চতিয়া বিধানসভা সমষ্টিৰ অন্তর্গত নাগশংকৰত আজি এখন ক্রীড়া ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী শ্রীপীযুষ হাজৰিকা, সাংসদ শ্রীপল্লৱ লোচন দাস বিধায়ক ক্ৰমে শ্রীপদ্ম হাজৰিকা, শ্রীপ্ৰমোদ বৰঠাকুৰ, শ্রীপৃথ্বিৰাজ ৰাভা, শ্রীকৃষ্ণকমল তাঁতী আৰু শ্রীগণেশ লিম্বু উপস্থিত থাকে৷ষ্টেডিয়ামখন ২০১৮-১৯ বৰ্ষৰ এক ছিগনেচাৰ প্ৰকল্পৰ অধীনত ১০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও মুখ্য মন্ত্ৰীয়ে ভাষণত এই ষ্টেডিয়ামৰ কাষতে এখন ইনড’ৰ ষ্টেডিয়াম আৰু ছুইমিং পুল নিৰ্মাণৰ বাবেও ১০ কোটি টকা প্রদানৰ প্রতিশ্রুতি প্ৰদান কৰে
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু
অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু | ৪০ বছৰৰ বয়সত মৃত্যু সৰুপৰ্দাৰ অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ | হ্ৰদয়ৰোগত আক্ৰান্ত হৈ মুম্বাইত মৃত্যু ঘটে অভিনেতা গৰাকীৰ | বিগ বছ ১৩ ৰ বিজয়ী আছিল অভিনেতা গৰাকীৰ| TV ৰ লগতে বহুতো হিন্দী চিনেমাতো অভিনয় কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা অভিনেতা গৰাকী বৰ্তমান আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে বিদায় ললে | অভিনেতা গৰাকীৰ এনে মৃত্যুত এতিয়া সমগ্ৰ চলচিত্ৰ জগতত এক গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে |
অসম মালা আঁচনিত ১৬৪ কৌটিৰো অধিক টকা ব্যয়ৰে অগ্ৰগতিত চলিছে পলাশবাৰী মিৰ্জা মুদুকীলৈ চলিছে পথৰ কাম
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম মালা আঁচনিখনৰ যোৱা ২০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয়ভাৱে ঢেকীয়াজুলিত শুভাৰম্ভ কৰিছিল। হাজাৰ হাজাৰ কৌটিটকীয়া অভিলাষী আঁচনিখনৰ অংশস্বৰূপে চৰকাৰৰ গড়কাপ্টানি বিভাগৰ জড়িয়তে ৰাজ্যৰ আন সমষ্টিৰ দৰে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিত ব্ৰহ্মপুত্ৰৰ পলাশবাৰী ঘাটৰপৰা মিৰ্জা মামণি ৰয়ছম গোস্বামী চ’ক হৈ চানডুবি জৰাজীৰ্ণ গড়কাপ্টানি পথছোৱা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফ’ৰলেন কৰাৰ ৰাইজক আশ্বাস প্ৰতিশ্ৰুতি দিছিল। সেইমৰ্মে যোৱা ৯ মাৰ্চৰপৰা পলাশবাৰী-জামৰতল,বৰিহাট হৈ মুদুকীলৈ ১৬৪ কৌটি টকাৰো অধিক টকা খৰচেৰে প্ৰায় ৩০ কি:মিটাৰ পথছোৱাৰ ব্যৱহাৰিকভাৱে জগলীয়া পাৰত কামৰ আৰম্ভ কৰা হৈছিল। এই গুৰুত্বপূৰ্ণ পথছোৱাৰ কামৰ আৱণ্টন লাভ কৰে বিশিষ্ট ঠিকাদাৰ অনিল দাসে। প্ৰায় ক্ষীপ্ৰ গতিত চলা এই কামৰ মাজতে অলপতে বৰিহাট বজাৰ এলেকাৰ চৰকাৰী ভূমি বেদখলমুক্ত কৰি ৰাস্তা বহল কৰাৰ স্বাৰ্থত অঞ্চলটোৰ সচেতন লোক, ব্যৱসায়ী, বৰিহাট ব্যৱসায়ী সুৰক্ষা সমিতি, সচেতন নাগৰিক সমাজ, বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চ, বৰিহাট বজাৰ উন্নয়ন সমিতি, ত্ৰিধাৰা আঞ্চলিক ক’লা সংঘ, অৰুণোদয় কালচাৰেল ক্লাৱ, স্বেচ্ছাসেৱী সংগঠন ‘জন সাৰথি’কে ধৰি অঞ্চলটোৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া সহিতে প্ৰায় অগণন লোক ৰাজপথলৈ ওলাই আহে। এইক্ষেত্ৰত অলপতে বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চই বৰিহাট ব্যৱসায়ী সুৰক্ষা সমিতিক জনোৱা আহ্বানমৰ্মে আমৰাঙ্গা ক’লা মন্দিৰত বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া-প্ৰতিনিধিৰ উপস্থিতিত এখনি জৰুৰী সভা অনুষ্ঠিত হৈ যায়। সভাত বৃহত্তৰ আমৰাঙ্গা বৰিহাট নাগৰিক মঞ্চৰ সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক কন্দৰ্প দাস, ক’লা মন্দিৰৰ প্ৰাক্তন সভাপতি সমূদ্ৰ নাথ দাস, যতীন দাস, ড.গজেন্দ্ৰ অধিকাৰী, ম: ৰেকৰ্ড আলী, কুশল ডেকা, জোতি প্ৰসাদ দাস, উদ্ধৱ কলিতা, দীপক মহলদাৰকে ধৰি ত্ৰিধাৰা আঞ্চলিক ক’লা সংঘৰ বিষয়ববীয়া, বৰিহাট বজাৰ উন্নয়ন সমিতি, নৱাৰুণ সাহিত্য সভাৰো কেইবাজনো বিষয়ববীয়াৰ মাজত হোৱা এক আলোচনামৰ্মে সভাপতি প্ৰাণেশ্বৰ কলিতা, সম্পাদক কন্দৰ্প দাসৰ স্বাক্ষৰিত এখনি পত্ৰ প্ৰাক্তন কাউন্সিলাৰ প্ৰদীপ গোস্বামী, মঃ ৰেকৰ্ড আলী, আমৰাঙ্গা গাও পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুশল ডেকা, পঞ্চায়ত সভাপতি হেমন্ত কুমাৰ দাস, জ্যোতি প্ৰসাদ দাস, গজেন্দ্ৰজিৎ দাস, নীৰেন্দ্ৰ চন্দ্ৰ ৰাভা, মিলন মহন্ত সহিতে কেইবাজনো লোক মিলি ঠিকাদাৰ অনিল দাসক বৰিহাট বজাৰ পথ বহল কৰা সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰা হয়। বৰিহাট বজাৰ অঞ্চলৰ পথছোৱা বৰ্তমান থকাতকৈ সংকূচিত হ’ব খোজাত তীব্ৰ যান-যটৰ সষ্টি হ’ব কাৰণে ৰাইজ সন্ত্ৰাসিত হৈ পৰিছে বুলি পত্ৰখনত উল্লেখ কৰে । পথছোৱা সংকূচিত নকৰি চৰকাৰী ভূমি থকা ঠাইত কিছু বহল কৰি ৰাইজৰ উপকাৰ কৰিবলৈ আহ্বান জনায়। লগে লগে ঠিকাদাৰ অনিল দাস, গড়কাপ্টানি বিভাগৰ মিৰ্জাৰ বিষয়া ভৱেন শৰ্মা, অভিযন্তাসহ কেইবাগৰাকী বিষয়া কৰ্মচাৰীয়ে বৰিহাট বজাৰত উপস্থিত হয়।তেওঁলোকে ৰাইজৰ আপত্তি, অভিযোগ শুনি পথ নিৰ্মাণ কৰোতে মানুহৰ ক’ৰবাত কমকৈ ক’ৰবাত বেছিকৈ ভূমি যোৱা বুলি জানিব পাৰে। লগতে একাংশ লোকে চৰকাৰী ভূমি দখল কৰি থকা কথাৰো অৱগত হয়। দুয়োফালে ওখকৈ ফুটপাথ দিলে বৰিহাট বজাৰ এলেকাত ভয়ংকৰ যান-যঁটৰ সমস্যাই দেখা দিব। লগতে ড্ৰেইনবোৰ পৰিকল্পিত আৰু মজবুট হোৱাতো অঞ্চলটোৰ ৰাইজে বিচাৰে। ৰাইজ, সংগঠনৰ আপত্তি