পশ্চিম নলবাৰী অঞ্চলৰ কৃতী শিক্ষক,প্ৰবীন নাট্যকৰ্মী, নাগাৰানামৰ পাঠক,সুবক্তা তাৰিনীকান্ত বৰ্মনৰ পবিত্ৰ স্মৃতিত ককয়া গাঁৱৰ কমাৰপাৰা চুবুৰীৰ বাসগৃহত ‘পদাংক’ নামৰ স্মৰনিকাখন আনুষ্ঠানিকভাবে উন্মোচন কৰা হয়।উল্লেখ্য যে,যোৱা ১৩ আগষ্টৰ দিনা ইহলীলা সম্বৰন কৰা কৃতী শিক্ষক বৰ্মনৰ স্মৃতিচাৰন কৰাৰ উদ্দেশ্যেৰে আয়োজন কৰা স্মৃতিচাৰন সভা তথা গ্ৰন্থ উন্মোচনী সভাখনত সভাপতিত্ব কৰে সাহিত্যিক পেঞ্চনাৰ তথা প্ৰবীন সাংবাদিক যাদবসেন ডেকাই।প্ৰাক্তন ছাত্ৰ নেতা অলকেশ ঠাকুৰীয়াই আঁত ধৰা স্মৃতিচাৰন সভা তথা গ্ৰন্থ উন্মোচনী সভাখনত নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই ডঃ প্ৰতুল ডেকা আৰু দিগন্ত দাসে সম্পাদনা কৰা ‘পদাংক’ নামৰ স্মৰনিকাখন উন্মোচন কৰে।উন্মোচনীৰ ভাষনত শৰ্মাই কয় যে—মাতৃ ভাষাক চহকী কৰাত সোঁৱৰণী গ্ৰন্থৰ অৱদান আছে।এনে গ্ৰন্থৰ ঐতিহাসিক প্ৰমূল্যু অনস্বীকাৰ্য। সভাখনত গীতা,উপনিষদৰ আধ্যাত্মিক কাহিনীৰ বাখ্যা ডাঙি ধৰি শৰ্মাই আৰু কয় যে– মৃত্যু জীৱনৰ শেষ পৰিণতি নহয়।জীৱনৰ পৰিণতি কৰ্মৰ চানেকিত। ভাল মানুহৰ মৃত্যু নহয় ,তেওঁৰ খোজৰ চিন ৰৈ যায় সময়ৰ বলুকাৰাশিত। লোককলাৰ সাধক তাৰিণী কান্ত বৰ্মনৰ জীৱন এক মহাকাব্যিক যাত্ৰা বুলিও তেওঁ উল্লেখ কৰে।উক্ত অনুষ্ঠানত বক্তব্য ৰাখি সমাজকৰ্মী লক্ষী পাটোৱাৰী, হিৰন্য বৰ্মন,বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বিপুল ডেকা,ভাৰপ্ৰাপ্ত অধ্যক্ষ জয়ন্ত কুমাৰ বৰ্মন,ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সুশীল মজুমদাৰ,প্ৰশান্ত মেনা আদি বিশিষ্ট ব্যক্তি সকলে প্ৰয়াত বৰ্মনৰ স্মৃতি সোঁৱৰি বক্তব্য ৰাখে।অনুষ্ঠানত কন্ঠ শিল্পী খনিন্দ্ৰ বৰ্মনে এটি নামঘোষা পৰিবেশন কৰি উপস্থিত সকলোৰে হৃদয় চুই নিবলৈ সক্ষম হয়।
ঐতিহাসিক শিলপোতা সত্ৰ সংযোগী নৱনির্মিত পথৰ দাঁতিত বৃক্ষৰোপন
পশ্চিম গুৱাহাটীৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত পূব মাজিৰগাঁওস্থিত ঐতিহাসিক শিলপোতা সত্ৰ চৌহদক ন -ৰূপ দিয়াৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বিশেষ তৎপৰতাত অসম চৰকাৰৰ ” অসম দৰ্পন” আঁচনিৰ অধীনত লোক নিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলে সত্ৰ সংযোগী পথ নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়ন মূলক কাম সম্পন্ন কৰি আছে । আনহাতে ২৮ আগষ্টত সত্ৰ সংযোগী পথচোৱাক সৌন্দৰ্যবৰ্ধনৰ লগতে পৰিবেশ অনুকুল কৰি ৰাখিবৰ বাবে পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত পথচোৱাৰ দাঁতিত বৃক্ষৰোপন কৰা হয় । এটি বকুল গছৰ পুলি ৰোপন কৰি বৃক্ষৰোপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই গছপুলি ৰোপন কৰি নৱনির্মিত পথছোৱা পৰিদৰ্শন কৰি কামৰ বুজ লয় আৰু আঁচনি অনুসৰি লোক নিৰ্মাণ বিভাগে কামখিনী কৰা