সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈয়ে আজি বৰপেটা জিলা উপায়ুক্ত ভূচালে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস সমন্বিতে ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ নিৰ্মাণ থলিত লোক নিৰ্মান বিভাগৰ সংশ্লিষ্ট অভিযন্তা সকলো উপস্হিত আছিল ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰায় ছয় বছৰ ধৰি নিৰ্মান কাৰ্য স্হবিৰ হৈ থকা কথাটোত উপায়ুক্ত ভূচালে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া সকলক দুয়োখন আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ বাকী থকা কাম অনতি পলমে আৰম্ভ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে। লগতে এই সম্পৰ্কত তথ্য সম্বলিত এখন বিস্তৃত প্ৰতিবেদন জমা দিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এই দুয়োখন বিদ্যাল়য় সোনকালে মুকলি হলে উক্ত অঞ্চলটোৰ লগতে জিলাখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে।
মহাজোটৰ পৰা AIUDFক বাদ দিয়া বিতৰ্কৰ পিছত জনিয়াত কংগ্ৰেছত খহনীয়া
বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অাজি এ অাই ইউ ডি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত কংগ্ৰছ দল ত্যাগ কৰি পঞ্চায়ত প্ৰতিনিধি সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত আনুষ্ঠানিক ভাবে এআইইউডিএফ দলত যোগদান কৰে। উল্লেখ্য যে, যি সময়ত মহাজোঁটত থাকিও কংগ্ৰেছ-ইউডিএফৰ মাজত বোকা ছটিওৱা খেল অব্যাহত আছে তেনে সময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি জনিয়াৰ টাপেশ্বৰাত এআইইউডিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী এআইইউডিএফত যোগদান কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে | অনুষ্ঠানটোত টাপেশ্বৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা আবুজাফৰ আহমেদ, কংগ্ৰেছ দলৰ যুৱনেতা আবু আহমেদৰ উপৰিও পঞ্চায়তৰ সদস্য ৰুহুল আমিন সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে এআইইউডিএফ দলত যোগদান কৰাত তেওঁলোকক এঅাইইউডিএফ’ৰ নেতৃবৃন্দই উষ্ম অাদৰণি জনায়। সভাত বৰপেটা জিলা এঅাইইউডিএফ সমিতিৰ সভাপতি মুফতি শ্বামছুদ্দিন আহমেদ কাচিমি, উপ-সভাপতি তথা অধিবক্তা ছিৰাজ খান, আবু তাহেৰ আছাদি, বৰপেটা জিলা এঅাইইউডিএফ কমিটিৰ সাধাৰণ সম্পাদক খন্দকাৰ অাশ্ৰাফুল মামুন,জনিয়া সমষ্টি কমিটীৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইন আৰু অন্যান্য দলীয় নেতৃবৃন্দ উপস্থিত থাকে।
আৰ্থিক সংকটত ভুগিছে কৈহাটীৰ কামৰূপীয়া ঢুলীয়া শিল্পী
