:বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ দক্ষিণ পাৰৰ সুখোৱাৰঝাৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াই আতংকিত কৰি তুলিছে নৈ পৰীয়া শ শ পৰিয়ালক। ইতিমধ্যে কালৰূপী খহনীয়াই এফালৰ পৰা মাটি চপৰা চপৰে খহাই নিয়াত নদীৰ বুকত জাহ গৈছে এটাৰ পিছত আন এটাকৈ ঘৰ-দুৱাৰ। যাৰ বাবে নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।সুদীৰ্ঘ ৩০/৩৫ বছৰ ধৰি অঞ্চলটোত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ খহনীয়াই এইবাৰো কাল ৰূপ ধাৰণ কৰাত নদীত ইতিমধ্যেই ৪০টাকৈ পৰিয়ালৰ ঘৰ-বাৰী , বিস্তৃৰ্ণ কৃষিভূমি জাহ যোৱাৰ লগতে বহু পৰিয়ালৰ ঘৰবাৰীৰ আৰু শ শ বিঘা কৃষি ভূমিৰ প্ৰতি চৰম ভাবুকি আহিছে ৷ অঞ্চলটোৰ ধৰ্মপুৰ, ভাতনাপাইতিচৰ, সুখোৱাৰঝাৰ আদি গাঁৱ সমূহত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়া অব্যাহত থকাত বহু পৰিয়ালৰ ঘৰ বাৰীৰ লগতে কৃষি ভূমি খহাই নি বালিচৰত পৰিণত কৰাত বহু পৰিয়াল সৰ্বহাৰা হৈ বিগত সময়চোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্থানান্তৰ হোৱা পৰিলক্ষিত হৈছে যদিও এই সকল দূৰ্ভগীয়া পৰিয়ালৰ আজিকোপতি কোনো এটা চৰকাৰেও পুন সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে।ইপিনে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদেও খহনীয়া গ্ৰস্থ সকলৰ এনে দুৰ্শা দেখিয়ো নেদেখাৰ ভাও ধৰি আছে বুলি অভিযোগ উত্থাপন কৰিছে খহনীয়াগ্ৰস্ত একাংশ পৰিয়ালে । অচিৰেই চৰকাৰ তথা জলসম্পদ বিভাগৰ লগতে স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক নদীখনৰ গৰাখহনীয়া ৰোধ কৰি বৃহত্তৰ অঞ্চলটোক খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ দাবী জনাইছে নৈপৰীয়া ৰাইজে ।
ভাদমহীয়া বানৰ কবলত দেৰগাঁৱৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চল,ৰাতিৰ ভিতৰতে তচনচ কৰি পেলালে কৃষকৰ সপোন
ভাদমহীয়া বানৰ কবলত পৰি দেৰগাঁৱ ৰাজহ চক্ৰৰ বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰি বাসী দিশহাৰা হৈ পৰিছে। খৰাং পৰিস্থিতিৰ বাবে কৃষিজীৱি অঞ্চলটোত শেহতীয়াকৈ কৃষকে পানীৰ অভাৱত গাঁঠিৰ ধন ভাঙি মেছিনেৰ পানী সিঁচি দুই এডৰা শালি খেতি ৰুই ভৱিষ্যতৰ সপোন ৰচিছিল যদিও সেই সপোন ৰাতিৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ বানে তচনচ কৰি পেলালে। বানে কেইবাশ হেক্টৰ কৃষিভূমি সম্পূৰ্ণৰূপে