বাবে সন্তুষ্টি প্ৰকাশ কৰে । আনহাতে কাৰ্যসূচীত পশ্চিম গুৱাহাটী ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ধীৰাজ শৰ্মা , সহকাৰী কাৰ্যবাহী অভিযন্তা কুশল কাকতি , কনিষ্ঠ অভিযন্তা অমল ডেকা , অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা , সত্ৰ পৰিচালনা কমিটিৰ সম্পাদক আৰু দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নৱজ্যোতি দাসকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

ৰঙিয়াস্থিত এছ এছ বিৰ মুখ্য কাৰ্যালয়ত ‘আজাদী কা অমৃত মহোৎসৱ’
ৰঙিয়াস্থিত সশস্ত্ৰ সীমা বল ক্ষেত্ৰীয় মুখ্য কাৰ্যালয়ত (SSB) ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ সম্পূৰ্ণ হোৱাৰ গৌৰৱময় ক্ষণক বিশেষভাবে উদযাপন কৰাৰ উদ্দেশ্যে শনিবাৰে পালন কৰা হয় ‘আজাদী কা অমৃত মহোৎসৱ’। এই উপলক্ষে গুৱাহাটী পৰা ৰাজঘাট (দিল্লী) লৈ হ’বলগীয়া চাইকেল ৰেলীত অংশগ্ৰহণ কৰা জোৱানসকলক শুভেচ্ছা প্ৰদানৰ বাবে আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতা। এটি গছ পুলি ৰোপণেৰে কার্যসূচীৰ শুভাৰম্ভণি কৰা হয়। এই অনুষ্ঠানত SSB ৰঙিয়াৰ ডি আই জি শ্ৰী জগদ্বীপ পাল সিং, চি.আই.এছ.এফ(CISF) ৰ ডি আই জি(DIG), বি টি আৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰী অৰূপ কুমাৰ দে প্ৰমুখ্যে এছ.এছ.বি উচ্চ পদস্থ বিষয় ববীয়া সকলৰ লগতে গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে। কলিতাই উদ্যোক্তা সকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনোৱাৰ লগতে সমূহ জোৱানলৈ “আজাদী কা অমৃত মহোৎসৱ”ৰ শুভেচ্ছা জ্ঞাপন কৰে।
তিনিখনকৈ গাঁৱক চৰম প্ৰতাৰণা বিধায়ক ভাস্কৰ শৰ্মাৰ
তিনিখনকৈ ৰাজহ গাওঁ সংলগ্ন এটা মূল পথ। পথটোৰ জৰাজীৰ্ণ অৱস্থাই দুৰ্ভোগ ভোগাইছে তিনিখনকৈ ৰাজহ গাঁৱৰ জনসাধাৰণক। ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন উক্ত পথটো লেখাপানী গাওঁ, লেখাপানী নেপালী গাওঁ আৰু টিপং পানী গাঁৱৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ হৈ আহিছে।স্বাধীনোত্তৰ কালৰ পৰাই ৰাজহ গাওঁ হিচাপে স্বীকৃত গাওঁ কেইখনৰ বাট পথ সমূহ উন্নত কৰাৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ নকৰিলে।পৰিৱৰ্তন আৰু উন্নয়নৰ শ্ল’গানেৰে ৰাজপাট দখল কৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰভাৱশালী বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনত জয়ী হলে উক্ত পথটো পকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল গাওঁ বাসীক। গাঁওবাসীক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে ২০১৯ চনত বিধায়ক জনে নিজেই পথটো নিৰ্মাণৰ শুভ উদ্বোধন কৰে। পথটোৰ শুভ উদ্বোধন কৰা দেখি গাওঁ বাসীও বহুদিনীয়া আশা পূৰ্ণ হোৱা বুলি উৎসাহিত হোৱা দেখা গৈছিল।