পশ্চিম নলবাৰী অঞ্চলৰ কৈহাটীৰ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ সৈতে জড়িত শিল্পী সকল সম্প্ৰতি ক’ৰণাকালিন পৰিস্হিতিৰ বাবে ভীষণ আৰ্থিক সসমস্যাৰ সন্মুখীন হৈছে । উল্লেখ্য, সংগীত নাটক অকাডেমি বঁটা প্ৰাপক কিম্বদন্তী শিল্পী মোহন ঢন্দ্ৰ বৰ্মন ( মোহন ভাইৰা )ৰ কামৰূপীয়া ঢুলীয়া দলৰ একাংশ শিল্পীয়ে এতিয়া ভয়াৱহ আৰ্থিক দৈন্যত ভুগি শেহতীয়াকৈ আনৰ ঘৰত দৈনিক মজদুৰী কৰিবলৈও বাধ্য হৈছে । লকডাউন সদৃশ পৰিস্থিতিৰ বাবেই সভা, মহোৎসৱ , পূজা-পাৰ্ব্বন আদি বন্ধ হৈ পৰাৰ ফলত এইসকল শিল্পীয়ে বিগত প্ৰায় দুটা বছৰে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰাত দৰিদ্ৰ ঢুলীয়া শিল্পীসকলৰ জীৱনলৈ স্বাভাবিক ভাবেই যেন নামি আহিছে অমানিশা । ইয়াৰ মাজতে, পৰহি বিয়লি প্ৰায় ৪-৩০ বজাত নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই কৈহাটীত উপস্থিত হৈ স্থানীয় ঢুলীয়া শিল্পীসকলৰ সৈতে মত বিনিময় কৰি খা-খবৰ লোৱাৰ লগতে শিল্পীসকলৰ পৰিয়ালৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । বৰকৈহাটীৰ মদন মোহন গোঁসাইঘৰ প্ৰাংগণত এই উপলক্ষে সম্পন্ন হোৱা এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুণাকান্ত ভড়ালীয়ে স্থানীয় ৰাইজৰ হৈ অতিৰিক্ত উপায়ুক্ত ডেকাক ফুলাম গামোচাৰে আদৰণি জনায় । অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস, সাংস্কৃতিক কৰ্মী – শিক্ষক নৃপেন দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সভাপতি ৰাজেন বৈশ্য, উপ-সভাপতি দ্বীপেন মেনা, সমাজসেৱী ৰাজু ভূঞা, সাংবাদিক অতুল ভূঞা আদি উপস্থিত থাকে । তদুপৰি, অতিৰিক্ত উপায়ুক্ত ডেকাই জ্যেষ্ঠ ঢুলীয়া শিল্পী ৰমণী দাসৰ( ভাইৰা ) বাসগৃহলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয় ।
নগাঁৱত বৃহৎ পৰিমাণৰ নামঘৰ-মন্দিৰৰ চুৰি সামগ্ৰী উদ্ধাৰ
নগাওঁ আৰক্ষীৰ বৃহৎ সফলতা। আজি সন্ধিয়া নগাওঁ চহৰৰ চাৰি সুঁতি ৰেল লাইনৰ ওচৰৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চুৰি কৰা শৰাইকে ধৰি নামঘৰ-মন্দিৰৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত নগাঁৱৰ ইটাচালি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষী দলে অভিযান চলাই চাৰি খুঁটিৰ ওচৰৰ ৰেল লাইনৰ সন্মুখৰ পৰা বৃহৎ পৰিমাণৰ নামঘৰ-মন্দিৰৰ চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আজি কিছুদিন ধৰি নগাওঁ জিলাৰ বিভিন্ন মঠ-মন্দিৰ, নামঘৰ আদিৰ বহু সামগ্ৰী চুৰি হৈছে। আজি ইটাচালি আৰক্ষীয়ে বৃহৎ পৰিমাণৰ নামঘৰ মন্দিৰ আদিৰ চুৰি কৰা সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে চাব্ৰিনা নামৰ এগৰাকী মহিলাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আনহাতে নগাওঁ নগৰ আৰক্ষীয়ে আজি সন্ধিয়া অভিযান চলাই নগাওঁ চহৰৰ সমীপৰ শিয়ালমাৰী অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰি জেৰা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে, শিয়ালমাৰী অঞ্চলত দীৰ্ঘদিনৰ পৰা ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলি আহিছে। গোপন সূত্ৰৰ পম খেদি আজি নগাওঁ নগৰ আৰক্ষীয়ে অভিযান চলাই শিয়ালমাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয়। মহিলা গৰাকীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই আহিছে।নগাঁৱৰ উপ আৰক্ষী অধীক্ষকৰ ত্ৰিদীপ টুমবেঙৰ নেতৃত্বত চলা অভিযানত টচলিমা বেগম নামৰ মহিলা গৰাকীকো আটক কৰে।