শুনি তেওঁলোকে এই সমাধানৰ কামত হাতে কামে লগা পৰিলক্ষিত হয়। বিভিন্ন লোকৰ সৈতে বুজ লৈ তেওঁলোকে সমবেত লোকৰ সহযোগত দোকানী, ব্যৱসায়ী তথা একাংশ লোকৰ দখলত থকা চৰকাৰী ভূমিৰ কেইবা মিটাৰ বেদখল মুক্ত কৰি এক সীমা নিৰ্ধাৰণ কৰি ৰঙা চিন দিয়ে। বজাৰ এলেকাৰ দক্ষিণত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰাত সেই ঠাইৰ কাষতে নিৰ্মাণ কৰিবলৈ লোৱা এটি পকী ড্ৰেইনৰ কামো বন্ধ কৰি দিয়ে । ফলত সেই ড্ৰেইনটো পথলৈ উন্নীত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে ঠিকাদাৰ অনিল দাসে। এনে কাৰ্যত বিষয়া ভৱেন শৰ্মা, ঠিকাদাৰ অনিল দাসক ধন্যবাদ আৰু কৃতজ্ঞতা জনায় সমবেত লোকসকলে। আনহাতে নাগৰিক মঞ্চই অতি কম দিনৰ ভিতৰত চৰকাৰী অধীকৃত ভূমি এৰি দিবলৈ ৰাইজলৈ আহ্বান জনায়।
নন্দিতা শইকীয়াৰ আত্মাৰ সৎগতিৰ অৰ্থে ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম ” ৰ মৌন পোহৰ সমদল
ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়া ধেমাজি চহৰত এক দুৰ্ভাগ্যজনক পৰিস্থিতিত ৰিণ্টু শৰ্মা নামৰ এজন উন্মাদ যুৱকৰ আক্ৰমণৰ বলি হৈ পিছত চিকিৎসালয়ত কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অসমত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এই ঘটনাক তীব্ৰ গৰিহণা দি ” দূৰ্নীতি বিৰোধী যুৱ শক্তি , অসম “ৰ শিৱসাগৰ জিলা সমিতিয়ে অভিযুক্ত ঘাতক ৰিণ্টু শৰ্মা আৰু এই ঘটনাৰ লগত জড়িত সকলক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰি আইনগত ভাৱে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে । যোৱা নিশা সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ কৰুণ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি নাজিৰা মহকুমাৰ জয়া তিনিআলিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উপৰি নন্দিতা শইকীয়াৰ বিদেহ আত্মাৰ সৎগতিৰ লগতে ‘ মহিলা সুৰক্ষা বিধেয়ক ‘ অৱলম্বনৰ উদ্দেশ্যে এক ” মৌন পোহৰ সমদল ” বাহিৰ কৰে । সংগঠনটোৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক সুনিল গগৈ , নাজিৰা আঞ্চলিক সমিতিৰ সভাপতি দিগন্ত ফুকন , সম্পাদক বিতুল গগৈ আৰু বকতা আঞ্চলিক সমিতি বিষয় – ববীয়া সহ দুই শতাধিক যুৱক – যুৱতীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচী জয়া তিনিআলিৰ পৰা আৰম্ভ কৰি প্ৰায় দহ কিলোমিটাৰ জোৰি বকতাত সমৰণী মাৰে ।
পাঠশালা আৰক্ষীৰ বৃহৎ সফলতা গ্ৰেপ্তাৰ কৰিলে ইৰাণী গ্রুপৰ এগৰাকী সদস্য
