◆ ৰাজ্যজুৰি আৰু এঘণ্টা শিথিল হ’ব নৈশ সান্ধ্য আইন।
◆ সকলো জিলাতে নিশা ৭.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ সান্ধ্য আইন।
◆ সন্ধিয়া ৬.০০ বজালৈ খোলা থাকিব সকলো কাৰ্যালয়-কৰ্মক্ষেত্ৰ, হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান।
◆ কামৰূপ (মহানগৰ) জিলাৰ বাদে আন জিলাসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য হোৱাকৈ ব্যক্তিগত যান-বাহনেৰে আন্তঃ জিলা যাতায়তত অনুমতি।
◆ ৰাজহুৱা পৰিবহন/যাত্ৰী পৰিবাহী বাহনেৰে আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত বাহাল থাকিব নিষেধাজ্ঞা।
◆ কামৰূপ (মহানগৰ) জিলাৰ পৰা অন্য জিলালৈ আৰু আন জিলাৰ পৰা কামৰূপ (মহানগৰ) জিলালৈ আহ-যাহত নিষেধাজ্ঞা বাহাল।
◆ দৈনিক যুগ্ম-অযুগ্ম সংখ্যাৰ (Odd-Even Numbers) বাহন চলাচলৰ নিয়ম বাতিল।মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২০০ গৰাকী লোকে।
◆ প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব। অৱশ্যে দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে এনে অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰিব।
◆ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
◆ অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ২৫ গৰাকী লোকে।
◆কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
◆ অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
◆ কামাখ্যা মন্দিৰত প্ৰতি ঘণ্টাত সৰ্বাধিক ২০ গৰাকী লোকৰ দৰ্শনত অনুমতি, কেৱল দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব মন্দিৰ চৌহদত প্ৰৱেশৰ সুযোগ।
◆ অন্য ধৰ্মীয় স্থানত সৰ্বাধিক ১০ গৰাকী লোকৰ অংশগ্ৰহণত অনুমতি।
◆ এমবিবিএছৰ চূড়ান্ত বৰ্ষ, বিএছচি নাৰ্ছিঙৰ চূড়ান্ত বৰ্ষ, ইঞ্জিনিয়াৰিঙৰ চূড়ান্ত বৰ্ষ আৰু জিএনএমৰ তৃতীয় বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব পাৰিব।পাঠ গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দুয়োপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিহে শ্ৰেণীকোঠালৈ অহাৰ দিহা।
◆ এৰোনটিকেল ইঞ্জিনিয়াৰিং ইন্সটিটিউটত শ্ৰেণীকোঠাৰ পাঠদান পৰ্ব মুকলিৰ বাবে বিশেষ অনুমতি প্ৰদান।
◆ বিমান বন্দৰত দুয়ো পালি ক’ভিড প্ৰতিষেধক লোৱা বিমানযাত্ৰীয়ে পাব ক’ভিড পৰীক্ষণত ৰেহাই।অৱশ্যে লগত থাকিব লাগিব একেবাৰে শেহতীয়া ক’ভিড পৰীক্ষণৰ নিগেটিভ ৰিপোৰ্ট।
◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা চৰকাৰী বিষয়া-কৰ্মচাৰী নিয়মীয়াকৈ আহিব লাগিব কাৰ্যালয়লৈ।