কিন্তু দুৰ্ভাগ্যজনক ভাৱে গাওঁ বাসীৰ সেই উৎসাহ আৰু আশা আজিও সুদূৰ পৰাহত হৈ ৰল।২০১৯ চনতে উদ্ধোধন কৰা পথটোত আজি পৰ্যন্ত এটা শিলগুটিও নপৰাত বিধায়ক ভাস্কৰ শৰ্মাই মিথ্যাচাৰৰ আশ্ৰয় লৈ চৰম প্ৰতাৰণা কৰিছে বুলি গাওঁ কেইখনৰ ৰাইজে অভিযোগ উত্থাপন কৰিছে। এই ক্ষেত্ৰত বিধায়ক জনৰ সোঁৱে-বাওঁৱে থকা নেতা-পালিনেতা আৰু স্থানীয় লেখাপানী গাওঁ পঞ্চায়তৰ সভাপতি সম্পাদকৰ ভূমিকাও সন্দেহ জনক বুলি ক্ষোভ প্ৰকাশ কৰে গাওঁ বাসীয়ে। কিয়নো পঞ্চায়ত এখনৰ অন্তৰ্গত গাওঁ সমূহৰ সৰ্বতোপ্ৰকাৰে উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি সকলে যেনে ধৰণৰ ভূমিকা পালন কৰিব লাগে সেই ভূমিকা পালনৰ ক্ষেত্ৰত লেখাপানী গাওঁ পঞ্চায়তৰ প্ৰতিগৰাকী প্ৰতিনিধি বিফল হৈছে বুলি ৰাইজে অভিযোগ কৰে। এই তিনিখন ৰাজহ গাঁৱৰ উন্নয়নৰ ক্ষেত্ৰত যদি বিধায়ক জনে খৰতকীয়া ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তুক নিৰ্বাচন সমূহত তিনিওখন গাঁৱৰ ৰাইজে বি, জে, পি,ৰ বিপক্ষে ভোটদান সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰে।

বৰপেটাত ৩৪৩.২৪ কুইন্টল চাউল সহ বলেৰো পিক আপ ভান জব্দ
বৰপেটাৰ সমীপৰ কাহিবাৰীৰ ছাহজাহান আলীৰ ঘৰ সংলগ্ন গোডাউনত টিকেন দাস নামৰ ব্যবসায়ী জনে দিৰ্ঘ্যদিন ধৰি চলাই আছিল চোৰাং চাউলৰ ৰোম ৰোমিয়া বেহা।বৰপেটা জিলা উপায়ুক্তৰ নিৰ্দেশক্ৰমে অতিৰিক্ত উপায়ুক্ত নবজিৎ পাঠকৰ নেতৃত্বত খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ এটি দলে শনিবাৰে অভিযান চলাই চাউলখিনি জব্দ কৰিবলৈ সক্ষম হয়।উক্ত চাউল খিনি মৰাপাট বেগৰ পৰা প্লাষ্টিক বেগত চাউল সমূহ ভৰাই থকা অৱস্থাত চাউল সহ দুটা চিলাই মেচিন, দুটা ওজন জোখা মেচিন, সৰু জেনেৰেটৰ আৰু মৰাপাট, প্লাষ্টিক বেগ সহ জব্দ কৰে।লগতে চাৰিচকিয়া বাহন এখন জব্দ কৰে। বাহন খনৰ নম্বৰ AS15C 8794 ।
কলাইগাঁও আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ অবৈধ বিলাতী সুৰা জব্দ
বিটিআৰ ওদালগুৰি জিলা কলাইগাঁও আৰক্ষীয়ে কলাইগাঁৱৰ বিভিন্ন স্থানত অভিযান চলাই বুজন পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।ক’ৰণা মহামাৰী লক’ডাউনৰ সুযোগ লৈ কিছুমান দুষ্ট চক্ৰান্তই গাওঁ অঞ্চলত অবৈধভাৱে বিলতী সুৰাৰ বেহা চলাই আহিছে।যাৰ ফলত কলাইগাঁৱৰ এচাম যুৱকে নিছাযুক্ত বিলাতী সুৰা সেৱন কৰি ঘাই পথত উদণ্ডভাৱে বাঁহন চলোৱাৰ পৰিলক্ষিত হয়। সেয়েহে আজি কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া খৰ্গেশ্বৰ বৰদলৈৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে কলাইগাঁও সমীপুৰ ভোলাবাৰী তিনিআলি, বনগাঁও আৰু হিৰাপাৰাৰ অঞ্চলত তালাচী অভিযান চলাই বুজন পৰিমানৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়।।নৱ প্ৰজন্মক ধ্বংসৰ মুখে ঠেলি নিয়া অবৈধ সুৰা বেহাৰ বুজন পৰিমাণৰ বে আইনী বিলাতী সুৰা জব্দ কৰে যদিও বৰ্তমানলৈ কনো এজন অবৈধ সুৰা ব্যৱসায়িক আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিব দিয়ে।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ আতংকিত ৰাইজঃ গোগামুখত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদঃ বিজেপিক প্ৰৰতাৰক আখ্যা
