Home Blog Page 2878

আজিৰ পৰা পাঁচ দিনৰ বাবে বন্ধ থাকিব বেংকসমূহ

যদি বেঙ্কৰ কোনো জৰুৰী কাম আছে, যেনে চেক বা কাৰোবাক ধন স্থানান্তৰ কৰা বা দৰমহা আৰু পেঞ্চন সম্পৰ্কীয় কাম , অহা সপ্তাহত সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব, কিয়নো বেংকসমূহ পৰৱৰ্তী পাঁচ দিনৰ বাবে বন্ধ থাকিব। আৰ.বি.আই.-য়ে তালিকাভুক্ত কৰা বন্ধৰ তালিকা অনুসৰি, আগষ্টত আধা মাহৰ বাবে বন্ধ থাকিব বেংকসমূহ।
আগষ্টত পৰা ১৫ টা বন্ধৰ ভিতৰত, ৬ টা বন্ধ ইতিমধ্যে পাৰ হৈ গৈছে, বাকী আছে ৯ টা বন্ধ । ইয়াত কিছুমান আঞ্চলিক বন্ধ আৰু কিছুমান নিয়মীয়া বন্ধ আছে। আঞ্চলিক বন্ধৰ দিনবোৰত কেৱল কেইখনমান ৰাজ্যত হে বেংক বন্ধ থাকিব, আনহাতে বাকীবোৰ খোলা থাকিব। ইয়াৰ আগতে, বেংকবোৰ ১৩আগষ্টৰ পৰা ১৬আগষ্টলৈ একেৰাহে চাৰি দিনৰ বাবে বন্ধ আছিল।

গতিকে যদি আপুনি কিবা কৰিব বিচাৰে, আজি এই বন্ধৰ তালিকাবোৰ চাওক-
আজি, ১৯আগষ্টৰ পৰা ২৩আগষ্টলৈ, অৰ্থাৎ সমগ্ৰ ৫ দিনৰ বাবে, বেংকবোৰ লক কৰা হ’ব। আজি মহৰমৰ কাৰণে বেংকবোৰে কাম নকৰিব। আগৰতলা, বেলাপুৰ, জম্মু, কলকাতা, মুম্বাই, নাগপুৰ, পাটনা, ৰায়পুৰ আৰু শ্ৰীনগৰ বেংক আজিৰ দিনটোতে বন্ধ থাকিব। ইয়াৰ পিছত ২০ আগষ্টত ওনামৰ বাবে নতুন দিল্লী, লক্ষ্ণৌ, আহমেদাবাদ, কানপুৰ, ভূপাল, হায়দৰাবাদ, জয়পুৰ, ৰাঁচী, বেংগালুৰু, চেন্নাই, কোচি আৰু তিৰুৱন্তপুৰমত বেংক বন্ধ ৰখা হয়। কোচি আৰু তিৰুৱন্তপুৰমৰ বেংকসমূহত ২১ আগষ্টত থিৰুভনম আৰু ২৩ আগষ্টত শ্ৰী নাৰায়ণ গুৰু জয়ন্তী উপলক্ষে বন্ধ থাকিব।
আগষ্ট ১৯ – মহৰম (আছুৰা) – আগৰতলা, বেলাপুৰ, জম্মু, কলকাতা, মুম্বাই, নাগপুৰ, পাটনা, ৰায়পুৰ আৰু শ্ৰীনগৰত বেংক বন্ধ
আগষ্ট ২০ – মহৰম/প্ৰথম ওনাম – নতুন দিল্লী, লক্ষ্ণৌ, আহমেদাবাদ, কানপুৰ, ভূপাল, হায়দৰাবাদ, জয়পুৰ, ৰাঁচী, বেংগালুৰু, চেন্নাই, কোচি আৰু তিৰুৱন্তপুৰমত বেংক বন্ধ
আগষ্ট ২১ – থিৰুভনম – কোচি আৰু তিৰুৱন্তপুৰমত বেংক বন্ধ
আগষ্ট ২২ – দেওবাৰ
আগষ্ট ২৩- শ্ৰী নাৰায়ণ গুৰু জয়ন্তী – কোচি আৰু তিৰুৱন্তপুৰমত বেংক বন্ধ
মাহটোৰ শেষত বেঙ্কবোৰ ৪দিনৰ বাবে বন্ধ থাকিব
বেংকবোৰ তেতিয়া মাহৰ চাৰি দিনৰ বাবে বন্ধ থাকিব। ২৮আগষ্ট মাহৰ চতুৰ্থ শনিবাৰে হ’ব, সেয়েহে বেংকবোৰ বন্ধ থাকিব, দেওবাৰৰ বাবে ২৯আগষ্টত বেংকবোৰ বন্ধ থাকিব। ৩০ আগষ্টত জন্মাষ্টমী/কৃষ্ণ জয়ন্তীৰ বাবে আহমেদাবাদ, চণ্ডিগড়, চেন্নাই, ডেৰাডুন, গেংটক, জয়পুৰ, জম্মু, কানপুৰ, লক্ষ্ণৌ, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা আৰু শ্ৰীনগৰত বেংক সমূহ বন্ধ থাকিব, অৱশেষত ৩১ আগষ্টত শ্ৰী কৃষ্ণ অষ্টমীৰ বাবে হায়দৰাবাদৰ বেংকসমূহ বন্ধ থাকিব।