‘দৈনন্দিন বাৰ্তাত’ বাতৰি প্ৰকাশ পোৱাৰ পিছতেই দুৰ্ভগীয়া কিশোৰীলৈ সহায়ৰ হাত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ
চাঁৰি বছৰ পূৰ্ৱে মাতৃহাৰা ২বছৰ পূৰ্ৱে পিতৃহাৰা ওদালগুৰি জিলাৰ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বৰাখাট গাঁৱৰ বাসিন্দা নামক্ৰমে, মীৰা গুৰ, নিৰ্মালী গুৰ, হৰিপ্ৰীয়া গুৰ, নামৰ তিনি ঘাটমাউৰা কিশোৰীৰ কৰুণ কাহিনী খৈৰাবাৰীৰ সাংবাদিক অমৰজিৎ ৰাভাৰ দ্বাৰা প্ৰথমটো বাতৰি “দৈনন্দিন বাৰ্তাত,, প্ৰকাশ পোৱাৰ পিছত ক্ৰমান্বয়ে এটাৰ পিছত এটা সংবাদমাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ প্ৰায় ৫দিন পিছত আজি ওদালগুৰি জিলাৰ ৬৪ নং পানেৰি বিধানসভা সমষ্টি তথা ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগপুৰি ভিচিডিচিৰ বৰাখাট গাঁৱৰ ৩ ঘাটমাউৰা কিশোৰীৰ ওচৰত জনপ্ৰতিনিধি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ এম চি এল এ ভৱেন চন্দ্ৰ বড়োসহ বিজেপিৰ কৰ্মকৰ্তাৰ লগতে ৬৪ নং পানেৰি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধানসভা সদনৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নিজে আহি কিশোৰী কেইজনীৰ সমস্যাৰ বুজ লোৱাৰ লগতে কিশোৰী কেইজনীৰ উন্নত শিক্ষা ব্যৱস্থা বহন কৰাৰ উপৰিও আৰ্থিক সহায় কৰি উজ্জ্বল ভৱিষ্যৎ গঢ়ি তুলাৰ দায়িত্ব বহন কৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে।যাক লৈ সচেতন মহলত এমচিএলএ ভৱেন চন্দ্ৰ বড়োসহ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ এনে মহানুভৱতাক ব্যাপক সন্তুষ্টি প্ৰকাশ কৰে।
মাজুলীৰ তিনি বিদ্যালয়ত বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ শুভ উদ্ধোধন
নুমলীগড় শোধনাগাৰৰ সৌজন্যত স্বেচ্ছাসেৱী অনুষ্ঠান “টিপকাই”ৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ খোৱা পানী যোগান আঁচনিৰ আজি মাজুলীৰ তিনিখন বিদ্যালয়ত আনুষ্ঠানিক ভাৱে উদ্ধোধন কৰা হয় ৷ মধ্য মাজুলী পাৰিজাত উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আয়োজিত এক চমু অনুষ্ঠানত গড়মূৰ পীতাম্বৰদেৱ গোস্বামী কনিষ্ঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ঘন নাথে বিদ্যালয়খনৰ বিশুদ্ধ পানী যোগান আঁচনিৰ ফিটাকাটি শুভ উদ্ধোধন কৰে ৷ পানী যোগান আঁচনিৰ শুভ উদ্ধোধন কৰি নাথে -ইয়াৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষকগোট উপকৃত হ’ব বুলি উল্লেখ কৰে আৰু ইয়াৰ সৎ ব্যৱহাৰৰ ওপৰত গুৰত্ব আৰোপ কৰে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক পৰমানন্দ বৰাই আঁত ধৰা অনুষ্ঠানত স্বেচ্ছাসেৱী সংগঠন টিপকাইৰ প্ৰকল্প সঞ্চালক ভাস্বতী বৰুৱা আৰু লয়না গাৰ্গ , বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দীপ ভূঞা , জেষ্ঠ সাংবাদিক উৎপল কাকতি , সহ-শিক্ষকদ্বয় অনিল চন্দ্ৰ ভাগৱতী প্ৰমুখ্যে কেইবাগৰাকী শিক্ষক , কৰ্মচাৰী উপস্থিত থাকে ৷ ইয়াৰ পূৰ্বে নুমলীগড় শোধনাগাৰৰ সৌজন্যত টিপকাইৰ সহযোগত নিৰ্মাণ কৰা বিশুদ্ধ পানী যোগান আঁচনি ক্ৰমে চেলেক জনজাতি হাইস্কুল আৰু কৰতিপাৰ হাইস্কুলত বিদ্যালয়ৰ পৰিয়ালৰ সেৱাৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় ৷ অনুষ্ঠানত বিদ্যালয় দুখনৰ প্ৰধান ক্ৰমে অনিল শইকীয়া আৰু জগন্নাথ পেগু প্ৰমুখ্যে কৰ্মচাৰীসকল উপস্থিত থাকে ৷
ধুবুৰীস্থ গোৱালপাৰা ডাক সংমণ্ডল উদ্যোগত বাণিজ্য মেলা
বিগত বিত্তীয় বৰ্ষত উৎকৃষ্ট প্ৰদৰ্শন কৰা হয় ডাকঘৰ, কৰ্মচাৰীৰ লগতে ডাক জীৱন বীমাৰ এজেণ্ট আৰু ক্ষুদ্ৰ সঞ্চয়ৰ এজেণ্টসকল পুৰস্কৃত কৰা হয়। উল্লেখযোগ্য যে বিগত বিত্তীয় বৰ্ষত গোৱালপাৰা ডাক সংমণ্ডলে একানব্বই হেজাৰটা নতুন একাউণ্ট আৰু ঊনত্ৰিশ কোটি টকাৰ ডাক জীৱন বীমাৰ ব্যৱসায় কৰিবলৈ সক্ষম হয়। তদুপৰি পয়সত্তৰতম স্বাধীনতা দিৱস উপলক্ষে অসম ডাক চাৰ্কোলে চলোৱা বিশেষ অভিযানত নহেজাৰৰো অধিক একাউণ্ট খুলি অসমৰ ভিতৰতে প্ৰথমস্থান লাভ কৰিবলৈ সক্ষম হয়। আজিৰ সভাৰ প্ৰধান উদ্যোক্তা আছিল ডাক অধীক্ষক দেৱৰাজ শেঠী ডাঙৰীয়া। ধুবুৰীৰ সহকাৰী ডাক অধীক্ষক পল্লভ হাজৰিকা, কোকৰাঝাৰৰ ডাক পৰিদৰ্শক খাংগেমবাম লেইবাকমাচা আৰু গোৱালপাৰা মুখ্য ডাকঘৰৰ পোষ্টমাষ্টাৰ জ্যোতিষ চন্দ্ৰ ৰাভা আৰু বঙাইগাঁও মুখ্য ডাকঘৰৰ পোষ্টমাষ্টাৰ জয়দেৱ কৰ্মকাৰ উক্ত সভাত উপস্থিত থাকে।

বিহালীত অৰণ্যমানৱ যাদৱ পায়েং
আজি বিহালীৰ বেদেতী শিৱ মন্দিৰ প্রাংগনত মর্নিংক্লাৱৰ উদ্যোগত অনুষ্ঠিত বৃক্ষৰোপন কার্যসূচীত অৰণ্যমানৱ যাদৱ পায়েঙে শুভাৰম্ভ কৰে । এই কাযর্সুচীত মর্নিংক্লাৱৰ বিষয় ববীয়াৰ লগতে স্হানীয়লোক উপস্হিত থাকে !যাদৱ পায়েঙক সম্বর্ধনা জনোৱা হয় । তেও বিহালী সংৰক্ষিত বনাঞ্চল ৰক্ষনা বেক্ষনা ৰাইজে কৰিব লাগে বুলি উল্লেখ কৰি গছ গছনি নাথাকিলে মানুহৰ লগতে জীৱকুলৰো ক্ষতি হয় বুলি উল্লেখ কৰে । তদুপৰি বিহালী বনাঞ্চলখন অভয়াৰণ্য হব লাগে বুলি বক্তব্যত উল্লেখ কৰে। তাৰ পিছতেই বিহালীৰ অন্যতম তীর্থস্হান পীতাম্বৰ ধামত জন্মাষ্টমীৰ উপলক্ষ গছপুলি ৰোপনৰ শুভৰম্ভ কৰি আয়োজিত অনুষ্ঠানত তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ লগতে বিশ্বৰ বিভিন্ন দেশত গৈ গছ পুলি ৰুই বিশ্বক সেউজীয়া কৰাৰ যি পৰিকল্পনা সেই বিষয়ে উল্লেখ কৰে । তেও ইতিমধ্যে ৭কোটি গছ পুলি ৰুই অভিলেখ ৰচিছে । যাদৱ পায়েঙে অক্সিজেনৰ বাবেও গছ-গছনিৰ অতি প্ৰয়োজন বুলি