বজালী জিলাৰ পাঠশালা সদৰত বিগত কেইদিনমান ধৰি পাঠশালাৰ মাজমজিয়াত নিয়মিত ভাৱে হয় থকা বিভিন্ন ধৰণৰ চুৰি কাৰ্য্য সংঘটিত কৰি মূৰৰ কামুৰনি হয় পাৰিছিল পাঠশালা আৰক্ষীৰ । পাঠশালা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত পাঠশালাত এই গ্রুপতোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছিল অৱশেষ ৰাইজৰ সহযোগত পাঠশালাত আৰক্ষীৰ জালত পৰিল এগৰাকী ইৰাণী গ্রুপ ৰ সদস্য । জানিব পৰা অনুসৰি আজি দিনৰ ভাগত এই গ্ৰুপতোৰ দুজন সদস্য মহিলা এগৰাকীৰ পৰা চুৰি কাৰ্য্য সংঘটিত কৰিব অহাত জালত পৰিল এগৰাকী সদস্য । ধৃত চুৰটো নাম সাহু যাদব আৰু বিহাৰৰ কাঠিহাৰৰ ইৰাণী গ্রুপৰ সদস্য বুলি জানিব পৰা গৈছে । সাহু যাদৱে দীৰ্ঘ দিন ধৰি চুৰি কাৰ্য্য কৰি সন্ত্ৰাস চলাই আহিছিল বজালীত । সাহু যাদবৰ পৰা আৰক্ষী চুৰি কাৰ্য্যৰ ব্যৱহৃত সামগ্ৰী চুৰতোৰ পৰা জব্দ কৰে আৰক্ষীয়ে ।
বানাক্ৰান্তৰ মাজত গোৱালপাৰা পুব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম
গোৱালপাৰা পুৱ সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে বানাক্ৰান্ত ৰাইজৰ মাজত থিয় দি বুজ ললে জনসাধাৰণৰ দুখ দুৰ্গতিৰ ৷বুধবাৰে বিধায়ক আলমে সমষ্টিখনৰ নৱাগত শিমলীতোলা বজাৰত দুদিনীয়াকৈ অনুষ্টিত হোৱা এখন কেৰম বৰ্ড খেল প্ৰতিযোগিতা কৰে অংশ গ্ৰহন কৰে ৷ইয়াৰ পিছত ততাতৈয়াকৈ নৱাগত শিমলীতোলাৰ কেবা ঠাইৰ বানাক্ৰান্ত ঠাই পৰিভ্ৰমণ কৰি বিধায়ক আলমে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে তেওলোকক বানপানীৰ পৰা নিজকে সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ৷বিধায়ক আলমে বৰ্তমানৰ চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত ৰিলিফ দিবলৈ ধন নাই বুলি এক মন্তব্য দি চৰকাৰে চালেবেৰে কোৱাই থকাৰ তাৎপৰ্য পুৰ্ন মন্তব্য কৰে ৷লগতে বিধায়কজনে ভৱিষ্যত বানীও দিয়ে ৷এইবাৰে হেনো অভাৰ বানপানী নহয় ৷কিয়নো চৰকাৰে ৰাইজক ৰিলিফ দিব নোৱাৰৰ বাবেই ভগবানে এইবাৰ বলে অভাৰ বানপানী নিদয়ে ৷বিধায়ক আলমে চৰকাৰে আনিব বিচৰা ভুমি নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ৷চৰকাৰেে আনিব বিচৰা ভুমি নীতিক কেতিয়াও আনিবলৈ নিদিয়ে বুলি উল্লেখ কৰি বিধান সভাৰ লগতে ৰাইজৰ কল্যানৰ হকে ন্যায়লয়ত যুজ দিয়াৰ কথা কয় বিধায়ক আলমে ৷
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণি
দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তপেলাই অন্তিমখন ইতিহাসীক বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি,বিটিআৰ চুক্তিৰ দফাত উল্লেখিত এটা দফা , বিটিআৰৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৫০০০ বড়ো যুৱক-যুৱতিক পুলিচ পেৰামিলিটেৰিত নিযুক্তি দিব দিয়া হ’ব। “ফলস্বৰূপে বিটিআৰৰ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তি প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে।সেই মৰ্মে আজি ওদালগুৰি জিলাৰ ভেৰগাঁওত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বড়ো শিক্ষিত যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰি নিযুক্তিৰ পূৰ্বে প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁও জিলা ইউ পি পিএল তথা প্ৰাক্তণ NDFB ৰ সহযোগত।পুলিচ, পেৰামিলিটেৰি প্ৰী ৰিকুইটমেন বা আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণী কৰে ।। ,ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থা চমুকৈ (ABSU)ৰ উপসভাপতি ৰবিন্দ্ৰ বড়োয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে ক্ৰমে।””বিটিআৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো,’ভেৰগাও মহকুমাধিপতি দিপক ভূঞা,খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলিপকুমাৰ বড়ো,চামৰাং SSB কেম্বৰ ইন্সপেক্টৰ চচী শৰ্মা ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বড়োসহ উপস্থিত এবছুৰ সমূহকাৰ্যকৰ্তা উপস্থিত থকা অনুষ্ঠানত ভেৰগাও মহকুমা অন্তৰ্গত বড়ো যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰিত নিযুক্তি সম্পৰ্কত উৎসাহ আৰু অনুপ্ৰেৰণা যগোৱাৰ লগতে বিটিআৰ চুক্তিৰ উল্লিখিত দফা ৰূপায়ণৰ ফলত বড়ো সকলৰ লগতে বিটিআৰত কিছুপৰিমাণে নিবনুৱা সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।
মাৰ্ঘেৰিটা সমষ্টিৰ কানাইপথাৰৰ মূল পথৰ মাজৰ কিছু অংশ পুখুৰী সদৃশ অৱস্থা। নিৰ্মাণৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ
ৰাজ্যত ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কাম বিভিন্ন প্ৰান্তত সম্পন্ন হৈ থকা দৃষ্টিগোচৰ হৈছে। ইয়াৰ মাজতে ক’ৰোনা মহামাৰীৰ অজুহাতত বহু ৰাজহুৱা কাম বন্ধ হৈ থকা দৃষ্টিগোচৰ হয়। ই বৰ্তমান সমাজৰ বাাবে এক ডাঙৰ সমস্যা আৰু ৰহস্যৰ বিষয়।দেশৰ পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ কথা চালনিত পানী ৰাখি থোৱা লৈ পৰিণত হৈছে অসমবাসী ৰাইজৰ মাজত কাৰণ ইটোৰ পাছত সিটো সমস্যাই গা কৰি উঠিছে ৰাজ্যত, আজি ৰাস্তাৰ সমস্যা, কালি দলঙৰ সমস্যা চৌদিশে মাথোঁ সমস্যাই সমস্যা। এই ক্ষেত্ৰত দেখা যায় যে চৰকাৰৰ কোনো গুৰুত্ব নাই যি মন যায় ইচ্ছা শক্তিৰে কৰি গৈছে। সমস্যাবোৰ সেইদৰে ৰাইজে উপস্থাপন কৰি গৈছে কিন্তু, সমস্যাৰ সমাধান মাত্ৰ সপোন,কাহিনী আৰু সংবাদ হৈ টেলিভিছন, বাতৰি-কাকত আদিত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত তিনিচুকীয়া জিলাৰ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ একেই অবস্থা। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী এলেকা কানাইপথাৰ আৰু কুজুপথাৰ সংযোগীৰ মূল পথৰ প্ৰায় এক কিলোমিটাৰৰ এটা অংশ নিৰ্মাণ নকৰাৰ বাবে বৰ্তমানেও জৰাজীৰ্ণ হৈ আছে। এই জৰাজীৰ্ণ হৈ থকা এটা অংশই স্হানীয় ৰাইজৰ লগতে কানাইপথাৰ অনঞ্চলৰ গাতে গা লগি থকা কলিয়াজান,কৰিয়াজান,তৰিবাৰী আদিৰ দৰে আৰু বহু কেইটা অঞ্চলকে যাতায়তৰ ক্ষেত্ৰত এখন বস্তু নিয়া বাহনৰ পৰিবৰ্তে এখন খালি বাহন চলাই নিয়াত জলা কলা খোৱাইছে । বুঢ়িদিহিং মৌজা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা জান্টু সোনোৱাল আৰু সভাপতি শৈলেন সোনোৱালৰ লগতে স্থানীয় একাংশ ৰাইজৰ অভিযোগৰ অনুসৰি বাৰম্বাৰ নিৰ্মাণ কৰিবলৈ জনোৱাৰ পাজত বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনৰ আগত পদুমফুলৰ পতাকা উৰুয়াই পৰিবৰ্তনৰ শ্লোগান গাই ভোট বিচাৰি অহাৰ সময়তে এই পথটোৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেইমতে ৰাইজে সহাঁৰি পাই নিৰ্বাচনত জয়যুক্ত কৰিলে। কিন্তু পথৰ সেই অংশটো নিৰ্মাণ হোৱা দুৰৰ কথা নিৰ্বাচনত জয়ী হোৱা দিনৰে পৰা বৰ্তমান সময়তো বিধায়কক দেখি পাবলৈ আৰু গাৰ গোন্ধ পাবলৈও নাইকীয়া হল। বিগত পাঁচ বছৰ অতিক্ৰম কৰি পুনৰ নতুনকৈ দায়িত্ব ভাৰ গ্ৰহণ কৰিছে বিধায়ক ভাস্কৰ শৰ্মাই।গতিকে সামান্য প্ৰায় এক কিলোমিটাৰৰ এটা মূল পথৰ অংশ নিৰ্মাণ নকৰাত ৰাইজে আচৰিত হৈ ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজৰ আসনত বহি ৰাইজৰ সেৱা কৰাত ইমান অসমৰ্থ কিয় বিধায়ক ভাস্কৰ শৰ্মাই । সেইয়েহে আজি বুঢ়ীদিহিং মৌজা আনঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি আৰু অন্যান্য দ’ল সংগঠন, স্হানীয় সচেতনবাসী ৰাইজে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে লগতে এই কথাও স্পষ্ট কৰিছে যে যদিহে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ নকৰে ইয়াৰ বিৰুদ্ধে যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।
আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ নাট্যাৰম্ভ
নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি বুধবাৰে আখৰা শুভাৰম্ভ কৰে নলবাৰী জিলাৰ গুৱাকুছি গাঁৱত জন্ম লাভ কৰা অৰূপ ভট্ট প্ৰযোজিত আৰাধনা যাত্রিক থিয়েটাৰে। আখৰা শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙি নাটকৰ পাণ্ডুলিপি উন্মোচন কৰে অভিনেতা,যুৱ নাট্যকাৰ কবিন ৰাজে। তাৰোপৰি নাট্যালোচনী সভাত উপস্থিত থাকে নাট্যকাৰ ৰাধেশ্যাম কলিতা, অভিনেতা পৰিচালক বুবুল কলিতা, সাংস্কৃতিক সংবাদদাতা ৰমেন কলিতাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আৰাধনা যাত্রিক থিয়েটাৰে ২১-২২ (দ্বিতীয়)বৰ্ষত নিবেদন কৰিব এক ব্যতিক্রমী আৰু হৃদয় বিদাৰক কাহিনীৰে নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ “মহাপাপী মই” আৰু যুৱ নাট্যকাৰ কবিন ৰাজৰ “বেনামী প্ৰেমিক ” যত অভিনয় কৰিব অভিনেতা মহেশ ৰাজবংশী, চক্ৰেশ্বৰ দাস, নিৰ্মল ডেকা, নৱ ডেকা, মৃদুল ভূঞা, চুনু ভড়ালী, নিকুঞ্জ শৰ্মা, সতীশ বৰুৱা, ধনমনি দাস, অভিনেত্রী স্বপ্না নাথ, বনশ্রী তালুকদাৰ, ভেলিনা বৰুৱা, মিতালী দাস, আৰু সীমামনি বেগমে। আৰাধনা যাত্রিক থিয়েটাৰৰ সংগীত পৰিচালনা কৰিব মুনমুন, ৰাজুৱে আৰু পোহৰ পৰাগ শৰ্মাৰ। সম্পাদক ভাস্কৰ শৰ্মাই জনোৱা মতে আৰাধনা যাত্রিক থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক নিকুঞ্জ শৰ্মা আৰু শব্দ হীৰক কলিতাৰ। ভালেসংখ্যক নাট্যানুৰাগীৰ উপস্থিতিত আয়োজিত আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ মুহুৰত অনুষ্ঠানত প্ৰযোজক শিল্পী কলাকুশলী সকলে ৰাইজৰ সন্মুখত চিনাকী দি ৰাইজৰ সহযোগিতা কামনা কৰি শুভ নাট্যাৰম্ভৰ অনুষ্ঠান সামৰণি কৰে।
আইআইটি গুৱাহাটীৰ চৌহদত চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিবলৈ অতিৰিক্ত ভূমি আৱণ্টন অসমৰ মুখ্যমন্ত্ৰীৰ
১ ছেপ্টেম্বৰত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই কয়, শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰাৰ বাবে আইআইটি গুৱাহাটীক ভূমি আৱণ্টন কৰা হ’ব। “মোক কোৱা হৈছে যে আইআইটি গুৱাহাটীয়ে তেওঁলোকৰ চৌহদত এখন চিকিৎসা বিদ্যালয় আৰম্ভ কৰিব বিচাৰে। মই ইতিমধ্যে মোৰ ডিচিক এই উদ্দেশ্যৰ বাবে অতিৰিক্ত ভূমি প্ৰদান কৰিবলৈ কৈছো আৰু যদি এই প্ৰকল্পটো সঁচাকৈয়ে আহে (ভাল) তেন্তে ই সঁচাকৈয়ে ভাল হ’ব,” মুখ্যমন্ত্ৰীয়ে কয়।
তেওঁ Covid-১৯ মহামাৰীয়ে দেশখনক কেনেদৰে ধ্বংস কৰি পেলাইছে আৰু ৰাজ্যখনে তেওঁলোকৰ সকলোকে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তি পুনৰ কেন্দ্ৰীভূত কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয়, “মহামাৰীয়ে স্বাস্থ্য খণ্ডলৈ পুনৰ গুৰুত্ব আনিছে। এইটো আন এটা ক্ষেত্ৰ য’ত আমি ঘনিষ্ঠভাৱে কাম কৰিব পাৰোঁ,” তেওঁ লগতে কয়। প্ৰিমিয়াৰ ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানটোৰ 2006 চনৰ পৰা চৌহদত এখন কাৰ্যকৰী চিকিৎসালয় আছে যি 20,000 ফুটজুৰি বিয়পি আছে আৰু নটাতকৈও অধিক বিশেষত্বৰ গৌৰৱ কৰে।