বিধ্বস্ত কৰি পেলাইছে। বানত কৱলত পৰা সমগ্ৰ অঞ্চলটো বহিজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ পৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ জনজীৱন সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰিছে। অঞ্চলটোৰ লেমচাপৰি, গড়মৰা,শলাবোৱা, চমুৱা, ছিৰিশটিকা, সদাৰ, বহিখোৱা, নতুন চাপৰি আদি গাঁও সমুহৰ লগতে সমীপৱৰ্তী দক্ষিণ আহঁতগুৰিৰ বহু কেইখন গাঁও প্লাৱিত কৰি পেলাইছে এই ভদীয়া বানে। কৃষি কৰ্মৰ উপৰিও পশুধন পালন কৰি জীৱন নিৰ্বাহ কৰা লোক সকলে এতিয়া পশুধনৰ লগতে নিজৰ জীৱন বচাবলৈ সুৰক্ষিত আশ্ৰয় স্থলী বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে। বিপদ সীমাৰ ওপৰে বৃদ্ধি পাই থকা ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠক লৈ এতিয়া আতংকিত নৈ পৰীয়া জনসাধাৰণ।
ঘগ্ৰাপাৰৰ-আল্লিয়াত নোনা নৈৰ ওপৰত বাঁহৰ দলং উটুৱাই নিয়াৰ ফলত যাতায়ত -যোগাযোগ বিচ্ছিন্ন
নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ মিলন বজাৰৰ সমীপৰ নোনা নৈৰ ওপৰত থকা বাঁহৰ দলং বাঢ়নী পানী উটুৱাই নিয়াত বৃহত্তৰ অঞ্চলটো ৮/১০ খন গাঁৱৰ ৰাইজৰ যাতায়ত -যোগাযোগৰ ক্ষেত্ৰত ভীষণ অসুবিধা সৃষ্টি হৈছে।উল্লেখ্য যে আল্লিয়া- দ্বাৰকুছী সংয়োগী পথছোৱাৰ ওপৰত উক্ত স্থানত নোনা নৈখনৰ ওপৰত এখন পকী দলং নিৰ্মাণ কাম কৰিছিল এগৰাকী বহু বিতৰ্কিত ঠিকাদাৰে।কিন্তু দুখৰ বিষয যে আজি প্ৰায় চাৰিবছৰে উক্ত পকী দলংখনৰ নিৰ্মাণ কাৰ্য সম্পৰ্ণ নোহোৱাত এখন অস্থায়ী বাঁহৰ সাঁকোৰে পথচাৰী ৰাইজে ইপাৰ -সিপাৰ হৈছিল যদিও নৈখনৰ বাঢ়নী পানীয়ে কালি বাঁহৰ সাঁকোখন উটুৱাই নিয়াত সম্প্ৰতি যাতায়ত বন্ধ হৈ পৰিছে।ইফালে আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ধৰ্মেশ্বৰ দাস,সাধাৰণ সম্পাদক নীলোৎপল দাসৰ নেতৃত্বত এটি সজাঁটি দলে আবেলি উক্ত স্থান পৰিভ্ৰমণ কৰি ক্ষোভিত হৈ পৰে।লগতে দলটোৱে শীঘ্ৰে যাতায়ত-যোগাযোগ সুচল কৰি তুলিবলৈ প্ৰশাসন দাবী তুলিছে।ইফালে দুৰ্নীতি পৰায়ণ ঠিকাদাৰক আছুৱে নাকী লগাবলৈ চৰকাৰ তথা গড়কাপ্টানী মন্ত্ৰীকো দাবীও জনাইছে।
বন্ধন বেংকৰ বাবে স্বাৱলম্বী নলবাৰীৰ এগৰাকী মহিলা