আছে আৰু সকলোকে এই ক্ষেত্রত গুৰুত্ব আৰোপ কৰিবৰ বাবে আহ্বান কৰে ! জীব জন্তু পখীকুল আদিয়েও পৰিবেশ সংৰক্ষণৰ কাম কৰে অথচ মানুহে ধ্বংস কৰে । তাৰ পিছতেই মর্নিং ক্লাৱৰ সাংস্কৃতিক সচিব হিৰণ্য হাজৰিকাই পৰিবেশ সম্পর্কীয় বিষয়ত মন্তব্য কৰে । ইয়াৰ পিছতে প্ৰকৃতি প্ৰেমী অনুষ্ঠান ৰাংছালী ফাউণ্ডেচনৰ ফালৰ পৰা যাদব পায়েঙক ফুলাম গামোচাৰে আদৰণি জনাই । পীতাম্বৰ ধামৰ আচার্য ১০৮ নাৰায়নস্বামীয়ে পীতাম্বৰ ধামৰ আশে পাশে থকা গাও সমুহত গছ গছনি থকাৰ বাবে অক্সিজেনৰ অভাব নোহোৱাত কোভিডত এজনো লোকৰ মৃত্যু হোৱা নাই বুলি গৌৰব অনুভৱ কৰে । তেওঁ সকলো মানুহৰ ঘৰৰ আগত এজোপাকৈ গছ ৰোপন কৰিবলৈ আহ্বান জনায় । তেও পশু পক্ষীৰ খাদ্য হোৱাকৈ গছ গছনি ৰুব লাগে বুলিও কয় । আজি এই অনুষ্ঠানত মর্নিং ক্লাৱৰ সদস্য সকলৰ লগতে গুৱাহাটীৰ ৰতনলাল আগৰৱালা,নগাৱঁৰ ৰাজকুমাৰ টোডী সহ স্হানীয় লোকে সহযোগিতা কৰে ।
অসম্পূৰ্ণ হৈ থকা কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটা জিলা উপায়ুক্তৰ
সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈয়ে আজি বৰপেটা জিলা উপায়ুক্ত ভূচালে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস সমন্বিতে ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ নিৰ্মাণ থলিত লোক নিৰ্মান বিভাগৰ সংশ্লিষ্ট অভিযন্তা সকলো উপস্হিত আছিল ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰায় ছয় বছৰ ধৰি নিৰ্মান কাৰ্য স্হবিৰ হৈ থকা কথাটোত উপায়ুক্ত ভূচালে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া সকলক দুয়োখন আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ বাকী থকা কাম অনতি পলমে আৰম্ভ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে। লগতে এই সম্পৰ্কত তথ্য সম্বলিত এখন বিস্তৃত প্ৰতিবেদন জমা দিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এই দুয়োখন বিদ্যাল়য় সোনকালে মুকলি হলে উক্ত অঞ্চলটোৰ লগতে জিলাখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উপকৃত হ’ব বুলি আশা কৰা হৈছে।
বলীউডৰ ইচ্ছাধাৰী নাগ এতিয়া NCBৰ জিম্মাত
নাৰ্কোটিক্স কণ্ট্ৰোল ব্যুৰো (এনচিবি)ৰ দ্বাৰা সোধা-পোছা কৰি থকা বলীউড অভিনেতা অৰমান কোহলীক আজি ৰাতিপুৱা তেওঁৰ মুম্বাইৰ ঘৰৰ পৰা নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয় । ড্ৰাগছ বিৰোধী সংস্থাটোৰ এটা দলে শনিবাৰে এজন মুখ্য ড্ৰাগ সৰবৰাহকাৰী অজয় ৰাজু সিঙক জেৰা কৰে , যি অবৈধ ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত আছিল। অভিযুক্ত অজয় ৰাজু সিঙৰ প্ৰাথমিক জেৰাৰ ভিত্তিত একেদিনাই এটা ফলো-আপ অভিযান আৰম্ভ কৰা হৈছিল। তথ্য অনুসৰি, এনচিবিৰ এটা দলে উপনগৰীয় আন্ধেৰীত থকা আৰমান কোহলীৰ ঘৰত তালাচী চলায় আৰু তেওঁৰ পৰা কোকেইন ড্ৰাগছ উদ্ধাৰ কৰে ।