এন এইচ পি চিয়ে নিৰ্মাণ কৰি থকা ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ যিমানেই সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ইমানেই প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজৰ মাজত আতংক আৰু অনিশ্চয়তা অধিক বৃদ্ধি পাবলৈ আৰম্ভ হৈছে ৷ প্ৰকল্পটোৰ নিৰ্মাণ ইতিমধ্যে ৮০ শতাংশ সম্পূৰ্ণ হ’ল যদিও প্ৰকল্পটো সম্পূৰ্ণৰূপে সুৰক্ষিত কৰিব পৰা নাই নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে ৷ শেহতীয়াভাৱে উত্তৰ অসমত হৈ থকা মুষলধাৰ বৰষুণ আৰু সোৱণশিৰি নদীৰ ওফন্দি উঠা উত্তাল জলপৃষ্ঠই প্ৰকল্পটো বিস্তৰ ক্ষতি কৰিছে ৷ বৰ্তমানো প্ৰকল্পটোৰ তল-ওপৰ একাকাৰ কৰি উত্তাল গতিত পানী বৈ আছে আৰু উক্ত পানীয়ে প্ৰকল্পটোৰ নামনি অংশৰ ৰাইজক আতংকিত কৰি তুলিছে ৷ ইপিনে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এন এইচ পি চিৰ গেৰুকামুখস্হিত কাৰ্যালয়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ বন্ধৰ দাবী উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, বিজেপি চৰকাৰ নিপাত যাৱক, এন এইচ পি চি মুৰ্দাবাদ, বিজেপিৰ মিথ্যাচাৰ নচলিব, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ কাম নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হুচিয়াৰ, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ বন্ধ কৰক আদি ধ্বনিৰে গেৰুকামুখৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয়- নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাতা সংস্হা এন এইচ পি চিয়ে চৰম স্বেচ্ছাচাৰীতাৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই নিছে ৷ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ, অসমৰ বান্ধ বিৰোধী দল-সংগঠন আৰু এন এইচ পি চিৰ মাজত অনুষ্ঠিত হোৱা বৈঠক আৰু বৈঠকৰ সিদ্ধান্ত ভৰিৰে মোহাৰি এন এইচ পি চিয়ে বান্ধৰ নিৰ্মাণ দ্ৰুত গতিত আগুৱাই নিছে ৷ তেওঁ কয়- বৈঠকৰ সিদ্ধান্তমৰ্মে গঠন কৰা বিশেষজ্ঞ কমিটিৰ অসমৰ সদস্য সকলে ইতিমধ্যে স্পষ্ট কৰিছে যে গেৰুকামুখৰ দৰে ঠুনুকা তথা বালিয়া পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কোনোপধ্যেই যুগুত নহয় ৷ তদুপৰি বিশেষজ্ঞ সকলে এইটো মত দিছে যে এন এইচ পি চিৰ বান্ধ নিৰ্মাণ ত্ৰুটিযুক্ত আৰু বান্ধটোৰ নামনি অংশৰ ৰাইজৰ নিৰাপত্তাৰ কথাটো কোনোধৰণৰ গুৰুত্ব নিদি কেৱল বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰা বুলি গুৰুতৰ অভিযোগ আনিছে বিশেষজ্ঞ সমিতিয়ে ৷ বিশেষজ্ঞ সমিতিৰ এনে ভয়ংকৰ অভিযোগৰ পিছতো কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে এন এইচ পি চিক প্ৰকল্প নিৰ্মাণ কৰিবলৈ দি থকাটো সম্পূৰ্ণ জনস্বাৰ্থ পৰিপন্থী ই গণতান্ত্ৰিক দেশৰ চৰকাৰৰ চৰিত্ৰ নহয় বুলি যুৱ -ছাত্ৰ পৰিষদৰ নেতা চাংমাইয়ে ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁ লগতে কয়- বিজেপি দলে ক্ষমতাত নাথাকিলে কিবা এটা কয় আৰু ক্ষমতা লাভ কৰিলে আন কিবা এটা কয় ৷ ২০১২-১৩ চনত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে গেৰুকামুখলৈ আহি জনসভাত অংশ লৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত সকলোবোৰ নদীবান্ধ বন্ধ কৰাৰ হুংকাৰ দিছিল ৷ ৰাজনাথ সিঙৰ লগতে অসমৰ আন বিজেপি নেতা সকলেও বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে মাত মাতিছিল ৷ কিন্তু কেন্দ্ৰত আৰু অসমত বিজেপি দলে চৰকাৰ গঠন কৰাৰ পিছত সম্পূৰ্ণৰূপে উভতগোৰে নাচিছে বিজেপিৰ মন্ত্ৰী-বিধায়ক, নেতা-পালিনেতাবোৰ ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক সম্পূৰ্ণৰূপে প্ৰতাৰণা কৰিছে আৰু অসমৰ ৰাইজক নিঃশেষ কৰি কেৱল বহুজাতিক কোম্পানীৰ স্বাৰ্থত হাজাৰ হাজাৰ কোটি টকাৰ বিদ্যুৎ উৎপাদনৰ লক্ষ্য লৈছে ৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এনে জনবিৰোধী, হতকাৰী নীতিক যুৱ-ছাত্ৰ পৰিষদে যিকোনো মূল্যৰ বিনিময়ত প্ৰতিহত কৰিবলৈ সাজু আছে আৰু ইয়াৰ বিষম পৰিনতিৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰেই জগৰীয়া হ’ব বুলি তেওঁ সকীয়নি দিয়ে ৷ তেওঁ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ তপন গগৈ বিধায়ক ভূৱন পেগুক বিশ্বাসঘাটক জাতীয় নেতা আখ্যা দিয়ে আৰু এই সকল ভূৱা, বিশ্বাসঘাটক নেতাক পুনৰবাৰ ৰাইজৰ ওচৰত প্ৰশ্ৰয় নিদিবলৈ ৰাইজক আহ্বান জনায় ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰাতুল বৰগোঁহায়ে ক্ষোভেৰে কয়- এন এইচ পি চিয়ে দেশত ক’ভিড-১৯ ৰ বাবে চলি থকা লকডাউনৰ সময়ত লুকাই লুকাই নদীবান্ধৰ কাম বহুদূৰ আগুৱাই নিলে ৷ নদীবান্ধৰ সকলোবোৰ নিৰ্মাণ সামগ্ৰী বিনা দ্বিধাই সৰবৰাহ কৰিলে ৷ ই আমাৰ বাবে অতি পৰিতাপৰ বিষয় ৷ তথাপি আমি এন এইচ পি চিক কোনো পধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ নিদিওঁ ৷ এন এইচ পি চি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ দল-সংগঠন আৰু অসমবাসীক কৰা চূড়ান্ত প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ দিব বুলি ছাত্ৰ নেতা বৰগোঁহায়ে চৰকাৰক হুংকাৰ দিয়ে ৷ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে যুৱ-ছাত্ৰ পৰিষদে অচিৰেই বৃহৎ গণ আন্দোলনৰ পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ চৰকাৰক হুংকাৰ দিয়ে ৷ উল্লেখনীয় যে, যুৱ-ছাত্ৰ পৰিষদৰ ৫০০ জনীয়া সঁজাতী দলে আজি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শেহতীয়া নিৰ্মাণ প্ৰত্যক্ষ কৰিবলৈ গেৰুকামুখত উপস্থিত হৈছিল ৷ কিন্তু ধেমাজি জিলা প্ৰশাসন আৰু চি আই এছ এফে এন এইচ পি চিৰ কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰতে যুৱ-ছাত্ৰ পৰিষদৰ সঁজাতি দলটোক বাধা দিয়ে ৷ ইয়াক লৈ দুয়োপক্ষৰ মাজত উত্তপ্ত বাক-বিতাণ্ডাৰ সৃষ্টি হৈ আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে ৷ পিছত ধেমাজি জিলা প্ৰশাসন আৰু এন এইচ পি চিৰ মাজত হোৱা আলোচনাৰ অন্তত যুৱ-ছাত্ৰ পৰিষদৰ দহগৰাকী প্ৰতিনিধিক প্ৰকল্পৰ মূল বান্ধ প্ৰত্যক্ষ কৰাৰ অনুমতি দিয়ে যদিও যুৱ-ছাত্ৰ পৰিষদে উক্ত প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে আৰু প্ৰতিবাদস্হলীতে এন এইচ পি চি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰে ৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিটিৰ সহকাৰী সম্পাদক সৌৰভ দাস, কাৰ্যকৰী সদস্য প্ৰদীপ শৰ্মা, ধেমাজি জিলা সমিতিৰ সভাপতি হিৰণ্য দত্ত, ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা আৰু সম্পাদক বিষ্ণু শৰ্মা উপস্থিত থাকে ৷
চাবুৱা-দধীয়াৰ বানবিধ্বস্ত এলেকা পৰিদৰ্শন বিধায়ক পোনাকণ বৰুৱাৰ
চাবুৱা ৰাজহ চক্ৰৰ অধীনস্থ তথা শেহতীয়াকৈ পঞ্চমটো বানত বিধ্বস্ত বিস্তৃত দধীয়া এলেকা আজি পৰিদৰ্শন কৰে চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই
၊ ভুতভুতি নাৱেৰে সাংবাদিকসহ নদী পাৰ হৈ বিধায়ক গৰাকীয়ে বানপিড়িত বিস্তীৰ্ণ এলেকা পৰিদৰ্শন কৰি পৰিস্থিতি বুজ লয়। পৰিদৰ্শনৰ সময়ত বিধায়কগৰাকীয়ে কয় যে ১৯৮৫ চনৰ পৰাই অতি বেয়াকৈ দধীয়া অঞ্চলটো বান আৰু গৰাখহনীয়াত ভয়াবহ ৰূপত বিধ্বস্ত হৈ আহিছে
၊ প্ৰতিটো বছৰত তিনি-চাৰিটা বলীয়া বানে দধীয়া বনগাঁওবাসী ৰাইজৰ জনজীৱন আৰু সা-সম্পত্তি বিপদাপন্ন কৰি আহিছে
၊ মন্তব্যত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত গাঁওবাসীক বৰ্তমানৰ চৰকাৰখনে পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে বিধায়ক বৰুৱাই
၊ ১৪৮০ টা পৰিয়ালক সংস্থাপন দিয়াৰ বিষয়টো বৰ্তমান চৰকাৰখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক বিশেষভাৱে দায়িত্ব প্ৰদান কৰিছে বুলি জানিব দিয়ে বিধায়ক গৰাকীয়ে
၊ তদুপৰি এই বানত ক্ষতিগ্ৰস্ত ৰাইজৰ বাবে অস্থায়ী শিৱিৰ পাতি ৰাখিবলৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও কভিডৰ প্ৰতি শংকা বোধ কৰা ৰাইজে শিৱিৰত আশ্ৰয় গ্ৰহণ কৰিবলৈ অপাৰগ বুলি জনায় বিধায়ক পোনাকণ বৰুৱাই
၊ প্ৰশাসনে অঞ্চলটোৰ পশুৰ বাবে খাদ্য, জনস্বাস্থ্য আদিৰ ক্ষেত্ৰত সেৱা আগবঢ়াইছে বুলি সাংবাদিকক জ্ঞাত বিধায়ক গৰাকীয়ে
টীয়কৰ জাঁজীমুখত ভদীয়া বানৰ তাণ্ডৱ
