চিন্তাৰ কেন্দ্রস্থল কৃষ্ণগুৰু সেৱাশ্রমত আহি উপস্থিত হয় কেন্দ্রীয় মন্ত্রী সোণোৱাল৷
নিশা মূল দ্বাৰেৰে কৃষ্ণগুৰু সেৱাশ্রমৰ মূল কীর্তন ঘৰত সোমাই সেৱা গ্রহণ কৰি গুৰুৰ আশিস গ্রহণ কৰাৰ পিছত সুৱর্ণ কুঢ়ত পদব্রজে প্রৱেশ কৰে৷ ইয়াতে কিছু সময় একনাম জপ কৰি গুৰুগৃহত প্রৱেশ কৰে৷ গুৰুগৃহত সেৱাশ্রমৰ আধ্যত্মিক গুৰু গুৰুকৃষ্ণ প্রেমানন্দ প্রভুৰ লগতে সেৱাশ্রমৰ ভক্তি মাতৃ কুন্তলা পাটোৱাৰী গোস্বামীক সাক্ষাৎ কৰি বিশেষ আলোচনাত মিলিত হয়৷
উল্লেখ্য যে কেন্দ্রীয় মন্ত্রী হোৱাৰ পিছত প্রথমবাৰৰ বাবে শনিবাৰে নিশা কৃষ্ণগুৰু সেৱাশ্রমত উপস্থিত হ’ল প্রাক্তন মুখ্যমন্ত্রী সোণোৱাল৷ ইপিনে, সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি সোণোৱালে কয় যে সকলোৰে মংগলৰ বাবে আজি গুৰু সেৱা কৰিবলৈ আশ্রমত উপস্থিত হৈছে৷
নির্বাচনলৈ ডেৰ বছৰ থকাৰ সময়তে গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ পদত্যাগ
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৃহৰাজ্য গুজৰাটৰ মুখ্যমন্ত্রী বিজয় ৰূপানীৰ অপ্রত্যাশিত পদত্যাগ৷ আজি পুৱা প্রধানমন্ত্রী মোদীৰ সৈতে চর্দাৰধাম ভৱনকে ধৰি বিভিন্ন উন্নয়নমূলক কামৰ মুকলি অনুষ্ঠানত অংশগ্রহণ কৰাৰ কেইঘণ্টামান পাছতেই মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰে৷ বিধানসভা নির্বাচনৰ বাবে মাজত প্রায় ডেৰ বছৰ থকাৰ সময়তে শনিবাৰে মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে দেশৰ ৰাজনীতিত ব্যাপক চর্চা চলিছে৷
গুজৰাটৰ মুখ্যমন্ত্রীগৰাকীৰ আজি আচম্বিত পদত্যাগৰ পূর্বে ইতিমধ্যে বিজেপিশাসিত দুখন ৰাজ্যৰ তিনিজন মুখ্যমন্ত্রীয়ে পদত্যাগ কৰিছে৷ কার্যতঃ ছমাহৰ ভিতৰতে বিজেপিশাসিত তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাক লৈ বিৰোধীৰ মাজতো চর্চা চলিছে৷ গুজৰাটৰ বিধানসভা নির্বাচন বিজেপিৰ বাবে সন্মানৰ প্রশ্ন হৈ উঠাৰ পৰিপ্রেক্ষিততেই কার্যকাল ডেৰ বছৰ বাকী থকাৰ সময়তে মুখ্যমন্ত্রী ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত বিজেপিৰ শীর্ষ নেতৃত্বই পৰৱর্তী মুখ্যমন্ত্রীৰ বাবে বৈঠকত মিলিত হৈছে৷
উল্লেখ্য যে গুজৰাটৰ মুখ্যমন্ত্রীয়ে পদত্যাগ কৰাৰ পূর্বে জুলাই মাহত কর্ণাটকৰ মুখ্যমন্ত্রী বি এছ য়েডুৰাপ্পাই পদত্যাগ কৰিছিল৷ ইয়াৰ পূর্বে উত্তৰাখণ্ডৰ ত্রিবেন্দ্র সিং ৰাৱাট আৰু ত্রিবেন্দ্র সিং ৰাৱাটৰ পদক্ষেপৰ পাছত মুখ্যমন্ত্রীৰ দায়িত্ব গ্রহণ কৰা তিৰথ সিং ৰাৱাটেও পদত্যাগ কৰে৷ কর্ণাটক আৰু উত্তৰাখণ্ডৰ পাছত গুজৰাটতো একেই পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ গুজৰাটত মুখ্যমন্ত্রীক লৈ কোনোধৰণৰ দলীয় সংঘাতৰ বাতৰি এতিয়ালৈকে চর্চাৰ মাজলৈ অহা নাছিল যদিও আজি মুখ্যমন্ত্রী ৰূপানীৰ পদত্যাগে আন এক ইংগিত দিছে৷
ৰাজ্যপালৰ হাতত পদত্যাগ–পত্র দাখিলৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনত পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধীনত গুজৰাটৰ ৫ বছৰীয়া বিকাশৰ যাত্রা সমাপ্ত কৰিব নোৱাৰিলোঁ৷ এতিয়া ৰাজ্যৰ পৰৱর্তী বিকাশৰ যাত্রা নতুন শক্তি আৰু ক্ষমতাৰে চলিব৷ মুখ্যমন্ত্রী হিচাপে সেয়েহে তেওঁ পদত্যাগৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৬৫ বছৰীয়া ৰূপানীয়ে পদত্যাগ কৰাৰ পাছত ৰাজ্যখনত সৃষ্টি হোৱা পৰিস্থিতি সঠিক ৰূপত আগবঢ়াই নিবলৈ আহমেদাবাদৰ বিজেপিৰ জ্যেষ্ঠ নেতা বি এল সন্তোষ আৰু ভূপেন্দৰ যাদৱ মিলিত হৈছে৷ এই দুই শীর্ষ নেতাৰ বৈঠকত ৰাজ্যখনত পৰৱর্তী মুখ্যমন্ত্রী কোন হ’ব সেয়া সিদ্ধান্ত হ’ব যদিও ইয়াৰ পূর্বে বিজেপিৰ বিধায়িনী দলৰ বৈঠকৰ মত গ্রহণ কৰা হ’ব৷
তথ্য মতে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হিচাপে জুলাই মাহত দায়িত্ব গ্রহণ কৰা মনসুখ মান্দাভিয়া পৰৱর্তী গুজৰাটৰ মুখ্যমন্ত্রী হ’ব পাৰে৷ ইয়াৰ উপৰি দাদৰা নগৰ হাভেলী আৰু লাক্ষাদ্বীপৰ প্রশাসক, প্রাক্তন আমোলা প্রফুল খোডা পেটেলৰ নাম চর্চিত হৈছে৷ উল্লেখ্য যে পদত্যাগী মুখ্যমন্ত্রী ৰূপানীয়ে ২০১৭ চনৰ ডিচেম্বৰত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰিছিল৷ এই অনুষ্ঠানত প্রধানমন্ত্রী মোদী, গৃহমন্ত্রী অমিত শ্বাহকে ধৰি বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ মন্ত্রী উপস্থিত আছিল৷