নিজৰ একমাত্ৰ কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় তথা ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হব ধৰিছে ৰাজ্যখনৰ ভিন্ন জিলাৰ মহিলা সকল । কিন্তু এই মহিলা সকলৰ স্বাৱলম্বিতাৰ আঁৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বিভিন্ন বেংক সহ মাইক্ৰ ফাইনেঞ্চে । তেনেদৰে মহিলা সকলক স্বাৱলম্বিতাৰ পথত আগুৱাই যাবলৈ ওতঃপ্ৰোত ভাবে সহায়ৰ হাত আগবঢ়াই আহিছে বন্ধন বেংকে ।বৰ্তমান সময়ত বন্ধন বেংককে ধৰি আন আন মাইক্ৰফাইনেন্স পৰা ঋণ লৈ মহিলাসকলে বিভিন্ন দিশত কৰ্মৰ দ্বাৰা অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হবলৈ সক্ষম হৈছে ৷ৰাজ্যৰ বিভিন্ন জিলাৰ চহৰ অঞ্চলৰ লগতে গাৱঁৰ মহিলাসকলে নিজৰ ভৰিত নিজে থিয় দিবলৈ আৰম্ভ কৰিছে বিভিন্ন ব্যৱসায়ৰ দ্বাৰা ৷ কিছুমানে যদি গৰু ছাগলী গাহৰি হাঁহ কুকুৰা আদিৰ ফাৰ্মৰ দ্বাৰা স্বাৱলম্বী হৈছে আন কোনোৱাই আকৌ ক্ষুদ্ৰ ব্যৱসায় সহ ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা স্বাৱলম্বী হোৱাত পৰিলক্ষিত হৈছে ৷ এনে সময়তে উল্লেখনীয় কথা এই যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বন্ধন বেংককে ধৰি মাইক্ৰফাইনেন্সৰ পৰা লোন লোৱা মহিলা সকলৰ ঋণ মাফ কৰাৰ বিষয়ে কিছু চৰ্ত বান্ধি দিছে ৷ কিন্তু এই চৰ্ত মতে ঋণ মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰি শূণ্যৰ পৰা স্বাৱলম্বী হোৱা কিছু মহিলাৰ স্বাৱলম্বী হোৱাৰ আৰঁৰ কাহিনী লৈ আজি দৈনন্দিন বাৰ্তাত নলবাৰীৰ আমাৰ বিশেষ প্ৰতিবেদন ।নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী গাঁওৰ এগৰাকী মহিলা । মহিলাগৰাকীৰ নাম মিনা দাস ৷ মহিলা গৰাকীৰ এনেকুৱা এটা দিন আছিল যে অভাৱত মিনা দাসৰ পৰিয়ালবৰ্গৰ জীৱন নিৰ্বাহ কৰিবলৈ অতি কষ্টকৰ আছিল । ঠিক সেই সময়তে বিগত ২০১০ চনত মিনা দাসে বন্ধন বেংক নলবাৰী শাখাৰ পৰা দহ হেজাৰ (১০,০০০) টকাৰ ঋণ লাভ কৰি এখন গেলামাল দোকান আৰম্ভ কৰে । দোকানখন আৰম্ভ কৰাৰ পিছত মিনা দাসে বন্ধন বেংকৰ সাপ্তাহিক ভাৱে ঋণৰ কিস্তি পৰিশোধ কৰি পৰিয়ালটো সাধাৰণ ভাৱে হ’লেও দায়িত্ব ল’ব পৰা হ’লে। এনেকৈ মহিলা গৰাকীয়ে বছৰ পৰা বছৰ ধৰি বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ গেলামাল দোকানৰ লগালগি কৈ এখন মাংসৰ দোকান দিবলৈ সক্ষম হল । যাৰ বাবে বাবে মিনা দাসে পৰিয়ালটোক সুকলমে চলাই নিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ ল’ৰা ছোৱালীক শিক্ষাৰ দিশত আগবঢ়াই নিবলৈ এক সকাহ লাভ কৰিলে একমাত্ৰ বন্ধন বেংকৰ কাৰণে । বৰ্তমান সময়ত মিনা দাসে বন্ধন বেংক নলবাৰী শাখাৰ পৰা এক লাখ পচিশ হাজাৰ (১,২৫,০০০) টকাৰ ঋণ লৈ নিজৰ ক্ষুদ্ৰ ব্যৱসায় খন উন্নত দিশত আগবঢ়াই নিবলৈ সক্ষম হৈছে । যাৰ বাবে মহিলা গৰাকীয়ে বন্ধন বেংকক সুন্দৰ ভাৱে নিয়মিত ঋণৰ কিস্তি আদায় দি পৰিয়াল পোহপাল দিব পাৰিছে । যাৰ বাবে মিনা দাস সহ তেখেতৰ পৰিয়ালবৰ্গই বন্ধন বেংক নলবাৰী শাখা সহ আটাইবোৰ বেংক কৰ্তৃপক্ষক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে । তদুপৰি আমাৰ বাতৰি কাকতৰ জৰিয়তে মিনা দাসে বন্ধন বেংকৰ লগত জৰিত গ্ৰাহক সকলক এক মেছেজ দিয়ে যে, ঋণৰ কিস্তি নিয়মিত ভাবে সময় অনুসৰি পৰিশোধ কৰিব লাগে ৷ কাৰন ঋণ ৰেহাই ললে আমাৰ চিভিল স্ক’ৰ নিম্নগামী হব ৷ গতিকে আমি ঋণ মাফ নলৈ নিয়মিত কিস্তি পৰিশোধ কৰো আহঁক ৷আৰু পৰৱৰ্তীত পুনৰাই ঋণ লৈ নিজে কষ্ট আৰু পৰিশ্ৰমৰ দ্বাৰা গঢ়ি তোলা ব্যৱসায়ত খটুৱাই স্বাৱলম্বী হবলৈ আহ্বান জনায় মিনা দাসে ৷
তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়।
এই উপলক্ষে সঞ্চালকালয়ৰ দিছপুৰস্থিত মুখ্য কাৰ্যালয়ত নাম-প্ৰসংগ অনুষ্ঠিত কৰাৰ লগতে সঞ্চালকালয়ৰ সাংস্কৃতিক শাখাৰ কৰ্মচাৰীসকলে থিয় নাম, বৰগীত আদি পৰিৱেশন কৰে।উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইবাৰ স্বাধীনতা দিৱসৰ ভাষণত দহটা সংকল্প গ্ৰহণৰ বাবে জনসাধাৰণক আহ্বান জনাইছিল৷ সেইমৰ্মে পুৰোধা ব্যক্তি আৰু মহাপৰুষৰ আৱিৰ্ভাব আৰু তিৰোভাৱ তিথিত বন্ধ পালন কৰাৰ পৰিবৰ্তে কাৰ্যালয়ত উদযাপন কৰাৰ বাবে তেওঁ আহ্বান জনাইছিল৷ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাবী বন্ধৰ দিন হোৱা সত্বেও তথ্য আৰু জনসংযোগৰ নৱ-নিযুক্ত সঞ্চালক শ্ৰী বিষ্ণু কমল বৰা আৰু অতিৰিক্ত সঞ্চালক শ্ৰী প্ৰদীপ ব্ৰহ্মৰ উদ্যোগত সমূহ বিষয়া-কৰ্মচাৰীয়ে আজি কাৰ্যালয়তে মহাপুৰুষজনাৰ তিৰোভাৱ তিথি উদযাপন কৰি গুৰুজনাক স্মৰণ কৰে৷
কাৰ্বি আংলং আৰক্ষী আৰু অসম ৰাইফলছৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ
কাৰ্বি আংলং আৰক্ষী আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ -শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক আটক কৰে।