Home Blog Page 2874

আজিও গা-লৰা নাই লোক – নিৰ্মাণ বিভাগৰ : ধূপধৰাত যাতায়াত বিচ্ছিন্ন হোৱাৰ আশংকা

 ৰাজ্যৰ বিভিন্ন স্হানত এতিয়াও একাংশ পথে জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই থকাৰ সময়তে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ  লোক-নিৰ্মাণ বিভাগৰ এটা পকী পথৰ কালভাৰ্টৰ বাবে যি কোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰাৰ উপক্ৰম হৈ পৰিছে  । উল্লেখ যোগ্য যে তথাপিও যেন এতিয়াও গা-লৰা নাই চৰকাৰৰ  বিয়াগোম বিভাগটোৰ আজিও প্ৰায় এবছৰতকৈ অধিক সময় ।  প্ৰাপ্ত তথ্য মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী  লোক-নিৰ্মাণ বিভাগৰ পথটোৰ খেকাপাৰাত অৱস্হিত কালভাৰ্টটো  প্ৰথমটো লকডাউনৰ আগে-আগে ৰে’ল পথত কাম চলি থকাৰ বাবে উক্ত পথৰে ৰে’ল বিভাগৰ গধুৰ মাটি কঢ়িওৱা বাহন চলাৰ ফলত প্ৰথমতে কালভাৰ্টটো বহি যায় আৰু এতিয়াও  অঞ্চলটোৰ যান-বাহন সমূহ পথটোৰ ভগ্নপ্ৰায় কালভাৰ্টটোৰে দুৰ্ঘটনাৰ শংকা লৈ   চলা-চলা অব্যাহত ৰাখিছে  । অঞ্চলটোৰ কেইবাখনো গঞা ৰাইজ যিকোনো সময়তে বহি:জগতৰ লগত সম্পৰ্ক নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে  কালভাৰ্টৰ কাষেৰে উপ-পথৰ ব্যৱস্হা কৰিছিল যদিও  সম্প্ৰতি  বন্ধ হৈ আছে লগতে  যিকোনো মুহূৰ্ততে  এই  ভগ্ন কালভাৰ্টৰে সঘনে যাতায়াত অব্যাহত থকাত   যিকোনো মুহূৰ্তত কালভাৰ্টটো ভাঙি পৰাৰ শংকা কৰা হৈছে । ইপিনে উক্ত  সংযোগী পথটোত  কেইবাটাও  পুৰণি  কালভাৰ্ট বিভাগে মেৰামতি কৰিছে যদিও উক্ত ভগ্নপ্ৰায় কালভাৰ্টটোহে মেৰামতি কৰা হোৱা নাই ।    সেয়েহে বৃহত্তৰ অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে এই পথটোত থকা কালভাৰ্টটো মেৰামতি কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে বিভাগক আহ্বান জনাইছে ।                                                                                                                                         

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠক সন্দর্ভত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিশেষ কোনো তথ্য সদৰী কৰা নাই যদিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই বৈঠক সন্দর্ভত নিজৰ স্থিতি প্রকাশ কৰিছে৷ ভূপেন বৰাই এই বৈঠক পাৰস্পৰিক চিনাকি সূত্রে অখিল গগৈৰ লগত এক নিয়মমাফিক বৈঠক বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক ইছ্যু সন্দর্ভত কেতবোৰ সহমতসম্পন্ন বিষয় আলোচনা হয় বুলি উল্লেখ কৰে৷

আনহাতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি কংগ্রেছ দল আৰু ৰাইজৰ দলৰ মাজত মিত্রতা সন্দর্ভত আলোচনা হোৱা বুলি স্পষ্ট কৰে৷

বিধায়কগৰাকীয়ে কয় যে অসম বিধানসভাৰ পাঁচ সমষ্টি ক্রমে তামুলপুৰ, গোসাঁইগাঁও, মাজুলী, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি শাসনাধিষ্ঠিত বিজেপিক প্রতিৰোধ কৰিবৰ বাবে কংগ্রেছ দলৰ সৈতে আন আন আঞ্চলিক শক্তিৰ বুজাবুজি অত্যন্ত জৰুৰী৷ সেই সূত্রে কংগ্রেছ দলৰ সভাপতিগৰাকীৰ সৈতে আসন বুজাবুজিৰ বাবে কালি শিৱসাগৰত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয়৷ অৱশ্যে উক্ত আসন বুজাবুজিৰ সন্দর্ভত কালিৰ আলোচনাত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই যদিও পাঁচ সমষ্টিৰ ভিতৰত এটা সমষ্টি ৰাইজৰ দলে বিচাৰিছে৷ যিহেতু মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ ভিত্তি আছে আৰু নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে, তেনেস্থলত ৰাইজৰ দলে কংগ্রেছ দলৰ সৈতে এটা সমষ্টি বিচাৰি আগন্তুক উপ–নির্বাচনত বুজাবুজিৰে অৱতীর্ণ হ’ব বিচাৰিছে৷

লাহৰীঘাটৰ কুশতলিত বিজেপি কৰ্মীৰ ‍প্ৰসংশনীয় পদক্ষেপ

মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ কুশতলিত বিজেপি কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ। লোক ৰ্নিমাণ বিভাগৰ মুখলৈ বাদ নাছাই নিজেই ভগ্ন ৰাজপথ মেৰামতিত নামি পৰিছে । গেৰুবা কুশতলি গঢ়কাপ্তানী পথৰ গৰাপাৰত পথৰ মাজত সৃষ্টি হোবা দ’ গাতবোৰ ইটাৰ টুকুৰা ,বালি আদি দি পুতি দিছে । উল্লেখ্য যে এই পথচোবাত ৰ্দীঘদিন ধৰি মেৰাপতিৰ অভাবত ৰৈ যোবা ভগ্ন পথচোবাই পথাচাৰীৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছিল । সেয়েহে আজি কুলতলি মণ্ডল বিজেপি সভাপতি জিলুৰাম পাটৰৰ নেতৃত্ব পথ মেৰামতিৰ বাবে ওলাই আহিছল স্হানীয় বিজেপি কৰ্মী সকল আৰু পথৰ ওপৰত থকা গাত , খাল পুতি পথচোবা যাতায়তৰ উপযোগী কৰি তোলে । এই কাৰ্যসূচীত স্হানীয় ৰাইজে বিজেপি কৰ্মী সকলক ভূয়সী প্ৰশংসা কৰে৷খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও

সৰুক্ষেত্ৰী-ভৱানীপুৰৰ পহুমৰা নৈ’ৰ খহনীয়া প্ৰতিৰোধৰ নিমিত্তে কৰাগাড়ী ৰাইজৰ আহ্বান

 বৰপেটা জিলাৰ ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ সীমামূৰীয়া গড়কাপ্তানি (লোক নিৰ্মান)  পথৰ কাষেৰে বৈ গৈছে পহুমৰা নৈ ৷ সম্প্ৰতি এই নৈখনে ক্ৰমে বৃহত্তৰ  কৰাগাড়ী গাওঁ , কয়াকুছি পাম , খৰমা আদি অঞ্চলৰ ৰাইজৰ সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,বহু অপেক্ষাৰ অন্তত এই গড়কাপ্তানি পথ নিৰ্মাণ হৈছে ৷ যদিও পহুমৰা নৈ’ৰ বিধ্বংসী গৰা খহনীয়াই এই পথৰ সংকট কঢ়িয়াই অনাত সম্প্ৰতি হতাশাত ভুগিছে ৰাইজে ৷ প্ৰণিধানযোগ্য যে, ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ ১০৪ নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খৰমা কয়াকুছি পাম সংযোগী পথৰ কাষেৰে জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ পৰম উপকাৰ সাধন কৰিবলৈ  স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে  আহ্বান জনাইছে ৰাইজে ৷

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্বৰ্ধনা

যোৱা ইং ২৪-০৮-২০২১ তাৰিখে সোনোৱাল কছাৰী সাহিত্য সভাৰ এটা সজাতী দলে আশীৰ্বাদ যাত্ৰাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু আয়ুস বিভাগৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিব্ৰুগড়স্থ বাসভৱনত উপস্থিত হৈ এখনি সম্বৰ্ধনা পত্ৰ, সোনোৱালী গামোচা আৰু শৰাইৰে সম্বৰ্ধনা প্ৰদান কৰে আৰু এক সৌহাদ্যমূলক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে বিগত চৰকাৰৰ দিনতে অসমৰ সাহিত্য সভাসমূহক “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত ন্যাস হিচাপে অনুদান দিয়া হৈছিল আৰু তাৰে ভিতৰত সোনোৱাল কছাৰী সাহিত্য সভাইও এক কোটি আশী লাখ টকাৰ ন্যাস অনুদান লাভ কৰিছিল। উক্ত আলোচনা কালতে সোনোৱাল কছাৰী সাহিত্য সভাৰ আগন্তুক অধিৱেশনত প্ৰকাশ হ’বলগা ১০০খন গ্ৰন্থৰ উন্মোচনী সভালৈ তেখেতক আমন্ত্ৰণ জনোৱা হয়। সোনোৱাল কছাৰী সাহিত্য সভাৰ হৈ সজাতী দলৰ প্ৰতিনিধিত্ব কৰে ক্ৰমে শিৱনাথ সোনোৱাল, অহিন্দ্ৰ শইকীয়া, পোনা সোনোৱাল, ঠানুৰাম সোনোৱাল,তোষেশ্বৰ সোনোৱাল, অনিমা সোনোৱালে।

বৰপেটাৰ ন-বাৰাদীত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ সন্দৰ্ভত বিজেপিৰ সভা

ভাৰতীয় জনতা পাৰ্টি বৰপেটা ব্লক মণ্ডলৰ অন্তৰ্গত ন-বাৰাদী সমূহীয়া ভৱনত ২৩ অাগষ্টত  “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা দেৱ নাথ, বৰপেটা জিলা উপ-সভাপতি বুবুল দেউৰী, বৰপেটা জিলা সম্পাদক তথা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আচঁনিৰ বৰপেটা জিলাৰ আহ্বায়ক বিশ্বজিৎ দাস, বৰপেটা জিলা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ সহ: আহ্বায়ক পংকজ দাস,এই আঁচনিৰ জিলা সমিতিৰ সদস্য সকল অনিল কুমাৰ দাস,  দেৱযানী গায়ন, মনোজ ডেকা, জয়ন্ত বায়ন লগতে  মণ্ডল সভাপতি সকল, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ মণ্ডলৰ আহ্বায়ক সকল,সহ  আহ্বায়ক সকল আৰু মণ্ডলৰ সদস্য সকল উপস্থিত থাকে। উক্ত সভাত উপস্থিত থকা বিজেপিৰ নেতৃবৃন্দই সেৱাই সংগঠণ উদ্দেশ্যে  প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা আঁচনি” সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন অাগবঢ়ায়।

কঠোৰ অনুশীলনত ব্যস্ত এজাক নিবনুৱা যুৱক – যুৱতী

অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ এইলৈ এক চেপ্তেম্বৰৰ পৰা আৰম্ভ হব ৰাজ্যৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া ৷মুঠ ৬৬৬২ জন কনিষ্টবল নিযুক্তিৰ বাবে ইতিমধ্যে ১৫ খন জিলাত আৰম্ভ হৈছে এই নিযুক্তি প্ৰক্ৰিয়া ৷এই বাতৰি পোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকল  |বৰপেটাৰোডটো তাৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷কনিষ্টবল পদত নিযুক্তি পাব বিচৰা নিবনুৱা যুৱক যুৱতী সকলে পুৱা গধূলি চলাই আছে কঠোৰ অনুশীলন ৷ বৰপেটাৰোড ডেভেলপমেণ্ট ফ’ৰামৰ উদ্যোগত আৰু বৰপেটাৰোড ফিজিকেল ট্ৰেইনিং একাডেমিৰ সহযোগত এই লৈ আৰম্ভ হৈছে এক বিশেষ প্ৰশিক্ষণ শিবিৰ ৷ যোৱা ১৭ আগষ্টৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হোৱা শিবিৰটোত বৰপেটাৰোধ অঞ্চলৰ প্ৰায় ৪ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ৷ অসম আৰক্ষী, প্ৰাক্তন সেনা জোৱান, নৌ সেনা, এছ এছ বি আৰু শাৰীৰিক প্ৰশিক্ষকৰ তত্ত্বাৱধানত চলা এই প্ৰশিক্ষণত শাৰীৰিক সক্ষমতা বৃদ্ধি, মানসিক উৎকৰ্ষ সাধন আৰু লিখিত পৰীক্ষাৰ অনুশীলন কৰি থকা হৈছে ৷এই প্ৰশিক্ষণ গ্ৰহণ কৰি উৎসাহিত হৈ পৰিছে যুৱক যুৱতী সকল ৷তেওঁলোকে আশা প্ৰকাশ কৰিছে চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হব আৰু উপযুক্ত সকলে নিযুক্তি পোৱাৰ সুযোগ লাভ কৰিব ৷