আগষ্ট ২৮ – মাহৰ চতুৰ্থ শনিবাৰ
আগষ্ট ২৯- দেওবাৰ
আগষ্ট৩০ – জন্মাষ্টমী/কৃষ্ণ জয়ন্তী – আহমেদাবাদ, চণ্ডিগড়, চেন্নাই, ডেৰাডুন, গেংটক, জয়পুৰ, জম্মু, কানপুৰ, লক্ষ্ণৌ, পাটনা, ৰায়পুৰ, ৰাঁচী, শ্বিলং, চিমলা আৰু শ্ৰীনগৰত বেংক বন্ধ
আগষ্ট৩১ – শ্ৰীকৃষ্ণ অষ্টমী – হায়দৰাবাদত বেংক বন্ধ

আনকি এই বন্ধৰ দিনবোৰত বেংকৰ শাখাবোৰ বন্ধ থাকিলেও, আপুনি বেছিভাগ কাম অনলাইন বেঙ্কিংৰ জৰিয়তে চম্ভালিব পাৰে।

গোলাঘাটত মুখ্যমন্ত্ৰী : পবিত্ৰ ১ ভাদত ঐতিহাসিক আঠখেলীয়া নামঘৰত সেৱা হিমন্ত বিশ্ব শৰ্মাৰ

কেইবালানি কাৰ্যসূচী লৈ আজি গোলাঘাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।মূলত ভাদ মাহৰ ১ তাৰিখৰ এই পবিত্ৰ দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ অন্যতম  ঐতিহাসিক পীঠস্থান শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত ভগৱানৰ শ্ৰী চৰণত সেৱা  লয়।ইয়াৰ পিছতে নামঘৰৰ এক গৃহত আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী জনে।উক্ত সভাত মুখ্যমন্ত্ৰীক সহযোগ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগ,কৃষি মন্ত্ৰী অতুল বৰা,স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত ,সাংসদ কামাখ্যা প্ৰসাদ তাচা আৰু বিধান ভাস্কৰ বৰুৱাই। উল্লেখযোগ্য যে আজি এই সভাতে মুখ্যমন্ত্ৰীয়ে এই ইতিহাস প্ৰসিদ্ধ পীঠস্থান খনলৈ পাঁচ কোটি টকাৰ এক বৃহৎ অনুদান ঘোষণা কৰে। ইয়াৰপিছতে গোলাঘাটৰ যোগীবাৰীস্থিত বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰলৈ গৈ সতী সাধনীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে আৰু কলাক্ষেত্ৰৰ প্ৰক্ষাগৃহত আয়োজন কৰা এক পৰ্যালোচনা সভাত অংশ লয়। আজি এই ভ্ৰমণসূচীতেই মুখ্যমন্ত্ৰীয়ে জিলাখনত স্থাপন হ’বলগীয়া সতী সাধনী বিশ্ববিদ্যালয় আৰু গোলাঘাট চিকিৎসা মহাবিদ্যালয়ৰ প্ৰস্তাৱিত স্থানো পৰিদৰ্শন কৰে। ইয়াৰোপৰি বিয়লি শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত নিৰ্মাণ  কৰা আই চি ইউ কক্ষটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

ReplyForward

নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰী, পেট্ৰ’ল- ডিজেল-ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধি : চৰকাৰৰ যোগান বিভাগ ব্যৰ্থ