টীয়কৰ জাঁজীমুখত ভদীয়া বানে অঞ্চলটোৰ শগুনপাৰা, ওপৰ শগুনপাৰা , তিনিঘৰীয়া , জপং গাওঁ আদি কেইবাখনো গাওঁ বানপানীৰ কবলত পৰিছে। ঘৰৰ ভিতৰত পানী হোৱাৰ বাবে একাংশ পৰিয়ালে মঠাউৰীৰ ওপৰত আশ্ৰয় লগা পৰিবেশৰ সুচনা হৈছে। এই বানৰ কবলত পৰি থকা লোক সকলক সাহায্য প্ৰদান কৰা লগতে খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ আহব্বান চৰকাৰ তথা যোৰহাট জিলাৰ প্ৰশাসনক স্থানীয় ৰাইজৰ।ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ স্হলিত অত্যধিক বৃষ্টিপাতৰ বাবে তীব্ৰ গতিৰে বাগৰিছিল মূল বান্ধৰ ওপৰেদি পানী। ফলত ভাদ মাহত অহা এই বাঢ়নী পানীয়ে সজাল ধৰা ধাননি পথাৰ বুৰাই পেলাইছে অনিষ্ট সাধন কৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটনৰ পিছতে ভয়ানক পৰিস্থিতি সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে নামনি অংশত।কালি টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপ টীয়ক বিধান পৰিষদৰ সভাপতি বিকাশ শইকীয়া , অগপ যোৰহাট জিলাৰ সম্পাদক দ্বিপেন বৰগোঁহাই পৰিস্থিতিৰ বুজ লয়।যোৰহাট জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ এখন নাওৰে টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌভিক ভূঞা লগতে বিকাশ শইকীয়াই বানপীড়ীত অঞ্চলটো পৰিভ্ৰমণ কৰি বুজ লয়।
পথৰ দুৰৱস্থাই জ্বলা কলা খুৱাইছে ৰাইজক : নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথ শীঘ্ৰে নিৰ্মাণৰ দাবীত এজেৱাইচিপিৰ অভিনৱ প্ৰতিবাদ
চৰাইদেউৰ সাপেখাতীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাপেখাতী আঞ্চলিক সমিতিয়ে নৱ নিৰ্মিত ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কাৰী সংস্থা গৌতম কনচট্ৰাকচনৰ বিৰুদ্ধে শনিবাৰে সাপেখাতীৰ মাজমজিয়াত অভিনৱ প্ৰতিবাদেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সাপেখাতীৰ মাজমজিয়াত গৌতম কনচট্ৰাকচনৰ উৰনীয়া সেতুৰ কাম আৰম্ভ কৰাৰ ফলত দুয়োকাষে পথাচাৰী সকলৰ যাতায়তৰ সুবিধাৰ্থে দুটাকৈ উপপথ নিৰ্মাণ কৰি দিয়ে যদিও দুয়োটা পথ বৰ্তমানেও কনচট্ৰাকচনটোৱে পথাচাৰী সকলৰ যাতায়তৰ বাৱে সূচল কৰি নিদিয়াত যাতায়তত যমৰ যাতনা ভূগিছে পথাছাৰীসকলে ৷ উক্ত উপ পথ দুটা অতি শীঘ্ৰেই যাতায়তৰ বাৱে সূচল কৰি তোলাৰ দাবীত এজেৱাইচিপিৰ লগতে স্থানীয় ব্যৱসায়ীসকলে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতত বৰতাল লৈ বৰতাল বজোৱাৰ উপৰিও ৫২ নং বি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই শেৱালি জাল মাৰি প্ৰতিবাদ কৰে ৷ প্ৰতিবাদকাৰীসকলে কনচট্ৰাকচনটোৰ লগতে জিলা প্ৰশাসন বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে অতি শীঘ্ৰেই উপ পথ দুটা নিৰ্মাণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ।











