Home Blog Page 2879

‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক’ : ভৱেশ কলিতা

‘মমতা বেনার্জীৰ দম আছে যদি অসমত আহি নির্বাচন খেলক আৰু মুখ্যমন্ত্রী হওক৷’ –এই প্রত্যাহ্বান বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ৷ সোমবাৰে সংবাদ মাধ্যমৰ আগত সভাপতি কলিতাই কয় যে অসমত মমতা বেনার্জীৰ দল কেতিয়াও সফল হ’ব নোৱাৰে৷ শেহতীয়াকৈ অখিল গগৈ মমতা বেনার্জীৰ লগ লগাৰ প্রসংগতো তির্যক মন্তব্য কৰি সভাপতি কলিতাই কয় যে হাজাৰ অখিল লগ লাগক৷

অসমত তৃণমূল কংগ্রেছ সফল নহয়৷ অসমত তেওঁলোকৰ কোনো কাম নহয়৷ অহা বছৰ অখিল গগৈ নির্বাচনত নিজেই হাৰিব বুলি উল্লেখ কৰি সভাপতি কলিতাই কয় যে তেওঁ এই মুহূর্তত নিজৰ দলটো ঠিক কৰা উচিত৷ সেইদৰে নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱৰ কংগ্রেছ ত্যাগৰ প্রসংগতো সভাপতি কলিতাই কয় যে কংগ্রেছে এতিয়া দলৰ খহনীয়া কেনেদৰে ৰোধ কৰিব, সেই সুৰক্ষাৰ বিষয়ে ভবা উচিত৷

ভাৰতীয় অলিম্পিক দলক ৫৭ লাখ টকা উপহাৰ মোৰাৰি বাপুৰ

আধ্যাত্মিক গুৰু আৰু ৰামায়ণৰ প্ৰখ্যাত প্ৰতিবেদক শ্ৰী মোৰাৰী বাপুৱে ২২৮ জনীয়া ভাৰতীয় অলিম্পিক দললৈ সদিচ্ছাৰ অঙ্গীকাৰ হিচাপে ৫৭ লাখ টকা আগবঢ়ায় আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক সম্বৰ্ধনা জনায় ।দলটোত অন্তৰ্ভুক্ত ১২৭ জন খেলুৱৈ যিয়ে টকিঅ’ অলিম্পিকত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিছিল। অৱশ্যে, বিখ্যাত ৰাম কথা মাষ্ট্ৰোৱে খেলুৱৈ আৰু প্ৰশিক্ষক বা সহায়ক কৰ্মচাৰী হিচাপে যোৱা সকলৰ মাজত পাৰ্থক্য কৰিব নিবিচাৰিছিল। বাপুৱে কয় যে প্ৰতিজন ব্যক্তিৰ অৱদান গুৰুত্বপূৰ্ণ।

সেয়েহে, প্ৰতিজন দলৰ সদস্যক শ্ৰী চিত্ৰকূট ধাম, তালগাজাৰ্ডা (গুজৰাট)ৰ হনুমানজীৰ প্ৰসাদ হিচাপে ২৫০০০ /- টকাৰ সাংকেতিক পৰিমাণ প্ৰদান কৰা হ’ব।শ্ৰী মোৰাৰী বাপুৱে লগতে কয় যে জয় আৰু পৰাজয় অপ্ৰয়োজনীয় , কিন্তু সম্পূৰ্ণ উৎসাহেৰে অংশগ্ৰহণ কৰাটো অধিক গুৰুত্বপূৰ্ণ । ই সমগ্ৰ বিশ্বৰ খেলুৱৈসকলৰ মাজত ভ্ৰাতৃত্বৰ অনুভূতি বৃদ্ধি কৰে। বাপুৱে তেওঁৰ বক্তৃতাৰ সময়ত ০৭ আগষ্টত মানস অমৰকণ্টকত এই ঘোষণা কৰিছিল। ভাৰতীয় অলিম্পিক সংস্থাই খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে কৰা ভংগীমাক আদৰণি জনাইছে আৰু প্ৰদানৰ ব্যৱস্থা কৰাত সহায় কৰিছে।

ভাৰতীয় অলিম্পিক সংস্থাৰ মহাসচিব ৰাজীৱ মেহতাই কয়, “টকিঅ’ত কঠোৰ যুঁজ দিয়া আৰু আমাৰ দেশৰ বাবে গৌৰৱ ঘূৰাই অনা আমাৰ খেলুৱৈসকলক প্ৰশংসা আৰু সমৰ্থন কৰাৰ বাবে ভাৰতীয় অলিম্পিক সংস্থাশ্ৰী মোৰাৰী বাপুৰ প্ৰতি কৃতজ্ঞ। ভাৰতীয় ক্ৰীড়া সম্প্ৰদায়ে টকিঅ’ত অনুষ্ঠিত অলিম্পিক গেমছৰ সময়ত আমাৰ সাহসী খেলুৱৈ, বিষয়া আৰু সহায়ক কৰ্মচাৰীসকলে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰা শ্ৰী মোৰাৰী বাপুজীৰ আশীৰ্বাদ আৰু সদিচ্ছাৰ অঙ্গীকাৰক গভীৰভাৱে প্ৰশংসা কৰে।”শ্ৰী মোৰাৰী বাপুৱে কয় যে তেওঁ তেওঁৰ গুৰু আৰু ককাক ত্ৰিভুৱনদাসজীৰ চেতনাত অনুপ্ৰাণিত হৈ অলিম্পিকদলক এনেদৰে প্ৰশংসা কৰে । বাপুৱে ভাৰত আৰু বিশ্বজুৰি ‘সত্য, প্ৰেম আৰু সহানুভূতি’ৰ প্ৰাথমিক আৰু সাৰ্বজনীন বাৰ্তাৰ সৈতে ৮৫০ ৰো অধিক ৰাম কাথা বৰ্ণনা কৰিছে।

লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাক জিলা প্ৰশাসনৰ সম্বৰ্ধনা

সমগ্ৰ দেশৰ লগতে মৰিগাঁৱতো অনুষ্ঠিত হয় দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস।এই কাৰ্যসূচীতে মৰিগাঁও জিলা প্ৰশাসনে মুক্তি যুঁজাৰুৰ পৰিয়ালৰ লগতে জিলাখনৰ বিশিষ্ট সমাজ কৰ্মী,শিল্পী-সাহিত্যিক, সাংবাদিক,গো-পালক,প্ৰকৃতিপ্ৰেমী আদি বিশিষ্ট লোক সকলক সম্বৰ্ধনা জনায়।এই কাৰ্যসূচীত জিলাখনৰ লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক তথা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সহকাৰী সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকাকো সম্বৰ্ধনা জনায়।জিলা প্ৰশাসনৰ এনে কাৰ্যক লাহৰীঘাট প্ৰেছ ক্লাৱৰ সভাপতি, উপদেষ্টা সকলৰ লগতে সমূহ সদস্যই আদৰণি জনাইছে।উল্লেখ্য যে প্ৰদীপ চন্দ্ৰ ডেকাক এগৰাকী সাংবাদিক আৰু সমাজ সেৱক হিচাপে মৰিগাঁও জিলা প্ৰশাসনে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।

চাপৰত জব্দ নিষিদ্ধ কফ চিৰাপ আৰু টেবলেট

চাৰি চকীয়া বাহন সহ বৃহৎ পৰিমাণৰ  নিষিদ্ধ  কফ  চিৰাপ আৰু টেবলেট জব্দ । প্ৰথমতে পুঠিমাৰীত আটক দুই  জনকৈ সৰবৰাহকাৰী । সৰবৰাহকাৰীৰ শিকাৰুকত্তী মতে পিছত  হাতিপতাৰ গিয়াজ উদ্দিনৰ ফাৰ্মাছিত মুঠ ১১৫২৮ টা  নিষিদ্ধ টেবলেট আৰু ১৭২৮ খন  নিচাযুক্ত কপ চিৰাফ   জব্দ কৰিবলৈ সক্ষম হয় । বৰ্তমানেও অব্যাহত আছে এই অভিযান । ৰাজ্যজুৰি ব্যাপক ৰূপত নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান চলি থকাৰ মাজতে ধুবুৰী জিলাৰ চাপৰ আৰক্ষীও ইয়াৰ ব্যাতিক্রম নহয়  । আজি চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত  বিষয়া প্ৰণৱ দলেৰ সৱল নেতৃত্বত এক গোপন সূত্ৰৰ পমখেদী  অভিযান চলাই এখন AS-17H 1357 নম্বৰৰ চাৰি চকীয়া বাহন সহ বৃহত পৰিমাণৰ নিষিদ্ধ নিচাযুক্ত দ্ৰব্যৰ লগতে তিনিজনকৈ সৰবৰাহ কাৰীক আটক কৰিবলৈ সক্ষম হয় । আটক সৰবৰাহ কাৰী তিনিজন ক্ৰমে গিয়াজ উদ্দিন, হাসেম আলী, আব্দুল মতালেপ  বুলি জানিব পৰা গৈছে । উল্লেখ্য যে আজি ৰাতি ৩ বজালৈকে এই অভিযান অব্যাহত ৰাখি চাপৰ থানাৰ ভাৰ প্ৰাপ্ত বিষয়া গৰাকীয়ে এক বৃহৎ সফলতা অর্জন কৰিবলৈ সক্ষম হোৱা দেখা যায় ।

সীমান্ত চেতনা মঞ্চৰ ‘সীমান্ত সংকল্প যাত্ৰা’

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি ১৫ আগষ্টত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ গুৱাহাটী মহানগৰ সমিতিৰ উদ্যোগত ভাৰত-ভূটান সীমান্তলৈ এক ‘সীমান্ত সংকল্প যাত্ৰা’ উলিওৱা হয়। গুৱাহাটীৰ জালুকবাৰীস্থিত লাচিত উদ্যানৰ পৰা আৰম্ভ কৰা সীমান্ত সংকল্প যাত্ৰা সেউজীয়া পতাকা জোকাৰি শুভাৰম্ভণি কৰে সংগঠনটোৰ ৰাজ্যিক উপ-সভাপতি ড০ নৱজ্যোতি বৰাই। গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মা আৰু সাধাৰণ সম্পাদক বিশ্বজিৎ কলিতাৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোত অংশগ্ৰহণ কৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ কনকলতা নগৰ সমিতিৰ প্ৰভাৰী তথা গুৱাহাটী মহানগৰৰ কাৰ্যনিৰ্বাহ সদস্য ৰঞ্জন কুমাৰ চক্ৰৱৰ্তী, সম্পাদক জ্যোতিপ্ৰসাদ কাকতি, ৰাজ্যিক কাৰ্যনিৰ্বাহ সদস্য চন্দন বৰ্মন, আয়ুষ্কাম সমবায় সমিতি লিমিটেডৰ সভাপতি অশোক শইকীয়া প্ৰমুখ্যে এটি চৌবিছজনীয়া দলে। ভাৰত-ভূটান সীমান্তৱৰ্তী দৰংগাত অৱস্থিত সশস্ত্ৰ সীমা বলৰ চিক্সটী ফোৰ বেটেলিয়নৰ বি অ’ পিৰ দায়িত্বত থকা জোৱানসকলৰ সৈতে চেতনা মঞ্চৰ কাৰ্যকৰ্তাসকলে মত-বিনিময় কৰে। অনুষ্ঠানত এছ এছ বিৰ ডগ স্কোয়ড্ পৰিদৰ্শন কৰা হয়।  পিছত বেটেলিয়নটোৰ উপ-পৰিদৰ্শক চুমন চুব্বাৰ নেতৃত্বত এটি জোৱনৰ দলৰ সৈতে সীমান্ত চেতনা মঞ্চৰ প্ৰতিনিধি দলটোৱে ভাৰত-ভূটান সীমান্ত পৰিদৰ্শন কৰে। দিনটোৰ দ্বিতীয় কাৰ্যক্ৰমত এন জি দৰংগা গাঁৱৰ পগলা বাবা মন্দিৰত অনুষ্ঠিত সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্তীণ ২৫গৰাকী কৃৰ্তি শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী মহানগৰৰ সভাপতি দ্বিজেন্দ্ৰ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত সংগঠনটোৰ প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক ৰিদিপ ডেকাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে।

নাজিৰাত পতাকা উত্তোলন স্থলীত ঘোষণা হ’ল ধোদৰ আলিক ফ’ৰলেনলৈ উন্নীত কৰোৱাৰ চৰকাৰী পদক্ষেপ

এক বিশাল জনতাৰ উপস্থিতিৰ পৰিৱৰ্ত্তে মহকুমা প্ৰশাসনে ক’ভিড আচৰণ বিধি অনুসৰি আমন্ত্ৰণ জনোৱা সীমিত সংখ্যক  আৰু ৰাইজৰ মাজৰপৰা হোৱা সীমিত সংখ্যক নাগৰিকৰ উপস্থিতিত ১৫ আগষ্টৰ পুৱা ৯ বজাত গান্ধী ময়দান সংলগ্ন নাজিৰা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলণ কৰে নাজিৰাৰ  ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে  । স্বাধীনতা সেনানী তথা মূক্তি যোদ্ধা সকললৈ শ্ৰদ্ধা জনোৱাৰ লগতে স্বাধীনতা আন্দোলনৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ কৰা ভাষণত মুখ্য অতিথি সব্যসাচী কাশ্যপে নাজিৰা মহকুমাত কৰ’না বিভিষীকাৰপৰা মূক্তিৰ বাবে আৰম্ভ কৰা ক’ভিড চিকিৎসালয়ৰ বিষয়ে উল্লেখ কৰাৰ লগতে নাজিৰাত সৰ্বমুঠ ক’ভিডত আক্ৰান্ত ২০৫৫ জনৰ বিপৰীতে ৪৯ জনৰ মৃত্যু ঘটা বুলি উল্লেখ কৰে । কৃষি বিভাগৰ আঁচনিৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছন, গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান মন্ত্ৰীৰ গ্ৰামীন জীৱিকা অভিযান, গ্ৰামীন আবাস যোজনা, এম জি এনৰেগা আঁচনিৰ ৰূপায়ণৰ লগতে পঞ্চায়তৰ ২৮ কোটি ৫৫ লাখ টকাৰ উন্নয়ন আঁচনিৰ অগ্ৰগতিৰ বিষয়ে উল্লেখ কৰে । আনহাতে লোক নিৰ্মাণ বিভাগৰ অধীনত অসম মালা আঁচনিৰ অধীনত চৰাইদেউ জিলাক সামৰি নাজিৰাৰ ধোদৰ আলিক ফ’ৰলেনলৈ উন্নীতকৰণৰ অসম বিধান সভাত লোৱা চৰকাৰী পদক্ষেপক স্বাধীনতা দিৱসৰ ভাষণত ৰাজহুৱা কৰা হয় । নাজিৰা আৰু আমগুৰি পথ সংমণ্ডলৰ আৱন্টিত ৩২’ ৫ কিঃমিঃ পথৰ ১৬’৩১ কিঃমিঃ সম্পূৰ্ণ হৈ উঠাৰ লগতে ৪খন দলঙৰ ৩খন সম্পূৰ্ণ হোৱা বুলি কয় । আনহাতে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান ৯০ টা চলোৱাৰ লগতে ১০ কোটি ৪৮ লাখ টকাৰ ৰাজহ আহৰণ কৰা বুলি প্ৰকাশ কৰে । নাজিৰা আৰু  শিমলুগুৰিৰ দুই নগৰত চলি ৰোৱা আঁচনিৰো আভাস দাঙি ধৰা স্বাধীনতা অমৃত দিৱসৰ কাৰ্য্যসূচীত নাজিৰাৰ দুই চাহ বাগিছাত নিৰ্মিত দুখনকৈ মডেল হাইস্কুলৰ কামৰ অগ্ৰগতিয়ে ভাষণত ঠাই পায় । অসম আৰক্ষীৰ লগতে শিমলুগুৰি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ স্কাউট দলে মাৰ্চ পাষ্ট প্ৰদৰ্শন কৰে । ইয়াৰ পূৰ্বে মহকুমাধিপতিয়ে নাজিৰা মহাত্মা গান্ধী স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ, মুন্সিফ বিষয়া, নাজিৰা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী সকল উপস্থিত থকা আৰু কোনো সাংস্কৃতিক কাৰ্য্যসূচী অবিহনে চলি ৰোৱা কাৰ্য্যসূচীত এথলেট পৰমানন্দ দত্ত, প্ৰগতিশীল কৃষক নন্দকিশোৰ সিং, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ ইন্দুভূষণ মহন্ত, লেখিকা ফুল চাংমাই, নাট্য শিল্পী আব্দুল হেকিম, গাঁওবুঢ়া হেমন্ত মহন, বামগাঁও ৰূপালী আত্ম সহায়ক গোটলৈ সম্বৰ্ধনা জনায় মহকুমা প্ৰশাসনে  । আনহাতে অনলাইন প্ৰক্ৰিয়াৰে অনুষ্ঠিত দেশ প্ৰেমমূলক গীত, কবিতাৰ আবৃতি, ৰচনা আদি বিষয়ৰ বিজয়ী সকলক থলীতে পুৰস্কৃত কৰা হয় । আনহাতে বিজয় চন্দ্ৰ বৰা সম্পাদিত “জ্যেষ্ঠ বাৰ্তা-স্বাধীনতা সংগ্ৰাম আৰু নাজিৰা” শীৰ্ষক নাজিৰা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ মুখপত্ৰ খনিৰ উন্মোচন কৰে মুখ্য অতিথি তথা অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে ।

চিৰাঙৰ বান আৰু গৰাখহনীয়া মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

অসমৰ জলসম্পদ, তথ্য, জনসংযোগ, মুদ্ৰণ আৰু লিখন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি বিজনীত আই নদীৰ বানপানীৰ ফলত  ২নং খুজৰাৱগুৰীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দ্বাৰা নিৰ্মিতক্ষতিগ্ৰস্থ মথাউৰি পৰিদৰ্শন কৰি আজিৰ পৰাই মথাউৰিৰ মেৰামতি কৰিবলৈ বিভাগীয় বিষয়াক নিদেশ দিয়াৰ লগতে অহাকালিৰ পৰা পৰ্কুপাইন আৰু জিওবেগৰ দ্বাৰা মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। বানপানীৰ ফলত আশ্ৰয় শিবিৰত থকা ক্ষতিগ্ৰস্থ পৰিয়াল বৰ্গৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁ লোকৰ অবস্থা বুজ লয় আৰু সাহায্য সামগ্ৰী বিতৰণ কৰে। বিজনীৰ  শিশুবৰীত মাকৰা নদীৰ গৰাখহনীয়াও তেওঁ পৰিদৰ্শন কৰি গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। মন্ত্ৰীৰ লগত সংগ দিয়ে বিটিচি প্ৰধান প্ৰমোদ বড়ো, ৩১নং বিজনী বিধানসভা সমষ্টিৰ বিধায়ক অজয় ৰায়, ৩৩ নং চিদলী সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰী, বিটিচি কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শাহ, বিজনী মহকুমাৰ মহকুমাধিপতি আৰু বিভাগীয় বিষয়া সকল। উল্লেখযোগ্য যে মন্ত্ৰী জনৰ এই পৰিদৰ্শনক শলাগ লয় স্থানীয় ৰাইজে।

ৰঙিয়াত সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত ‘প্ৰজ্ঞাৰ সন্ধানত’ ই-আলোচনী মুকলি

স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত সদৌ অসম কবি মঞ্চৰ অন্যতম প্ৰয়াস “প্ৰজ্ঞাৰ সন্ধানত” ই-আলোচনীখনৰ প্ৰথম বছৰ দ্বিতীয় সংখ্যা এক সংবাদমেল যোগে মুকলি কৰা হয়। উক্ত সংবাদমেলত উপস্থিত থাকে সদৌ অসম কবি মঞ্চৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক প্ৰকাশ ডেকা, ফাৰুক হুছেইন,মোস্তাফা আহমেদ, সদৌ অসম কবি মঞ্চৰ সভাপতি জাভেদ জামান, ৰঙিয়া প্ৰেছক্লাৱৰ সভপতি অঞ্জনজ্যোতি পাটোৱাৰী, সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চন, কোষাধক্ষ্য নয়ন কমল মহন্ত। প্ৰজ্ঞাৰ সন্ধানত ই-আলোচনীখন সম্পাদনা কৰে প্ৰধান সম্পাদক জিতু কাঞ্চনে। সদৌ অসম কবি মঞ্চৰ দ্বাৰা প্ৰকাশিত ই-আলোচনী “প্ৰজ্ঞাৰ সন্ধানত” ৰ বাবে ৰাজ্যসভাৰ সাংসদ  ভুৱনেশ্বৰ কলিতা,  ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সদৌ অসম কবি মঞ্চৰ মুখ্য উপদেষ্টা ড° প্ৰশান্ত শৰ্মা, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যাপক তথা সদৌ অসম কবি মঞ্চৰ উপদেষ্টা ড° হিতেশ বৰ্মন, বিশিষ্ট কবি নীলিম কুমাৰে শুভেচ্ছা জনাই।

নদী বান্ধ নিৰ্মাণত ব্যাপক দুৰ্নীতি

মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁ‌ৱৰ এটা দীৰ্ঘদিনীয়া সমস্যা।যিতো সমস্যাই আজি ৩৫ টা বছৰে ভকতপাৰা গাঁ‌ৱবাসীক জলাকলা খোৱাই আহিছে।কিন্তু অপ্ৰাণ প্ৰচেষ্টাৰ ফলতো দৰং আৰু ওদালগুৰী জিলাৰ সীমান্তৱৰ্তী  ভকতপাৰা গাঁ‌ৱৰ ৰাইজক এই সমস্যাই লগ এৰা নাই।।প্ৰতি বছৰে ভকপাৰা গাঁ‌ৱৰ  কৃষক সকলে বেগানদীৰ ওপৰত নিৰ্মিত বৃহৎ কোটি টকীয়া জল সিঞ্চন প্ৰকল্পৰ পৰা পানী পোৱাৰ পৰিৱৰ্তে হতাশাঁ‌ত ভোগী আহিছে।।অতি পৰিতাপৰ বিষয়  মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভকতপাৰা গাঁ‌ৱৰ বেগানদীৰ ওপৰ নিৰ্মিত বৃহৎ  লক্ষী বান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত  ২০০৮ চনৰ পৰা এতিয়ালৈ প্ৰায় ৩ বাৰকৈ চৰকাৰী আঁ‌চনীৰ ব্যৱধানত সৰ্বমুঠ ১০ কোটি টকা  চৰকাৰী ধন অপচয় কৰাৰ পিছতো আজিলৈ ভকত পাৰা গাঁ‌ৱৰ লক্ষী বান্ধটো সঠিক ভাৱে গঢ় লৈ নুঠাত স্থানীয় ৰাইজে চৰকাৰ তথা ঠিকাদাৰলৈ ক্ষোভ উজাৰিছে।স্থানীয় ৰাইজৰ অভিযোগ এই বান্ধটো নিৰ্মাণৰ সময়ছোৱাত চৰকাৰী বিষয়ববীয়াই ভালদৰে পৰ্যৱেক্ষণ কৰা নাই যাৰ বাবে  বান্ধ নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহওটেই বেগানদীৰ ওপৰত নিৰ্মিত লক্ষী বান্ধ বিধ্বস্ত হ’ব ধৰিছে ।আৰু এটা মন কৰিব লগিয়া কথা যে এই বান্ধটো এবাৰেই নহয়! বৰ্তমানলৈ তিনিবাৰকৈ নিৰ্মাণৰ বাবে আঁ‌চনীৰ ধন অনুমোদন পোৱাৰ পিছতো পূৰ্ৱৰ দৰেই, কনো পৰিৱৰ্তন নহোৱাত স্থানীয় ৰাইজে জনপ্ৰতিনিধিক অৱগত কৰাইছিল যদিও সীমামূৰীয়া স্থানত অৱস্থিত বাসিন্দা বাবে ভকত পাৰা ৰাইজক কনো সহাৰী নজনোৱাৰ কথা প্ৰকাশ কৰে।কিন্তু এক প্ৰশ্ন উত্থাপন হয়।২০০৮ চনৰ পৰা বৰ্তমানলৈ তিনিবাৰকৈ চৰকাৰী আঁ‌চনী ৰূপায়ন হোৱা সৰ্বমুঠ ১০কোটি টকা ধনেৰে নিৰ্মাণ কৰাৰ পাছতো বান্ধটো কিয় সম্পূৰ্ণ কাৰ্যক্ষম ন’হল?এয়া কি কাৰণত হ’ব পাৰে! চৰকাৰী বিষয়ববীয়াৰ হেতালীত নে ঠিকাদাৰ, মেনাজাৰৰ ভ্ৰস্তাচাৰ সেয়া পৰৱৰ্তি পৰ্যায়ত  হে লক্ষণীয় হ’ব।

খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত দিগদর্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠান

ওদালগুৰি জিলাৰ অন্তৰ্গত খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা আৰু উপদেশ দিয়াৰ উদ্দেশ্যৰে খৈৰাবাৰী আঞ্চলিকৰ অন্তৰ্গত চাবুকধৰা গাঁ‌ৱত “দিগদৰ্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠান অনুষ্ঠিত কৰাৰ পৰিলক্ষিত হয়।খৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মহানন্দ ৰাভাই পৰিচালনা কৰা সভাখনত উপস্থিত ক্ৰমে,কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ যুতিয়া সম্পাদক সুভাষ চন্দ্ৰ ৰাভা।মঙলদৈ কলেজৰ অধ্যাপক কমলাকান্ত বৰুৱা।


ৰাভা উন্নয়ন দাবী পৰিষদৰ উপ সভাপতি প্ৰফুল্ল কুমাৰ ৰাভা।ওদালগুৰি জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী অহেলা ৰাভা।সাধাৰণ সম্পাদিকা জয়ন্তী ৰাভা।ওদালগুৰি জিলা ৰাভা ছাত্ৰসন্থাৰ সভাপতি হেমেন ৰাভা।সাধাৰণ সম্পাদক  মন্টু ৰাভাৰ লগতে উপস্থিত ওদালগুৰি জিলা ৰাভা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক উত্তম ৰাভাসহখৈৰাবাৰী আঞ্চলিক ৰাভা ছাত্ৰসন্থাৰ বিভিন্ন বিষয়ববীয়া সকলে উপস্থিত থাকি দীৰ্ঘদিনে স্কুল-কলেজৰ পৰা বঞ্চিত হৈ নিৰাশাঁ‌ত ভোগী থকা ছাত্ৰ ছাত্ৰী সকলক কেন্দ্ৰীয় নিখিল ৰাভা ছাত্ৰ সন্থাৰ নিৰ্দেশত অনুপ্ৰেৰণা দিয়া, দিগদৰ্শন আৰু ব্যক্তিত্ব বিকাশ অনুষ্ঠানটিৰ জড়িয়তে শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীসকলক আৰু অধিক উৎসাহ, আৰু অনুপ্ৰেৰণা দিয়াতসচেতন মহলত ৰাভা ছাত্ৰ সন্থা চমুকৈ (ARSU) ৰ এনে পদক্ষেপত অধিক প্ৰশংসনীয় হৈ পৰিছে।