সমগ্র অসমৰ লগতে দেশ তথা বিশ্বজুৰি মহামাৰী কৰ’ণাত ত্ৰাহিমধূসুদন সুঁৱৰি থকাৰ সময়তে অসমত নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰীৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ সা-সামগ্ৰীতে মূল্যবৃদ্ধি হোৱাত সৰ্বসাধাৰণ ৰাইজ জুৰুলা জুপুৰা হৈ পৰিছে। মৃতপ্রায় সদৃশ হৈ পৰিছে ৰাজ্যৰ যোগান বিভাগ। ৰাজ্যৰ অন্যতম সমন্বয়- সংহতি- ঐক্যতাৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম), মানুহ আৰু পৰিৱেশ,অসম; বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসম; দক্ষিণ কামৰূপ সচেতন মঞ্চৰ লগতে অসম জাতীয় পৰিষদ আদি ভিন ভিন দল-সংগঠনে একত্রিত ভাৱে কয় যে – অসম চৰকাৰে প্ৰায় প্ৰতিদিনে পেট্ৰ’ল, ডিজেল, ৰন্ধন জাত সামগ্রীৰ লগতে নিত্যপ্রয়োজনীয় খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজৰ মূৰত টাঙোন মাৰিছে।পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে খাদ্য-সামগ্ৰী কঢ়িওৱা গাড়ীসমূহৰো যথেষ্ট পৰিমাণে ভাড়া বৃদ্ধি পাইছে। যাত্রী কঢ়িওৱা গাড়ীসমূহতো ভাড়া বৃদ্ধি পাইছে। যাৰফলত পংগু হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ। মিঠাতেল, ৰিফাইন, আটা-ময়দা, চাউল, সকলো ধৰণৰ দালি(মচুৰ, মগু, বুট, ৰহৰ, মাহ আদি), আলু-পিয়াজ, চেনী-চাহপাত, কেৰাচিন তেল আদি নিত্য ব্যৱহার্য সামগ্রী জুই ছাই দাম হোৱা বাবে ৰাইজৰ জীৱন বিপন্ন হৈ পৰিছে। ৰাজ্যৰ বৃহৎ অনুষ্ঠান “বহুবাক” (বহুভাষিক সাহিত্য মঞ্চ, অসম) ৰ প্ৰধান সম্পাদক তথা সংবাদ-সাহিত্যালোচনী প্ৰভঞ্জনৰ সম্পাদক দীপক শৰ্মাই কয়- ৰাজ্যৰ যোগান বিভাগে মূল্যবৃদ্ধি নিয়ন্ত্রণত চৰমভাৱে ব্যৰ্থ হৈছে। আন্তর্জাতিক বজাৰত পেট্ৰ’লজাত সামগ্রীৰ মূল্য হ্ৰাস পাইছে, যদিও অসমৰ বজাৰত যথেষ্ট বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। জনা মতে, চুবুৰীয়া ৰাজ্য মেঘালয়তো ইন্ধনজাত সামগ্রীৰ দাম কম। অসম চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে দাম ৰোধ কৰাত তিলমাত্রও গুৰুত্ব দিয়া নাই।” অসম জাতীয় পৰিষদৰ মুখপাত্র অমিতাভ বৰঠাকুৰে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে – অসম চৰকাৰে মন কৰিলে অত্যাবশ্যকীয় সা-সামগ্ৰীৰ লগতে পেট্ৰ’লজাত সামগ্রীৰ দাম হ্রাস কৰিব পাৰে। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি সমূহ পালনত ব্যৰ্থ হৈছে। অসম চৰকাৰে সকলো ধৰণৰ খাদ্য সামগ্রীৰ লগতে পেট্ৰ’ল, ডিজেল, ৰন্ধন গেছ আদিৰ দাম হ্রাস কৰিবলৈ দাবী জনাইছে- মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্র মেধি, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, বিষ্ণু প্ৰসাদ ৰাভা স্মৃতি ৰক্ষা সমিতি, অসমৰ সম্পাদক যুগল নাথ, গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সম্পাদক গোলাপ বড়ো, দক্ষিণ কামৰূপ কোচ  যুৱ- সন্মিলনীৰ সম্পাদক ধৰ্মেন্দ্ৰ দাস, বিজয়নগৰ গেলামাল ব্যৱসায়ী সন্থাৰ সম্পাদক কপুৰ চান্দ জৈন আদি দল-সংগঠনে । প্ৰতি দল-সংগঠনে একেমুখে কয়- বৰ্তমানৰ ৰাজ্য চৰকাৰখনে নিত্য ব্যবহার্য সামগ্রীৰ লগতে পেট্ৰ’ল, ডিজেল, ইন্ধন জাত সামগ্রীৰ দাম ৰোধ কৰাৰ ব্যৱস্থা কৰক। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰক।।।

ধেমাজিত বান সমস্যা বুজ ললে ধেমাজিৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষানে

আজি দ্বিতীয় দিনাৰ বাবেও ধেমাজিত বানৰ কৱলত আছে বহু গাওঁ ৷ আজিও ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভজু গাওঁ আৰু জীয়াঢল চাৰিআলিৰ দুটা অংশৰ প্ৰায় ১  ফুট  ওপৰেৰে বৈ আছে জীয়াধল নদীৰ পানী ৷এই ভদীয়া বানত   জীয়াধল , বৰাজান আৰু ৰাইনদীয়ে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত  প্ৰায় ২০ খন   গাওঁ বেয়াকৈ  প্লাবিত কৰাৰ পিছত  যথেষ্ট ক্ষতি কৰা পৰিলক্ষিত হৈছে ৷এই ক্ষয়ক্ষতি বুজ লবলৈ  কালি নিশাই ধেমাজিত উপস্হিত হয়হি ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী তথা ৰাজ্যৰ শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ৷ মন্ত্ৰীজনে  যোৱা মঙ্গল বাৰে  ধেমাজি বৰ্মন গাওঁস্থিত জীয়াঢল নদীৰ ক’ফাৰ ডেমটো প্ৰায় ৫০০ শ মিটাৰ  ছিঙি নিয়াৰ অংশত উপস্হিত হৈ কফাৰডেমটো প্ৰত্যক্ষ কৰে আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে ৷ ইয়াৰ পিছতে জীয়াধল নদীৰ বানত ডুব গৈ থকা জীয়াধল , বাটঘৰীয়া পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লয় আৰু বিভাগীয় কৰ্তৃপক্ষক  বন্যাৰ্তক সহযোগ আগবঢ়াবলৈ নিৰ্দেশ দিয়ে ৷ ইপিনে মন্ত্ৰীজনে  বৰাজান আৰু ৰাইনদীয়ে ধুই নিয়া মৰিধল আৰু লক্ষীপথাৰ পঞ্চায়তৰ কেইবাখনো গাৱঁৰ বান পৰিস্হিতিৰ বুজ লোৱাৰ লগতে বান সাহাৰ্য শিৱিৰো পৰিদৰ্শন কৰে৷ উল্লেখযোগ্য যে  মন্ত্ৰীৰ ভ্ৰমণৰ সময়তে জীয়াধল বানত সৰ্বস্বান্ত হোৱা বন্যাৰ্তই  জিলা প্ৰশাসনৰ পৰা বান সাহায্য লাভ নকৰাৰ অভিযোগ তোলে ৷ উল্লেখ্য যে ধেমাজি দীৰ্ঘদিনীয়া বান সমস্যা স্থায়ী সমাধানৰ ক্ষেত্ৰত চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে ৷

মুছলপুৰত এছ এছ বিৰ উদ্যোগত ফিট ইণ্ডিয়া মুভমেণ্ট কাৰ্যসূচী ৰূপায়ণ

বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী ভূটানখুটীস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ ২৭ নং বেটেলিয়নৰ এ কোম্পানীৰ উদ্যোগত আজি স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ফীট ইণ্ডিয়া মুভমেণ্ট শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ এই উপলক্ষে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা প্ৰায় শতাধিক চাইকেলেৰে এক বিশাল ৰেলীৰ আয়োজন কৰা হয় ৷ উক্ত অনুষ্ঠানত ২৭ নং সশস্ত্ৰ সীমা বলৰ এ কোম্পানীৰ নিৰীক্ষক সঞ্জিত সমজদাৰ উপস্থিত থাকি গাঁও অঞ্চলত থকা ছাত্ৰ-ছাত্ৰী সকলক সুস্থ আৰু সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে এই কাৰ্যসূচী পালন কৰা হৈছে বুলি মন্তব্য কৰি আগন্তুক দিনবোৰতো সময়ে সময়ে এনে ধৰণৰ সামাজিক কাৰ্যসূচী গ্ৰহণ কৰিব বুলি উল্লেখ কৰে

মাজবাটৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দৈনিক চলিছে ধনৰ লেনদেন

 দেশৰ লগতে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন চৰকাৰ অহাৰ পৰাই দুৰ্নীতিৰ ক্ষেত্ৰত শূন্যসহনশীলতা নীতি  গ্ৰহণ কৰা কথা দেশবাসীয়েও জ্ঞাত । বিশেষকৈ ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী আসনত বহিয়েই হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি বিভিন্ন দিশত চৰকাৰে দুৰ্নীতি দূৰ কৰাৰ স্বাৰ্থত চৰকাৰ তথা শাসকীয় পক্ষৰ ৰাজনৈতিক দলৰ দলীয় কৰ্মকৰ্তা সকলেও দুৰ্নীতিত লিপ্ত থকা সকলক চিনাক্ত কৰি থকা সময়তে মাজবাট ৰাজহ চক্ৰ কাৰ্য্যালয়ত ঘটিছে এক আজব কাণ্ড । এইবাৰ মাজবাট অঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰী সকলৰ সলনি ধন দাবী কৰা হৈছে স্বয়ং শাসকীয় পক্ষৰ  বিজেপি দলৰ অন্যতম  যুৱ নেতা কিশোৰ শৰ্মাৰ পৰাও । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই জানিব দিয়া মতে সমগ্ৰ মাজবাট বিধানসভা সমষ্টিৰ মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায়ে বোৰ গাঁৱৰ ছাত্ৰ-ছাত্ৰী , ও অভিভাৱক  সকলৰ পৰা দীৰ্ঘদিন ধৰি বছৰেকীয়া আায় ,জাতি,বাসিন্দা প্ৰমান পত্ৰ  আদিৰ নামত ধন সংগ্ৰহ কৰা অভিযোগ নতুন নহয়  ধনৰ বিনিময়ত হে উপৰোক্ত প্ৰমান পত্ৰ  সমূহ মাজবাট ৰাজহ চক্ৰ কাৰ্যালয়ত উপলব্ধ টকা অবিহনে একোৱেই কাম কৰি নিদিয়াৰ অভিযোগ এতিয়া নিত্যনৈমিত্তিক স্বাভাবিক ঘটনা হৈ পৰিছে ৷ মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাকো প্ৰায়ে বহুতে ফোন যোগে দি  অহা কথা শৰ্মাই  ব্যক্ত কৰে ।সেই সূত্ৰে অথবা মাজবাট বাসী ৰাইজৰ অভিযোগ আৰু বিগত কেইবাদিন আগত দৈনন্দিন  বার্তাত প্ৰকাশ পোৱা  মাজবাট ৰাজহ চক্ৰ কাৰ্যলায়ত ধনৰ লেন-দেন হোৱা ইত্যাদি অভিযোগ মৰ্মেদৈনিক শুনিবলৈ পোৱা অভিযোগ মৰ্মে ১৬ আগষ্টত হঠাৎ মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মা মাজবাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত গৈ  উপস্থিত হয় । যুৱ নেতা কিশোৰ শৰ্মাই তেওঁৰ  খুড়ায়েকৰ পুত্ৰৰ ঢেকীয়াজুলি কলেজত নাম ভৰ্তি কৰাৰ বাবে খুড়াৰ পুত্ৰ  (দেউতাকৰ) বছৰেকীয়া আয়ৰ প্ৰমান পত্ৰ  প্ৰয়োজন হোৱাত এই সুযোগতে যুৱ নেতা কিশোৰ শৰ্মাই ছাত্ৰ গৰাকীৰ  বছৰেকীয়া  আয়ৰ প্ৰমান পত্ৰ উলিয়াই  দিয়াৰ উদ্দেশ্যে  আৰু দৈনিক মাজবাট বাসী ৰাইজে দি অহা অভিযোগ মৰ্মে শৰ্মাই মুখত মাস্ক লগাই একো নজনা ভাও জুৰি বছৰেকীয়া আয়ৰ প্ৰমান পত্ৰ আবেদন কৰাত যুৱ নেতা গৰাকীৰ পৰাও উক্ত ৰাজহ চক্ৰ কাৰ্যালয়ত কৰ্মৰত কৰ্মচাৰীয়ে ধন দাবী কৰে । যুৱ নেতা কিশোৰ শৰ্মাক নামত  চিনি পালেও কেতিয়াও সাক্ষাৎ নোহোৱাত মাজবাটৰ এই ৰাজহ চক্ৰ কাৰ্যলায়ৰ চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি দূৰ কৰাৰ ক্ষেত্ৰত এক সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা শাসকীয় পক্ষৰ যুৱ নেতা কিশোৰ শৰ্মাৰ পৰাও ধন দাবী কৰা কথাও পোহৰলৈ আহিছে ।যুৱ নেতা কিশোৰ শৰ্মাই জানিব দিয়া মতে ৰাইজে দিয়া অভিযোগ মতে ১৬ আগষ্টত  মাজবাটৰ ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ ৰাইজে দিয়া অভিযোগ এশ শতাংশ সত্য প্ৰমাণিত হৈছে বুলি মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে । লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে তেওঁ চকুৰে দেখা মতে  কিছুমানৰ পৰা চক্ৰ বিষয়াৰ স্বাক্ষৰ কৰাৰ বাবত টকা দিব লাগে বুলি মিছা কথাৰ প্ৰশ্ৰয় লৈও ধন সংগ্ৰহ কৰা কথা সদৰী কৰে । লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে বৰ্তমান মাজবাট ৰাজহ চক্ৰৰ দায়িত্বত উৎপল ডেকাই দায়িত্ব ভাৰ গ্ৰহণ কৰিছে  মাজবাট ৰাজহ চক্ৰ বিষয়া  উৎপল ডেকাৰ নেতৃত্বত সকলো সমস্যা সমাধান কৰিবলৈ  আহ্বান জনাইছে মাজবাটৰ অন্যতম যুৱ নেতা কিশোৰ শৰ্মাই । শৰ্মাই লগতে কয় যে আজিৰ পৰা যাতে কোনো চৰকাৰী কৰ্মচাৰীয়ে ধনৰ লেন দেন নকৰে যেন আৰু যদি দ্বিতীয়বাৰ এইধনৰ কামত লিপ্ত নহবলৈ পুনৰ আহ্বান জনাইছে ৷

মাত্ৰ এটা নিশা কটাই পুৱাই ঘৰ এৰিলে লাভলীনাই সুদীৰ্ঘ এবছৰৰ পাছত পৰিয়ালৰ সৈতে লাভলীনাই তৃপ্তিৰে খালে সুখৰ এসাঁজ

▶️আপোন ঘৰখনত মাত্ৰ এটা নিশা কটাই আজি পুৱাই উত্তৰ প্ৰদেশলৈ ৰাওনা লাভলীনা বৰগোহাঁই।

▶️গুৱাহাটীৰ পৰা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌলৈ বিমানযোগে যাব লাভলীনা।

▶️লক্ষ্ণৌত উত্তৰ প্ৰদেশ চৰকাৰৰ এক অনুষ্ঠানত ভাগ ল’ব লাভলীনাই।

▶️তাত লাভলীনাক প্ৰদান কৰা হ’ব ১ কোটি টকা।

▶️সুদীৰ্ঘ এবছৰৰ পাছত হেপাঁহৰ ঘৰখনত পৰিয়ালৰ সৈতে লাভলীনাই তৃপ্তিৰে খালে সুখৰ এসাঁজ।

▶️মাত্ৰ কেইটামান ঘণ্টাৰ বাবে বৰপথাৰৰ বাসগৃহলৈ অহাৰ পিছতে লাভলীনাক লৈ ব্যস্ত হৈ পৰে গাঁওবাসী,আত্মীয়–স্বজন তথা পৰিয়াল।

▶️সকলোৱে তেওঁৰ বাবে আয়োজন কৰে এসাঁজ অসমীয়া আহাৰ।

▶️বহুদিন বাহিৰত থকাৰ পিছত এসাঁজ অসমীয়া খাদ্যৰ সোৱাদ লোৱাৰ বাবে ইচ্ছা কৰি থকা লাভলীনাই মাতৃৰ সৈতে পৰম তৃপ্তিৰে গ্ৰহণ কৰে নৈশ আহাৰ।

ৰঙিয়া উন্নয়ন খণ্ড কাৰ্যালয় চৌহদত পঞ্চায়ত সমূহৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ লক্ষ্যৰে বজাৰ গৃহ নিৰ্মাণ

ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰঙিয়া উন্নয়ন খণ্ডৰ চৌহদত পঞ্চদশ বিত্তীয় আয়োগৰ ২০২০-২১ বৰ্ষৰ(দ্বিতীয় কিস্তি) অনুদানৰ মুঠ ধাৰ্য পুঁজি ২৫,৩০,৪০০ টকাৰে ৰঙিয়া আঞ্চলিক পঞ্চায়তৰ বিপনন কেন্দ্ৰটোৰ(বজাৰ গৃহ) নৱ নির্মাণ কাৰ্য্যৰ শুভাৰম্ভণি কৰে স্থানীয় বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই । উক্ত অনুষ্ঠানত ৰঙিয়া মহকুমাধিপতি শ্ৰী স্বপ্নিল পাল, ৰঙিয়া উন্নয়ন খণ্ডৰ বিষয়া ধনজিৎ দত্ত , কামৰূপ জিলা আঞ্চলিক পঞ্চায়তৰ সভনেত্ৰী,আঞ্চলিক পঞ্চায়তৰ সভাপতিকে ধৰি সমষ্টিৰ  আঞ্চলিক পঞ্চায়ত সমূহৰ বিষয়ববীয়া সকলৰ লগতে সমাজ সচেতন ব্যক্তি, দলীয় কাৰ্যকর্তা আৰু উন্নয়ন খণ্ডৰ বিষয় ববীয়া সকল উপস্থিত থাকে। এই বজাৰ গৃহটোৱে স্থানীয় ৰাইজৰ বহুদিনীয়া অভাৱ এটি পুৰণ কৰিব মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

বিদ্যুতৰ সঘন কৰ্তন,অনিয়মিত যোগানৰ বিৰুদ্ধে সৰৱ ছাত্ৰ সন্থা

সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত অনিয়মীয়া বিদ্যুৎ যোগান তথা সঘন বিদ্যুৎ কৰ্তনে সৰ্বসাধাৰণ জনতাক অতিষ্ঠ কৰি তুলিছে । কোনো কাণসাৰ নাই বিয়াগোম বিভাগটোৰ। বিশেষকৈ চাবুৱা অঞ্চলত বিদ্যুতৰ এনে অনিয়মীয়া যোগানৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থা। আজি সন্থাই জিলা সমিতিৰ আহ্বান মৰ্মে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। শতাধিক ছাত্ৰ প্ৰতিবাদকাৰীয়ে সমদল কৰি চাবুৱা বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয় ঘেৰাও দ্বাৰা তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অঞ্চলটোত বিদ্যুতৰ যোগান নিয়মীয়া কৰিবলৈ বিভাগক দাবী জনায়। চাবুৱা ছাত্ৰ সন্থাৰ সভাপতি মৃদুপৱন গগৈ আৰু সাধাৰণ সম্পাদক প্ৰণৱ জ্যোতি দত্তৰ নেতৃত্বত হোৱা উক্ত প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে চাবুৱাৰ পৰিবেশ উত্তাল কৰি তোলে।

কৃষি মন্ত্ৰী নৰেন্দ্ৰ তোমাৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুননিৰ্মাণ Gene Bank উদ্বোধন কৰে

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে সোমবাৰে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় উদ্ভিদ আনুবংশিক সম্পদ ব্যুৰো (এনবিপিজিআৰ)ত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পুনৰ্নিৰ্মাণ কৰা অত্যাধুনিক ৰাষ্ট্ৰীয় জিন বেংক উদ্বোধন কৰে।

এই উপলক্ষে তোমাৰে কয় যে ভাৰতৰ কৃষকসকলে কৃষি খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ গ্ৰহণ কৰি সেইবোৰ জয় কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম।
তেওঁ কৈছিল যে আমাৰ কৃষকসকল কোনো ডাঙৰ শৈক্ষিক ডিগ্ৰী অবিহনেও দক্ষ মানৱ সম্পদ।

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰকাশ অনুসৰি, মন্ত্ৰীগৰাকীয়ে কয় যে এই পুনৰ্নিৰ্মাণ কৰা অত্যাধুনিক ৰাষ্ট্ৰীয় জিন বেংক সেই দিশত এক শক্তিশালী পদক্ষেপ।