এক গোপন সূত্ৰৰ পম খেদি শুক্ৰ বাৰে পুৱা কাৰ্বি আংলং আৰক্ষী আৰু ডিমাপুৰস্থিত পঞ্চম অসম ৰাইফলছৰ এটা যুটীয়া দলে কাৰ্বি আংলঙৰ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘঁৰিয়ালডুবি এলেকাত অভিযান চলাই বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ জব্দ কৰাৰ লগতে চাৰিজন লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয়। যুটীয়া অভিযানকাৰী দলটোৱে ডিফু , ধনশিৰিৰ ৰাজু ঘাটোৱাৰ আৰু কৃষ্ণ ওৰাং, ডিলাই হাটোকাজানৰ লুকাছ কাংগাৰী আৰু খটখটী লামা বস্তিৰ ৰবাৰ্ট হৰ’ ক কৰায়ত্ত কৰে আৰু তেওঁলোকৰ পৰা মেগজিন সহ এটা পইণ্ট টু টু ৰাইফল , এটা নাইন এম এম পিষ্টল, দুটা পইণ্ট টু টু পিষ্টল, এটা চাইনীজ গ্ৰেণেড, এটা স্থানীয়ভাৱে তৈয়াৰী গ্ৰেণেড আৰু পাঁচ ৰাউণ্ড পইণ্ট টু টু সক্ৰিয় গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষী আৰু অসম ৰাইফলছে তদন্ত অব্যাহত ৰাখিছে ।
যোৰহাটৰ তিমতিমীয়াত যোগেন চন্দ্ৰ নেওগৰ তিনিখন গ্ৰন্থ উন্মোচন
সাংস্কৃতিক মহাসভা অসম, যোৰহাট জিলা সমিতিৰ প্ৰাক্তন সম্পাদক যোগেন চন্দ্ৰ নেওগৰ ভিন্ন প্ৰসংগৰ তিনিখন গ্ৰন্থ ২২ আগষ্টত উন্মোচন হৈ যায়। ক’ভিড প্ৰতিৰোধ বিধি মানি নামনি তিমতিমীয়া গাঁৱত লেখকৰ গৃহত সাহিত্যসেৱী প্ৰফুল্ল প্ৰাণ গগৈৰ সঞ্চালনাত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ প্ৰাসংগিকতা উল্লেখ কৰে বান্ধৈ, কালুগাঁও আলোচনী আৰু আত্মপ্ৰকাশ ক্ষুদ্ৰ পত্ৰিকাৰ সন্মানপ্ৰাপ্ত মুদ্ৰক লাটু গগৈয়ে। জ্যোতিৰ্ময় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত শিশু গ্ৰন্থ ‘অকণিৰ নীতিকথা- জ্যোতিমালিকা’ যোৰহাট শাখা সাহিত্য সভাৰ উপ-সভাপতি মৃদুল শইকীয়াই, প্ৰবন্ধ সংকলন ‘পদ্মৰাগ’ সাংস্কৃতিক মহাসভা অসমৰ উপদেষ্টা প্ৰতাপ চন্দ্ৰ বৰুৱাই আৰু কাব্য সংকলন ‘বিহঙ্গ’ৰ দ্বিতীয় সংস্কৰণ অখিল ভাৰতীয় সাহিত্য পৰিষদ, যোৰহাটৰ সভাপতি ৰাজা চক্ৰৱৰ্তীয়ে উন্মোচন কৰে। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড০ কুমুদ চুতীয়া, সাংস্কৃতিক মহাসভা যোৰহাট জিলা সমিতিৰ সাংস্কৃতিক সম্পাদক বিপুল হাজৰিকা, সহকাৰী সম্পাদক ৰফিক হুছেইন, সদস্য মনোৰঞ্জন ভৰালী, উত্তৰ-পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক নৰেন চন্দ্ৰ বৰা, লেখক বংশী দত্ত আৰু সংগীত শিল্পী বিজুলী শৰ্মা হুছেইনে গ্ৰন্থ প্ৰয়োজনীয়তা সম্পৰ্কে বক্তব্য ৰাখে। লাটু গগৈ আৰু বংশী দত্তই কবিতা পাঠ কৰে। বিপুল হাজৰিকা, জাহ্নু কাশ্যপ, বিজুলী শৰ্মা হুছেইন আৰু মনোৰঞ্জন ভৰালীৰ গীতৰে অনুষ্ঠান মুখৰিত হয়। জাতীয় সংগীতেৰে সামৰণী পৰা উন্মোচনী অনুষ্ঠানত গৃহিণী পূৰ্ণিমা বৰা নেওগে সহযোগিতা আগবঢ়ায়।
মৰিগাঁও সংমণ্ডল বিদ্যুৎ বিভাগৰ চুৰি বিদ্যুতৰ বিৰুদ্ধে অভিযান