◆ ৩ বছৰৰ তলৰ শিশুৰ মাতৃ চৰকাৰী কৰ্মচাৰীয়ে ঘৰৰ পৰাই কাম কৰিব পাৰিব।
◆ ভাদ মাহ উপলক্ষে ৰাজ্যৰ নামঘৰসমূহত নামকীৰ্তনৰ বাবে নামঘৰৰ ৫০ শতাংশ সমাবেশ ক্ষমতাৰ ভক্ত-মহিলাৰ সমাবেশত অনুমতি।অৱশ্যে ক’ভিড প্ৰট’কল মানিহে ভাদ মাহৰ নামকীৰ্তনত ভাগ ল’ব পাৰিব।
bREAKING ৰাজ্যত জাৰি ক’ভিডৰ নতুন এছ অ’ পি: স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন এছ অ’ পি
আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস পালন
প্ৰতি বৰ্ষৰ দৰে এইবেলিওঁ আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অসমীয়া সাপ্তাহিক কাকত অমৃত প্ৰবাহ আৰু অমৃত নিউজৰ সহযোগত আদৰ্শ জননী শশীপ্ৰভা কলিতাৰ উনবিংশতম মৃত্যু দিৱস বিভিন্ন কাৰ্যসুচীৰে কটন এলুমিনি প্ৰেক্ষাগৃহত পালন কৰা হয়৷
কাৰ্যসূচীৰ লগত সংগতি ৰাখি ২০২১ বৰ্ষৰ আদৰ্শ জননী বটা আৰু অমৃত প্ৰবাহ সাংবাদিকতা বটা যথাক্ৰমে বিশিষ্ট সমাজকৰ্মী মীনা ভুঞা আৰু বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰুক প্ৰদান কৰা হয়৷প্ৰশান্ত ৰাজগুৰুৰ সাময়িক অসুস্থতাৰ বাবে প্ৰাগ পৰিয়ালৰ হৈ নৱনীতা কলিতাই বটা গ্ৰহণ কৰে আৰু ৰাজগুৰুৰ টেলিফোনিক ভাষন আনুস্থানিকভাবে প্ৰচাৰ কৰে৷

অসমীয়া সাপ্তাহিক অমৃত প্ৰবাহ কাকতৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে কাকতখনৰ বিশেষ সংখ্যা উন্মোচন কৰে অসম চৰকাৰৰ তথ্য আৰু জনসংযোগৰ সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ নীৰা গগৈ সোনোৱাল আৰু সচিব তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ দেৱজ্যোতি হাজৰিকাই৷
উন্মোচিত ভাষনত নীৰা গগৈ সোনোৱাল আৰু দেৱজ্যোতি হাজৰিকাই এনে গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকিবলৈ পাই নিজকে ধন্য মানাৰ লগতে আদৰ্শ জননী শশীপ্ৰভা কলিতা স্মৃতিৰক্ষা সমিতি আৰু অমৃত প্ৰবাহ কাকতগোষ্ঠীৰ পদক্ষেপক ভুয়সী প্ৰসংশা কৰে৷

সভাত সমাজৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ৭০জন লোকক ২০২১ বৰ্ষৰ বিশেষ ব্যক্তি বিশেষ সন্মান প্ৰদান কৰা হয় যদিও উপস্থিত থাকি বটা গ্ৰহন কৰে ক্ৰমে নৱনীতা কলিতা,ববিতা শৰ্মা,ড°মৌচুমী বৰদলৈ,ড°নিৰদা দেৱী,বিনয় কলিতা,বিবেক জাভাৰ,কনকন দাস,অমৰ কাশ্যপ,উৎপল দাস,বিকাশ শৰ্মা,বিমল ভূষণ মহন্ত,মানসপ্ৰতিম নাথ,জ্যোতিষ শইকীয়া,দেৱৰাজ কলিতা,সুনীল কলিতা,ৰঞ্জিতা ৰাভা,অৰবিন্দ কলিতা,গিৰীশ মল্ল বৰুৱা,বিজিত প্ৰদীপ দাস,অনিল শৰ্মা,দেবাশীষ শৰ্মা,নীৰা গগৈ সোনোৱাল,গমে থাপা,পাপু খান,দিগন্ত বড়া,ড°লক্ষী দাস পাঠক,মনালিছা দাস,প্ৰশান্ত বুঢ়াগোহাঁই,ভুৱনেশ্বৰ শৰ্মা,গোপী বড়ো,ধনেশ্বৰ কলিতা,ৰতি মোহন নাথ,হেমন্ত কুমাৰ বড়া, সুশান্তবিশ্ব বিশ্ব শৰ্মা আৰু বিদ্যুত মজুমদাৰে৷