অগপ দলৰ বৰ্তমান স্থিতি শক্তিশালী: মণিমাধৱ মহন্ত

 নগাঁৱত অনুষ্ঠিত হয় অগপৰ তিনিখন জিলাৰ এখন পৰ্যালোচনা সভা । নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপৰ  নগাঁও , মৰিগাঁও , হোজাই জিলা সমিতিৰ অধীনৰ ৯ টা বিধান পৰিষদ সমষ্টি ক্ৰমে নগাঁও সদৰ , বঢ়মপুৰ ,  ৰহা , লাহৰিঘাট , মৰিগাঁও জাগীৰোড , যমুনামূখ , হোজাই আৰু লামডিং বিধান পৰিষদ সমষ্টিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি কেইবাজনো নেতা কৰ্মীয়ে নগাঁও সদৰ সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিক বিজেপিক এৰি দিয়াত ক্ষোভ প্ৰকাশ কৰে।  সভাত ভাষন প্ৰদান কৰি অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে-  ‘অগপইহে আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিব পাৰিব ।ইপিনে অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধব মহন্ত‌ই কয় যে অগপ দলৰ বৰ্তমান স্থিতি শক্তিশালী, দলটোৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আজি পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছে। বিগত বিধানসভা নিৰ্বাচনত আঞ্চলিক দল হিচাপে অগপ দলে ভাল ফলাফল প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছে।সভাত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান পৰিষদ সমষ্টিত দলৰ ভাতৃ- ভগ্নী,যুৱ সংগঠনকে ধৰি তৃণমূল পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অগপৰ উপ সভাপতি বিষ্ণু দাস , কেন্দ্ৰীয় সমিতিৰ নেতা অতুল কুমাৰ মেধি , পদ্ম গোস্বামী , খলিছ উদ্দিন আহমেদ , আবু বক্কৰ ছিদ্দিক , মামনি বৰাৰ আদি উপস্থিত থাকে ।