মৰিগাঁও বিদ্যুত মাচুল লোৱা ক্ষেত্ৰত খাব লগা হৈছে জলাকলা। মৰিগাঁও সংমণ্ডল বিদ্যুত বিভাগৰ কৰ্মচাৰী।তেওঁলোকে জানিব দিয়া মতে বিপিএল আৰু এপিএল থকা লোকে মাহিলী বিল সময় মতে আদায় দি আহিছে ।কিন্তু কিছু লোকে বিদ্যুত চুৰিৰ দ্বাৰা কৰি ঘৰত ব্যৱহাৰ কৰি আছিল ।বিশেষ সূত্ৰে গম পাই বিদ্যুৎ চুৰি কৰা এলেকাত বিদ্যুৎ কৰ্তন কৰি বিদ্যুৎ সামগ্ৰী জব্দ কৰাত বিদ্যুত কৰ্মচাৰীক বেয়া ব্যৱহাৰ কৰে। যোৱা ২৬ আগষ্টত মৰিগাঁও সংমণ্ডল বিদ্যুত বিভাগৰ এলেকাধীন বৰিগাঁও,দলবাৰি,দন্দুৱা এলেকাত বিদ্যুত চুৰি কৰি লোৱা লোকৰ পৰা বিদ্যুত কৰ্তন কৰি বিদ্যুৎ সামগ্ৰী সমূহ জব্দ কৰাৰ বাবে বিদ্যুত কৰ্মচাৰী লগত গাঁৱৰ লোকৰ বাক যুদ্ধ আৰম্ভ হয়।
দুমৗৰ নাট্যগোষ্ঠীৰ উদ্যোগত গোগামুখত এমহীয়া নাট কৰ্মশালা
ধেমাজি জিলাৰ গোগামুখৰ অপেছাধাৰী নাট্য সংগঠন দুমৗৰ নাট্যগোষ্ঠীৰ উদ্যোগত আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত, টি এম পি কে, মিচিং দৃৰবৃ কৗবঙৰ সহযোগত মিচিং সমাজৰ পুৰুধা ব্যক্তি অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণিত এমহীয়া নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ ১৫ ছেপ্টেম্বৰৰ পৰা গোগামুখ আবতানি লত্তাত আৰম্ভ হ’বলগা উক্ত নাট কৰ্মশাতাল ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ দিয়াা ব্যৱস্হা কৰা হৈছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ সভাপতি ৰাজু পেগু আৰু সম্পাদক ভৱেশ মেদকে জনোৱা মতে নাট কৰ্মশালাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথ, পাটনাৰ সত্য প্ৰকাশ, ত্ৰিপুৰা, বিশ্বজিৎ চক্ৰৱৰ্তী, কুশল ডেকা, মানস প্ৰতীম নেওগ, বেণু পাটোৱাৰী, পাটনাৰ ৰবি বাৰ্মা, কলকাতাৰ বৰুণ কৌৰ আদিয়ে প্ৰশিক্ষণ দিব ৷ দুমৗৰ নাট্যগোষ্ঠীয়ে প্ৰশিক্ষাৰ্থী সকলৰ বাবে প্ৰ-পত্ৰ গোগামুখ চিলিমপুৰস্হিত দুমৗৰ নাট্যগোষ্ঠীৰ কাৰ্যালয়ত দি আছে ৷ প্ৰশিক্ষাৰ্থী সকলে আগতীয়া যোগাযোগৰ বাবে ৮০১১৩৭৩৭১৬, ৯৬৭৮৮৭১২৩৮, ৮৪৭৩০৩৯৫৬১ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷ দুমৗৰ নাট্যগোষ্ঠীৰ বিশেষ প্ৰতিনিধি জয়প্ৰকাশ পেগু আৰু অনুজ পাইতে জনোৱা মতে দূৰদূৰণিৰ প্ৰশিক্ষাৰ্থী সকলৰ বাবে থকা-খোৱাৰো সু-ব্যৱস্হা কৰাৰ লগতে কৰ্মশালাৰ অন্তত নাট মঞ্চস্থ কৰা হ’ব আৰু মঞ্চস্থ কৰিবলগা নাটৰ বাবে বহুকেইজন নাট্যকাৰৰ পৰা নাটৰ পাণ্ডুলিপি বিছৰা হৈছে ৷
মাজুলীত ভদীয়া বানে প্লাবিত কৰিলে নদী কাষৰীয়া প্ৰায় ৩০খনকৈ অধিক গাঁও
মাজুলীৰ মথাউৰীৰ বাহিৰৰ প্ৰায় ৩০ খনতকৈ অধিক গাওঁ ভদীয়া বানত কৱলত পৰিছে।কেইবাদিনো ধাৰাসাৰ বৰষুণ হোৱাৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই আহিছে যাৰ পৰিপ্ৰেক্ষিতত ন ন অঞ্চল প্লাৱিত হৈছে।পূব মাজুলীৰ অন্তৰ্গত নৈপৰীয়া শালমৰাৰ প্ৰায় ৬০০ টা পৰিয়াল বানৰ কৱলত পৰাৰ লগতে বৰবোকা, অফলামুখ,দক্ষিণপাটকৈৱৰ্ত গাঁও, দক্ষিণপাট কুমাৰ গাওঁ, দক্ষিণপাট কলিতা গাঁও, পুৰণি সত্ৰ, যোগীগাঁও, মেৰাগড়,কলনিবাৰী,গ্ৰেজিং,চিনাটলি,ৰতনপুৰ,নতুন বনৰীয়া চাপৰিত ভদীয়া বানে আক্ৰান্ত কৰাৰ লগতে এই গাঁও কেইখনৰ ৰাইজৰ যাতায়ত ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।বানাক্ৰান্তৰ মাজত খোৱা পানী, খোৱা খাদ্য সামগ্ৰী, পশুধনৰ খাদ্য সামগ্ৰী ব্যাপক ভাৱে অভাৱ হৈছে।আনহাতে চুমৈমাৰী, পোহাৰদিয়া, খোৰাহোলা মাজগাও, আলিমূৰ, বামুণ গাওঁ, বৃহত্তৰ ভকতচাপৰি অঞ্চল,সোনাৰিবাৰী আদি গাঁও সমূহো বানত প্লাৱিত হৈছে। আঁহতগুৰি, দক্ষিণ আঁহতগুৰি গাঁও পঞ্চায়ত এলেকাৰ চাপৰি অঞ্চলৰ লগতে কৰতিপাৰ, লাছন চাপৰি আদি মঠাউৰিৰ বাহিৰত থকা গাঁওসমূহ বাঢ়নি পানীত জলমগ্ন হৈছে।

নামনি মাজুলীৰো বৃহত্তৰ অঞ্চল বানপানীৰ কৱলত পৰাৰ খবৰ আহিছে।ইফালে কমলাবাৰী পাৰঘাট অংশত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।যাৰ পৰিপ্ৰেক্ষিতত আজি নিমাতী মাজুলী সংযোগী ফেৰী সেৱা বন্ধ হৈ পৰিছে। ক’ভিড সংক্ৰমন ৰোধৰ স্বাৰ্থতেই মাজুলী জিলা প্ৰশাসনে প্ৰায় তিনি মাহ ধৰি বন্ধ কৰি ৰখা নিমাতী- মাজুলী ফেৰী সেৱা আজি কেইটামান দিনৰ পূৰ্বে চলাচল কৰিছিল।ব্ৰহ্মপুত্ৰ জলস্তৰ বৃদ্ধি হোৱাত পুনৰ বন্ধ হৈ পৰে এই ফেৰী সেৱা ।ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাই থকাত মাজুলী বিভিন্ন স্থানত মথাউৰী সমূহক লৈ গঞা ৰাইজ চিন্তিত হৈ পৰিছে । কিয়নো যোৱাবছৰ বানত মাজুলীৰ বহুকেইটা মথাউৰীত পানীৰ উঁহ পৰিলক্ষিত হৈছিল আৰু এই স্পৰ্শকাতৰ মথাউৰীয়ে বিপদ ঘটাব পাৰে মাজুলীবাসীক।বানপানীত আক্ৰান্ত ৰাইজক সম্পূৰ্ণ ভাৱে ৰ সহায় কৰিবৰ বাবে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক কাকুমণি কলিতা আৰু পূৱ মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যদুমনি হাজৰিকা,সম্পাদক দীপাংকৰ ৰাজখোৱাই জিলা প্ৰশাসনক অনুৰোধ জনাইছে।এই ভদীয়া বানত মথাউৰী বাহিৰৰ কৃষকৰ বহু কৃষি ভূমি অনিষ্ট কৰিছে।