দৰ্শনা বৰুৱাই আত ধৰা অনুষ্ঠানত অমৃত নিউজৰ মুখ্য সম্পাদক ড°দয়ানন্দ পাঠক,পদ্মশ্ৰী ড°সূৰ্য হাজৰিকা,অমৃত প্ৰবাহ কাকতৰ মুখ্য সম্পাদক মৃনালিনী দেৱী,অমৰ কাশ্যপ আৰু সভাপতি কৈলাশ শৰ্মাই বক্তব্য প্ৰদান কৰে৷
শেষত অ মোৰ আপোনাৰ দেশ আৰু কৈলাশ শৰ্মাৰ মাউথাৰ্গেন বজায় ৰাষ্ট্ৰীয় সংগীতৰে সভাৰ অন্ত পৰে৷৷
অলিম্পিক শিখা দৌৰত অংশগ্ৰহণ কৰা পিঙ্কি কৰ্মকাৰৰ নিযুক্তি পত্ৰ লাভ
লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড়ত পিংকী কৰ্মকাৰলৈ ৰাজ্য চৰকাৰ নিযুক্তি প্ৰত্র। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস দিনাই ৰাজ্যিক মন্ত্ৰী সঞ্জয় কৃষাণে প্ৰদান কৰিলে নিযুক্তি প্রত্ৰ। ২০১২ বৰ্ষত লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা ডিব্ৰুগড় বৰবৰুৱা চাহ বাগিছা পিংকী কৰ্মকাৰ বৰ্তমানৰ জীৱন সংগ্ৰাম তথা জীৱন শৈলীৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছিল।
উল্লেখ্য যে লণ্ডন অলিম্পিকত শিখা দৌৰত অংশ গ্ৰহন কৰা পিংকী কৰ্মকাৰ বৰবৰুৱা চাহ বাগিছাত শ্ৰমিক হিচাপে কৰ্মৰত কাহিনী লৈ অহা হৈছিল সামাজিক মাধ্যমৰ জৰিয়তে সকলোৱে মাজলৈ। আৰু তাৰ পাছতে ৰাজ্যৰ সচেতন মহলৰ মাজত খলকনিৰ সৃষ্টি হৈছিল ।
শেহতীয়াকৈ পিংকী কৰ্মকাৰকে সাক্ষাৎ কৰিছিল মুখ্য মন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাক। মুখ্য মন্ত্ৰী জনে পিংকী কৰ্মকাৰক আশ্বাস প্ৰদান কৰিছিল পিংকী কৰ্মকাৰক চৰকাৰী এটা চাকৰিত নিযুক্ত প্ৰদান কৰাৰ।
দেওবাৰে দেশৰ ৭৫ সংখ্যাক স্বাধীনতা দিবস দিনা ডিব্ৰুগড় বৰবৰুৱাত মন্ত্ৰী সঞ্জয় কৃষান উপস্থিত হৈ পিংকী কৰ্মকাৰক প্ৰদান কৰে নিযুক্ত প্ৰত্ৰ।
ৰাজ্য চৰকাৰৰ শ্ৰম বিভাগত নিযুক্তি প্ৰদান কৰাত উৎফুল্লিত পিংকী আৰু মুখ্যগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।
“মই বহুত সুখী আৰু মোক সহায় কৰা সকলো সংবাদ মাধ্যমৰ লোকক ধন্যবাদ জনাব বিচাৰো। এইটো কেৱল আপোনালোকৰ কাৰণেএতিয়া মই এটা ভাল জীৱন যাপন কৰিবলৈ সক্ষম হ’ম। যোৱা 9 বছৰ ধৰি, মই চাহ বাগিচাত কাম কৰি আছিলো আৰু যথেষ্ট কষ্টৰ সন্মুখীন হৈছিলোঁ। মই সেই দিনবোৰ কেতিয়াও পাহৰিব নোৱাৰিম কিন্তু চৰকাৰৰ পৰা নিযুক্তি পত্ৰ পাই মই বহুত সুখী। মই মুখ্যমন্ত্ৰী শৰ্মা, শ্ৰম কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ আৰু ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালাক মোক মোৰ প্ৰাপ্য খিনি দিয়াৰ বাবে ধন্যবাদ জনাব বিচাৰো”, কৰ্মকাৰে কয়।
ডিমৌত উলহ মালহেৰে ৭৫ তম স্বাধীনতা দিৱস উদযাপন
ডিমৌত দেশৰ ৭৫ তম স্বাধীনতা দিৱস ডিমৌ ৰাজহ চক্ৰ বিষয়াৰ কায্যালয়ৰ উদ্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা ৭-৩০ বজাত ডিমৌ চৰকাৰী কায্যালয় অনুস্থান প্ৰতিস্থা নত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে ৮-৩০ বজাত মাহাত্মা গান্ধী প্ৰতিমূৰ্তি তলত বন্তি প্ৰজলন ও মাল্যপণ কৰে ডিমৌ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত গগৈয়ে। শ্বহীদ তৰ্পন কৰে ডিমৌ ৰাজহ চক্ৰ বিষয়া ( সংলগ্ন ) মেৰী ভি ৰালচুনে । পুৱা ৯ বজাত কেন্দ্ৰীয় ভাৱে ডিমৌ ৰাজহুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ডিমৌ ৰাজহ চক্ৰবিষয়া ফিলিছ ভি.এল ৰাংচালে। পাতাকা উত্তোলন কৰি ডিমৌবাসীক সম্বোধন কৰি ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ দিয়া শ্বহীদ সকলক স্মাৰণ কৰে। অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে থাওৰা সমষ্টীৰ প্ৰাক্তন বিধায়ক সুশান্ত বৰগোহাঁইয়ে। ডিমৌ আৰ্দশ চিকিৎসালয়ত ৰোগীৰ মাজত ফলমূল বিতৰণ কৰা হয়। এই অনুষ্ঠানতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কীৰ্তি শিক্ষয়িত্ৰী স্বৰ্ণ প্ৰভা গোহাঁই গগৈ উপস্থিত থাকে।
৭৫ টাকৈ বন্তি প্ৰজ্জ্বলনৰ মাজেৰে ৭৫তম স্বাধীনতা দিৱস পালন ধুবুৰী সীমান্ত চেতনা মঞ্চৰ
এইবেলি স্বাধীনতা দিৱসৰ প্ৰাক্কালত ১৪ আগষ্টত(অখণ্ড ভাৰত সংকল্প দিৱস) আৰু ১৫ আগষ্টত স্বাধীনতা দিৱসৰ দিনা সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ধুবুৰী জিলাত বিভিন্ন অনুষ্ঠান সুচাৰুৰূপে সম্পন্ন কৰে | ‘অখণ্ড ভাৰত সংকল্প দিৱস’ৰ দিনা সংগঠনটোৱে ধুবুৰী জিলাৰ বিভিন্ন ঠাইৰ লগতে ধুবুৰী নগৰত ১৩ খন ঠাইত ‘অখণ্ড ভাৰত সংকল্প দিৱস’ পালন কৰে | সংগঠনটোৰ কাৰ্য্যকৰ্তাসকলে আল্পনাৰ জৰিয়তে অখণ্ড ভাৰতৰ মানচিত্ৰ অংকন কৰি বিশিষ্ট ব্যাক্তিসকলৰ দ্বাৰা ৭৫ তম স্বাধীনতা দিৱস উপলক্ষে ৭৫ টা কৈ চাকী প্ৰজ্বলন কৰে আৰু দেশখনক অখণ্ড ৰখাৰ সংকল্প পাঠ কৰে |ইয়াৰ পিছত স্বাধীনতা দিৱসৰ দিনা ধুবুৰী নগৰকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত সংগঠনটোৱে ৰাষ্ট্ৰীয় পতাকা উত্তলন কৰে আৰু লগতে আন্তঃৰাষ্ট্ৰীয় সীমাত গৈ সৈনিকসকলক শুভেচ্ছা জ্ঞাপনো কৰে |ইয়াৰ উপৰিও ৭৫তম স্বাধীনতা দিৱস উপলক্ষে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে ধুবুৰী নগৰত দিনৰ ১১টা বজাত এটি মনমোহা তিৰংগা যাত্ৰা উলিয়ায় | এই যাত্ৰাৰ শুভাৰম্ভ কৰে সংগঠনটোৰ পূৰ্বোত্তৰৰ সভানেত্ৰী ড:প্ৰতিমা নিয়োগীয়ে |তিৰংগা যাত্ৰাত কণ কণ শিশুসকলে দেশভক্তিমূলক নৃত্যও প্ৰদৰ্শন কৰি সকলোৰে দৃষ্টি আকৰ্ষন কৰে |এইদৰেই সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে সকলো নাগৰিকৰ মাজত দেশপ্ৰেম বঢ়োৱাৰ লক্ষৰে তেওঁলোকৰ প্ৰচেষ্টা অব্যহত ৰাখিছে |
উত্তপ্ত চুবুৰীয়া ৰাজ্য মেঘালয়: মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ দুৰ্বৃত্তৰ
এজন প্ৰাক্তন বিদ্ৰোহী নেতাৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়। ৰাজ্যখনৰ কেইবাঠাইটো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ফলত অৱশেষত ৰাজ্যখনত সান্ধ্য আইন বলবৎ কৰা হয়। কিন্তু সান্ধ্য আইন চলি থকাৰ মাজতে দেওবাৰে নিশা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ব্যক্তিগত বাসগৃহত পেট্ৰ’ল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই।দেওবাৰে নিশাৰ ভাগত অচিনাক্ত দুৰ্বৃত্তৰ দলে মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ নিক্ষেপ কৰে পেট্ৰ’ল বোমা। সুভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। মুখ্যমন্ত্ৰী কনৰাড চাংমা চৰকাৰী বাসগৃহত থকাৰ বাবেই তেওঁৰ ব্যক্তিগত বাসগৃহত নাছিল কোনো লোক।কিন্তু বিগত ২৪ ঘণ্টা ধৰি সান্ধ্য আইনৰ মাজতে সংঘটিত হৈছে কেইবাটাও বিক্ষিপ্ত ঘটনা।উল্লেখ্য যে দেওবাৰে নিশা ৮ বজাৰ পৰা ১৭ আগষ্টলৈকে সমগ্ৰ ৰাজ্যখনতে সান্ধ্য আইন ঘোষণা কৰা হৈছে। অগ্নিসংযোগৰ বাতৰিৰ পিছতে ৰাজ্যখনৰ কেইবাঠাইতো মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰা হৈছে। আৰক্ষীয়ে সোমবাৰে জনোৱা মতে, কাৰফিউৰ সময়ত শ্বিলঙৰ মাওলাই অঞ্চলত প্ৰতিবাদকাৰীসকলে চিআৰপিএফ জোৱান কঢ়িয়াই নিয়া এখন বাহনত আক্ৰমণ চলাইছিল, যাৰ ফলত নিৰাপত্তাৰক্ষীয়ে জনতাক ছত্ৰভঙ্গ কৰাৰ বাবে মৃদু বল প্ৰয়োগ কৰিছিল। ৰাজ্য চৰকাৰে শ্বিলঙত কাৰফিউ জাৰি কৰিছে আৰু কমেও চাৰিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে, কিয়নো এজন প্ৰাক্তন উগ্ৰপন্থীৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত স্বাধীনতা দিৱসৰ দিনা ৰাজ্যৰ ৰাজধানী আৰু ওচৰৰ অঞ্চলসমূহত ভাংচুৰ আৰু অগ্নিসংযোগে জোকাৰি গৈছিল।
তৃণমূল কংগ্ৰেছত যোগদান কৰি অসমত দলটোৰ নেতৃত্ব ল’ব সুস্মিতা দেৱে
অসমৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভাপতিৰ লগতে দলটোৰ প্ৰাথমিক সদস্যপদ ত্যাগ কৰে। সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰা সুস্মিতা দেৱে অচিৰেই তৃণমূল কংগ্ৰেছত যোগদান কৰিব। তেওঁ অসমত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব প্ৰদান কৰিব। এক বিশেষ সূত্ৰই এই তথ্য প্ৰকাশ কৰে ।
অসমৰ নেত্ৰীগৰাকীয়ে বৰ্তমান পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীক লগ কৰিবলৈ কলকাতাত আছে। টিএমচিৰ এটা সূত্ৰই জনোৱা মতে, ‘যদি তেওঁ যোগদান কৰে, তেন্তে তেওঁ অসমত তৃণমূল কংগ্ৰেছক নেতৃত্ব দিব।’
ইতিমধ্যে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক দল ত্যাগৰ বিষয়ে অৱগত কৰি এক পত্ৰ প্ৰেৰণ কৰে । শেহতীয়াকৈ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিক পৰাস্ত কৰিবলৈ এক মহাজোঁট প্ৰস্তুত কৰি প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজেপিক পুনৰ ক্ষমতালৈ অহাৰ পৰা বাধা দিব নোৱাৰিলে।

বকোত পথত কঠিয়া ৰুই চৰকাৰ বিৰোধী শ্লোগান ভুক্তভোগী জনতাৰ
ৰাজ্যত শাসনাধীন ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিকশিত অসমৰ পয়ালগা ছবি দেশৰ জনতাই দেখা পাব কামৰূপ জিলাৰ বকোত। ৪৮ নং বকো বিধানসভা সমষ্টিৰ একাধিক গ্ৰাম্য পথৰ নগ্ন ছবি দেখিলে সহজেই অনুমান কৰিব পাৰি যে চৰকাৰৰ বিকাশৰ শ্লোগান ভূৱা। উল্লেখ্য যে ; যাতায়াতৰ ক্ষেত্ৰত চৰম যন্ত্ৰনাত ভুগি আজি শাসনাধীন চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দি পথৰ ওপৰত কঠিয়া ৰুই ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি গড়কাপ্তানী বিভাগ আৰু স্থানীয় বিধায়িকা নন্দিতা দাসক হায় হায় কৰি নিন্দাৰে পৰিবেশ মুখৰিত কৰি তোলে। প্ৰাপ্ত তথ্য অনুসৰি ; ছমৰীয়া মৌজাৰ ৫৪ নং বৰুৱা গাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত গাওঁ শিংৰাবড়ী গাওঁৰ মাজেৰে যোৱা এক মাত্ৰ পথটোৰ অৱস্থা অতি শোচনীয়। খৰালি মাহতেই যাতায়তৰ অৱস্থা নোহোৱা পথটো বাৰিষাত কেনে পৰিবেশ সৃষ্টি হয় সহজেই অনুমান কৰিব পাৰি। ইফালে বছৰ বছৰ ধৰি পথটোৰ মেৰামতি নকৰাত ভাঙি ছিঙি গৈছে আৰু যাতায়ত কৰিব নোৱাৰা অৱস্থা হৈছে। সেয়েহে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আজি গাওঁ অঞ্চলৰ পুৰুষ মহিলা উভয়ে ওলাই আহি পথটোৰ ওপৰত কঠিয়া ৰুই চৰকাৰ বিৰোধী শ্লোগান দি পথ উন্নয়ণ কৰিবলৈ আহ্বান জনায়। জানিব পৰা মতে ; বৃহত্তৰ বালিঝাৰ অঞ্চলৰ পৰা শিংৰাবড়ী হৈ মালিবাৰীলৈ যোৱা পথৰ দুৰৱস্থা তথা পয়ালগা ছবি দেখি পথটোৰ উন্নতি সাধন কৰে তাৰ ব্যৱস্থা ল’ৱলৈ আহ্বান জনায়। আজি কঠিয়া ৰুই পথ মেৰামতি কৰাৰ দাবীত অসম চৰকাৰ হায় হায় ; মুখ্যমন্ত্ৰী হায় হায় ; গড়কাপ্তানী বিভাগ হায় হায় আৰু বিধায়িকা হায় হায় ধ্বনি তুলি প্ৰতিবাদ সাব্যস্ত কৰে।
অসম শক্তি বিতৰণ কোম্পেনীৰ বিদুৎ উপকেন্দ্ৰ সমূহ ব্যক্তিগতকৰনক বিৰোধিতা
বৰ্তমান বিজেপি নেতৃত্বাধীন অসম চৰকাৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৫০বছৰলৈ অসম শক্তি বিতৰণ কোম্পানী ব্যক্তিগতকৰণ নকৰা আশ্বাস প্ৰদান কৰা কেইদিন মান অতিক্ৰম কৰাৰ পিছতে কোম্পানীৰ একাংশ বিষয়াৰ চুড়ান্ত ময় মতালিৰে অসম শক্তি বিতৰন কোম্পানী আধিনস্ত ৩৩/১১কেঃভিঃ উপকেন্দ্ৰ ব্যক্তিগত ঠিকাদাৰি প্ৰতিষ্ঠানক অতি সংগোপনে গতায় দিয়াৰ প্ৰস্তুতি সম্পুৰ্ন কৰি তুলিছে ইতিমধ্য অসম শক্তি বিতৰন কোম্পনীৰ অন্তৰ্গত ডিব্ৰুগড়,শিৱসাগৰ,যোৰহাট,গোলাঘাট,আৰু তিনিচুকীয়াৰ বিদুৎচক্ৰ অধীনস্ত ১৬টা কৈ ৩৩/১১কেঃভিঃ উপকেন্দ্ৰ ঠিকাদাৰি প্ৰতিষ্ঠানক হস্তান্ত কৰাৰ বাবে নিবিদা আাহ্বন কৰিছে ।যি সময়ত অসমৰ শক্তি মন্ত্ৰি বিমল বৰাদেৱৰ ঐকান্তিক পচেষ্টাত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে আাৰ্থিকভাবে কিছু আগবাঢ়ি গৈছে ,সেই সময়তে কোম্পেনীটোৰ একাংশ বিষয়াৰ পৃষ্টপোষকতাত বিদুৎ উপকেন্দ্ৰ সমূহ ঠিকাদৰী প্ৰতিষ্ঠানক গটাই দিয়াৰ তীব্ৰ বিৰোধিতা কৰিছে আাছাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়ন ডিব্ৰুগড় শাখাই।এক প্ৰছ বিবৃতিত ইউনিয়নৰ ডিব্ৰুগড় শাখাৰ সভাপতি থানুৰাম ফুকন আাৰু সম্পাদক বিপ্লব গোহঁয়ে কয় যে অসম শক্তিবিতৰন কোম্পেনীত প্ৰয়োজনিয় ৩য় আৰু ৪ৰ্থ বৰ্গৰ কৰ্মছচাৰী নিয়োগৰ ব্যৱস্তা নকৰি সীমিত সংক্ষ্যক কৰ্মচাৰী দ্বাৰা উপকেন্দ্ৰ সমূহ চলোৱাৰ অসুবিদা দোহায় দি ব্যক্তিগত প্ৰতিষ্ঠানক সস্তান্তৰ কৰি মধ্যভূগী সৃষ্টি কৰা কায্যক কোনো পধ্যেই মানিলোৱা নহব বুলি জানিবলৈ দিয়ে।যি সময়ত সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় চক্ৰ অধিনস্ত বিদুৎ উপ-সংমন্দল সমোহে অভিলেস সংখ্যক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে তেনেঅৱস্তাত ডিব্ৰুগড় বিদুৎ চক্ৰৰ কোনো এটা বিদুৎ উপকেন্দ্ৰ ঠিকাদাৰি প্ৰতিষ্ঠানক গতায় দিয়া কাৰ্য ইউনিয়নে তিব্ৰ বিৰোধিতাকৰি যাবলৈ বদ্ধপৰিকৰ ।আাসাম ষ্টেট পাৱাৰ ৱৰ্কাচ ইউনিয়নৰ কেন্দ্ৰীয় কাৰ্যকাৰি সভাপতি লিলা চাংমাই আৰু কেন্দিয় উপ-সভাপতি সুখেন গগৈ উপস্তিতিত অনুষ্ঠিত ডিব্ৰুগড শাখাৰ এখন সাধৰন সভাত অহা ১৫ দিনৰ ভিতৰত উক্ত সিধান্ত প্ৰত্যাহাৰ নকৰিলে তিব্ৰ গনতান্ত্ৰিক আন্দোলনৰ কায্য-সূচি গ্ৰহন কৰা হব বুলি সভাই মত পূষন কৰে বুলি জানিবলৈ দিয়ে। বিবৃতিৰ জৰিয়তে এনে হঠকাৰি সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিবলৈ সকলো গনতান্ত্ৰিক দল সংগঠনক আহ্বান জনায় বুলি জানিবলৈ দিয়ে।
প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি
তিনিচুকীয়া জিলাৰ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৩ নং উদয়পুৰত প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ পথৰ কাষৰ পকী নলা নিৰ্মাণত সংঘটিত হৈছে অনিয়ম। ৩ নং উদয়পুৰৰ কুঁহিয়াৰ বাৰী কথাগাঁও সংযোগী পথৰ কাষৰ পকী নলা নিৰ্মাণত হোৱা এই অনিয়ম পোহৰলৈ আহিছে। প্ৰধান মন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ ২০১৯-২০২০ বৰ্ষত নিৰ্মাণ আৰম্ভ হোৱা পথটোৰ বৰ্তমানে চলি আছে পথটোৰ কাষৰ পকী নলা নিৰ্মাণৰ কাম। যোৱা ২০/৬/২০ তাৰিখে সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দেৱে আধাৰশিলা স্থাপন কৰা উক্ত পথটোৰ নিবিদা লাভ কৰিছিল নামৰূপৰ গোপাল ছেত্ৰী নামৰ ঠিকাদাৰ জনে। কামৰ ঠাইত ঠিকাদাৰ জনে চোৱা চিতা কৰাৰ বাবে কোনো ধৰণৰ সম্যক জ্ঞান নথকা জনৈক ভানু নামৰ লোক এজনক দায়িত্ব অৰ্পণ কৰি নলা নিৰ্মাণৰ কাম চলাই নিছে।ৰাইজৰ অভিযোগ অনুসৰি কাম চলি থকা ঠাইত গোপাল ছেত্ৰী নামৰ ঠিকাদাৰ জন প্ৰায় উপস্থিত নেথাকে।

নলাটো নিৰ্মাণ কৰোতে যিমান পৰিমাণৰ ৰদ,শিল,বালি, চিমেন্ট ব্যৱহাৰ কৰিব লাগে সেই ধৰণে ব্যৱহাৰ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। নলাটো নিৰ্মাণ কৰোতে দুয়োপাৰে এডাল এডাল আৰু তলত এডাল কৈ ৰদ দিয়েই নীতি বহিৰ্ভূত ভাবে কাম চলাই নিয়া হৈছে তাৰোপৰি থিয়কৈ দিব লগা ৰদ সমূহো হিচাপতকৈ বহু দূৰে দূৰে দিয়া হৈছে। ৰাইজৰ অভিযোগ অনুসৰি নলাটো নিৰ্মাণৰ ক্ষেত্ৰত ভঙা শিলগুটি ব্যৱহাৰ কৰিব লাগে যদিও তাকে নকৰি নৈৰ পৰা তুলি অনা চেণ্ড গ্ৰেভেল ব্যৱহাৰ কৰি নিৰ্মাণ কার্য চলাই থকা হৈছে।এই বিষয়ে সঠিক ভাৱে তথ্যখিনি জনাৰ বাবে ঠিকাদাৰ গৰাকীৰ পৰা কামৰ সবিশেষ সন্নিবিষ্ট এষ্টিমেট চাব বিচৰাত তেখেতে তথ্যখিনি দিয়াৰ পৰা বিৰত থাকে।ইয়াৰোপৰি স্থানীয় ৰাইজে নলা নিৰ্মাণৰ কামটো নিম্ন মানৰ আৰু অনিয়ম হোৱাৰ অভিযোগ কৰিছে যদিও ঠিকাদাৰ জনে নিজ মৈমতালিৰে নিৰ্মাণ কাৰ্য্য চলাই নিয়া দেখা গৈছে। ঠিকাদাৰ জনৰ এনে কৰ্মকাণ্ডত ৰাইজ ক্ষুন্ন হৈ পৰাৰ লগতে বিভাগীয় তদন্ত নহলে নিৰ্মাণ কাৰ্য্য বন্ধ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰে।এনে ধৰণৰ অনিয়মৰ ক্ষেত্ৰত হবনে বিভাগীয় তদন্ত?নে এনে ধৰণেই চলি থাকিব ৰাজ্য খনৰ উন্নয়ন মূলক কাম-কাজ সমূহ।