কাজিৰঙাত ডব্লিউ ডব্লিউ এফে নিৰ্মাণ কৰিছে বাঘ প্ৰতিৰোধী গোহালি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া অঞ্চলত সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, মহ আদি বন্যপ্ৰাণীয়ে কৃষকৰ খেতি নষ্ট কৰাটো গতানুগতিক কথালৈ পৰিণত হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ ঢেঁকীয়াপতীয়া বাঘে ৰাইজৰ গৰু, ম’হ, ছাগলী, গাহৰি আদি পোহনীয়া জন্তু নিধন কৰি আহিছে। মূৰৰ ঘাম মাটিত পেলাই হাঁড় ভঙা পৰিশ্ৰম কৰি কৃষকে বহু আশাৰে কৰা খেতি বন্যপ্ৰাণীয়ে বছৰ বছৰ ধৰি অনিষ্ট কৰি আহিছে যদিও উদ্যান কতৃপক্ষৰ পৰা কোনোদিনেই উচিত ক্ষতিপূৰণ পোৱা নাই। বন বিভাগৰ নীতি-নির্দেশনা মতে বন্যপ্রাণীয়ে খেতি পথাৰ অনিষ্ট কৰিলে কৃষকক ক্ষতিপূৰণ দিয়াৰ নিয়ম আছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কৃষকে কোনোদিনেই উপযুক্ত ক্ষতিপূৰণ পোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকে সীমান্ত প্ৰহৰী হিচাপে স্বার্থহীনভাবে দিনে-নিশাই চোৰাং চিকাৰী ৰোধ কৰাৰ পৰা আৰম্ভ কৰি বন আৰু বন্যপ্রাণী সংৰক্ষণত বন বিভাগক সহযোগত আগবঢ়াই আছে। বন্যপ্ৰাণীৰ আক্ৰমণত মাজে মধ্যে কাষৰীয়া ৰাইজ আহত বা নিহতো হ’ব লগা হৈছে। তেনে কৰি থকাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা ৰাইজে কোনো বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে বাঘে পোহনীয়া জন্তু নিধন কৰিলে সামান্য ধন পায় যদিও উচিত মূল্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে। পলমকৈ হ’লেও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এখন গাঁৱত বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সফল হোৱাৰ কথা জানিব পৰা গৈছে। ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্ৰিদীপ শৰ্মাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ কাষৰীয়া বৰজুৰি বস্তি গাঁৱত প্ৰায় চাৰি বছৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰি গোহালি খালী কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত গাঁৱত ডব্লিউ ডব্লিউ এফৰ নিজা পৰিকল্পনাৰে ২০১৮ বৰ্ষত পৰীক্ষামূলকভাৱে মজিয়া পকী কৰি ওপৰত টিন দি চাৰিওফালে বাঁহৰ বেৰ দি আৰু গোহালিৰ চাৰিওকাষে লোৰ তাৰৰ বেৰ দি ১৩টা এক কথাত ক’বলৈ গ’লে বাঘ প্ৰতিৰোধী গোহালি কৃষকক নিৰ্মাণ কৰি দিছিল।

ইয়াৰ উপৰি গোহালিৰ পৰা গৰুৰ মৃত আৰু গোবৰ সংৰক্ষণ কৰি ৰাখিব পৰাৰ ব্যৱস্থাও কৰা হৈছিল। যাতে কৃষকে সংৰক্ষণ কৰি ৰখা গৰুৰ মৃত আৰু গোবৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰিব পাৰে। উল্লেখযোগ্য যে স্থানীয় কৃষকে জানিবলৈ দিয়া মতে এই বাঘ প্ৰতিৰোধী গোহালি নির্মাণ কৰি ডব্লিউ ডব্লিউ এফ সফল হৈছে। কাৰণ এইধৰণৰ গোহালি নিৰ্মাণ কৰাৰ পিছৰ পৰা গাঁওখনত বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰিব পৰা নাই বুলিও কৃষকে এই প্রতিবেদকক জানিবলৈ দিয়ে। অন্যহাতে, উক্ত গাঁৱত কৃষকে পূর্বে কৃত্রিম সাৰ আৰু ঔষধ প্রয়োগ কৰি খেতি কৰিছিল যদিও এতিয়া সমবায় ভিত্তিত উক্ত বাঘ প্ৰতিৰোধী গোহালিৰ পৰা সংৰক্ষণ কৰি থোৱা গৰুৰ মৃত আৰু গোবৰ প্ৰয়োগ কৰি জৈৱিক পদ্ধতিৰে ধান, বিভিন্ন জাতৰ পাচলি আদি খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই ক্ষেত্ৰত পানী মেচিন, টর্চ লাইট, টঙীঘৰ আদিৰ যোগান ধৰি ডব্লিউ ডব্লিউ এফৰ লগতে কৰবেট ফাউণ্ডেশ্যনেও সহযোগ আগবঢ়াইছে বুলি কৃষকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষত জৈৱিক পদ্ধতিৰে বড়ো ধান আৰু বিভিন্ন পাচলি খেতি কৰি কৃষকে লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হৈছে। অন্যহাতে, ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্রিদীপ শৰ্মাই আৰু জানিবলৈ দিয়া মতে, উক্ত গাঁৱৰ ৰাইজৰ খেতি পথাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকাৰ বাবে খেতি পথাৰ সুৰক্ষা দিবলৈ বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল যদিও বন্যপ্ৰাণীৰ কথা চিন্তা কৰি এই পৰিকল্পনাৰ পৰিৱৰ্তে বেৰ দিয়াৰ উপৰি স্থানীয় উন্নত জাতৰ পাচলিৰ বীজৰ যোগান ধৰি কৃষকক বিশেষকৈ জৈৱিক পদ্ধতিৰে খেতি কৰাত সহযোগ আগবঢ়াব। ইয়াৰ উপৰি কাষতে থকা ডিফু নদীৰ পৰা পানী যোগান আঁচনিৰে কৃষি পথাৰ জীপাল কৰি এক আদৰ্শ গাঁৱলৈ পৰিণত কৰাৰ পৰিকল্পনা প্রস্তুত কৰি আছে বুলি ডব্লিউ ডব্লিউ এফৰ বিষয়াই মত প্রকাশ কৰে।

বিভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান

আজি আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ, আমছু নেতা মনোৱাৰ হুছেইনৰ নেতৃত্বত জিলা সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্যকৰী সভাপতি মামুন ৰচিদ,  উপ সভাপতি ক্ৰমে- মুফচ্ছিল খান, সেলিম উদ্দিন, শ্বিবিৰ আহমেদ সহ আমছু হোজাই জিলা সমিতিৰ এটা সজাতি দলে হোজাইৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দহ দফীয়া দাবীত জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা দাবী সমূহ হলক্ৰমে  হোজাই জিলাত সকলো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আনুপাতে শিক্ষকৰ নিযুক্তি, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে প্ৰয়োজন হোৱা উপাৰ্জনৰ প্ৰমাণপত্ৰ ক্ষেত্ৰত ভূমি কৰৰ ( খাজনা) ৰচিদ নোহোৱাকৈ প্ৰদান কৰা,জিলা খনত আমছুৱে প্ৰশাসনৰ লগত সহযোগ কৰি প্ৰায় ৫০০ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছিল কিন্তু বৰ্তমান প্ৰশাসনৰ পৰা তেনে সহযোগ নোপোৱাত জিলা খনত বাল্য বিবাহৰ দৰে ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়,  বিগত দিনত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ সম্পন্ন হৈছিল। আমাৰ দাবী সকলো ভূমিহীন লোকক জৰিপ কৰি ভূমি আবন্টন দি সংস্থাপন নকৰা পৰ্যন্ত উচ্ছেদ নকৰা,  অতিৰিক্ত ওজন বহন কৰি চলাচল কৰা বালিৰ বাহনে যমুনামূখ সমষ্টিৰ পূব অঞ্চল সহ গ্ৰাম্য পথ সমূহ বিধস্ত কৰি পেলাইছে, যাৰ ফলত ছাত্ৰ ছাত্ৰী , ৰোগী সহ সাধাৰণ ৰাইজে জীয়াতু ভূগিব লগা হৈছে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ,  হোজাই জিলাত বান বিধস্ত লোক সকলক অনতি পলমে দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ জৰিয়তে ক্ষতিপূৰণ দিয়া, বানবিধস্ত অঞ্চলৰ মাথাউৰি তথা বাটপথ অনতিপলমে নিৰ্মাণ কৰা,,যমুনা নৈত অবৈধ খনন বন্ধ কৰা, NRC ৰ পৰা নাম কৰ্তন হোৱা লোক সকলে অনাগত দিনত ন্যায়াধিকৰণত আবেদন কৰিব লাগিব আৰু সেইটো কৰিব যাওঁতে ভোটাৰ তালিকাৰ সত্য প্ৰমাণিত নকলৰ প্ৰয়োজন হব। ইতিমধ্যেই বহু লোকে আবেদন কৰিছে কিন্তু বিভিন্ন কাৰণত সেইবোৰ জাৰি হোৱা নাই। গতিকে ভোটাৰ তালিকা সহ সকলো প্ৰয়োজনীয় নথিপত্ৰ আবেদনকাৰী সকলক কম সময়ৰ ভিতৰত প্ৰদান কৰা আৰু হোজাই জিলাত বিকল হৈ থকা প্ৰতিটো পানী যোগান প্ৰকল্প কাৰ্য্যক্ষম কৰাৰ উপৰিও প্ৰতিখন গাওঁ “জল জীৱন” আচনীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ।